প্ৰসূতি মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ যতনত স্বাস্থ্য খণ্ডৰ নৱতম সংযোজন-

প্ৰসূতি মাতৃ  আৰু নৱজাতকৰ স্বাস্থ্যৰ যতনত স্বাস্থ্য খণ্ডৰ নৱতম সংযোজন--



    বিগত কেইবা দহক ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি সংযোজন ঘটাই, সমগ্র ভাৰতবৰ্ষৰ লগতে অসমৰ স্বাস্থ্য খণ্ডত এক অভূতপূর্ব সাফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে, চৰকাৰে আইন প্ৰণয়ন কৰি প্ৰচলিত বাল্যবিবাহ দৰে কিছুমান প্ৰথা কিছু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হৈছে যদিও এশ শতাংশই কৃতকার্যতা লাভ কৰিব নাই। অসমৰ সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় যে- জনসাধাৰণ মাজত উপযুক্ত শিক্ষা-দীক্ষাৰ অভাৱতেই হওক বা ধৰ্মীয় কাৰণতেই হওক নাইবা আন কিবা কাৰণতেই হওক বাল্য বিৱাহৰ দৰে কু-প্ৰথা বোধ কৰাৰ ক্ষেত্ৰত কৰ'বাত ই যেন অকৃতকার্য হৈছে- এনে ভাব মনলৈ আহে।


    চৰকাৰীভাৱে, এগৰাকী মহিলাৰ বিৱাহৰ বয়স বিশ বছৰ ধাৰ্য্য কৰি দিছে। ইয়াৰ এটি তাৎপর্যপূর্ণ দিশ লক্ষ্য কৰা যায়। দৰাচলতে, বিশ বছৰৰ প্ৰাপ্তিৰ পূৰ্বে কোনো এগৰাকী ছোৱালী গৰ্ভধাৰণৰ বাবে সম্পূৰ্ণৰূপে পৈণত হৈ নুঠে। এনে এক অপৈণত অৱস্থাত ছোৱালীগৰাকীয়ে সন্তান জন্ম দিলে, সন্তান আৰু মাতৃ দুয়োৰে স্বাস্থ্যৰ প্ৰতি ভাবুকি অহাৰ সম্ভাৱনা থাকে। বহুক্ষেত্রত সন্তান আৰু মাতৃ উভয়ে মৃত্যুমুখত পৰাও পৰিলক্ষিত হয়। এইবোৰ হৈছে সন্তান আৰু মাতৃসকলৰ প্ৰতি একো একোটা ভাবুকি। শিশু আৰু মাতৃসকলৰ স্বাস্থ্যৰ প্ৰতি অহা এনেবোৰ ভাবুকি ৰোধ কৰিবলৈ চৰকাৰে স্বাস্থ্য বিভাগত বিভিন্ন অভিলাষী আঁচনি প্ৰয়োগ কৰিছে। ইয়াৰ ভিতৰত ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য অভিলাষী আঁচনি হৈছে "মিছন পৰিবাৰ বিকাশ" (Mission Parivaar Vikash)। মূলতঃ শিশু আৰু মাতৃসকলৰ শাৰিৰীক, মানসিকআৰু বৌদ্ধিক বিকাশৰ ওপৰত লক্ষ্য ৰাখি এই আঁচনিখন প্ৰস্তুত কৰি উলিওৱা হৈছে।


