শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত
কীৰ্ত্তন ঘােষা
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ এ হৰি ৰাম হৰি অনন্ত মুৰাৰি।
ভকত বৎসল নিয়াে সেৱক উদ্ধাৰি।। ১
পদঃ জগত সংহাৰি শুতি আছা নাৰায়ণ।
প্রথম নিশ্বাসে বাজ ভৈল বেদগণ।।
জগাইলা বিষ্ণুক স্তুতি কৰি ভকতিভাৱে।
যেন নট ভাটে চক্ৰৱৰ্তীক জগাৱে।। ১
জয় জয় হৌক হৰি আনন্দ প্রকাশ।
সমস্ত জীৱৰ কৰা মায়াক বিনাশ।।
তুমিসি সৱাকে দিয়া চৈতন্য শকতি।
আমি বেদগণে আত প্রমাণ সম্প্রতি।। ২
দশ দিগপাল সমে জগত সমস্ত।
তােমাতেসে উপজে তােমাত যায় অস্ত।।
আতেসে সমস্ত ব্রহ্ম মন্ত্রগণে ৰড়ে।
যেন যৈত ভৰি দিলে পৃথিৱীতে পড়ে।। ৩
তুমিসি পৰম তত্ত্ব জানি জ্ঞানীগণে।
ছাড়ে পাশ তযু গুণ শ্ৰৱণ কীৰ্ত্তনে।।
আনন্দ ব্রহ্মক যিটোজনে ভজে স্বামী।
তাহাৰ মহিমা আৰ কি কহিবাে আমি।। ৪
মনুষ্য শৰীৰ পায়া যিটো নৰগণ।
নকৰে তােমাৰ যিটো শ্ৰৱণ কীৰ্ত্তন।।
বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ।
জীৱন্ততে মৰা সিটো ভাতীৰ নিশ্বাস।। ৫
শৰীৰৰ ছয় চক্ৰ চিন্তে যিটোজন।
তাহাৰ গুচোৱা ভয় মৃত্যু নাৰায়ণ।।
হৃদিগত কৰি হৰি সম্প্রতি তােমাক।
কৰােহাে উপাসা আমি সৱে বেদজাক।। ৬
আপুনি স্ৰজিলা চৰাচৰ দেহা যত।
সমস্তে ঐশ্বৰ্য্যভাৱে আছা সমস্তত।।
জীৱ অংশে তুমি প্রৱেশিলা গাৱে গাৱে।
আৱে আমি তােমাক ভজোহাে সৰ্ব্বভাৱে।। ৭
তােমাৰেসে অংশ আমি যত জীৱজাক।
তােমাৰ মায়ায়ে প্রভু বান্ধিলে আমাক।।
দিয়াে উপদেশ ভজো তােমাৰ চৰণে।
মায়াৰ বন্ধন ছিণ্ডো শ্ৰৱণ কীৰ্ত্তনে।। ৮
জ্ঞান অভ্যাসকো কেহাে নেদেখি বিশেষ।
শ্ৰৱণে কীৰ্ত্তনে তৰে সংসাৰৰ ক্লেশ।।
তােমাৰ ভক্তৰ সঙ্গ পায়া অনুপম।
ধৰ্ম্ম অর্থ কাম মােক্ষ কৰে তৃণ সম।। ৯
তুমিসি পৰম প্রিয় আত্মা নাৰায়ণ।
তযু পদ পঙ্কজে মজোক মােৰ মন।।
ভাৰতে মনুষ্য জন্ম নুহিকে সেন্থৰে।
তােমাত নভজি আত্মঘাত কৰি মৰে।। ১০
প্ৰেমভাৱে সুদুৰ্ল্লভ তােমাক স্মৰণ।
যেন তেন মতে কৰাে শ্ৰৱণ কীৰ্ত্তন।।
সদায় থাকোক মােৰ মন তযু পাৱে।
বােলা হৰি হৰি আৱে প্রাণ থাকে যাৱে।। ১১
কীৰ্ত্তন ঘােষা
বেদ-স্তুতি
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ এ হৰি ৰাম হৰি অনন্ত মুৰাৰি।
