ঘুনুচা কীৰ্ত্তন
।। প্রথম কীৰ্ত্তন।।
পদঃ নমাে দেৱ হৰি চিত্ত স্থিৰ কৰি
কায় বাক্যে সমুদায়।
যাৰ পাদ দুই চিন্তি সুখী হুই
সংসাৰ বন্ধ এড়ায়।।
হেন কৃষ্ণ পাৱে অৱনতভাৱে
প্রণামােহে বাৰ শত।
কৃষ্ণৰ বিজয় যাত্রা মহােৎসৱ
বিৰচিবাে প্রথমত।। ১
আষাঢ় মাসৰ শুক্লা তৃতীয়াত
শুভক্ষণ বেলা পাই।
দৌল ছাড়ি হৰি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়।।
দুই দণ্ড নিশা আছন্তে যাদৱ
বাজ ভৈল দৌল ছাড়ি।
দশােদিশ ছানি সর্বলােকে জানি
দিল নিসানত বাড়ি।। ২
কতাে ধৰা ধৰি মাতা মাতি কৰি
হুই সৱে একথান।
নানা যন্ত্র ধৰি উৎসুকে লৰিলা
কৃষ্ণৰ ধৰি যােগান।।
যতেক পৰিচা পাণ্ডাসৱ আছে
আনাে যত নৰ নাৰী।
যাত্রা সুমঙ্গল কৰিয়া আনন্দে
চলে লাস বেশ কৰি।। ৩
ঘােষাঃ জগন্নাথ হৰি নিয়াে দাস কৰি।। ২
পদঃ এহিমতে জগন্নাথ যায় দৌল ছাড়ি।
কৌতুকতে চলি যান্ত ঘুনুচাৰ বাড়ী।।
গােপগণে শকট আজুৰি নেই বলে।
কীৰ্ত্তন কৰিয়া যায় পৰিচাসকলে।। ১৭
উৎসৱ কৰিয়া যায় পাণ্ডা নিৰন্তৰ।
আত অনন্তৰে প্রভু জগত ঈশ্বৰ।।
বেলা ভৈল প্রহৰেক দেখি দেৱ হৰি।
লাগি গৈল ক্ষুধা তনু কাম্পে তৰতৰি।। ১৮
ৰহিল শকটখান আগক নচলে।
শৰীৰৰ বল দিয়া আজোৰে গােৱালে।।
মনে জিজ্ঞাসিয়া পাছে পৰিচাসকল।
জানিলেক ফলাহাৰ বেলা আসি ভৈল ৷ ৷ ১৯
অনন্তৰে দধি দুগ্ধ ঘন ক্ষীৰ ঘৃত।
দিব্য পদ্ম চিনি চিৰা গুৰ পঞ্চামৃত।।
আনাে নানা ভােগ্য বস্তু আন উপহাৰ।
আনন্দে কৃষ্ণক কৰাইলন্ত ফলাহাৰ।। ২০
সুৱৰ্ণ ভৃঙ্গাৰ ধৰি মুখ পখালিল।
কৰ্পূৰ তাম্বুল আনি মুখশুদ্ধি দিল।।
যেন ইও সংসাৰত পাৰ।। ৩
পদঃ এহি মতে ৰঙ্গে ঢঙ্গে ঘুনুচা নাৰীৰ সঙ্গে
আনন্দে আছন্ত যদুৰায়।
ছয় দিন বহি গৈল ৰজনী প্রভাত ভৈল
নাসিলন্ত যাদৱ দুনাই।।
হেন দেখি লক্ষ্মী মাৱ মনে কৰি ক্রোধ ভাৱ
আদেশিলা পৰিচাসৱক।
সাজিয়াে শকটখান কালি পুহা বিদ্যমান
যাইবাে মই কৃষ্ণৰ পাশক।। ৪৮
যাইবাে যাদৱৰ পাশে আউৰ ঐক আসে নাসে
আষাৰে মই পুছি চাও।
ঘুনুচা মাৱৰ ঠাই ৰৌক ৰঙ্গে দামােদৰে
মই লােক দুর্যশ এড়াও।।
এহিমতে লক্ষ্মী মাৱে মনত বৈৰাগ্যভাৱে
পৰিচাসৱক আদেশিলা।
শুনিয়া পৰিচাসৱে পৰম আনন্দভাৱে
ঝান্টে গৈয়া শকট যুড়িলা।। ৪৯
লৱৰা লৱৰি কৰি সাতে পাঞ্চে হাতে ধৰি
সাজিলন্ত শকট ত্বৰিত।
ভােজনৰ বস্তু মানে থৈলা সৱে থানে থানে
দধি দুগ্ধ গুড় পঞ্চামৃত।।
ৰজনী প্রসন্ন ভৈলা সাঞ্জ কোবাইবাক লৈল
পূবে ভৈল অৰুণ উদয়।
পৰিচাসকলে জানি শকট যােগাইলা আনি
কাচ পাৰ কৰি আতিশয়।। ৫০
হেন দেখি লক্ষ্মী সতী কাচ পাৰ কৰি আতি
শকটত চড়ি তাৱক্ষণ।
এতিক্ষণে ৰাজবাটে শকট চলােক ঝাণ্টে
পৰিচাক বুলিলা বচন।।
আছে মােৰ যত লােক কেহাে ঐত নাথাকোক
আসন্তোক সঙ্গতে আমাৰ।
ঘুনুচা নগৰে আজি সমদলে যাইবাে সাজি
নগৰক কৰিবা উবাৰ।। ৫১
শুনিয়া পৰিচাগণে পৰম আনন্দ মনে
শকট চলাইলা সেহি ছেগে।
চলিলন্ত লক্ষ্মী আই কিঞ্চিতেকো শঙ্কা নাই
বলাইলা শকট বায়ু বেগে।।
ৰঙ্গ কৰি ঠাৱে ঠাৱে ঢাক ঢােল ভেৰী বাৱে
ৰঙ্গে কতাে নচুৱাৱৈ গাউল।। ৫২
হেৰা পাইলাে পাইলাে বুলি কৰি যায় হুলহুলি
সৰ্ব্বলােকে পৰম আটোপে।
অনন্তৰে লক্ষ্মী আই পৰিচাসৱক চাই
মাতিলন্ত মাধৱত কোপে।
দেখা দেখা সৰ্ব্বজনে বিচাৰ কৰিয়া মনে
কিনাে দোষ দিবাহা আহ্মাৰ।
একগােটা তিৰী পাই ভােল ভৈলা যদুৰায়
এৰিলেক ঘৰ আপুনাৰ।। ৫৩
যােড়শ বৎসৰ মানে ভাৰ্য্যা নপাই একোথানে
ফুৰিল বলা ভাত খাই।
উপায় কৰিয়া পাছে আসি যাদৱৰ কাছে
মই পুনঃ ধৰিলাে চপাই।।
মই বিনে ভিঠি নাই তথাপিতাে যদুৰায়
মােক ভাল মনত নমানি।
টেটোন যুৱাৰ নয় আৱে মােক নােসােধয়
পাইল ভাৰ্য্যা নাগেৰী ডাকিনী।। ৫৪
ডাকিনীয়ে তাৱক্ষণে মােহােক ভাণ্ডিয়া মনে
যাদৱক পাইলেক বৈসুধা।
আপুনাৰ দৌল ছাড়ি গৈল মােক পৰিহৰি
মায়েকৰ শুনিলেক বাধা।।
যুৱা কাল বহি গৈল বয়সতাে বৃদ্ধ ভৈল
তথাপিতাে তিৰীকেসে মন।
পুনু পুনু দেও হাক নুশুনয় মােক বাক
কিনাে ভৈল লুভীয়া টেটোন।। ৫৫
বেঢ়ি হাসে সামৰাজ তথাপি নাহিকে লাজ
কতনাে সহিবাে আহুকাল।
যাদৱৰ মুখ চাই থাকো বান্দী ভাত খাই
আত কৰি সেহি বৰ ভাল।।
কিন্তু লােকে হাসিবেক নােসােধয় পৈয়েকক
দম্ভ কৰিলেক তিৰী হুই।
এতেকেসে চলি যাও আসে নাসে পুছি চাও
সতিনীৰ মাথে দেও জুই।। ৫৬
আজি গৈয়া লাগ পাইবাে সতিনীৰ মুণ্ড খাইবাে
কৰিবাে উচিত যাদৱৰ।
এই বুলি যান্ত চলি দণ্ড ছয় ভৈল বেলি
নগৰৰ পাইলন্ত দুৱাৰ।।
শুনিয়ােক সৰ্ব্বলােকে সুখে মােক্ষ সাধিয়ােক
এড়ি সৱে ভাষ ভুষ কাম।।
দুৰ্ঘোৰ সংসাৰ হেলি বৈকুণ্ঠক যাইবা চলি
নিৰন্তৰে বােলা ৰাম ৰাম।। ৫৭
দৌলৰ বজাই ঐ যদুৰায়।। ৪
পদঃ যাদৱাত আতি কোপ আশেষ।
ভৈলন্ত দ্বাৰত লক্ষ্মী প্রৱেশ।।
পৰিচায়ে দিলে বেতৰ বাড়ি।
পলাইলা দ্বাৰী দুৱাৰক ছাড়ি।। ৫৮
শকটক ৰাখি লক্ষ্মী তৈত ৰৈলা।
লগৰ কটক নগৰে গৈলা।।
নগৰীয়াসৱে কৰি উসমিস।
ভয়তে সৱে পলায় দশােদিশ।। ৫৯
লৱৰা লৱৰি কৰি পলাই।
লক্ষ্মীৰ কটকে খেদিয়া যাই।।
কতাে দূৰে গৈয়া বেড়িয়া ধৰে।
লক্ষ্মীৰ সৈন্যে বেত বাড়ি মাৰে।। ৬০
ভুকু লাঠি কিল মাৰে চৱৰে।
হাতৰ এড়াই দেয় লৱৰ।।
পসাৰ পাতিয়া আছে পসাৰী।
সাতে পাঞ্চে গৈয়া বেড়িয়া ধৰি।। ৬১
বেত বাড়ি মাৰি তাইক খেদায়।
সমস্তে দ্ৰৱ্যক লুৰিয়া খায়।।
দুৱাৰ মাৰিয়া গৃহ সােমায়।
লুকাইবে নৱাৰি অন্তৰি যায়।। ৬২
ছৱালি ধৰিয়া আস্ফালে তুলি।
কান্দিয়া ফুৰে আই বাপু বুলি।।
কোবায়া ভাঙ্গয় দধিৰ ভাণ্ড।
ঘুনুচা নগৰ কৰে উচাণ্ড।। ৬৩
ভাল ভাল বস্তু লােৰে গুৱালে।
আঞ্চোৰে ধৰি কাৰাে বস্ত্ৰ ফালে।।
লৱৰা লৱৰি কৰি পলাই।
নগৰ ছাড়িয়া দূৰক যায়।। ৬৪
পাইলে পাইলে বুলি উলটি চাৱে।
সমস্তে নগৰ ভাগিয়া যাৱে।।
কতাে অভ্যন্তৰে চলিয়া যায়।
কৃষ্ণৰ আগত বার্তা জনায়।। ৬৫
নমাে জগন্নাথ জগতপতি।
শুনিয়াে কাৰ্য্য ভৈল বিসঙ্গতি।।
তােহ্মাক খেদি আইলা লক্ষ্মী মাৱে।
দ্বাৰত আছে আতি ক্রোধভাৱে।। ৬৬
লক্ষ্মীৰ কটকে লােৰে অপাৰ।
সকলে নগৰ ভৈল উজাৰ।।
পলাইবাক প্রজা নপাৱে ঠাই।
কিমতে ৰক্ষা কৰা যদুৰায়।। ৬৭
হেন শুনি পাছে ঘুনুচা নাৰী।
কৃষ্ণক মাতে নম্র ভাৱ কৰি।।
নমাে জগন্নাথ জগত বাপ।
ভক্তৰ তুমি হৰা তিনি তাপ।। ৬৮
শুনিয়াে কমল লােচন হৰি।
তাহাঙ্ক আমি আগে আছে ডৰি।।
জানাে লক্ষ্মী আসি দৌল সােমায়।
তাঙ্ক ভয়ে মােৰ ধাতু উৰায়।। ৬৯
লক্ষ্মীয়ে পাইলে কি ৰাখিবে মােক।
মাৰিবে ধৰি হসুৱাইবে লােক।।
সমস্তে নগৰী কৰিল ছন্ন।
পলাইল সৱে নৰ নাৰীগণ।। ৭০
প্রবােধি লক্ষ্মীক দিয়াে পঠাই।
ঐক লাগি যেন নাসে দুনাই।।
শুনিয়া কৃষ্ণে চপড়াইলা মাথ।
মাতিবে লৈলা প্রভু জগন্নাথ।। ৭১
আমাৰ বচনে যাউক বজাই।
কিসক লক্ষ্মী আসে কোপে ধাই।। ৭২
সমস্তে বস্তু থৈয়া আইলাে ঘৰে।
আসিয়া আছাে ঐক একেশ্বৰে।।
লুৰি ছন্ন কৰে কিয় নগৰ।
কালি প্রাতে মই যাইবাে ঘৰ।। ৭৩
মােহােক চাহি কোপ পৰিহৰি।
দৌলক লাগি লক্ষ্মী যাউক বাহুৰি।।
শুনিয়া পৰিচা গৈল বজাই।
লক্ষ্মীৰ আগত মাতে বিনাই।। ৭৪
শুনিয়া সৱে জগন্নাথ লীলা।
ৰাম কৃষ্ণ বুলি বৈকুণ্ঠে চলা।। ৭৫
ৰঙ্গা পাৱে দিয়া ঠাই।
আউৰ যেন মােৰ সংসাৰ সাগৰে
নহােক জন্ম দুনাই ৷ ৷ ৫
পদঃ পৰিচায়ে শুনি পাছে কৃষ্ণৰ বচন।
লক্ষ্মীক ভেটিবে গৈলা পৰিচা তেখন।।
দধি দুগ্ধ পঞ্চামৃত বিবিধ অপাৰ।
লৱণু শৰ্কৰা চিনি লৈ যান্ত সম্ভাৰ।। ৭৬
আথে বেথে পৰিচায়ে দুৱাৰক যাই।
লক্ষ্মীক প্রণাম কৰি দুনাই দুনাই।।
অৱনত ভাৱ হুয়া পুটাঞ্জলি ধৰি৷
লক্ষ্মীক মাতিবে লৈলা ধীৰে ধীৰে কৰি।। ৭৭
নমাে লক্ষ্মী মাৱ তুমি হুয়ােক সদয়।
তুমি সমস্তৰে আদি প্রকৃতি নিশ্চয়।।
তােমাৰেসে সত্ত্ব ৰজ তম তিনি গুণ।
তুমি জগতৰ সৃষ্টি স্থিতিত নিপুণ।। ৭৮
তােমাতেসে সমস্তে জগতে হােৱে লয়।
তােমাৰেসে ইটো যত জন নিশ্চয়।।
তুমিসে ঈশ্বৰী আসি আছা অৱতৰি।
বিষুক আশ্রয়ি আছা মহা ৰঙ্গ কৰি।। ৭ ৯
তযু কটাক্ষক বাঞ্চা কৰে ব্ৰহ্মা হৰে।
তেমাৰেসে প্রসাদত জীৱ চৰাচৰে।।
নমাে লক্ষ্মী মাৱ তুমি হুয়ােক প্রসন্ন।
কোপ পৰিহৰি শুনা কৃষ্ণৰ বচন।। ৮০
তােমাক লাগিয়া কৃষ্ণে বুলিয়া পঠাইল।
কি কাৰণে পদ্মা মােক কোপ কৰি আইল।।
সকল সৰ্ব্বস্ব মই এড়ি আইলাে ঘৰে।
ঘুনুচাৰ বাড়ী লাগি আইলাে একেশ্বৰে।। ৮১
ধন ৰত্ন দৌল দিয়া আসিলাে লক্ষ্মীক।
তথাপিতাে লক্ষ্মী মােক কোপ কৰে কিক।।
ঘুনুচাক বিহা কৰি আছােহাে নিশ্চয়।
ঐক নাসিলে কি ভাল কোনেবা বােলয়।। ৮২
অকাৰণে এত মান কৰয় আক্রোশ।
ছন্ন কৰে নগৰ প্ৰজাত কিবা দোষ।।
মােৰ বাক্যে এতিক্ষণে ক্রোধ পৰিহৰি।
নগৰক লাগি লক্ষ্মী যাউক বাহুৰি।। ৮৩
কালি প্রভাততে মই যাইবাে সাৰে সাৰ।
যাউক উলটি লক্ষ্মী বাক্যে ৰাখি মােৰ।।
তােমাক লাগিয়া বস্তু পঠাই দিলা হৰি।
হেন জানি লক্ষ্মী দেৱী কোপ পৰিহৰি।। ৮৪
পালটিয়া যায়ােক মাৱ হুয়া ৰঙ্গ মন।
শুনি লক্ষ্মী পৰিচাক বুলিলা বচন।।