    আজিৰ শিশু অনাগত ভাৰতৰ ভৱিষ্যৎ। সেয়ে দেশৰ শিশুসকলৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰাটো ৰাষ্ট্ৰৰ এক অন্যতম কৰ্তব্য। দেশ এখনৰ বিকাশত শিক্ষাই এক বিশেষ ভূমিকা পালন কৰি আহিছে। শিক্ষা অবিহনে কোনো এখন দেশৰে বিকাশ সম্ভৱ হৈ উঠিব নোৱাৰে। সেয়েই হয়তো শিক্ষাৰ ওপৰত মন্তব্য দাঙি ধৰি মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল- এটি সুস্থ দেহত সুস্থ মনৰ বিকাশ সাধন কৰাই হৈছে শিক্ষাৰ লক্ষ্য। তদুপৰি, অসমীয়া ভাষাতো এষাৰি আপ্তবাক্য আছে- "দেহা থাকিলেহে বেহা"। অৰ্থাৎ এটি নি-ৰোগী তথা সুস্থ দেহ থাকিলেহে আমি যিকোনো কাম কৰিব পাৰিম। তদুপৰি, এটি সুস্থ দেহতহে এটি সুস্থ মনৰ বিকাশ ঘটিব পাৰে। সেয়ে আমি যিকোনো কাম কৰাৰ আগতে দেহটো সুস্থ কৰি ৰাখিবলৈ যত্নপৰ হোৱাটো নিতান্তই প্ৰয়োজন। লাগিলে সেইটো বংস বৃদ্ধি কৰাৰ ক্ষেত্ৰতেই হওক!


    এইক্ষেত্ৰত মাতৃসকলৰ ভূমিকা অপৰিসীম। ভ্ৰুণ এটিৰ বিকাশৰ পৰা আদি কৰি শিশু এটিক মানুহ হিচাপে গঢ় দিয়াত আই জননীসকলৰ ভূমিকা কাৰো লগত তুলনা কৰিব নোৱাৰি। দৰাচলতে, এগৰাকী সুস্থ মাতৃয়েহে এটি সুস্থ সন্তান জন্ম দিব পাৰে। মাতৃসকলক শাৰিৰীক, মানসিক আৰু বৌদ্ধিক দিশত সুস্থ কৰি তুলিব পাৰিলেহে এখন সুস্থ সমাজ গঢ় দিব পাৰি। "মিছন পৰিবাৰ বিকাশ" (Mission Parivaar Vikash) তাৰেই এক প্ৰতিফলন। ভাৰত চৰকাৰে প্ৰায়ে এনেধৰণৰ নিত্য নতুন আঁচনি প্ৰস্তুত কৰি আহিছে আৰু দেশৰ স্বাস্থ্য বিভাগে এইবোৰৰ সফল ৰূপ দি আহিছে।


    "মিছন পৰিবাৰ বিকাশ" (Mission Parivaar Vikash) অসমৰ স্বাস্থ্য খণ্ডত এক নৱতম সংযোজন। "নই পেহেল কিট" (Nayi Pehal Kit) ইয়াৰ এক নৱতম সংযোজন। ইয়াৰ মাজেৰে এটি উপহাৰৰ টোপোলা নৱ বিবাহিত দম্পতিসকললৈ আগবঢ়োৱা হয়। আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ এই উপহাৰ নৱ দম্পতিসকলৰ হাতত প্ৰদান কৰে। স্বাস্থ্য ক্ষেত্ৰত ই এক নৱতম সংযোজন। "নই পেহেল কিট" (Nayi Pehal Kit) অত উপহাৰ হিচাপে নৱ দম্পতিসকসক এটি উন্নতমানৰ কাপোৰৰ মোনাত ফণিৰ পৰা আদি কৰি সেন্দূৰলৈকে নৱ দম্পতিৰ নিত্য ব্যবহাৰ্য্য সামগ্ৰীসমূহৰ উপৰিও পৰিয়াল পৰিকল্পনাৰ সকলো পদ্ধতিৰে একো একোবিধ সামগ্রী নমুনা হিচাপে প্ৰদান কৰা হয়। তদুপৰি, পদ্ধতিসমূহৰ উপকৰিতা-অপকাৰিতা আদি দিশবোৰ পুস্তিকা আকাৰক সন্নিবিষ্ট কৰাৰ উপৰিও আশা (ASHA) বাইদেউ আৰু এ এন এম (ANM) বাইদেউসকলে তেওঁলোকক পুংখানুপুংখ ভাবে বুজাই দিয়েদিয়ে যাতে তেওঁলোকে নিজৰ ইচ্ছানুসাৰে সঠিক সময়ত গৰ্ভধাৰণ কৰিব পাৰে।