ভকত বৎসল নিয়াে সেৱক উদ্ধাৰি।। ১
পদঃ জগত সংহাৰি শুতি আছা নাৰায়ণ।
প্রথম নিশ্বাসে বাজ ভৈল বেদগণ।।
জগাইলা বিষ্ণুক স্তুতি কৰি ভকতিভাৱে।
যেন নট ভাটে চক্ৰৱৰ্তীক জগাৱে।। ১
জয় জয় হৌক হৰি আনন্দ প্রকাশ।
সমস্ত জীৱৰ কৰা মায়াক বিনাশ।।
তুমিসি সৱাকে দিয়া চৈতন্য শকতি।
আমি বেদগণে আত প্রমাণ সম্প্রতি।। ২
দশ দিগপাল সমে জগত সমস্ত।
তােমাতেসে উপজে তােমাত যায় অস্ত।।
আতেসে সমস্ত ব্রহ্ম মন্ত্রগণে ৰড়ে।
যেন যৈত ভৰি দিলে পৃথিৱীতে পড়ে।। ৩
তুমিসি পৰম তত্ত্ব জানি জ্ঞানীগণে।
ছাড়ে পাশ তযু গুণ শ্ৰৱণ কীৰ্ত্তনে।।
আনন্দ ব্রহ্মক যিটোজনে ভজে স্বামী।
তাহাৰ মহিমা আৰ কি কহিবাে আমি।। ৪
মনুষ্য শৰীৰ পায়া যিটো নৰগণ।
নকৰে তােমাৰ যিটো শ্ৰৱণ কীৰ্ত্তন।।
বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ।
জীৱন্ততে মৰা সিটো ভাতীৰ নিশ্বাস।। ৫
শৰীৰৰ ছয় চক্ৰ চিন্তে যিটোজন।
তাহাৰ গুচোৱা ভয় মৃত্যু নাৰায়ণ।।
হৃদিগত কৰি হৰি সম্প্রতি তােমাক।
কৰােহাে উপাসা আমি সৱে বেদজাক।। ৬
আপুনি স্ৰজিলা চৰাচৰ দেহা যত।
সমস্তে ঐশ্বৰ্য্যভাৱে আছা সমস্তত।।
জীৱ অংশে তুমি প্রৱেশিলা গাৱে গাৱে।
আৱে আমি তােমাক ভজোহাে সৰ্ব্বভাৱে।। ৭
তােমাৰেসে অংশ আমি যত জীৱজাক।
তােমাৰ মায়ায়ে প্রভু বান্ধিলে আমাক।।
দিয়াে উপদেশ ভজো তােমাৰ চৰণে।
মায়াৰ বন্ধন ছিণ্ডো শ্ৰৱণ কীৰ্ত্তনে।। ৮
জ্ঞান অভ্যাসকো কেহাে নেদেখি বিশেষ।
শ্ৰৱণে কীৰ্ত্তনে তৰে সংসাৰৰ ক্লেশ।।
তােমাৰ ভক্তৰ সঙ্গ পায়া অনুপম।
ধৰ্ম্ম অর্থ কাম মােক্ষ কৰে তৃণ সম।। ৯
তুমিসি পৰম প্রিয় আত্মা নাৰায়ণ।
তযু পদ পঙ্কজে মজোক মােৰ মন।।
ভাৰতে মনুষ্য জন্ম নুহিকে সেন্থৰে।
তােমাত নভজি আত্মঘাত কৰি মৰে।। ১০
প্ৰেমভাৱে সুদুৰ্ল্লভ তােমাক স্মৰণ।
যেন তেন মতে কৰাে শ্ৰৱণ কীৰ্ত্তন।।
সদায় থাকোক মােৰ মন তযু পাৱে।
বােলা হৰি হৰি আৱে প্রাণ থাকে যাৱে।। ১১
ঘােষঃ হৰি হৰিয়াে ক্লেশ হে হৃষিকেশ
কৰুণা-সাগৰ।
মায়া-মহােদধি মাজে মজিলােহোঁ
মাধৱ মােক উদ্ধাৰ।। ২
।। তৃতীয় কীৰ্ত্তন।।
কৰুণা-সাগৰ।
মায়া-মহােদধি মাজে মজিলােহোঁ
মাধৱ মােক উদ্ধাৰ।। ২
পদঃ বুদ্ধি অহঙ্কাৰে আৱৰিলে আতি
মহামূঢ় ভৈলাে স্বামী।
