কীৰ্ত্তন ঘােষা
দৈৱকীৰ পুত্র আনয়ন
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ৰাম মাধৱ মুৰাৰি।
কৃষ্ণ মুকুন্দ দৈত্যাৰি।। ১
কৃষ্ণ মুকুন্দ দৈত্যাৰি।। ১
পদঃ শুক মুনি বােলন্ত শুনিয়াে পৰীক্ষিত।
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত।।
অনন্তৰে দৈৱকী শুনিলা হেন বাণী।
গুৰুৰ মৃতক পুত্র কৃষ্ণে দিলা আনি।। ১
হুয়া আতি বিস্ময় গুণন্ত বৰ নাৰী।
মােৰাে ছয় তনয়ক কংসে আছে মাৰি।।
হৃদয় ব্যাকুল কৰে তাসম্বাক স্মৰি।
চক্ষুৰ লােতক আতি পৰে সৰসৰি।। ২
মুখৰাে নােলায় মাত গদগদ বাণী।
বুলিলা বচন ৰাম গােৱিন্দক আনি।।
শুনিয়ােক ৰাম শুনিয়ােক দামােদৰ।
জানিলাে তােমৰা দুই জগত ঈশ্বৰ।। ৩
স্ৰজন্তাৰো স্রষ্টা তুমি পৰম পুৰুষ।
কাৰ্য্যতে লক্ষিলাে দুয়াে নুহিকা মানুষ।
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
মােহােৰ গৰ্ভত আসি ভৈলা অৱতাৰ।। ৪
জগত নিৰ্ম্মাণ কৰে তােহ্মাৰেসে মায়া।
জানিয়া শৰণ লৈলাে কৰিয়ােক দায়া।।
মৰা পুত্র গুৰুৰ যমৰ পৰা আনি।
দিলাহা দক্ষিণা যেনেমতে চক্রপাণি।। ৫
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
মােহােৰ গৰ্ভত আসি ভৈলা অৱতাৰ।। ৪
জগত নিৰ্ম্মাণ কৰে তােহ্মাৰেসে মায়া।
জানিয়া শৰণ লৈলাে কৰিয়ােক দায়া।।
মৰা পুত্র গুৰুৰ যমৰ পৰা আনি।
দিলাহা দক্ষিণা যেনেমতে চক্রপাণি।। ৫
তেনমতে মােৰ মনােৰথ কৰা সিদ্ধি।
পৰম ঈশ্বৰ দুয়াে বিধাতাৰ বিধি।।
কংসে মাৰিলেক মােৰ পুত্র ছয়গুটি।
তাসম্বক সুমৰন্তে প্রাণ যায় ফুটি।। ৬
তােমাসাৰ প্রসাদে যেৱে দেখিবাক পাও।
তেৱেসে দাৰুণ শােক সন্তাপ এড়াও।।
পৰম ঈশ্বৰ দুয়াে বিধাতাৰ বিধি।।
কংসে মাৰিলেক মােৰ পুত্র ছয়গুটি।
তাসম্বক সুমৰন্তে প্রাণ যায় ফুটি।। ৬
তােমাসাৰ প্রসাদে যেৱে দেখিবাক পাও।
তেৱেসে দাৰুণ শােক সন্তাপ এড়াও।।
মাৱক মাতিলা ৰাম কৃষ্ণ দুই ভাই।
আনি দিবাে পুত্রগণ চিন্তা এৰা আই।। ৭
এহি বুলি ৰাম কৃষ্ণ যােগমায়া বলে।
একে নিমিষেকে গৈয়া পশিলা সুতলে।।
ত্রৈলােক্য মােহন দিব্যৰূপ হৃষীকেশ।
বলিৰ সভাত গই ভৈলন্ত প্রৱেশ।। ৮
দেখে দৈত্যপতি আসিলন্ত বনমালী।
আথে বেথে সমাজে উঠিলা গাৱ চালি।।
আনন্দে আকুল ভৈলা কৃষ্ণ দৰশনে।
সবংশে পড়িলা গৈয়া কৃষ্ণৰ চৰণে।। ৯
জগতৰে আত্মা মােৰ পৰম দৈৱত।
কিনাে মােৰ ভাগ্য আসি ভৈলা উপগত।।
পৰম হৰিষে নয়নৰ পড়ে পানী।
মাথাত কৰিয়া সিংহাসন দিলা আনি।।১০
বলভদ্র সহিতে বসিলা তাতে হৰি।
দুইৰ পাৱ পখালিলা বলি হাতে ধৰি।।
সবংশে শিৰত আনি লৈলা পাদোদক।
দিব্য বস্ত্র ভূষণে আর্চ্চিলা মাধৱক।। ১১
বহুবিধ সদ্ভূত অমৃত ভক্ষ্য দিলা।
সবান্ধৱে আপুনাক কৃষ্ণতে অর্পিলা।।
ভণিল শঙ্কৰে ধৰি কৃষ্ণৰ চৰণে।
ৰাম ৰাম ঘােষিয়োক সভাসদগণে।। ১২
আনি দিবাে পুত্রগণ চিন্তা এৰা আই।। ৭
এহি বুলি ৰাম কৃষ্ণ যােগমায়া বলে।
একে নিমিষেকে গৈয়া পশিলা সুতলে।।
ত্রৈলােক্য মােহন দিব্যৰূপ হৃষীকেশ।
বলিৰ সভাত গই ভৈলন্ত প্রৱেশ।। ৮
দেখে দৈত্যপতি আসিলন্ত বনমালী।
আথে বেথে সমাজে উঠিলা গাৱ চালি।।
আনন্দে আকুল ভৈলা কৃষ্ণ দৰশনে।
সবংশে পড়িলা গৈয়া কৃষ্ণৰ চৰণে।। ৯
জগতৰে আত্মা মােৰ পৰম দৈৱত।
কিনাে মােৰ ভাগ্য আসি ভৈলা উপগত।।
পৰম হৰিষে নয়নৰ পড়ে পানী।
মাথাত কৰিয়া সিংহাসন দিলা আনি।।১০
বলভদ্র সহিতে বসিলা তাতে হৰি।
দুইৰ পাৱ পখালিলা বলি হাতে ধৰি।।
সবংশে শিৰত আনি লৈলা পাদোদক।
দিব্য বস্ত্র ভূষণে আর্চ্চিলা মাধৱক।। ১১
বহুবিধ সদ্ভূত অমৃত ভক্ষ্য দিলা।
সবান্ধৱে আপুনাক কৃষ্ণতে অর্পিলা।।
ভণিল শঙ্কৰে ধৰি কৃষ্ণৰ চৰণে।
ৰাম ৰাম ঘােষিয়োক সভাসদগণে।। ১২
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ স্বামী মােক পাৰ কৰা কৰুণা সিন্ধুসংসাৰ সাগৰে।
আউৰ আন গতি নাহিকে মাধৱ
বান্ধৱ তােমাত পৰে।। ২
পদঃ পাছে গােৱিন্দক দেখি দৈত্যেন্দ্ৰৰ
আনন্দে চিত্ত নধৰে।
উপজিল ভাৱ শিহৰিল গাৱ
নেত্ৰত লােতক ঝৰে।।
দুইহাতে কৃষ্ণৰ চৰণে ধৰিয়া
তাতে মাথা থাপি থৈলা।
গদগদ বাণী মুখৰ নােলায়
স্তুতি কৰিবাক লৈলা।। ১৩
প্রণামাে অনন্ত মহন্ত বিধাতা
প্রণামাে কৃষ্ণ চৰণে।
সাংখ্য যােগ যিটো কৰিলা বিস্তাৰ
ব্ৰহ্মৰূপী নাৰায়ণে।।
তযু দৰশন যদ্যপি দুর্লভ
নুবুজি তােমাৰ লীলা।
আমি তামসিক অসুৰ জাতিৰ
গৃহতে আসি মিলিলা।। ১৪
ৰাক্ষস দানৱ দৈত্য ভূতচয়
পিশাচ প্রমথপতি।
তােমাক বিৰােধ কৰি অপ্রয়াসে
পাইলেক পৰম গতি।।
দ্বেষত ভয়ত যিটো সিদ্ধি পাইল
তামসিক দৈত্যজাক।
তােমাৰ লগত থাকিয়া সাত্বিক
দেৱে নপাৱন্ত তাক।। ১৫
আমাৰ পৰােক্ষ বান্ধৱ তুমিতে
মাধৱ জানিলাে আমি।
হেন জানি মােত হুয়ােক সন্তোষ
তিনিও লােকৰ স্বামী।
গৃহ অন্ধ কূপে পড়ি আছাে নাথ
কিমতে আক এড়াও।
ফল মূল ভুঞ্জি তােমাৰ চৰণ
চিন্তিয়া যেন বেড়াও।। ১৬
তযু নাম মােৰ মুখে নাছাড়ােক
নেতােক চিত্তে চৰণ।
হেন মনােৰথ সাধিয়াে মাধৱ
তােমাতে লৈলাে শৰণ।।
