তুমি সৰ্ব্বসাক্ষী
।। প্ৰাৰ্থনা ।।
তুমি সৰ্ব্বসাক্ষী আত্মা হৃষীকেশ
জানাহা মোৰ চিত্তক।
শৰণাগতক মঞি আতুৰক
উপেক্ষা কৰা কিসক।। ৩০৩
হে কৃষ্ণদেৱ মঞি আতুৰক
চৰণে কৰা উদ্ধাৰ।
তিনি তাপময় সংসাৰ নিকাৰ
সহিতে নপাৰো আৰ।। ৩০৪
বাহিৰে ভিতৰে তুমি হৰি গুৰু
আছাহা চৈতন্য ৰূপে।
দিয়োক সুমতি তুমি বিনে গতি
নাহিকে কৈলো স্বৰূপে।। ৩০৫
হৰি ও হৰি কৰুণা সাগৰ
কৰিয়ো কৃপা আহ্মাক।
প্ৰিয়তম আত্মা সখা ইষ্ট দেৱ
মানিয়া আছো তোমাক।। ৩০৬
হে হৰি মোক দুৰাচাৰ বুলি
নকৰিবা পৰিহাৰ।
তুমি বিনে মহা পতিত পাৱন
কোন দেৱ আছে আৰ।। ৩০৭
নামো নামো ৰাম কৃষ্ণ প্ৰভু দেৱ
তুমি মোৰ নিজ গতি।
হুয়োক সদয় যিমতে ৰহয়
তোমাত নিৰ্ম্মল ৰতি।। ৩০৮
ইবাৰ নেৰিয়ো হৰি।
পতিত পাৱন দেৱ নাৰায়ণ
নাহিকে তোমাৰ সৰি।। ৩০৯
নামো নমো কৃষ্ণ তোহ্মাৰ ভকতি
মুকুতিতো কৰি বলে।
মোৰ তাকে মন দিয়োক শৰণ
অৰুণ চৰণ তলে।। ৩১০
এ ভৱ সাগৰে মজি নাৰায়ণ
আতুৰ ভৈলো অপাৰ।
দীন অনাথক তুমি কৃপাময়
চৰণে কৰা উদ্ধাৰ।। ৩১১
হে হৰি তযু মায়ায়ে আমাক
ভাণ্ডিছে কৰি কপট।
দূৰ কৰা মায়া চাপোহো তোমাৰ
চৰণ ছত্ৰ নিকট।। ৩১২
পতিত পাৱন ৰাম নাৰায়ণ
চৰণে মোক উদ্ধাৰা।
আমি পতিতৰ পতিত পাৱন
নামৰ পৰীক্ষা কৰা।। ৩১৩
পতিত পাৱন নাম নাৰায়ণ
প্ৰসিদ্ধ সমস্ত জনে।
আমি মহাপাপী শৰণে পশিলো
ৰাখিয়ো নিজ চৰণে।। ৩১৪
হে হৰি মঞি অনাথক দয়া
কৰিয়োক একবাৰ।
কৃপা ৰসে তিন্তি অৰুণ বৰণ
চৰণ ভৈল তোমাৰ।। ৩১৫
কৃপাৰ সাগৰ দৈৱকী নন্দন
পূৰিয়ো মনৰ কাম।
ভকতৰ সঙ্গ সদা নুগুচোক
মুখে তুৱা গুণ নাম।। ৩১৬
কৌটি কৌটি ঘোৰ অপৰাধ নিতে
কৰো আমি দুৰাশয়।
হে হৰি মোক দাস হেন মানি
ক্ষমিয়োক কৃপাময়।। ৩১৭
অনাদি অনন্ত অচিন্ত্য ঈশ্বৰ
তুমিসে নিত্য নিৰ্ম্মল।
গুচায়ো কুমতি ভজোহো কেৱলে
তোমাৰ পদ কমল।। ৩১৮
হে ভগৱন্ত ভজয়ো তোহ্মাৰ
অভয় পদ কমলে।
মঞি অনাথক ৰাখিয়ো ঈশ্বৰ
অৰুণ চৰণ তলে।। ৩১৯
হে কৃষ্ণ কৃপা ময় প্ৰভু মোক
কৰা কৃপা এহিমান।
তোমাৰ চৰণে ৰহোক আহ্মাৰ
সদায় নিৰ্ম্মল জ্ঞান।। ৩২০
জয় জগবন্ধু জগত কাৰণ
নাৰায়ণ নিৰাকাৰ।
কেৱলে তোমাৰ চৰণ পঙ্কজে
ৰহোক ৰতি আমাৰ।। ৩২১
দীন দয়াশীল দেৱ দামোদৰ
দীনক নেৰিয়ো মোক।
হেন কৃপা কৰা তযু পাৱে মোৰ
সহজে ৰতি মিলোক।। ৩২২
তোমাৰ চৰণে সেৱাৰ গোবিন্দ
নজানো একো উপায়।
যিমতে সেৱাত ৰহিবো কৰুণা
কৰিতে হৰি যুৱায়।। ৩২৩
হে প্ৰাণহৰি দান্তে তৃণ ধৰি
মাগোহো তোমাৰ পাৱে।
মোৰ মন মজি তোহ্মাৰ পাৱত
ৰহোক হৰি স্বভাৱে।। ৩২৪
জ্বৰ তাপ পীড়া মৰণ সময়ে
কৰা হৰি কৃপা মোক।
তযু গুণ নাম শ্ৰৱণ স্মৰণ
বচন গোচৰ হোক।। ৩২৫
গোপিনীৰ ধন ব্ৰজল জীৱন
মোহন ৰাম গোৱিন্দ।
পৰম সাদৰে শিৰে তুলি ধৰো
তযু পদ অৰবিন্দ।। ৩২৬
----------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.