    "Mission Parivaar Vikash" আঁচনিৰ আন এটি ভাগ হ'ল- Saas Bahu Sanmillan"। প্ৰতি মাহে প্ৰতিটো স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অন্তৰ্গত যিকোনো এখন গাঁৱত নিৰ্দিষ্ট আশা বাইদেউগৰাকীৰ তত্ত্বাৱধানত এই "Saas Bahu Sanmillan" অৰ্থাৎ শাহু বোৱাৰী সন্মিলন অনুষ্ঠিত কৰা হয়। সন্মিলনত অঞ্চলটোৰ শাহু আৰু বোৱাৰীসকল উপস্থিত থকাৰ উপৰিও সামূহিক স্বাস্থ্য বিষয়া(CHO), এ এন এম (ANM), এম পি ডব্লিউ (MPW), আশা চুপাৰভাইজাৰ আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল এই সন্মিলনত উপস্থিত থাকে। সন্মিলনত পৰিয়াল পৰিকল্পনাৰ বিভিন্ন দিশসমূহ তন্ন তন্নকৈ পৰ্যালোচনা কৰা। বোৱাৰীগৰাকীৰ গৰ্ভধাৰণৰ বয়স কিমান হ'ব লাগে, দুটি সন্তানৰ মাজত ব্যৱধান কিমান হ'ব লাগে, গৰ্ভনিৰোধৰ বাবে ল'বলগীয়া বিভিন্ন অৱলম্বন আদিৰ সাম্যক জ্ঞান প্ৰদান কৰা হয়। তদুপৰি শাহু-বোৱাৰীসকলৰ মাজত কিছুমান ৰং-ধেমালিৰ অনুষ্ঠান আয়োজন কৰা হয় আৰু সৰ্বশ্ৰেষ্ঠ শাহু-বোৱাৰী যুটিক পুৰস্কৃত কৰা হয়।


    "Mission Parivaar Vikash" আঁচনিৰ আন এটি দিশ হ'ল- "Safe Life Kit" যাক অসমীয়াত "জীৱন সুৰক্ষা সামগ্রী" বুলিও ক'ব পাৰি। এই "Safe Life Kit" সমূহ প্ৰতিটো স্বাস্থ্য আৰু কল্যাণ কেন্দ্রৰ বাহিৰৰ বেৰত সংস্থাপন কৰি ৰখাৰ ব্যবস্থা কৰা হৈছে যাতে হিতাধিকাৰীসকলে "Safe Life Kit" অৰ সামগ্রীবোৰ সহজতে লাভ কৰিব পাৰে। ইয়াত গৰ্ভধাৰণ পৰীক্ষা কৰা গৰ্ভধাৰণ নিৰ্ণায়ক কিট "নিশ্চয়" (Nishay), Ez-pil, কণ্ডম (Condom) আদি সকলো সময়তে উপলব্ধ।
    

    উল্লেখযোগ্য যে গৰ্ভধাৰণ হোৱাৰ তিনি মাহৰ ভিতৰত প্ৰতিগৰাকী মহিলাই স্বাস্থ্য কেন্দ্রত নাম পঞ্জিয়ন কৰাটো বাধ্যতামূলক।


