কীৰ্ত্তন ঘােষা
অজামিল উপাখ্যান
৷ ৷ প্রথম কীৰ্ত্তন।।
ঘােষাঃ জয় জগন্নাথ অনাথবন্ধু।
মাধৱ মুকুন্দ ৰাম।। ১
পদঃ হৰিৰ নামৰ শুনিয়ে মহিমা
সাৱধান কৰি চিত্ত।
অজামিল নামে আছিল ব্রাহ্মণ
বেশ্যাত ভৈল পতিত।।
বিপ্ৰৰ ঔৰসে বেশ্যাৰ গৰ্ভত
দশ পুত্র জাত ভৈল।
আতি দায়াতৰে কনিষ্ঠ পুত্ৰৰ
নাৰায়ণ নাম থৈল।। ১
জাতি কূল ক্রিয়া সমস্তে ত্যাজিল
মিলিল কৰ্ম্ম বিপাক।
যত মহাপাপ সমস্তে সিজিল
পােষন্তে পুত্ৰ ভাৰ্য্যাক।।
অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি গােটা যমদূত
আগে ভৈল উপগত।। ২
হাতে পাশজৰী চক্ষু টেৰ কৰি
থূলন্তৰ তাৰ জাঙ্গ।
কৃষ্ণ বর্ণ কায় দেখি ধাতু যায়
হাতত লােহাৰ ডাঙ্গ।।
ব্রাহ্মণক ধৰি জীৱ বাজ কৰি
বান্ধিলেক হাত তুলি।
ভয়ে অজামিলে পুত্ৰক ডাকিলে
আইস নাৰায়ণ বুলি।। ৩
মৰন্তে বিপ্ৰৰ মুখত শুনিয়া
হৰিৰ কীৰ্ত্তন বাণী।
প্রভু নাম লৱে বুলি খেদি আইল
বিষ্ণুদূত চাৰি প্রাণী।।
যমৰ দূতক খেদায়া বিপ্ৰৰ
কাটিল বান্ধ হাত।
কোন তুমিসৱ বুলিয়া পুছয়
ডৰিয়া যম কিঙ্কৰ।। ৪
সবাৰাে সুন্দৰ শ্যাম কলেৱৰ
পীত বস্ত্রে আতি ৰঞ্জে।
চাৰিৰাে প্রসন্ন বদন মণ্ডল
পূর্ণ চন্দ্রমাকো গঞ্জে।।
পদ্ম পত্র সম আয়ত লােচন
ভ্ৰূৱ যুগে কৰে কান্তি।
নাসা তিলফুল অধৰ ৰাতুল
দন্ত মুকুতাৰ পান্তি।। ৫
শিৰত ৰত্নৰ কিৰীটি কর্ণত
মকৰ কুণ্ডল জ্বলে।
চাৰিৰাে আজানু লম্বিত পদ্মৰ
মালা শােভা কৰে গলে।।
হিয়াত বিচিত্র ৰত্নে বিৰচিত
গজ মুকুতাৰ হাৰ।
চাৰু চতুর্ভুজ কেয়ূৰ কঙ্কণে
কৰে আতি জাতিষ্কাৰ।। ৬
শঙ্খ চক্র গদা পদ্ম শাৰঙ্গ ধনু
সৱে ধৰি আছা হাতে।
ৰত্নৰ মেখলা কটি মাজে জ্বলে
সােণাৰ কিঙ্কিণী তাতে।।
কৰিকৰ সম ঊৰু নিৰুপম
পাৱ নৱ পদ্মকোষ।
সমান বয়স চাৰিকো দেখন্তে
মনত মিলে সন্তোষ।। ৭
সূৰ্য্য সম সৱে জ্বলন্তে আছাহা
সমস্তে দিশ প্রকাশি।
মহাপাপী ইটো বিপ্ৰক নেহন্তে
কিসক বাধিলা আসি।।
হেন শুনি হাসি চাৰি বিষ্ণুদূতে
দিলন্ত পাছে উত্তৰ।
কোন পাপ পুণ্য একো নজানস
শুন ৰে যম কিঙ্কৰ।। ৮
মৰিবাৰ বেলা ইটো অজামিলে
নাৰায়ণ নাম লৈল।
কৌটি জনমৰ যত মহাপাপ
তাৰাে প্রায়শ্চিত্ত ভৈল।।
