প্ৰাৰ্থনা গীত
হে জিহ্বা সদা তোৰ
।। আত্ম উপদেশ।।
হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়
জান তঞি ৰসৰ সাৰক।
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ নাম অমৃতক।। ৮৯
হে জিহ্বা তঞি সদা আমাত নিৰ্দ্দয়া ভৈলি
কেনে নোবোলস ৰাম বাণী।
সংসাৰ সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী।। ৯০
হে কৰ্ণ সদা তোৰ শৱদে মাত্ৰসে প্ৰিয়
তঞি শব্দ মধুৰ জানস।
কৌটি অমৃততোধিক পৰম মধুৰ শব্দ
শুন সদা কৃষ্ণ নাম যশ।। ৯১
হেন মন তোৰ কাম সঙ্কল্প বিকল্প ধৰ্ম্ম
তেজি মিছা ব্যাপাৰ সকল।
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন
কৃষ্ণ নাম পৰম মঙ্গল।। ৯২
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোড়য়।
তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয়।। ৯৩
শুনিয়োক বুদ্ধি তোৰ কেৱল নিশ্চয় ধৰ্ম্ম
তেজি সৱে বিনাশী বিষয়।
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাক মাত্ৰ কৰিয়ো নিশ্চয়।। ৯৪
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপোন মাৰ
মিছা অহম্মমক তেজিয়া।
পৰম ঈশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধু সঙ্গে কৃষ্ণক ভজিয়ো।। ৯৫
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নাছাড়িবা তাহান আশ্ৰয়।। ৯৬
কৃষ্ণ নিষ্ট ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন।
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি ৰতি
কৃষ্ণ পাৱে নিমজোক মন।। ৯৭
------------------------------------------------------
মুদ্ৰক-প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.