প্ৰাৰ্থনা গীত
।। বস্তু প্ৰকাশ ।।
হৰি নাম ৰসে
।। বস্তু প্ৰকাশ ।।
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।। ৩৭১
গোৱিন্দৰ প্ৰেম অমৃতৰ নদী
বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
হৰি নামে মূল ধাৰা।। ৩৭২
হৰি ভক্তি দান দিয়া জগতকে
তাৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আন বন্ধু।। ৩৭৩
হৰি ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী।। ৩৭৪
শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু।। ৩৭৫
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।। ৩৭১
গোৱিন্দৰ প্ৰেম অমৃতৰ নদী
বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
হৰি নামে মূল ধাৰা।। ৩৭২
হৰি ভক্তি দান দিয়া জগতকে
তাৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আন বন্ধু।। ৩৭৩
হৰি ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী।। ৩৭৪
শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু।। ৩৭৫
-----------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.