ব্রহ্ম বধ পিতৃ বধ সুৰা পান
অগম্যা গমন কৰে।
গৰু তিৰী মাৰে সুৱৰ্ণক হৰে
মিত্ৰৰ দ্রোহ আচৰে।। ৯
সংসাৰৰ যত আনাে অসংখ্যাত
আছে মহাপাপীগণ।
সৱাৰাে এহিসে মুখ্য প্রায়শ্চিত্ত
হৰিৰ নাম কীৰ্ত্তন।।
মাধৱৰাে মতি হােৱে তাক প্রতি
যি ফুৰে নাম সুমৰি।
ইটো মােৰ দাস নছাড়ন্ত পাশ
ৰাখিয়া ফুৰন্ত হৰি।। ১০
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ তাৰিয়া নিয়াে নাথ নাৰায়ণ
চৰণে শৰণ লৈলাে।
তােমাত ভকতি নকৰি কৃপাল
জনম বিফল কৈলাে।। ২
পদঃ হৰিৰ কীৰ্ত্তনে মহাপাতেকক
যিমতে কৰে নিৰ্য্যাণ।
আন প্রায়শ্চিত্তে পৱিত্ৰ কৰিবে
নৱাৰে তাৰ সমান।।
যিটো পাতেকৰ প্রায়শ্চিত্ত কৰে
দুনাই তাতে মন মজে।
চিত্তৰ শোধনে হৰিৰ কীৰ্ত্তনে
পাপৰ আলু উভঞ্জে।। ১১
পুত্র নাম ধৰি উপহাস্য কৰি
হেলাতাে যি বােলে হৰি।
তাহাৰৰ সমস্ত পাতেক দহৱে
জানা আক নিষ্ঠ কৰি।।
পৰে বা পিছলে সর্পে বা দংশয়
জ্বৰে তাপে পীড়া কৰে।
এতেকতে যদি হৰি নাম লৱে
যম যাতনাকো তৰে।। ১২
হৰি নামে সৱ পাতেক দহৱে
জ্ঞানে বা অজ্ঞানে বােলে।
যেন হুতাশনে শুখান কাষ্ঠক
আতি অপ্রসায়ে পােলে।।
প্রমাদত থাকি যিটো হৰি বােলে
সিও সৱে পাপ তৰে।
যেন মহৌষধি নজানি ভুঞ্জিলে
তাৰাে গৰ্ভৰােগ হৰে।। ১৩
প্রভুৰ নামৰ অনন্ত মহিমা
কতেক কহিবাে আমি।
হেন হৰি নাম লৈলেও বান্ধস
কিনাে তােৰা অধােগামী।।
ব্রাহ্মণক এড়ি জীৱ ৰক্ষা কৰি
সত্বৰে ঐৰ অন্তৰ।
শুনি দূতচয় হুয়া মহা ভয়
পশিলা যম নগৰ।। ১৪
নাৰায়ণ নাম বুলিবাৰ পদে
নিস্তাৰিল অজামিল।
বিষুক চিন্তিয়া চতুর্ভুজ ৰূপে
বৈকুণ্ঠত আৰােহিল।।
পাছে দূতগণে যমৰ আগত
দুখ সাক্ষী দেয় কান্দি।
কৈৰ চাৰি সিদ্ধে আসি কাঢ়ি লৈলে
পাপীক আনন্তে বান্ধি।। ১৫
যিটো অজামিলে বুলিলেক মাত্র
আইস পুত্ৰ নাৰায়ণ।
এতেকতে আসি কাঢ়িয়া লৈলেক
তযু আজ্ঞা কৰি ছন্ন।।
আমাসাৰ পৰা কাঢ়িয়া নিবেক
কৈত অধিকাৰ আছে।
হেন শুনি যমে বিষুক স্মৰিয়া
দূতক মাতিলা পাছে।। ১৬
শুনা দূতগণ প্রভু নাৰায়ণ
আছন্ত জগত স্বামী।
তাহান আজ্ঞাক শিৰত ধৰিয়া
প্রজাক নিয়মাে আমি।।
তান দূতচয় সদায় ভ্রময়
বৈষ্ণৱক ৰক্ষা কৰি ।
