জেঠীয়ে তামোল খায়
উজনিৰ শেৱালী নামনিৰ পলাসৰ লগত বিয়া হৈ কিছুদিন গাৱত থাকিবলগীয়া হৈ নগুৰ-নাকতিত পৰিল। এনেতে এদিন ওচৰৰে পলাসৰ বায়েক এজনী তগৰহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিল। বাৰিষাৰ বতৰ, কলীয়া ডাৱৰে আকাশ চানি ধৰিছে। শেৱালীৰ মনটো এনেয়ো ভাল নহয়। অনাবৰতে নগাঁৱৰ দেউতাকৰ ঘৰলৈ মনত পৰি থাকে। শেৱালী নামনিৰ গাঁৱলীয়া পৰিৱেশৰ লগত নিজকে খাপ খুৱাব নোৱাৰি মনটো সেমেকি উঠিল। বিশেষকৈ নামনি অঞ্চলৰ কথা বতৰা বুজি-বাজি নাপাই লোকচক্ষুৰ পৰা দূৰতে বিদূৰ হৈ ফুৰিছিল। কিবা শুধিলে কিবা উত্তৰ দি শেৱালী হাঁহিয়াতৰ পাত্ৰ হৈ পৰে । উপায় নাই চাকৰিয়াল দৰা পাই নামনিলৈ কিয় বিয়া হৈ শেৱালীয়ে আজি পস্তাই আছে।
এনেতে আহিল আকৌ বায়েকজনী ! ন-কইনা ওলাই নগ’লেও নহয়, কি কৰিম কি নকৰিম কৰি লাজে ভয়ে ওলাই আহি বাইদেউক মাত লগালে। কথা বতৰা পাতোতে যেনিবা ইমান অসুবিধা নহ'ল। হাজাৰ হওক চাকৰি কৰা বাবেই কিজানি বায়েকৰ লগত কথা পাতোতে সিমান অসুবিধাত পৰিবলগীয়া নহ'ল। দীঘলকৈ উশাহ লৈ, "ৰক্ষা"। প্ৰয়োজনীয় কথা কেইটামান কৈ নিশাই বাইদেউক চাহ-পানী দি ৰুমত সোমাইছিল মাত্ৰ। কিছু সময় পিছতে ভতিজা ছোৱালী জনীয়ে আহি কয়-
"খুৰী জেঠীয়ে তামোল খায়"
নিশা হতভম্ব হ'ল। কি ঠাইত আহি পৰিলোঁ, জেঠীয়েও তামোল খায় ? জেঠীয়ে বেৰত পোক পৰুৱা খোৱা দেখিছো, ইয়াত তামোল খোৱা জেঠীও আছে ? ভাল জেগাত সোমালো, মই শেষ !
" খুৰী তামোল এখন দিয়ক, জেঠীক দিও ।"
উপায় নাপাই মনতে, "যাকে খুৱালেও খুৱাওক" বুলি তাইৰ হাততে তামোল-পাণৰ বতাটো আগবঢ়াই দি আলেঙে আলেঙে কি জেঠীয়ে নো তামোল খায় চাই থাকিলো। নাই তো, তাই তগৰ বাইদেউক তামোল এখন দি বতাটো পুনৰ আগৰ ঠাইত থৈ গ'ল। মনতে ভাবিলো, জেঠীক তামোল নিদিলে দেখোন ?
ইয়াৰ বহু দিন যোৰাৰ পিছতহে গম পালো যে ইহঁতে জেঠাইকে জেঠী কয়!
---------------------------------------------------------------------------------------------------------------------------
প্ৰশান্ত
0 Comments
Please do not enter any spam link in the comment box.