ৰাখী বন্ধন

ৰাখী বন্ধন


            ৰাখীবন্ধন ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলো ধৰ্মাৱলম্বী লোকে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা এই উৎসৱ পালন কৰা হয়। এই দিনটোত বায়েক বা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই সূতাডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা। লগতে লুকাই থাকে ককায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ভাই-ভনীৰ মৰম, চেনেহ, ভালপোৱা আৰু আত্মৰক্ষাৰ প্ৰতিশ্ৰুতিৰে পূৰ্ণ ৰাখীবন্ধনৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ।


            ৰাখীবন্ধন উৎসৱটো কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হ'ল এই কথা সঠিককৈ কোৱা টান। পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকলৰ দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়াই দেৱৰাজ ইন্দ্ৰ বৃহস্পতিৰ কাষ চাপিল। সেই সময়ত ইন্দ্ৰৰ পত্নীয়ে দেৱৰাজ ইন্দ্ৰই বৃহস্পতিৰ আগত কোৱা সকলো কথা শুনি আছিল। তেতিয়া তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পৱিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে। সিদিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল। লোকবিশ্বাস আছে যে তেতিয়াৰ পৰাই ৰাখীবন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে।


            মহাভাৰতত উল্লেখ আছে যে- মহাভাৰতৰ কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱ পত্নী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচল ফালি কৃষ্ণৰ আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিয়ে। এই কাৰ্য্যত শ্ৰীকৃষ্ণ অভিভূত হৈ পৰে। 

            ইয়াৰ কেইবাবছৰ পূৰ্বে পাণ্ডৱসকল কৌৰৱৰ লগত হোৱা পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজসভাৰ মাজতে অপমান কৰিছিল। বস্ত্ৰ হৰণৰ সময়ত দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে শ্ৰীকৃষ্ণই নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে ইয়াৰ পৰাই ৰাখীবন্ধন প্ৰচলন হ'ল।


            আন এটি গল্পৰ মতে দৈতৰাজ বলি বিষ্ণুৰ পৰম ভক্ত আছিল। সেয়ে বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণু পত্নী লক্ষ্মী দেৱীয়ে স্বামীক ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধাৰণ কৰি বলি ৰজাক কয় যে- যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ হৈ আছে। তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে বলিয়ে যাতে তেওঁক তেওঁৰ ঘৰতে থাকিবলৈ দিয়ে। বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ'ল।


            শাওণ মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে। সাধাৰণ মহিলা গৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সোধাত লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দি সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক'লে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেই কাৰণে ৰাখীবন্ধন পালন কৰা হয়।


            ঐতিহাসিক প্ৰসংগ অনুসৰি ৰাণী কৰ্ণৱতী আৰু সম্ৰাট হুমায়ুন ৰাজপুতসকল যেতিয়া যুদ্ধৰ বাবে ওলায় তেতিয়া তেওঁলোকৰ স্ত্ৰী-সকলে যুঁজাৰুসকলৰ মূৰত তিলক লগাইছিল আৰু হাতত ৰেচমৰ সূতা এঠাল বান্ধি দিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই সূতাডালেই তেওঁলোকৰ স্বামীসকলক বিজয়ী কৰাৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ লৈ আহিব।


            এটা জনপ্ৰিয় গল্প অনুযায়ী- ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে, বিধবা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰি মোগল সম্ৰাট হুমায়ুনলৈ এডাল ৰাখী পঠাই তেওঁক সহায় কৰিবলৈ প্ৰৰ্থনা কৰে। ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যই চিতোৰ ৰক্ষা কৰি দিয়ে।


            এটা কিংবদন্তী অনুযায়ী- ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন একো ক্ষতি নকৰে। পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে। কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে।


            আধুনিক কালত ভাৰত চৰকাৰৰ ডাক বিভাগৰ দ্বাৰা এটা আকৰ্ষণীয় লেফাফা বিক্ৰী কৰা হয়। ৰাখী উৎসৱত বায়েক/ভনীয়েকে নিজৰ ভায়েক/ককায়েকলৈ ৫০ গ্ৰামলৈকে ওজনৰ ৰাখী পঠিয়াব পৰে। এই সুবিধাটো মাত্ৰ ৰাখীবন্ধনৰ সময়তহে উপলব্ধ। ২০০৭ চনৰ পৰা বৰষুণৰ বতৰত লেফাফাটো বেয়া নহ'বৰ কাৰণে ৱাটাৰপ্ৰুফ লেফাফাৰ ব্যৱস্থা কৰা হৈছে। ৰাখীবন্ধনৰ সময়ত ৰাখী সোনকালে আদান প্ৰদানত বিশেষ কিছু পদ্ধতিও ব্যৱহাৰ কৰা দেখা যায়। কোনো কোনো ডাঙৰ ডাকঘৰত ৰাখী পঠিয়াবলৈ বেলেগকৈ অন্য বাকচ লগাই দিয়া দেখা যায়।


            আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভাৱ ৰাখীবন্ধনতো পৰিছে। বহু ভাৰতীয়ই আজিকালি বিদেশত বসবাস কৰে। ইণ্টাৰনেটৰ যুগত বহু এনে ধৰণৰ ই-কমাৰ্চ বেৱ ছাইট আছে যিবোৰৰ যোগেদি অনলাইন অৰ্ডাৰ কৰিও ৰাখী নিদিষ্ট ঠিকনালৈ পঠিয়াব পৰা যায়।


   শেষত ভাই-ভনীৰ এই পৱিত্ৰ উৎসৱ ৰাখীবন্ধনৰ দ্বাৰা বিশ্ব ভাতৃত্ববোধ গঢ়ি উঠাৰ কামনা কৰিলোঁ!

Post a Comment

0 Comments