মাধৱৰ বেশ ভূষণে ভূষিত
হাতে চাৰি অস্ত্র ধৰি।। ১৭
দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ
অসুৰ চাৰণগণে।
হৰিৰ নামৰ গােপ্য মহিমাক
তেসম্বাে কেহাে নজানে।।
ব্রহ্মা মনু হৰ কপিল কুমাৰ
শুক ভীষ্ম বলিৰায়।
প্রহ্লাদ নাৰদ জনক আমিসি
বাহ্রজন সমুদায়।। ১৮
পৰম গুপুত হৰি নাম ধৰ্ম্ম
জানি আছাে শুদ্ধভাৱে।
যাক আচৰিলে ঠাৱতে বসিয়া
দুৰ্ল্লভ মুকুতি পাৱে।।
হৰিত ভকতি কৰে সৰ্ব্বদায়
কৰিয়া কীৰ্ত্তন কৰ্ম্ম।
মনুষ্য লােকত এহিমানে মাত্র
পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম। ১৯
হৰি নাম ধৰ্ম্ম স্মৰণ মহিমা
দেখিয়াে দূত সম্প্রতি।
পাপী অজামিলে নাৰয়ণ বুলি
পাইলেক পৰম গতি।।
হেন বিমৰিষি যিটো জ্ঞানীগণে
ফুৰে হৰি নাম গায়।
কুল উদ্ধাৰিল আপুনাে তৰিল
এড়াইল আহ্মাৰ দায়।। ২০
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ হৰি বােল হৰি বােল আহে লােকাই
হৰি বিনে গতি নাই।। ৩
পদঃ হৰিৰ চৰণ চিন্তিয়া বেড়াৱে
হৰি নাম লৱে ডাকি।
সিদ্ধ মুনিগণে তাৰ যশ গাৱে
প্রশংসে স্বর্গত থাকি।।
মাধৱৰ আসি কৌমুদকী গদা
ৰক্ষা কৰি ফুৰে তাক।
তাহাৰ ওচৰ চাপিবি কেহাে
দূতগণ মােক হাক।। ২১
বৈষ্ণৱক দেখি আন্তৰি পলাইবি
ভয়ে চপৰাইবি মুণ্ড।
নুহি মাধৱৰ গদাৰ কোবত
হৈবেক হাড় দুখুণ্ড।।
কীৰ্ত্তনৰ ধ্বনি যি থানত শুনি
তাৰ নচাপিবি পাশ।
বিষ্ণু দূতচয় তথাতে থাকয়
কৰিবেক সৰ্ব্বনাশ।। ২২
যাহাৰ জিহ্বায়ে নােবােলে বিষ্ণুৰ
গুণ নাম সর্বক্ষণ।
যিজনৰ মনে হৃদয় পদ্মত
নিচিন্তে কৃষ্ণ চৰণ।।
যিজনৰ শিৰে নকৰে প্রণাম
কৃষ্ণৰ পদ কমলে।।
তাত মােৰ দায় নেড়িবি সদায়
বান্ধি আন হাতে গলে।। ২৩
হৰি চৰণত সদায়ে বিমুখ
নুশুনে কৃষ্ণৰ কথা।
মাধৱৰ একো কৃত্য নকৰয়
শ্ৰম কৰি ফুৰে বৃথা।।
কৃষ্ণৰ কীৰ্ত্তন নকৰি থাকয়
আনসে কথা চোবাই।
সিটো পাপিষ্ঠক ঝান্টে বান্ধি আন
লােহাৰ ডাঙ্গে কোবাই।। ২৪
নৰকৰ পথ ইটো গৃহ বাস
আতেসে যাহাৰ ৰতি।
ভাৰ্য্যাক পুত্রক পুষিবে যতনে
এড়ে ত্রিজগত পতি।।
বিষ্ণুৰ চৰণ নিচিন্তি সদায়ে
ধনকেসে কৰে ধ্যান।
সিটো পাতেকীক শুধিবে নলাগে
যাতনাক লাগি আন।। ২৫
