ৰস-ৰচনা-২৬

ৰস ৰচনা-২৬


        তগৰে ৰাতিপুৱাই কাৰোবাৰ লগত বৰ স্ফুৰ্টি কৰি মোবাইলত কথা আছে!

পাপ্পু: কাৰ ফোন অ' তগৰ?

তগৰ: অ' ডম্বৰুৰ ফোন দিয়ক!

পাপ্পু: হাও? কি ডম্বৰুৰ ফোন এ? তুমি বোলে তাক আকৌ দেখিবই নোৱাৰা?

তগৰ: অ' নহয় দিয়ক! সব বস্তুৰে একো একোটা বিকল্প ৰাখিব লাগে, দিয়ক!

পাপ্পু: কৃষ্ণঃ!!!


ৰস ৰচনা-২৭


তগৰ: হেল্লো! ভালনে----? কি কৰি আছেনো?

পাপ্পু: মৰনিং ওৱাক" কৰি আছোঁ ৰবা!

তগৰ: অ' ভালেই দিয়ক! গাড়ী লৈ গৈছে নেকি?

পাপ্পু: গাড়ী লৈ কোনোবাই "মৰনিং ওৱাক" কৰে?

তগৰ: জানো দিয়ক! নহয় মানে, ফোনত গাড়ীৰ শব্দ শুনি আছোঁ যে?

ৰস ৰচনা-২৮


পাপ্পু- তগৰ অ'? চাহ একাপ খাবলৈ মন গৈছিল অ'? 

তগৰ: বনাও ৰব!

পাপ্পু- মালপোৱা দুটামানো বনাবা!

তগৰ- অ' আজি আটা নাই দিয়ক ! বনেদিয়ে খাব লাগিব! লওঁক চাহ!

পাপ্পু- হাও? লাল চাহ বনাই আনিলা যে? গাখীৰখিনি কি হ'ল?

তগৰ- গালি নাপাৰিব দিয়ক! জগটোত গাখীৰ আছিল, পানী বুলি আজি গাখীৰেদি চাউল ধুলো!

পাপ্পু- তোমাৰ মূৰটো আজিকালি কি হৈছে হে?

তগৰ- একো নহয় দিয়ক! এনেয়ো গাখীৰ চাহ খোৱাতকৈ লাল চাহ খোৱা বেচি ভাল দিয়ক!

পাপ্পু- কাইলৈ নহ'লে তেজপুৰৰ পৰা এপাক ফুৰি আহোঁ বোলা?

ৰস-ৰচনা-২৯


        তগৰ আৰু ৰেখা একেখন গাঁৱৰে একেখন স্কুলৰ ছাত্ৰী। তগৰ তেতিয়া পঞ্চম আৰু ৰেখা সপ্তমমান শ্ৰেণীৰ ছাত্ৰী! স্কুলৰ পৰা অহা-যোৱা কৰোঁতে প্ৰায় দুয়ো একেলগে থাকে। স্কুলৰপৰা ঘূৰি আহোঁতে ৰেখাৰ ঘৰ আগতে পায়। তগৰহঁতৰ পঞ্চম শ্ৰেণীটো কিবা কাৰণত আজি সোনকালে ছুটী দিলে। তগৰে অকলে অকলে ঘৰলৈ আহি আছে।
        গাঁৱৰে কন্দৰ্পই ৰেখাক ভাল পায়। বেচেৰা কন্দৰ্পই ৰেখালৈ চিঠি এখন লিখি বহু দিনৰেপৰা দিওঁ দিওঁ বুলিও দিবলৈ সাহস গোটাব পৰা নাই। দোকান এখনতে ৰখি আছে। তগৰক অকলে অহা দেখি সুধিলে-

'তগৰ অ'! আজি অকলে আহিলা যে?'

তগৰ: অ' আজি আমাৰ ক্লাচটো সোনকালে ছুটী দিলে! ৰেখাবাৰ অলপ দেৰি হ'ব। সেইকাৰণে অকলে আহিলো।

কন্দৰ্প: কিবা খাবা নেকি?

তগৰ: ঠাণ্ডা এটাকে খাম দিয়ক! 
(কন্দৰ্পই আধা লিটাৰৰ "মিৰিণ্ডা" এটা কিনি দি তগৰৰ লগত খোজকাঢ়ি আহি আছে। গৰমৰ দিন, তগৰ "মিৰিণ্ডা" খোৱাত লাগি গ'ল। অলপ গৈ- )

কন্দৰ্প: তুমি মোক এটা কাম কৰি দিব পাৰিবানে?

তগৰ: কি কাম কন্দৰ্পদা?

কন্দৰ্প: বেয়া পাবা  নেকি? এই চিঠিখন ৰেখাক দিব পাৰিবানে?

তগৰ: কিয় বেয়া পাম? চিঠিখন তাই পাবহে লাগে! দিম দিয়ক!

কন্দৰ্প: দিবা কিন্তু! ------ নিদিলে তোমাক মই খুউব বেয়া পাম!

তগৰ: হ'ব দিয়ক, কন্দৰ্পদা আপুনি চিন্তায়ে কৰিব নালাগে!"

        তগৰৰ হাতত চিঠিখন দি কন্দৰ্প উভতি গ'ল! ইফালে তগৰে চিন্তা কৰিলে,"মোৰ হাতত থাকোঁতে যদি চিঠিখন হেৰায় কন্দৰ্পদায় মোক খুউব বেয়া পাব! ইমান মৰম কৰে মোক! গতিকে, বাটেদি যাওঁতেই চিঠিখন দি যোৱাই ভাল হ'ব!"
কথা মতেই কাম! ৰাস্তাৰ পৰাই তগৰে ৰেখাৰ মাকক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে-

তগৰ: খুৰী অ'? অ' খুৰী?

ৰেখাৰ মাক: কি হ'ল তগৰ, তুমি অকলে আহিলা যে? ৰেখাৰ কি হ'ল?

তগৰ: অ' ৰেখাহঁতৰ ছুটী হওঁতে অলপ দেৰি হ'ব,খুৰী! সেই কাৰণে মই অকলেই গুচি আহিছোঁ। অ' এটা কাম কৰিবচোন খুৰী? এইখন ৰেখা-বা আহিলে দি দিব!" (চিঠিখন খুৰীৰ হাতত দি অলপ আহি আকৌ ঘূৰি গৈ)

তগৰ: অ' চিঠিখন দিব কিন্তু খুৰী! নিদিয়াকৈ নাথাকিব! নহ'লে কন্দৰ্পদায় মোক খুউব বেয়া পাব!

ৰেখাৰ মাক: অ' হ'ব দিয়া, দিম! তুমি চিন্তা কৰিব নালাগে! কিবা এটা খাবা নেকি?

তগৰ: অ' নাখাও দিয়ক খুৰী, আহোঁতে কন্দৰ্পদায় মোক মস্ত ডাঙৰ ঠাণ্ডা এটা খুৱাইছে!

ৰস ৰচনা-৩০


        তগৰৰ একমাত্ৰ পুত্ৰ বাপুকণৰ আজি প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। সি প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ঘৰখনত এক উখল-মাখল পৰিৱেশ! খবৰ ল'বলৈ অহা মানুহে ঘৰ নধাৰা হৈছে। মানুহৰ আগত মনৰ ক্ষোভ প্ৰকাশ কৰি তগৰে কৈছে-

তগৰ- ইয়াৰ মূৰটো ভালেই নহয়! নপঢ়ে! একদম নপঢ়ে! কিমান ক'লো, অলপ ভালকৈ পঢ়া হ'লে সি আজি ফাৰ্ষ্ট ডিভিজন নাপাই থাৰ্ড ডিভিজন পালে হয়!

বাপুকণ- মা তই ভিতৰলৈ যা চোন!

তগৰ- দেখিছা সঁচা কথা ক'লো যে? লাজ পাইছে!

ৰস ৰচনা-৩১

পাপ্পুৰ মনটো আজি ভাল। ৰাতিপুৱাই তগৰলৈ ফোন কৰিছে-

পাপ্পু- গুদ মৰনিং তগৰ!

তগৰ- অ' গুদ মৰনিং দিয়ক! ভাত খালেনে?

পাপ্পু- এই ৰাতিপুৱাই কোনোবাই ভাত খায়?

তগৰ- [ লাজ পাই ] অ' নহয় দিয়ক! মই ৰাতি ভাত খাইছেনে সুধিছোঁ?

ৰস ৰচনা-৩২


পাপ্পু- তগৰ অ'?

তগৰ- কি কয়?

পাপ্পু- আজি অফিচৰ পৰা আহোঁতে তোমালোকৰ স্কুলৰ সেইফালেদি আহিলোঁ!

তগৰ- তাতে কি হ'ল নো?

পাপ্পু- তোমালোকে যে যোৱাকালি গছপুলিবোৰ লগাইছিলা, আজি দেখিছোঁ গোটেইখিনি পুলি ৰ'দত শুকাই মৰি আছে। দেখি মস্ত বেয়া লাগি গৈছে! তোমালোকে ইমান কষ্ট কৰি লগাইছিলা? এটা পুলি যদি জীয়াই উঠিলেহেঁতেন?

তগৰ- অ' কাকো নক'ব দিয়ক! সেইবিলাক পুলি নহয় তো!

পাপ্পু- পুলি নহয় যদি কি নো সেইবোৰ?

তগৰ- অ' পুলি নহয় দিয়ক! গছৰ ঠানিহে পুটি পুটি থৈছিলোঁ! অফিচত ফটোহে পঠাব লাগে! ইমান পুলি কোনে কিনি থাকে?

পাপ্পু- বাপ্পাঐ! তোমাৰ দেখোন মস্ত বুদ্ধি এ?

ৰস ৰচনা-৩৩


পাপ্পু: তগৰ অ'? মানুহবোৰে যে খানা খাবলৈ যায় "খানা" মানে কি নো?

তগৰ: হাও! তাকো নাজানে?

পাপ্পু: অ'! নাজানো কাৰণেতো সুধিছোঁ?

তগৰ: ধৰি লওক মই আপোনাক খাবলৈ দি খা খা কৰি আছোঁ কৰি আছোঁ। আপুনিও সোৱাদ পাই
খায়েই আছে, খায়েই আছে! পেট হে! কিমান ধৰিব? এটা সময়ত আপুনি আৰু খাব নোৱাৰা হৈ
"না না" (নালাগে নালাগে) ক'ব। সেয়েই খানা!

পাপ্পু: অ'! হয় তো! নহ'লে আজি আমি ঘৰতে খানা পাতো দিয়া?

তগৰ: দালি ভাতৰ খানা?

পাপ্পু: অ'! কিবা এটা খাই থাকিলেই হ'ল না নকও মানে!

ৰস ৰচনা-৩৪


পাপ্পু- বাঃ! আমাৰ গাঁৱৰ জিতু যে?....বৰ ধুনীয়া গান গায় অ'!

তগৰ- অ' সি বিৰাট টেলেন্টেড "talented" ল'ৰা! একো নিশিকা নেমেলাকৈয়ে ইমান ধুনীয়াকৈ গান গাব পাৰে!

পাপ্পু- হয় নে? আমাৰ গাঁৱৰ তপনেও ভাল গায় কিন্তু!

তগৰ- অ' সি টো আৰু বেচি! সি একদম "জিনিয়াচ্" (Genius)! গানৰ স্কুলত কৰ্চ [Course] কৰা। বিশাৰদ নে কি কৰিছে বোলে!

পাপ্পু- হয়নে?

তগৰ- কিয় নহয় নো? হয়েই! সিহঁত দুটাৰ কথাগাঁৱৰ সবেই জানে!

