কীৰ্ত্তন ঘােষা
স্যমন্তক হৰণ
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ভাই মুখে বােলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলাে স্বৰূপ।। ১
এতেকে মুকুতি পাইবা কহিলাে স্বৰূপ।। ১
পদঃ শুক মুনি বােলন্ত শুনিয়াে পৰীক্ষিত।
কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত।।
আপােনাৰ কন্যা আনি দিলন্ত কৃষ্ণক।
স্যমন্তক মণি দিলা লগত যৌতুক।। ১
শুকত সােধন্ত দুনাই ৰাজা পৰীক্ষিত।
দিলা কিবা কলঙ্ক কৃষ্ণক সত্রাজিত।।
কৈত পাইলা স্যমন্তক মণি মহাৰত্ন।
কিহেতু কৃষ্ণক কন্যা দিলা কৰি যত্ন।। ২
শুক নিগদতি শুনিয়ােক পৰীক্ষিত।
সূৰ্যৰ পৰম ভক্ত সখা সত্রাজিত।।
তুষ্ট হুয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
সত্রাজিতে মহামণি কণ্ঠত পিন্ধিলা।। ৩
সূৰ্য্যে যেন প্রকাশিয়া আসে দ্বাৰকাক।
ৰশ্মিয়ে চক্ষুক পীড়ে দেখি প্রজা জাক।।
আসন্ত আদিত্য বুলি মনত শঙ্কিয়া।
কৃষ্ণৰ পাশক সৱে যায় লৱড়িয়া।। ৪
সভাত খেলন্ত পাশা প্রভু পীতাম্বৰ।
আখে বেথে দেয় জান প্রজা নিৰন্তৰ।।
নমাে নাৰায়ণ শঙ্খ চক্ৰ গদাধৰ।।
অৰবিন্দ লােচন গােৱিন্দ দামােদৰ।। ৫
তােক দেখিবে লাগি ত্রিজগত পতি।।
আসন্ত আদিত্য হেৰা দেখিয়ে সম্প্রতি।
সৱাৰাে চক্ষুক পীড়ি আসে ৰশ্মি জালে।
তােহ্মাক অন্বেষ কৰে দশােদিগ পালে।। ৬
পুৰাণ পুৰুষ তুমি সনাতন হৰি।
যদুকুলে অৱতৰি আছা ছদ্ম কৰি।।
তাতেসে আসন্ত সূৰ্য্যে দেখিবে তােমাক।
বােলা হৰি হৰি উদ্ধাৰিয়াে আপােনাক।। ৭
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ গােপাল গােৱিন্দ যদু নন্দন।কৃষ্ণৰ চৰণে লৈলাে শৰণ।। ২
পদঃ শুনিয়া হাসি চাইলা চক্রপাণি।
নােহন্ত আদিত্য বুলিলা বাণী।।
মণিৰ ৰশি হুয়া প্রকাশিত।
গৃহক লাগি আসে সত্রাজিত।। ৮
সত্রাজিত পাছে গৃহক আইলা।
অনেক মাঙ্গল্য বাদ্য বজাইলা।।
দেৱৰ গৃহে পশি প্রণিপাতে।
নিৱেদিল মণি বিপ্ৰৰ হাতে।। ৯
মণিৰ মহিমা কি কৈবাে আৰ।
সুৱর্ণ নিতে শ্ৰৱে অষ্ট ভাৰ।।
যিথানে থাকে সিটো স্যমন্তক।
নাহিকে দুর্ভিক্ষ মাৰি মৰক।। ১০
নাহিকে ব্যাধি ব্যাঘ্র সর্প ভয়।
একো উপসর্গ নুপজে তয়।।
দিনেক মণি খুজিলন্ত হৰি।
নিদিলা সত্রাজিতে গহ কৰি।। ১১
প্রসেন নামে তাৰ ভ্ৰাতৃ আছে।
কণ্ঠত মণিক পিন্ধিয়া পাছে।।
ঘােড়াত চড়ি মহাৰঙ্গ মনে।
মৃগক মাৰি ফুৰে বিজু বনে।। ১২
দেখি সিংহে তাক নখে বিদাৰি।
ঘােড়ায়ে সহিতে পেলাইলা মাৰি।।
কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
চড়িলা গিৰি শৃঙ্গে সিংহ গই।। ১৩
দেখি জাম্বৱন্ত বীৰ বীড়িঙ্গ।
লৈলন্ত মণিক মাৰিয়া সিংহ।।
স্যমন্তক মণি গৰ্ত্তক নিলা।
উমলাইবে লাগি শিশুক দিলা।। ১৪
বিচিত্র মণিগােট ধৰি ধাই।
বাটত শিশু ফুৰে উমলাই।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বােলা হৰি হৰি সমস্ত নৰে।। ১৫
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ বনমালী জগমােহন ৰাম।সুখে দুখে মুখে যােনাে ছাড়াে ৰাম নাম।। ৩
পদঃ ভ্রাতৃক নেদেখি অনন্তৰে সত্রাজিত।
মহাশােকে ক্রন্দন কৰিল বিপৰীত।।
স্যমন্তক পিন্ধি গৈল বনক ভৈয়াই।
জানিলাে মাৰিলা কৃষ্ণে নিৰ্জ্জনত পাই।। ১৬
খুজি নাপাই ভাইক মাৰি কৃষ্ণে নিল মণি।
শুনি সৰ্ব্বলােকে আকে কৰে কণা কণি।।
বেকত নকৰে কেহাে মাধৱক ডৰে।
পাইলেক কলঙ্ক মােক জানি দামােদৰে।। ১৭
কিমতে দুর্যশ গুচো গুণি ভগৱন্ত।
লগে লৈয়া নগৰীৰ সেনা অপৰ্য্যন্ত।।
প্রসেনৰ পথে চলি যান্ত বনমালী।
প্ৰৱন্ধে ঘােড়াৰ সিটো খােজক নিহালি।। ১৮
কতাে দূৰে গৈয়া পাছে দেখিল মহীত।
প্রসেন পড়িয়া আছে ঘােড়ায়ে সহিত।।
সিংহে মাৰি মণি নিলে জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খােজক নিহালি।। ১৯
মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি।
জানিলাে ভালুকে মণি নিলে আঙ্ক মাৰি।।
দেখি সৰ্ব্বজন ভৈল মনত নিঃশঙ্ক।
মিছাতে পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক।। ২০
খােজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘােৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি।।
দেখি সৱে সেনাগণ বাহিৰত থই।
একেশ্বৰে গৱেঁ কৃষ্ণ প্রৱেশিলা গই।। ২১
তথাত মণিক কৃষ্ণে দেখিল পাছে।
হাতে লৈয়া ধাই শিশু উমলন্তে আছে।।
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ গেড়ি দিলা।। ২২
কোথাৰ মনুষ্যগােটে মণি নেয় হৰি।
আৱে ঋক্ষৰাজ লাগ লােৱা ঝান্ট কৰি।।
এহি বুলি ধাই আতি কৰে আৰ্তনাদ।
বােল হৰি হৰি ছাড়া বিষয় বিষাদ।। ২৩
শুনি সৰ্ব্বলােকে আকে কৰে কণা কণি।।
বেকত নকৰে কেহাে মাধৱক ডৰে।
পাইলেক কলঙ্ক মােক জানি দামােদৰে।। ১৭
কিমতে দুর্যশ গুচো গুণি ভগৱন্ত।
লগে লৈয়া নগৰীৰ সেনা অপৰ্য্যন্ত।।
প্রসেনৰ পথে চলি যান্ত বনমালী।
প্ৰৱন্ধে ঘােড়াৰ সিটো খােজক নিহালি।। ১৮
কতাে দূৰে গৈয়া পাছে দেখিল মহীত।
