মায়া

মায়া

          হাজৰিকাৰ গা-মন একেবাৰে বেয়া। নহ'বনো কিয় ? আজি বিশ-ত্ৰিশ বছৰে সেই একেটা কোৱাৰ্টাৰতে কটোৱাৰ পাছত আজি ঘৰটো এৰি যাবলৈ ওলাইছে ? চাকৰি জীৱন প্ৰায় শেষ হও হও। ইচ্ছা কৰাহেঁতেন চাকৰি জীৱন ইয়াতেই শেষ কৰি যাব পাৰিলেহেঁতেন। শেষত যেনিবা আপোন ঘৰ এটা সাজি ঘৰৰ ওচৰৰে কঁঠিয়াতলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চাকৰিটো বদলি কৰাই নতুন ঘৰটোলৈ যাবলৈ ওলাইছে।

        কাঠৰ চকী এখনতে বহি হাজৰিকাই যোৱা বিশ-ত্ৰিশ বছৰৰ হিচাব-নিকাচ কৰি আছে। একমাত্ৰ সন্তান, নিৰঞ্জন, মাটিত থলে পৰুৱাই খায়, মূৰত থলে অকনিয়ে কামুৰে। ক'ত থও ক'ত নথও ? সৌ-সিদিনা এই ঘৰটোতে জন্ম পাইছিলহে, দ্বিতীয় বিভাগত বি এ পাছ কৰি বংশ উজলাবলৈ সক্ষম হ'লেই। তাকে লৈ হাজৰিকা পৰিয়ালৰ অলেখ কল্পনা, আনন্দৰ সীমা নাই ! বি ডি অ'ৰ তলৰ খাপৰ চাকৰি পালে সি নকৰেই হেনো ? নিৰঞ্জনৰ গুণৰো তুলনা নাই ! পৃথিৱীত এনে এবিধ জুলীয়া দ্ৰব্য নাই যিটো নিৰঞ্জনে গ্ৰহণ কৰা নাই! এনে এটা বেয়া গুণ নাই যিটো নিৰঞ্জনৰ গাত নাই ?

        এবাৰ নিৰঞ্জনে ওচৰৰে গাওঁ এখনৰ ছোৱালী এজনীক মৰমতে বেয়াকৈ জোকালে। তাকে দেখি গাঁৱৰে চকুচৰহা কেইজনৰ সহ্য নহ'ল। নিৰঞ্জনক উত্তম-মাধ্যম সোধাই গোটেই দিনটো মৰমতে তামোল গছ এজোপাতে বান্ধি থলে। খৱৰ পাই বাপেকে সেই ৰাতিয়েই গৈ ধূলাজাৰি আথেবেথে বুজাই-বঢ়াই ঘৰলৈ লৈ আহিল। মানিব লাগিব কিন্তু দেই, ল'ৰাটোৰ পিছে ভেমপেছো নাই ! খাই বৈ ল'লে য'তেই ৰাতি ত'তেই কাটি, বিছনাৰ প্ৰয়োজনেই নহয়।

        হাজাৰ হওক,ওচৰ চুবুৰীয়া মানুহজন যাব ওলাইছে যেতিয়া মাত এষাৰকে দিও বুলি বৰুৱা ওলাই অহিল। বৰুৱাক দেখি হাজৰিকাই মাত লগালে, "যাওগৈ বৰুৱা, বেয়া-চেয়া নাপাব !"

        "কিয়নো বেয়া পাম বাৰু ? আজি অত দিনে একো এটা হাই-কাজিয়া নলগাকে থাকিলো, যাবৰ সময়তনো আকৌ কিয় বেয়া পাম ?"

        "যাও বুজিছে, কোৱাৰ্টাটোৱে মোক নামানা হৈছে, সিদিনা আইৰ তাত চোৱাইছিলো, ভেটিটো একেবাৰে বেয়া বুলি কৈছে। ভেটিটোত মতা মানুহ বেছিদিন নিটিকে বোলে, বুজিছে ?"

        বৰুৱাই মনতে ভাবিলে, কথাটো একেবাৰে নোহোৱাও নহয়, আগতে এই ভেটিটোত এটা হৰিজন পৰিয়াল থকাৰ কথা শুনিছিলো, পিছে আয়ে কোৱাৰ দৰে ভেটিটোৰ দোষত নে চুলাই মদৰ দোষত মতামানুহকেইজন নোহোৱা হ'ল সেইটোহে খাটাং নহ'ল। পিছত যেনিবা সেই ঘৰটো ভাঙি নতুনকৈ বৰ্তমানৰ ঘৰটো নিৰ্মাণ কৰা হ'ল। তেতিয়াৰে পৰা এই নতুন ঘৰটোতে যোৱা বিশ-ত্ৰিশ বছৰ ধৰি হাজৰিকাই দখল কৰি আছে।

        হাজৰিকাৰ কথা শুনি বৰুৱাৰ মনতে নানান প্ৰশ্নৰ উদয় হ'ল। আজি বিশ-ত্ৰিশ বছৰে হাজৰিকাৰ মুখত এবাৰো ঘৰটোৰ বেয়া ভাল কথা নোলাল ? আজি হঠাতে কিয় ভেটিটো বেয়া হ'ল ?

        পিছে হাজৰিকাও এটা সময়ত কম মদ খোৱা নাই দেই ? মদ খাই খাই গোটেই দেহত মদেই এতিয়া। মাজতে এবাৰনে দুবাৰ বাহিৰৰ পৰাও আহিছে বোলে, পিছে কামতহে নাহিল। লিভাৰ শেষেই বোলে। এতিয়া ভেটিটোকে দোষ নিদি উপাই নাই।

        হাজৰিকা গ'লটো গ'লেই, যোৱাৰ সময়ত বৰুৱাক কৈ থৈ গ'ল, "ঘৰটোত ভূত আছে, বুজিছে ! মাজৰাতি দুৱাৰ খিড়িকী ভাঙিবলগীয়া কৰে, ওলাই গ'লে কিন্তু একো নেদিখি।"

কথাটো ইকান সিকানকৈ গোটেই অঞ্চলটো বিয়পি পৰিল।

        মাজতে পূৰবী নামৰ নাৰ্চ এজনীয়ে কোৱাৰ্টাৰ টোৰ চাবি চমজি ল'লে। হাজিৰা লগাই ঘৰটো ৰঙো কৰালে। কিন্তু ঘৰটোলৈ অহা নহ'ল । হঠাতে কি হ'ল জানো, এসপ্তাহমান পাছত চাবিটো আকৌ চাৰক ঘূৰাই দিলে।
--------------------------------------------------------------------------------
প্ৰশান্ত


Post a Comment

0 Comments