শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত
কীৰ্ত্তন ঘােষা
কৃষ্ণ লীলা মালা
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ বন্ধু মাধৱ হে
তুৱা বিনে আছে আৰ তাৰক কে।
বন্ধু মাধৱ হে।। ১
পদঃ শুক মুনি ৰাজাত কহন্ত বিদ্যমানে।
কৃষ্ণ লীলা মালা আৱে শুনা সাৱধানে।।
শ্ৰৱণে কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়।
ধৰ্ম্ম অর্থ কাম মােক্ষ আতে সৱে পায়।। ১
ব্রহ্মায়ে প্রার্থিলা পৃথিৱীৰ দেখি ত্রাস।
লৈলা দৈৱকীৰ উদৰত হৰি বাস।।
গর্ভতে বিধাতা স্তুতি কৰিলন্ত আসি।
দৈৱকী দেৱীক বাক্য বুলি আশ্বাসি।। ২
পাছে উপজিলা নিজৰূপে দামােদৰ।
দেখি পিতৃ মাতৃ স্তুতি কৰিলা বিস্তৰ।।
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা।
কংস ভয়ে বসুদেৱে গােকুলত থৈলা।। ৩
দেখি পুত্র মুখ নন্দে আনন্দে বিহ্বল।
তনয়ৰ জাতকৰ্ম্ম কৰাইলা সকল।।
দৈত্যক বধিবে আৰম্ভিলা গােকুলত।
পূতনাৰ চেতন শুষিলা প্রথমত ।। ৪
শকটৰ তলে থৈলা যশােদা শুৱাই।
পেলাইলা পাৱে শকটক উভতাই।।
তুলিলাহা হামি যশােদাৰ পিয়া স্তন।
গর্ভতে দেখিলা দেৱী চৌধয় ভুৱন।। ৫
বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী।
তাত পাছে নিলা চক্ৰবাতে চুৰি কৰি।।
গলত চেপিয়া ধৰি পেলাইলা শিলাত।
মৰি গৈল দুষ্ট দৈত্য তােমাৰ লীলাত।। ৬
জাতকৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম।
গােকুলত ক্রীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম।।
নাচ বুলি পাঞ্চে গােপী বজায়া চাপৰি।
কৰিলন্ত নৃত্য ভঙ্গীভাৱে দেৱহৰি।। ৭
যশােদা সুধিলা ধৰি কিয় মাতি খাইলি।
নাখাও বুলিয়া বেন্ত বাইলা বনমালী।।
গর্ভতে দেখিলা দেৱী ভূৱন চৌধয়।
কৰিলন্ত স্তুতি আতি পৰম বিস্ময়।। ৮
স্তন পিবে নাপাই কোপে কৃষ্ণ বৰ চাণ্ড।
শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড।।
সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী।
লাসে লাসে উড়ুখল টানি নিলা হৰি।। ৯
বৃক্ষত লাগিয়া ভৈল উড়ল পথালি।
অর্জ্জুনক উভঞ্জি পেলাইলা বনমালী।।
বুলিলেক স্তুতি দুয়াে কুবেৰ নন্দন।
নিজ থানে গৈলা কৰি কৃষ্ণক বন্দন।। ১০
কোনে ফল লৈবেক পসাৰী দিলে ডাক।
ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক।।
কৃষ্ণৰ হস্তত ভৰি দিলা ফল বাছি।
সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি।। ১১
অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন।
শিশুসৱ সহিতে চাৰিলা বৎসগণ।।
বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ।
লীলায়ে বধিলা তৈতে বৎস বকাসুৰ।। ১২
ঘােৰ সৰ্প ৰূপে অঘে আছে বেন্ত বাই।
বৎস বৎসপালক গিলিল লাগ পাই।।
তাৰ গল ভেন্টিয়া বঢ়াইলা দেহা হৰি।
কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি।। ১৩
তাত পাছে ব্রহ্মা আসি কৰিলন্ত চুৰি।
মায়া কৰি নিলে সৱে গােৰক্ষ দামুৰি।।
হুয়া গৰু গােৰক্ষ আপুনি পৰতেক।
সৰ্ব্বৰূপে ব্রজত বঞ্চিলা বৰিষেক।। ১৪
অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমােহিত।
সৱে দিব্য চতুর্ভুজ ৰূপ বিপৰীত।।
হৰিল চেতন একো নাহি হৃদি সিদ্ধি।
পাছে পাৱে পড়ি স্তুতি কৰিলন্ত বিধি।। ১৫
গৈলা তাল বনে সৱে গােৱাল সহিতে।
সবান্ধৱে ধেনুকক বধিলা তহিতে।।
গােপগণে তালক ভুঞ্জিলা কণ্ঠ ভৰি।
শঙ্কৰে ৰচিলা ডাকি বােলা হৰি হৰি।। ১৬
তুৱা বিনে আছে আৰ তাৰক কে।
বন্ধু মাধৱ হে।। ১
পদঃ শুক মুনি ৰাজাত কহন্ত বিদ্যমানে।
কৃষ্ণ লীলা মালা আৱে শুনা সাৱধানে।।
শ্ৰৱণে কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়।
ধৰ্ম্ম অর্থ কাম মােক্ষ আতে সৱে পায়।। ১