ঐশ্বৰ্য্য জঞ্জাল নলাগে আমাক
ছিণ্ডা মােৰ মােহ পাশ।
কৰা প্ৰভু দায়া জন্মে জন্মে হৈবাে
তােমাৰ দাসৰাে দাস।। ১৭
আজ্ঞা কৰিয়ােক জীৱৰ ঈশ্বৰ
সম্প্রতি কি কৰাে আমি।
হেন শুনি হাসি বলিক মাতিলা
তিনিও লােকৰ স্বামী।
মৰীচিৰ ছয় আছিল তনয়
প্রথম মনুৰ দিনে।
ভৈলা সৱে দেৱ তাসম্বাৰ আগে
নাম শুনা ভিনে ভিনে।। ১৮
স্মৰ পৰিষ্বঙ্গ উদ্গীথ পতঙ্গ
ক্ষুদ্রভুক আৰাে ঘৃণি।
এহি ছয়জন পৰম পৱিত্র
আছে কাম ক্রোধ জিনি।।
যৈসানি ব্রহ্মায়ে নিজ দুহিতাক
ক্রীড়া কৰিবাক চান্ত।
দেখি ছয়ােজনে ব্রহ্মাক নিন্দিয়া
উপহাস্য কৰিলন্ত।। ১৯
অসুৰ যােনিক যাহা বুলি ব্ৰহ্মা
শাপ দিলা কোপ মনে।
হিৰণ্যকশিপু দৈত্যৰ তনয়
ভৈলা আসি ছয়ােজনে।।
পাছে দৈৱকীৰ গৰ্ভতে ছয়েক
উপজায়া যােগমায়া।
ধৰি কংস ৰায় সৱাকো বধিলা
অধৰ্ম্ম একো নচায়। ২০
সম্প্রতি তােমাৰ কাষত আছন্ত
ছয়াে মােৰ শ্ৰেষ্ঠ ভাই।
আসম্বাক লাগি সদয়ে ক্ৰন্দন
কৰস্ত দৈৱকী আই।।
সৱাহাঙ্কো আজি দ্বাৰকাক নিবাে
গুচাইবাে মাৱৰ শােক।
মােহােৰ প্রসাদে শাপ এড়ায় আজি
ছয়াে যাইবে স্বর্গলােক।। ২১
এহিসে কাৰণে তােমাৰ পশিত
আসি আছাে দৈত্যপতি।
শুনি বলি উঠি ছয়োক আগতে
যােগাইলা কৰি ভকতি।।
কৃষ্ণৰ চৰণ দুহাতে ধৰিয়া
শিৰত অৰ্চ্চিলা তুলি।
আজিসে সমস্ত পাপ দূৰ ভৈল
জন্ম সাম্ফলিলাে বুলি।। ২২
শুনা সৰ্ব্বজন এৰি আন মন
স্থিৰ কৰি এক মতি।
কৃষ্ণ নাম বিনা ইটো কলি যুগে
নাহি নাহি আন গতি।।
জানিয়া কৃষ্ণৰ চৰণে শৰণ
পশিয়ো সুদৃঢ় মতি।
বোলা ৰাম ৰাম ছাড়ি আন কাম
লভিবা পৰম গতি।। ২৩
।। তৃতীয় কীর্তন।।
ঘোষাঃ কমল লােচন কলুষ মোচন।। ৩পদঃ পাছে বলিৰায়ক আশ্বাস কৰি।।
সৱাহাঙ্কো লৈয়া উঠিলা হৰি।।
দ্বাৰকাপুৰ পাইলা মহাভাগে।
ছয়াে ভাইক দিলা মাতৃৰ আগে।। ২৪
ছয়াে ছৱালক দৈৱকী দেখি।
পৰম আনন্দে চান্ত নিৰেখি।।
নিশ্চয়ে সৱে মােৰ পুত্ৰ বুলি।
লৈলন্ত সৱাকো কোলাত তুলি।। ২৫
পুত্র স্নেহে স্ৰৱে দুয়াে স্তন।
কৰন্ত পুত্ৰৰ মুখ চুম্বন।।
উৎসুকে পুত্ৰক পিয়ান্ত ক্ষীৰ।
ঘ্রাণন্ত ঘনে ঘনে পুত্র শিৰ।। ২৬
আনন্দে দৈৱকী যেন নাচন্ত।
ইগুটি থৈয়া আৰগুটি লন্ত।।
বিষ্ণুৰ মায়ায়ে মুহিল চিত্ত।
দৈৱকী ভৈলা আতি আনন্দিত।। ২৭
একে দৈৱকীৰ স্তন বিশেষ।
কৃষ্ণৰ আৰাে পীত অৱশেষ।।
সন্তোষে তাক পিলা ছয়ােজনে।
কৃষ্ণৰ আৰাে অঙ্গ পৰশনে।। ২৮
ঘােৰ ব্ৰহ্মশাপ তাকো তৰিল।
আমি দেৱ হেন ইটো স্মৰিল।।
পিতৃক মাতৃক কৰি বন্দন।
পড়ি প্রণামিল কৃষ্ণ চৰণ।। ২৯
বলােৰ চৰণে কৰিয়া সেৱ।
স্বৰ্গক পাছে যান্ত ছয়াে দেৱ।।
ঘ্রাণন্ত ঘনে ঘনে পুত্র শিৰ।। ২৬
আনন্দে দৈৱকী যেন নাচন্ত।
ইগুটি থৈয়া আৰগুটি লন্ত।।
বিষ্ণুৰ মায়ায়ে মুহিল চিত্ত।
দৈৱকী ভৈলা আতি আনন্দিত।। ২৭
একে দৈৱকীৰ স্তন বিশেষ।
কৃষ্ণৰ আৰাে পীত অৱশেষ।।
সন্তোষে তাক পিলা ছয়ােজনে।
কৃষ্ণৰ আৰাে অঙ্গ পৰশনে।। ২৮
ঘােৰ ব্ৰহ্মশাপ তাকো তৰিল।
আমি দেৱ হেন ইটো স্মৰিল।।
পিতৃক মাতৃক কৰি বন্দন।
পড়ি প্রণামিল কৃষ্ণ চৰণ।। ২৯
বলােৰ চৰণে কৰিয়া সেৱ।
স্বৰ্গক পাছে যান্ত ছয়াে দেৱ।।
চাহি আছে লােকে নিজম পড়ি।
ছয়ােজনে যায় বিমানে চড়ি।। ৩০
দেখিয়া দৈৱকী ভৈল বিস্ময়।
আসিল মােৰ মৰা পুত্র ছয়।
স্বর্গক গৈল মােৰ স্তন খায়া।
জানিলাে সকল বিষ্ণুৰ মায়া।। ৩১
বােলন্ত শুকে শুনা পৰীক্ষিত।
কৃষ্ণৰ অদ্ভুত লীলা চৰিত।।
অনন্তবীৰ্য্যৰ যত মহিমা।
কোনে কহি পাৱে তাহাৰ সীমা।। ৩২
পৰম মঙ্গল হৰি চৰিত।
জগতৰে ইটো হৰে দূৰিত।।
যিবাজনে আক শুনে শুনাৱে।
বিষ্ণুৰ প্ৰসাদে মােক পাৱে।। ৩৩
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৰিয়াে কীৰ্ত্তন সমস্ত জনে।।
কলি যুগে ইটো মহা উপায়।
হৰি নাম লৈলে মুকুতি পায়।। ৩৪
বেদান্তৰাে তত্ত্ব শুকৰ বাণী।
জানি হেলা এড়া সমস্তে প্রাণী।।
যেৱে সুখে পাইবা বিকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘােষিয়াে হৰি।। ৩৫
।। দৈৱকীৰ পুত্র আনয়ন সমাপ্ত ।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
ছয়ােজনে যায় বিমানে চড়ি।। ৩০
দেখিয়া দৈৱকী ভৈল বিস্ময়।
আসিল মােৰ মৰা পুত্র ছয়।
স্বর্গক গৈল মােৰ স্তন খায়া।
জানিলাে সকল বিষ্ণুৰ মায়া।। ৩১
বােলন্ত শুকে শুনা পৰীক্ষিত।
কৃষ্ণৰ অদ্ভুত লীলা চৰিত।।
অনন্তবীৰ্য্যৰ যত মহিমা।
কোনে কহি পাৱে তাহাৰ সীমা।। ৩২
পৰম মঙ্গল হৰি চৰিত।
জগতৰে ইটো হৰে দূৰিত।।
যিবাজনে আক শুনে শুনাৱে।
বিষ্ণুৰ প্ৰসাদে মােক পাৱে।। ৩৩
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৰিয়াে কীৰ্ত্তন সমস্ত জনে।।
কলি যুগে ইটো মহা উপায়।
হৰি নাম লৈলে মুকুতি পায়।। ৩৪
বেদান্তৰাে তত্ত্ব শুকৰ বাণী।
জানি হেলা এড়া সমস্তে প্রাণী।।
যেৱে সুখে পাইবা বিকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘােষিয়াে হৰি।। ৩৫
।। দৈৱকীৰ পুত্র আনয়ন সমাপ্ত ।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.