প্রসেন পড়িয়া আছে ঘােড়ায়ে সহিত।।
সিংহে মাৰি মণি নিলে জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খােজক নিহালি।। ১৯
মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি।
জানিলাে ভালুকে মণি নিলে আঙ্ক মাৰি।।
দেখি সৰ্ব্বজন ভৈল মনত নিঃশঙ্ক।
মিছাতে পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক।। ২০
খােজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘােৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি।।
দেখি সৱে সেনাগণ বাহিৰত থই।
একেশ্বৰে গৱেঁ কৃষ্ণ প্রৱেশিলা গই।। ২১
তথাত মণিক কৃষ্ণে দেখিল পাছে।
হাতে লৈয়া ধাই শিশু উমলন্তে আছে।।
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ গেড়ি দিলা।। ২২
কোথাৰ মনুষ্যগােটে মণি নেয় হৰি।
আৱে ঋক্ষৰাজ লাগ লােৱা ঝান্ট কৰি।।
এহি বুলি ধাই আতি কৰে আৰ্তনাদ।
বােল হৰি হৰি ছাড়া বিষয় বিষাদ।। ২৩
।। চতুর্থ কীৰ্ত্তন।।
ঘোষাঃ ৰাম কৃষ্ণ গােপাল।ত্রাহি হৰি কৃপাল।। ৪
পদঃ হেন শুনি জাম্বৱন্ত।
ধাইলা মহা বলৱন্ত।।
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে।। ২৪
সামান্য মনুষ্য বুলি।
মহাক্রোধে গৈলা জ্বলি।।
নজানি প্ৰভাৱ আতি।
লগাইলেক হতাহতি।। ২৫
দুয়াে হুয়া মহাকুদ্ধ।
লগাইলেক ঘােৰ যুদ্ধ।।
দুয়াে মাতঙ্গৰ লীলা।
বৰিষে পৰ্ব্বত শিলা।। ২৬
কতাে বেলি হানে গাছ।
কতাে কোপে চাপি কাছ।।
যুঁজিলন্ত মাল বান্ধে।
ধৰি ভৰি ভৰি ছান্দে।। ২৭
দুইকো দুইৰাে নাহি তুষ্টি।
হানে বজ্ৰ সম মুষ্টি।।
মাংসৰ কাৰণে যেন।
যুঁজন্ত দুইগােটা শেন।। ২৮
কেহাে বলে নুহি ক্ষীণ।
যুজন্ত আঠাইশ দিন।।
কৃষ্ণৰ প্ৰহাৰ পাই।
পাছে মহা ঋক্ষৰায়।। ২৯
শ্ৰান্ত ভৈলা মহা দুখে।
নিশ্বাস বজাইলা মুখে।।
ভাগে যেন কটি কান্ধ।
শৰীৰৰ ছিণ্ডে বান্ধ।। ৩০
গােড়ে ঘাম যায় বহি।
ক্ষেণেকে তম্ভিলা ৰহি।।
সমস্ত সমাজে ঢাকি।।
হৰি হৰি বােলা ডাকি।। ৩১
নিশ্বাস বজাইলা মুখে।।
ভাগে যেন কটি কান্ধ।
শৰীৰৰ ছিণ্ডে বান্ধ।। ৩০
গােড়ে ঘাম যায় বহি।
ক্ষেণেকে তম্ভিলা ৰহি।।
সমস্ত সমাজে ঢাকি।।
হৰি হৰি বােলা ডাকি।। ৩১
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি দেৱ দামােদৰ যাদৱানন্দদীন দায়াশীল স্বামী।
কৰাহা নিস্তাৰ তােমাৰ চৰণে
শৰণ পশিললা আমি ৷ ৷ ৫
পদঃ কৃষ্ণৰ বিক্রম দেখি ঋক্ষৰাজ
পৰম বিস্ময় মনে।
স্বামী হেন জানি বুলিৰে লাগিল
প্রণামি কৃষ্ণ চৰণে।।