ব্রহ্মায়ে প্রার্থিলা পৃথিৱীৰ দেখি ত্রাস।
লৈলা দৈৱকীৰ উদৰত হৰি বাস।।
গর্ভতে বিধাতা স্তুতি কৰিলন্ত আসি।
দৈৱকী দেৱীক বাক্য বুলি আশ্বাসি।। ২
পাছে উপজিলা নিজৰূপে দামােদৰ।
দেখি পিতৃ মাতৃ স্তুতি কৰিলা বিস্তৰ।।
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা।
কংস ভয়ে বসুদেৱে গােকুলত থৈলা।। ৩
দেখি পুত্র মুখ নন্দে আনন্দে বিহ্বল।
তনয়ৰ জাতকৰ্ম্ম কৰাইলা সকল।।
দৈত্যক বধিবে আৰম্ভিলা গােকুলত।
পূতনাৰ চেতন শুষিলা প্রথমত ।। ৪
শকটৰ তলে থৈলা যশােদা শুৱাই।
পেলাইলা পাৱে শকটক উভতাই।।
তুলিলাহা হামি যশােদাৰ পিয়া স্তন।
গর্ভতে দেখিলা দেৱী চৌধয় ভুৱন।। ৫
বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী।
তাত পাছে নিলা চক্ৰবাতে চুৰি কৰি।।
গলত চেপিয়া ধৰি পেলাইলা শিলাত।
মৰি গৈল দুষ্ট দৈত্য তােমাৰ লীলাত।। ৬
জাতকৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম।
গােকুলত ক্রীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম।।
নাচ বুলি পাঞ্চে গােপী বজায়া চাপৰি।
কৰিলন্ত নৃত্য ভঙ্গীভাৱে দেৱহৰি।। ৭
যশােদা সুধিলা ধৰি কিয় মাতি খাইলি।
নাখাও বুলিয়া বেন্ত বাইলা বনমালী।।
গর্ভতে দেখিলা দেৱী ভূৱন চৌধয়।
কৰিলন্ত স্তুতি আতি পৰম বিস্ময়।। ৮
স্তন পিবে নাপাই কোপে কৃষ্ণ বৰ চাণ্ড।
শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড।।
সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী।
লাসে লাসে উড়ুখল টানি নিলা হৰি।। ৯
বৃক্ষত লাগিয়া ভৈল উড়ল পথালি।
অর্জ্জুনক উভঞ্জি পেলাইলা বনমালী।।
বুলিলেক স্তুতি দুয়াে কুবেৰ নন্দন।
নিজ থানে গৈলা কৰি কৃষ্ণক বন্দন।। ১০
কোনে ফল লৈবেক পসাৰী দিলে ডাক।
ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক।।
কৃষ্ণৰ হস্তত ভৰি দিলা ফল বাছি।
সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি।। ১১
অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন।
শিশুসৱ সহিতে চাৰিলা বৎসগণ।।
বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ।
লীলায়ে বধিলা তৈতে বৎস বকাসুৰ।। ১২
ঘােৰ সৰ্প ৰূপে অঘে আছে বেন্ত বাই।
বৎস বৎসপালক গিলিল লাগ পাই।।
তাৰ গল ভেন্টিয়া বঢ়াইলা দেহা হৰি।
কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি।। ১৩
তাত পাছে ব্রহ্মা আসি কৰিলন্ত চুৰি।
মায়া কৰি নিলে সৱে গােৰক্ষ দামুৰি।।
হুয়া গৰু গােৰক্ষ আপুনি পৰতেক।
সৰ্ব্বৰূপে ব্রজত বঞ্চিলা বৰিষেক।। ১৪
অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমােহিত।
সৱে দিব্য চতুর্ভুজ ৰূপ বিপৰীত।।
হৰিল চেতন একো নাহি হৃদি সিদ্ধি।
পাছে পাৱে পড়ি স্তুতি কৰিলন্ত বিধি।। ১৫
গৈলা তাল বনে সৱে গােৱাল সহিতে।
সবান্ধৱে ধেনুকক বধিলা তহিতে।।
গােপগণে তালক ভুঞ্জিলা কণ্ঠ ভৰি।
শঙ্কৰে ৰচিলা ডাকি বােলা হৰি হৰি।। ১৬
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি গােৱিন্দ অন্তকে গ্রাসে।
নাসে নাথ নিন্দ ত্রাহি গােৱিন্দ।। ২
পদঃ বিষময় হ্রদ তাক নজানি।
মৰিল গৰু গােপ পিয়া পানী।।
কটাক্ষে জীয়াইলা দমিলা কালী।
হ্রদৰ খেদাইলা তাক নিকালি।। ১৭
ব্রজৰ প্রজা বন জুইত মৰে।
ত্রাহি কৃষ্ণ বুলি আৰাৱ কৰে।।
নাহি ভয় বুলি অগ্নিক পিলা।
ব্রজক গৈলা গজেন্দ্ৰৰ লীলা।। ১৮
হৰি কৰি ক্ৰীড়া গােপ সভাতে।
মৰাইলা প্রলম্ব বলোৰ হাতে।।
কুঞ্জবনে গৰু গােপ পােড়ন্তে।
আনিলা কৃষ্ণে তাৰি তৈৰ হন্তে।। ১৯
বসন্ত সমে গ্রীষ্মকাল গৈল।
বাৰিষা আসি উপস্থিত ভৈল।।
বলাে সমে সৱে গােপক লই।
ক্রীড়িলা কৃষ্ণে বৃন্দাবনে গই।। ২০
আসিল শৰত হৰিষ কৰি।
বৃন্দাবনে বেণু বজান্ত হৰি।।
গােপ সুন্দৰীৰ বস্ত্ৰক লই।
চড়িলা গােৱিন্দ কদম্বে গই।। ২১
পাইলেক বৰ যত গােপবালা।
গােৱিন্দ গৈল যৈত যজ্ঞ শালা।।
গােৱালসকলে খুজিল অন্ন।
নেদিল অহঙ্কাৰী বিপ্রগণ।। ২২
পত্নীৰ ভকতি দেখিয়া সৰ্ব্ব।
ভাঙ্গিলা তাসম্বাৰ কৰ্ম্ম গৰ্ব্ব।।
ভাঙ্গিলা কৃষ্ণে মুখ মহেন্দ্র।
পূজিলা গােৱৰ্দ্ধন গিৰিবৰ।। ২৩
কৰিলা বৃষ্টি ইন্দ্রে ক্ৰোধ কৰি।
ৰাখিলা ব্রজ গােৱৰ্দ্ধন ধৰি।
কৃষ্ণৰ মহিমা দেখিয়া তয়।
ভৈলা গােপ গােপী মহা বিস্ময়।। ২৪
গৰ্গৰ বাক্যক সুমৰি নন্দে।
বর্ণাইলা কৃষ্ণৰ গুণ আনন্দে।।
কৃষ্ণৰ অদ্ভুত মহিমা দেখি।
সুৰভি ইন্দ্রে আসি অভিষেকি।। ২৫
গােৰ ইন্দ্র পাতি কৰি প্রণাম।
থৈলন্ত কৃষ্ণৰ গােৱিন্দ নাম।।
বৰুণৰ দূতে নিলেক হৰি।
আনিলা নন্দক কৃষ্ণে উদ্ধাৰি।। ২৬
বিষ্ণু বুদ্ধি কৰি নন্দৰ পােক।
দেখিল বৈকুণ্ঠ ব্ৰজৰ লােক।।
চন্দ্ৰাৱলী ৰাত্ৰি শৰতকাল।
আৰম্ভিলা ৰাস ক্রীড়া গােপাল।। ২৭
বাঢ়িলা গৰ্ব্ব দেখি গােপিকাৰ।
ভৈলা অন্তর্ধান জগ আধাৰ।।
কান্দিল কৃষ্ণৰ গুণ বর্ণাই।
তনু পুলকিত চেতন নাই।। ২৮
গােপীৰ আতি প্রেম ভকতিত।
সৱাৰ মধ্যত ভৈলা বিদিত।।
সৱাকো আশ্বাসি কৰিলা ক্রীড়া।
এড়াইলা গােপীগণে কাম পীড়া।। ২৯
শঙ্খচূড় নামে যক্ষক মাৰি।
ৰাখি আসিলন্ত গােপৰ নাৰী।।
খেদি আসিলন্ত অৰিষ্ট ধাই।
লীলায়ে মাৰিলা মাধৱে পাই।। ৩০
কংসত নাৰদে কহিলা পাছে।
তােৰ প্রাণ বৈৰী ব্রজত আছে।।
শুনিয়া কেশীক কংসে পাঞ্চিলা।
তাকো মাৰি কৃষ্ণে যমক দিলা।। ৩১
বুলিলা কংসে অক্ৰূৰক আনি।
ব্রজক যাহা তুমি মহামানী।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
হৰি হৰি বােলা সমস্ত জনে।। ৩২
নাসে নাথ নিন্দ ত্রাহি গােৱিন্দ।। ২
পদঃ বিষময় হ্রদ তাক নজানি।
মৰিল গৰু গােপ পিয়া পানী।।
কটাক্ষে জীয়াইলা দমিলা কালী।
হ্রদৰ খেদাইলা তাক নিকালি।। ১৭
ব্রজৰ প্রজা বন জুইত মৰে।
ত্রাহি কৃষ্ণ বুলি আৰাৱ কৰে।।
নাহি ভয় বুলি অগ্নিক পিলা।
ব্রজক গৈলা গজেন্দ্ৰৰ লীলা।। ১৮
হৰি কৰি ক্ৰীড়া গােপ সভাতে।
মৰাইলা প্রলম্ব বলোৰ হাতে।।
কুঞ্জবনে গৰু গােপ পােড়ন্তে।
আনিলা কৃষ্ণে তাৰি তৈৰ হন্তে।। ১৯
বসন্ত সমে গ্রীষ্মকাল গৈল।
বাৰিষা আসি উপস্থিত ভৈল।।
বলাে সমে সৱে গােপক লই।
ক্রীড়িলা কৃষ্ণে বৃন্দাবনে গই।। ২০
আসিল শৰত হৰিষ কৰি।
বৃন্দাবনে বেণু বজান্ত হৰি।।
গােপ সুন্দৰীৰ বস্ত্ৰক লই।
চড়িলা গােৱিন্দ কদম্বে গই।। ২১
পাইলেক বৰ যত গােপবালা।
গােৱিন্দ গৈল যৈত যজ্ঞ শালা।।
গােৱালসকলে খুজিল অন্ন।
নেদিল অহঙ্কাৰী বিপ্রগণ।। ২২
পত্নীৰ ভকতি দেখিয়া সৰ্ব্ব।
ভাঙ্গিলা তাসম্বাৰ কৰ্ম্ম গৰ্ব্ব।।
ভাঙ্গিলা কৃষ্ণে মুখ মহেন্দ্র।
পূজিলা গােৱৰ্দ্ধন গিৰিবৰ।। ২৩
কৰিলা বৃষ্টি ইন্দ্রে ক্ৰোধ কৰি।
ৰাখিলা ব্রজ গােৱৰ্দ্ধন ধৰি।
কৃষ্ণৰ মহিমা দেখিয়া তয়।
ভৈলা গােপ গােপী মহা বিস্ময়।। ২৪
গৰ্গৰ বাক্যক সুমৰি নন্দে।
বর্ণাইলা কৃষ্ণৰ গুণ আনন্দে।।
কৃষ্ণৰ অদ্ভুত মহিমা দেখি।
সুৰভি ইন্দ্রে আসি অভিষেকি।। ২৫
গােৰ ইন্দ্র পাতি কৰি প্রণাম।
থৈলন্ত কৃষ্ণৰ গােৱিন্দ নাম।।
বৰুণৰ দূতে নিলেক হৰি।
আনিলা নন্দক কৃষ্ণে উদ্ধাৰি।। ২৬
বিষ্ণু বুদ্ধি কৰি নন্দৰ পােক।
দেখিল বৈকুণ্ঠ ব্ৰজৰ লােক।।
চন্দ্ৰাৱলী ৰাত্ৰি শৰতকাল।
আৰম্ভিলা ৰাস ক্রীড়া গােপাল।। ২৭
বাঢ়িলা গৰ্ব্ব দেখি গােপিকাৰ।
ভৈলা অন্তর্ধান জগ আধাৰ।।
কান্দিল কৃষ্ণৰ গুণ বর্ণাই।
তনু পুলকিত চেতন নাই।। ২৮
গােপীৰ আতি প্রেম ভকতিত।
সৱাৰ মধ্যত ভৈলা বিদিত।।
সৱাকো আশ্বাসি কৰিলা ক্রীড়া।
এড়াইলা গােপীগণে কাম পীড়া।। ২৯
শঙ্খচূড় নামে যক্ষক মাৰি।
ৰাখি আসিলন্ত গােপৰ নাৰী।।
খেদি আসিলন্ত অৰিষ্ট ধাই।
লীলায়ে মাৰিলা মাধৱে পাই।। ৩০
কংসত নাৰদে কহিলা পাছে।
তােৰ প্রাণ বৈৰী ব্রজত আছে।।
শুনিয়া কেশীক কংসে পাঞ্চিলা।
তাকো মাৰি কৃষ্ণে যমক দিলা।। ৩১
বুলিলা কংসে অক্ৰূৰক আনি।
ব্রজক যাহা তুমি মহামানী।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
হৰি হৰি বােলা সমস্ত জনে।। ৩২
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ ভাৱক ভাই ভজ ভগৱন্ত।
কৰিবা হৰিসে দুখৰ অন্ত ৷ ৷ ৩
পদঃ নাৰদে পাছে গােকুলক আসি।
নমিলা কৃষ্ণৰ গুণ প্রকাশি।।
কংসে পাঞ্চিলেক আসি অক্ৰূৰ।
সন্ধ্যা সময়ত পশি গােপপুৰ।। ৩৩
আকুল হুয়া আতি প্ৰেমভাৱে।
কৃষ্ণ কৃষ্ণ বুলি পড়িলা পাৱে।।
খুড়া বুলি কৃষ্ণে সাৱটি ধৰি।
কৰিলা সৎকাৰ আতি সাদৰি।। ৩৪।
কংসৰ শুনিয়া নন্দে আদেশ।
লড়িলা শকটে গােপ নিঃশেষ।।
গােপিকাক ৰাম কৃষ্ণে আশ্বাসি।
সুৱৰ্ণৰ ৰথে চড়িলা আসি।। ৩৫
অক্ৰূৰে সত্বৰে ডাকিলা ৰথ।
কান্দে গােপী চাই কৃষ্ণৰ পথ।।
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্রতি।
মজিলা যমুনাত দানপতি।। ৩৬
দেখিলা অনন্ত সহস্র ফেট।
কোলাত কৃষ্ণ পাইলন্ত ভেট।।
কৰিলন্ত স্তুতি পড়ি অক্ৰূৰে।
প্ৰৱেশিলা পাছে মথুৰাপুৰে।। ৩৭
গােপগণ সঙ্গে ৰঙ্গে মুৰাৰি।
ভ্রমন্তে দেখিলা মথুৰা নাৰী।।
কন্দর্প কোটি যাক নােহে তুল।
শাৰী শাৰী নাৰী বৰিষে ফুল।। ৩৮
বধিলা ধােবাক চৱৰ অস্ত্রে।
বেশকাৰে আসি ভূষিলা বস্ত্রে।।
পিন্ধাইলা চন্দন কুজী সাদৰি।
তাইৰ কুজ সম কৰিলা হৰি।। ৩৯
পিন্ধাইলা মালী অঙ্গ মুণ্ড মাল।
দিলা সুদামাক বৰ গােপাল।।
ভাঙ্গিলা কংসৰ ধনুক ধৰি।
ৰখীয়া সেনাক বধিলা হৰি।। ৪০
বঞ্চিলা ৰাতি নগৰৰ মাজে।
প্রভাতে শুনন্ত দুন্দুভি বাজে।।
গৈলন্ত খেদিয়া নন্দ কুমাৰ।
কুবলয়াপীড়ে ভেন্টিলে দ্বাৰ।। ৪১
ভূমিত পাড়ি কাঢ়ি লৈলা দন্ত।
কৰিলা কোবাই হস্তীৰ অন্ত।।
কন্ধত গজ দন্ত অনুপাম।
পশিলা ৰঙ্গশালা কৃষ্ণ ৰাম।। ৪২
চৌপাশে উপাসে গােপ কুমাৰে।
দেখিলা কৃষ্ণক দশ প্রকাৰে।।
বলাে মুষ্টিকক কৃষ্ণে চাপূৰ।
মাৰি মাল দুইকো কৰিলা চূৰ।। ৪৩
আসিল খেদি আৰাে যত মাল।
কৰিলা ৰাম কৃষ্ণে তাৰাে কাল।।
নাচিলা কৃষ্ণ সমাজৰ মাজে।
পাৱে ৰুণঝুণ নূপুৰ বাজে।। ৪৪
দেখিয়া গৰজে কংস বিশাল।
উচ্ছ্ৰিত মঞ্চত চড়ি গােপাল।।
কেশত ধৰি তাৰ ঘণ্টা লাড়ি।
পাড়িলা ভূমিত উপৰে পড়ি।। ৪৫
মৰিলা কংস জগতৰ ভৰে।
পাইলেক সাৰূপ্য সিটো কৃষ্ণৰে।।
পিতৃ মাতৃ দুইৰাে বন্ধন ছােড়ি।
কৰিলা স্তুতি দুইক কৰযােড়ি।। ৪৬
আনি উগ্রসেনক পাতিলা ৰাজা।
পাছে আশ্বাসিলা যাদৱ প্রজা।।
নন্দকো সৎকাৰ কৰিলা আতি।
পঠাইলা প্রবােধিয়া বুলি মাতি ৷ ৷ ৪৭
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ কথা শুনা সমস্ত জনে।।
কৃষ্ণ লীলা মালা ইহাৰ নাম।
সংসাৰ তৰা বুলি ৰাম ৰাম।। ৪৮
কৰিবা হৰিসে দুখৰ অন্ত ৷ ৷ ৩
পদঃ নাৰদে পাছে গােকুলক আসি।
নমিলা কৃষ্ণৰ গুণ প্রকাশি।।
কংসে পাঞ্চিলেক আসি অক্ৰূৰ।
সন্ধ্যা সময়ত পশি গােপপুৰ।। ৩৩
আকুল হুয়া আতি প্ৰেমভাৱে।
কৃষ্ণ কৃষ্ণ বুলি পড়িলা পাৱে।।
খুড়া বুলি কৃষ্ণে সাৱটি ধৰি।
কৰিলা সৎকাৰ আতি সাদৰি।। ৩৪।
কংসৰ শুনিয়া নন্দে আদেশ।
লড়িলা শকটে গােপ নিঃশেষ।।
গােপিকাক ৰাম কৃষ্ণে আশ্বাসি।
সুৱৰ্ণৰ ৰথে চড়িলা আসি।। ৩৫
অক্ৰূৰে সত্বৰে ডাকিলা ৰথ।
কান্দে গােপী চাই কৃষ্ণৰ পথ।।
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্রতি।
মজিলা যমুনাত দানপতি।। ৩৬
দেখিলা অনন্ত সহস্র ফেট।
কোলাত কৃষ্ণ পাইলন্ত ভেট।।
কৰিলন্ত স্তুতি পড়ি অক্ৰূৰে।
প্ৰৱেশিলা পাছে মথুৰাপুৰে।। ৩৭
গােপগণ সঙ্গে ৰঙ্গে মুৰাৰি।
ভ্রমন্তে দেখিলা মথুৰা নাৰী।।
কন্দর্প কোটি যাক নােহে তুল।
শাৰী শাৰী নাৰী বৰিষে ফুল।। ৩৮
বধিলা ধােবাক চৱৰ অস্ত্রে।
বেশকাৰে আসি ভূষিলা বস্ত্রে।।
পিন্ধাইলা চন্দন কুজী সাদৰি।
তাইৰ কুজ সম কৰিলা হৰি।। ৩৯
পিন্ধাইলা মালী অঙ্গ মুণ্ড মাল।
দিলা সুদামাক বৰ গােপাল।।
ভাঙ্গিলা কংসৰ ধনুক ধৰি।
ৰখীয়া সেনাক বধিলা হৰি।। ৪০
বঞ্চিলা ৰাতি নগৰৰ মাজে।
প্রভাতে শুনন্ত দুন্দুভি বাজে।।
গৈলন্ত খেদিয়া নন্দ কুমাৰ।
কুবলয়াপীড়ে ভেন্টিলে দ্বাৰ।। ৪১
ভূমিত পাড়ি কাঢ়ি লৈলা দন্ত।
কৰিলা কোবাই হস্তীৰ অন্ত।।
কন্ধত গজ দন্ত অনুপাম।
পশিলা ৰঙ্গশালা কৃষ্ণ ৰাম।। ৪২
চৌপাশে উপাসে গােপ কুমাৰে।
দেখিলা কৃষ্ণক দশ প্রকাৰে।।
বলাে মুষ্টিকক কৃষ্ণে চাপূৰ।
মাৰি মাল দুইকো কৰিলা চূৰ।। ৪৩
আসিল খেদি আৰাে যত মাল।
কৰিলা ৰাম কৃষ্ণে তাৰাে কাল।।
নাচিলা কৃষ্ণ সমাজৰ মাজে।
পাৱে ৰুণঝুণ নূপুৰ বাজে।। ৪৪
দেখিয়া গৰজে কংস বিশাল।
উচ্ছ্ৰিত মঞ্চত চড়ি গােপাল।।
কেশত ধৰি তাৰ ঘণ্টা লাড়ি।
পাড়িলা ভূমিত উপৰে পড়ি।। ৪৫
মৰিলা কংস জগতৰ ভৰে।
পাইলেক সাৰূপ্য সিটো কৃষ্ণৰে।।
পিতৃ মাতৃ দুইৰাে বন্ধন ছােড়ি।
কৰিলা স্তুতি দুইক কৰযােড়ি।। ৪৬
আনি উগ্রসেনক পাতিলা ৰাজা।
পাছে আশ্বাসিলা যাদৱ প্রজা।।
নন্দকো সৎকাৰ কৰিলা আতি।
পঠাইলা প্রবােধিয়া বুলি মাতি ৷ ৷ ৪৭
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ কথা শুনা সমস্ত জনে।।
কৃষ্ণ লীলা মালা ইহাৰ নাম।
সংসাৰ তৰা বুলি ৰাম ৰাম।। ৪৮
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ ৰাম স্বামী মাগােহো শৰণ হেৰা আমি।তােমাক নভজি প্রভু ভৈলাে অধােগামী।। ৪
পদঃ পাছে উগ্রসেনক নৃপতি পাতি হৰি।
নন্দকো কৰিলা শান্ত বচনে সাদৰি।।
যেন মতে মানাে বসুদেৱ দৈৱকীক।
তুমি পােষ্টা পিতৃ দেখাে তাহাতাে অধিক।। ৪৯
অনন্তৰে নৱগুণ দিলা গর্গ ঋষি।।
পাছে গুৰুগৃহে বাসা কৰিলা হৰিষি।।
জানিলা চৌষষ্ঠি কলা পাছে চক্রপাণি।
দিলা গুৰু দক্ষিণা মৃতক পুত্র আনি।। ৫০
মথুৰাক আনি কৃষ্ণে পঠাই উদ্ধৱক।
কৰাইলা সান্ত্বনা পাছে যশােদা নন্দক।।
গােপী সমস্তক বাক্য সন্দেশ পঠাই।
সান্ত্বনা কৰিলা কৃপাময় যদুৰায়।। ৫১
কুবুজাক ক্রীড়ি কৃষ্ণ জগত ঈশ্বৰ।
প্ৰৱেশিলা গােৱিন্দ গৃহত অক্ৰূৰৰ।।
অৰ্চ্চিলন্ত দানপতি পায়া মাধৱক।
পাণ্ডৱৰ পাশক পঠাইল অক্ৰূৰক।। ৫২
জৰাসন্ধ ভয়ে যেন প্রভু যদুৰাজে।
নিৰ্ম্মিলা দ্বাৰকাপুৰী পয়ােনিধি মাজে।।
নিলা তৈকে মথুৰাৰ প্ৰজা যােগ বলে।
মাৰিলাহা জৰাসন্ধ সেনাক সকলে।। ৫৩
বধিলা যৱন মুচুকুন্দক দেখাই।
কৰিলন্ত স্তুতি মুচুকুন্দ মহাৰায়।।
দিলন্ত প্রসাদ তাঙ্ক পৰম ভকতি।
মুচুকুন্দ লভিন্ত ভগৱন্ত গতি।। ৫৪
জৰাসন্ধ ভয়ে নৰ চেষ্টাক দেখাই।
পশিলা পলাই দ্বাৰকাত দুয়াে ভাই।।
ৰুক্মিণী পঠাইলা গােপ্য প্রেমপত্র লিখি।
আতি সকৰুণ ভৈল কৃষ্ণে তাঙ্ক দেখি।। ৫৫
বিপক্ষ নৃপতি সকলক জিনি ৰণে।।
ৰুক্মকো মুণ্ডিলা চক্র ধৰি নাৰায়ণে।।
দ্বাৰকাত পাতি সভা দেৱতাে অধিক।
কৰিলা বিৱাহ মহােৎসৱে ৰুক্মিণীক।। ৫৬
ভৈলা কামদেৱ ৰুক্মিণীৰ গর্ভে জাত।
হৰিলা সম্বৰে তাক কৰিলা নিপাত।।
ভাৰ্য্যায়ে সহিতে দুনাই দ্বাৰকাক আইল।
পুত্র দেখি ৰুক্মিণীৰ শৰীৰ জুড়াইল।। ৫৭
মণি হেতু জাম্বৱন্ত জিনি যদুপতি।
স্যমন্তক সমে পাইলা কন্যা জাম্বৱতী।।
সত্রাজিতে দিলে সত্যভামাক ভয়ত।
মণিক যৌতুক দিলা কন্যাৰ লগত।। ৫৮
থৈলা সত্রাজিততে মাধৱে মণি পুনু।
তাঙ্ক কাটি মণি পাছে নিলা শতধনু।।
অক্ৰূৰত মণি থৈয়া ঘােড়ায়ে পলাইল।
তাক চক্ৰে কাটি কৃষ্ণে মণিক নপাইল।। ৫৯
দ্বাৰকা এড়িয়া পাছে পলাইল অক্ৰূৰ।
আনিলন্ত দুনাই কৃষ্ণে তাঙ্ক যদুপুৰ।।
তাৰপৰা মণি লৈয়া দেখায়া জ্ঞাতিত।
