প্ৰাৰ্থনা গীত
মিনতি বচন
।। যুগধৰ্ম্ম নিৰ্ণয় ।।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মিনতি বচন বোলো সৰ্ব্বজনে
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম।
আপোন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগধৰ্ম্ম।।
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে দুজা।। ৩৯৯
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
অন্যত্ৰ ধৰ্ম্ম আচৰে।
মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে
একোৱে ফল নধৰে।। ৪০০
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
আনমতে চাহে গতি।
যেন কুলবধূ নিজে স্বামী তেজি
ভজে গৈয়া উপপতি।। ৪০১
সংসাৰ তৰিতে ইচ্ছা আছে যাৰ
কৰিয়ো হৰি কীৰ্ত্তন।
পৰম নিৰ্ম্মল গতি পায়া সুখে
ছিণ্ডিয়া কৰ্ম্ম বন্ধন।। ৪০২
সকল নিগম কল্পতৰু তাৰ
ফল মহাভাগৱত।
সেহি ফলৰস হৰি গুণ যশ
পিয়োক সাধু সঙ্গত।। ৪০৩
পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া।
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে
কৰিলা শাস্ত্ৰক চায়া।। ৪০৪
-----------------------------------------শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম।
আপোন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগধৰ্ম্ম।।
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে দুজা।। ৩৯৯
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
অন্যত্ৰ ধৰ্ম্ম আচৰে।
মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে
একোৱে ফল নধৰে।। ৪০০
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
আনমতে চাহে গতি।
যেন কুলবধূ নিজে স্বামী তেজি
ভজে গৈয়া উপপতি।। ৪০১
সংসাৰ তৰিতে ইচ্ছা আছে যাৰ
কৰিয়ো হৰি কীৰ্ত্তন।
পৰম নিৰ্ম্মল গতি পায়া সুখে
ছিণ্ডিয়া কৰ্ম্ম বন্ধন।। ৪০২
সকল নিগম কল্পতৰু তাৰ
ফল মহাভাগৱত।
সেহি ফলৰস হৰি গুণ যশ
পিয়োক সাধু সঙ্গত।। ৪০৩
পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া।
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে
কৰিলা শাস্ত্ৰক চায়া।। ৪০৪
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.