     "Mission Parivaar Vikash" আঁচনিৰ আন এটি সংযোজিত দিশ হ'ল- "মিত্ৰ মাতৃ গোট"(Buddy Mother Group)। গাঁৱৰ একে সময়তে গৰ্ভধাৰণ কৰা মহিলাসকল আৰু কিছুদিন পূর্বে প্ৰসৱ কৰি উঠা মাতৃসকলক লৈ এই গোটতো গঠন কৰা হয়। কিছুদিন পূৰ্বে প্ৰসৱ কৰা মাতৃগৰীকীয়ে ব্যত্তিগত জীৱনত গৰ্ভাৱস্থাৰপৰা প্ৰসৱ কাললৈকে লাভ কৰা অভিজ্ঞতাসমূহ গোটৰ মজিয়াত বিশ্লেষণ কৰে। তেওঁলোকে সময়মতে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ স্বাস্থ্য কেন্দ্রলৈ অনাত লগৰীয়াৰ ভূমিকা পালন কৰে। এনেদৰে পৰীক্ষা কৰোতে কোনো গৰ্ভৱতী মহিলাৰ যদি জটিল গৰ্ভধাৰণৰ লক্ষণ চিনাক্ত হয়, তেতিয়া তেনে মহিলাগৰাকীৰ ঘৰলৈ স্বাস্থ্য বিষয়াকে আদি কৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীয়ে গৈ জটিল পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ দিহা পৰামৰ্শ প্ৰদান কৰে। তদুপৰি, এই সময়ছোৱাত "Kobo Collect" নামৰ App এটিৰ জৰিয়তে Real time, Picture আৰু  Location অৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ উৰ্দ্ধতম কৰ্ত্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ এক অভিনৱ প্ৰযুক্তি স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা প্ৰসূতি মাতৃৰ লগত জড়িত যিকোনো জৰুৰীকালীন সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আমি আগতীয়াকৈ সুবিধা পাও। গৰ্ভৱতী মহিলা পঞ্জীয়নৰ লগে লগে প্ৰসৱ প্ৰস্তুতিকৰণ ফৰ্ম ফিলাপ কৰা হয়, য'ত গৰ্ভৱতী মহিলাগৰাকীৰ লক্ষণৰ ওপৰত লক্ষ্য ৰাখি সাম্ভাব্য প্ৰসৱৰ স্থান, প্ৰয়োজনুসাৰে ১০৮ বাহন, ৰক্তদাতা আদিৰ বন্দবস্ত কৰি ৰখা হয়। এই ব্যৱস্থাই মহিলাগৰাকীক আগন্তুক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। তদুপৰি, প্ৰসৱৰ পাছত ঘৰলৈ ঘূৰি অহাৰ চব্বিশ ঘন্টাৰ ভিতৰত আশা কৰ্মীগৰাকীয়ে নৱজাতক আৰু মাতৃগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।


    ৰাজ্যৰ শিশু মৃত্যুৰ হাৰ (Children Mortality Rate) দেশৰ ভিতৰতে সৰ্বাধিক। জন্মৰ পৰা তৃতীয় আৰু সপ্তম দিনা এই মৃত্যুৰ হাৰ সৰ্বাধিক। সেয়ে স্বাস্থ্য বিভাগ আৰু এখোজ আগুৱাই গৈ নৱজাতকৰ জন্মৰ তৃতীয় আৰু সপ্তম দিনা CHO/ Medical Officer সকলৰ নৱজাতকৰ গৃহ পৰিদৰ্শন বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে। ফলত অসমত শিশু মৃত্যুৰ হাৰ ঈৰ্ষণীয় হাৰত কমি আহিছে।


    ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ অন্য এক উল্লেখযোগ্য সংযোজন হৈছে "পখিলা টীম " (Pokhila Team)। Migration in/out, পখিলা টীমৰ দ্বাৰা আমি স্বাস্থ্যখণ্ডৰ বিভিন্ন আঁচনিৰ লগত জড়িত হ'ব নোখোজা ব্যক্তিসকলক স্বাস্থ্যখণ্ডৰ লগত জড়িত কৰিবলৈ সক্ষম হৈছোঁ। এই পখিলা টীমত স্বাস্থ্য আৰু কল্যাণ কেন্দ্রসমূহৰপৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈ কেবাটাও স্তৰ থাকে। Migration in/out Reporting অৰ জৰিয়তে কোনো এগৰাকী গৰ্ভৱতী মহিলা বা শিশু এটা অঞ্চলৰপৰা আন এটা অঞ্চললৈ গুচি গ'লে, সেই নিৰ্দিষ্ট অঞ্চলৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীক বিষয়টো অৱগত কৰা হয়। ফলত, প্ৰসূতি মাতৃসকলৰ লগতে শিশুসকল স্বাস্থ্য বিভাগৰ লগত ওতপ্রোতভাৱে জড়িত হৈ থাকে।


    ইয়াৰ উপৰিও প্ৰসূতি মাতৃৰ সুস্বাস্থ্য নিশ্চিতকৰণৰ বাবে প্ৰতি সপ্তাহৰ দুটা নিৰ্দিষ্ট বাৰ ধাৰ্য্য কৰা হৈছে। সপ্তাহৰ এই নিৰ্দিষ্ট বাৰ দুটাত প্ৰসূতি মাতৃসকলে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহোতে যাতে কোনো ধৰণৰ অসুবিধার সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা হয়। তদুপৰি, গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে প্ৰতি মাহৰ ৯ আৰু ১৯ তাৰিখে স্ত্ৰীৰোগ বিশেষজ্ঞ নাইবা বিশেষভাৱে প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসকৰ দ্বাৰা জিলাৰ বাছকবনীয়া চিকিৎসালয়ত দ্বিতীয় বা তৃতীয় Trimestart অত পৰীক্ষা কৰাতো বাধ্যতামূলক। ইয়াত USG কে আদি কৰি বহুতো অত্যাধুনিক পৰীক্ষা-নিৰীক্ষা কৰা হয়। ইয়াক চৰকাৰে প্রধানমন্ত্রী সুৰক্ষিত মাতৃ অভিযান (Pradhan Mantri Surakshit Matritva Abhiyan চমুকৈ PMSMA) নামেৰে নামকৰণ কৰিছে। ইয়াত এক বিশেষ মানৱীয় মূল্যবোধৰ ধাৰণাৰে সজাই তোলা হৈছে আৰু আশা বাইদেউ আৰু প্ৰসূতি মাতৃ উভয়কে এদিনৰ দৈনিক ভাট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।


    ইয়াৰ উপৰি যদি কোনো প্ৰসূতি মাতৃ জটিল গৰ্ভাৱস্থা (High Risk Pregnancy) চিনাক্ত হয় তেতিয়া তেনে লোকৰ বাবে আৰু দুবাৰ এই পৰীক্ষা কৰোৱাতো জৰুৰী। ইয়াক চৰকাৰে বিস্তৃত প্রধানমন্ত্রী সুৰক্ষিত মাতৃ অভিযান (Extended Pradhan Mantri Surakshit Matritva Abhiyan চমুকৈ EPMSMA) নামেৰে নামকৰণ কৰিছে। এই পৰীক্ষাও যাতে সুকলমে হৈ থাকে তাৰ বাবে আশা কৰ্মীসকলক অতিৰিক্ত ভাট্টা প্ৰদান কৰা হয়হয় যাতে সংকটজনক গৰ্ভাৱস্থাৰ মাতৃসকলে তিনিটা প্রধানমন্ত্রী সুৰক্ষিত মাতৃ অভিযান (Pradhan Mantri Surakshit Matritva Abhiyan চমুকৈ PMSMA) লাভ কৰি এটি সুস্থ সন্তান জন্ম দিব পাৰে।


    চৰকাৰৰ এনেবোৰ আঁচনিৰ সফল ৰূপায়ণৰ ফলত দেশৰ মাতৃ মৃত্যুৰ হাৰ (Maternal Mortality Rate) আৰু শিশু মৃত্যুৰ হাৰ (Children Mortality Rate) দিনক দিনে কমি আহিবলৈ ধৰিছে। আৰু ৰাইজেও স্বাস্থ্য বিভাগ ওপৰত আস্থা তথা স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিসমূহৰ লাভালাভ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এইখিনিয়েই হ'ল মিছন পৰিবাৰ বিকাশ-স্বাস্থ্য খণ্ডত এক নৱতম সংযোজনৰ ওপৰত এক চমু অৱলোকন।

Post a Comment

0 Comments