প্ৰাৰ্থনা গীত
হে ভগৱন্ত
প্ৰাৰ্থনাহে ভগৱন্ত গুৰু তযু পদে মন মোৰ
যিকালত স্থিতিক লভয়।
তোমাৰ কৃপাত তেৱে সমস্ত সাধন শ্ৰম
এৰাই সুখী হুইবোহো নিশ্চয়।। ৬০
হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই
প্ৰেমভাৱে স্মৰণ দুৰ্ল্লভ।
যথা কথঞ্চিত ৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হুয়োক সুলভ।। ৬১
হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপা দৃষ্টি চাহিয়োক মোক।
সহজ বাসনা ৰূপে শৰণ দিয়োক নাথ
মোৰ অহংকাৰ দূৰ হোক।। ৬২
নামো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন
নমো দেৱ দৈৱকী দায়াদ।
পৰম অনাথ আমি তোহ্মাৰ চৰণে নমি
মাগো প্ৰভু ভকতি প্ৰসাদ।। ৬৩
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যাত সদা পশয় শৰণে।
আৰ আন নাহি ত্ৰিভুৱনে।
ভকতজনৰ বন্ধু তুমিসে কৰুণা সিন্ধু
মোৰ গতি তোমাৰ চৰণে।। ৬৪
মায়াৰ নিগ্ৰহে মঞি পৰম আতুৰ ভৈলো
প্ৰাণ যদুপতি জীৱন যদুপতি।
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি।। ৬৫
হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
আছে পাপী তাৰ মই সীমা।
চৰণে থাপিয়া মোক পতিত পাৱন নিজ
দেখায়োক নামৰ মহিমা।। ৬৬
তোমাত বিমুখ হৰি হৈবাক দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত।
এৱে হৰি তযু পদে সেৱাত যিমতে ৰহো
হেন কৃপা কৰিতে উচিত।। ৬৭
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ।
আপোনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ।। ৬৮
তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহি আছে আহ্মাক সমূলি।
গুচায়োক মায়া স্বামী তোমাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি।। ৬৯
মঞি অনাথক দয়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিণ্ডি দেঞো চৰণত।। ৭০
অপৰাধ বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণ
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণে।। ৭১
কৰিয়োক মায়াক নিৰ্য্যাণ।
আপোনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ।। ৬৮
তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহি আছে আহ্মাক সমূলি।
গুচায়োক মায়া স্বামী তোমাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি।। ৬৯
মঞি অনাথক দয়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিণ্ডি দেঞো চৰণত।। ৭০
অপৰাধ বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণ
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণে।। ৭১

0 Comments
Please do not enter any spam link in the comment box.