বস্তুৰ দুখীয়া মই যাদৱে জানিলা।
এতেকেসে মােক লাগি দধি দুগ্ধ দিলা।। ৮৫
যাদৱৰ বস্তুত মােহােৰ কাৰ্য্য নাই।
ঘুনুচাক লাগি আৱে দিয়ােক পঠাই।।
ঘৰ বাড়ী এৰি আইল ঘুনুচাৰ ঘৰে।
আউৰ কাক চাইবে লাগি আসিবে নগৰে।। ৮৬
যাদৱৰ বাক্যে মােৰ গাৱ নুজুৰাই।
গুচি আইল মােক শুদা গৃহতে পেলাই।।
আৰু যাদৱত মােৰ কিবা আছে আশ ।
যাইবাক লাগে যাদৱ মােৰ পাশ।। ৮৭
নযাইব নযাইব আউৰ গৃহক দুনাই।
মায়েকৰ ঘৰত থাকোক এহি ঠাই।।
চলি যাও আমা সৱে আপুনাৰ ঘৰে ৷
কৈৰ সেনাগণ লাগ লৈয়ােক সত্ত্বৰে।। ৮৮
তেতিক্ষণে আসি নিসানত দিলা বাড়ি।
লক্ষ্মীৰ কটক সৱে শুনিলেক সাৰি।।
লাগ লৈল আসি সৱে আথবেথ কৰি।
চলি গৈলা লক্ষ্মী মাৱ আপুন নগৰী।। ৮৯
ঘুনুচাৰ লােকসৱ যেন ধাতু আইল।
দশােদিশ হন্তে আসি সােমাইল।।
কেহাে বােলে এৰাইলােহে লৱৰৰ বলে।
কেহাে বােলে মােৰ মাত্ৰ বুলি কেৱলে।। ৯০
কতাে বােলে মােৰ মাত্ৰ ভাঙ্গিলেক ঘৰ।
নিলেক সৰ্ব্বস্ব বুলি কান্দে কতাে নৰ।।
কেহাে বােলে লুৰিলেক ঐত মােক পাই।
কেহাে বােলে মােক নপাই মাৰিলে ভৈয়াই।। ৯১
কেহাে বােলে মােক নপাই মাৰিলে ছৱাল।
কেহাে বােলে ভাগ্যেসে এড়াইলাে মই ভাল।।
কেহাে বােলে মােৰ বস্তু নিলে এহি ঠাৱে।
চোৱা চোৱা বুলি কতাে পিঠিক দেখাৱে।। ৯২
এহি বুলি নগৰীয়া ৰৈলা সেহি ঠাই।
দৌলক বাহুৰি চলি গৈল লক্ষ্মী আই।।
শীঘ্র বেগে চলে গৈলা কৰি মহােৎৱ।
কতাে বেলি পাইলা গৈয়া আপুনাৰ ঠাৱ।। ৯৩
নাৰীগণে শুনিলা আসিল লক্ষ্মী আই।
ঘট ডালি দীপ লৈয়া তেখনে বঝাই।।
পৰম উৎসৱ কৰি চলিলা সাদৰি।
দৌল লাগি আগবাঢ়ি নিলেক আৱৰি।। ৯৪
দৌলত পশিয়া লক্ষ্মী আনন্দ মিলাইল।
যাদৱক লাগিয়া পঞ্চিশ ভােগ দিল।।
অনন্তৰে লক্ষ্মী মাৱে ভােজন কৰিলা।
পদ্মচিনি পিঠা পৰ্মান্নক ভুঞ্জিলা।। ৯৫
পৰম উৎসৱে থাকিলন্ত সেহি ঠাৱ।
এহি মানে থৈলাে কথা লক্ষ্মীৰ প্ৰভাৱ।।
শুনা জগন্নাথ পাছে যি কৰ্ম্ম কৰিল।
সপ্তম দিৱস তৈতে কৌতুকে বঞ্চিল।। ৯৬
অষ্টম দিৱস ভৈল প্রভাত সময়।
দৌলক লাগিয়া গৈল প্রভু কৃপাময়।।
শুনিয়ােক নৰ নাৰী কৰি স্থিৰ মন।
জগন্নাথ পুৰাণৰ কথা বিতােপন।। ৯৭
নাৰদৰ আগে পূৰ্ব্বে ব্রহ্মায়ে কহিলা।
জগন্নাথ যাতে ঘুঞ্চা গৃহত চলিলা।।
মাধৱৰ পাদ পদ্ম চিন্তিয়া মনত।
মতি অনুসাৰে নিবন্ধিলাে পদ যত।। ৯৮
নিৱন্ধিলাে পদ শ্লোক অর্থ অৱগাই।
নকৰিবা নিন্দা মােক শাস্ত্রক নাচাই।।
আনাে শাস্ত্র মত আনি মিশ্ৰ কৰি মাজে।
পদ্যার্থে ৰচিলাে যেৱে বুজে সামৰাজে।। ৯৯
শ্ৰীধৰ কন্দলি পদ কৰিল প্ৰচাৰ।
ৰাম কৃষ্ণ বুলি তৰা দুৰ্ঘোৰ সংসাৰ।। ১০০
তযু পাৱে লৈলাে বাস।
পুনু নকৰা নৈৰাশ দিন কতিপয়
থাকি প্রভু চলি যাস।। ৬
পদঃ শুনা সৰ্ব্বজনে আত অনন্তৰে
যেন ঠান কথা ভৈল।
কৃষ্ণৰ আদেশে লক্ষ্মী তাৱক্ষণে
দৌল লাগি চলি গৈল।।
নগৰীয়া গণে হুয়া ৰঙ্গ মনে
থাকিলা আপুন ঠাৱে।
জগন্নাথে ৰঙ্গে ঘুনুচাৰ সঙ্গে
আছিলা আনন্দ ভাৱে।। ১০১
ঘুনুচাৰ আগে প্রভু জগন্নাথে
বুলিলা মৃদু বচন।
তুমি থাকা ঐত কালি প্রভাতত
মই যাও নিজ ভুৱন।।
ঘুনুচায়ে শুনি হেঠ মাঠে গুণি
অসন্তোষে নম্রভাৱে।
গদগদ বাক্যে বুলিবে লাগিলা
মাধৱৰ ধৰি পাৱে।। ১০২
নমাে জগন্নাথ ত্রিদশৰ নাথ
মই যে বৰ দুখিনী।
দিন কতিপয় থাকা কৃপাময়
কৰা কৃপা যদুমণি।।
নাহি পিতৃ আই নাহি মােৰ ভাই
সৱে গৈল পৰলােক।
ইসব সমস্তে তােমাৰ পাৱত
অর্পিয়া গৈলেক মােক।। ১০৩
তােমাৰ চৰণে কায় বাক্যে মনে
পশিলাে মই শৰণ।
তুমিও আৱেসে মােক তেজি যােৱা
কাহাত জুৰাইবাে মন।।
হেৰা আসাে বুলি বৎসৰেক অতে
আসিলা মােৰ নগৰী।
টাটকীয়া যেন টাটক দেখায়া
কেনে যাহা পৰিহৰি।। ১০৪
নিষ্ফল জীৱন যিটো নাৰীগণ
স্বামীৰ নাহি মিলন।
সমস্তে কহয় ৰমণীৰ গতি
স্বামীৰ পদ অৰ্চ্চন।।
নেড়িবাে ইবাৰ চৰণ তােমাৰ
থাকা প্রভু এহি স্থান।
যদি মােক তেজি যাহা প্রভু আজি
তেজিবাে এথাতে প্রাণ।। ১০৫
এড়ি গৈলে মােক হাসিবেক লােকে
ঘুনুচাক দুষ্টা জানি।
গৃহক আসিয়া গৈলেক এড়িয়া
কি কাৰণে চক্রপাণি।।
হেন বাণী বুলি ঘুনুচা সুন্দৰী
কৃষ্ণৰ পড়িয়া পাৱে।
হুমহুম কৰি কান্দিবে লাগিলা
মনে অসন্তোষভাৱে।। ১০৬
নয়নৰ জলে তিয়াইল সকলে
প্রভুৰ দুই চৰণ।
দেখি দেৱ হৰি ঘুনুচাক ধৰি
বুলিলা মৃদু বচন।।
মাধৱে বােলন্ত ঘুনুচা সুন্দৰঈ
এড়া অসন্তোষ ভাৱ।
তুমি মােৰ জায়া আতি মােৰ দায়া
আসি আছাে তযু ঠাৱ।। ১০৭
লক্ষ্মীও যেনয় তুমিও তেনয়
নাহি কিছু ভিন্ন ভাৱ।
লক্ষ্মীৰ পাশত থাকো যেন মত
থাকোহাে তােমাৰ ঠাৱ।।
লক্ষ্মীৰ যতেক ধন জন গৃহ
সৰ্ব্বস্ব দৌল ভাণ্ডাৰ।
আনাে বস্তু যেন এহি নগৰত
সমস্ত আছে তােমাৰ।। ১০৮
সৰ্ব্বকালে মােৰ তােমাকেসে স্নেহ
লক্ষ্মীতাে কৰি অধিক।
হেন জানি সতী হুয়াে শান্ত মতি
অসন্তোষ কৰা কিক।।
সাতদিন ভৈল দৌল ছাড়ি আইলাে
আমাৰ মনে আকুলে
উৰ বুৰ কৰি যাইবে লাগে মােৰ
ইহাতে অকাৰ্য্য মিলে।। ১০৯
হুয়া শান্ত মন থাকা এহি থান
আসিবাে মই দুনাই।
কিন্তু এতিক্ষণে দৌল লাগি যাও
সিটো মােৰ নিজ ঠাই।।
আনাে নানা মত বুলিলা বচন
ঘুনুচাক শান্ত কৰি।
প্রভাত সময় জানি কৃপাময়
গাৱ চালিলন্ত হৰি।। ১১০
দেখি দশােদিশে পৰম হৰিষে
নিসানত দিল বাড়ি।
শকটত চৰি প্রভু গৈল লৰি
ঘুনুচাৰ পাশ ছাড়ি।।
বলাে সুভদ্রায়ে সহিতে যাদৱ
চলি যান্ত কৌতূহলে।
পৰম আনন্দে গােৱালে শকট
টানিবাক লৈলা বলে।। ১১১
কৃষ্ণৰ সঙ্গত আছে প্রাণী যত
উৎসৱে কীৰ্ত্তন কৰে।
চলি গৈল প্রভু শকটত চৰি
আপােনাৰ নিজ ঘৰে।।
ঘােড়াখ ছুটিয়ে ৰথক চলাৱে
কিঞ্চিতেকো মিছা নাই।
দণ্ড চাৰি বেলা ভৈল মাত্রে গৈয়া
নগৰ পাইলা দুনাই।। ১১২
প্রভু আসিবাৰ দেখিয়া আনন্দে
ভৈল সৱে নৰ নাৰী।
আনন্দে অশেষ কৰিলা নিশেষ
কৃষ্ণক ৰঙ্গে আৱৰি।।
পদূলি পদূলি তােৰণ পুতিলা
তুলি থৈল ঘট জল।
উৰুলি জোকাৰ সিঞ্চে দুৰ্ব্বাক্ষত
ঘটৰ উপৰে ফল।। ১১৩
সকল প্রজায়ে হৰি হৰি ডাকে
পঢ়ে জয় সুমঙ্গল।
নানা ভঙ্গি ভাৱে জয়ধ্বনি ৰাৱে
লঙ্ঘিলেক স্বর্গ কোল।।
এহিমতে পাছে প্রভু জগন্নাথে
উৎসৱ কৰিয়া যায়।
দৌলৰ দ্বাৰত শকট সহিতে
গৈল প্রভু যদুৰায়।। ১১৪
দৌল দ্বাৰ পাই শকট ৰখাই
ৰৈলা তৈতে যদুপতি।
নৰ নাৰী যত পৰিচা সমস্ত
বেড়িয়া ৰৈল চৌভিতি।।
দেখিয়া দুৱাৰী লৰি তাৱক্ষণে
লক্ষ্মীত জনাইলা যায়।
শুনা সৰ্ব্বজন কেদিন জীৱন
কেতিক্ষণে প্রাণ যায়।। ১১৫
নজানি অথিতি মিলিল দুর্গতি
কৃষ্ণ বিনে বন্ধু নাই।
এড়া আন কাম ডাকি ৰাম ৰাম
চলিয়াে বৈকুণ্ঠ ঠাই।। ১১৬
দৈৱকী নন্দন দেৱ।
তােমাৰ চৰণে পশিলাে শৰণে
কৃপা কৰা প্ৰভু দেৱ।। ৭
পদঃ অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি।
অভ্যন্তৰে চলি গৈল আতি শীঘ্ৰ কৰি।।
লক্ষ্মীৰ আগত কথা কহে হেথ মাথে।
দুৱাৰত ৰহিয়া আছন্ত জগন্নাথে।। ১১৭
যেন লাগে মােক আজ্ঞা দিয়ে লক্ষ্মী আই।
শুনি দেৱী মাতিলন্ত পৰিচাক চাই।।
লক্ষ্মীয়ে বােলন্ত শুনা শুনা মােৰ বাক।
দ্বাৰ ছাড়ি আসিবে নেদিবা যাদৱাক।। ১১৮
যাদৱায়ে আসিবে নলাগে মােৰ ঠাই।
ঘুনুচাৰ বাড়ী লাগি চলােক দুনাই।।
হেন শুনি দুৱাৰী ত্বৰিতে গৈলা চলি।।
দ্বাৰত ৰহিল গৈয়া বান্ধিয়া শিকলি।। ১১৯
তাত পাছে প্রভু পৰিচাক আদেশিলা।
দ্বাৰ ছাড়ি দেহ বুলি দ্বাৰীক মাতিলা।।
শুনি দ্বাৰী বােলে লক্ষ্মী দিয়া আছে হাক।
দ্বাৰ ছাড়ি তই নিদিবিহি যাদৱাক।। ১২০
তাৱক্ষণে ঠাকুৰত জনায়ােক যাই।
দ্বাৰী দ্বাৰ নেদে বাধিলেক লক্ষ্মী আই।।
হেন শুনি কৃষ্ণে পাছে কৰি হেঠ মাথ।
পৰিচাক আদেশ কৰিলা জগন্নাথ।। ১২১
কহ গৈয়া লক্ষ্মী কিয় এত ক্ৰোধ কৰে।
দ্বাৰমুখে ৰহি আছাে মই নিৰন্তৰে।।
দ্বাৰ মেলি দিয়ােক যাও দৌলৰ ভিতৰে।
ক্ষুধায়ে তৃষ্ণায়ে দুখে মােক আতি পীড়ে।। ১২২
তাৱক্ষণে পৰিচা দৌলক গৈলা চলি।
লক্ষ্মীৰ আগত কহে কৰি কৃতাঞ্জলি।।
নমাে নমাে লক্ষ্মী মাৱ হুয়ােক প্রসন্ন।
তােমাক লাগিয়া কৃষ্ণে বুলিলা বচন।। ১২৩
আঠ দিন ভৈল মই এড়ি গৈলাে সঙ্গ।
এহি মানতে আমাক ইমান কৰে খঙ্গ।।
দ্বাৰ ছাড়ি দিয়ে লক্ষ্মী কোপ পৰিহৰি।
অভ্যন্তৰ লাগি চলি যাও শীঘ্ৰ কৰি।। ১২৪
হেন শুনি পৰিচাক মাতে লক্ষ্মী মাৱ।
যাদৱাৰ বাক্যে মােৰ নুজুৰায় গাৱ।।
কথাকো নকৈল মােক গৈল পৰিহৰি।
পৰৰ ভাৰ্য্যাক যেন পৰে যায় এড়ি।। ১২৫
যাদৱাৰ কথা মােত কহিবে লাগে।
অন্য যিবা কথা আছে কহ মােৰ আগে।।
মই বিনে যাদৱায়ে বঞ্চিবাক পাৰে।
যাদৱা নভৈলে দিন নয় কি আহ্মাৰে।। ১২৬
সুন্দৰী ৰমণী ভাৰ্য্যা পাইলন্ত যাদৱ।
আউৰ কি লাগিয়া আসিবন্ত মােৰ ঠাৱ।।
ঘুনুচাৰ সম মই নােহাে ৰূপৱতী।
নাহি লাস বেশ নােহাে নাগেৰী যুৱতী।। ১২৭
এতেকে আমাক তেজি গৈলন্ত আপুনে।
দ্বাৰকাতে কত দুখ দিয়া আছে মনে।।
শিশুকাল হন্তে আল ধৰাে যাদৱাৰ।
তথাপিতাে তান নভৈলােহাে সুৱাগৰ।। ১২৮
আৰু তান ভাল বােলাইবেক কোন নাৰী।।
ভাল বােলাইলেক এক ঘুনুচা সুন্দৰী।।
নচাও যাদৱাৰ মুখ নাসন্তোক হৰি।
