শ্ৰমিক দিৱস
আগদিনাৰ দৰেই হৰিকাই কান্ধত মোনাখন লৈ কাম কৰিবলৈ ওলাই আহিল!
আলি-কেঁকুৰিটো ঘূৰিয়েই হৰিকাইৰ মনত অলেখ সপোন- দিনৰ দিনটো কাম কৰি টকা তিনিশ পাম! সেই কেইটাৰে বেমাৰী ল'ৰাটোলৈ ফাৰ্মাছিৰ পৰা ঔষধ নিম, পাচলি কেইবিধমান, আটা, নিমখ, চেনি, দালি..... আৰু যে কত কি...! সাউৎ কৰে গাৰ কাষেৰে বাইকেৰে পাৰ হৈ যোৱা প্ৰাচুৰ্য মহাজনৰ পুত্ৰক দেখি মনতে ভাবিছে-
"এই ডেকাবোৰৰ যে কি হ'ব?... অকণমান বাটো খোজকাঢ়ি যাব নোৱাৰে?"
এনেদৰে, আকাশ-পাতাল ভাবি-গুণি খোজকাঢ়ি খোজকাঢ়ি গৈ এটা সময়ত হৰিকাই প্ৰাচুৰ্য মহাজনৰ ঘৰ পালে! প্ৰকাণ্ড গেটখন খুলি চোতালৰ পৰাই মহাজনলৈ মাত লগালে-
"মহাজন দেউতা অ' মহাজন দেউতা? মই কাম কৰিবলৈ আহিলোঁ মহাজন, দেউতা?"
মহাজনে কিবা এটা ভাবি হৰিকাইৰ মুখলৈ কিছুসময় একেথৰে চাই থাকিল! ক্ষন্তেকৰ মৌনতা ভাঙি মহাজনে ক'বলৈ ধৰিলে-
"আজি কাম কৰিব নালাগে দিয়া, হৰিকাই!"
মহাজনৰ "আজি কাম কৰিব নালাগে দিয়া, হৰিকাই!" বুলি কোৱা কথাষাৰত হৰিকাইৰ মূৰৰ ওপৰৰ সৰগখন যেন হঠাতে ভাগি পৰিল! সোধো নোসোধোকৈ তেওঁ সুধিলে-
"কিন্তু কিয় মহাজন?"
"আজি শ্ৰমিক দিৱস নহয়।"
অবাক হৈ হৰিকায়ে আকৌ সুধিলে, "সেইটো আকৌ কি বস্তু, মহাজন?"
"হৰিকাই! আজি সমগ্ৰ দেশতে শ্ৰমিকসকলক সন্মান জনোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। সেয়ে আজি নালাগে দিয়া!"
"কিন্তু যিটো সন্মানত মোৰ ঘৰৰ চৌকা নজ্বলে তেনে সন্মান মোক কিয় লাগে মহাজন? তেনে সন্মানৰ মোৰ কোনো প্ৰয়োজন নাই! শ্ৰমিক মই ! মোক শ্ৰমিক হৈয়েই থাকিবলৈ দিয়ক, মহাজন!"
"হৰি কাই........!"
----------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।
ধিং, নগাওঁ, অসম।
প্ৰশান্ত শইকীয়া।
ধিং, নগাওঁ, অসম।
0 Comments
Please do not enter any spam link in the comment box.