মহৰম

মহৰম

            মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব। আৰবী শব্দ 'মুহৰৰম' শব্দৰ পৰা মহৰম-ৰ সৃষ্টি হৈছে। আৰবী শব্দ 'মুহৰৰম'-ৰ অর্থ হ'ল পৱিত্র। আনহাতে, মহৰৰম ইছলামিক হিজৰি বৰ্ষপঞ্জিৰ প্ৰথম মাহ। এই মহৰৰম মাহতেই এই পৰ্ব পালন কৰা হয় বাবে এই পৰ্বটোক মহৰম নামেৰে জনা যায়। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। এই মাহতেই নবি মহম্মদ মক্কাৰ পৰা মদিনালৈ যাত্রা কৰিছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকৰ্তা আল্লাই পৃথিৱী সৃষ্টি কৰিছিল। ধৰ্ম্ম প্ৰাণ হোচেনেও এই মাহতেই কাৰাবালা মৰুপ্ৰান্তত অতি কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল।


            মহৰমৰ হিজৰি বৰ্ষপঞ্জিৰ প্ৰথম মাহ। এই মাহৰ দশম দিনটো "আশুৰা" নামে পৰিচিত। আশুৰা আৰবি শব্দ। আশুৰাৰ অর্থ হ'ল দশম। দশম মহৰৰম-ক আশুৰা বোলা হয়। এই দিনটোতে ইমাম হোচেন চহিদ হয়। এই দিনটো মুছলমানসকলৰ বাবে অতি দুখৰ দিন।


            যদিও মহৰৰম বা মহৰম চিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপি ইয়াৰ অন্তৰ্নিহিত ভাব আৰু অনুভূতিয়ে ইয়াক সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৰ্বজনীন পৰ্বত পৰিণত হৈছে। মহৰম জীৱন আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ মাহ। ইছলাম ধৰ্ম-প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মৰ্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পৰ্ব অনুষ্ঠিত হয়।


            মহৰম পৰ্বৰ লগত এটি হৃদয় বিদাৰক কৰুণ কাহিনী জড়িত হৈ আছে- হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাক হজৰত আলীলৈ বিয়া দিয়া হয়। তেওঁলোকৰ হাচান আৰু হোচেন নামেৰে দুটি পুত্ৰ সন্তান জন্ম হয়। হাচান ডাঙৰ আৰু হোচেন সৰু। হজৰত মহম্মদৰ জোৱাই, হজৰত আলী মদিনাৰ খলিফা আছিল। খলিফা হ'ল ইছলাম ধৰ্ম-জগতৰ এটি সৰ্বোচ্চ পদ।


            ইফালে চিৰিয়াৰ শাসনকৰ্তা ঈৰ্ষাপৰায়ণ মুৱাবিয়াই হজৰত আলী খলিফা পদত অধিষ্ঠিত হোৱাত ভীষণ বিদ্ৰোহ ঘোষণা কৰে। এদিন হজৰত আলী ৰাজধানী কুফা নগৰলৈ যাওঁতে বাটতে গুপ্তঘাতকে হত্যা কৰে। লগে লগে কুফাবাসীসকলে হজৰত আলীৰ জ্যেষ্ঠ পুত্ৰ ধৰ্মপ্ৰাণ ইমাম হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। কিন্তু কুটিল হিংস্ৰ প্ৰকৃতিৰ মুৱাবিয়াই মদিনাৰ খলিফাপদ লাভ কৰিব নোৱাৰি ঈৰ্ষানলত জ্বলি-পুৰি হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। মুৱাবিয়াৰ দুৰ্দান্ত, নিষ্ঠুৰ আৰু হিংস্ৰ প্ৰকৃতিৰ সৈন্যৰ আগত হাচানৰ সৰল, ধৰ্মপ্ৰাণ সৈন্য তিস্তিব নোৱাৰিলে। বাধ্য হৈ হাচানে মুৱাবিয়াৰ লগত সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। সন্ধিৰ চৰ্ত মতে, হাচানে খলিফা পদ ত্যাগ কৰিব আৰু মুৱাবিয়া খলিফা হ'ব। কিন্তু মুৱাবিয়াৰ মৃত্যুৰ পাছত হাচানৰ সৰু ভায়েক হোচেনেহে খলিফা পদ লাভ কৰিব।


            ইফালে মুৱাবিয়াৰ চৰিত্ৰহীন, লম্পট, কুলাংগাৰ পুত্ৰ এজিদে এই চৰ্তত মানি ল'ব নোৱাৰিলে। এজিদৰ কুমন্ত্ৰণাত ইমাম হাচানক গোপনে বিহ খুৱাই মৰা হ'ল।


            আনফালে, সন্ধিৰ চৰ্তমতে মুৱাবিয়াই মৃত্যুৰ সময়ত হোচেনক খলিফা পদত অধিষ্ঠিত নকৰি নিজ পুত্ৰ এজিদকহে খলিফা পদত অধিষ্ঠিত কৰে। ফলত মক্কা, মদিনা আৰু কুফাৰ অধিবাসীসকলে মদপী, অত্যাচাৰী আৰু বিশ্বাসঘাতক এজিদ খলিফা হোৱাত সন্তুষ্ট হ'ব পৰা নাছিল। কাৰণ খলিফা পদটো কেতিয়াও উত্তৰাধিকাৰী সূত্ৰে পাব নোৱাৰে; ইয়াক সৰ্বসাধাৰণে নিৰ্বাচিত কৰিব লাগে। গতিকে এই কথাত এজিদৰ লগত হোচেনৰ তীব্ৰ বিৰোধৰ সৃষ্টি হয়।


            ইপিনে দুৰাচাৰ এজিদৰ অত্যাচাৰত অতিষ্ঠ হৈ মুক্তি লাভৰ কাৰণে কুফাৰ অধিবাসীসকলে হোচেনৰ সাহাৰ্য্য বিচাৰিলে। হোচেনেও কুফাবাসীৰ সাহায়ত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ সপৰিয়ালে কুফালৈ যাত্ৰা কৰে। কিন্তু হোচেন গৈ কুফাত উপস্থিত হ’ব নোৱাৰিলে। তেওঁলোক ইউফ্ৰেটিছ নৈৰ পশ্চিম-পাৰৰ কাৰবালা মৰু-প্ৰান্তৰত উপস্থিত হোৱাৰ লগে লগে এজিদৰ গৱৰ্ণৰ ওবায়দুল্লাই কাৰবালা প্ৰান্তৰত সৈন্য-সমাৱেশ কৰি ইউফ্ৰেটিছ নৈৰ পাৰত হোচেনৰ সৌন্যক অৱৰুদ্ধ কৰিলে।



            এফালে দুখ-ভাগৰ, আনফালে ভোক-পিয়াহত আতুৰ হোচেনৰ পৰিয়ালবৰ্গ তথা সৈন্য-সামন্তৰ মাজত এটুপি পানীৰ বাবে হাহাকাৰ লাগিল। কাষতে ইউফ্ৰেটিছ নৈ পানীৰে পৰিপূৰ্ণ হৈ আছিল যদিও এজিদৰ বিপুল সৈন্য বাহিনীয়ে হোচেনৰ সৈন্যই এটুপি পানী পোৱাৰো উপায় নোহোৱা কৰিছিল। বহুতে পানীৰ অভাৱত প্ৰাণ হেৰুৱালে। উপায়হীন হৈ হোচেনৰ নিচেই তাকৰীয়া সৈন্যই এজিদৰ বিপুল বাহিনীৰ লগত যুঁজি ছহিদ হ'বলৈ ধৰিলে। হোচেনৰ পানী-কেঁচুৱা পুতেক আলি আছগৰে মাকৰ বুকুত গাখীৰ নাপাই তৃষ্ণাত আতুৰ হ'ল। উপাই নাপাই হোচেনে মুমূৰ্ষু কেঁচুৱাটো কোলাত লৈ নিজৰ তিতা জিভাখন কেঁচুৱাৰ মুখত দি শত্ৰু সৈন্যৰ ওচৰত মূৰ দোৱাই তেওঁলোকৰ দুৱাৰ মুখত থিয় হৈ অকণমান পানী ভিক্ষা খুজিলে। কিন্তু হিংস্ৰ প্ৰকৃতিৰ, নিৰ্দয় শত্ৰু-সৈন্য এজনে পানী দিয়াৰ পৰিৱৰ্তে পিতৃৰ কোলাত পিয়াহত আতুৰ হৈ থকা পুত্ৰক এপাট শৰেৰে হত্যা কৰে। বাকৰুদ্ধ হোচেনে থৰকবৰককৈ কঁপা কঁপা হাতেৰে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি আনি নিজ মাতৃৰ কোলাত তুলি দিলে। কিমান হিয়া বিদাৰক, কিমান মৰ্মান্তুক হ'ব পাৰে, সেই দৃশ্য! আনফালে, এজিদৰ নৰ-পিশাচ সৈন্যৰ পৈশাচিক আনন্দত উন্মত্ত দানবীয় নৃত্য!


            হোচেনে অশ্ৰুসিক্ত নয়নেৰে আত্মীয়-স্বজন, বন্ধু-বান্ধৱসকলৰ মৃত্যু-যন্ত্ৰণা চাই চাই তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আল্লাহ-ৰ ওচৰত প্ৰাৰ্থনা জনালে। নিজস্ব ৰুগ্ন পুতেক এজন, ছোৱালী এজনী, শোকাতুৰা ঘৈণীয়েক আৰু আধা মৰা হৈ জীয়াই থকা আন আন বন্ধু-বান্ধৱসকলক খোদাৰ ওচৰত গতাই দিলে। এনেতে শত্ৰুসৈন্য আহি হোচেনৰ শিৰচ্ছেদ কৰি মূৰটো যাঠিত বিন্ধাই লৈ যায় আৰু পৰিয়ালৰ বাচি থকা কেইজনক বন্দী কৰি এজিদৰ ওচৰলৈ পঠিয়াই দি এজিদৰ খলিফা পদ নিষ্কণ্টক কৰিলে।


            হিজৰি মাহ মহৰমৰ দহ তাৰিখে কাৰবালাৰ বুকুত এই ঘটনা ঘটিছিল। সেয়েহে প্ৰতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণ মৰ্মস্পৰ্শী কাহিনীটো স্মৰণ কৰি এই পৰ্বৰ আয়োজন কৰে। ধৰ্মপ্ৰাণ মুছলমানসকলে এই তিথিৰ দিনা অনাহাৰে থাকে। কোৰান আৰু নামাজ পঢ়ি কাৰবালাৰ চহিদসকলৰ আত্মাৰ সদ্‌গতিৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায়।


            চিয়া সম্প্ৰদায়ৰ মুছলমানসকলে সেই দিনা কবৰৰ আকৃতিত কাগজ আদিৰে ৰং-বিৰঙৰ তাজিয়া সাজি ‘হায় হোচেন, হায় হোচেন’ বুলি বুকুত চপৰিয়াই চপৰিয়াই শোকগীত গাই বিলাপ কৰে। কাৰবালাৰ যুদ্ধৰ অনুকৰণত লাঠি, তৰোৱাল আদিৰে যুদ্ধভিনয় দেখুৱাই সমদল উলিয়ায়।


            মহৰম পৰ্ব জগতবাসীৰ আগত হোচেনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগৰ এক মহান আদৰ্শ। সমগ্ৰ মানৱ জাতিয়ে হোচেনৰ এই মহান আদৰ্শদ্বাৰা অনুপ্ৰাণিত হৈ পৃথিৱীৰ কলুষ-কালিমা, জ্বালা-যন্ত্ৰণা আঁতৰাই সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগ কৰিলেহে কাৰবালাৰ চহিদসকলৰ আত্মাই শান্তি পাব।


            চিয়া আৰু চুন্নী সম্প্রদায়ৰ মহৰম উদযাপন ৰীতি কিছু ভিন্ন। চিয়া সম্প্রদায়ৰ লোকসকলে মহৰমৰ দিনা ক'লা পোছাক পৰিধান কৰে। হোচেন আৰু তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ লগত চহিদ হোৱাসকলক স্মৰণ কৰে। মহৰমৰ নৱম আৰু দশম দিনা তেওঁলোকে ৰোজা ৰাখে। এই সময়ত বিশেষ নামাজ পঢ়াৰো ৰীতি আছে। আনহাতে, চুন্নী সম্প্রদায়ৰ লোকসকলে মহৰম মাহৰ দশম দিনাহে ৰোজা ৰাখে।
-------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments