আন্তর্জাতিক নাৰী দিৱস

আন্তৰ্জাতিক নাৰী দিৱস


           প্ৰতি বছৰে ইংৰাজী মাৰ্চ মাহৰ আঠ তাৰিখ দিনটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়।

            এই দিৱস লগত নাৰী শ্ৰমিক অধিকাৰ আদায় সংগ্ৰামৰ এক দীঘলীয়া ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰে। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰে। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত পোণ প্ৰথম বাৰৰ বাবে আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয়। ক্লাৰা জেটকিন এগৰাকী জাৰ্মান ৰাজনীতিবিদ তথা জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্যা আছিল। ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন অনুষ্ঠিত হয় । বিশ্বৰ সোতৰখন দেশৰ পৰা প্ৰায় এশগৰাকী প্ৰতিনিধি আহি ইয়াত অংশগ্ৰহণ কৰে। এই সন্মিলনতে ক্লাৰাই প্ৰতি বছৰে আঠ মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ফলস্বৰূপে ১৯১১ চনৰ পৰা আঠ মাৰ্চ দিনটো নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন দেশৰ সমাজতন্ত্ৰীসকল এই দিৱস পালন কৰিবলৈ আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত আঠ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হ'ল। ১৯৭৫ চনত আঠ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পিছৰ পৰা গোটেই বিশ্বজুৰি এই দিনটো অৰ্থাৎ আঠ মাৰ্চ দিনটো নাৰীৰ সম-অধিকাৰ আদায়ৰ বাবে  আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়।


            
            আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, বুৰকিনা ফাচো, কম্বোডিয়া, কিউবা, জৰ্জিয়া, গিনি-বিচাউ, ইৰিত্ৰিয়া, কাজাখাস্তান, কিৰগিজিস্তান, লাওচ, মলদভা, মংগোলিয়া, মন্টেনিগ্ৰো, ৰুছিয়া, তাজিকিস্তান, তুৰ্কমেনিস্তান, উগাণ্ডা, ইউক্ৰেন, উজবেকিস্তান, ভিয়েতনাম আৰু জাম্বিয়া আদি বিশ্বৰ বহুকেইখন দেশে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাবে চৰকাৰী ছুটীৰ দিন হিচাপে পালন কৰে। ইয়াৰ উপৰি চীন, মেচিড'নিয়া, মাদাগাস্কাৰ, নেপাল আদি দেশত আঠ মাৰ্চ দিনটো কেৱল নাৰীসকলেহে চৰকাৰী ছুটীৰ দিন উপভোগ কৰিব পাৰে।
---------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments