শঙ্কৰে বোলে বাণী

অ' শঙ্কৰে বোলে বাণী
ভকতক মাতি আনি অ'
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
অ' আজি মোৰ দেহাৰ নাই ভাল হে বাপুগণ
শুণা সৱে মোৰ বচন।


কি এ
বেলি হৈলা চাৰিদণ্ড
মোৰো দেহা পৰি ৰব এ
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
ভকতে হোৱা সাৱধান হে বাপুগণ


কি এ
ৰমানন্দে বোলে পিতৃ
ময়ো গৈলু অধঃগতি এ
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
অ' ময়ো হৈলু কূলৰ কলঙ্ক হে বাপুগণ
শুণা সৱে মোৰ বচন।


কি এ
মোৰ হিয়াৰ সৰ্বখিনি
মাধৱত থৈৱা আইছু এ
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
অ' লৈবা মাধৱক সুধি হে বাপুগণ
শুণা সৱে মোৰ বচন।


কি এ
কীৰ্ত্তনঘৰ পালিবা
বন্তি জলাবা অ'
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
অ' শূণ্য নকৰিবা ভূমি হে বাপুগণ
শুণা সৱে মোৰ বচন।


কি এ
ৰমানন্দ ঠাকুৰে
চিতাখন পাতিলা এ
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
অ' অগৰু চন্দন কাঠে হে বাপুগণ
শুণা সৱে মোৰ বচন।


কি এ
ঘিউ ঢালি ঢালি
অগনি জালিলা এ
হায় হৰি নাৰায়ণ নাৰায়ণ অ'
অ' গুৰুজন বৈকুণ্ঠক যাঞি হে বাপুগণ
শুণা সৱে মোৰ বচন।
------------------

Post a Comment

0 Comments