এড়াইলা দুর্যশ প্রভু পাছে বিপৰীত।। ৬০
মিত্রবৃন্দা কালিন্দীক পাছে যদুনাহ।।
ভদ্রা সত্যা লক্ষ্মণাক কৰিলা বিবাহ।।
এহি অষ্ট মহিষী কৃষ্ণৰ প্রিয় জায়া।
বােলা হৰি হৰি তৰা সংসাৰৰ মায়া।। ৬১
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ হেৰ হেলায় গৱাইলাে হৰি ইহেন জনম।নভৈল ভকতি মঞি পাতকী পৰম৷৷ ৫
পদঃ নৰকক মাৰি ৰূপে গুণে মহা ধন্যা।
ষােড়শ হাজাৰ প্ৰভু পাইলা দিব্য কন্যা।।
স্বৰ্গৰাে আনিলা হৰি পুষ্প পাৰিজাত।
দ্বাৰত ৰুৱাইলা সত্যভামাৰ সাক্ষাত।। ৬২
ৰুক্মিণীক কৰিলাহা প্রেমে পৰিহাস।
ভৈলন্ত ভয়তে দেৱী প্রাণতাে নৈৰাশ।।
চতুর্ভুজ হৈয়া হৰি তুলি আঙ্কোৱালি।
ৰুক্মিণীক আশ্বাস কৰিলা বনমালী।। ৬৩
বুলিলন্ত কৃষ্ণে যত নিন্দা আপােনাক।
ওলটায়া ৰুক্মিণী বুলিলা স্তুতি বাক।।
ভৈলা অনুৰাগ প্রভু চৰণত আতি।
ভৰিলা দ্বাৰকা কেশৱৰ পুত্র নাতি।। ৬৪
কৃষ্ণৰ সমান ৰূপ একৈক ভাৰ্য্যাত।
দশ দশ পুত্র এক জীউ ভৈলা জাত।।
বহুবিধ কৰি লীলা জগতৰে নাহে।
ৰুক্মক মৰাইলা অনিৰুদ্ধৰ বিবাহে।। ৬৫
ঊষাক ক্ৰীড়িলা কৃষ্ণ নাতি অনিৰুদ্ধ।
বাণক ৰাখিবে লাগি ৰুদ্রে দিলা যুদ্ধ।।
লীলায়ে ভঙ্গাইলা শঙ্কৰক ঘােৰ ৰণে।
চক্রবাণে বাহুক ছেদিলা নাৰায়ণে।। ৬৬
যুদ্ধত নৱাৰি স্তুতি কৰিলন্ত হৰে।
নৃগ নৃপতিক উদ্ধাৰিলা তাত পৰে।।
ক্রীড়িলন্ত বলভদ্রে গােকুলক যাই।
যমুনাক আঝুৰিলা লাঙ্গল ভেজাই ৷ ৷ ৬৭
চক্রে ধৰি খেদি গৈল বাৰানসী থান।
সুদক্ষিণ পৌন্ড্ৰকৰো কৃষ্ণে লৈলা প্রাণ।।
ৰৈৱত গিৰিত ক্রীড়া কৰি হলধৰ।
সমৰে মাৰিল দুষ্ট দ্বিৱিধ বানৰ।। ৬৮
ধৰিলা শাম্বক কুৰু বীৰগণে চাপি।
খুজিলেক ৰামে গৈয়া নেদিলা তথাপি।।
হস্তিনাপুৰক কোপে উভতাও বুলি।
লাঙ্গল ভেজায়া বলাে ধৰিলন্ত তুলি।। ৬৯
কৃষ্ণৰ গৃহস্থ ধৰ্ম্ম দেখি ঘৰে ঘৰ।
পৰম বিস্ময় মন ভৈলা নাৰদৰ।।
কেৱল ঈশ্বৰ মাত্র দেখি পাছে ঋষি।
কৃষ্ণ গুণ গায়া চলি গৈলন্ত হৰিষি।। ৭০
নিশাত কৰন্ত কৃষ্ণেও শয্যাত শয়ন।
কত আলিঙ্গি শুতি থাকা পত্নীগণ।।
ৰজনীৰ শেষ জানি ৰাৱে পক্ষীচয়।
নাৰীগণাে হােৱে কৃষ্ণ বিৰহত ভয়।। ৭১
কুকুৰা আৰাৱ কৰে তাকো পাৰে গালি।।
উঠি নিত্যকৃত্য পাছে কৰি বনমালী।।
চৌৰাশী অধিক তেৰ হাজাৰ প্রমাণ।
ঘৰে ঘৰে প্রতিদিনে কৰন্ত গাে দান।। ৭২
দাৰুকে যােগান্ত ৰথ চড়ি গৈলা তাতে।
সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে।।
চতুর্ভিতি বেঢ়ি পাত্র মন্ত্রী সভাসদ।
দেৱকাৰ্য্য সাধিবাক আসিলা নাৰদ।। ৭৩
জসৰান্ধে বান্ধি আছে নৃপতি বহুত।
কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত।।
সেহি বেলা যুধিষ্ঠিৰে পঠাইলন্ত মাতি।
মন্ত্রীগণ সমে কৃষ্ণ আলােচিল ৰাতি।। ৭৪
উদ্ধৱ সহিতে কৃষ্ণ গৈলা ইন্দ্রপ্রস্থ।
পূৰিলন্ত পঞ্চ পাণ্ডৱৰ মনােৰথ।।
কৃষ্ণৰ কিঙ্কৰ কহে দুখ তেৱে তৰি।
পাতেক ছাড়ােক ডাকি বােলা হৰি হৰি।।৭৫
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ পিয়াে পিয়াে ৰাম নাম অমৃত।
বৃথা কথা কই নমৰা চিত্ত।। ৬
পদঃ যুধিষ্ঠিৰ ৰাজা কৃষ্ণক চাই।
অর্চ্চিলন্ত আতি দুনাই দুনাই।।
ৰাজাকো কৃষ্ণে নমি প্রণিপাতে।
মৰাইলা মাগধ ভীমৰ হাতে।। ৭৬
মেলায়া ভকত নৃপতিচয়।
দেখাইলা নিজ ৰূপ কৃপাময়।।
প্রসন্ন মুখ পঙ্কজৰ জ্যোতি।
কৌস্তুভ কণ্ঠে গলে গজমতি।। ৭৭
মকৰ কুণ্ডলে উজ্জ্বল গণ্ড।
প্রকাশে চাৰু চাৰি ভুজ দণ্ড।
কিৰীটি ৰত্ন শিৰে কৰে কান্তি।
উৰঃস্থলে জ্বলে শ্রীবৎস পান্তি।। ৭৮
শ্যাম তনু তাতে পীত বসন।
বিজুলী ৰঞ্জে যেন নৱ ঘন।।
কটিতটে কাঞ্চী ৰত্নৰ জ্বালা।
আপাদলম্বী গলে বনমালা।। ৭৯
চৰণ পঙ্কজে মঞ্জীৰ ঘােষ।
মিলাৱে ভক্তৰ মনে সন্তোষ।
সন্মুখে দেখে হেন হৃষীকেশ।
সমস্তে এড়াইলা বন্ধন ক্লেশ।। ৮০