পাপ্পু- ৰবা চোন? বৰ খেলিমেলিখন লগাই দিলানহয়! এতিয়া মোক কোৱাচোন, টেলেন্টেড (Talented) মানে কি আৰু"জিনিয়াচ্" [Genius] মানে কি নো?

তগৰ- অ' তাকো নাজানে? টেলেন্টেড [Talented] মানে নিপুণ, পাকৈত, বুদ্ধিমান আদি! অ' "জিনিয়াচ্" [Genius] মানে তাতকৈয়ো বেচি!

পাপ্পু- নহয় অ'! যিসকলে প্ৰশিক্ষণৰ পৰা শিকি বুজি পাৰ্গত হয়, তেওঁলোক টেলেন্টেড (Talented) আৰু যিসকল লোক কাৰো তলত একো নিশিকাকৈয়ে পাৰ্গত হয় তেওঁলোক "জিনিয়াচ্" (Genius)। "জিনিয়াচ্" সকলে জন্মগতভাৱে এই গুণবোৰৰ অধিকাৰী হয়।

তগৰ- অ' ময়ো জানো দিয়ক!.... মই ইমান বুজাই দিব লাগিব বুলি ভবাই নাছিলোঁ!

পাপ্পু- তুমিও কিন্তু কম "জিনিয়াচ্" (Genius) নহয় দেই!

ৰস ৰচনা-৩৫


তগৰ- হেৰি নহয়? কথা এটা কও! গালি নাপাৰিব দিয়ক!

পাপ্পু- আজিকালি তোমাৰ কথা শুনিবলৈ ভয়েই লগা হ'ল! ক'ত বা কি কোৱা ঠিকেই নাই? কোৱা?

তগৰ- ইবাৰ দৰমহা পালে মোক এটা ভাল চাই মোবাইল দিব দিয়ক?

পাপ্পু- আগৰ মোবাইলটো নো কি বেয়া?

তগৰ- অ' সেইটো বেয়া দিয়ক!

পাপ্পু- হাঃ ছমাহ হোৱা নাই মোবাইলটো কিনা, পোন্ধৰ হাজাৰ টকীয়া মোবাইলটো তোমাৰ কাৰণে বেয়া হ'ল? কি হৈছে তোমাৰ?

তগৰ- অ' বিশ্বাস নকৰে যদি নিজে গৈ চাই আহক! যোৱাৰাতিৰ পৰা চাৰ্জত লগাই থৈছোঁ, এক শতাংশও চাৰ্জ হোৱা নাই! চাওক লাগে?

পাপ্পু- হাও! এইটো দেখোন (বোৰ্ডৰ) চুইচে দিয়া নাই?

তগৰ- দিছিলোঁ তো! অ' বাৰাণ্ডাৰ লাইটটোহে গোটেই ৰাতিটো জ্বলি থাকিল যাওক! এই মানুহটোৰ লগত শান্তি নাই আৰু!

ৰস ৰচনা-৩৬


তগৰ- হেৰি নহয়?

পাপ্পু- কি হ'ল আকৌ?

তগৰ- মোৰ ফেচবুক একাউণ্টটো কোনোবাই হেক কৰিছে!

পাপ্পু- এনে চেলিব্ৰিটী জনী? তেওঁৰ একাউণ্ট কোনোবাই হেক কৰিব?

তগৰ- সঁচাই মোৰ একাউণ্ট কোনোবাই হেক কৰিছে!

পাপ্পু- কোনে হেক কৰিব অ'? কাৰোবাক অ' টি পি দিছা চাগে?

তগৰ- সেইটো আকৌ কি বস্তু?

পাপ্পু- এচ এম এচত নম্বৰ এটা আহে! সেইটো কাৰোবাক দিছিলা নেকি?

তগৰ- ডম্বৰুৱে ........ এদিন! ক'ৰোণাৰ অ টি পি বুলি........!

----------------------------------------------------------------------
ৰচনা- প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments