কীৰ্ত্তন ঘােষা
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ
।। প্রথম কীৰ্ত্তন।।
ঘােষঃ মাধৱ পদ্মনাভ ভগৱন্ত।
নাৰায়ণ নৰসিংহ অনন্ত।। ১
পদঃ বােলন্ত শুকে শুনা পৰীক্ষিত।
নাৰায়ণ নৰসিংহ অনন্ত।। ১
পদঃ বােলন্ত শুকে শুনা পৰীক্ষিত।
এহিমতে কৃষ্ণে বলাে সহিত।।
সমস্ত দৈত্যৰ চিন্তিয়া মাৰ।
লীলায়ে হৰিলা ভূমিৰ ভাৰ।। ১
গুণন্ত ত্রিজগত পতি পাছে।
দুঃসহ মহা যদুবংশ আছে।।
ত্রৈলােক্য বিজয় একৈক বীৰ।
নুগুচিল কিছু ভাৰ ভূমিৰ।। ২
যিহেতু সৱাৰাে মই আশ্রয়।
কাহাতাে হন্তে নাহি পৰাজয়।।
কন্দল লগাই তাসম্বাৰ মেলে।
পৃথিৱীৰ ভাৰ হৰিবাে হেলে।। ৩
এহি বুলি পাছে যাদৱ কুলে।
দিয়াইলা বিপ্র শাপ প্রভু ছলে।।
মিলিল অমঙ্গল দ্বাৰকাত।
সৱাৰাে মন কৰে উতপাত।। ৪
ব্রহ্মাক আৱৰি ত্রিদশ জাক।
আসিলা পাছে সৱে দ্বাৰকাক।।
কৃষ্ণৰ দৰশন অভিলাষে।
ৰহিলা বিমান জুৰি আকাশে।। ৫
মহাসমৃদ্ধি দেখি দ্বাৰকাৰ ।
বিস্ময় ভৈল আতি দেৱতাৰ।।
কৃষ্ণক পাছে দৰশন পাই।
অদ্ভুত ৰূপক আছিল চাই।। ৬
তৃপিতি নাহি চান্ত এক দৃষ্টি।
কৰ শিৰে পাৰিজাত বৃষ্টি।
কৃতাঞ্জলি কৰি এক যুগুতি।
তৈৰেপৰা সৱে কৰন্ত স্তুতি।। ৭
নমাে নমাে কৃষ্ণ তযু চৰণে।
যাহাক পৰম ভকতজনে।।
হৃদয়ত চিন্তে কৰি প্রবন্ধ।
অপ্রয়াসে তৰে সংসাৰ বন্ধ।। ৮
ত্রিগুণা মায়াক কৰি আশ্রয়।
আত্মত স্ৰজা যত জীৱচয়।।
স্ৰজন পালন কৰা আপুনে।
নপাৱে লাগ একো দোষ গুণে।। ৯
তােমাৰ শুনিয়া গুণ চৰিত্ৰ।
যিমতে হােৱয় লােক পৱিত্ৰ।।
জ্ঞানে দানে তপে বেদ আচাৰে।
সিমতে শুদ্ধ কৰিবাক নাৰে।। ১০
তােমাৰ ইসৱ লীলা চৰিত।
তাক শুনে ভণে যিটো কলিত।।
অনেক পুৰুষ কৰি উদ্ধাৰ।
সংসাৰ দুখে হােৱয় পাৰ।। ১১
ষােড়শ সহস্ৰ পত্নীসকলে।
অনেক ভাৱ দৰশায়া ছলে।।
মনক মথিবে নৱাৰে যাৰ।
হেন কৃষ্ণ পাৱে নতি আমাৰ।। ১২
কৃষক আগত দেখি প্রত্যেক ।
কৰিলেক স্তুতি আৰাে অনেক।।
নকৈলাে পদ বিস্তৰক ডৰে।
বােলা হৰি হৰি সমস্ত নৰে।। ১৩
লীলায়ে হৰিলা ভূমিৰ ভাৰ।। ১
গুণন্ত ত্রিজগত পতি পাছে।
দুঃসহ মহা যদুবংশ আছে।।
ত্রৈলােক্য বিজয় একৈক বীৰ।
নুগুচিল কিছু ভাৰ ভূমিৰ।। ২
যিহেতু সৱাৰাে মই আশ্রয়।
কাহাতাে হন্তে নাহি পৰাজয়।।
কন্দল লগাই তাসম্বাৰ মেলে।
পৃথিৱীৰ ভাৰ হৰিবাে হেলে।। ৩
এহি বুলি পাছে যাদৱ কুলে।
দিয়াইলা বিপ্র শাপ প্রভু ছলে।।
মিলিল অমঙ্গল দ্বাৰকাত।
সৱাৰাে মন কৰে উতপাত।। ৪
ব্রহ্মাক আৱৰি ত্রিদশ জাক।
আসিলা পাছে সৱে দ্বাৰকাক।।
কৃষ্ণৰ দৰশন অভিলাষে।
ৰহিলা বিমান জুৰি আকাশে।। ৫
মহাসমৃদ্ধি দেখি দ্বাৰকাৰ ।
বিস্ময় ভৈল আতি দেৱতাৰ।।
কৃষ্ণক পাছে দৰশন পাই।
অদ্ভুত ৰূপক আছিল চাই।। ৬
তৃপিতি নাহি চান্ত এক দৃষ্টি।
কৰ শিৰে পাৰিজাত বৃষ্টি।
কৃতাঞ্জলি কৰি এক যুগুতি।
তৈৰেপৰা সৱে কৰন্ত স্তুতি।। ৭
নমাে নমাে কৃষ্ণ তযু চৰণে।
যাহাক পৰম ভকতজনে।।
হৃদয়ত চিন্তে কৰি প্রবন্ধ।
অপ্রয়াসে তৰে সংসাৰ বন্ধ।। ৮
ত্রিগুণা মায়াক কৰি আশ্রয়।
আত্মত স্ৰজা যত জীৱচয়।।
স্ৰজন পালন কৰা আপুনে।
নপাৱে লাগ একো দোষ গুণে।। ৯
তােমাৰ শুনিয়া গুণ চৰিত্ৰ।
যিমতে হােৱয় লােক পৱিত্ৰ।।
জ্ঞানে দানে তপে বেদ আচাৰে।
সিমতে শুদ্ধ কৰিবাক নাৰে।। ১০
তােমাৰ ইসৱ লীলা চৰিত।
তাক শুনে ভণে যিটো কলিত।।
অনেক পুৰুষ কৰি উদ্ধাৰ।
সংসাৰ দুখে হােৱয় পাৰ।। ১১
ষােড়শ সহস্ৰ পত্নীসকলে।
অনেক ভাৱ দৰশায়া ছলে।।
মনক মথিবে নৱাৰে যাৰ।
হেন কৃষ্ণ পাৱে নতি আমাৰ।। ১২
কৃষক আগত দেখি প্রত্যেক ।
কৰিলেক স্তুতি আৰাে অনেক।।
নকৈলাে পদ বিস্তৰক ডৰে।
বােলা হৰি হৰি সমস্ত নৰে।। ১৩
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ শিৱ শাৰঙ্গধাৰী মধুসুদন দৈত্যাৰি।। ২
পদঃ আকাশত থাকি ব্রহ্মা বােলে স্তুতি বাণী।
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
দৈৱকীৰ গর্ভে আসি ভৈলা অৱতাৰ।। ১৪
দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা।
সন্তক ৰাখিলা প্রভু ধৰ্ম্মক থাপিলা।।
সমস্ত লােকৰ কৰি পাপৰ প্ৰলয়।
দশােদিশে প্রকাশে তােমাৰ যশচয়।। ১৫
যদুকুলে অৱতৰি আছা দামােদৰ।
পঞ্চিশ অধিক গৈল শতেক বৎসৰ।।
দেৱ কাৰ্য্য লাগে মানে সাধিলা সকলে।
কুলকো নাসিলা প্রায় বিপ্র শাপ ছলে।। ১৬
পৃথিৱীক এৰি আৱে আশা নিজ স্থান।
আমি সৱ কিঙ্কৰক কৰা পৰিত্ৰাণ।।
মাধৱে বােলন্ত শুনিয়ােক প্রজাপতি।
পৃথিৱীক এৰিবে আমাৰ আছে মতি।। ১৭
কিন্তু যেৱে যাও যদুকুল নসংহৰি।
আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী।।
আগে আমি ইটো যদুকুল কৰি ক্ষয়।
তেৱেসে চলিবাে ব্রহ্মা তােমাৰ নিলয়।। ১৮
শুনি ব্রহ্মা প্রণামিলা কৰি কৃতাঞ্জলি।
ত্রিদশে সহিতে নিজ স্থানে গৈলা চলি।।
দ্বাৰকাত অনেক মিলাৱে উতপাত।
প্রত্যেকে দেখাৱে যেন প্রজাৰ বিঘ্ৰাত। ১৯
বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই।
প্রভাসক যাইবাে আমি এৰি ইটো ঠাই।।
তােমাৰ বংশত হুয়া আছে ঋযি শাপ।
ঘােৰ উতপাত দেখি মিলে হৃদি তাপ।। ২০