আনন্দে দ্ৰৱিল সৱাৰাে চিত্ত।
লােতক ঝৰে তনু লােমাঞ্চিত।
আছিল মৰি দুনাই যেন জীল।
আলিঙ্গিয়া যেন নয়নে পিল।। ৮১
চাহন্তে গৈল অনুৰাগ চৰি।।
প্রণামিলা আতি চৰণে পৰি।।
হৰিষতে যেন পাইলা মুকুতি।
কৰিলা কৃষ্ণক অনেক স্তুতি।। ৮২
মাগিলা পৰম ভকতি দান।
সৱাকে কৰিলা কৃষ্ণে সন্মান।।
তুষিয়া পঠাই দিলা নিৰন্তৰ।
ৰাজসূয়ে আসি যােগাইলা কৰ।। ৮৩
কৰি ৰাজসূয় যজ্ঞ নৃপতি।
অৰ্চ্চিলা কৃষ্ণক মহা ভকতি।।
নিন্দিলে দেখি শিশুপাল বীৰ।
কাটিলে কৃষ্ণে চক্র হানি শিৰ।। ৮৪
তাৰ তেজ পুঞ্জ আসিল লৰি।
মিলিলা কৃষ্ণৰ চৰণে পৰি।।
সাৰূপ্য পায়া ভৈলা পাৰিষদ।
বিস্ময় দেখি লােক নিশৱদ।। ৮৫
পৰম মানী দুৰ্য্যোধন ৰায়।
ভ্রমিলা সভাৰ সম্পত্তি চাই।।
তুলিলা বস্ত্র পানী বুলি স্থলে।
স্থল হেন বুলি পড়িলা জলে।। ৮৬
দ্রৌপদী সমে নাৰীগণে আসি।
চাপৰি বজায়া তুলিলা হাসি।।
ভীমৰ উপহাস্যে কুৰুৰাজ।
মৰণ সমান ভৈ গৈল লাজ।। ৮৭
মৃতক যেন ভৈল কুৰুপতি।
কৃষ্ণ কটাক্ষে ভ্ৰমিল মতি।।
তােলাই ইটো কোপ কুৰু ৰাজাৰ।
হৰিবাে সমস্তে ভূমিৰ ভাৰ।। ৮৮
লাগােক বিবাদ কুৰু পাণ্ডৱে।
নমাতি থাকিলা বসি মাধৱে।।
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী।। ৮৯
হৰত বৰ পায়া শাল্ব ৰাজা।
মাৰিবাক গৈলা যাদৱ প্রজা।।
আকাশত চলে সৌভ নগৰ।
যদু বীৰগণে দিল সমৰ।। ৯০
হস্তিনাপুৰ হন্তে আসি পাই।
কাটিলা শাল্বক যাদৱ ৰায়।।
ভাঙ্গিলা সৌভক ক্ষেপিয়া চক্র।
বধিলা বিদুৰথ দন্তবক্ৰ।। ৯১
তীর্থত স্নানিয়া ফুৰন্তে ৰাম।
সূতক বধি কৰি মন্দ কাম।।
বল্লল দৈত্যক মাৰি তহিত।
কৰিলা সূত বধ প্রায়শ্চিত্ত।। ৯২
দেখিয়া তুষ্ট ভৈল ঋষিগণ।
উগ্রশ্রৱা পাইলা ব্ৰহ্ম আসন।
কহিলা মহাভাগৱত কথা।
বােলা হৰি হৰি নমৰা বৃথা।। ৯৩
বৃথা কথা কই নমৰা চিত্ত।। ৬
পদঃ যুধিষ্ঠিৰ ৰাজা কৃষ্ণক চাই।
অর্চ্চিলন্ত আতি দুনাই দুনাই।।
ৰাজাকো কৃষ্ণে নমি প্রণিপাতে।
মৰাইলা মাগধ ভীমৰ হাতে।। ৭৬
মেলায়া ভকত নৃপতিচয়।
দেখাইলা নিজ ৰূপ কৃপাময়।।
প্রসন্ন মুখ পঙ্কজৰ জ্যোতি।
কৌস্তুভ কণ্ঠে গলে গজমতি।। ৭৭
মকৰ কুণ্ডলে উজ্জ্বল গণ্ড।
প্রকাশে চাৰু চাৰি ভুজ দণ্ড।
কিৰীটি ৰত্ন শিৰে কৰে কান্তি।
উৰঃস্থলে জ্বলে শ্রীবৎস পান্তি।। ৭৮
শ্যাম তনু তাতে পীত বসন।
বিজুলী ৰঞ্জে যেন নৱ ঘন।।
কটিতটে কাঞ্চী ৰত্নৰ জ্বালা।
আপাদলম্বী গলে বনমালা।। ৭৯
চৰণ পঙ্কজে মঞ্জীৰ ঘােষ।
মিলাৱে ভক্তৰ মনে সন্তোষ।
সন্মুখে দেখে হেন হৃষীকেশ।
সমস্তে এড়াইলা বন্ধন ক্লেশ।। ৮০
আনন্দে দ্ৰৱিল সৱাৰাে চিত্ত।
লােতক ঝৰে তনু লােমাঞ্চিত।
আছিল মৰি দুনাই যেন জীল।
আলিঙ্গিয়া যেন নয়নে পিল।। ৮১
চাহন্তে গৈল অনুৰাগ চৰি।।
প্রণামিলা আতি চৰণে পৰি।।
হৰিষতে যেন পাইলা মুকুতি।
কৰিলা কৃষ্ণক অনেক স্তুতি।। ৮২
মাগিলা পৰম ভকতি দান।
সৱাকে কৰিলা কৃষ্ণে সন্মান।।
তুষিয়া পঠাই দিলা নিৰন্তৰ।
ৰাজসূয়ে আসি যােগাইলা কৰ।। ৮৩
কৰি ৰাজসূয় যজ্ঞ নৃপতি।
অৰ্চ্চিলা কৃষ্ণক মহা ভকতি।।
নিন্দিলে দেখি শিশুপাল বীৰ।
কাটিলে কৃষ্ণে চক্র হানি শিৰ।। ৮৪
তাৰ তেজ পুঞ্জ আসিল লৰি।
মিলিলা কৃষ্ণৰ চৰণে পৰি।।
সাৰূপ্য পায়া ভৈলা পাৰিষদ।
বিস্ময় দেখি লােক নিশৱদ।। ৮৫
পৰম মানী দুৰ্য্যোধন ৰায়।
ভ্রমিলা সভাৰ সম্পত্তি চাই।।
তুলিলা বস্ত্র পানী বুলি স্থলে।
স্থল হেন বুলি পড়িলা জলে।। ৮৬
দ্রৌপদী সমে নাৰীগণে আসি।
চাপৰি বজায়া তুলিলা হাসি।।
ভীমৰ উপহাস্যে কুৰুৰাজ।
মৰণ সমান ভৈ গৈল লাজ।। ৮৭
মৃতক যেন ভৈল কুৰুপতি।
কৃষ্ণ কটাক্ষে ভ্ৰমিল মতি।।
তােলাই ইটো কোপ কুৰু ৰাজাৰ।
হৰিবাে সমস্তে ভূমিৰ ভাৰ।। ৮৮
লাগােক বিবাদ কুৰু পাণ্ডৱে।
নমাতি থাকিলা বসি মাধৱে।।
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী।। ৮৯
হৰত বৰ পায়া শাল্ব ৰাজা।
মাৰিবাক গৈলা যাদৱ প্রজা।।
আকাশত চলে সৌভ নগৰ।
যদু বীৰগণে দিল সমৰ।। ৯০
হস্তিনাপুৰ হন্তে আসি পাই।
কাটিলা শাল্বক যাদৱ ৰায়।।
ভাঙ্গিলা সৌভক ক্ষেপিয়া চক্র।
বধিলা বিদুৰথ দন্তবক্ৰ।। ৯১
তীর্থত স্নানিয়া ফুৰন্তে ৰাম।
সূতক বধি কৰি মন্দ কাম।।
বল্লল দৈত্যক মাৰি তহিত।
কৰিলা সূত বধ প্রায়শ্চিত্ত।। ৯২
দেখিয়া তুষ্ট ভৈল ঋষিগণ।
উগ্রশ্রৱা পাইলা ব্ৰহ্ম আসন।
কহিলা মহাভাগৱত কথা।
বােলা হৰি হৰি নমৰা বৃথা।। ৯৩
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ গােপীনাথ তুৱা পাৱে নভৈল ভকতি।ইজন্মতাে মাধৱ গৈলােহাে অধােগতি।। ৭
পদঃ দ্বাৰকাক গৈলন্ত দৰিদ্র দামােদৰ।
আর্চ্চিলন্ত কৃষ্ণে কৰি পৰম সাদৰ।।
গুৰুগৃহে বাস কথা কৈলা মনােতুষ্টি।
খাইলা তান লইয়া চাউল চিৰা একমুঠি।। ৯৪
এতেকে ঐশ্বৰ্য্য পাইলা ইন্দ্ৰৰাে দুর্ল্লভ।
হেনসে ঈশ্বৰ কৃষ্ণ ভৃত্যৰ সুলভ।।
সৰ্ব্বগ্রাস সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা।।
সমস্তে নৃপতিগণ কুৰুক্ষেত্রে গৈল ১৫
সপুত্র বান্ধৱে যদুগণ গৈলা তথা ।
কৈলা ৰাজাগণ অন্যোঅন্যে কৃষ্ণ কথা।।
কৃষ্ণৰ যতেক পত্নী দ্রৌপদী সহিতি।
কহিলন্ত কৃষ্ণ কথা পৰম পীৰিতি।। ১৬
নাৰদ প্রমুখ্যে মুনিগণ আইলা হয়।
অর্চ্চিলন্ত তাসম্বাক কৃষ্ণ কৃপাময়।।
পিতৃৰ কৰাইলা কৃষ্ণে যজ্ঞ মহােৎসৱ।
বান্ধৱক তুষি ভূষি পঠাইলা মাধৱ।। ৯৭
নন্দ যশােদাক মান্য কৰিলা একান্ত।
জ্ঞানদানে গােপীক কৰিলা উপশান্ত।।
কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান।
মৃতক পুত্ৰক দৈৱকীক দিলা দান।। ৯৮
অর্জ্জুনক আনি বিহা দিলা সুভদ্রাক।
ভক্তক দেখিবে লাগি গৈলা মিথিলাক।।
শ্রুতদেৱ জনকৰ পূৰি মনােৰথ।
কৈলা উপদেশি প্রেম ভকতিৰ পথ।। ৯৯
ভকতিক পুছিলা নাৰদে মাধৱত।
নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব।।
সংসাৰক তাৰে ভকতিসে জানি মনে।
কৈলা স্তুতি বেদ শিৰােৰত্ন মন্ত্রগণে।। ১০০
হৰি ভকতিত পাই পৰম মুকুতি।
দিবে মাত্র পাৰে আনাে দেৱতা ভুকুতি।।
ভৃগু ঋষি আসি কৰি পৰীক্ষা পূৰ্ব্বত।
কৈলা কৃষ্ণ গুণ মুনিগণৰ আগত।। ১০১
মহাকালপুৰ পশি কৃষ্ণ কৃপাময়।
আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰচয়।।
অৰ্জ্জুনৰ অঙ্গীকাৰ কৰিলা সফল।
হেন নাৰায়ণ দেৱ ভকত বৎসল। ১০২
ষােড়শ সহস্র অষ্টাধিক এক শত।
কৃষ্ণৰ মহিষী সৱে পৰম ভকত।।
শুনিয়ােক কৃষ্ণৰ যতেক পুত্ৰ ৰাশি।
একষষ্ঠি হাজাৰ লক্ষেক আৰাে আশী।। ১০৩
তাসম্বাৰ পুত্র নাতি ভৈল অপৰ্য্যন্ত।
তাক কহি কোনে আৱে পাইবে অন্ত।।
যদুকুলে কেশৱে আপুনি অৱতৰি।
গঙ্গাক কৰিলা অল্প কীৰ্ত্তনত কৰি।। ১০৪
শত্রু মিত্র উদাসীনে দিলা নিজ পদ।
ভাৰ হৰি মহন্তৰ খণ্ডিলা আপদ।।
নুহিকে আশ্চৰ্য্য ইটো কৰ্ম্ম মাধৱৰ।
সিকালত বেকত আছিলা দামােদৰ।। ১০৫
আকেসে আশ্চৰ্য্য দেখে শুনা পৰীক্ষিত।
নাম মাত্র লৈলে তৰি ইটো বিপৰীত।।
আৰাে যাইবে নলাগে নৃপতি তপােবন।
গৃহ গতি পায় কৰি শ্ৰৱণ কীৰ্ত্তন।। ১০৬
এহিমানে দশম স্কন্ধৰ কৃষ্ণ লীলা।
শুক মুনি ৰাজা পৰীক্ষিতক কহিলা।।
শঙ্কৰে ৰচিলা ধৰি কৃষ্ণৰ চৰণ।
লীলা মালা কথা ইটো কৃষ্ণৰ কীৰ্ত্তন।। ১০৭
শুনা বুধজন কেন সুখে আছা বসি।
কালে আসি পাইলে দেখা মনে বিমৰিষি।।
ই হেন মনুষ্য জন্ম বৃথা যায় আয়ু।
কেতিক্ষণে ছুটে জানা ইটো প্ৰাণবায়ু।। ১০৮
জানি হৰি ভকতিত সৱে দিয়া মতি।
হৰি কথা শ্ৰৱণত দৃঢ় কৰা মতি।।
কলিত কীৰ্ত্তন বিনে গতি নাহি আৰ।
ডাকি হৰি হৰি বােলা তেৱেসে নিস্তাৰ।।১০৯
।। কৃষ্ণ লীলা মালা সমাপ্ত ।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.