কীৰ্ত্তন ঘােষা
ধ্যান বর্ণন
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি গােপাল কৃপাল স্বামী।
মজিলাে ভৱ জলধিত আমি।। ১
পদঃ একমতে শুনা হৰিৰ ধ্যান।
বৈকুণ্ঠ নামে আছে মহা থান।।
শাৰী শাৰী ৰঞ্জে বিমানচয়।
বৈদূৰ্য্য হীৰা মৰকতময়।। ১
চন্দ্র সূৰ্য্য যেন প্রকাশে আতি।
নজানি যাত পশি দিন ৰাত্রি।।
চাৰু সৰােবৰ নিৰ্ম্মল জল।
সুগন্ধি পদ্ম শােভে উতপল।। ২
আছে ৰাজহংস সমূহে ৰঞ্জি।
লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি।।
পাৰে পাৰিজাত মলয়া বাৱ।
চটকে তেজে সুললিত ৰাৱ।। ৩
ভ্রমৰগণে গাৱে হৰি গীত।
বৈষ্ণৱগণ শুনি আনন্দিত।।
হেন বৈকুণ্ঠৰ মধ্যতে পাছে।
উচ্ছ্ৰিত ৰত্ন মন্দিৰেক আছে।। ৪
বৈদূৰ্য্য স্তম্ভ স্ফটিকৰ বাৰ।
মাণিক কপাট হীৰাৰ দ্বাৰ।।
কাটিলা জিঞ্জীৰি সুৱর্ণাৱলী।
বিচিত্র মণি মৰকত স্থলী।। ৫
পদ্মৰাগ ৰত্নে লগাইল চৌতি।
কৌটি সূৰ্য্য সম গৃহৰ জ্যোতি।।
বিচিত্র চন্দ্ৰতাপ আছে টানি।
আড়িলা মুৰাৰি মুকুতা মণি।।
হেন মন্দিৰে ৰত্ন সিংহাসনে।
আছন্ত বসি প্রভু নাৰায়ণে।।
চৌপাশে সেৱে পাৰিষদ যত।
মৌক্তিক ছত্র ধৰি উপৰত।। ৭
ধৱল চামৰে দুপাশে বিঞ্চে।
সঘনে সুৰভি কুসুম সিঞ্চে।।
চৰণে অনেক ভকতি ভাৱে।
উপাসন্ত লক্ষ্মী জগত মাৱে।। ৮
চৈতন্যময় শুদ্ধ ৰূপ ধৰি।
পৰম আনন্দে আছন্ত হৰি।।
আতি চমৎকাৰ ৰূপ বিপুল।
কন্দর্প কৌটি সম নােহে তুল।। ৯
কৌটি ইন্দু সম আছে প্রকাশি।
স্মৰণে দহৱে পাতক ৰাশি।।
ভকতৰ বন্ধু জগত বাপ।
বােলা হৰি হৰি হৰােক পাপ।। ১০
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ কৰুণা সিন্ধু ভকতবন্ধু কৰুণা সিন্ধু।
ৰূপে তুল নােহে কোটি ইন্দু।। ২
পদঃ স্থিৰ বুদ্ধি কৰি ভকত জনে।
প্রত্যেক অঙ্গক চিন্তিবে মনে।।
চৰণ পদ্ম দেখি সুখী হুই।
অৰুণ আতি পদতল দুই।। ১১
অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ।
দেখি চিহ্ন তাতে মিলে উৎসৱ।।
চৰণ পঙ্কজ আছে প্রকাশি।
আঙ্গুলি পান্তি তাৰ ভৈল পাশি।। ১২
দেখিয় ৰত্নৰ পাকৰি নয়।
প্রকাশে তাতে নখচন্দ্ৰচয়।।
ৰতনে উজ্জ্বল আঙ্গুষ্ঠি যত।
নূপুৰ প্রকাশে পাদ পৃষ্ঠত।। ১৩
ৰত্নৰ হােড়ৰে জ্বলে জঙ্ঘাত।
ঊৰু কৰিকৰ সম সাক্ষাত।।
কটিত প্রকাশে বসন পীত।
বান্ধিলা মেখলা ৰত্নে ৰঞ্জিত।। ১৪
নাভি সৰােৰুহ ৰুচিৰ কান্তি।
হৃদয়ে প্রকাশে শ্রীবৎস পান্তি।।
উৰস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সােণাৰ ৰেখা।। ১৫
পীত বস্ত্রে শােভে শ্যামল কায়।
তড়িত জড়িত জলদ প্রায়।।
বহল হৃদয়ে মুকুতা হাৰ।
প্রকাশে জিলিমিলি পেচন্দাৰ।। ১৬
চিকিমিকি কৰে ৰত্নৰ জালা।
আপাদলম্বী গলে বনমালা।।
তাহাৰ মধু গন্ধে হুয়া ভােল।
বেঢ়িয়া মধুকৰে কৰে ৰােল।। ১৭
চাৰু চতুর্ভুজ শােভে সুঠান।
ললিত বলিত নীল মােলান।।
কেয়ূৰ কঙ্কণ বলয়া তাতে।
প্রকাশে নৱ কিশলয় হাতে।। ১৮
ৰত্নৰ শলাকা আঙ্গুলি পান্তি।
আঙ্গুষ্ঠিচয় তাতে কৰে কান্তি।।
অৰুণ নখ চন্দ্ৰমাৰ শাৰী।
শঙ্খ চক্র গদা পঙ্কজধাৰী।। ১৯
গলত গলপাতা সাতসৰী।
ঊড়ে নৱগুণ পীত উত্তৰী।।
শ্যামল শৰীৰে শােভে অধিক।
ময়ূৰ পুচ্ছ যেন চিকমিক।। ২০
কম্বুু কণ্ঠে শােভে কৌস্তুভ মণি।
প্রভাতে উদিত আদিত্য যেনি।।
পূর্ণচন্দ্র ৰুচি মুখ মণ্ডল।
কর্ণত মকৰ দোলে কুণ্ডল।। ২১
তাৰ ৰশ্মি জ্বলে গণ্ড পাণ্ডুৰ।
ৰুচিৰ চিবুক চাৰু অধৰ।।
প্ৰৱল ৰত্নে যেন কৰে কান্তি।
সুন্দৰ দান্ত মুকুতাৰ পান্তি।। ২২
সদায় নুগুচে ঈষত হাস।
নাসা তিল ফুল সম প্রকাশ।।
অৰুণ লােচন পঙ্কজ পাষি।
ধনু সম আছে ভ্ৰুৱ প্রকাশি।। ২৩
ৰত্নময় কৰে তিলকে কান্তি।
কপালে লম্বিত অলকা পান্তি।।
ৰঞ্জে শিৰে ৰত্নময় মুকুট।
চূড়ামণি ৰত্নে প্রকাশে জুট।। ২৪
তাৰ মাজে ৰত্ন পঙ্কজ মালা।
উজ্জ্বল মুখ লাগি তাৰ জ্বালা।।
হেন মনােহৰ ৰূপ নিৰীক্ষি।
থাকিব সমস্ত অঙ্গক দেখি।। ২৫
মস্তকৰ পৰা পাদ পৰ্য্যন্তে।
নমাইবে মনক দুনাই দেখন্তে।।
ধ্বজ বজ্ৰ যুৱ পঙ্কজ জৱে।
প্রদক্ষিণে নমি পড়িব পাৱে।। ২৬
এতেকে হৈবেক পৰম সিদ্ধি।
হৰিসে জানা জগতৰ নিধি।।
হেলায়ে সংসাৰ তৰিবা পুনু।
নকৰা বিফল মুনুষ্য তনু।। ২৭
দৃঢ় কৰি ধৰা হৰিৰ পাৱ।
পাপ সাগৰত এহিসে নাৱ।।
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
হৰি হৰি ঘােষা সমস্তে জনে।। ২৮
.
।। ধ্যান বর্ণন সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.