ঘুনুচাৰ বাড়ী লাগি যায়ােক বাহুৰি।। ১২৯
হেন বাক্য বুলি লক্ষ্মী মৌন হুয়া ৰৈল।
শুনিয়া পৰিচা তাৱক্ষণে চলি গৈল।।
কোপ মনে লক্ষ্মী বুলিলন্ত যত বাণী।
ঠাকুৰৰ আগে সৱ কহিল কাহিনী।। ১৩০
অশেষ কৰিলাে মই লক্ষ্মীক প্রবােধ।
তথাপি লক্ষ্মীৰ মনে নপলান্ত ক্রোধ।।
দ্বাৰ ছাড়ি তথাপি নেদন্ত লক্ষ্মী মাৱে।
বােলে বাহুৰিয়া যাউক ঘুনুচাৰ ঠাৱে।। ১৩১
লক্ষ্মীৰ বচন শুনি পাছে জগন্নাথ।
লজ্জাবড় হুয়া পাছে চপৰাইলা মাথ।।
সৰ্ব্বজনে শুনিলে লক্ষ্মীৰ কোপ কাৰ্য্য।
কাংস পৰি জিন গৈল সকল সমাজ।। ১৩২
ভৈলেক মধ্যাহ্ন কাল বেলা ষােল দণ্ড।
ভৈল ঘােৰ মহাৰৌদ্র মিলিল প্রচণ্ড।।
ক্ষণাে মেঘ দিয়া কৰে দেৱে বৰিষণ।
চাপিবাক থান নপাৱন্ত প্রজাগণ।। ১৩৩
ক্ষুধায়ে তৃষায়ে পীড়া কৰে আতিশয়।
ৰৌদ্র তাপে পােৰে কতাে বৃষ্টিত তিতয়।।
মহা দুখ পায়া কতাে প্রাণী বােলে বাক।
আৱেসে উচিত দণ্ড কৰে যাদৱাক।। ১৩৪
যাহাৰ প্ৰসাদে ত্রৈলােক্যৰ সুখ হােৱে।
ব্রহ্মা মহেশ্বৰে যাক সৰ্ব্বদায়ে সেৱে।।
কৰযােড় কৰি দেৱগণে আছে চাই।
আহ্মাৰ পাশক লক্ষ্মী আসন্তোক আই।। ১৩৫
তেৱেসে ঐশ্বৰ্য্য মহা হৈবেক আহ্মাৰ।
এহি বুলি দেৱগণে বাঞ্ছয় অপাৰ।।
লক্ষ্মী বিনে সংসাৰত নাহিকে জীৱন।
লক্ষ্মী নভৈলাত হােৱে ত্রৈলােক্য উছন।। ১৩৬
হেনয় ভাৰ্য্যাক পাছে পায়া যদুৰায়।
তথাপিতাে তাঙ্ক এৰি চলে অন্য ঠাই।।
গাৱে নসহন্ত লক্ষ্মী মাৱে কৰে দণ্ড।
লক্ষ্মীতযে দোষ নাহি যাদৱাসে মন্দ।। ১৩৭
হেন কথা অন্যো অন্যে সৰ্ব্বজনে কহে।
ক্ষুধায়ে তৃষায়ে দেহা কাহাৰাে নৰহে।।
পুনৰপি পৰিচাক পঠাইলা মাধৱে।
তথাপিতাে ক্রোধভাৱ নেৰে লক্ষ্মী মাৱে।। ১৩৮
পাণ্ডাৰ উপৰি পাণ্ডা দিলন্ত পঠাই।
নাসােক বিনাই আউৰ আন বাক্য নাই।।
এহিমতে যেৱে তিনি পৰ বহি গৈল।
শুনিয়ােক তাত পাছে যেন কথা ভৈল।। ১৩৯
ঠাকুৰৰ পাশতে সুভদ্রা বৰনাৰী।
ক্ষুধায়ে তৃষায়ে দুখ সহিতে নপাৰি।।
মাতি আনি প্রবােধ কৰিলা পৰিচাক।
শীঘ্ৰ কৰি পঠাই দিলা লক্ষ্মীৰ পাশক।। ১৪০
দ্বাৰ ছাড়ি দেওক লক্ষ্মী অভ্যন্তৰে যাও।
ক্ষুধায়ে তৃষায়ে মই বৰ দুখ পাও।।
হেন শুনি পৰিচা ত্বৰিতে গৈল ধাই।
লক্ষ্মীৰ আগত কথা কহন্ত বিনাই।। ১৪১
সুভদ্রা মাতৃয়ে মােক দিলন্ত পঠাই।
তােমাৰ ননন্দখানি দুখ বৰ পায়।।
ইবেলিসে চলি গৈলাে যাদৱাৰ সঙ্গ।
কি কাৰণে লক্ষ্মীৰ আমাক লাগি খঙ্গ। ১৪২
ৰৌদ্রত শুকাই কতাে বৃষ্টিত তিতয়।
ক্ষুধায়ে তৃষায়ে দেহা অধিক দহয়।।
বােলা মােক লক্ষ্মী শীঘ্ৰ দ্বাৰ দিওক মেলি।
আপুন থানক মই শীঘ্ৰে যাও চলি।। ১৪৩
যেন লাগে প্রবােধ দিয়েক লক্ষ্মী আই।
শুনি লক্ষ্মী মাতিলন্ত পৰিচাক চাই।।
গালে হাত দিয়া লক্ষ্মী মাতিলন্ত পাছে।
সুভদ্রা ননন্দ এভাে দ্বাৰে ৰহি আছে।। ১৪৪
ননন্দেও দুখ পাৱে সঙ্গে যাদৱাৰ।
ই কি কথা মােত কহি আছে একবাৰ।।
আপুনিসে গৈল লড়ি যাদৱাৰ সঙ্গে।
ননন্দয়াে দুখ পাৱে যাদৱাত খঙ্গে।। ১৪৫
সুভদ্রা পাইলেক দুখ দোষ ভৈল মােৰ।
দ্বাৰ ছাড়ি দিয়াে দ্বাৰী আসােক সত্বৰ।।
শুনিয়া পৰিচা পাছে শীঘ্ৰে গৈল চলি।
দ্বাৰীত কহিলা গৈয়া দ্বাৰ দিয়াে মেলি।। ১৪৬
সুভদ্রাত জনাইলেক দ্বাৰ দিলে এড়ি।
শুনিয়া সুভদ্রা তাৱক্ষণে গৈলা লড়ি।।
আপুনাৰ গৃহত পশিল বিদ্যমান।
সুভদ্ৰাৰ কথা আৱে থও এহিমান।। ১৪৭
অনন্তৰে বলভদ্র বুদ্ধিত সুজান।
দেখিলা আছয় বেলি ছয় দণ্ড মান।।
কেন দুখ পাও মই বলােৱে বােলয়।
পঠাইলেক পৰিচাক লক্ষ্মীৰ আলয়।। ১৪৮
কহ গৈয়া লক্ষ্মী মােক দ্বাৰ দিয়াে মেলি।
শুনিয়া পৰিচা তাৱক্ষণে গৈল চলি।।
লক্ষ্মীৰ আগত কথা কহিলা নিঃশেষ।
অকাৰণে লক্ষ্মী মােক মনে কৰে দ্বেষ।। ১৪৯
মােক কেনে যাইবাক নেদন্ত লক্ষ্মী আই।
যাদৱাত পৰে মােত কিছু দোষ নাই।।
নেড়িল হঠাতে মই গৈলাে তান সঙ্গ।
তাতে লক্ষ্মী মােক এতমান কৰে খঙ্গ ৷ ৷ ১৫০
ক্ষুধায়ে তৃষায়ে তনু কাম্পে আতি মােৰ।
যত দুখ পাইলাে মই কৈয়া পাও ওৰ।।
দ্বাৰ ছাড়ি দিয়ন্তোক দৌল লাগি যাও।
ঘােৰ ৰৌদ্র বৃষ্টি বাতে বৰ দুখ পাও।। ১৫১
পৰিচাৰ বাক্য হেন শুনি লক্ষ্মী মাৱে।
গালে হাত দিয়া বসিলন্ত লজ্জা ভাৱে।।
কিনাে মই মন্দ নাৰী বােলাইলাে জগতে।
যাদৱাৰ গুণে দুখ পাইল জেঠালতে।। ১৫২
মই আজি লজ্জা পাইলাে যাদৱাৰ গুণে।
জেঠালতাে মােক ভাল নুবুলিবে মনে।।
যি হৌক সি হৌক পাছে দ্বাৰ দিয়াে মেলি।
বলােত জনাইলা কথা কৰি কৃতাঞ্জলি।। ১৫৩
তােমাক যাইবাক দ্বাৰ দিলা লক্ষ্মী মাৱ।
শুনি বলভদ্র ভৈল আনন্দিত ভাৱ।।
তাৱক্ষণে বলভদ্র গৈলা অভ্যন্তৰে ।
থাকিলন্ত বলভদ্র আপুনাৰ ঘৰে।। ১৫৪
বলভদ্র কথা আৱে এহিমানে থও।
শুনা আতপৰে কথা যেন ঠান কও।।
অনন্তৰে মনে বিমৰিষি যদুৰায়।
পুনৰপি পৰিচাক দিলন্ত পঠাই।। ১৫৫
শীঘ্র বেগে পাণ্ডা গৈয়া হুয়া অৱনত।
কৰপুট কৰি কহে লক্ষ্মীৰ আগত।।
লক্ষ্মীকেসে দিয়া গৈলাে যত ধন বিত্ত।।
তথাপিতাে কেনে কোপ কৰে বিপৰীত।। ১৫৬
দিন বহি গৈল ভৈল সূৰ্য্য অৱসান।
ক্ষুধায়ে তৃষায়ে মােৰ যেন ফুটে প্রাণ।।
দ্বাৰ ছাড়ি দেওক লক্ষ্মী নকৰি আক্রোশ।
ইবাৰ জানিবা সৱে মােৰ ভৈল দোষ।। ১৫৭
আউৰ গৃহ ছাড়ি মই নযাও নযাও।
শুনিয়াে পৰিচা তুমি এহি কথা কৈয়াে।।
এহিবাৰে কথা যদি সত্য নপাই মােৰ।
আৰু বাৰ গৈলে মােক নেদিবে দুৱাৰ।। ১৫৮
এহিমতে পৰিচাক দিলন্ত পঠাই।
দ্বাৰ ছাড়ি প্রভুক দিয়ােক লক্ষ্মী আই।।
হেন শুনি লক্ষ্মী মাৱে বুলিলা বচন।
যাদৱায়ে মােক আৱে দিয়া গৈল ধন।। ১৫৯
মুখত মধুৰ তান কপট হৃদয়।
বচনেক কৈলে মুখে ধন নাহি হয়।।
চৈত্র মাসে তান ভাই গােৱিন্দ ঠাকুৰ।
পুষ্প চোৰ পড়ি গৈল মালীয়াৰ ঘৰ।। ১৬০
তাঙ্ক দণ্ডি কড়ি তিনি শর্ টঙ্কা লৈলা।
মােক নেদি সিটো টঙ্কা কাক লাগি নিলা।।
পৰিচায়ে বােলে আই তুমি মহাভাগী।
প্রভু বােলে তাক থৈছাে লক্ষ্মীকেসে লাগি।। ১৬১
লক্ষ্মী বােলে যদি মােক লাগি থৈয়া আছে।
দিয়া পঠায়ােক নপাইবােহাে পাছে।।
তাৱক্ষণে পৰিচায়ে কৃষ্ণক জনাইলা।
তােমাক লাগিয়া প্রভু কথা এক কৈলা।। ১৬২
গােৱিন্দ প্রভুক চোৰ পায়া স্বৰূপত।
বন্দী কৰি লৈয়া আছে টঙ্কা তিনি শত।।
মােহােক লাগিয়া পঠাই দিয়াে সিটো ধন ।
শুনি হাস্য কৰি প্রভু বুলিলা বচন।। ১৬৩
লক্ষ্মীকেসে লাগি তাক থৈয়া আছে সাঞ্চে।
লক্ষ্মী বিনে আন মােৰ কোন প্রিয়া আছে।।
হাসি আনি দিলা পাছে টঙ্কা তিনি শত।
তাৱক্ষণে বাকি দিলা ৰূপৰ থালত।। ১৬৪
লক্ষ্মীক দিয়ােক বুলি আদেশ কৰিলা।
আতি শীঘ্ৰে পৰিচা লক্ষ্মীৰ হাতে দিলা।।
লক্ষ্মীৰ আগত থৈয়া মাতন্ত বিনাই।
ধন দিয়া পঠাইলন্ত মােক যদুৰায়।। ১৬৫
ধন দেখি হাস্য কৰিলন্ত লক্ষ্মী মাৱে।
ইটো ধন মােক লাগি থৈয়াছে যাদৱে।।
ঠাকুৰৰ বাক্য সঞ্চা পাইলােহে ইবাৰ।
দৌল লাগি আসন্তোক ছাড়ি দিয়াে দ্বাৰ।। ১৬৬
শুনি ৰঙ্গে পৰিচা ত্বৰিতে গৈল চলি।
দ্বাৰীত জনাইল গৈয়া দ্বাৰ দিয়ে মেলি।।
ঠাকুৰত বার্ত্তা গৈয়া দুৱাৰী জনাই।
তােমাক এইবাৰ আজ্ঞা দিলা লক্ষ্মী আই।। ১৬৭
হেন শুনি ঠাকুৰৰ আনন্দ মিলিল।
দশােদিশে প্রজাগণে জয় জোকাৰিল।।
নানা বাদ্য ভাণ্ড কৰে প্রজায়ে সকল।
দশােদিশে ছানি কৰে জয় সুমঙ্গল।। ১৬৮
উৰুলি জোকাৰ ৰঙ্গে দেই ঘনে ঘন।
পৰিচাসকলে কৰে কৃষ্ণৰ কীৰ্ত্তন।।
সন্ধ্যা সময়ত কৰি অনেক উৎসৱ।
দ্বাৰৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ।। ১৬৯
আসিলন্ত প্রভু লক্ষ্মী দেখি হাস্য কৰি।
কৃষ্ণক সাদৰি আসিলন্ত আগবাঢ়ি।।
নিজ থানে থৈল নিয়া অনেক আশ্বাসি।
থাকিলন্ত লক্ষ্মী দেৱী কৃষ্ণক উপাসি।। ১৭০
পঞ্চাশ ভােগক পাছে দিলা ভাৱে ভাৱে।
পৰম কৌতুকে ভােগ ভুঞ্জিলা যাদৱে।।
পৰিচাৰ পাণ্ডা মানে গৈলা থানে থানে।
দৌলত থাকিলা প্রভু আতি ৰঙ্গ মনে।। ১৭১
জগন্নাথ পুৰাণৰ ইটো কথা সাৰ।
নিবন্ধিলাে পদ অর্থ কৰিয়া বিচাৰ।।
শুনা নৰ নাৰী লােক আন কাম হেলি।
ঘুনুচাৰ সঙ্গে যাদৱাৰ যাত্রা কেলি।। ১৭২
কৃষ্ণ বিনে গুৰু গতি দাতা নাহি আন।
এক চিত্ত মনে কৰা হৰি পদ ধ্যান।।
হৰি ভক্তি বিনে আয়ু যায় আলে জালে।
উমান নপাইবা কেতিক্ষণে ধৰে কালে।। ১৭৩
কলি কালে অল্প আয়ু পাইলে সৱ নৰ।
ছকুৰি শতেক ষষ্টি পঞ্চাশ বৎসৰ।।
আত পৰে কলিত অধিক আয়ু নাই।
পাতেকৰ বলত ইহাৰাে ক্ষয় যায়।। ১৭৪
এহি ছয় ভাগ আয়ু কলি কালে দেখা।
টুটয় বাঢ়য় তাতে যমে কৰে লেখা।।
যেতিক্ষণে মাতৃ গর্ভে শৰীৰক ধৰে।
আয়ু টুটন্তেসে যায় মনত নধৰে।। ১৭৫
এহিমতে আয়ু যায় সমস্তে লােকৰ।
শৰীৰ বাঢ়ন্ত দেখি হৰিষ সৱাৰ।।
মাৱৰ গৰ্ভত যেতিক্ষণে লৱে ঠাই।
সেহিক্ষণ হন্তে আয়ু টুটন্তেসে যায়।। ১৭৬
দিন পক্ষ মাস ভেদ যাৱে গণি চাৱে।
দশ মাস দশ দিনে গর্ভৰ বজাৱে।।
দিনে দিনে কায়া বাঢ়ে দুৰ্ঘোৰ মায়ায়ে।
আয়ু যায় বুলিয়া চেতন নাহি গাৱে।। ১৭৭
এড়ি আন বৃথা হুয়াে শুদ্ধমতি।
সততে চিন্তিয়াে আত্মা কৃষ্ণত ভকতি।।
নমাে নাৰায়ণ তযু চৰণ যুগল।
ইবাৰ আমাৰ জন্ম নকৰা বিফল।। ১৭৮
নজানাে তােমাৰ স্তুতি মই মূঢ়মতি।
নকুৰা বঞ্চিত প্রভু ইবাৰ সম্প্রতি।।
দুখৰ কৰুণানিধি কৃপাৰ সাগৰ।
মই দুখিতক কৃপা কৰা দামােদৰ।। ১৭৯
যেনমতে তৰাে ইটো দুৰ্ঘোৰ সংসাৰ।
পুনঃ যেন জন্ম মৃত্যু নাহিকে আমাৰ।।
এহিমানে কৃপা কৰা প্রভু দেৱ হৰি।
নমাে নমাে কৃষ্ণ তযু চৰণত ধৰি।। ১৮০
শ্ৰীধৰ কন্দলি কহে কৃষ্ণৰ বিজয়।
আক এক মনে যিটো শুনয় ভণয়।।
কৃষ্ণৰ বিজয় ইটো শুনা ৰঙ্গ মনে।
ৰাম কৃষ্ণ বুলি চলা বৈকুণ্ঠ ভুৱনে।। ১৮১
-ঘুনুচা কীৰ্ত্তন সমাপ্ত-
-----------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
ঘােষাঃ চলি যায় প্রভু জগন্নাথ ঘুনুচা যাত্রা কৰি।
সমস্ত জগতে বেড়ি বেড়ি চাৱে ৰথৰ উপৰে হৰি।। ১
সমস্ত জগতে বেড়ি বেড়ি চাৱে ৰথৰ উপৰে হৰি।। ১
পদঃ নমাে দেৱ হৰি চিত্ত স্থিৰ কৰি
কায় বাক্যে সমুদায়।
যাৰ পাদ দুই চিন্তি সুখী হুই
সংসাৰ বন্ধ এড়ায়।।
হেন কৃষ্ণ পাৱে অৱনতভাৱে
প্রণামােহে বাৰ শত।
কৃষ্ণৰ বিজয় যাত্রা মহােৎসৱ
বিৰচিবাে প্রথমত।। ১
আষাঢ় মাসৰ শুক্লা তৃতীয়াত
শুভক্ষণ বেলা পাই।
দৌল ছাড়ি হৰি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়।।
দুই দণ্ড নিশা আছন্তে যাদৱ
বাজ ভৈল দৌল ছাড়ি।
দশােদিশ ছানি সর্বলােকে জানি
দিল নিসানত বাড়ি।। ২
কতাে ধৰা ধৰি মাতা মাতি কৰি
হুই সৱে একথান।
নানা যন্ত্র ধৰি উৎসুকে লৰিলা
কৃষ্ণৰ ধৰি যােগান।।
যতেক পৰিচা পাণ্ডাসৱ আছে
আনাে যত নৰ নাৰী।
যাত্রা সুমঙ্গল কৰিয়া আনন্দে
চলে লাস বেশ কৰি।। ৩
দধি দুগ্ধ ঘৃত লৈয়া পঞ্চামৃত
মােট ভৰি ঠাৱে ঠাৱে।
দূৰ্বাক্ষত সিঞ্চি ডালি ফুল দিয়া
যাত্রা সুমঙ্গল ভাৱে।।
দৌল হন্তে তাত ঘুনুচাৰ বাৰী
দিব্য ৰাজ আলি আছে।
সুগন্ধি চন্দনে ধূপ দীপ বস্ত্রে
আড়ি আছে দুয়াে কাষে।। ৪
দুশাৰী বাটত তােৰণ পুতিলআ
থেকে গুৱা নাৰিকল।
নানা চিত্ৰ কৰি পথক নিৰ্ন্মিলা
কৰি যাত্ৰা সুমঙ্গল।।
ৰজনী পুহাইল অৰুণ জ্বলিল
চৌভিতি সাঞ্জ কোবায়।
শকটত চড়ি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়।। ৫
লক্ষ্মীৰ সেৱক লগে চলি যায়
গৃহে এক পাণ্ডা ৰৈলা।
যতেক পৰিচা পাণ্ডা নিৰন্তৰে
কৃষ্ণৰ সঙ্গে চলিলা।।
দাইনে বলভদ্র মধ্যত সুভদ্রা
বামে চলে জগন্নাথ।
চৌভিতি আৱৰি জয়ধ্বনি কৰি
কৌটি ব্রহ্মাণ্ডৰ নাথ।। ৬
অনেক সুন্দৰী যাত্রা শুভ কৰি
ডালি ফল লৈয়া হাতে।
উৰুলি জোকাৰ উৎসৱ কৰিয়া
দূৰ্ব্বাক্ষত সিঞ্চে মাথে।।
কেহাে পঞ্চামৃত সিঞ্চে দিব্য পুষ্প
বৰিষে শকট ভৰি।
জয় জয় বুলি চৌভিতি ঘােষয়
যাত্রা মহােৎসৱ কৰি।। ৭
কাহালী মহৰী ঢাক ঢােল ভেৰী
অসংখ্য যন্ত্র বজায়।।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
ফাঙ্কু গুড়ি সিঞ্চয়।।
অসংখ্যাত লােকে শকট আজোড়ে
মুখে কৃষ্ণ গুণ গাই।
পৰিচাসকলে ঠাকুৰৰ মাথে
শ্বেত ছত্র ধৰি যাই।। ৮
কতাে কতাে সৱে উৎসৱ কৰিয়া
মাধৱৰ চাপি কোলে।
অল্প অল্প কৰি সুৱৰ্ণৰ দণ্ড
ধৰিয়া চামৰ ঢুলে।।
পৰম আনন্দে নটী নৃত্য কৰে
চপয় পঢ়য় ভাটে।
জয় কৃষ্ণ বুলি হাত তুলি তুলি
উপৰক চাই ৰটে।। ৯
যােগী ব্রহ্মচাৰী উদাস সন্ন্যাসী
যতি ব্ৰতী দিগম্বৰ।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
চলি যান্ত নিৰন্তৰ।।
কেহাে শঙ্খ বাৱে মৃদঙ্গ বজাৱে
তাল কৰতাল ঠুকি।
উৰ্দ্ধবাহু হুয়া কৰে তাল ধৰি
কীৰ্ত্তন কৰে উৎসুকি।। ১০
সুগন্ধ চন্দন ধূপ লগাই তুলি
নাচে উপৰক চাই।
পৃথিৱীৰ হন্তে উল্লাস কৰিয়া
বৈকুণ্ঠক যেন যাই।।
কেহাে আগ বাঢ়ে কেহাে পাছ গুচে
পৰম আনন্দ মনে।
লৱৰা লৱৰি কৰি ৰঙ্গে যাই
কৃষ্ণৰ কীৰ্ত্তন ভণে।। ১১
ঘনে ঘনে দেয় উৰুলি জোকাৰ
ডাকে জয় কৃষ্ণ বুলি।
পাইলাে পাইলাে বুলি দেৱ নাৰী নাচে
উপৰক হাত তুলি।।
যত ব্ৰতী যােগী সন্ন্যাসী ভিক্ষুক
নৰ নাৰী যত প্রাণী।
কৃষ্ণৰ কীৰ্ত্তন বিনে কাৰাে মুখে
নাহিকে লৌকিক বাণী।। ১২
গােৱিন্দ ভাৱকে কীৰ্ত্তন কৰন্তে
সৰ্ব্বলােকে গাৱে ছানি।
পৰম উৎসৱে স্বৰ্গকো লঙ্ঘিলে
কৃষ্ণৰ কীৰ্ত্তন ধ্বনি।।
ঠক ঠক কৰি শকট চলয়
মােট ভৰি ঠাৱে ঠাৱে।
দূৰ্বাক্ষত সিঞ্চি ডালি ফুল দিয়া
যাত্রা সুমঙ্গল ভাৱে।।
দৌল হন্তে তাত ঘুনুচাৰ বাৰী
দিব্য ৰাজ আলি আছে।
সুগন্ধি চন্দনে ধূপ দীপ বস্ত্রে
আড়ি আছে দুয়াে কাষে।। ৪
দুশাৰী বাটত তােৰণ পুতিলআ
থেকে গুৱা নাৰিকল।
নানা চিত্ৰ কৰি পথক নিৰ্ন্মিলা
কৰি যাত্ৰা সুমঙ্গল।।
ৰজনী পুহাইল অৰুণ জ্বলিল
চৌভিতি সাঞ্জ কোবায়।
শকটত চড়ি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়।। ৫
লক্ষ্মীৰ সেৱক লগে চলি যায়
গৃহে এক পাণ্ডা ৰৈলা।
যতেক পৰিচা পাণ্ডা নিৰন্তৰে
কৃষ্ণৰ সঙ্গে চলিলা।।
দাইনে বলভদ্র মধ্যত সুভদ্রা
বামে চলে জগন্নাথ।
চৌভিতি আৱৰি জয়ধ্বনি কৰি
কৌটি ব্রহ্মাণ্ডৰ নাথ।। ৬
অনেক সুন্দৰী যাত্রা শুভ কৰি
ডালি ফল লৈয়া হাতে।
উৰুলি জোকাৰ উৎসৱ কৰিয়া
দূৰ্ব্বাক্ষত সিঞ্চে মাথে।।
কেহাে পঞ্চামৃত সিঞ্চে দিব্য পুষ্প
বৰিষে শকট ভৰি।
জয় জয় বুলি চৌভিতি ঘােষয়
যাত্রা মহােৎসৱ কৰি।। ৭
কাহালী মহৰী ঢাক ঢােল ভেৰী
অসংখ্য যন্ত্র বজায়।।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
ফাঙ্কু গুড়ি সিঞ্চয়।।
অসংখ্যাত লােকে শকট আজোড়ে
মুখে কৃষ্ণ গুণ গাই।
পৰিচাসকলে ঠাকুৰৰ মাথে
শ্বেত ছত্র ধৰি যাই।। ৮
কতাে কতাে সৱে উৎসৱ কৰিয়া
মাধৱৰ চাপি কোলে।
অল্প অল্প কৰি সুৱৰ্ণৰ দণ্ড
ধৰিয়া চামৰ ঢুলে।।
পৰম আনন্দে নটী নৃত্য কৰে
চপয় পঢ়য় ভাটে।
জয় কৃষ্ণ বুলি হাত তুলি তুলি
উপৰক চাই ৰটে।। ৯
যােগী ব্রহ্মচাৰী উদাস সন্ন্যাসী
যতি ব্ৰতী দিগম্বৰ।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
চলি যান্ত নিৰন্তৰ।।
কেহাে শঙ্খ বাৱে মৃদঙ্গ বজাৱে
তাল কৰতাল ঠুকি।
উৰ্দ্ধবাহু হুয়া কৰে তাল ধৰি
কীৰ্ত্তন কৰে উৎসুকি।। ১০
সুগন্ধ চন্দন ধূপ লগাই তুলি
নাচে উপৰক চাই।
পৃথিৱীৰ হন্তে উল্লাস কৰিয়া
বৈকুণ্ঠক যেন যাই।।
কেহাে আগ বাঢ়ে কেহাে পাছ গুচে
পৰম আনন্দ মনে।
লৱৰা লৱৰি কৰি ৰঙ্গে যাই
কৃষ্ণৰ কীৰ্ত্তন ভণে।। ১১
ঘনে ঘনে দেয় উৰুলি জোকাৰ
ডাকে জয় কৃষ্ণ বুলি।
পাইলাে পাইলাে বুলি দেৱ নাৰী নাচে
উপৰক হাত তুলি।।
যত ব্ৰতী যােগী সন্ন্যাসী ভিক্ষুক
নৰ নাৰী যত প্রাণী।
কৃষ্ণৰ কীৰ্ত্তন বিনে কাৰাে মুখে
নাহিকে লৌকিক বাণী।। ১২
গােৱিন্দ ভাৱকে কীৰ্ত্তন কৰন্তে
সৰ্ব্বলােকে গাৱে ছানি।
পৰম উৎসৱে স্বৰ্গকো লঙ্ঘিলে
কৃষ্ণৰ কীৰ্ত্তন ধ্বনি।।
ঠক ঠক কৰি শকট চলয়
আলােড়য় গােপ দল।
কতাে দূৰ গৈয়া ঠগ দিয়া ৰহে
মাধৱৰ কৌতূহল।। ১৩
আঝােৰে পিঝােৰে শকট নলৰে
পৰ্ব্বত যেন গম্ভীৰ।
দেখিয়া পৰিচা সৱে স্তুতি কৰে
অৱনত কৰি শিৰ।।
নমাে নাৰায়ণ সংসাৰ কাৰণ
দাৰু ব্ৰহ্মৰূপ হৰি।
যত চৰাচৰ সমস্তে সংসাৰ
আত্মাৰূপে আছা ধৰি।। ১৪
নমাে নিৰাকাৰ জগত আধাৰ
ভক্তৰ দেখা বিলাই।
আঝােৰে পিঝােৰে শকট নলৰে
তােহ্মাৰ কৃপা বিনাই।।
নমাে কৃপাময় হুয়ােক সদয়
দূৰ হৌক দুখ ভয়।
এতেক বােলন্তে শকট লৰিল
ভৈলন্ত হৰি সদয়।। ১৫
এহিমতে ৰথে প্রভু জগন্নাথ
চলি যান্ত যাত্রা কৰি।
মনত কৌতুকে পৰিচাসকলে
পুনঃ চলে ৰঙ্গ কৰি।।
নানা ভঙ্গি ভাৱে হৰি গুণ গাৱে
পৰম আনন্দ কৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি
ডাকি বােলা হৰি হৰি।। ১৬
কতাে দূৰ গৈয়া ঠগ দিয়া ৰহে
মাধৱৰ কৌতূহল।। ১৩
আঝােৰে পিঝােৰে শকট নলৰে
পৰ্ব্বত যেন গম্ভীৰ।
দেখিয়া পৰিচা সৱে স্তুতি কৰে
অৱনত কৰি শিৰ।।
নমাে নাৰায়ণ সংসাৰ কাৰণ
দাৰু ব্ৰহ্মৰূপ হৰি।
যত চৰাচৰ সমস্তে সংসাৰ
আত্মাৰূপে আছা ধৰি।। ১৪
নমাে নিৰাকাৰ জগত আধাৰ
ভক্তৰ দেখা বিলাই।
আঝােৰে পিঝােৰে শকট নলৰে
তােহ্মাৰ কৃপা বিনাই।।
নমাে কৃপাময় হুয়ােক সদয়
দূৰ হৌক দুখ ভয়।
এতেক বােলন্তে শকট লৰিল
ভৈলন্ত হৰি সদয়।। ১৫
এহিমতে ৰথে প্রভু জগন্নাথ
চলি যান্ত যাত্রা কৰি।
মনত কৌতুকে পৰিচাসকলে
পুনঃ চলে ৰঙ্গ কৰি।।
নানা ভঙ্গি ভাৱে হৰি গুণ গাৱে
পৰম আনন্দ কৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি
ডাকি বােলা হৰি হৰি।। ১৬
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ জগন্নাথ হৰি নিয়াে দাস কৰি।। ২
পদঃ এহিমতে জগন্নাথ যায় দৌল ছাড়ি।
কৌতুকতে চলি যান্ত ঘুনুচাৰ বাড়ী।।
গােপগণে শকট আজুৰি নেই বলে।
কীৰ্ত্তন কৰিয়া যায় পৰিচাসকলে।। ১৭
উৎসৱ কৰিয়া যায় পাণ্ডা নিৰন্তৰ।
আত অনন্তৰে প্রভু জগত ঈশ্বৰ।।
বেলা ভৈল প্রহৰেক দেখি দেৱ হৰি।
লাগি গৈল ক্ষুধা তনু কাম্পে তৰতৰি।। ১৮
ৰহিল শকটখান আগক নচলে।
শৰীৰৰ বল দিয়া আজোৰে গােৱালে।।
মনে জিজ্ঞাসিয়া পাছে পৰিচাসকল।
জানিলেক ফলাহাৰ বেলা আসি ভৈল ৷ ৷ ১৯
অনন্তৰে দধি দুগ্ধ ঘন ক্ষীৰ ঘৃত।
দিব্য পদ্ম চিনি চিৰা গুৰ পঞ্চামৃত।।
আনাে নানা ভােগ্য বস্তু আন উপহাৰ।
আনন্দে কৃষ্ণক কৰাইলন্ত ফলাহাৰ।। ২০
সুৱৰ্ণ ভৃঙ্গাৰ ধৰি মুখ পখালিল।
কৰ্পূৰ তাম্বুল আনি মুখশুদ্ধি দিল।।
ফলাহাৰ কৰি তুষ্ট ভৈলা দেৱ হৰি।
চলিল শকটখান মহা শীঘ্ৰ কৰি ৷ ৷ ২১
লৱৰা লৱৰি কৰি চলে দূতগণ।
পৰম উৎসৱে কৰে হৰিৰ কীৰ্ত্তন।
এহিমতে চলি যান্ত জগত ঈশ্বৰ।
দিবা অৱসানে পাইল ঘুনুচাৰ ঘৰ।। ২২
যদ্যপি ঘুনুচা বাড়ী দণ্ড দুইৰ পথ।
তথাপি দিনেকে তাত গৈল জগন্নাথ।।
ইন্দ্রদ্যুম্ন ৰাজা পূৰ্ব্বে মহােৎসৱ কৰি৷
কৃষ্ণক দৌলত নিয়া থাপিলা সাদৰি।। ২৩
ঘুঞ্চা নামে জীউখানি সৰ্ব্ব সৌভাগিনী।
কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি।।
সৰ্ব্ব সুলক্ষণী কন্যা গুণৰ ভাণ্ডাৰ।
সাক্ষাতে ভৈলন্ত যেন লক্ষ্মী অৱতাৰ।। ২৪
কৃষ্ণৰ পৰম প্রিয়া ঘুনুচা সুন্দৰী।
তাহান নগৰ ৰঙ্গে পাইলা দেৱ হৰি।।
অনন্তৰে তৈতে ঘুনুচায়াে বার্ত্তা পাইলা।
আমাৰ পাশক আজি কৃষ্ণ চলি আইলা।। ২৫
শুনি আতি মহাৰঙ্গ পাইলন্ত সুন্দৰী।
পৰিচাসৱক পঠাই দিলা শীঘ্ৰ কৰি।।
আগবাঢ়ি কৃষ্ণক আনিয়াে এহি ঠাৱ।
শুনিয়া পৰিচাগণে কৰন্ত উৎসৱ।। ২৬
নানা বস্ত্র অলঙ্কাৰ পিন্ধি নাৰী নৰ।
বান্ধৱক আগবাঢ়ি চলিলা সত্বৰ।।
কেহাে শুক্লা চামৰক লৈয়া শ্বেত ছত্র।
পৰম উৎসুকে চলে লৈয়া দিব্য বস্ত্র।। ২৭
কেহাে দধি দুগ্ধ কতাে পঞ্চামৃত লৈয়া।
চলে নৰ নাৰী কতাে চিনি ঘৃত লৈয়া।।
হস্তী ঘােড়া শকট চলিলা বহুতৰ।
বাঘ ঘােঙ্গ উট খৰ পশু নিৰন্তৰ।। ২৮
আনাে যত প্রজা আছে ঘুনুচা নগৰে।
বীৰ সাধু যােগী ভিক্ষু ধনী নিৰন্তৰে।।
বৃত্তিয়ালসৱাে চলি গৈলা মহাৰঙ্গে।
বীণা বংশী শঙ্খ তাল যন্ত্র লৈয়া সঙ্গে।। ২৯
অসংখ্যাত দিব্য নাৰী যুৱতী বিশেষ।
অলংকাৰে মণ্ডিয়া ভূষিত কৰি দেহ।।
লৈয়া ডালি ফল ঘট কৰি সুমঙ্গল।
কৃষ্ণক বঢ়াইবে আগ চলিলা সকল।। ৩০
ৰাজপথগােট লিপি সুগন্ধ চন্দনে।
পদূলি পদূলি কল ৰুইলা ৰঙ্গ মনে।।
দূৰ্ব্বাক্ষত সিঞ্চি পূর্ণ ঘটক থাপিলা।
উপৰত আমডালি পুষ্প সাৰি দিলা।। ৩১
এহিমতে নানাবিধ কৰি সুমঙ্গল।
আগ বাঢ়িবাক প্রজা চলিলা সকল।।
পৰম উৎসৱ কৰি হৰি গুণ গাই।
কৃষ্ণৰ কটক সৱ ভৈল এক ঠাই।। ৩২
অনন্তৰে প্ৰজাগণে হুয়া এক থান।
উৎসৱে কৰিবে লৈলা কৃষ্ণৰ কীৰ্ত্তন।।
বাৱে ঢাক ঢােল ভেৰী মৃদঙ্গ খঞ্জৰী।
তাল কৰতাল বাৱে কৃষ্ণক আৱৰি।। ৩৩
খােল ৰুদ্ৰ কবিলাস বাৱে স্বৰ তুলি।
উৎসৱ কৰিয়া বাৱে জয় কৃষ্ণ বুলি।।
জুমাজুমি কৰি গাৱে কৃষ্ণৰ কীৰ্ত্তন।
উৰুলি জোকাৰ ৰঙ্গে দেই ঘনে ঘন।। ৩৪
ভকতিৰ প্ৰেমৰসে কেহাে নৃত্য কৰে।
চাপৰি চাপৰি কতাে জুপি জুপি ফুৰে।।
লৱৰা লৱৰি কৰি চাৱে আগ পাছ।
উৎসুকে কীৰ্ত্তন কৰে ধৰি নানা কাচ।। ৩৫
কেহাে ধূপ দীপক জ্বালিয়া হাতে লয়।
ডেৱ পাৰি পাৰি আতি আনন্দে নাচয়।।
সিঞ্চে কেহাে ফাক্কু গুণ্ডা দূৰ্ব্বাক্ষত মাথে।
কীৰ্ত্তন কৰিয়া নাচে উপৰক হাতে।। ৩৬
এহিমতে প্রজাগণ হুয়া ৰঙ্গ মন।
উৎসৱ কৰিয়া কৰে কৃষ্ণৰ কীৰ্ত্তন।।
ইন্দ্ৰৰ ভুৱনে শুনি ধ্বনি কীৰ্ত্তনৰ।
যাত্রা মহােৎসৱ কি কহিবাে যাদৱৰ।। ৩৭
নাহি নুপজিব হেন যাত্রা মহােৎসৱ
হেন জগন্নাথ প্রভু হুয়াছে উদ্ভৱ।।
অনন্তৰে পৰিচায়ে কৃষ্ণত জনাইলা।
আগ বাঢ়িবাক ঘুনুচাৰ পাণ্ডা আইলা।। ৩৮
হেন শুনি মহাৰঙ্গ ভৈলা দেৱ হৰি।
চলিল শকটখান ঠক ঠক কৰি।।
চলি যান্তে জগন্নাথ হৰষিত মন।
উৎসৱে চলন্ত প্রজা কৰিয়া কীৰ্ত্তন।। ৩৯
এহিমতে চলে ৰঙ্গে প্রভু নাৰায়ণ।
ঘুনুচাৰ বাড়ী পাইলা গৈয়া কতােক্ষণ।।
যত প্রজা গৈয়া আছে কৃষ্ণৰ লগত।
সৱাকো নিয়মি প্রভু থৈলা নগৰত।। ৪০
ৰথে সমে পৰিচাক লৈয়া অনন্তৰে।
পশিলন্ত জগন্নাথ দৌলৰ ভিতৰে।।
পাছে ঘুনুচাৰ পাণ্ডা পৰিচাসকলে।
কৃষ্ণক কৰিলা পূজা আতি কৌতূহলে।। ৪১
ধূপ দীপ উপহাৰ নৈৱেদ্য বহুতৰ।
ভােজনৰ বস্তু যত দিলন্ত সত্বৰ।।
অনন্তৰে কৃষ্ণক পঞ্চাশ ভােগ দিলা।
দধি দুগ্ধ পিঠা পৰমান্ন বিভঞ্জিলা।। ৪২
ভােজনৰ অন্তে শয্যা দিলন্ত বিছাই।
আনন্দে থাকিল প্রভু ঘুনুচাৰ ঠাই।।
পৰিচাৰ পাণ্ডাসৱে গৈলা ঘৰে ঘৰে।
থাকিলন্ত জগন্নাথ দৌলৰ ভিতৰে।। ৪৩
ঘুনুচাৰ সঙ্গে ৰঙ্গে প্রভু দেৱ হৰি।
থাকিল অনঙ্গ ৰসে কৌতুকে মুৰাৰি।।
এহিমতে মহাৰঙ্গে প্রভু দেৱ হৰি।
সাত দিন বঞ্চিলন্ত ঘুনাচাৰ বাড়ী।। ৪৪
শুনিয়ােক সাৱধান হুয়া সৰ্ব্বজন।
মহা মহােৎসৱ কৃষ্ণ যাত্ৰাৰ কীৰ্ত্তন।।
জগন্নাথ পুৰাণৰ ইটো কথা সাৰ।
পদ বন্ধে নিবন্ধিলাে কৰিয়া প্ৰচাৰ।। ৪৫
কৃষ্ণসে পৰম বন্ধু জানিবা সতত।
কৃষ্ণৰ চৰণ পদ্ম চিন্তিয়াে মনত।।
তেৱেসে তৰিবা সুখে সংসাৰ সাগৰে।
কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে।। ৪৬
শ্ৰীধৰ কন্দলি কহে এহি মূল কাম।।
পাতেক ছাড়ােক ডাকি বােলা ৰাম ৰাম।। ৪৭
চলিল শকটখান মহা শীঘ্ৰ কৰি ৷ ৷ ২১
লৱৰা লৱৰি কৰি চলে দূতগণ।
পৰম উৎসৱে কৰে হৰিৰ কীৰ্ত্তন।
এহিমতে চলি যান্ত জগত ঈশ্বৰ।
দিবা অৱসানে পাইল ঘুনুচাৰ ঘৰ।। ২২
যদ্যপি ঘুনুচা বাড়ী দণ্ড দুইৰ পথ।
তথাপি দিনেকে তাত গৈল জগন্নাথ।।
ইন্দ্রদ্যুম্ন ৰাজা পূৰ্ব্বে মহােৎসৱ কৰি৷
কৃষ্ণক দৌলত নিয়া থাপিলা সাদৰি।। ২৩
ঘুঞ্চা নামে জীউখানি সৰ্ব্ব সৌভাগিনী।
কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি।।
সৰ্ব্ব সুলক্ষণী কন্যা গুণৰ ভাণ্ডাৰ।
সাক্ষাতে ভৈলন্ত যেন লক্ষ্মী অৱতাৰ।। ২৪
কৃষ্ণৰ পৰম প্রিয়া ঘুনুচা সুন্দৰী।
তাহান নগৰ ৰঙ্গে পাইলা দেৱ হৰি।।
অনন্তৰে তৈতে ঘুনুচায়াে বার্ত্তা পাইলা।
আমাৰ পাশক আজি কৃষ্ণ চলি আইলা।। ২৫
শুনি আতি মহাৰঙ্গ পাইলন্ত সুন্দৰী।
পৰিচাসৱক পঠাই দিলা শীঘ্ৰ কৰি।।
আগবাঢ়ি কৃষ্ণক আনিয়াে এহি ঠাৱ।
শুনিয়া পৰিচাগণে কৰন্ত উৎসৱ।। ২৬
নানা বস্ত্র অলঙ্কাৰ পিন্ধি নাৰী নৰ।
বান্ধৱক আগবাঢ়ি চলিলা সত্বৰ।।
কেহাে শুক্লা চামৰক লৈয়া শ্বেত ছত্র।
পৰম উৎসুকে চলে লৈয়া দিব্য বস্ত্র।। ২৭
কেহাে দধি দুগ্ধ কতাে পঞ্চামৃত লৈয়া।
চলে নৰ নাৰী কতাে চিনি ঘৃত লৈয়া।।
হস্তী ঘােড়া শকট চলিলা বহুতৰ।
বাঘ ঘােঙ্গ উট খৰ পশু নিৰন্তৰ।। ২৮
আনাে যত প্রজা আছে ঘুনুচা নগৰে।
বীৰ সাধু যােগী ভিক্ষু ধনী নিৰন্তৰে।।
বৃত্তিয়ালসৱাে চলি গৈলা মহাৰঙ্গে।
বীণা বংশী শঙ্খ তাল যন্ত্র লৈয়া সঙ্গে।। ২৯
অসংখ্যাত দিব্য নাৰী যুৱতী বিশেষ।
অলংকাৰে মণ্ডিয়া ভূষিত কৰি দেহ।।
লৈয়া ডালি ফল ঘট কৰি সুমঙ্গল।
কৃষ্ণক বঢ়াইবে আগ চলিলা সকল।। ৩০
ৰাজপথগােট লিপি সুগন্ধ চন্দনে।
পদূলি পদূলি কল ৰুইলা ৰঙ্গ মনে।।
দূৰ্ব্বাক্ষত সিঞ্চি পূর্ণ ঘটক থাপিলা।
উপৰত আমডালি পুষ্প সাৰি দিলা।। ৩১
এহিমতে নানাবিধ কৰি সুমঙ্গল।
আগ বাঢ়িবাক প্রজা চলিলা সকল।।
পৰম উৎসৱ কৰি হৰি গুণ গাই।
কৃষ্ণৰ কটক সৱ ভৈল এক ঠাই।। ৩২
অনন্তৰে প্ৰজাগণে হুয়া এক থান।
উৎসৱে কৰিবে লৈলা কৃষ্ণৰ কীৰ্ত্তন।।
বাৱে ঢাক ঢােল ভেৰী মৃদঙ্গ খঞ্জৰী।
তাল কৰতাল বাৱে কৃষ্ণক আৱৰি।। ৩৩
খােল ৰুদ্ৰ কবিলাস বাৱে স্বৰ তুলি।
উৎসৱ কৰিয়া বাৱে জয় কৃষ্ণ বুলি।।
জুমাজুমি কৰি গাৱে কৃষ্ণৰ কীৰ্ত্তন।
উৰুলি জোকাৰ ৰঙ্গে দেই ঘনে ঘন।। ৩৪
ভকতিৰ প্ৰেমৰসে কেহাে নৃত্য কৰে।
চাপৰি চাপৰি কতাে জুপি জুপি ফুৰে।।
লৱৰা লৱৰি কৰি চাৱে আগ পাছ।
উৎসুকে কীৰ্ত্তন কৰে ধৰি নানা কাচ।। ৩৫
কেহাে ধূপ দীপক জ্বালিয়া হাতে লয়।
ডেৱ পাৰি পাৰি আতি আনন্দে নাচয়।।
সিঞ্চে কেহাে ফাক্কু গুণ্ডা দূৰ্ব্বাক্ষত মাথে।
কীৰ্ত্তন কৰিয়া নাচে উপৰক হাতে।। ৩৬
এহিমতে প্রজাগণ হুয়া ৰঙ্গ মন।
উৎসৱ কৰিয়া কৰে কৃষ্ণৰ কীৰ্ত্তন।।
ইন্দ্ৰৰ ভুৱনে শুনি ধ্বনি কীৰ্ত্তনৰ।
যাত্রা মহােৎসৱ কি কহিবাে যাদৱৰ।। ৩৭
নাহি নুপজিব হেন যাত্রা মহােৎসৱ
হেন জগন্নাথ প্রভু হুয়াছে উদ্ভৱ।।
অনন্তৰে পৰিচায়ে কৃষ্ণত জনাইলা।
আগ বাঢ়িবাক ঘুনুচাৰ পাণ্ডা আইলা।। ৩৮
হেন শুনি মহাৰঙ্গ ভৈলা দেৱ হৰি।
চলিল শকটখান ঠক ঠক কৰি।।
চলি যান্তে জগন্নাথ হৰষিত মন।
উৎসৱে চলন্ত প্রজা কৰিয়া কীৰ্ত্তন।। ৩৯
এহিমতে চলে ৰঙ্গে প্রভু নাৰায়ণ।
ঘুনুচাৰ বাড়ী পাইলা গৈয়া কতােক্ষণ।।
যত প্রজা গৈয়া আছে কৃষ্ণৰ লগত।
সৱাকো নিয়মি প্রভু থৈলা নগৰত।। ৪০
ৰথে সমে পৰিচাক লৈয়া অনন্তৰে।
পশিলন্ত জগন্নাথ দৌলৰ ভিতৰে।।
পাছে ঘুনুচাৰ পাণ্ডা পৰিচাসকলে।
কৃষ্ণক কৰিলা পূজা আতি কৌতূহলে।। ৪১
ধূপ দীপ উপহাৰ নৈৱেদ্য বহুতৰ।
ভােজনৰ বস্তু যত দিলন্ত সত্বৰ।।
অনন্তৰে কৃষ্ণক পঞ্চাশ ভােগ দিলা।
দধি দুগ্ধ পিঠা পৰমান্ন বিভঞ্জিলা।। ৪২
ভােজনৰ অন্তে শয্যা দিলন্ত বিছাই।
আনন্দে থাকিল প্রভু ঘুনুচাৰ ঠাই।।
পৰিচাৰ পাণ্ডাসৱে গৈলা ঘৰে ঘৰে।
থাকিলন্ত জগন্নাথ দৌলৰ ভিতৰে।। ৪৩
ঘুনুচাৰ সঙ্গে ৰঙ্গে প্রভু দেৱ হৰি।
থাকিল অনঙ্গ ৰসে কৌতুকে মুৰাৰি।।
এহিমতে মহাৰঙ্গে প্রভু দেৱ হৰি।
সাত দিন বঞ্চিলন্ত ঘুনাচাৰ বাড়ী।। ৪৪
শুনিয়ােক সাৱধান হুয়া সৰ্ব্বজন।
মহা মহােৎসৱ কৃষ্ণ যাত্ৰাৰ কীৰ্ত্তন।।
জগন্নাথ পুৰাণৰ ইটো কথা সাৰ।
পদ বন্ধে নিবন্ধিলাে কৰিয়া প্ৰচাৰ।। ৪৫
কৃষ্ণসে পৰম বন্ধু জানিবা সতত।
কৃষ্ণৰ চৰণ পদ্ম চিন্তিয়াে মনত।।
তেৱেসে তৰিবা সুখে সংসাৰ সাগৰে।
কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে।। ৪৬
শ্ৰীধৰ কন্দলি কহে এহি মূল কাম।।
পাতেক ছাড়ােক ডাকি বােলা ৰাম ৰাম।। ৪৭
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ জয় হৰি জগন্নাথ চৰণত শৰণ তােমাৰ।যেন ইও সংসাৰত পাৰ।। ৩
পদঃ এহি মতে ৰঙ্গে ঢঙ্গে ঘুনুচা নাৰীৰ সঙ্গে
আনন্দে আছন্ত যদুৰায়।
ছয় দিন বহি গৈল ৰজনী প্রভাত ভৈল
নাসিলন্ত যাদৱ দুনাই।।
হেন দেখি লক্ষ্মী মাৱ মনে কৰি ক্রোধ ভাৱ
আদেশিলা পৰিচাসৱক।
সাজিয়াে শকটখান কালি পুহা বিদ্যমান
যাইবাে মই কৃষ্ণৰ পাশক।। ৪৮
যাইবাে যাদৱৰ পাশে আউৰ ঐক আসে নাসে
আষাৰে মই পুছি চাও।
ঘুনুচা মাৱৰ ঠাই ৰৌক ৰঙ্গে দামােদৰে
মই লােক দুর্যশ এড়াও।।
এহিমতে লক্ষ্মী মাৱে মনত বৈৰাগ্যভাৱে
পৰিচাসৱক আদেশিলা।
শুনিয়া পৰিচাসৱে পৰম আনন্দভাৱে
ঝান্টে গৈয়া শকট যুড়িলা।। ৪৯
লৱৰা লৱৰি কৰি সাতে পাঞ্চে হাতে ধৰি
সাজিলন্ত শকট ত্বৰিত।
ভােজনৰ বস্তু মানে থৈলা সৱে থানে থানে
দধি দুগ্ধ গুড় পঞ্চামৃত।।
ৰজনী প্রসন্ন ভৈলা সাঞ্জ কোবাইবাক লৈল
পূবে ভৈল অৰুণ উদয়।
পৰিচাসকলে জানি শকট যােগাইলা আনি
কাচ পাৰ কৰি আতিশয়।। ৫০
হেন দেখি লক্ষ্মী সতী কাচ পাৰ কৰি আতি
শকটত চড়ি তাৱক্ষণ।
এতিক্ষণে ৰাজবাটে শকট চলােক ঝাণ্টে
পৰিচাক বুলিলা বচন।।
আছে মােৰ যত লােক কেহাে ঐত নাথাকোক
আসন্তোক সঙ্গতে আমাৰ।
ঘুনুচা নগৰে আজি সমদলে যাইবাে সাজি
নগৰক কৰিবা উবাৰ।। ৫১
শুনিয়া পৰিচাগণে পৰম আনন্দ মনে
শকট চলাইলা সেহি ছেগে।
চলিলন্ত লক্ষ্মী আই কিঞ্চিতেকো শঙ্কা নাই
বলাইলা শকট বায়ু বেগে।।
ৰঙ্গ কৰি ঠাৱে ঠাৱে ঢাক ঢােল ভেৰী বাৱে
ৰঙ্গে কতাে নচুৱাৱৈ গাউল।। ৫২
হেৰা পাইলাে পাইলাে বুলি কৰি যায় হুলহুলি
সৰ্ব্বলােকে পৰম আটোপে।
অনন্তৰে লক্ষ্মী আই পৰিচাসৱক চাই
মাতিলন্ত মাধৱত কোপে।
দেখা দেখা সৰ্ব্বজনে বিচাৰ কৰিয়া মনে
কিনাে দোষ দিবাহা আহ্মাৰ।
একগােটা তিৰী পাই ভােল ভৈলা যদুৰায়
এৰিলেক ঘৰ আপুনাৰ।। ৫৩
যােড়শ বৎসৰ মানে ভাৰ্য্যা নপাই একোথানে
ফুৰিল বলা ভাত খাই।
উপায় কৰিয়া পাছে আসি যাদৱৰ কাছে
মই পুনঃ ধৰিলাে চপাই।।
মই বিনে ভিঠি নাই তথাপিতাে যদুৰায়
মােক ভাল মনত নমানি।
টেটোন যুৱাৰ নয় আৱে মােক নােসােধয়
পাইল ভাৰ্য্যা নাগেৰী ডাকিনী।। ৫৪
ডাকিনীয়ে তাৱক্ষণে মােহােক ভাণ্ডিয়া মনে
যাদৱক পাইলেক বৈসুধা।
আপুনাৰ দৌল ছাড়ি গৈল মােক পৰিহৰি
মায়েকৰ শুনিলেক বাধা।।
যুৱা কাল বহি গৈল বয়সতাে বৃদ্ধ ভৈল
তথাপিতাে তিৰীকেসে মন।
পুনু পুনু দেও হাক নুশুনয় মােক বাক
কিনাে ভৈল লুভীয়া টেটোন।। ৫৫
বেঢ়ি হাসে সামৰাজ তথাপি নাহিকে লাজ
কতনাে সহিবাে আহুকাল।
যাদৱৰ মুখ চাই থাকো বান্দী ভাত খাই
আত কৰি সেহি বৰ ভাল।।
কিন্তু লােকে হাসিবেক নােসােধয় পৈয়েকক
দম্ভ কৰিলেক তিৰী হুই।
এতেকেসে চলি যাও আসে নাসে পুছি চাও
সতিনীৰ মাথে দেও জুই।। ৫৬
আজি গৈয়া লাগ পাইবাে সতিনীৰ মুণ্ড খাইবাে
কৰিবাে উচিত যাদৱৰ।
এই বুলি যান্ত চলি দণ্ড ছয় ভৈল বেলি
নগৰৰ পাইলন্ত দুৱাৰ।।
শুনিয়ােক সৰ্ব্বলােকে সুখে মােক্ষ সাধিয়ােক
এড়ি সৱে ভাষ ভুষ কাম।।
দুৰ্ঘোৰ সংসাৰ হেলি বৈকুণ্ঠক যাইবা চলি
নিৰন্তৰে বােলা ৰাম ৰাম।। ৫৭
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ যদুৰায় কেনে আইলা।দৌলৰ বজাই ঐ যদুৰায়।। ৪
পদঃ যাদৱাত আতি কোপ আশেষ।
ভৈলন্ত দ্বাৰত লক্ষ্মী প্রৱেশ।।
পৰিচায়ে দিলে বেতৰ বাড়ি।
পলাইলা দ্বাৰী দুৱাৰক ছাড়ি।। ৫৮
শকটক ৰাখি লক্ষ্মী তৈত ৰৈলা।
লগৰ কটক নগৰে গৈলা।।
নগৰীয়াসৱে কৰি উসমিস।
ভয়তে সৱে পলায় দশােদিশ।। ৫৯
লৱৰা লৱৰি কৰি পলাই।
লক্ষ্মীৰ কটকে খেদিয়া যাই।।
কতাে দূৰে গৈয়া বেড়িয়া ধৰে।
লক্ষ্মীৰ সৈন্যে বেত বাড়ি মাৰে।। ৬০
ভুকু লাঠি কিল মাৰে চৱৰে।
হাতৰ এড়াই দেয় লৱৰ।।
পসাৰ পাতিয়া আছে পসাৰী।
সাতে পাঞ্চে গৈয়া বেড়িয়া ধৰি।। ৬১
বেত বাড়ি মাৰি তাইক খেদায়।
সমস্তে দ্ৰৱ্যক লুৰিয়া খায়।।
দুৱাৰ মাৰিয়া গৃহ সােমায়।
লুকাইবে নৱাৰি অন্তৰি যায়।। ৬২
ছৱালি ধৰিয়া আস্ফালে তুলি।
কান্দিয়া ফুৰে আই বাপু বুলি।।
কোবায়া ভাঙ্গয় দধিৰ ভাণ্ড।
ঘুনুচা নগৰ কৰে উচাণ্ড।। ৬৩
ভাল ভাল বস্তু লােৰে গুৱালে।
আঞ্চোৰে ধৰি কাৰাে বস্ত্ৰ ফালে।।
লৱৰা লৱৰি কৰি পলাই।
নগৰ ছাড়িয়া দূৰক যায়।। ৬৪
পাইলে পাইলে বুলি উলটি চাৱে।
সমস্তে নগৰ ভাগিয়া যাৱে।।
কতাে অভ্যন্তৰে চলিয়া যায়।
কৃষ্ণৰ আগত বার্তা জনায়।। ৬৫
নমাে জগন্নাথ জগতপতি।
শুনিয়াে কাৰ্য্য ভৈল বিসঙ্গতি।।
তােহ্মাক খেদি আইলা লক্ষ্মী মাৱে।
দ্বাৰত আছে আতি ক্রোধভাৱে।। ৬৬
লক্ষ্মীৰ কটকে লােৰে অপাৰ।
সকলে নগৰ ভৈল উজাৰ।।
পলাইবাক প্রজা নপাৱে ঠাই।
কিমতে ৰক্ষা কৰা যদুৰায়।। ৬৭
হেন শুনি পাছে ঘুনুচা নাৰী।
কৃষ্ণক মাতে নম্র ভাৱ কৰি।।
নমাে জগন্নাথ জগত বাপ।
ভক্তৰ তুমি হৰা তিনি তাপ।। ৬৮
শুনিয়াে কমল লােচন হৰি।
তাহাঙ্ক আমি আগে আছে ডৰি।।
জানাে লক্ষ্মী আসি দৌল সােমায়।
তাঙ্ক ভয়ে মােৰ ধাতু উৰায়।। ৬৯
লক্ষ্মীয়ে পাইলে কি ৰাখিবে মােক।
মাৰিবে ধৰি হসুৱাইবে লােক।।
সমস্তে নগৰী কৰিল ছন্ন।
পলাইল সৱে নৰ নাৰীগণ।। ৭০
প্রবােধি লক্ষ্মীক দিয়াে পঠাই।
ঐক লাগি যেন নাসে দুনাই।।
শুনিয়া কৃষ্ণে চপড়াইলা মাথ।
মাতিবে লৈলা প্রভু জগন্নাথ।। ৭১
আমাৰ বচনে যাউক বজাই।
কিসক লক্ষ্মী আসে কোপে ধাই।। ৭২
সমস্তে বস্তু থৈয়া আইলাে ঘৰে।
আসিয়া আছাে ঐক একেশ্বৰে।।
লুৰি ছন্ন কৰে কিয় নগৰ।
কালি প্রাতে মই যাইবাে ঘৰ।। ৭৩
মােহােক চাহি কোপ পৰিহৰি।
দৌলক লাগি লক্ষ্মী যাউক বাহুৰি।।
শুনিয়া পৰিচা গৈল বজাই।
লক্ষ্মীৰ আগত মাতে বিনাই।। ৭৪
শুনিয়া সৱে জগন্নাথ লীলা।
ৰাম কৃষ্ণ বুলি বৈকুণ্ঠে চলা।। ৭৫
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ জয় জগন্নাথ পশিলো শৰণ।ৰঙ্গা পাৱে দিয়া ঠাই।
আউৰ যেন মােৰ সংসাৰ সাগৰে
নহােক জন্ম দুনাই ৷ ৷ ৫
পদঃ পৰিচায়ে শুনি পাছে কৃষ্ণৰ বচন।
লক্ষ্মীক ভেটিবে গৈলা পৰিচা তেখন।।
দধি দুগ্ধ পঞ্চামৃত বিবিধ অপাৰ।
লৱণু শৰ্কৰা চিনি লৈ যান্ত সম্ভাৰ।। ৭৬
আথে বেথে পৰিচায়ে দুৱাৰক যাই।
লক্ষ্মীক প্রণাম কৰি দুনাই দুনাই।।
অৱনত ভাৱ হুয়া পুটাঞ্জলি ধৰি৷
লক্ষ্মীক মাতিবে লৈলা ধীৰে ধীৰে কৰি।। ৭৭
নমাে লক্ষ্মী মাৱ তুমি হুয়ােক সদয়।
তুমি সমস্তৰে আদি প্রকৃতি নিশ্চয়।।
তােমাৰেসে সত্ত্ব ৰজ তম তিনি গুণ।
তুমি জগতৰ সৃষ্টি স্থিতিত নিপুণ।। ৭৮
তােমাতেসে সমস্তে জগতে হােৱে লয়।
তােমাৰেসে ইটো যত জন নিশ্চয়।।
তুমিসে ঈশ্বৰী আসি আছা অৱতৰি।
বিষুক আশ্রয়ি আছা মহা ৰঙ্গ কৰি।। ৭ ৯
তযু কটাক্ষক বাঞ্চা কৰে ব্ৰহ্মা হৰে।
তেমাৰেসে প্রসাদত জীৱ চৰাচৰে।।
নমাে লক্ষ্মী মাৱ তুমি হুয়ােক প্রসন্ন।
কোপ পৰিহৰি শুনা কৃষ্ণৰ বচন।। ৮০
তােমাক লাগিয়া কৃষ্ণে বুলিয়া পঠাইল।
কি কাৰণে পদ্মা মােক কোপ কৰি আইল।।
সকল সৰ্ব্বস্ব মই এড়ি আইলাে ঘৰে।
ঘুনুচাৰ বাড়ী লাগি আইলাে একেশ্বৰে।। ৮১
ধন ৰত্ন দৌল দিয়া আসিলাে লক্ষ্মীক।
তথাপিতাে লক্ষ্মী মােক কোপ কৰে কিক।।
ঘুনুচাক বিহা কৰি আছােহাে নিশ্চয়।
ঐক নাসিলে কি ভাল কোনেবা বােলয়।। ৮২
অকাৰণে এত মান কৰয় আক্রোশ।
ছন্ন কৰে নগৰ প্ৰজাত কিবা দোষ।।
মােৰ বাক্যে এতিক্ষণে ক্রোধ পৰিহৰি।
নগৰক লাগি লক্ষ্মী যাউক বাহুৰি।। ৮৩
কালি প্রভাততে মই যাইবাে সাৰে সাৰ।
যাউক উলটি লক্ষ্মী বাক্যে ৰাখি মােৰ।।
তােমাক লাগিয়া বস্তু পঠাই দিলা হৰি।
হেন জানি লক্ষ্মী দেৱী কোপ পৰিহৰি।। ৮৪
পালটিয়া যায়ােক মাৱ হুয়া ৰঙ্গ মন।
শুনি লক্ষ্মী পৰিচাক বুলিলা বচন।।
বস্তুৰ দুখীয়া মই যাদৱে জানিলা।
এতেকেসে মােক লাগি দধি দুগ্ধ দিলা।। ৮৫
যাদৱৰ বস্তুত মােহােৰ কাৰ্য্য নাই।
ঘুনুচাক লাগি আৱে দিয়ােক পঠাই।।
ঘৰ বাড়ী এৰি আইল ঘুনুচাৰ ঘৰে।
আউৰ কাক চাইবে লাগি আসিবে নগৰে।। ৮৬
যাদৱৰ বাক্যে মােৰ গাৱ নুজুৰাই।
গুচি আইল মােক শুদা গৃহতে পেলাই।।
আৰু যাদৱত মােৰ কিবা আছে আশ ।
যাইবাক লাগে যাদৱ মােৰ পাশ।। ৮৭
নযাইব নযাইব আউৰ গৃহক দুনাই।
মায়েকৰ ঘৰত থাকোক এহি ঠাই।।
চলি যাও আমা সৱে আপুনাৰ ঘৰে ৷
কৈৰ সেনাগণ লাগ লৈয়ােক সত্ত্বৰে।। ৮৮
তেতিক্ষণে আসি নিসানত দিলা বাড়ি।
লক্ষ্মীৰ কটক সৱে শুনিলেক সাৰি।।
লাগ লৈল আসি সৱে আথবেথ কৰি।
চলি গৈলা লক্ষ্মী মাৱ আপুন নগৰী।। ৮৯
ঘুনুচাৰ লােকসৱ যেন ধাতু আইল।
দশােদিশ হন্তে আসি সােমাইল।।
কেহাে বােলে এৰাইলােহে লৱৰৰ বলে।
কেহাে বােলে মােৰ মাত্ৰ বুলি কেৱলে।। ৯০
কতাে বােলে মােৰ মাত্ৰ ভাঙ্গিলেক ঘৰ।
নিলেক সৰ্ব্বস্ব বুলি কান্দে কতাে নৰ।।
কেহাে বােলে লুৰিলেক ঐত মােক পাই।
কেহাে বােলে মােক নপাই মাৰিলে ভৈয়াই।। ৯১
কেহাে বােলে মােক নপাই মাৰিলে ছৱাল।
কেহাে বােলে ভাগ্যেসে এড়াইলাে মই ভাল।।
কেহাে বােলে মােৰ বস্তু নিলে এহি ঠাৱে।
চোৱা চোৱা বুলি কতাে পিঠিক দেখাৱে।। ৯২
এহি বুলি নগৰীয়া ৰৈলা সেহি ঠাই।
দৌলক বাহুৰি চলি গৈল লক্ষ্মী আই।।
শীঘ্র বেগে চলে গৈলা কৰি মহােৎৱ।
কতাে বেলি পাইলা গৈয়া আপুনাৰ ঠাৱ।। ৯৩
নাৰীগণে শুনিলা আসিল লক্ষ্মী আই।
ঘট ডালি দীপ লৈয়া তেখনে বঝাই।।
পৰম উৎসৱ কৰি চলিলা সাদৰি।
দৌল লাগি আগবাঢ়ি নিলেক আৱৰি।। ৯৪
দৌলত পশিয়া লক্ষ্মী আনন্দ মিলাইল।
যাদৱক লাগিয়া পঞ্চিশ ভােগ দিল।।
অনন্তৰে লক্ষ্মী মাৱে ভােজন কৰিলা।
পদ্মচিনি পিঠা পৰ্মান্নক ভুঞ্জিলা।। ৯৫
পৰম উৎসৱে থাকিলন্ত সেহি ঠাৱ।
এহি মানে থৈলাে কথা লক্ষ্মীৰ প্ৰভাৱ।।
শুনা জগন্নাথ পাছে যি কৰ্ম্ম কৰিল।
সপ্তম দিৱস তৈতে কৌতুকে বঞ্চিল।। ৯৬
অষ্টম দিৱস ভৈল প্রভাত সময়।
দৌলক লাগিয়া গৈল প্রভু কৃপাময়।।
শুনিয়ােক নৰ নাৰী কৰি স্থিৰ মন।
জগন্নাথ পুৰাণৰ কথা বিতােপন।। ৯৭
নাৰদৰ আগে পূৰ্ব্বে ব্রহ্মায়ে কহিলা।
জগন্নাথ যাতে ঘুঞ্চা গৃহত চলিলা।।
মাধৱৰ পাদ পদ্ম চিন্তিয়া মনত।
মতি অনুসাৰে নিবন্ধিলাে পদ যত।। ৯৮
নিৱন্ধিলাে পদ শ্লোক অর্থ অৱগাই।
নকৰিবা নিন্দা মােক শাস্ত্রক নাচাই।।
আনাে শাস্ত্র মত আনি মিশ্ৰ কৰি মাজে।
পদ্যার্থে ৰচিলাে যেৱে বুজে সামৰাজে।। ৯৯
শ্ৰীধৰ কন্দলি পদ কৰিল প্ৰচাৰ।
ৰাম কৃষ্ণ বুলি তৰা দুৰ্ঘোৰ সংসাৰ।। ১০০
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ যাদৱ মাধৱ দেৱ দামােদৰতযু পাৱে লৈলাে বাস।
পুনু নকৰা নৈৰাশ দিন কতিপয়
থাকি প্রভু চলি যাস।। ৬
পদঃ শুনা সৰ্ব্বজনে আত অনন্তৰে
যেন ঠান কথা ভৈল।
কৃষ্ণৰ আদেশে লক্ষ্মী তাৱক্ষণে
দৌল লাগি চলি গৈল।।
নগৰীয়া গণে হুয়া ৰঙ্গ মনে
থাকিলা আপুন ঠাৱে।
জগন্নাথে ৰঙ্গে ঘুনুচাৰ সঙ্গে
আছিলা আনন্দ ভাৱে।। ১০১
ঘুনুচাৰ আগে প্রভু জগন্নাথে
বুলিলা মৃদু বচন।
তুমি থাকা ঐত কালি প্রভাতত
মই যাও নিজ ভুৱন।।
ঘুনুচায়ে শুনি হেঠ মাঠে গুণি
অসন্তোষে নম্রভাৱে।
গদগদ বাক্যে বুলিবে লাগিলা
মাধৱৰ ধৰি পাৱে।। ১০২
নমাে জগন্নাথ ত্রিদশৰ নাথ
মই যে বৰ দুখিনী।
দিন কতিপয় থাকা কৃপাময়
কৰা কৃপা যদুমণি।।
নাহি পিতৃ আই নাহি মােৰ ভাই
সৱে গৈল পৰলােক।
ইসব সমস্তে তােমাৰ পাৱত
অর্পিয়া গৈলেক মােক।। ১০৩
তােমাৰ চৰণে কায় বাক্যে মনে
পশিলাে মই শৰণ।
তুমিও আৱেসে মােক তেজি যােৱা
কাহাত জুৰাইবাে মন।।
হেৰা আসাে বুলি বৎসৰেক অতে
আসিলা মােৰ নগৰী।
টাটকীয়া যেন টাটক দেখায়া
কেনে যাহা পৰিহৰি।। ১০৪
নিষ্ফল জীৱন যিটো নাৰীগণ
স্বামীৰ নাহি মিলন।
সমস্তে কহয় ৰমণীৰ গতি
স্বামীৰ পদ অৰ্চ্চন।।
নেড়িবাে ইবাৰ চৰণ তােমাৰ
থাকা প্রভু এহি স্থান।
যদি মােক তেজি যাহা প্রভু আজি
তেজিবাে এথাতে প্রাণ।। ১০৫
এড়ি গৈলে মােক হাসিবেক লােকে
ঘুনুচাক দুষ্টা জানি।
গৃহক আসিয়া গৈলেক এড়িয়া
কি কাৰণে চক্রপাণি।।
হেন বাণী বুলি ঘুনুচা সুন্দৰী
কৃষ্ণৰ পড়িয়া পাৱে।
হুমহুম কৰি কান্দিবে লাগিলা
মনে অসন্তোষভাৱে।। ১০৬
নয়নৰ জলে তিয়াইল সকলে
প্রভুৰ দুই চৰণ।
দেখি দেৱ হৰি ঘুনুচাক ধৰি
বুলিলা মৃদু বচন।।
মাধৱে বােলন্ত ঘুনুচা সুন্দৰঈ
এড়া অসন্তোষ ভাৱ।
তুমি মােৰ জায়া আতি মােৰ দায়া
আসি আছাে তযু ঠাৱ।। ১০৭
লক্ষ্মীও যেনয় তুমিও তেনয়
নাহি কিছু ভিন্ন ভাৱ।
লক্ষ্মীৰ পাশত থাকো যেন মত
থাকোহাে তােমাৰ ঠাৱ।।
লক্ষ্মীৰ যতেক ধন জন গৃহ
সৰ্ব্বস্ব দৌল ভাণ্ডাৰ।
আনাে বস্তু যেন এহি নগৰত
সমস্ত আছে তােমাৰ।। ১০৮
সৰ্ব্বকালে মােৰ তােমাকেসে স্নেহ
লক্ষ্মীতাে কৰি অধিক।
হেন জানি সতী হুয়াে শান্ত মতি
অসন্তোষ কৰা কিক।।
সাতদিন ভৈল দৌল ছাড়ি আইলাে
আমাৰ মনে আকুলে
উৰ বুৰ কৰি যাইবে লাগে মােৰ
ইহাতে অকাৰ্য্য মিলে।। ১০৯
হুয়া শান্ত মন থাকা এহি থান
আসিবাে মই দুনাই।
কিন্তু এতিক্ষণে দৌল লাগি যাও
সিটো মােৰ নিজ ঠাই।।
আনাে নানা মত বুলিলা বচন
ঘুনুচাক শান্ত কৰি।
প্রভাত সময় জানি কৃপাময়
গাৱ চালিলন্ত হৰি।। ১১০
দেখি দশােদিশে পৰম হৰিষে
নিসানত দিল বাড়ি।
শকটত চৰি প্রভু গৈল লৰি
ঘুনুচাৰ পাশ ছাড়ি।।
বলাে সুভদ্রায়ে সহিতে যাদৱ
চলি যান্ত কৌতূহলে।
পৰম আনন্দে গােৱালে শকট
টানিবাক লৈলা বলে।। ১১১
কৃষ্ণৰ সঙ্গত আছে প্রাণী যত
উৎসৱে কীৰ্ত্তন কৰে।
চলি গৈল প্রভু শকটত চৰি
আপােনাৰ নিজ ঘৰে।।
ঘােড়াখ ছুটিয়ে ৰথক চলাৱে
কিঞ্চিতেকো মিছা নাই।
দণ্ড চাৰি বেলা ভৈল মাত্রে গৈয়া
নগৰ পাইলা দুনাই।। ১১২
প্রভু আসিবাৰ দেখিয়া আনন্দে
ভৈল সৱে নৰ নাৰী।
আনন্দে অশেষ কৰিলা নিশেষ
কৃষ্ণক ৰঙ্গে আৱৰি।।
পদূলি পদূলি তােৰণ পুতিলা
তুলি থৈল ঘট জল।
উৰুলি জোকাৰ সিঞ্চে দুৰ্ব্বাক্ষত
ঘটৰ উপৰে ফল।। ১১৩
সকল প্রজায়ে হৰি হৰি ডাকে
পঢ়ে জয় সুমঙ্গল।
নানা ভঙ্গি ভাৱে জয়ধ্বনি ৰাৱে
লঙ্ঘিলেক স্বর্গ কোল।।
এহিমতে পাছে প্রভু জগন্নাথে
উৎসৱ কৰিয়া যায়।
দৌলৰ দ্বাৰত শকট সহিতে
গৈল প্রভু যদুৰায়।। ১১৪
দৌল দ্বাৰ পাই শকট ৰখাই
ৰৈলা তৈতে যদুপতি।
নৰ নাৰী যত পৰিচা সমস্ত
বেড়িয়া ৰৈল চৌভিতি।।
দেখিয়া দুৱাৰী লৰি তাৱক্ষণে
লক্ষ্মীত জনাইলা যায়।
শুনা সৰ্ব্বজন কেদিন জীৱন
কেতিক্ষণে প্রাণ যায়।। ১১৫
নজানি অথিতি মিলিল দুর্গতি
কৃষ্ণ বিনে বন্ধু নাই।
এড়া আন কাম ডাকি ৰাম ৰাম
চলিয়াে বৈকুণ্ঠ ঠাই।। ১১৬
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ নমাে দেৱ দায়াশীল জগত আধাৰদৈৱকী নন্দন দেৱ।
তােমাৰ চৰণে পশিলাে শৰণে
কৃপা কৰা প্ৰভু দেৱ।। ৭
পদঃ অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি।
অভ্যন্তৰে চলি গৈল আতি শীঘ্ৰ কৰি।।
লক্ষ্মীৰ আগত কথা কহে হেথ মাথে।
দুৱাৰত ৰহিয়া আছন্ত জগন্নাথে।। ১১৭
যেন লাগে মােক আজ্ঞা দিয়ে লক্ষ্মী আই।
শুনি দেৱী মাতিলন্ত পৰিচাক চাই।।
লক্ষ্মীয়ে বােলন্ত শুনা শুনা মােৰ বাক।
দ্বাৰ ছাড়ি আসিবে নেদিবা যাদৱাক।। ১১৮
যাদৱায়ে আসিবে নলাগে মােৰ ঠাই।
ঘুনুচাৰ বাড়ী লাগি চলােক দুনাই।।
হেন শুনি দুৱাৰী ত্বৰিতে গৈলা চলি।।
দ্বাৰত ৰহিল গৈয়া বান্ধিয়া শিকলি।। ১১৯
তাত পাছে প্রভু পৰিচাক আদেশিলা।
দ্বাৰ ছাড়ি দেহ বুলি দ্বাৰীক মাতিলা।।
শুনি দ্বাৰী বােলে লক্ষ্মী দিয়া আছে হাক।
দ্বাৰ ছাড়ি তই নিদিবিহি যাদৱাক।। ১২০
তাৱক্ষণে ঠাকুৰত জনায়ােক যাই।
দ্বাৰী দ্বাৰ নেদে বাধিলেক লক্ষ্মী আই।।
হেন শুনি কৃষ্ণে পাছে কৰি হেঠ মাথ।
পৰিচাক আদেশ কৰিলা জগন্নাথ।। ১২১
কহ গৈয়া লক্ষ্মী কিয় এত ক্ৰোধ কৰে।
দ্বাৰমুখে ৰহি আছাে মই নিৰন্তৰে।।
দ্বাৰ মেলি দিয়ােক যাও দৌলৰ ভিতৰে।
ক্ষুধায়ে তৃষ্ণায়ে দুখে মােক আতি পীড়ে।। ১২২
তাৱক্ষণে পৰিচা দৌলক গৈলা চলি।
লক্ষ্মীৰ আগত কহে কৰি কৃতাঞ্জলি।।
নমাে নমাে লক্ষ্মী মাৱ হুয়ােক প্রসন্ন।
তােমাক লাগিয়া কৃষ্ণে বুলিলা বচন।। ১২৩
আঠ দিন ভৈল মই এড়ি গৈলাে সঙ্গ।
এহি মানতে আমাক ইমান কৰে খঙ্গ।।
দ্বাৰ ছাড়ি দিয়ে লক্ষ্মী কোপ পৰিহৰি।
অভ্যন্তৰ লাগি চলি যাও শীঘ্ৰ কৰি।। ১২৪
হেন শুনি পৰিচাক মাতে লক্ষ্মী মাৱ।
যাদৱাৰ বাক্যে মােৰ নুজুৰায় গাৱ।।
কথাকো নকৈল মােক গৈল পৰিহৰি।
পৰৰ ভাৰ্য্যাক যেন পৰে যায় এড়ি।। ১২৫
যাদৱাৰ কথা মােত কহিবে লাগে।
অন্য যিবা কথা আছে কহ মােৰ আগে।।
মই বিনে যাদৱায়ে বঞ্চিবাক পাৰে।
যাদৱা নভৈলে দিন নয় কি আহ্মাৰে।। ১২৬
সুন্দৰী ৰমণী ভাৰ্য্যা পাইলন্ত যাদৱ।
আউৰ কি লাগিয়া আসিবন্ত মােৰ ঠাৱ।।
ঘুনুচাৰ সম মই নােহাে ৰূপৱতী।
নাহি লাস বেশ নােহাে নাগেৰী যুৱতী।। ১২৭
এতেকে আমাক তেজি গৈলন্ত আপুনে।
দ্বাৰকাতে কত দুখ দিয়া আছে মনে।।
শিশুকাল হন্তে আল ধৰাে যাদৱাৰ।
তথাপিতাে তান নভৈলােহাে সুৱাগৰ।। ১২৮
আৰু তান ভাল বােলাইবেক কোন নাৰী।।
ভাল বােলাইলেক এক ঘুনুচা সুন্দৰী।।
নচাও যাদৱাৰ মুখ নাসন্তোক হৰি।
ঘুনুচাৰ বাড়ী লাগি যায়ােক বাহুৰি।। ১২৯
হেন বাক্য বুলি লক্ষ্মী মৌন হুয়া ৰৈল।
শুনিয়া পৰিচা তাৱক্ষণে চলি গৈল।।
কোপ মনে লক্ষ্মী বুলিলন্ত যত বাণী।
ঠাকুৰৰ আগে সৱ কহিল কাহিনী।। ১৩০
অশেষ কৰিলাে মই লক্ষ্মীক প্রবােধ।
তথাপি লক্ষ্মীৰ মনে নপলান্ত ক্রোধ।।
দ্বাৰ ছাড়ি তথাপি নেদন্ত লক্ষ্মী মাৱে।
বােলে বাহুৰিয়া যাউক ঘুনুচাৰ ঠাৱে।। ১৩১
লক্ষ্মীৰ বচন শুনি পাছে জগন্নাথ।
লজ্জাবড় হুয়া পাছে চপৰাইলা মাথ।।
সৰ্ব্বজনে শুনিলে লক্ষ্মীৰ কোপ কাৰ্য্য।
কাংস পৰি জিন গৈল সকল সমাজ।। ১৩২
ভৈলেক মধ্যাহ্ন কাল বেলা ষােল দণ্ড।
ভৈল ঘােৰ মহাৰৌদ্র মিলিল প্রচণ্ড।।
ক্ষণাে মেঘ দিয়া কৰে দেৱে বৰিষণ।
