আজিও নহ'ল কোৱা

আজিও নহ'ল কোৱা-


        সুউচ্চ পাহাৰৰ টিলা এটাৰ ওপৰত অৱস্থিত শিলঘাট কামাখ্যা মন্দিৰৰ এক গাম্ভীৰ্য পৰিৱেশ। হঠাৎ অৰুণ আৰু নিশাৰ দেখাদেখি। সুদীৰ্ঘ পোন্ধৰ বছৰৰ মূৰত অৰুণ আৰু নিশাৰ দেখাদেখি। অলপ নি:স্তব্ধ ! কিছু মৌনতা! কও নকওকৈ অৰুণে ক'লে-
"কেনে আছা, নিশা?"

        নিশাই কোনো উত্তৰ নিদিলে। মাত্ৰ দুচকুৰে ধাৰাষাৰে চকুলো নিগৰিল! অৰুণৰো একেই অৱস্থা। মাত্ৰ সি নিশাৰ আগত দেখুওৱাহে নাই! নিশাৰ দুগালৰ চকুপানীখিনি মচি দিবলৈ তাৰ বৰ মন গৈছিল। কিন্তু নিশাৰ শিৰৰ উজ্বল ৰঙা তিলকটোৱে তাক সেয়া কৰিবলৈ বাধা দিছিল। ক্ষণিক নিৰ্জনতা ভাঙি ওচৰত গছৰ ডালৰ পৰা চৰাই এজনী উৰি গৈছিল।
------------------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া

Post a Comment

0 Comments