কৃষ্ণ কথা এড়ি সাতে পাঞ্চে বেঢ়ি
আন কথা কই থাকে।
অমৃতক এড়ি যেন বিষ্ঠা ভুঞ্জে
গৰু শূকৰৰ জাকে।।
সিটো পাপীসৱ দৈৱে ভৈল হত
চিন্তে আপুনাৰ মাৰ।
উপজি মৰিবে যাতনা ভুঞ্জিবে
নাহিকে তাৰ নিস্তাৰ।। ২৬
বিষ্ণুৰ নামৰ মহিমা শুনিয়া
দূতগণ গৈল ডৰি।
হৰি ভকতক দেখিবাক প্রতি
ডৰায় সেহিদিন ধৰি।।
শুক নিগদতি শুনা কুৰুপতি
কহিলাে পৰম সাৰ।
হৰি নাম বিনা পাপ সাগৰত
কাহাৰাে নাহি নিস্তাৰ।। ২৭
মহাযােগীজনাে ব্রহ্ম চিন্তে যদি
হৰিৰ নাম নলৱে।
সিও ভ্রষ্ট হুয়া সংসাৰত পড়ে
চাৰি বেদে হেন কৱে।।
ধৰ্ম্ম অর্থ কাম যিটো অভিলাষে
যি চাৱে মােক্ষৰ পথ।
সিও হৰি নাম কীৰ্ত্তন কৰিলে
পাৱে সৱ মনােৰথ।। ২৮
নামৰ মহিমা নজানি ঋষিয়ে
আন প্রায়শ্চিত্ত বিহে।
মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে
আন ঔষধক দিয়ে।।
জগতৰে মােক্ষ হৈবেক বুলিয়া
জানিয়া ইটো নকৱে।
সংসাৰ দুর্লভ হেন হৰি নাম
হেলাতে কতাে নলৱে।। ২৯
হৰিৰ নাম গােপ্য মহিমাক
পূৰ্ব্বত অগস্তি ঋষি।
মলয়া গিৰিত বিষ্ণুক অৰ্চ্চন্তে
কহিলা মােত হৰিষি।।
নাহি কাল দেশ নিয়ম ইহাত
অশৌচতাে নাহি দোষ।
শয়নে ভােজনে সদা হৰি বােলা
এড়িয়া আন আক্রোশ।। ৩০
হৰি হেন ইটো দুগুটি অক্ষৰ
জিহ্বা অগ্রে থাকে যাৰ।
গঙ্গা গয়া কাশী প্রয়াগ সেতুক
যাইবাক নলাগে তাৰ।।
কৃষ্ণৰ কিঙ্কৰ ভণিলা শঙ্কৰে
এড়া সৱ আন কাম।
আল জাল এড়ি পাপক সংহৰি
ডাকি বােলা ৰাম ৰাম।। ৩১
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ জয় নিৰঞ্জন পাতক ভঞ্জন
মাধৱ মুকুন্দ ৰাম।। ৪
পদঃ পৰম মঙ্গল হৰি নাম ধৰ্ম্ম
যাহাৰ থাকে মুখত।
তাৰ তেতিক্ষণে ভস্ম হুয়া যায়
মহাপাপ কৌটি শত।।
তাৱদেকে মহা পাতেক হস্তীৰ
থাকে মহাগৰ্ব্ব মদ।
যাৱে ৰাম নাম প্রমত্ত সিংহৰ
নুশুনে ধ্বনি শৱদ।। ৩২
ৰাম হেন ইটো দুগুটি অক্ষৰ
সদায়ে আদৰে গাৱে।
সংসাৰ সাগৰ তৰি সিটো নৰে
দুল্লভ মুকুতি পাৱে।।
হুইবে মল মতি লােকৰ নিছয়
গুচিবে সৱে আচাৰ।
কলি যুগে আৰ অন্যত্র ধৰ্ম্মত
কাৰাে নাহি অধিকাৰ।। ৩৩
আন ধৰ্ম্ম এড়ি হৰি নাম স্মৰি
সুখে পাৱে যেন গতি।
অনেক প্রবন্ধে সমস্ত ধাৰ্ম্মিকে
