কীৰ্ত্তন ঘােষা
কংস বধ
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ হৰিসে আতমা হৰিসে বন্ধু।
তৰি হৰি নামে সংসাৰ সিন্ধু।। ১
পদঃ কেশীক বধিয়া আছন্ত হৰি।
বৰিষে পুষ্প দেৱে স্তুতি কৰি।।
সেহি বেলা আসি নাৰদ ঋষি।
কৃষ্ণক বুলিলা মহা হৰিষি।। ১
হে কৃষ্ণ কৃষ্ণ প্রণামাে আমি।
সমস্ত ভূতৰ আতমা স্বামী।।
পুৰাণ পুৰুষ ঈশ্বৰ সাক্ষী।
সমস্ত সৃষ্টিক আছাহা ৰাখি।। ২
ভকতজনৰ ৰক্ষাৰ হেতু।
দুষ্টক নাশিবা গৰুড়কেতু।।
কেশী বধ শুনি মিলিল ৰঙ্গ।
হ্ৰেষণি শুনি দেৱে দেয় ভঙ্গ।। ৩
স্বৰ্গত থাকিবে নৱাৰে কেৱ।
কেশীক বধিয়া তাৰিলা দেৱ।।
প্রভাতে কালি মথুৰাক যাইবা।
ধােবাক মাৰিয়া ধনু ভাঙ্গিবা।। ৪
চাণুৰ মুষ্টিক প্রমুখ্যে মাল।
কুবলয়াপীড় হস্তী বিশাল।।
কংসক বধিবা জগত স্বামী।
পৰশুই দিনা দেখিবাে আমি।। ৫
কালযবনক নৰকাসুৰ।
মাৰিবাহা পাঞ্চজন অসুৰ।।
কৰিবা বিহা কন্যা ভগৱন্ত।
নৃগৰ শাপক কৰিবা অন্ত।। ৬
সত্যভামা সমে স্যমন্ত মণি।
পাইবাহা প্রভু জাম্বৱন্ত জিনি।।
মৃতক পুত্ৰক দিয়া বিপ্রক।
লীলায়ে বধিবা নৃপ পৌন্ড্ৰক।। ৭
কেশীক বধি কৰি বুন্দামাল।
মাৰিবা দন্তবক্র শিশুপাল।।
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইবা অষ্টাদশ অক্ষৌহিণী।। ৮
কৰিবা কৰ্ম্ম যত দ্বাৰকাত।
দেখিবাে আনন্দে থাকি তথাত।।
কেৱল জ্ঞান মূৰ্ত্তি তুমি স্বামী।
তােমাত শৰণ পশিলাে আমি।। ৯
পৰম পুৰুষ সন্তৰ গতি।
যদু শ্রেষ্ঠ হেৰা কৰাে প্রণতি।।
আনন্দে নাৰদে এতেক কই।
গৈলন্ত কৃষ্ণত মেলানি লই।। ১০
গােৱিন্দো কেশী অসুৰক মাৰি।
ব্রজৰ আনন্দ বঢ়াই মুৰাৰি।।
থাকিলা কৃষ্ণ নানা লীলা কৰি।
সমস্ত সমাজে বুলিয়াে হৰি।। ১১
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম বনমালী গােপাল বনমালী।। ২
পদঃ গৈলন্ত নাৰদ ঋষি কংসৰ সমাজ।
নিচিন্তি আছস কেনে এভাে ভােজৰাজ।।
তােক মাৰিবাক লাগি দেৱৰ যতন।
দৈৱকীৰ গর্ভে উপজিলা নাৰায়ণ।। ১২
বসুদেৱে গােকুলত থৈলা চুৰি কৰি।
নন্দ ঘৰে বাঢ়ন্ত তােহােৰ প্রাণ বৈৰী।।
ছল কৰি আনি দিলা নন্দৰ কন্যাক।
কহাে সমস্তে কথা দঢ়াই আপােনাক।। ১৩
শুনি কংসে খাণ্ডা তুলি উঠি গৈলা ৰাগি।
বসুদেৱ মহন্তক কাটিবাক লাগি।।
উঠি দেৱ ঋষি তাঙ্ক আনিলা নিবাৰি ৷
আঙ্ক নকটিবি তঞি কৃষ্ণক নমাৰি।। ১৪
পিতৃ হত শুনি লাগ নেদিব তােমাকে।
উলটি বসিল কংস নাৰদৰ হাকে।।
বসুদেৱ দৈৱকীক বান্ধিয়া নিহালে।
কৰিলেক বন্দী উগ্রসেনক নিষ্কলে।। ১৫
পাছে দেৱ ঋষি গােকুলক গৈলা বই।
বুলিলা কৃষ্ণক স্তুতি আকাশত ৰই।।
ভাৰ সংহাৰন্তা আউৰ নাহি তুমি বিনা।
কংসক বধিবা প্রভু পৰশুই দিনা।। ১৬
দিবা উগ্রসেনক কংসৰ ৰাজ্যভাৰ।
বসুদেৱ দৈৱকীৰাে খণ্ডিবা নিকাৰ।।
তােমাৰ মনুষ্য লীলা দেখিবাে হৰিষি।
এহি বুলি স্বৰ্গক গৈলেক দেৱ ঋষি।। ১৭
আক্ৰূৰক পাঞ্চিলা ভােজৰ নিজ নাহা।
কৃষ্ণক আনিবে তুমি গােকুলক যাহা।।
শিশু ধৰি তােমাৰে আমাৰে মিত্ৰৱতি।
ইটো কাৰ্য্য সাধি মােক দিয়ে দানপতি।। ১৮
শুনি দানপতিৰ আনন্দ ভৈলা আতি।
প্রভাতে লড়িলা মথুৰাত বঞ্চি ৰাতি।।
কৃষ্ণক দেখিবাে আজি কিনাে সুপ্রভাত।
জানিলাে প্রসন্ন ভৈলা বিধাতা আমাত।। ১৯
নয়নে দেখিবাে মঞি চৰণ কমল।
আজিসি জন্মৰ মােৰ হৈবেক সফল।।
দণ্ডৱতে পৰিবােহাে কৃষ্ণৰ চৰণে।
কৃষ্ণে মােক আশ্বাসিব মধুৰ বচনে।। ২০
খুড়া বুলি কৃষ্ণে মােক কৰিব সম্বাদ।
ব্রহ্মাৰ দুৰ্ল্লভ তেৱে লভিবাে প্রসাদ।।
হেন মনে গুণি ৰথে চড়িলা অক্রূৰ।
গধূলিকা বেলাত পশিলা গােপপুৰ।। ২১
মাধৱৰ খােজচয় দেখিলা ভূমিত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশােভিত।।
ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি।
শিৰে আনি ঘষিলা খােজৰ যত ধূলি।। ২২
পাছে গৈয়া কৃষ্ণক দেখিলা আনন্দতে।
কৃষ্ণ কৃষ্ণ বুলিয়া পড়িলা দণ্ডৱতে।।
কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালি তুলি।
সতকাৰ কৰিলা অক্ৰূৰ খুড়া বুলি।। ২৩
অক্ৰূৰে ভকতি পথে যতেক বাঞ্ছিলা।
কৃষ্ণো তান সৱে মনােৰথক পূৰিলা।।
কহিলন্ত অক্ৰূৰাে কংসৰ বিচেষ্টাক।
মথুৰাক যাইবাক সাজিলা গােপজাক।। ২৪
শকটে উঠিয়া লড়ি নন্দ গােপ ৰাজ।
ৰজনী প্রভাতে ৰাম কৃষ্ণ ভৈল বাজ।।
কৃষ্ণক যাইবাৰ শুনি গােপী নিৰন্তৰ।
মিলিল বিষাদ সৱে বজাইল গৃহৰ।। ২৫
সলােতক নয়ন মনত মহাদুখে।
জুমাজুমি কৃষ্ণক চাহাৱে ঊর্ধ্বমুখে।।
কৃষ্ণৰ বিজয় কথা শুনা সাৱধানে।
বােল হৰি হৰি যাৱে প্রাণ থাকে মানে।। ২৬
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ এ জয় হৰি জয় ৰাম।। ৩
পদঃ গােপ ৰূপে নন্দ তনয়।
শুভক্ষণে কৰিলা বিজয়।।
বাজে শিঙ্গা বংশীৰ নিসান।
কংস বধে কৰিলা পয়াণ।। ২৭
ৰথে চড়ি লড়িলা মুৰাৰি।
পড়ি পড়ি কান্দে গােপ নাৰী।।
হৰিৰ বিৰহে তনু তাৱে।
যেন ভৈল বাতুল স্বভাৱে।। ২৮
কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়।
আমাৰ প্ৰাণক কোনে নেয়।
ক্রূৰ অক্ৰূৰ ভৈল বৈৰী।
জীৱ কাঢ়ি নেয় কেন কৰি।। ২৯
কিনাে হৰি নিদাৰুণ ভৈলা।
গােকুল অনাথ কৰি গৈলা।।
কৃষ্ণ বিনে কি কৰে জীৱনে।
আউৰ কোনে যাইবে বৃন্দাবনে।। ৩০
প্রভাতে ৰাখিবে কোনে ধেনু।
কোনে বাইবে সুললিত বেণু।।
কোনে চাইবে কটাক্ষে নিৰেখি।।
জুড়াইবে হৃদয় কাক দেখি।। ৩১
কোনে দিবে বংশীৰ নিসান।
কি দেখি ৰাখিবাে এৱে প্রাণ।।
আমাৰ জীৱনে নাহি সুখ।
আউৰ নেদেখিবাে কৃষ্ণ মুখ।। ৩২
নীল আকুঞ্চিত যাৰ কেশ।
শিৰে ৰত্ন কিৰীটি সুৱেশ।।
ভ্ৰূৱ যুগ মদনৰ চাপ।
দৰশনে হৰে হৃদি তাপ।। ৩৩
ৰুচিকৰ কমল লােচন।
সুধা সম মধুৰ বচন।।
সুষম ললাট গণ্ড স্থল।
চাৰু কর্ণে মকৰ কুণ্ডল।। ৩৪
নাসা তিল কুসুম সুন্দৰ।
শােভে আতি অৰুণ অধৰ।।
দশন দাড়িম্ব বীজ পান্তি।
হাস্যে নিন্দে চন্দ্ৰমাৰ কান্তি।। ৩৫
কম্বু কণ্ঠে কৌস্তুভ প্রকাশে।
সূৰ্য্য যেন উদিত আকাশে।।
সিংহ বন্ধ কন্ধ সুপ্রসন্ন।
ভুজ যুগ ৰত্নৰ মােলান।। ৩৬
কেয়ূৰ কঙ্কণ তাতে জ্বলে।
ৰত্নৰ গুলিয়া শােভে গলে।।
হিয়াত শ্রীবৎস কৰে কান্তি।
যেন মেঘে বলাকাৰ পান্তি।। ৩৭
পীত বস্ত্রে শােভে তনু কলা।
আপাদ লম্বিত বনমালা।।
তাতে পড়ি অনেক ভ্ৰমৰে।
মধু লােভে বেঢ়িয়া গুঞ্জৰে।। ৩৮
বক্ষঃস্থলে মুকুতাৰ হাৰ।
আকাশী গঙ্গাৰ যেন ধাৰ।।
ৰত্নৰ মেখলা কটি মাজে।
সােণাৰ কিঙ্কিণী তাতে বাজে।। ৩৯
কৰিকৰ ঊৰু নিৰুপম।
চৰণ পঙ্কজ মনােৰম।।
ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত।
ৰত্নময় নূপুৰে ৰঞ্জিত।। ৪০
ভকতৰ হৃদয় ৰঞ্জন।
নেদেখিবাে সি হেন চৰণ।।
কন্দর্প কোটিকো ৰূপে জিনি।
গােকুলে প্রকাশে যদুমণি।। ৪১
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
নাহি গতি কীৰ্ত্তনত পৰে।।
জানিয়া কৰিয়াে একচিত্ত।
হৰি হৰি ঘুষা প্রতি নিত।। ৪২
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ এ প্রাণ হৰি গৈলা এৰি।। ৪
পদঃ হেন হৰি ভৈলােহহা বঞ্চিত।
কিমতে ধৰিবাে আৱে চিত্ত।।
সুপ্রভাতে মথুৰা পুৰীৰ।
মুখ পদ্ম দেখিবাে স্বামীৰ।। ৪৩
জীৱৰ জীৱন প্ৰাণ পতি।
আজি পাইবে কোন ভাগ্যৱতী।।
কিনাে সুপ্রসন্ন ভৈল বিধি।
হাতে পাইলে গােকুলৰ নিধি।। ৪৪
মুখ পদ্ম চন্দ্র নােহে সৰি।
আনন্দে দেখিবে নেত্ৰ ভৰি।।
পাইব গৈয়া নাগৰী সুন্দৰী।
আউৰ দুনাই নাসিবন্ত হৰি।। ৪৫
সৌহৃদ্য ভাঙ্গিল ক্ষণেকতে।
উপাসন্ত লক্ষ্মী কেনমতে।।
কিনাে নিদাৰুণ নাৰায়ণ।
নুবুলিলা প্রবােধ বচন।। ৪৬
পতি পুত্র এড়ি ভৈলাে চেড়ী।
কোন সতে প্রভু গৈলা এড়ি।।
কিনাে বজে বান্ধিলেক হিয়া।
ভকতক গৈলা দুখ দিয়া।। ৪৭
আমি মৰাে তােমাৰ বিৰহে।
জানাে কেনমতে হৃদি সহে।।
এহি বুলি কান্দে গােপ নাৰী৷
ৰাম কৃষ্ণ বুলি গেড়ি পাৰি।। ৪৮
নেত্ৰৰ পলাতক পড়ে ধাৰে।
ঘনে ঘনে নিশ্বাস ফোকাৰে ৷ ৷
হৰি বিনে নভাষে বচনে।
নপাসৰে সচেতে স্বপনে।। ৪৯
ৰাত্রি দিনে গাৱে হৰি গীত।
কৃষ্ণতে অর্পিলে প্রাণ চিত্ত।।
কায়স্থ শঙ্কৰে এহু ভণে।
হৰি কথা শুনা সৰ্ব্বজনে।। ৫০
হৰিৰ কীৰ্ত্তন মুখে কৰা।
মাধৱৰ ৰূপ হিয়ে ধৰা।।
অল্প পুণ্যে নপাই আক জানি।
সদা নছাড়িবা ৰাম বাণী।। ৫১
পাপীজনে হৰি নুসুমৰে।
পাতেকে মুখত চেপি ধৰে।।
আনে সুমৰন্তে শুনি মৰে।
পাপে চিত্ত উচপিচ কৰে।। ৫২
হৰি ধ্বনি শুনি কাণ ফাটে।
নিন্দা কৰি ফুৰে হাটে বাটে।।
হেন জানি পাপক সংহৰি।
সদায়ে ঘােষিয়ো হৰি হৰি।। ৫৩
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ হৰি বােল হৰি বােল মাধৱ ৰাম।। ৫
পদঃ ৰথে তুলি ৰাম কৃষ্ণ দোভাই।
অৰে লই যান্ত ঘােড়া ডকাই।।
বায়ুৰ বেগ নােহে তাক তুল।
পাইল গৈয়া পাছে যমুনা কূল।। ৫৪
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্রতি।
ৰাখিল ৰথ তৈতে দানপতি।।
দোভাইক ৰথে থৈয়া তৰু তলে।
নামিলা গৈয়া যমুনাৰ জলে।। ৫৫
বুড় দিয়া মন্ত্র জপিলা পাছে।
দেখন্ত ৰাম কৃষ্ণ তৈত আছে।।
ৰথত নাহিকা বুলি উঠিলা।
দোভাইক ৰথে দুনাই দেখিলা।। ৫৬
পূৰ্ব্বৱতে বসি আছন্ত দুই।
দুনাই বুড় দিলা বিস্ময় হুই।।
জলৰ মাজত দেখ পাছে।
সহস্রেক ফণে অনন্ত আছে।। ৫৭
মৃণাল ধৱল যেন শৰীৰ।
নীল বস্ত্রে দেখি আতি ৰুচিৰ।।
ফণাৰ মণি কৰে তিৰিমিৰি।
শৃঙ্গে সমে যেন কৈলাস গিৰি।। ৫৮
চৌপাশে সৰ্পৰ্গণে বেঢ়ি আছে।
তাহান কোলাত দেখন্ত পাছে।।
পৰমপুৰুষ আছন্ত বসি।
প্রকাশে মুখ যেন পূর্ণশশী।। ৫৯
মেঘ সম শ্যাম বসন পীত।
ৰত্নৰ কিৰীটি শিৰে শোভিত।।
কর্ণত মকৰ জ্বলে কুণ্ডল।
ধনু সম শােভে ভ্রূৱ যুগল।। ৬০
অৰুণ নেত্র কমলৰ পাসি।
নুগুচৈ মুখে সদা অল্প হাসি।।
নাসা তিল ফুল সম সুন্দৰ।
বৰ্তুল ৰাতুল চাৰু অধৰ।। ৬১
প্রৱাল ৰত্নে যেন আছে গঢ়ি।
প্রকাশে দান্ত যেন কুন্দ কঢ়ি ৷ ৷
কম্বু কণ্ঠে শােভে কৌস্তুভ মণি।
প্রকাশে প্রভাতৰ সূৰ্য্য যেনি।। ৬২
আজানুলম্বী স্থূল ভুজ চাৰি।
শঙ্খ চক্র গদা পঙ্কজ ধাৰী।।
কয় কেয়ূৰ কঙ্কণে কান্তি।
বক্ষঃস্থলে শােভে শ্রীবৎস কান্তি ৷ ৷ ৬৩
আপাদলম্বী বনমালা গলে।
মুকুতাৰ হাৰ হিয়াত জ্বলে।।
ৰত্নৰ মেখলা কটিৰ মাজে।
তাতে সুৱৰ্ণৰ কিঙ্কিণী বাজে।। ৬৪
চাৰু ঊৰু জানু জঙ্ঘা যুগল।
দুখানি চৰণ যেন কমল।।
আঙ্গুলি পান্তি তাৰ ভৈল পাসি।
আৰকত নখে আছে প্রকাশি।। ৬৫
ৰত্নৰ নূপুৰে আতি ৰঞ্জিত।
যাত ভকতৰ সদায়ে চিত্ত।।
সুনন্দ নন্দ আদি কৰি পাছে।
চৌপাশে পাৰিষদে সেৱি আছে।। ৬৬
শঙ্কৰ ব্ৰহ্মা যত প্রজাপতি।
কৰযােৰে সৱে কৰন্ত স্তুতি।।
আপুনি লক্ষ্মী আৰাধন্ত পাৱ।
অক্ৰূৰে দেখি শিৰাইলা গাৱ।। ৬৭
আনন্দতে পড়ে নেত্ৰৰ পানী।
কণ্ঠৰাে নােলায় গদগদ বাণী।।
পৰম ভক্তি কৰি মহাভাগে।
কৃতাঞ্জলি কৰি পড়িলা আগে।। ৬৮
৷ ৷ ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ মাধৱ ৰাম মুকুন্দ মুৰাৰি।। ৬
পদঃ শিৰে প্রণামি পাছে দানপতি।
কৰিবে লাগিলা অনেক স্তুতি।।
নমাে নাৰায়ণ কৰােহাে সেৱ।
স্রষ্টাৰাে স্রষ্টা তুমি আদি দেৱ।। ৬৯
তােমাৰ নাভিত ভৈলন্ত বিধি।
যাত হন্তে ভৈল সৃষ্টিৰ সিদ্ধি।।
যত পঞ্চ ভূত ইন্দ্রিয় দেৱ।
তােমাৰ ৰূপক জানে কেৱ।। ৭০
নজানি লােকে আন দেৱ পূজে।
সিও বিধিহীনে তােমাক যজে।।
যেহেন নদ নদী সমুদায়।
অনেক পথে সাগৰক যায়।। ৭১
মায়ায়ে মােহিত সৱাৰাে মন।
তােমাৰ নিচিন্তে কেৱে চৰণ।।
যাৰ নষ্ট হইব সংসাৰ বন্ধ।
তােমাৰ ভক্তিক তাৰ প্রবন্ধ।। ৭২
ৰূপ দেখাই মােক কৰিলা দায়া।
জানিলাে এড়াইলাে সংসাৰ মায়া।।
নমাে হৃষীকেশ জগতপতি।
তুমি বিনা নাই আমাৰ গতি।। ৭৩
কৰিলা অনেক স্তুতি বিনয়ে।
নকৈলাে পদ বিস্তৰক ভয়ে।।
জলত পাছে দেখা দিয়া হৰি।
ভৈল অন্তর্ধান ৰূপ সংহৰি।। ৭৪
বিষ্ণুক নেদেখি পাছে অক্ৰূৰে।
জলৰ উঠিল আতি সত্বৰে।।
মধ্যাহ্ন সন্ধ্যা কৰি মহাশয়।
গৈলন্ত ৰথক হুয়া বিস্ময়।। ৭৫
অক্ৰূৰত হৰি সােধন্ত হাসি।
বিস্ময় ভৈলা কেনে তুমি আসি।।
দেখিলা কিবা কৈত অদভুত।
সত্বৰে কহিয়াে গান্দিনী সুত ৷ ৷ ৭৬
অক্ৰূৰে কৃষক মাতিলা পাছে।
সকলে অদ্ভূত তােমাতে আছে।।
যিজনে নজানে তত্ত্ব তােমাৰ।
সমগ্র জগতে অদ্ভুত তাৰ।। ৭৭
এহি বুলি বীৰে ৰথ ডকাইল।
দিনান্তে গৈয়া মথুৰাক পাইল।।
পথত যাহন্তে পথিকে দেখি।
আনন্দে কৃষ্ণক চাৱে নিৰেখি।। ৭৮
পাছে মথুৰাৰ সমীপ পাই।
নামিল ৰাম কৃষ্ণ দুয়াে ভাই।।
অক্ৰূৰৰ হাতে ধৰিয়া হৰি।
বুলিলা হেন বাণী হাস্য কৰি।। ৭৯
ৰথ লৈয়া আগে চলিয়াে ঘৰ।
পাছেসে পশিবাে আমি নগৰ।।
ইঠাইতে আমি জিৰাও গােপজাক।
শুনিয়া অক্ৰূৰে বুলিলা বাক।। ৮০
তােমৰা দোভাইক এড়িয়া স্বামী।
নযাইবাে নযাইবাে গৃহক আমি।।
নকৰা প্ৰভু ভকতক ত্যাগ।
কৌটি পুৰুষৰাে মিলােক ভাগ।। ৮১
গৃহক মােৰ চলা সমুদায়।
পৱিত্ৰ কৰিয়াে পদ ধূলায়।।
শিৰত ধৰি তযু পাদোদক।
লভিলা বলি মহা ঐশ্বৰ্য্যক।। ৮২
পাইলেক পৰম জ্ঞানীৰ গতি।
ভকতক দায়া কৰা সম্প্রতি।।
আমাক বিমুখ নকৰা স্বামী।
তােমাক এড়িবে নৱাৰাে আমি।। ৮৩
মাধৱে বােলন্ত শুনা অক্ৰূৰ।
আজি আগে যায়াে মথুৰাপুৰ।।
জগতৰ বৈৰী মাৰি কংসক।
অৱশ্যে তােমাৰ যাইবাে গৃহক।। ৮৪
হেন শুনি পাছে অক্ৰূৰ বীৰে।
বিতুষ্ট মনে গৈল ধীৰে ধীৰে।।
কৃষ্ণ আসিবাৰ কংসত কৈলা।
মেলানি মাগিয়া গৃহক গৈলা।। ৮৫
এক মনে শুনা কৃষ্ণৰ কথা।
মনুষ্য জন্মক নকৰা বৃথা।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোল হৰি হৰি সমস্ত জনে।। ৮৬
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ গােৱিন্দ যদুদেৱ দীন দায়াশীল।
তুমিসে বান্ধৱ কৃষ্ণ আৱেসে জানিলাে ৷ ৷ ৭
পদঃ আক্ৰূৰক পঠায়া গৃহক আগ কৰি।
লৈয়া গােপগণ সঙ্গে ৰঙ্গে ৰাম হৰি ৷ ৷
পৰম উৎসুকে প্রৱেশিলা মথুৰাত।
সিটো বিতােপন পুৰী দেখিলা সাক্ষাত।। ৮৭
স্ফটিকে গঠিত পুৰদ্বাৰ নুহি খাট।
লগাই আছে সুৱৰ্ণৰ বৃহত কপাট।।
হেমময় তােৰণ চিড়লে অলঙ্কৃত।
চতুর্ভিতি গড়খাই দেখি বয় ভীত।। ৮৮
বহুবিধ উদ্যান শােভিত কাছে কাছে।
শাৰী শাৰী গৃহসৱ প্রকাশন্তে আছে।।
হীৰা মৰকত ৰত্নে ৰঞ্জে ঠাৱে ঠাৱে।
শােভা কৰে পাৰাৱত ময়ূৰৰ বাৱে।। ৮৯
ৰাজপন্থ চৌপন্থাক সাঞ্জি সাঞ্জি আতি।
পদূলি পদূলি দীপ ঘট আছে পাতি ৷ ৷
হেন নগৰত পশি গােপগণ সঙ্গে।
ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰঙ্গে।। ৯০
মিলিল উৎসৱ শুনি নাৰীগণ যত।
চাহিবাক লাগি সৱে চড়িলা গৃহত।।
কৃষ্ণক দেখিবে কাৰাে উত্ৰাৱল চিত্ত।
পিন্ধে বস্ত্র অলঙ্কাৰ কৰি বিপৰীত।। ৯১
এক কর্ণে কুণ্ডল কঙ্কণ এক কৰে।
বিমােহিত হুয়া আসে বস্ত্রো নসম্বৰে।।
অঞ্জনে ৰঞ্জিল মাত্র এগােটা লােচন।
কতাে কতাে নাৰীগণে এড়িল ভােজন।। ৯২
পিয়ন্তে আছিল স্তন শিশুক এড়িল।
কৃষ্ণক দেখিবে মনে গৃহত চড়িল।।
ৰাজপথে চলি যান্ত লীলায়ে মাধৱ।
তাসম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ।। ৯৩
কমল লােচন হাসি কটাক্ষে চাহন্তে।
সমস্তে নাৰীৰ মন হৰিল একান্তে।।
যাৰ গুণ কথাক শ্ৰৱণে আছাে শুনি।
নেত্র ভৰি দেখাে হেন কৃষ্ণক আপুনি।। ৯৪
কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত।
পূৰি মনােৰথ সৱে ভৈল কৃতকৃত্য।।
নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ।
আনন্দৰ মূৰ্ত্তিক আলিঙ্গয় নিভ্যন্তৰ।।৯৫
মনৰ এড়াইল পীড়া আনন্দে ভৰিল।
তনু লােমাঞ্চিত নেত্রে লােতক ঝৰিল।।
সুপ্রীতি প্রফুল্ল মুখ পদ্ম যত নাৰী।
গৃহৰ উপৰে চড়ি হুয়া দুই শাৰী।। ৯৬
ৰাম মাধৱৰ শিৰে পুষ্প বৰিষন্ত।
মুখ কমলক যেন নয়নে পিয়ন্ত।।
দধি দুৰ্ব্বাক্ষত উপায়ন পুষ্প গন্ধে।
পদূলি পদূলি দ্বিজে পূজিল প্ৰৱন্ধে।। ৯৭
অন্যোঅন্যে নাৰীগণে সম্বুধি কহয়।
কিনাে পুণ্য কৰিলে ব্ৰজৰ গােপীচয়।।
দেখিয়ে আনন্দ যেন আছে মূৰ্ত্তি ধৰি।
হেন ৰাম মাধৱক দেখে নেত্ৰ ভৰি।। ৯৮
গােপীসম ভাগ্যৱতী আউৰ কেৱ নাই।
কহে সৱে নাৰীগণে অন্যোঅন্যে চাই।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।
বােলা হৰি হৰি আছে যাৱত চেতন ৷ ৷ ৯৯
।। অষ্টম কীৰ্ত্তন।।
ঘােষাঃ প্রাণ বান্ধৱ মাধৱ ৰাম।
দেহু দেখা হৰি কৰাে প্ৰণাম।। ৮
পদঃ পথত ৰাম কৃষ্ণ মহাভাগ।
যাহন্তে ধােবাক পাইলন্ত লাগ।।
খুজিলন্ত বস্ত্র মাতি ধোবাক।
দিয়ো ভাল বাছি বস্ত্ৰ আমাক।। ১০০
আজি যেৱে বস্ত্ৰ কৰস দান।
হৈবেক পৰম তােৰ কল্যাণ।।
এহি বুলি বস্ত্র খােজন্ত হৰি।
দুর্ম্মুখ ধােবা মাতে ক্ৰোধ কৰি।। ১০১
কিন মহামূঢ় তােৰা গােৱাল।
পৰ্ব্বত বনত খপস কাল।।
মৰিবাক লাগি নাহিকে ত্রাস।
ৰাজাৰ বস্ত্ৰক পিন্ধিবে চাস।। ১০২
প্রাণ লৈয়া পলা ঐৰ অন্তৰি।
ৰাজদূতে পাইলে দণ্ডিবে ধৰি।।
দৈৱকী সুতে শুনি হেন বাণী।
মাৰিলা ধােবাক চৱৰ টানি।। ১০৩
ছিণ্ডিল মুণ্ড চৱৰতে তাৰ।
যত লগৰীয়া সিটো ধোবাৰ।।
বস্ত্র পেলাই সৱে দিলে লৱড়।
দেখিয়া কৃষ্ণে ৰঙ্গ ভৈলা বড়।। ১০৪
ভাল বাছি বস্ত্ৰ লৈলা দোভাই।
গােৱালসৱক দিলে পেলাই।।
বেশকাৰে আসি পিন্ধাই বস্ত্রক।
কছাইল ৰঙ্গে ৰাম মাধৱক।। ১০৫
তাত তুষ্ট কৃষ্ণ ভৈলা অধিক।
দিলন্ত পৰম ঐশ্বৰ্য্য শ্রীক।।
সাৰূপ্য মুকুতিকো দিলা তাক।
দিলন্ত অনেক আশ্বাস বাক।। ১০৬
সুদামা নামে মালাকাৰ আছে।
তাহাৰ বাড়ীতে পশিল পাছে।।
দূৰতে দেখে আসে কৃষ্ণ ৰাম।
কৰিল সুদামা পৰি প্রণাম।। ১০৭
আসন আনি দিলা আথে বেথে।
বসিলা তাত ৰঙ্গে জগন্নাথে।।
পাদ্য অর্ঘ্যে গন্ধ ধূপ লগাই।
কৰিল পূজা লৈলা দুয়াে ভাই।। ১০৮
ভূমিত পৰি বােলে মালাকাৰ।
পিতৃ দেৱ ঋষি তুষ্ট আমাৰ।।
আজিসে জন্ম সাম্ফলিলাে আমি।
কুলকো পৱিত্ৰ কৰিলা স্বামী।। ১০৯
জগতৰে মুখ্য কাৰণ হুই।
ভৈলা অৱতাৰ তােমৰা দুই।।
ভকতজনৰ ৰক্ষাৰ হেতু।
দুষ্টক নাশা গৰুড়কেতু।। ১১০
জগতৰে আত্মা ঈশ্বৰ দেৱ।
তােমাৰ শত্রু মিত্র নাহি কেৱ।।
সমস্ত ভূততে আছা বিয়াপি।
ভজন্তাক প্রভু ভজা তথাপি।। ১১১
কৰিয়াে আজ্ঞা আমি তযু ভৃত্য।
তােমৰা দুইৰ কৰাে কিবা কৃত্য।।
যাক পাঞ্চা তুমি কাৰ্য্যক লাগি।
প্রসাদ পাইলে সেহি মহাভাগী ৷ ৷ ১১২
এহি বুলি বুজি কৃষ্ণ ইঙ্গিত।
আনিয়া সুগন্ধি পুষ্পে ৰচিত।।
পিন্ধাইলা দুইকো অঙ্গ মুণ্ডমাল।
পুষ্পে ভূষিলেক যত গােৱাল।। ১১৩
ভকতি তাৰ দেখি কৃষ্ণ ৰাম।
বােলন্ত লৈয়ােক বৰ সুদাম।।
শুনিয়া মালী বােলে যােড়হাতে।
থাকোক অচলা ভক্তি তােহ্মাতে।। ১১৪
বিষ্ণু ভকতেসে হৈবে বান্ধৱ।
ভূত দায়া যােনাে ছাড়াে মাধৱ।।
এহি বুলি মৌন ভৈল সুদাম।
দিলন্ত সৱে বৰ কৃষ্ণ ৰাম।। ১১৫
বুলিলা আৰাে ভক্তি তাৰ দেখি।
নেড়ােক তােমাত অচলা লক্ষ্মী।।
বল আয়ু যশ দিলাে সমৃদ্ধি।
সৰ্ব্বকালে হৌক বংশ বৃদ্ধি।। ১১৬
সুদামাক দিয়া এতেক বৰ।
বজাইলা তৈৰ ৰাম দামােদৰ।।
আনন্দে বেঢ়ি যায় গােপগণে।
হৰি হৰি বােলা সমস্ত জনে।। ১১৭
।। নৱম কীৰ্ত্তন।।
ঘােষাঃ সেৱক বুলিয়া পালিয়াে ৰাম
চৰণে শৰণ লৈলাে।
তােমাত ভকতি নকৰি কৃপালু
জনম বিফল কৈলাে ৷ ৷ ৯
পদঃ সুদামাক বৰ দিয়া দামােদৰ
ৰাজপথে চলি যান্ত।
চন্দনৰ পাত্র সহিতে যুৱতী
কুবুজাক দেখিলন্ত।।
ওচৰ চাপিয়া পুছন্ত হাসিয়া
সৰ্ব্ব সুখ দাতা হৰি।
তুমি কোন কাৰ চন্দন লৈ যাহা
কৈয়াে কথা শীঘ্ৰ কৰি।। ১১৮
দোভাইক চন্দন দিয়াে আজি তােৰ
হৈবেক কল্যাণ আসি।
সৈৰিন্ধ্ৰী বােলয় শুনিয়ে সুন্দৰ
মইতাে কংস ৰায়ৰ দাসী।।
ভােজ নৃপতিৰ আতি প্রীতিকৰ
মােহােৰ চন্দন মাত্র।
তােৰা দুই বিনে ইটো চন্দনৰ
আছে আউৰ কোন পাত্র।। ১১৯
সুকুমাৰ ৰূপ দেখি মােহ ভৈল
কৃষ্ণৰ সুৰস মাতে।
দোভাইৰাে শৰীৰ চন্দনে ৰঞ্জিল
যুৱতী আপুন হাতে।।
এতেকে প্রসন্ন ভৈলা ভগৱন্ত
যিটো ভকতৰ গতি।
কৰিলন্ত মতি সিটো কুবুজাক
ঋজু কৰিবাক প্রতি।। ১২০
তাইৰ দুই ভৰি দুপাৱে জান্তিয়া
চিবুকত ধৰি হাতে।
উপৰক তুলি চমু কৰিলন্ত
তিনিও লােকৰ নাথে।।
কৃষ্ণ পৰশনে তেতিক্ষণে তাই
ভৈ গৈল দিব্য সুন্দৰী।
কামাতুৰ হুয়া হাসিয়া মাতয়
কৃষ্ণৰ বস্ত্ৰত ধৰি।। ১২১
তুমি চিত্ত মােৰ মথিলা মাধৱ
এড়িবে নৱাৰাে আমি।
আসা গৃহে যাও হুয়োক প্ৰসন্ন
তিনিও লোকৰ স্বামী।।
ৰামৰ আগত কৃষ্ণৰ বস্ত্ৰত
ধৰিয়া প্রার্থন্তে আছে।
সমতে গােপৰ মুখ চায়া হাসি
হৰি মাতিলন্ত পাছে।। ১২২
আমি পথিক তুমিসে আশ্রয়
যায়ােক আজি গৃহক।
তােমাৰ থানক অৱশ্যে আসিবাে
বধিয়া দুষ্ট কংসক।।
এহি বুলি তাইক মধুৰ বচনে
আশ্বাসি পঠাইলা হৰি।
বণিজাৰুগণে দোভাইক পূজিল
অনেক দ্রৱ্যে সাদৰি।। ১২৩
কৃষ্ণ দৰশনে কামে বিমােহিত
সমস্তে পুৰ যুৱতী।
বসন বলয় সুলকিল খােপা
তাতে নাহি কাৰাে মতি।।
চিত্ৰৰ পুতলী আছে যেন ৰহি
কৃষ্ণতে অর্পিয়া মন।
আন কাম এড়ি বােলা হৰি হৰি
সমজ্যাৰ যত জন।। ১২৪
৷ ৷ দশম কীৰ্ত্তন।।
ঘােষাঃ জগন্নাথ অনাথক থাপিয়াে চৰণে।
তােমাক বান্ধৱ মানি পশিলো শৰণে ৷ ৷ ১০
পদঃ এহিমতে ৰাম কৃষ্ণ ভ্রমন্তে পথত।
ধনুর্যাগ শালা পাইলা পুছিয়া লােকত।।
দেখিলা কংসৰ দিব্য ধনু কৃষ্ণে পাছে।
যেন ইন্দ্রধনুখণ্ড প্রকাশন্তে আছে।। ১২৫
আনন্দে গােৱিন্দে ধৰিবাক যান্ত তাক।
দেখিয়া ৰখীয়া সেনাগণে দেয় হাক।।
তথাপি লীলায়ে বাম হাতে তুলি ধৰি।
নিমিষেকে ধনুত লগাইলা গুণ হৰি।। ১২৬
অপ্রয়াসে টানিয়া ভাঙ্গিল ধনুখণ্ড।
যেন মত্ত মাতঙ্গে ভাঙ্গিল ইক্ষুদণ্ড।।
তাৰ ঘােৰ শৱদে পূৰিল দিশ পাশ।
শুনি কংসৰায়ৰ অদ্ভুত ভৈল ত্রাস।। ১২৭
দেখিয়া ৰখীয়া সিটো কটক কিটাইল।
অস্ত্র শস্ত্র ধৰি ক্রোধে মাধৱক ধাইল।।
বেঢ়িলেক চতুর্ভিতি ধৰ মাৰ বুলি।।
খঙ্গে ভগা ধনু ৰাম কৃষ্ণে লৈলা তুলি।। ১২৮
সমস্তে সেনাক মানে বধিলা দোভাই।
কংসে পঠাইলেক যিবা মাৰিলা কোবাই।।
ধনুৰ শালাৰ হন্তে বাজ হুয়া দুই।
নগৰ চাহন্তে ফুৰে মহা হৃষ্ট হুই।। ১২৯
প্রভাৱে প্রগলভ ৰূপ দেখি নিৰূপম।
সৱে বােলে ইটো দুই দেৱতাে উত্তম।।
অনন্তৰে সূৰ্য্যে পাইলা অস্তগিৰি গই।
নিবৰ্ত্তিলাৰাম কৃষ্ণ গােপগণ লই।। ১৩০
নগৰৰ মাজত ৰহিলা বাসা কৰি।
ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিলা ভৰি।।
গােপগণ সঙ্গে লৈয়া ভুঞ্জি দধি ভাত।
বঞ্চিলা ৰজনী সুখে শুতিয়া শয্যাত।। ১৩১
ধনুর্ভঙ্গ ৰখীয়া সেনাৰ শুনি বধ।
নাসে নিদ্রা কংস ভৈল ভয়তে তবধ।।
দেখে নানা বিমঙ্গল চিত্ত নুহি থিৰ।
ছায়াত নেদেখে সিটো আপােনাৰ শিৰ।। ১৩২
ধূলি কর্দ্দমত নিজ খােজক নাকলে।
আকাশত দেখে কতাে দুই চন্দ্র জ্বলে।।
স্বপ্নত মৃতকে ধৰি কৰে আলিঙ্গন।
গর্দ্দৰ্ভত চড়ি কৰে বিষক ভােজন।। ১৩৩
ওৰ ফুল মালা পিন্ধি হুয়া দিগম্বৰ।
তৈল ঘসি দক্ষিণক যায় একেশ্বৰ।।
আনাে নানাবিধ বিমঙ্গল দেখে আতি।
ভয়তে নপাইলে নিদ্রা কংসে সিটো ৰাতি।। ১৩৪
অনন্তৰে কংসৰায় উঠি প্রভাতত।
কৰাইলন্ত মল্ল মহােৎসৱ ক্রীড়া যত।।
সজাইলেক উচ্চ মঞ্চ ৰঙ্গ শালা বেঢ়ি।
বাৱে ঢাক ঢােল ভেৰী কৰে নানা খেড়ি।। ১৩৫
মঞ্চে চড়ি বসিল যতেক পুৰবাসী।
থান লৈয়া বসিল নৃপতিগণাে আসি।।
মন্ত্রীগণ সমে কংস চড়িল মঞ্চত।
নুগুচয় ভয় তাৰ ক্ষণিকে মনত।। ১৩৬
মল্ল বাদ্য শুনি কাচি পাৰি যত মাল।
মাল গুৰু সমে প্রৱেশিলা ৰঙ্গশাল।।
চাণুৰ মুষ্টিক কূট তােশল্ল অপৰ।
শল্ল নামে আইলা আৰাে মল্ল ভয়ঙ্কৰ।। ১৩৭
কৰ দিয়া নন্দো গােপগণ সমন্বিতি।
মঞ্চে চড়ি বসিলন্ত হুয়া এক ভিতি।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি।
বােলা হৰি হৰি সৱে হৌক সদগতি।। ১৩৮
।। একাদশ কীৰ্ত্তন।।
ঘােষাঃ গােপাল কৃপাল কৰুণাময়।
হৰিয়াে হৰি ভকতৰ ভয়।। ১১
পদঃ কহন্ত নৃপতিত শুক মুনি।
ৰাম কৃষ্ণে মল্ল দুন্দুভি শুনি।।
কৰিয়া শৌচ ভৈলা কাচ পাৰ।
শুনিয়ো আৱে কেন অর্থ তাৰ।। ১৩৯
ধনু ভাঙ্গি সেনা মাৰিলাে তাৰ।
দেখাইলাে নিজ বীৰ্য্য আপােনাৰ।।
তথাপি পিতৃৰ নােছােড়ে বন্ধ।
আমাকো মাৰিবে কৰে প্ৰৱন্ধ।। ১৪০
মামাৰ বধে আউৰ দোষ নাই।
এহি বুলি লড়ি গৈলা দোভাই।।
ৰঙ্গৰ দ্বাৰ পাইলা গৈয়া পাছে।
কুবলয়াপীড় বাটতে আছে।। ১৪১
অম্বষ্ঠ হাথিয়াৰে পাছে খুম্পি।
ৰহি আছে সিটো কৃষ্ণক চুম্পি ৷ ৷
দেখি কৃষ্ণে তাৰ বুজি ইঙ্গিত।
মেৰাইলন্ত পীত বস্ত্র কটিত।। ১৪২
কুটিল অলকা বান্ধিল তুলি।
মাতিল শুন ৰে অম্বষ্ঠ বুলি।।
যাইবাে ৰঙ্গশালা সত্বৰ কৰি ।
পন্থ ছাড়ি দেস ঐৰ অন্তৰি।। ১৪৩
বাট যেৱে নেদ শুন দ্বন্দুৰ।
কুঞ্জৰ সমে নিবাে যমপুৰ।।
হেন শুনি পাছে অম্বষ্ঠ ৰাগি।
খুম্পিল হস্তীক কৃষ্ণক লাগি।। ১৪৪
ধাই গৈল হস্তী কালান্তক প্রায়।
ধৰিল কৃষ্ণক শুণ্ডে মেৰাই।।
এৰাইল আছােট কৰিয়া উঠি।
মাতঙ্গক কৃষ্ণে মাৰিল মুষ্ঠি।। ১৪৫
ভৰিৰ মাজতে লুকাইল তাৰ।
ক্রোধিল কুঞ্জৰে আতি দুৰ্ব্বাৰ।।
নেদেখি সিটো ফোফায় যেন নাগ।
শুঙ্গি শুঙ্গি পাইল কৃষ্ণক লাগ।। ১৪৬
ধৰিল কৃষ্ণক শুণ্ডে মেৰাই।
বাজ ভৈলা কৃষ্ণ বলে এড়াই।।
লাঞ্জত তাৰ ধৰি চক্রপাণি।
এক শত হাত নিলন্ত টানি।। ১৪৭
সর্পক আজোৰে যেন গৰুড়ে।
কৃষ্ণক ধৰিবে চাহয় শুড়ে।।
ইকাতি সিকাতি হােৱন্তে যাই।
টানি নেন্ত কৃষ্ণে শ্রমে এড়াই।। ১৪৮
নপাৰে ধৰিবে সিটো কৃষ্ণক।
যেন দামুৰিক টানে বালক।।
অনন্তৰে তাৰ লাঞ্জৰ এড়ি।
ভৈলন্ত সন্মুখ হস্তীক হৰি।। ১৪৯
চাপৰ মাৰিয়া যান্ত লৱৰে।
খেদি নেয় হস্তী গােৰত গােৰে।।
লীলায়ে পড়িয়া উঠিলা হৰি।
পড়িল বুলি হস্তী ক্ৰোধ কৰি।। ১৫০
পৃথিৱীত সিটো ভিৰিল দান্তে।
গাৱৰ বল দিয়া সিটো জান্তে।।
নাহিকে কৃষ্ণ দেখি হস্তী কোপে।
ধাইলেক কৃষ্ণক দুনাই আটোপে।। ১৫১
উপৰে হাথিয়াৰে খুম্পি যাই।
ধৰিলা শুণ্ডত মাধৱে পাই।।
প্রমত্ত সিংহে যেন লীলা কৰি।
গড়িলা ভূমিত হস্তীক হৰি।। ১৫২
পাৱে ভিৰি তাক কৰি আক্রান্ত।
লৈলন্ত উভাৰি হস্তীৰ দান্ত।।
হস্তী হাথিয়াৰ দুইকো জপাই।
মাৰিলন্ত গজ দান্তে কোবাই।। ১৫৩
মৰা কুবলয়াপীড়ক এড়ি।
পশিলা ৰঙ্গশালা ৰাম হৰি।।
চৌপাশে গােপগণে বেঢ়ি যান্ত।
দোভাইৰ কান্ধত হস্তীৰ দান্ত।। ১৫৪
প্রকাশে কৃষ্ণৰ মুখ কমল।
দেখিয় তাতে ঘৰ্ম্মবিন্দু জল।।
ৰুধিৰ ছিটা তাৰ মাজে মাজে।
পদ পঙ্কজত নূপুৰ বাজে।। ১৫৫
শ্যামল তনু তাতে পীত বাস।
কমল লােচনে নুগুচে হাস।।
ভুলিল সমাজে কৃষ্ণক চাই।
বােলা হৰি হৰি হৰি সদায়।। ১৫৬
।। দ্বাদশ কীৰ্ত্তন।।
ঘােষাঃ হে কৃষ্ণ কৰা কৃপা পৰমানন্দ।
নজানাে ভকতি মই মল মতি মন্দ ৷ ৷ ১২
পদঃ কৰিলা প্রকাশ ৰামে সমে সমজ্যাত।
দেখে দশ প্রকাৰে কৃষ্ণক সিবেলাত।।
মালে বােলে কিনাে বজ্রময় কলেৱৰ।
অন্যো জনে বােলে এহেন্তেসে নৰবৰ।। ১৫৭
নাৰীগণে বােলে মূৰ্ত্তি ধৰিছা মদনে।
আমাৰেসে বন্ধু বুলি মানে গােপগণে।।
আমাৰেসে শাস্তা বােলে দুষ্ট ৰাজাচয়।
বসুদেৱ দৈৱকীও বােলয় তনয়।। ১৫৮
কংসে বােলে এহি কৃষ্ণ অন্তক আমাৰ।
অজ্ঞানীসকলে বােলে নন্দৰ কুমাৰ।।
যােগীগণে বােলে এহেন্তেসে ব্রহ্ম তত্ত্ব।
বৃষ্ণি বংশে বােলে এন্তে কুলৰ দৈৱত।। ১৫৯
ধৰি মল্ল বেশ পিন্ধি ৰত্ন আভৰণ।
ৰঙ্গ মধ্যে প্রকাশন্ত ৰাম নাৰায়ণ।।
কাছিয়া আছন্ত যেন নট দুই প্রায়।
নভৈল তৃপিতি লােকে দুইৰাে ৰূপ চাই।। ১৬০
নয়নে পিৱয় যেন চেলেকে জিহ্বায়ে।
বাহুৱে আলিঙ্গে যেন শুঙ্গে নাসিকায়ে।।
অন্যোঅন্যে বােলে যেন কথা আছাে শুনি।
সেহিত কৃষ্ণক দেখাে নয়নে আপুনি।। ১৬১
নাৰায়ণ অংশ দুয়াে জানিবা সাক্ষাত।
বসুদেৱ গৃহে দৈৱকীত ভৈলা জাত।।
গোকুলত থৈলন্ত বাঢ়িলা নন্দ ঘৰে।
পূতনাক বধিলা এহেন্তে দামােদৰে।। ১৬২
চক্রবাত দৈত্যক মাৰিলা চেপি গল।
ভাঙ্গিলা অৰ্জ্জুন মাজে টানি উড়ুখল।।
অঘ বক কেশী ধেনুকৰ লৈলা প্রাণ।
গােপ গৰু বনাগ্নিত কৰিলাহা ত্রাণ।। ১৬৩
কালীক দমিলা গৰ্ব্ব গুচাইলা ইন্দ্ৰৰ।
সাতদিন একে হাতে তুলিয়া মন্দৰ।।
ৰাখিল গােকুল মহা বাত বৃষ্টি হন্তে।
বঢ়াইবা যাদৱ বংশ এন্তে ভগৱন্তে।। ১৬৪
এহিতো হসিত মুখ দেখি অণুক্ষণে।।
এড়াইলা বিৰহ তাপ সুখে গােপীগণে।।
আনে শ্রেষ্ঠ এন্তে ৰাম কমল লােচন।
প্রলম্ব প্ৰমুখ্যে মাৰিলাহা দৈত্যগণ।। ১৬৫
এহিমতে লােকে যেৱে কৰে গলাৰাৱ ।
বাৱন্তে আছন্ত বাদ্য বঢ়ায়া উৎসৱ।।
শুনি নসহিল তাক চাণূৰ বিবুদ্ধি।
বুলিবে লাগিল ৰাম কৃষ্ণক সম্বুধি।। ১৬৬
শুনি বাহু যুদ্ধত কুশল দুই ভাই।
দেখিবাক লাগি ৰাজা অনাইলা মতাই।।
সদা হৰষিত মনে সৱে গােপগণে।
মল্ল যুদ্ধ ক্ৰীড়ি গৰু চাৰি ফুৰা বনে।। ১৬৭
হেন জানি আসা তুমি আমি বন্ধ ধৰাে।
নৃপতিৰ প্রীতি সাধি মল্লযুদ্ধ কৰাে।।
সৰ্ব্ব ভূতময় ৰাজা শাস্ত্ৰত কহয়।
ৰাজা তুষ্ট ভৈলে সৰ্ব্বজন তুষ্ট হয়।। ১৬৮
শুনি কৃষ্ণে দিল তাক উচিত উত্তৰ।
ভােজ নৃপতিৰ আমি প্রজা বনচৰ।।
তুল্য বল সহিতে ক্রীড়িবাে যথােচিত।
সাধিবাে ৰাজাৰ যেন প্রীতি মনােনীত।। ১৬৯
কৰিববাহাে বাহু যুদ্ধ সমুচিত কৰ্ম্মে।
তেৱেসে নপাইবে সভাসদকো অধৰ্ম্মে।।
কৃষ্ণৰ কিঙ্কৰে কহে এড়া আন কাম।
পলাওক পাতেক ডাকি বোেলা ৰাম ৰাম।। ১৭০
।। ত্রয়ােদশ কীৰ্ত্তন।।
ঘােষাঃ ৰাম পাৱে কৰা ৰতি।।
ভাই ৰামৰ নামেসে গতি।। ১৩
পদঃ শুনিয়া চাণূৰে বােলে কৃষ্ণক।
নাহিকা গােপাল তুমি বালক।।
গজ সহস্ৰৰ বলে অধিক।
লীলায়ে মাৰিলা হেন হস্তীক।। ১৭১
এহেন্তে ৰাম মহা বলিয়াৰ।
মই সমে তুমি কৰা প্ৰহাৰ।।
মুষ্টিকে সহিতে যুজোক বল।
অন্যায় নুহি দুয়াে মহামল্ল।। ১৭২
শুনি কৃষ্ণে কৰি নিশ্চিত মতি।
সমুখ ভৈলা চাণূৰক প্রতি।।
মুষ্টিককো ধাইলা ৰােহিণী সুত।
মিলিল মল্ল যুদ্ধ অদভুত।। ১৭৩
হাতক হাতে মাল বান্ধে বান্ধি।
দুই পাৱে দুই পাৱক ছান্দি।।
আজোৰে অন্যোঅন্যে বলে ধৰি।
মুষ্টিতে মুষ্টি মাৰে দৃঢ় কৰি।। ১৭৪
শ্রমে দুয়াে জানু জানুত হানে।
মুণ্ডত মুণ্ডে ঠেকা মাৰে টানে।।
হিয়াত হিয়া মাৰে চাট কৰি।
আজুৰি নেয় কতাে হাতে ধৰি।। ১৭৫
মাৰয় গলদঙ্গা হূ হূ বুলি।
বাহুৱে আন্টিয়া আঞ্চাৰে তুলি।।
ছান্দিয়া হাতে পাৱে পৰি দুই।
বাগৰ পাৰে একপিণ্ড হুই।। ১৭৬
বান্ধৰ চোটে ভাগে কলেৱৰ।
এড়ায়া কতােহাে হােন্ত অন্তৰ।।
ক্রোধে চক্ষু পকাই সঘনে চান্ত।
তৰ্জ্জন্ত গৰ্জ্জন্ত কামুৰি দান্ত।। ১৭৭
বলী অবলীৰ যুদ্ধ দেখিয়া।
পুৰবাসী স্ত্রীৰ নসহে হিয়া।।
অন্যোঅন্যে বােলে ইটো অকর্ম্মে।
ৰাজ সমাজকো পাৱে অধৰ্ম্মে।। ১৭৮
ৰাজায়াে কৰাৱে অন্যায় যুদ্ধ।
আকো চাহি আছে সৱে অবােধ।।
ইটো দুই মাল বজ্ৰৰ সাৰ।
মাধৱ ৰাম আতি সুকুমাৰ।। ১৭৯
নতু প্রৱেশন্ত যৌৱন কালে।
আসম্বাক যুজে দুর্জ্জয় মালে।।
সভাকে ধিক্কাৰ আছােক আতি।
কহৱে কথা অন্যোঅন্যে মাতি।। ১৮০
দেখিয়ে কৃষ্ণৰ বদন ইন্দু।
ব্যাপিয়া আছে ঘৰ্ম্ম জল বিন্দু।।
জলে সমে যেন পঙ্কজ কোশ
যুজন্ত শত্রুক কৰি আক্রোশ।। ১৮১
কোনােজনী বােলে কিনাে অসুখ।
কিয়নাে নচাবা ৰামৰ মুখ।।
অৰুণ নেত্র পঙ্কজৰ জ্যোতি।
কৰিছা ক্রোধ মুষ্টিকক প্রতি।। ১৮২
কেহ বােলে সখী দেখিয়াে তুমি।
ধন্য ধন্য সিটো ব্রজৰ ভূমি।
পুৰাণ পুৰুষ এহেন্তে হৰি।
ফুৰন্ত যৈত নানা ক্রীড়া কৰি।। ১৮৩
অৱতৰি বিষ্ণু আছা মহীত।
ইহাঙ্কো মৰাৱে মালে সহিত।।
ইটো সমাজক আছাে ধিক্কাৰ।
বােলা হৰি হৰি তৰা সংসাৰ।। ১৮৪
।। চতুর্দশ কীৰ্ত্তন।।
ঘােষাঃ ৰামেসে গতি ভজ মােৰ মতি।
ৰামেসে গতি ৰামেসে গতি।। ১৪
পদঃ অভাগী কিনাে আমি সৱে সখী।।
যুদ্ধ সময়ত কৃষ্ণক দেখি।।
কি পুণ্য কৰিলে ব্ৰজৰ নাৰী।
অণুক্ষণে দেখে হেন মুৰাৰী।। ১৮৫
যাহাৰ ৰূপক নাহি সমান।
অনুদিনে কৰে নয়নে পান।।
মথন্তে দধিক দুহন্তে গাই।
কৰন্তে গৃহৰ কৃত্য সদায়।। ১৮৬
কৃষ্ণৰ গাৱে গুণ নাম গীত।
সততে কৃষ্ণত অর্পিয়া চিত্ত।।
পৰে প্রেম ভাৱে লােতক জৰি।
ধন্য ধন্য কিনাে ব্রজ সুন্দৰী।। ১৮৭
প্রভাতে যাহন্তে ব্ৰজৰ হন্তে।
গৰু সমে সন্ধ্যাবেলা আসন্তে।।
কৃষ্ণৰ বংশীৰ শুনন্তে ৰাৱ।
বজায় গােপীসৱ আকুল ভাৱ।। ১৮৮
কৃষ্ণক দেখি মিলে মহাসুখ।
চাহৱে ঈশত হসিত মুখ।।
সদয় দৃষ্টি চান্ত বনমালী।
কতনাে কৰিলে পুণ্য গােৱালী।। ১৮৯
শুনিয়া সৱে পুৰ স্ত্ৰীৰ বাণী।
দৈৱকী বসুদেৱ দুয়াে প্রাণী।।
নজানি দুয়াে তনয়ৰ বল।
ভৈলা দুয়াে পুত্র শােকে বিহ্বল।। ১৯০
ঝৰিয়া পড়ে নয়নৰ নীৰ।
যমক দেখে চিত্ত নােহে থিৰ।।
পুত্ৰক চাই কৰে হাহাকাৰ।।
দেখে দুয়াে দশােদিশে আন্ধাৰ।। ১৯১
দেখিয়া ভকতৰ ভয়হাৰী।
শত্রু বধিবাক মনে মুৰাৰি।।
কৰিলা নিষ্ঠুৰ প্ৰহাৰ ধাই।
মূৰ্চ্ছিত চাণুৰ চেতন নাই।। ১৯২
সন্ধুকি যেন সেন গােটে উঠি।
মাৰিলে কৃষ্ণক ঝাওলে মুষ্ঠি।।
নচলিলা হৰি পায়া প্ৰহাৰ।
ধৰিলন্ত দুই বাহুত তাৰ।। ১৯৩
তুলি উপৰক ফুৰাইলা পাক।
আম্ফালিয়া বলে মাটিত তাক।।
মুকুত কেশ হাড় বিহৰিল।
ইন্দ্ৰধ্বজ যেন চাণূৰ পড়িল।। ১৯৪
মুষ্টিককো ৰামে দিলা চাপৰ।
ৰুধিৰ ছাদি পীড়া পাইল বৰ।।
ভূমিত পড়িল প্রাণক ছাৰি।
পৰে বৃক্ষ যেন বায়ু উভাৰি।। ১৯৫
আসিলা খেদি আউৰ কূট নামে।
বাম মুষ্টি হানি মাৰিলা ৰামে।।
তােশল্ল শল্ল ধাইল ক্ৰোধ কৰি।
লাঠি হানি দুইকো বধিলা হৰি।। ১৯৬
চাণূৰ মুষ্টিক কুট তােশল্ল।
মাৰিলে শল্লকো দেখি বিহ্বল।।
আৱৰ মল্ল ভয় হুয়া বড়।
প্ৰাণৰাখি সৱে দিল লৱৰ।। ১৯৭
দেখিয়া পাছে ৰাম কৃষ্ণ ৰঙ্গে।
আনিয়া গােপগণ লৈয়া সঙ্গে।।
দেখায়া মল্ল ক্রীড়া বিপৰীত।
নাচন্ত লােকৰাে ৰঞ্জিয়া চিত্ত।। ১৯৮
ৰুণ ঝুণ কৰি নূপুৰ পাৰে।
উৎসৱ কৰি মল্ল বাদ্য বাৱে।।
অঙ্গি ভঙ্গি কৰি তাহাৰ ছেৱে।
কৰন্ত আতি নৃত্য আদি দেৱে।। ১৯৯
দেখিয়া সমাজে তুলিল হাসি।
কৰে সাধুবাদ দান্ত প্রকাশি।।
সৱে ৰঙ্গ ভৈল কংসত বাজে।
হৰি চৰিত্ৰক শুনা সমাজে।। ২০০
কেতিক্ষণে পৰা ধৰিলে কালে।
মনুষ্য জন্ম নেনা আলে জালে।।
শঙ্কৰে কহে এড়া আন কাম।
ঘুষিয়াে ঘনে ঘনে ৰাম ৰাম।। ২০১
৷ ৷ পঞ্চদশ কীৰ্ত্তন।।
ঘােষাঃ হৰি ৰাম নিৰঞ্জন যদুপতি।
তুমিসে মাধৱ মােৰ অগতিৰ গতি।। ১৫
পদঃ মাৰিলন্ত কৃষ্ণে যেৱে বৰ বৰ মাল।
মল্ল বাদ্য বাইবে নিষিধিলে কংস কাল।।
বল্কিবে লাগিল মহা ক্রোধে অন্ধ হুই।
কিনো অসৰ্জ্জন বসুদেৱ সুত দুই।। ২০২
নগৰৰ বাজ কৰি খেদায়ে আহ্মাৰ।
দুষ্ট বসুদেৱক সত্বৰ কৰি মাৰ।।
গােৱালৰ ধনক আগ্রহি সৱে লৈয়াে।
দুৰ্ম্মতি নন্দক লােহা লগাই বান্ধি থৈয়াে।। ২০৩
পিতৃ উগ্রসেনক সত্বৰে মাৰ নিয়া।
নৰাখিবি আছে আৰ যত লগৰীয়া।।
শুনি কদর্থনা বাণী কৃষ্ণ কৃপাময়।
জ্বলি গৈল ক্রোধে আতি নসহে হৃদয়।। ২০৪
লঘিমা গুণক আশ্রয়িলা কৃষ্ণদেৱে।
কংসৰ উচ্ছ্ৰিত মঞ্চে উঠিলন্ত ডেৱে ৷ ৷
দেখি কংস আসনৰ উঠি তাৱক্ষণে।
ধৰিলেক খাণ্ডা বাৰু যুজিবাক মনে।। ২০৫
বাৰুত জঙ্কাৰে লুম্ফি ফুৰাৱে খাণ্ডাক।
যেন শেনগােটে আকাশত ফুৰে পাক।।
অচিন্ত্য মহিমা হৰি লীলায়ে হাসিয়া।
আলগতে কংসক ধৰিল চাম্প দিয়া ২০৬
গুচিল প্ৰভাৱ তাৰ হত হৈল দর্প।
গৰুড়ৰ হাতে যেন বন্দী ভৈল সর্প।।
কিৰীটি সহিতে তাৰ ধৰিয়া চুলত।
ভূমিত পাড়িয়া পড়িলাহা উপৰত।। ২০৭
জগতৰ ভৰত মৰিল কংসৰায়।
চুলে ধৰি সমাজত ফুৰাইল ঘষাই।।
হস্তীক আজোৰে যেন মত্ত সিংহৰাজে।
দেখি হাহাকাৰ কৰে সকল সমাজে ৷ ৷ ২০৮
পিয়ন্তে বােলন্তে সিটো পথক ভ্রমন্তে।
নিশ্বাস কাঢ়ন্তে নিশা শয়ন কৰন্তে।।
ভয়তে আগতে দেখে কৃষ্ণক সদায়।
সিহেতু কৃষ্ণৰ ৰূপ পাইলা কংসৰায়।। ২০৯
কঙ্ক আদি কৰিয়া কংসৰ আঠ ভাই।
ভাইৰ মান সাৰাে বুলি ক্রোধে গৈল ধাই।।
পৰিঘে মাৰিলা কোবাই ৰঙ্গে হলধৰে।
পূৰ্ব্বত পশুক যেন মাৰিলা শঙ্কৰে।। ২১০
আকাশক ছানি বাৱে দেৱৰ দুন্দুভি।
ব্রহ্মা আদি দেৱে পুষ্প সিঞ্চিলা সুৰভি।।
বুলিলা প্রশংসা বাণী আকাশৰ পৰা ৷
উৎসৱে নাচিবে লৈলা যত অপেস্বৰা।। ২১১
ৰাজনাৰী নিৰন্তৰে বজাইলা কান্দন্তে।
হা স্বামী বুলি আতি হিয়া থাকুৰন্তে।।
স্বকী স্বকী স্বামীক আলিঙ্গি কান্দে ধৰি।
নয়নৰ লােতক ধাৰায়ে পড়ে ঝৰি।। ২১২
তাসম্বক কৃষ্ণে আশ্বাসিয়া পঠাই ঘৰ।
কৰাইলা কংসৰ প্ৰেতকাৰ্য্য নিৰন্তৰ।।
অনন্তৰে ভগৱন্ত ভকতৰ গতি।
পাতিলন্ত নিয়া উগ্রসেনক নৃপতি।। ২১৩
ছােড়িলা বন্ধন হৰি পিতৃৰ মাতৃৰ।
কৰিলা বন্দন দুইকো পাৱে চুয়া শিৰ।।
ভকত বৎসল হৰি লােক দেখাই।
বােলা হৰি হৰি তৰা পাতেক খেদাই।। ২১৪
।। কংস বধ সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.