বৰদিনৰ বিষয়ে ৰচনা

বৰদিন বা খ্ৰীষ্টমাছৰ তাৎপৰ্য


    বৰদিন বা খ্ৰীষ্টমাছ, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। প্ৰতিবছৰে ডিচেম্বৰ মাহৰ পঁচিশ তাৰিখটো বৰদিন বা খ্ৰীষ্টমাছ হিচাপে পালন কৰা হয়। প্ৰবাদ আছে যে- ডিচেম্বৰ মাহৰ এই দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। অৱশ্যে এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয়, সেইটো সঠিককৈ জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰৱেশ কৰে। সম্ভবতঃ এই হিচাপ অনুসৰিয়েই পঁচিশ ডিচেম্বৰ তাৰিখটো যীশুখৃষ্টৰ জন্ম তাৰিখ বুলি ধৰা হয়।

    অন্য এক প্ৰবাদ মতে, ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়।

    দৰাচলতে, ই এক খ্ৰীষ্টান ধৰ্মানুষ্ঠান যদিও, একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায় লোকেও বৰ উলহ-মালহেৰে বৰদিন উৎসৱ পালন কৰে। উপহাৰ প্ৰদান, সংগীত, খ্ৰীষ্টমাছ কাৰ্ডৰ বিনিময়, গিৰ্জাত উপাসনা, ভোজ, আৰু খ্ৰীষ্টমাছ বৃক্ষ, আলোকসজ্জা, মালা, মিছলটো, যীশুৰ জন্মদৃশ্য আদিৰ সমন্বিত এক বিশেষ ধৰণৰ সাজসজ্জাৰ প্ৰদৰ্শনী আধুনিক কালৰ বৰদিন উৎসৱ উদযাপনৰ অঙ্গ। কোনো কোনো দেশে ফাদাৰ খ্ৰীষ্টমাছ (উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু আয়াৰলেণ্ডত ছাণ্টাক্লজ) -এ শিশুসকলৰ বাবে উপহাৰ অনাৰ উপকথাটো বেছ জনপ্ৰিয়।

    ভাৰততো প্ৰতিবছৰে ডিচেম্বৰ মাহৰ পঁচিশ তাৰিখটো বৰদিন বা খ্ৰীষ্টমাছ হিচাপে পালন কৰা হয়। ইতিমধ্যে, বৰদিন এটা ৰাষ্ট্ৰীয় ছুটীৰ দিন ধাৰ্য কৰা হৈছে। এই চেগতে বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকললৈ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

(সংগৃহীত তথ্যৰ আধাৰত লিখা)

Post a Comment

0 Comments