তুমি চিত্ত বৃত্তি মোৰ
।। প্ৰাৰ্থনা ।।
তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মঞি নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত।। ১২৯
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত।। ১২৯
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লও যিমতে সেৱাত ৰও
দিয়া মোক সেহি উপদেশ।। ১৩০
দিয়া মোক সেহি উপদেশ।। ১৩০
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱাৰস সাৰ।। ১৩১
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোক
তযু নামে সদা ৰতি হোক।। ১৩২
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোৱিন্দ তযু পদ অৰবিন্দ
কৰো মঞি লক্ষ নমস্কাৰ।। ১৩৩
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম মালাধাৰী।
নমো পদ্ম সম নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়হাৰী।। ১৩৪
বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস চাণূৰাদি বিমৰ্দ্দন।
দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন।। ১৩৫
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি।। ১৩৬
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মঞি মহামূঢ় জন।
আমি প্ৰভু তযু দাস আক মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন।। ১৩৭
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয়।
হৃদিস্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেনয়।। ১৩৮
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিৱে উচিত।। ১৩৯
------------------------------------------------------তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱাৰস সাৰ।। ১৩১
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোক
তযু নামে সদা ৰতি হোক।। ১৩২
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোৱিন্দ তযু পদ অৰবিন্দ
কৰো মঞি লক্ষ নমস্কাৰ।। ১৩৩
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম মালাধাৰী।
নমো পদ্ম সম নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়হাৰী।। ১৩৪
বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস চাণূৰাদি বিমৰ্দ্দন।
দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন।। ১৩৫
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি।। ১৩৬
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মঞি মহামূঢ় জন।
আমি প্ৰভু তযু দাস আক মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন।। ১৩৭
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয়।
হৃদিস্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেনয়।। ১৩৮
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিৱে উচিত।। ১৩৯
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.