জানিলাে তােমাক জগত ঈশ্বৰ
তুমি সনাতন হৰি।
সমস্ত ভূতৰ তুমি প্রাণ বল
জগতকে আছা ধৰি।। ৩২
স্রষ্টাৰাে স্রষ্টা তুমি সৰ্ব্বদ্রষ্টা
উদ্ধাৰি ধৰিলা ভূমি।
জীৱৰ নিয়ন্তা পৰম আতমা
মৃত্যুৰাে অন্তক তুমি।।
জানিলাে তুমিসে সেহি ৰঘুনাথ
যিটো ইষ্টদেৱ মােৰ।
সীতাৰ সন্তাপে জগতৰ বাপে
কৰিলা প্রয়াণ ঘােৰ।। ৩৩
যাৰ মহাক্রোধে কটাক্ষতে গ্রাহে
সাগৰে কল্লোল কৰে।
লঙ্কাক লাগিয়া মাজে বাট দিলা
জীৱৰ নিয়ন্তা পৰম আতমা
মৃত্যুৰাে অন্তক তুমি।।
জানিলাে তুমিসে সেহি ৰঘুনাথ
যিটো ইষ্টদেৱ মােৰ।
সীতাৰ সন্তাপে জগতৰ বাপে
কৰিলা প্রয়াণ ঘােৰ।। ৩৩
যাৰ মহাক্রোধে কটাক্ষতে গ্রাহে
সাগৰে কল্লোল কৰে।
লঙ্কাক লাগিয়া মাজে বাট দিলা
উৰিয়া আতি সাগৰে।।
জানকীৰ হেতু বান্ধিলাহা সেতু
দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ কাটিলাহা নাথ
আনিলা সীতা উদ্ধাৰি।। ৩৪
আগে নিচিনিলাে এৱেসে জানিলাে
দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ কাটিলাহা নাথ
আনিলা সীতা উদ্ধাৰি।। ৩৪
আগে নিচিনিলাে এৱেসে জানিলাে
তেন্তে তুমি ছিৰীৰাম।
অজ্ঞানীক মােক প্রভু ক্ষমিয়ােক
চৰণে কৰাে প্ৰণাম।।
এতেকে বুলিয়া নমি জাম্বৱন্তে
আছে কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্বৰ্জন নেড়ি কীৰ্ত্তন
ডাকি বােলা হৰি হৰি।। ৩৫
অজ্ঞানীক মােক প্রভু ক্ষমিয়ােক
চৰণে কৰাে প্ৰণাম।।
এতেকে বুলিয়া নমি জাম্বৱন্তে
আছে কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্বৰ্জন নেড়ি কীৰ্ত্তন
ডাকি বােলা হৰি হৰি।। ৩৫
৷ ৷ ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ হৰিৰ চৰণ চিন্তিয়াে চিত্ত হৃদয়ে সৰ্ব্বথা।মুখে ৰাম বােলা কর্ণে শুনা কৃষ্ণকথা।। ৬
পদঃ হেন স্তুতি বাণী শুনি দৈৱকী তনয়।
চাইলা দায়া দৃষ্টি ভকতক কৃপাময়।।
মৰ্জ্জিলা অমৃত হাতে সমস্তে শৰীৰ।
ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ।। ৩৬
মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান।
মণি হেতু ঋক্ষৰাজ আইলাে তযু স্থান।।
তুমি আনি আছা মহামণি স্যমন্তক।
মিছাত সমস্তে দেয় কলঙ্ক আমাক।। ৩৭ |
পৰম ভকত তুমি জানােহাে তােমাক।
দিয়া মণি মােক মই নেও দ্বাৰকাক।।
গুচোক দুর্যশ দেখাও লােকত প্রত্যয়।
শুনি আনন্দিত জাম্বৱন্ত মহাশয়।। ৩৮
তান কন্যাৰত্ন আছে নামে জাম্বৱন্তী।
কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি।
