মই কেতেকী

সাধুকথা

মই কেতেকী

    ৰাজপ্ৰসাদ বিষাদেৰে ভৰি পৰিছে! কাৰো মুখত মাত নাই। ৰজা চিন্তিত, ৰাজকুমাৰ শোকত ব্যাকুল। ৰাজকুমাৰীৰ বেমাৰ! ভাল হোৱাৰ কোনো লক্ষণেই নাই!

    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেজ-জ্ঞানী লোকসকল আহি ৰাজকুমাৰীক আৰোজ্ঞ কৰিব পৰা নাই।‌ সকলোৰে মুখত এটাই কথা- ৰাজকুমাৰী আৰু নাবাচে! ইফালে ৰাজ্যৰ চুকে-কোণে বেজ বিচাৰি ৰাজকুমাৰ হায়ৰান। শেষত যেনিবা বেজ এজনৰ সন্ধান পালে। বেজে ক'লে- ৰাজকুমাৰী বাচিব! যদিহে মোক এটা কেতেকী ফুল আনি দিব পাৰা, আৰু সেই ফুলৰ ৰেণু কুঁৱৰীৰ গাত সানি দিলে কুঁৱৰী অৱশ্যে আৰোগ্য হ'ব!

    ৰাজকুমাৰ বলিয়া হৈ পৰিল! গ্ৰীষ্ম কাল! এতিয়াতো কেতেকী ফুল নুফুলে! ৰাজকুমাৰ ভাবি চিন্তি অস্থিৰ হৈ পৰিল। তথাপি আশা এৰা নাই, লগত লগুৱা-লিকচৌ লৈ হাবিয়ে বননীয়ে কেতেকী ফুলৰ সন্ধানত ঘূৰি ফুৰিছে।

    গৈ গৈ গৈ এদিন এখন ডাঙৰ অৰণ্য পালেগৈ। তাত এডোপা কেতেকী গছ দেখিলে । কেতেকীজোপাৰ ডালত এজনী কেতেকী চৰাইয়ে আনন্দ মনেৰে নাচি-বাগি আছে। ৰাজকুমাৰে আঠু লৈ সেৱা জনাই কেতেকী জনীক ক'লে- হে কেতেকী, মই এটা বৰ ডাঙৰ বিপদত পৰিছোঁ, ৰাজকুঁৱৰীৰ বেমাৰ, এপাহ কেতেকী ফুল লাগে? কেতেকী ফুল নহ'লে ৰাজকুঁৱৰী আৰু নাবাচে! তুমি পাৰিবানে কিবাকৈ মোক এপাহ কেতেকী ফুল আনি দিবলৈ?

    কেতেকী জনীয়ে ক'লে- ৰাজকুঁৱৰ, এতিয়া গ্ৰীষ্ম কাল, গ্ৰীষ্ম কালত কেতেকী ফুল নুফুলে নহয়! বসন্ত আহক! মই হিয়া ভাঙি কান্দিম। মোৰ হিয়াভঙা কান্দোনত কেতেকী ফুলি উঠিব।

    ৰাজকোঁৱৰে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। আলসুৱা কেতেকীজনীৰ দুখ লাগিল! আৰু ক'লে-  উপায় আছে! তুমি যদি মান্তি হোৱা, মই তোমাক এটা দিহা দিব পাৰো!

    ৰাজকুমাৰে ক'লে- এটা কেতেকী ফুলৰ বিনিময়ত তুমি যি কোৱা মই তাকে‌ই কৰিবলৈ সাজু আছোঁ, কেতেকী! প্ৰযোজন হ'লে মই মোৰ প্ৰাণো বিসৰ্জন দিবলৈও সাজু আছোঁ!

    কেতেকীয়ে ক'লে- তেতিয়াহ'লে কাইলৈ সন্ধিয়া তুমি ইয়ালৈ আহিবা, মই কেতেকী গছৰ কাঁইটীয়া পাতৰ মাজত বহি ওৰে ৰাতি 'মই কেতেকী, মই কেতেকী, বুলি কান্দিম! পুৱালৈ এপাহ ফুল ফুলিব! মোৰ দেহতো কেতেকী গছৰ কাঁইটেৰে থকা সৰকা কৰিব! শেষত মই তেজেৰে লুতুৰিপুতুৰি হৈ মাটিত পৰি যাম। তেতিয়া কিন্তু তুমি মোক মাটিৰ পৰা উঠাই লৈ হাত বুলাই বুকুৰ মাজত লৈ অলপ মৰম কৰিব লাগিব! মই আকৌ প্ৰাণ পাই উঠিম! ডালে পাতে নাচিম, বসন্ত আহিলে আকৌ তোমালোকক বসন্তৰ আগলি বতৰা দিম! কৰিবানে ৰাজকুঁৱৰ? পাৰিবানে মোক মৰম অকণ দিবলৈ?

    নিশ্চয় পাৰিম কেতেকী! এপাহ কেতেকী ফুলৰ বাবে মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ! তেনেস্থলত, মই তোমাক মাটিৰ পৰা তুলি লৈ বুকুৰ অলপ মৰমহে দিব লাগে! মই কথা দিলোঁ কেতেকী মই নিশ্চয় কৰিম!

    সেইমতে পিছদিনা পুৱাতেই ৰাজকুমাৰ গৈ তাত উপস্থিত হ'ল। সন্দিয়া হ'লত আগদিনাৰ কথা মতেই কেতেকীজনীয়ে কেতেকী গছৰ কাঁইটৰ ওপৰত মই কেতেকী, মই কেতেকী বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে! লাহে লাহে ৰাতি হ'ল, কেতেকীজনীয়ে অবিৰাম গতিত চিঞৰিয়ে থাকিল! ৰাজকুমাৰে গছজোপালৈ চাই আছে, ভাবি আছে কেতিয়া ৰাতি পুৱাব কেতিয়া কেতেকী ফুল দেখা পাব!

    লাহে লাহে কেতেকী চৰাইজনীৰ মাত সৰু হৈ আহিল! ইফালে পুৱাৰ পোহৰে ফাট মেলিলে, লগে লগে কেতেকী জোপাৰ মাজত জকমককৈ এপাহ কেতেকী ফুল ফুলি উঠিল। কেতেকী চৰাইজনী তেজেৰে লুতুৰিপুতুৰি হৈ মাটিত সৰি পৰিল।

    ফুল ফুলা দেখি ৰাজকুমাৰ আত্মহাৰা হ'ল!একে জাপে ফুল পাহ ছিঙি লগুৱা-লিকচৌ সহ ৰাজপ্ৰসাদলৈ দৌৰ মাৰিলে। সোনকালে ৰাজপ্ৰসাদ পাব লাগে, ৰাজকুমাৰীক ফুলৰ ৰেণু সানি জীয়াই তুলিব লাগে! পিছলৈ চাবলৈ তেওঁৰ আৰু সময় নাই! ৰাজপ্ৰসাদ পাই ৰাজকুমাৰীক কেতেকী ফুলৰ ৰেণু সানি দিলে, ৰাজকুমাৰী আকৌ আগৰ নিচিনা হৈ পৰিল । ৰাজপ্ৰসাদ আনন্দৰে ভৰি পৰিল।

    কেতেকীজনীৰ দেহতো কিন্তু তেজেৰে লুতুৰিপুতুৰি হৈ তাতেই পৰি থাকিল। কেতেকীজনীৰ হিয়াভঙা মাতৰ ধ্বনী আকাশে বতাহে ভাহি কোনোবা অচিন দেশলৈ গুচি গ'ল।

    হায়! জীৱ শ্ৰেষ্ঠ মানুহৰ স্বাৰ্থপৰতাই এজনী মুকলি মনৰ চৰাইক অবিচাৰে বিদায় দিলে। এয়াই হ'ল জীৱ শ্ৰেষ্ঠ মানুহৰ নিজৰ স্বৰ্থ পুৰণৰ এটা জলন্ত উদাহৰণ। স্বাৰ্থপৰ মানুহৰ পৰা ইয়াতকৈ আৰু কি পাব পাৰি?
( মূল যতীন্দ্ৰ নাথ দুৱৰাৰ "কেতেকী" নামৰ কবিতাটোৰ আধাৰত লিখা। )
----------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments