ডাল এটি

ডাল এটি

"মই বজাৰৰ পৰা কিনিহে আনিছো। বাপ্-ৰে ! ইমান সৰু পুলিটো ই বিছাৰিছে সি বিছাৰিছে !" তগৰে একপ্ৰকাৰ জাঙুৰ খাই উঠিল।

"নাই, বাইদেউ মোক সৰু ডাল এটাহে লাগিছিল।"

"লৈ যাওক, কি ডাল লাগে, লৈ যাওক।"

"নালাগে দিয়ক। আপুনি কিনি আনিছে যেতিয়া নালাগে দিয়ক।" বুলি কৈ মালতী ভৈ ভৈ ঘৰৰ ভিতৰলৈ সোমাই আহিল-

"বাপ্-ৰে সামান্য ফুলৰ ডাল এটাকে দিবলৈ টান পালে ? মই সিহঁতক কত কি দিয়া নাই ! দেখুৱাইয়ো দিলো, বোলে আঙুলিটোৰ মান এটুকুৰা দিলেই হ'ব। মানুহজনী বলকিবলৈ লাগিলেই নহয়। ময়ো কম নহয়, নহয় ! নিনিয়াকৈ গুচি আহিলো। লাজ পাইছে বুজিছে, মানুহজনীয়ে বৰ লাজ পাইছে।"….. মালতীৰ মুখ বন্ধ নহয়হে নহয়।

অসহ্য হৈ গিৰিহঁত দামোদৰে মাত লগালে,

"হ'ব দিয়া, তুমি ডাল এটা খুজিছিলা তগৰে নিদিলে, কথা ইমানেই। দৰকাৰ হ'লে তুমি ক'ৰ্টৰ মুখৰ পৰা ডাল এটা কিনি আনিবা। তাক লৈ ইমান হৈ-চৈ কৰেণে ?"

নাই, নামেনে, মালতীৰ মুখ বন্ধয়ে নহয়।

অ' আমি কিমান কি দিলো ! তাই সামান্য ডাল এটাকে দিবলৈ টান পালে ?

নিদিলেও নাই। গ'ল কথা গ'ল। সেই সামান্য কথাটোলৈয়ে ইজনীক দেখিলে সিজনীয়ে পিঠি দিয়ে, সিজনীক দেখিলে ইজনীয়ে পিঠি দিয়ে।

মালতীও কম বিধৰ তিৰোতা নহয়, নহয়! নাওঁ বুৰিলেও টিঙৰ পৰা ননমা বিধৰ।

আজি বোলে, "দেখিলে, তগৰে মোক দেখি কেনেকুৱা কৰিছে ?

কালি বোলে, দেখিলে, মোক দেখি মানুহজনী কেনেকৈ ভিতৰলৈ সোমাই গ'ল।" ইত্যাদি ইত্যাদি........

"হেৰো হ'ব দে ! কিমাননো একেটা কথাকে পাগুলি থাক ?

        ইমান দিনে একেটা কথাকে শুনি শুনি দামোদৰৰ কাণ-মূৰ কলা হ'ল। আজি আকৌ মালতীৰ ক'বলৈ ধৰিলে- "আজি নহয় তগৰে মোক দেখি একদম ৰঙা-ছিঙা পৰি গৈছে। পাইছে বাপেকে মোক ডাল এটা নিদিয়াৰ হুন।"

        সহ্যৰ সীমা পায় হৈ দামোদৰে কৈয়েই পেলালে,"হেৰো, তোমাক দেখি তগৰে লাজ কৰি থকা নাই। তুমি ফুলৰ ডালিটো খোজাৰ পিছতেই হেনো কোনোবাই "ডাল এটাহে নিদিলি" বুলি গোটেই পুলিটোকে উভালি লৈ গ'ল। সেইবাবেহে।

"হে হৰি!" বুলি মালতীৰ মাত-বোল বন্ধ।
------------------------------------------------------------------------------
প্ৰশান্ত

Post a Comment

0 Comments