লগত যৌতুক আনি দিলন্ত স্যমন্ত।
পৰম আনন্দ দেখি ভৈলা ভগৱন্ত।। ৩৯
গৰ্ত্তৰ বাজত যত প্রজা আছে বহি।
কৃষক চাহন্তে বাৰ দিন গৈল বহি।।
নাসিবাৰ দেখি ভৈল পৰম দুখিত।
নিৱৰ্ত্তিয়া জান দিলা দ্বাৰকাপুৰীত।। ৪০
গর্তত পশিলা মণি হেতু যদুৰাই।
বাৰদিন তথাতে আছিলাে বাট চাই।।
উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ।
বােলা হৰি হৰি তৰা সংসাৰ সাগৰ।। ৪১
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি যদুনন্দন দেৱ।পাৱে পৰি মই কৰৰ সেৱ।। ৭
পদঃ বসুদেৱে হেন শুনি।
তবধ ভৈলন্ত গুণি।।
ৰুক্মিণী মূৰ্চ্চিতা আতি।
কান্দন্ত দৈৱকী সতী।। ৪২
শােকে যায় প্রাণ ফুটি।
ভূমিত পাৰন্ত লুটি।।
পুত্র হৰুৱাও যেনাে।
শ্যামল সুন্দৰ তনু।। ৪৩
পীত বস্ত্রে শােভে কায় ।
মেঘত বিজুলী প্রায়।।
মুখ চন্দ্রো নুহি সৰি।
কমল লােচন হৰি।। ৪৪
কর্ণত কুণ্ডল দোলে।
বনমালা জ্বলে গলে।।
ভ্ৰমৰে নছাড়ে লােভে।
শিৰত কিৰীটি শােভে।। ৪৫
কণ্ঠত কৌস্তুভ মণি।
প্রভাতৰ সূৰ্য্য জিনি ৷ ৷
একো অঙ্গে নুহি ৰুজ।
আজানু লম্বিত ভূজ।। ৪৬
কেয়ূৰ কঙ্কণে ৰঞ্জে।
পাদ পঙ্কজক গঞ্জে।।
ৰত্নৰ নূপুৰ বাজে।
মেখলা কটিৰ মাজে।। ৪৭
কৌটি কন্দর্পক জিনি।
প্রকাশন্ত যদুমণি।।
হেন কৃষ্ণ মােৰ বাপ।
এড়াও কৈত তান তাপ।। ৪৮
যতেক বান্ধৱ জ্ঞাতি।
কৰন্ত বিলাপ আতি।।
সমস্তে নগৰী লােকে।
কৰন্ত বিলাপ শােকে ৷ ৷ ৪৯
সত্রাজিত ধূমকেতু।
তএিসে নাশৰ হেতু।।
নাৰীগণে পাৰে গালি।
সত্রাজিত পুত্র খাইলি।। ৫০
কৃষ্ণক কলঙ্ক দিয়া।
এভো পাপী আছ জীয়া।।
ভূমিত পাৰন্ত লুটি।।
পুত্র হৰুৱাও যেনাে।
শ্যামল সুন্দৰ তনু।। ৪৩
পীত বস্ত্রে শােভে কায় ।
মেঘত বিজুলী প্রায়।।
মুখ চন্দ্রো নুহি সৰি।
কমল লােচন হৰি।। ৪৪
কর্ণত কুণ্ডল দোলে।
বনমালা জ্বলে গলে।।
ভ্ৰমৰে নছাড়ে লােভে।
শিৰত কিৰীটি শােভে।। ৪৫
কণ্ঠত কৌস্তুভ মণি।
প্রভাতৰ সূৰ্য্য জিনি ৷ ৷
একো অঙ্গে নুহি ৰুজ।
আজানু লম্বিত ভূজ।। ৪৬
কেয়ূৰ কঙ্কণে ৰঞ্জে।
পাদ পঙ্কজক গঞ্জে।।
ৰত্নৰ নূপুৰ বাজে।
মেখলা কটিৰ মাজে।। ৪৭
কৌটি কন্দর্পক জিনি।
প্রকাশন্ত যদুমণি।।
হেন কৃষ্ণ মােৰ বাপ।
এড়াও কৈত তান তাপ।। ৪৮
যতেক বান্ধৱ জ্ঞাতি।
কৰন্ত বিলাপ আতি।।
সমস্তে নগৰী লােকে।
কৰন্ত বিলাপ শােকে ৷ ৷ ৪৯
সত্রাজিত ধূমকেতু।
তএিসে নাশৰ হেতু।।
নাৰীগণে পাৰে গালি।
সত্রাজিত পুত্র খাইলি।। ৫০
কৃষ্ণক কলঙ্ক দিয়া।
এভো পাপী আছ জীয়া।।
দ্বাৰকা পুৰক ছানি।