আজি যাইবাে প্রভাসক কৰিয়া উদ্যোগ।
তৈতে স্নানি চন্দ্রে এড়াইলন্ত যক্ষ্মা ৰােগ ।।
দক শাপ গুচিল পাইলন্ত পূর্ণ কলা।
হেন জানি যদুগণ তৈকে লাগি চলা।। ২১
সবংশে আমিও গৈয়া তৈতে কৰাে স্নান।
বিপ্ৰক ভােজন কৰাই দেও মহাদান।।
দান পুণ্যে হুয়াে মহা দুর্গতি নিস্তাৰ।
যেন মহা নাৱে সাগৰত কৰে পাৰ 11 ২২
কৃষ্ণৰ বচন শুনি যত যদুগণ।
তীর্থে যাইবাক সৱে কৰিল যতন।।
লৱড়া লৱড়ি কৰি ভৈলা কাচ পাৰ।
ৰথত তুলিলা আনি অনেক সম্ভাৰ।। ২৩
নিসান কোবাই সৱে এক স্থান ভৈল।
বাল বৃদ্ধ স্ত্রী মাত্র নগৰত ৰৈল।।
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতেক ছাড়ােক ডাকি বােলা হৰি হৰি।। ২৪
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ পৰমানন্দ ৰাম যোনো ছাড়হু মোক
হৰি যোনাে তেজি যাহা মোক।।৩
পদঃ
যাইবে যদুগণ পাছে ভক্ত উদ্ধৱৰ কাছেবিমঙ্গল দেখি কান্দে কায়।
কৃষ্ণৰ বচন শুনি মনে বিমৰি গুলি
বুলিলন্ত সৱে অভিপ্রায়।।
বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ
শিৰে প্রণামিলা পাৱ চুই।
অন্তৰ্গতে তনু তাৱে মাধৱক নম্রভাৱে
বুলিলন্ত কৃতাঞ্জলি হুই।। ২৫
যাদৱ বংশক তুমি সংহৰি এড়িবা ভূমি
অৱশ্যে জানিলাে আক আমি।
সি কাৰণে ঋষি শাপ ব্যর্থ নকৰিলা বাপ
তুমি হুয়া জগতৰ স্বামী।।
তােমাৰ চৰণ এৰি নিমিষেকো প্রভু হৰি
থাকিবে নৱাৰাে একো স্থান।
তুমি এড়িলাত মােৰ মিলিবে সন্তাপ ঘােৰ
অৱশ্যে ছাড়িবাে মােৰ প্রাণ।। ২৬
তুমি তপ জপ পুণ্য তুমি বিনা দেখাে শূন্য
দিনতে আন্ধাৰ ত্রিজগত।
অনেক কাপুণ্য কৰাে দুয়ো চৰণত ধৰাে
লৈয়া যায়াে আমাক লগত।।
সম্যকে অমৃতময় তােমাৰ চৰিত্ৰচয়
তাক মাত্র শুনে যিটো নৰে।
তাহাৰে উপজে ভাৱ নছাড়ে তােমাৰ পাৱ
আন বিষয়ক পৰিহৰে।। ২৭
শয়নে ভােজনে স্নানে তােমাৰ ৰহস্য স্থানে
সদা সেৱা কৰি থাকো আমি।
তুমি জীৱ তুমি প্রাণ তুমি বিনা নাহি আন
কিমতে বৰ্ত্তিবাে আৱে স্বামী।
অৱশেষ উপহাৰ ছাড় বস্ত্র অলঙ্কাৰ
তােমাৰেসে পিন্ধো সৰ্ব্বদায়।
তােমাৰ উচ্ছিষ্ট খায়া তৰিবাে দুষ্টৰ মায়া
হেনসে আছিল অভিপ্রায়।। ২৮
যােগীগণে শ্ৰম কৰি প্রবন্ধে সমাধি ধৰি
সৱে কৰ্ম্ম বন্ধ কৰি ক্ষীণ।
তেজিয়া সংসাৰ নয় দেখে সৱে ব্রহ্মময়
তেৱেসে তােমাত যায় লীন।।
আমি যত গৃহবাসী কৰ্ম্ম পথে ভ্রমাে আসি
ভজিলােহে চৰণ তােমাৰ।
তােমাক হিয়াত স্মৰি তােমাৰ কীৰ্ত্তন কৰি
তােমাৰ কথায়ে হুইবাে পাৰ।। ২৯
চৰণ চত্রক ইটো উপাসিয়া থাকে যিটো
সিটো এড়াই সংসাৰৰ তাপ।