চাপিবাক থান নপাৱন্ত প্রজাগণ।। ১৩৩
ক্ষুধায়ে তৃষায়ে পীড়া কৰে আতিশয়।
ৰৌদ্র তাপে পােৰে কতাে বৃষ্টিত তিতয়।।
মহা দুখ পায়া কতাে প্রাণী বােলে বাক।
আৱেসে উচিত দণ্ড কৰে যাদৱাক।। ১৩৪
যাহাৰ প্ৰসাদে ত্রৈলােক্যৰ সুখ হােৱে।
ব্রহ্মা মহেশ্বৰে যাক সৰ্ব্বদায়ে সেৱে।।
কৰযােড় কৰি দেৱগণে আছে চাই।
আহ্মাৰ পাশক লক্ষ্মী আসন্তোক আই।। ১৩৫
তেৱেসে ঐশ্বৰ্য্য মহা হৈবেক আহ্মাৰ।
এহি বুলি দেৱগণে বাঞ্ছয় অপাৰ।।
লক্ষ্মী বিনে সংসাৰত নাহিকে জীৱন।
লক্ষ্মী নভৈলাত হােৱে ত্রৈলােক্য উছন।। ১৩৬
হেনয় ভাৰ্য্যাক পাছে পায়া যদুৰায়।
তথাপিতাে তাঙ্ক এৰি চলে অন্য ঠাই।।
গাৱে নসহন্ত লক্ষ্মী মাৱে কৰে দণ্ড।
লক্ষ্মীতযে দোষ নাহি যাদৱাসে মন্দ।। ১৩৭
হেন কথা অন্যো অন্যে সৰ্ব্বজনে কহে।
ক্ষুধায়ে তৃষায়ে দেহা কাহাৰাে নৰহে।।
পুনৰপি পৰিচাক পঠাইলা মাধৱে।
তথাপিতাে ক্রোধভাৱ নেৰে লক্ষ্মী মাৱে।। ১৩৮
পাণ্ডাৰ উপৰি পাণ্ডা দিলন্ত পঠাই।
নাসােক বিনাই আউৰ আন বাক্য নাই।।
এহিমতে যেৱে তিনি পৰ বহি গৈল।
শুনিয়ােক তাত পাছে যেন কথা ভৈল।। ১৩৯
ঠাকুৰৰ পাশতে সুভদ্রা বৰনাৰী।
ক্ষুধায়ে তৃষায়ে দুখ সহিতে নপাৰি।।
মাতি আনি প্রবােধ কৰিলা পৰিচাক।
শীঘ্ৰ কৰি পঠাই দিলা লক্ষ্মীৰ পাশক।। ১৪০
দ্বাৰ ছাড়ি দেওক লক্ষ্মী অভ্যন্তৰে যাও।
ক্ষুধায়ে তৃষায়ে মই বৰ দুখ পাও।।
হেন শুনি পৰিচা ত্বৰিতে গৈল ধাই।
লক্ষ্মীৰ আগত কথা কহন্ত বিনাই।। ১৪১
সুভদ্রা মাতৃয়ে মােক দিলন্ত পঠাই।
তােমাৰ ননন্দখানি দুখ বৰ পায়।।
ইবেলিসে চলি গৈলাে যাদৱাৰ সঙ্গ।
কি কাৰণে লক্ষ্মীৰ আমাক লাগি খঙ্গ। ১৪২
ৰৌদ্রত শুকাই কতাে বৃষ্টিত তিতয়।
ক্ষুধায়ে তৃষায়ে দেহা অধিক দহয়।।
বােলা মােক লক্ষ্মী শীঘ্ৰ দ্বাৰ দিওক মেলি।
আপুন থানক মই শীঘ্ৰে যাও চলি।। ১৪৩
যেন লাগে প্রবােধ দিয়েক লক্ষ্মী আই।
শুনি লক্ষ্মী মাতিলন্ত পৰিচাক চাই।।
গালে হাত দিয়া লক্ষ্মী মাতিলন্ত পাছে।
সুভদ্রা ননন্দ এভাে দ্বাৰে ৰহি আছে।। ১৪৪
ননন্দেও দুখ পাৱে সঙ্গে যাদৱাৰ।
ই কি কথা মােত কহি আছে একবাৰ।।
আপুনিসে গৈল লড়ি যাদৱাৰ সঙ্গে।
ননন্দয়াে দুখ পাৱে যাদৱাত খঙ্গে।। ১৪৫
সুভদ্রা পাইলেক দুখ দোষ ভৈল মােৰ।
দ্বাৰ ছাড়ি দিয়াে দ্বাৰী আসােক সত্বৰ।।
শুনিয়া পৰিচা পাছে শীঘ্ৰে গৈল চলি।
দ্বাৰীত কহিলা গৈয়া দ্বাৰ দিয়াে মেলি।। ১৪৬
সুভদ্রাত জনাইলেক দ্বাৰ দিলে এড়ি।
শুনিয়া সুভদ্রা তাৱক্ষণে গৈলা লড়ি।।
আপুনাৰ গৃহত পশিল বিদ্যমান।
সুভদ্ৰাৰ কথা আৱে থও এহিমান।। ১৪৭
অনন্তৰে বলভদ্র বুদ্ধিত সুজান।
দেখিলা আছয় বেলি ছয় দণ্ড মান।।
কেন দুখ পাও মই বলােৱে বােলয়।
পঠাইলেক পৰিচাক লক্ষ্মীৰ আলয়।। ১৪৮
কহ গৈয়া লক্ষ্মী মােক দ্বাৰ দিয়াে মেলি।
শুনিয়া পৰিচা তাৱক্ষণে গৈল চলি।।
লক্ষ্মীৰ আগত কথা কহিলা নিঃশেষ।
অকাৰণে লক্ষ্মী মােক মনে কৰে দ্বেষ।। ১৪৯
মােক কেনে যাইবাক নেদন্ত লক্ষ্মী আই।
যাদৱাত পৰে মােত কিছু দোষ নাই।।
নেড়িল হঠাতে মই গৈলাে তান সঙ্গ।
তাতে লক্ষ্মী মােক এতমান কৰে খঙ্গ ৷ ৷ ১৫০
ক্ষুধায়ে তৃষায়ে তনু কাম্পে আতি মােৰ।
যত দুখ পাইলাে মই কৈয়া পাও ওৰ।।
দ্বাৰ ছাড়ি দিয়ন্তোক দৌল লাগি যাও।
ঘােৰ ৰৌদ্র বৃষ্টি বাতে বৰ দুখ পাও।। ১৫১
পৰিচাৰ বাক্য হেন শুনি লক্ষ্মী মাৱে।
গালে হাত দিয়া বসিলন্ত লজ্জা ভাৱে।।
কিনাে মই মন্দ নাৰী বােলাইলাে জগতে।
যাদৱাৰ গুণে দুখ পাইল জেঠালতে।। ১৫২
মই আজি লজ্জা পাইলাে যাদৱাৰ গুণে।
জেঠালতাে মােক ভাল নুবুলিবে মনে।।
যি হৌক সি হৌক পাছে দ্বাৰ দিয়াে মেলি।
বলােত জনাইলা কথা কৰি কৃতাঞ্জলি।। ১৫৩
তােমাক যাইবাক দ্বাৰ দিলা লক্ষ্মী মাৱ।
শুনি বলভদ্র ভৈল আনন্দিত ভাৱ।।
তাৱক্ষণে বলভদ্র গৈলা অভ্যন্তৰে ।
থাকিলন্ত বলভদ্র আপুনাৰ ঘৰে।। ১৫৪
বলভদ্র কথা আৱে এহিমানে থও।
শুনা আতপৰে কথা যেন ঠান কও।।
অনন্তৰে মনে বিমৰিষি যদুৰায়।
পুনৰপি পৰিচাক দিলন্ত পঠাই।। ১৫৫
শীঘ্র বেগে পাণ্ডা গৈয়া হুয়া অৱনত।
কৰপুট কৰি কহে লক্ষ্মীৰ আগত।।
লক্ষ্মীকেসে দিয়া গৈলাে যত ধন বিত্ত।।
তথাপিতাে কেনে কোপ কৰে বিপৰীত।। ১৫৬
দিন বহি গৈল ভৈল সূৰ্য্য অৱসান।
ক্ষুধায়ে তৃষায়ে মােৰ যেন ফুটে প্রাণ।।
দ্বাৰ ছাড়ি দেওক লক্ষ্মী নকৰি আক্রোশ।
ইবাৰ জানিবা সৱে মােৰ ভৈল দোষ।। ১৫৭
আউৰ গৃহ ছাড়ি মই নযাও নযাও।
শুনিয়াে পৰিচা তুমি এহি কথা কৈয়াে।।
এহিবাৰে কথা যদি সত্য নপাই মােৰ।
আৰু বাৰ গৈলে মােক নেদিবে দুৱাৰ।। ১৫৮
এহিমতে পৰিচাক দিলন্ত পঠাই।
দ্বাৰ ছাড়ি প্রভুক দিয়ােক লক্ষ্মী আই।।
হেন শুনি লক্ষ্মী মাৱে বুলিলা বচন।
যাদৱায়ে মােক আৱে দিয়া গৈল ধন।। ১৫৯
মুখত মধুৰ তান কপট হৃদয়।
বচনেক কৈলে মুখে ধন নাহি হয়।।
চৈত্র মাসে তান ভাই গােৱিন্দ ঠাকুৰ।
পুষ্প চোৰ পড়ি গৈল মালীয়াৰ ঘৰ।। ১৬০
তাঙ্ক দণ্ডি কড়ি তিনি শর্ টঙ্কা লৈলা।
মােক নেদি সিটো টঙ্কা কাক লাগি নিলা।।
পৰিচায়ে বােলে আই তুমি মহাভাগী।
প্রভু বােলে তাক থৈছাে লক্ষ্মীকেসে লাগি।। ১৬১
লক্ষ্মী বােলে যদি মােক লাগি থৈয়া আছে।
দিয়া পঠায়ােক নপাইবােহাে পাছে।।
তাৱক্ষণে পৰিচায়ে কৃষ্ণক জনাইলা।
তােমাক লাগিয়া প্রভু কথা এক কৈলা।। ১৬২
গােৱিন্দ প্রভুক চোৰ পায়া স্বৰূপত।
বন্দী কৰি লৈয়া আছে টঙ্কা তিনি শত।।
মােহােক লাগিয়া পঠাই দিয়াে সিটো ধন ।
শুনি হাস্য কৰি প্রভু বুলিলা বচন।। ১৬৩
লক্ষ্মীকেসে লাগি তাক থৈয়া আছে সাঞ্চে।
লক্ষ্মী বিনে আন মােৰ কোন প্রিয়া আছে।।
হাসি আনি দিলা পাছে টঙ্কা তিনি শত।
তাৱক্ষণে বাকি দিলা ৰূপৰ থালত।। ১৬৪
লক্ষ্মীক দিয়ােক বুলি আদেশ কৰিলা।
আতি শীঘ্ৰে পৰিচা লক্ষ্মীৰ হাতে দিলা।।
লক্ষ্মীৰ আগত থৈয়া মাতন্ত বিনাই।
ধন দিয়া পঠাইলন্ত মােক যদুৰায়।। ১৬৫
ধন দেখি হাস্য কৰিলন্ত লক্ষ্মী মাৱে।
ইটো ধন মােক লাগি থৈয়াছে যাদৱে।।
ঠাকুৰৰ বাক্য সঞ্চা পাইলােহে ইবাৰ।
দৌল লাগি আসন্তোক ছাড়ি দিয়াে দ্বাৰ।। ১৬৬
শুনি ৰঙ্গে পৰিচা ত্বৰিতে গৈল চলি।
দ্বাৰীত জনাইল গৈয়া দ্বাৰ দিয়ে মেলি।।
ঠাকুৰত বার্ত্তা গৈয়া দুৱাৰী জনাই।
তােমাক এইবাৰ আজ্ঞা দিলা লক্ষ্মী আই।। ১৬৭
হেন শুনি ঠাকুৰৰ আনন্দ মিলিল।
দশােদিশে প্রজাগণে জয় জোকাৰিল।।
নানা বাদ্য ভাণ্ড কৰে প্রজায়ে সকল।
দশােদিশে ছানি কৰে জয় সুমঙ্গল।। ১৬৮
উৰুলি জোকাৰ ৰঙ্গে দেই ঘনে ঘন।
পৰিচাসকলে কৰে কৃষ্ণৰ কীৰ্ত্তন।।
সন্ধ্যা সময়ত কৰি অনেক উৎসৱ।
দ্বাৰৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ।। ১৬৯
আসিলন্ত প্রভু লক্ষ্মী দেখি হাস্য কৰি।
কৃষ্ণক সাদৰি আসিলন্ত আগবাঢ়ি।।
নিজ থানে থৈল নিয়া অনেক আশ্বাসি।
থাকিলন্ত লক্ষ্মী দেৱী কৃষ্ণক উপাসি।। ১৭০
পঞ্চাশ ভােগক পাছে দিলা ভাৱে ভাৱে।
পৰম কৌতুকে ভােগ ভুঞ্জিলা যাদৱে।।
পৰিচাৰ পাণ্ডা মানে গৈলা থানে থানে।
দৌলত থাকিলা প্রভু আতি ৰঙ্গ মনে।। ১৭১
জগন্নাথ পুৰাণৰ ইটো কথা সাৰ।
নিবন্ধিলাে পদ অর্থ কৰিয়া বিচাৰ।।
শুনা নৰ নাৰী লােক আন কাম হেলি।
ঘুনুচাৰ সঙ্গে যাদৱাৰ যাত্রা কেলি।। ১৭২
কৃষ্ণ বিনে গুৰু গতি দাতা নাহি আন।
এক চিত্ত মনে কৰা হৰি পদ ধ্যান।।
হৰি ভক্তি বিনে আয়ু যায় আলে জালে।
উমান নপাইবা কেতিক্ষণে ধৰে কালে।। ১৭৩
কলি কালে অল্প আয়ু পাইলে সৱ নৰ।
ছকুৰি শতেক ষষ্টি পঞ্চাশ বৎসৰ।।
আত পৰে কলিত অধিক আয়ু নাই।
পাতেকৰ বলত ইহাৰাে ক্ষয় যায়।। ১৭৪
এহি ছয় ভাগ আয়ু কলি কালে দেখা।
টুটয় বাঢ়য় তাতে যমে কৰে লেখা।।
যেতিক্ষণে মাতৃ গর্ভে শৰীৰক ধৰে।
আয়ু টুটন্তেসে যায় মনত নধৰে।। ১৭৫
এহিমতে আয়ু যায় সমস্তে লােকৰ।
শৰীৰ বাঢ়ন্ত দেখি হৰিষ সৱাৰ।।
মাৱৰ গৰ্ভত যেতিক্ষণে লৱে ঠাই।
সেহিক্ষণ হন্তে আয়ু টুটন্তেসে যায়।। ১৭৬
দিন পক্ষ মাস ভেদ যাৱে গণি চাৱে।
দশ মাস দশ দিনে গর্ভৰ বজাৱে।।
দিনে দিনে কায়া বাঢ়ে দুৰ্ঘোৰ মায়ায়ে।
আয়ু যায় বুলিয়া চেতন নাহি গাৱে।। ১৭৭
এড়ি আন বৃথা হুয়াে শুদ্ধমতি।
সততে চিন্তিয়াে আত্মা কৃষ্ণত ভকতি।।
নমাে নাৰায়ণ তযু চৰণ যুগল।
ইবাৰ আমাৰ জন্ম নকৰা বিফল।। ১৭৮
নজানাে তােমাৰ স্তুতি মই মূঢ়মতি।
নকুৰা বঞ্চিত প্রভু ইবাৰ সম্প্রতি।।
দুখৰ কৰুণানিধি কৃপাৰ সাগৰ।
মই দুখিতক কৃপা কৰা দামােদৰ।। ১৭৯
যেনমতে তৰাে ইটো দুৰ্ঘোৰ সংসাৰ।
পুনঃ যেন জন্ম মৃত্যু নাহিকে আমাৰ।।
এহিমানে কৃপা কৰা প্রভু দেৱ হৰি।
নমাে নমাে কৃষ্ণ তযু চৰণত ধৰি।। ১৮০
শ্ৰীধৰ কন্দলি কহে কৃষ্ণৰ বিজয়।
আক এক মনে যিটো শুনয় ভণয়।।
কৃষ্ণৰ বিজয় ইটো শুনা ৰঙ্গ মনে।
ৰাম কৃষ্ণ বুলি চলা বৈকুণ্ঠ ভুৱনে।। ১৮১
-ঘুনুচা কীৰ্ত্তন সমাপ্ত-
-----------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।


0 Comments
Please do not enter any spam link in the comment box.