কীৰ্ত্তন ঘােষা
অক্ৰূৰৰ বাঞ্ছা পূৰণ
ঘোষাঃ গোপাল কৃপাল পালিয়ো বাপ
পাপ পয়ােধিত মৰাে।
ইজন্মতাে নাথ নভৈল ভকতি
পাতকী কিমতে তৰো।। ১
পদঃ আত অনন্তৰে ৰাম উদ্ধৱক
কৃষ্ণে দুইকো লৈয়া সঙ্গে।
অক্ৰূৰৰ প্রীতি সাধিবাক প্রতি
লড়িলা মনত ৰঙ্গে।।
তিনি নৰােত্তম বান্ধৱ পৰম
আসন্ত দেখি অক্ৰূৰে।
পৰম আনন্দে আলিঙ্গিয়া আগ
বাঢ়িয়া আতি সত্বৰে।। ১
ৰামক কৃষ্ণক পড়ি প্রণামিলা
তাঙ্কো প্রণামিলা দুই।
আসনে বৈসাই তিনিকো অৰ্চ্চিলা
অক্ৰূৰে বিস্ময় হুই।।
দোভাইৰ পাৱক পখালি শিৰত
লৈয়া পাদোদক জল।
গন্ধে পুষ্পে ধূপে পৰম সাদৰে
কৰিলা জন্ম সাল্ফল।। ২
পৰম সাদৰে কৃষ্ণৰ চৰণে
কোলাত লৈয়া ঝান্তিল।
প্রণতি পূৰ্ব্বকে স্তুতি কৰিবাক
অক্ৰূৰে পাছে লাগিল।।
সাধিলা আনন্দ কিনাে নাৰায়ণ
সবান্ধৱে বধি কংস।
দুখৰ উদ্ধাৰ কৰি পুনৰপি
বঢ়াইলা যদু বংশ।। ৩
তােমাৰ ভকতি পথক পাষণ্ডে
কৰয় যেৱে উছন্ন।
সন্তৰ ৰক্ষাৰ হেতু অৱতাৰ
হােৱা তেৱে নাৰায়ণ।।
সম্প্রতি আপুনি বসুদেৱ গৃহে
ৰামে সমে অৱতৰি।।
দুৰ্জ্জন ৰাজাক বধিয়া মাধৱ
উদ্ধাৰিলা বসুন্ধৰী।। ৪
আজি মােৰ গৃহ তীর্থতাে অধিক
পৱিত্ৰ ভৈল অশেষ।
যিহেতু সাক্ষাতে জগতৰ গুৰু
আপুনি ভৈলা প্রৱেশ।।
কোননাে পণ্ডিতে এৰিয়া তােমাক
আনক ভজিবে যায়।
আপােনাকো দিয়া ভকত জনক
জানাে ইটো অভিপ্রায়।। ৫
ভকতেসে প্রভু তােমাৰ বান্ধৱ
দিয়া মনােৰথ সিদ্ধি।
ব্ৰহ্মাৰ দুৰ্ল্লভ তােমাক দেখিলাে
কিনাে সুপ্রসন্ন বিধি।।
সুত বিত্ত দাৰা বিষয় জঞ্জাল
ছিণ্ডা মােৰ মােহজৰী।
তােমাৰ চৰণ নিতান্তে চিন্তিয়া
ফুৰা কৃপা কৰা হৰি।। ৬
অনেক ভকতি কৰিলন্ত স্তুতি
নয়নৰ পৰে পানী।
অক্ৰূৰৰ মন মুহি হৰি পাছে
হাসিয়া বুলিলা বাণী।।
তুমি গুৰু পিতৃ সুহৃদ আন্ধাৰ
আমি তযু পুত্ৰচয়।
ৰক্ষণ পােষণ কৰিবা সদায়
আমাত হুয়া সদয়।। ৭
যত নদী নদ সিও তীর্থ হয়
শিলাৰ প্রতিমা দেৱ।
তেসম্বে পৱিত্ৰ কৰে যেৱে পুনু
বহু কালে কৰে সেৱ।।
দেখিল মাত্রকে ভকতে পৱিত্র
কৰে লােক নিৰন্তৰ।
দেৱে তীর্থে জানা ভকত জনৰ
অনেক হােৱে অন্তৰ।। ৮
হেনয় পৰম বন্ধুজন তুমি
সুহৃদতে সাৰতৰ।
হস্তিনা পুৰৰ পৰা পাণ্ডৱৰ
বাৰ্ত্তাক আনা সত্বৰ।।
মৰিলন্ত পাণ্ডু পঞ্চ পুত্র সমে
কুন্তী ভৈল দুখভাগী।
ধৃতৰাষ্ট্রে বােলে আনিল শুনিলাে
হস্তিনা পুৰক লাগি।। ৯
পাণ্ডৱক পুনু হিংসা কৰে ৰাজা
আপােন পুত্র নিদান।
যেন ভাল মন্দ জানি আসা খুড়া
সাধিবাে মই কল্যাণ।।
অক্ৰূৰক হেন প্রবােধ বুলিয়া
প্রণয়ে ৰঞ্জিয়া চিত্ত।
আপােন গৃহক চলি গৈলা পাছে
উদ্ধৱ ৰাম সহিত।। ১০
তাহান চৰণে ভকতি কৰিলে
সিজিবে সমস্ত কাম।
হৰিসে পৰম বান্ধৱ জানিয়া
লৈয়াে সদা তান নাম।।
শুনা সৰ্ব্বজন কেদিন জীৱন
তথাপি নুগুণা মনে।
হেন জানি কৃষ্ণ চৰণে শৰণ
লৈয়াে অকপট মনে।। ১১
তান্ত বিনে আন ব্রহ্মাণ্ড মধ্যত
তাৰন্তা নাহিকে কেৱ।
জানি তান সদা গুণ নাম গায়া
কৃষ্ণক কৰিয়াে সেৱ।।
কৃষ্ণৰ কিঙ্কৰে কহয় শঙ্কৰে
নেড়িবা মুখত নাম।
আলজাল এড়ি সমজ্যায়ে বেঢ়ি
ডাকি বােলা ৰাম ৰাম।। ১২
৷ ৷ অক্ৰূৰৰ বাঞ্ছা পূৰণ সমাপ্ত ৷ ৷
----------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.