ফাগুৱা, হোলী বা দৌলোৎসৱ
ফঁকুৱা সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱ। ই ফাগুণ বা চ'ত মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা এটি ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। ই প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা কৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
পৌৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাদেৱ তেতিয়া তপস্যাত বিলীন হৈ আছিল। মহাদেৱৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলতঃ সাংসাৰিক কাম, ক্ৰোধ, লোভ, মোহ ত্যাগৰ প্ৰতিনিধিত্ব কৰে।
আন এক আখ্যান অনুসৰি হিৰণ্য-কশিপুৱে পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিয়ে। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। মৃত্যুক্ষণত হোলিকাই নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে- "মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে তোমাক স্মৰণ কৰিব।" এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব অনুমান কৰিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকা দাহ কৰা হয়।
ফাঁকুৱাৰ লগত জড়িত এই উৎসৱক অসমত "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়। বৰপেটাত দৌলোত্সৱ তিনিদিনৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক "গোন্ধযাত্ৰা" দ্বিতীয় দিনটোক "ভৰ দেউল" আৰু তাৰ পাছৰ দিনা "সুঁৱেৰী" বোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত পোন প্ৰথমবাৰৰ বাবে দৌল উৎসৱৰ পাতনি মেলে। মহাপুৰুষ জনাৰ ২১ বছৰ বয়সতে তেখেতে বৰদোৱাত এই উৎসৱ পালন কৰিছিল।
অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হয়। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক "দেউল" বোলা হয়। ধৰ্মীয় আচাৰ, ৰীতি-নীতি, ভক্তিৰস আৰু লোক-পৰম্পৰা সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন হ'ল বৰপেটাৰ এই দৌল উৎসৱ।
(সংগৃহীত তথ্যৰ আধাৰত ৰচিত)
-------------------------------------------------------------------------------------------------------------

0 Comments
Please do not enter any spam link in the comment box.