তােমাৰ অখণ্ড আনন্দ ৰূপক
কিমতে জানিবাে আমি।।
দীন দায়াশীল দিয়াে উপদেশ
তােমাৰ চৰণে ধৰাে।
শ্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক
সদায়ে যিমতে কৰাে।। ১২
মিছা তর্কবাদে ভৈল অন্ধকাৰ
তাতে ভ্রমাে মন্দমতি।
তযু জ্ঞান পন্থ খুজিয়া নপাও
কৰা হৰি মােৰ গতি।।
তযু গুণ নামড় মুখে নছাড়ােক
কৃপা কৰা চক্রপাণি।
মাধৱ বামন গােৱিন্দ বােলন্তে
মুকুত হৈবাে কৈসানি।। ১৩
তুমি সত্য ব্রহ্ম তােহ্মাতে প্রকাশে
জগত ইটো অসন্ত।
জগততাে সদা তুমিও প্রকাশ
অন্তর্যামী ভগৱন্ত।।
এতেকেসে জ্ঞানী গণে আৱশেষ
জগতকে বােলে হৰি।
আৱে জগজীৱ তােহ্মাৰ চৰণে
ভজো হৃদয়ত ধৰি।। ১৪
যত তপ আছে সমস্তে কৰােক
পড়ােক পৰ্ব্বতে উঠি।
সমস্ত তীর্থত স্নানিয়া ফুৰােক
বেদক পঢ়োক তুষ্টি।।
যত যজ্ঞ আছে সমস্তে যজোক
কৰােক যােগ অভ্যাস।
হৰিৰ কীৰ্ত্তন নকৰি তথাপি
নেড়ায় মৃত্যুৰ ত্রাস।। ১৫
নাহি দেহেন্দ্রিয় সমস্তে কৰ্ত্তাৰ
শক্তিক ধৰা একলে।।
তুমিসি সৰ্ব্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা
তােমাক সেৱে সকলে।।
যেন চক্রৱর্তী ৰাজাক যােগাৱে
সামৰাজ্যে কৰ ভাৰ।
ব্রহ্মা আদি কৰি দেৱৰ ঈশ্বৰ
তযু পাৱে নমস্কাৰ।। ১৬
তােমাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া
সংসাৰে উপজো মৰাে।
দুখ সাগৰত ত্রাণ কৰা হৰি
তােমাৰ চৰণে ধৰাে।।
তুমি অন্তর্যামী সমস্ত লােকৰ
তুমি মহেশ্বৰ দেৱ।
তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তােমাক
মনে কৰাে আমি সেৱ।। ১৭
সংসাৰ চক্ৰৰ কৰৱতে ছিণ্ডে
নেড়ে মােক শােক ভয়।
তােমাৰ চৰণে পশিলাে শৰণে
ৰক্ষা কৰা কৃপাময়।।
তুমি মহাগুৰু তােমাৰ চৰণে
মনে যদি লৱে বাস।
তােমাৰ কৃপায়ে সৱে সিদ্ধি হৈব
নলাগে জ্ঞান অভ্যাস।। ১৮
তুমি আত্মা হেন জানিয়া তােমাক
চিত্তে ভজে যিটোজন।
তুচ্ছ পুত্র দাৰা বিষয় ভােগত
নাহি তাৰ প্রয়ােজন।।
তােমাৰ নামক মুখে ফুৰে গাই
হিয়ে তযু ৰূপ ধৰি।
শুনে মানে ধ্বনি পলায় পাতক
ডাকি বােলা হৰি হৰি।। ১৯
মহামূঢ় ভৈলাে স্বামী।
তােমাৰ অখণ্ড আনন্দ ৰূপক
কিমতে জানিবাে আমি।।
দীন দায়াশীল দিয়াে উপদেশ
তােমাৰ চৰণে ধৰাে।
শ্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক
সদায়ে যিমতে কৰাে।। ১২
মিছা তর্কবাদে ভৈল অন্ধকাৰ
তাতে ভ্রমাে মন্দমতি।
তযু জ্ঞান পন্থ খুজিয়া নপাও
কৰা হৰি মােৰ গতি।।
তযু গুণ নামড় মুখে নছাড়ােক
কৃপা কৰা চক্রপাণি।
মাধৱ বামন গােৱিন্দ বােলন্তে
মুকুত হৈবাে কৈসানি।। ১৩
তুমি সত্য ব্রহ্ম তােহ্মাতে প্রকাশে
জগত ইটো অসন্ত।
জগততাে সদা তুমিও প্রকাশ
অন্তর্যামী ভগৱন্ত।।
এতেকেসে জ্ঞানী গণে আৱশেষ
জগতকে বােলে হৰি।
আৱে জগজীৱ তােহ্মাৰ চৰণে
ভজো হৃদয়ত ধৰি।। ১৪
যত তপ আছে সমস্তে কৰােক
পড়ােক পৰ্ব্বতে উঠি।
সমস্ত তীর্থত স্নানিয়া ফুৰােক
বেদক পঢ়োক তুষ্টি।।
যত যজ্ঞ আছে সমস্তে যজোক
কৰােক যােগ অভ্যাস।
হৰিৰ কীৰ্ত্তন নকৰি তথাপি
নেড়ায় মৃত্যুৰ ত্রাস।। ১৫
নাহি দেহেন্দ্রিয় সমস্তে কৰ্ত্তাৰ
শক্তিক ধৰা একলে।।
তুমিসি সৰ্ব্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা
তােমাক সেৱে সকলে।।
যেন চক্রৱর্তী ৰাজাক যােগাৱে
সামৰাজ্যে কৰ ভাৰ।
ব্রহ্মা আদি কৰি দেৱৰ ঈশ্বৰ
তযু পাৱে নমস্কাৰ।। ১৬
তােমাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া
সংসাৰে উপজো মৰাে।
দুখ সাগৰত ত্রাণ কৰা হৰি
তােমাৰ চৰণে ধৰাে।।
তুমি অন্তর্যামী সমস্ত লােকৰ
তুমি মহেশ্বৰ দেৱ।
তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তােমাক
মনে কৰাে আমি সেৱ।। ১৭
সংসাৰ চক্ৰৰ কৰৱতে ছিণ্ডে
নেড়ে মােক শােক ভয়।
তােমাৰ চৰণে পশিলাে শৰণে
ৰক্ষা কৰা কৃপাময়।।
তুমি মহাগুৰু তােমাৰ চৰণে
মনে যদি লৱে বাস।
তােমাৰ কৃপায়ে সৱে সিদ্ধি হৈব
নলাগে জ্ঞান অভ্যাস।। ১৮
তুমি আত্মা হেন জানিয়া তােমাক
চিত্তে ভজে যিটোজন।
তুচ্ছ পুত্র দাৰা বিষয় ভােগত
নাহি তাৰ প্রয়ােজন।।
তােমাৰ নামক মুখে ফুৰে গাই
হিয়ে তযু ৰূপ ধৰি।
শুনে মানে ধ্বনি পলায় পাতক
ডাকি বােলা হৰি হৰি।। ১৯
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম হৰি কৰুণাময় তােমাৰ চৰণে মন ভজো।
স্বামী দুনাই যেন সংসাৰে নমজো।। ৩
পদঃ তােমাৰ চৰণ চিন্তি যথাত ভকত থাকে
সেহি পুণ্য সেহি তীর্থস্থান।
তােমাৰ অমৃত কথা ধাৰায়ে বহয় যথা
তাক যিটোজনে কৰে পান।।
এড়ায় সংসাৰ ক্লেশ কুৎসিত বিষয় সুখ
তাসম্বাৰ নাহি অভিলাষ।
একবাৰ মাত্র তযু চৰণ চিন্তিলে যিটো
তাৰ সুখ নাহি গৃহবাস।। ২০
অসন্ত জগতখান তােমাত উদ্ভৱ ভৈল
সন্ত হেন প্রকাশে সদায়।
কর্ম্ম জড় মনুষ্যৰ মন মগ্ন ভৈল তাতে
বেদৰ নুবুজে অভিপ্রায়।।
তােমাৰ অদ্বৈত ৰূপ পৰম আনন্দ পদ
তাতে মােৰ মগ্ন হৌক চিত্ত।
ভৈলােহাে দাসৰাে দাস জানি আৱে নৰ হৰি
আমাক নেড়িবা কদাচিত।। ২১
মুকুট কুণ্ডল যেন সুৱৰ্ণৰ ভিন্ন নুহি
মিছা মাত্র নাম ৰূপ যত।
অহঙ্কাৰ পঞ্চ ভূত তােমাত পৃথক নােহে
প্রভু পৰমাৰ্থ বিহাৰত।।
তােমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া
ভৰি তুলি মর্দ্দে মােৰ মাথ।
পৰম আতুৰ হুয়া তােমাত শৰণ লৈলাে
মায়াক নিবাৰা জগন্নাথ।। ২২
সন্ন্যাসীৰ বেশ ধৰি লােকক বঞ্চিলাে ছলে
ভৈলাে ভােগ চিন্তায়ে ব্যাকুল।
ৰাত্রি দিনে নাহি মােৰ মনৰ নুগুচে আতি
নানাবিধ উদ্যমে আকুল।।
অজ্ঞানী লােকৰ মান্য পায়া গৰ্ব্ব বাঢ়ি গৈল
লঙ্ঘিলােহাে তােমাৰ আজ্ঞাক।
দীন অনাথক কৃপা কৰাহা পৰমানন্দ
প্রভু আৱে ৰাখিয়াে আমাক।। ২৩
তােমাৰ পৰম জ্ঞান মাধৱ দিয়ােক মােক
যিটো সুখে দুখে দীন হীন।
নুহি নাৰায়ণ দিয়া শ্ৰৱণ কীৰ্ত্তন ভক্তি
নােহাে হেন বেদৰ অধীন।।
ব্রহ্মায়াে নপান্ত অন্ত তােমাক জানে বেদে
আপুনিও নজানা সমূলি।
এতেকে কেৱলে আমি তােমাৰ চৰণে স্বামী
ভজিলােহাে জয় জয় বুলি।। ২৪
চাৰি বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্র
পৰম বেদান্ত ভাগৱত।
সনক সনন্দ মুনি যােগ জ্ঞান বিচাৰিয়া
উদ্ধাৰিলা তাৰ সাৰতত্ত্ব।।
আগম পুৰাণ যত বেদান্তৰে তাৎপৰ্য্য
জানি কৰা ভকতিৰ সাৰ।
শ্ৰৱণ কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা
ইটো ঘােৰ সংসাৰৰ পাৰ।। ২৫
শুনিয়ােক বুদ্ধজন জনম মৰণ দুখ
তৰিবাৰ যাৰ ইচ্ছা আছে।
গােৱিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰা
অন্তকে কেশত ধৰি আছে।।
ইহেন মনুষ্য তনু সেন্থৰে নপাইবা পুনু
চাৰি বেদে কহে নিষ্ঠ কৰি।
মাধৱৰ চৰণৰ কিঙ্কৰ শঙ্কৰে কহে
সদা ডাকি বােলা হৰি হৰি।। ২৬
।। বেদ-স্তুতি সমাপ্ত।।
----------------------------------------------------------------------------------
স্বামী দুনাই যেন সংসাৰে নমজো।। ৩
পদঃ তােমাৰ চৰণ চিন্তি যথাত ভকত থাকে
সেহি পুণ্য সেহি তীর্থস্থান।
তােমাৰ অমৃত কথা ধাৰায়ে বহয় যথা
তাক যিটোজনে কৰে পান।।
এড়ায় সংসাৰ ক্লেশ কুৎসিত বিষয় সুখ
তাসম্বাৰ নাহি অভিলাষ।
একবাৰ মাত্র তযু চৰণ চিন্তিলে যিটো
তাৰ সুখ নাহি গৃহবাস।। ২০
অসন্ত জগতখান তােমাত উদ্ভৱ ভৈল
সন্ত হেন প্রকাশে সদায়।
কর্ম্ম জড় মনুষ্যৰ মন মগ্ন ভৈল তাতে
বেদৰ নুবুজে অভিপ্রায়।।
তােমাৰ অদ্বৈত ৰূপ পৰম আনন্দ পদ
তাতে মােৰ মগ্ন হৌক চিত্ত।
ভৈলােহাে দাসৰাে দাস জানি আৱে নৰ হৰি
আমাক নেড়িবা কদাচিত।। ২১
মুকুট কুণ্ডল যেন সুৱৰ্ণৰ ভিন্ন নুহি
মিছা মাত্র নাম ৰূপ যত।
অহঙ্কাৰ পঞ্চ ভূত তােমাত পৃথক নােহে
প্রভু পৰমাৰ্থ বিহাৰত।।
তােমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া
ভৰি তুলি মর্দ্দে মােৰ মাথ।
পৰম আতুৰ হুয়া তােমাত শৰণ লৈলাে
মায়াক নিবাৰা জগন্নাথ।। ২২
সন্ন্যাসীৰ বেশ ধৰি লােকক বঞ্চিলাে ছলে
ভৈলাে ভােগ চিন্তায়ে ব্যাকুল।
ৰাত্রি দিনে নাহি মােৰ মনৰ নুগুচে আতি
নানাবিধ উদ্যমে আকুল।।
অজ্ঞানী লােকৰ মান্য পায়া গৰ্ব্ব বাঢ়ি গৈল
লঙ্ঘিলােহাে তােমাৰ আজ্ঞাক।
দীন অনাথক কৃপা কৰাহা পৰমানন্দ
প্রভু আৱে ৰাখিয়াে আমাক।। ২৩
তােমাৰ পৰম জ্ঞান মাধৱ দিয়ােক মােক
যিটো সুখে দুখে দীন হীন।
নুহি নাৰায়ণ দিয়া শ্ৰৱণ কীৰ্ত্তন ভক্তি
নােহাে হেন বেদৰ অধীন।।
ব্রহ্মায়াে নপান্ত অন্ত তােমাক জানে বেদে
আপুনিও নজানা সমূলি।
এতেকে কেৱলে আমি তােমাৰ চৰণে স্বামী
ভজিলােহাে জয় জয় বুলি।। ২৪
চাৰি বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্র
পৰম বেদান্ত ভাগৱত।
সনক সনন্দ মুনি যােগ জ্ঞান বিচাৰিয়া
উদ্ধাৰিলা তাৰ সাৰতত্ত্ব।।
আগম পুৰাণ যত বেদান্তৰে তাৎপৰ্য্য
জানি কৰা ভকতিৰ সাৰ।
শ্ৰৱণ কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা
ইটো ঘােৰ সংসাৰৰ পাৰ।। ২৫
শুনিয়ােক বুদ্ধজন জনম মৰণ দুখ
তৰিবাৰ যাৰ ইচ্ছা আছে।
গােৱিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰা
অন্তকে কেশত ধৰি আছে।।
ইহেন মনুষ্য তনু সেন্থৰে নপাইবা পুনু
চাৰি বেদে কহে নিষ্ঠ কৰি।
মাধৱৰ চৰণৰ কিঙ্কৰ শঙ্কৰে কহে
সদা ডাকি বােলা হৰি হৰি।। ২৬
।। বেদ-স্তুতি সমাপ্ত।।
----------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.