কৰে হাহাকাৰ ধ্বনি।। ৫১
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়ােক সৰ্ব্বজনে।।
কৃষৰ কীৰ্ত্তন কৰি।
ডাকি বােলা হৰি হৰি।। ৫২
কৰে হাহাকাৰ ধ্বনি।। ৫১
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়ােক সৰ্ব্বজনে।।
কৃষৰ কীৰ্ত্তন কৰি।
ডাকি বােলা হৰি হৰি।। ৫২
।। অষ্টম কীৰ্ত্তন।।
ঘােষাঃ ও হৰি দীনদয়াল।গােপাল পালিয়া নিয়া।
তােমাৰ নাম মুখে মুখে ফুৰো লৈয়া
তােমাৰ চৰণ চিন্তোক হিয়া।। ৮
পদঃ পাছে যদুবংশ যতেক আছে।
কৃষ্ণ আসন্তোক মনত বাঞ্ছে ।।
যাৰ যেন শক্য পাৰিল মানে।
পূজিলা দুর্গাক বলি বিধানে।। ৫৩
মাৱক আৰাধি সাধন্ত বৰ।
সত্বৰে আসন্তোক দামােদৰ।
পঢ়ি স্তুতি স্তোত্র কৰে মঙ্গল।
সিটো আশীৰ্ব্বাদ ভৈল সাম্ফল।। ৫৪
ভাৰ্য্যায়ে সহিতে আসিলা হৰি।
গ্রীবাত স্যমন্ত মণিক ধৰি।।
দেখন্ত সৱে আইল যদুৰাই।
মৰি উপজিলা যেন দুনাই।। ৫৫
লগতে কন্যাক আসিলা লই।
সমস্ত সুহৃদে বেঢ়িলা গই।।
পৰম ৰঙ্গে কৰে শুভ শুভ।
শিৰত সিঞ্চিলা অক্ষত দূর্ব।। ৫৬
পাছে দিব্য সভা মাধৱে পাতি।
অনাইলন্ত সত্রাজিতক মাতি।।
যিমতে মণিক পাইলন্ত তথা।
ৰাজ সমাজত কহিলা কথা।। ৫৭
সাক্ষী কৰি কৃষ্ণে সৱে সভাতে।
দিলা মণি সত্রাজিতৰ হাতে।।
হাতত মণি লৈয়া সত্রাজিত।
ভৈলন্ত লাজ আতি বিপৰীত।। ৫৮
কৰে অনুতাপ মন আসুখে।
গৃহক লাগি গৈল আধােমুখে।।
আপুনি কৃষ্ণক বিৰােধ কৰি।
ৰাত্রি দিনে চিন্তে নিদ্ৰাক এৰি।। ৫৯
মঞি মহামূঢ় পাপী নৃশংস।
মিছাতে কৃষ্ণক দিলাে কলঙ্ক।।
কিমতে এড়াইবাে লােকৰ তাপ।
কেনে তুষ্ট হােন্ত জগত বাপ।। ৬০
কিমতে কৃষ্ণৰ ৰঞ্জিবাে চিত্ত।
গুণন্ত এহি বুলি সত্রাজিত।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বােলা সমস্ত নৰে ৷ ৷ ৬১
গ্রীবাত স্যমন্ত মণিক ধৰি।।
দেখন্ত সৱে আইল যদুৰাই।
মৰি উপজিলা যেন দুনাই।। ৫৫
লগতে কন্যাক আসিলা লই।
সমস্ত সুহৃদে বেঢ়িলা গই।।
পৰম ৰঙ্গে কৰে শুভ শুভ।
শিৰত সিঞ্চিলা অক্ষত দূর্ব।। ৫৬
পাছে দিব্য সভা মাধৱে পাতি।
অনাইলন্ত সত্রাজিতক মাতি।।
যিমতে মণিক পাইলন্ত তথা।
ৰাজ সমাজত কহিলা কথা।। ৫৭
সাক্ষী কৰি কৃষ্ণে সৱে সভাতে।
দিলা মণি সত্রাজিতৰ হাতে।।
হাতত মণি লৈয়া সত্রাজিত।
ভৈলন্ত লাজ আতি বিপৰীত।। ৫৮
কৰে অনুতাপ মন আসুখে।
গৃহক লাগি গৈল আধােমুখে।।
আপুনি কৃষ্ণক বিৰােধ কৰি।
ৰাত্রি দিনে চিন্তে নিদ্ৰাক এৰি।। ৫৯
মঞি মহামূঢ় পাপী নৃশংস।
মিছাতে কৃষ্ণক দিলাে কলঙ্ক।।
