কীৰ্ত্তন ঘােষা
কুঁজীৰ বাঞ্ছা পূৰণ
ঘােষাঃ ভকত বান্ধৱ মাধৱ ৰাম
তুমি অগতিৰ গতি।
ছাৰে যােনো মােৰ মুখে নাৰায়ণ
তােমাৰ চৰণে ৰতি।। ১
পদঃ শুক নিগদতি শুনা কুৰুপতি
কৃষ্ণৰ মনুষ্য লীলা।
গােপিকাক শান্ত কৰি মথুৰাক
উদ্ধৱ যেৱে আসিলা।।
মদনে দগধ সৈৰিন্ধ্রীক জানি
পাছে হৰি অন্তৰ্য্যামী।
উদ্ধৱ সহিতে তাইৰ মন্দিৰক
লড়িলা জগত স্বামী।। ১
সৈৰিন্ধীৰ সিটো বিচিত্র মন্দিৰ
সূৰ্য্য যেন কৰে কান্তি।
সুৱৰ্ণ আসনে ৰঞ্জিত ভাজনে
প্রকাশে প্রদীপ পান্তি।।
সুৱৰ্ণ খাটত বিছাই হংস তুলি
পুষ্প সিঞ্চি আছে ছানি।
মুকুতা মুৰালি থােপা আৰি চাৰু
চন্দ্ৰতাপ আছে টানি।। ২
মলয় চন্দন সুগন্ধিত ঘ্রাণ
মালতী চম্পা শিৰীষ।
অগৰু ধূপৰ ধূম্রে আমােদিত
বাসয় দিশ বিদিশ।।
চৌপাশে পুতলা লিখিছে বাৰত
কৰন্তে আছে সুৰত।
যাক দেখি হােৱে কামী পুৰুষৰ
কামে চিত্ত উনমত্ত।। ৩
হেন মন্দিৰৰ মধ্যত সুন্দৰী
বসিয়া আছে আসনে।
চৌপাশে বেঢ়িয়া সেৱা কৰি আছে
সালঙ্কৃতা দাসী গণে।।
কৃষ্ণকেসে মনে চিন্তি আছে আতি
কেতিক্ষণে পাইবাে বুলি।
সেহিবেলা আসি মাধৱাে মিলিল
দেখিলেক মাথা তুলি।। ৪
উল্লাসি উৎসৱে উঠি বাঢ়ি গৈল
সখীগণ লৈয়া সঙ্গে।
আসনে বৈসাই সাদৰে কৃষ্ণক
পূজিল যুৱতী ৰঙ্গে।।
উদ্ধৱক আতি সৎকাৰ কৰি
আসন দিলা বঢ়াই।
আসনক মান্য কৰি হাতে দিয়া
বসিল মাটিতে যাই।। ৫
মনুষ্য চেষ্টাক দেখাই কৃষ্ণে পাছে
শয্যাত ভৈলা প্রৱেশ।
সৈৰন্ধ্ৰীও আনি দিব্য অলঙ্কাৰ
পিন্ধিল বস্ত্র বিশেষ।।
মধুপিয়া গন্ধে চন্দনে কুঙ্কুমে
ভূষিত কৰিয়া লাস।
কৰ্পূৰ তাম্বুল ভুঞ্জি অনুৰাগে
চাপিলা কৃষ্ণৰ পাশ।। ৬
কটাক্ষ ছটায়ে কৃষ্ণক চাহিয়া
হাসিয়া লাজে নমাতে।
আইস বুলি কৃষ্ণে কঙ্কণে ভূষিত
কৰত ধৰিলা হাতে।।
শয্যাক আনিয়া আশেষ ক্ৰীড়িলা
কৃষ্ণে পূৰি তাইৰ মতি।
চন্দন অর্পণ পুণ্যেসে পাইলন্ত
ঈশ্বৰ কৃষ্ণক পতি।। ৭
কৃষৰ চৰণ ধৰি ঘনে ঘন
শুঙ্গয় এড়িয়া ক্রীড়া।
হৃদয় স্তনক চক্ষুত ঘষিয়া
এড়াইল মদন পীড়া।।
আনন্দ মুৰ্ত্তিক দুই হাতে হিয়াত
আলিঙ্গি ভৈল নিস্পাপ।
মােক্ষলতা অধিক আনন্দ মিলিল
তৰিল সংসাৰ তাপ।। ৮
দুৰ্ল্লভ কৃষ্ণক পতি পাই তাই
আগত কৰে গােচৰ।
দিন কতিপয় থাকা নাথ ঐত
চৰণে কৰাে কাতৰ।।
তযু অঙ্গ সঙ্গ এড়িবে নপাৰাে
আপুনি মুহিলা চিত্ত।
কৃষ্ণে তাইক পাছে সন্মান কৰিয়া
পূৰিলা মন বাঞ্ছিত।। ৯
বস্ত্র অলঙ্কাৰ দিয়া মন তুষি
সৈৰন্ধ্রীক হৰি ৰঙ্গে।
আপােন গৃহক চলি গৈলা পাছে
উদ্ধৱক লৈয়া সঙ্গে।।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
শুনিয়ােক সৱে নৰ।
আতি অল্প সেৱা মাত্ৰতে সন্তোষ
হেনসে কৃষ্ণ ঈশ্বৰ।। ১০
চন্দন অর্পণ বিনে কুবুজাৰ
আন কিছু পুণ্য নাই।
এতেকতে কেনে দেখিয়াে পৰম
প্রসাদ পাইলেক তাই।।
যিটো অণুক্ষণে শ্ৰৱণ কীৰ্ত্তনে
ভজে একচিত্ত কৰি।
তাহাৰ ভাগ্যক কহন নযায়
ডাকি বােলা হৰি হৰি।। ১১
৷ ৷ কুজীৰ বাঞ্ছা-পূৰণ সমাপ্ত ৷ ৷
------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.