নপাৱে তাক সম্প্রতি।।
সদায় কৃষ্ণক স্মৰিয়ে ক্ষণিকো
নপাসৰিবাহা নৰ।
যত মহাপাপ যত মহাপুণ্য
ই দুইৰ সবে কিঙ্কৰ।। ৩৪
দোষৰ নিদান কলিযুগ আত
এক মহা গুণ আছে।
কেৱল কীৰ্ত্তনে সংসাৰৰ বান্ধ
এড়াই মােক্ষ পাৱে পাছে।।
হৰিৰ নামেসে নামেসে নামেসে
জীৱন আৱে আহ্মাৰ।
কলি যুগে আন নাই গতি নাই
নাই জানা সাৰে সাৰ।। ৩৫
আউৰ বেদাগম বিস্তৰ শাস্ত্রত
নাহি কিছু প্রয়ােজন।
ধৰ্ম্মক আশায়ে অনেক তীর্থক
কি কার্য্যে কৰা গমন।।
যদি অভিলাষ কৰা সৰ্ব্বজন
আপুন মােক্ষ কাৰণ।
গােৱিন্দ গােৱিন্দ বুলিয়া বেকতে
কৰিয়াে হৰি কীৰ্ত্তন।। ৩৬
ইটো হৰি নামে লােকৰ যতেক
পাতেক নিৰ্য্যাণ কৰে।
ততেক পাতেক প্রবন্ধে কৰিবে
নৱাৰে পাতেকী নৰে।।
ব্রহ্মচাৰী গৃহ বাসী বনবাসী
সন্ন্যাসী যতেক যতি।
হৰিৰ কীৰ্ত্তন এড়ি কেহাে নৰে
নপাৱে পৰম গতি।। ৩৭
সূৰ্য্য গ্রহণত এক কৌটি ধেনু
ব্রাহ্মণক দেয় দান।
প্রয়াগ গঙ্গাৰ জলত নিৱাস
কৰে দশ কল্পমান।।
অযুতেক যজ্ঞ কৰে মেৰু সম
সুৱর্ণক দেয় দান।
এক শত ভাগাে গোৱিন্দ নামৰ
ৰেণুৰাে নুহি সমান।। ৩৮
হৰি হেন ইটো দুগুটি অক্ষৰ
উচ্চাৰিলে একবাৰ।
মােক্ষৰ পথক যাইবাক লাগিয়া
সিও ভৈল কাছ পাৰ।।
হৰিৰ নামৰ অনন্ত মহিমা
কহিবে কাৰ শকতি।
যদি চাৰি মুখে ব্রহ্মায়ে কহন্ত
তভাে নুহি সমাপতি।। ৩৯
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
শুনিয়ােক সৰ্ব্বজন।
হেন জানি আন আল জাল এড়ি
কৰিয়াে হৰি কীৰ্ত্তন।।
কোন দিন ইটো শৰীৰ পড়ায়
কেতিক্ষণে নেই যম।
আউৰ কি সেন্থৰে ভাৰত ভূমিত
হৈবাহা মানুষ জন্ম।। ৪০
কৌটি কৌটি জন্ম অন্তৰে যাহাৰ
আছে মহাপুণ্য ৰাশি।
সি সি কদাচিত মনুষ্য হােৱয়
ভাৰতবৰিষে আসি।।
দেৱৰাে দুর্লভ ইহেন জন্মক
বৃথা কৰা কোন কামে।
গৃহতে থাকিয়া হৰিক স্মৰিয়া
মােক্ষ সাধা হৰি নামে।। ৪১
কৌটি এক ৰাজ সূয় অশ্বমেধ
যজ্ঞ আন নােহে সৰি।
হেন হৰি নাম নলৈয়া হেলাত
মৰে আত্মঘাত কৰি।।
হেন বেদ বাণী তথ্য হেন জানি
আসনতে সুখে থাকি।
আপুনাকো তাৰা পুৰুষাে উদ্ধাৰা
হৰি হৰি বােলা ডাকি।। ৪২
।। অজামিল উপাখ্যান সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.