কিমতে এড়াইবাে লােকৰ তাপ।
কেনে তুষ্ট হােন্ত জগত বাপ।। ৬০
কিমতে কৃষ্ণৰ ৰঞ্জিবাে চিত্ত।
গুণন্ত এহি বুলি সত্রাজিত।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বােলা সমস্ত নৰে ৷ ৷ ৬১
।। নৱম কীৰ্ত্তন।।
ঘােষাঃ হৰি ৰাম ৰাম ৰাম ৰাম হৰি।ডাকিয়া ঘােষিয়াে শীঘ্ৰ কৰি।।৯
পদঃ দেও কন্যা বিবাহ কৃষ্ণক।
দিবাে মণি স্যমন্ত যৌতুক।।
তেৱেসে সন্তুষ্ট হােন্ত হৰি।
নেদেখাে উপায় আত কৰি।। ৬২
হেন মনে নিয়ম কৰিয়া।
মণি সমে কন্যা দিলে নিয়া।।
পায়া সত্যভামাক অচ্যুতে।
কৰিলা বিবাহ বিধিমতে।। ৬৩
ৰূপে গুণে জগততে ধন্যা।
খুজিলে অনেকে সিটো কন্যা।।
কাহাকো নেদিল সত্রজিত।
কৃষ্ণে পাই ভৈল কৃতকৃত্য।। ৬৪
শশুৰক বুলিলা বচন।
নাহিকে মণিত প্রয়ােজন।।
তােমাতে থাকোক স্যমন্তক।
তুমি সত্রজিত অপুত্রক।। ৬৫
তােমাৰ সৰ্ব্বস্ব সৱে মােৰ।
নিয়া মণি এড়া চিন্তা ঘােৰ।।
শুনি সত্রজিত ৰঙ্গ ভৈলা।
স্যমন্তক লৈয়া ঘৰে গৈলা।। ৬৬
অনন্তৰে জগতৰে নাহ।
কৰি সত্যভামাক বিবাহ।।
ক্রীড়িলা আনন্দে নাৰায়ণ।
যিটো শুনে স্যমন্ত হৰণ।। ৬৭
এড়ায় কলঙ্ক মহা পাপ।
দূৰে যায় সংসাৰৰ তাপ।।
হােৱে সিদ্ধি মনৰ বাঞ্ছিত।
জানি শুনা কৃষ্ণৰ চৰিত।। ৬৮
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।
কীৰ্ত্তন নেড়িবা একো নৰে।।
আত পৰে নাহিকে উপায়।
বেদৰ এহিসে অভিপ্রায়।। ৬৯
মায়াময় পুত্র দাৰা গেহ।
কেতিক্ষণে পড়ে ইটো দেহ।।
আক নেদেখয় কিনাে অন্ধ।
বিষয়ৰ তথাপি প্ৰৱন্ধ।। ৭০
আন চিন্তা সৱে পৰিহৰা।
মিছা মােৰ মােৰ বুলি মৰা।।
অন্তকে কেশত আছে ধৰি।
জানি ডাকি বােলা হৰি হৰি।। ৭১
শুনি সত্রজিত ৰঙ্গ ভৈলা।
স্যমন্তক লৈয়া ঘৰে গৈলা।। ৬৬
অনন্তৰে জগতৰে নাহ।
কৰি সত্যভামাক বিবাহ।।
ক্রীড়িলা আনন্দে নাৰায়ণ।
যিটো শুনে স্যমন্ত হৰণ।। ৬৭
এড়ায় কলঙ্ক মহা পাপ।
দূৰে যায় সংসাৰৰ তাপ।।
হােৱে সিদ্ধি মনৰ বাঞ্ছিত।
জানি শুনা কৃষ্ণৰ চৰিত।। ৬৮
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।
কীৰ্ত্তন নেড়িবা একো নৰে।।
আত পৰে নাহিকে উপায়।
বেদৰ এহিসে অভিপ্রায়।। ৬৯
মায়াময় পুত্র দাৰা গেহ।
কেতিক্ষণে পড়ে ইটো দেহ।।
আক নেদেখয় কিনাে অন্ধ।
বিষয়ৰ তথাপি প্ৰৱন্ধ।। ৭০
আন চিন্তা সৱে পৰিহৰা।
মিছা মােৰ মােৰ বুলি মৰা।।
অন্তকে কেশত আছে ধৰি।
জানি ডাকি বােলা হৰি হৰি।। ৭১
।। স্যমন্তক হৰণ সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.