হেন পাদপদ্ম এৰি ক্ষণেকো নিজীৱাে হৰি
নিয়াে লগে জগতৰ বাপ।।
অনেক কাপুৰ্ণ কৰি কৃষ্ণৰ আগত পড়ি
জুড়িলন্ত উদ্ধৱে ক্রন্দন।
দেখি দুখ ভকতৰ আশ্বাসিলা দামােদৰ
উদ্ধৱক বুলিলা বচন।। ৩০
স্বৰূপ জানিলা তুমি এড়িবাক চাও ভূমি
সংহৰিলাে পৃথিৱীৰ ভাৰ।
দেৱৰাে সাধিলাে কাজ তােমাত নাহিকে বাজ
কুলৰাে চিন্তিলাে মহামাৰ।।
সাত দিন অৱসানে সমস্তে দ্বাৰকা মানে
সাগৰৰ জলে যাইবে তল।
আমি এড়িলাত ভূমি ঐত নথাকিবা তুমি
লােকত মিলিবে বিমঙ্গল।। ৩১
পীড়িবে দুৰ্জন কলি সত্বৰে যায়ােক চলি
এড়া বন্ধু বান্ধৱৰ স্নেহ।
মএি আত্মা হেন জানি আমাক বান্ধৱ মানি
দেখা ভিন্ন আপুনাৰ দেহ।।
যত দেখা যত শুনা যতেক মনত গুণা
সৱে মায়াময় স্বপ্ন সম।
সমস্ত জগতে হৰি জানিবা নিশ্চয় কৰি
গুচায়াে বুদ্ধিৰ ইটো ভ্রম।। ৩২
জ্ঞান যােগ কর্ম যােগ পৰম ভকতি যােগ
সমস্তে কহিলা উদ্ধৱত।
সাংখ্য যােগ যত আছে উদ্ধৱে জানিলা পাছে
মাধৱৰ পাদ প্রসাদত।।
দুনাই পুটাঞ্জলি ধৰি কৃষ্ণক প্রণাম কৰি
বুলিলন্ত হুয়া নম্র কায়া।
জানিলাে তুমিসি সচা আন যত সৱে মিছা
তথাপি দুস্ত্যজ মােহমায়া ৷ ৷ ৩৩
বিষয়ৰ দুখ জানি তথাপিতাে একো প্রাণী
নেড়ে দুনাই তাকে ভুঞ্জি মৰে।
গলত বান্ধিয়া পাঘে কাটিবাক নেন্তে ছাগে
যেন নিলৰ্জ্জতা আতি কৰে।।
অনেক ভৰ্ৎসনি পাই উচ্ছিষ্ট ভুঞ্জিবে যাই
যেন আতি কুকুৰ নিৰ্গতে।
কহিয়ােক স্বৰূপত ইটো ঘােৰ বিষয়ত
বিৰকতি হােৱে কেনমতে।। ৩৪
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ নৰহৰি কি এ ৰাম নিস্তাৰিয়া নিয়ো নাৰায়ণ।
মাথাত ধৰিবাে তুলি তােমাৰ চৰণ।।
পদঃ উদ্ধৱক সম্বুধি মাতন্ত কৃষ্ণে পাছে।
কৰ্ম্ম বন্ধ এড়াইবে প্রবন্ধ যাৰ আছে।।
বৈষ্ণৱৰ সঙ্গ সিটো লৈবে প্রথমত।।
মােহােৰ চৰিত্ৰ শুনিবেক ভকতত। ৩৫
মােৰ নাম কীৰ্ত্তন কৰিব সৰ্ব্বক্ষণে।
হৃদয়ত মােৰ ৰূপ চিন্তিবে যতনে।।
মােৰ যশ গায়া যিটো কৰে গীত নৃত্য।
নাহি তাৰ চিন্তা সিটো ভৈল কৃতকৃত্য।। ৩৬
শুনিয়ে উদ্ধৱ আৱে ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি।।
সমস্তে ভূততে ব্যাপি আছাে মঞি হৰি।
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।। ৩৭
ব্রাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল।।
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন।। ৩৮
বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ণু বুদ্ধি সৰ্ব্বদায় মােকে মান্য কৰে।।
ঈৰিষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।
সৱে নষ্ট হােৱে তেৱে তাৱক্ষণে তাৰ।। ৩৯
দেখি সখিগণে যেনাে হাসে সৱে বেঢ়ি।
মঞি সাধু ইটো চোৰ হেন লজ্জা এড়ি।।
কুকুৰ চাণ্ডাল গর্দভৰাে আত্মাৰাম।
জানিয়া সৱাকো পড়ি কৰিবা প্রণাম।। ৪০
সমস্ত ভূতত বিষ্ণুবুদ্ধি নােহে যাৱে।
কায় বাক্য মনে অভ্যাসিবা এহি ভাৱে।।
বিষ্ণুময় দেখে যিটো সমস্ত জগতে।
জীৱন্তে মুকুত হােৱে অচিৰ কালতে।। ৪১
সকল প্রাণীক দেখিবেক আত্মসম।
উপায় মধ্যত ইটো আতি মুখ্যতম।।
মােৰ ইটো ধৰ্ম্মৰ অল্পৰাে নাহি হানি।
যিহেতু সম্যকে মই কৈলাে তত্ত্ববাণী।। ৪২
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব।
সদা উপদেশ দিবা বৈষ্ণৱ জনক।।
স্ত্রী শূদ্ৰো কৰে যদি আমাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি।। ৪৩
আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লােকে।
মহা শুদ্ধ হুয়া জ্ঞানদীপে দেখে মােকে।।
জানিলা উদ্ধৱ আৱে দিলাে উপদেশ।
তােমাৰ কি শােক মােহ গুচিল নিঃশেষ।। ৪৪
ব্রহ্মা হৰ হলায়ুধ লক্ষ্মী প্রিয় জায়া।
পৰম সুন্দৰ মােৰ দেখা ইটো কায়া।।
সৱাতাে অধিক তুমি মােৰ প্রিয়তম।
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম।। ৪৫
ভকতেসে মােৰ হৃদি জানিবা নিশ্চয়।
ভকতজনৰ জানা আমিসি হৃদয়।।
মঞি বিনা ভকতে নিচিন্তে কিছু আন।
ভকতত পৰে মই নেদেখােহাে আন।। ৪৬
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ কমলাপতি হােক গতি ৰাম।
মােৰ মতি তােমাৰ চৰণে।। ৫
পদঃ উদ্ধৱে কৃষ্ণৰ শুনি বাণী।
কৃতাঞ্জলি ভৈলা মহামানী।।
মাতিবে নৱাৰি আছা ৰহি।
চক্ষুৰ লােতক পড়ে বহি।।
স্নেহত আকুল কৰে মন।
ধৈৰ্য্য ধৰি ভৈলা সন্ধুক্ষণ।।
আগবাঢ়ি গৈলা ধীৰে ধীৰে।
কৃষ্ণৰ চৰণ চুই শিৰে।। ৪৮
বুলিলা কৰিয়া নমস্কাৰ।
গুচাইলা মােহ অহঙ্কাৰ।।
সূৰ্য্যৰ কাষত যিটো থাকে।
তাক কি আন্ধাৰে আৰ ঢাকে।। ৪৯
কিনাে কৃপা ভৃত্যক কৰিলা।
বিজ্ঞান প্রদীপ মােক দিলা।।
প্রভু এড়ি তােমাৰ পাৱক।
কোনজনে ভজিবে আনক।। ৫০
ছিণ্ডিলা সুদৃঢ় মােহ পাশ।
বিষয়ত কৰিলা উদাস।।
দূৰ ভৈলা বান্ধৱৰ স্নেহ।
দেখাে ভিন্ন আপােনাৰ দেহ।। ৫১
নমো নমাে যােগেশ্বৰ হৰি।
ভৃত্যক শিখাৱা ভাল কৰি।।
মুক্ত অৱস্থাত মােৰ মন।
নেড়ে যেন তােমাৰ চৰণ।। ৫২
মাধৱে বােলন্ত এহি হােক।
বদৰিকাশ্ৰমক যায়ােক।।
অলকানন্দাৰ দৰশনে।
এড়িবে সমস্ত পাপগণে।। ৫৩
পিন্ধিবাহা বাকলি বসন।
বন্য ফল কৰিবা ভােজন।।
থাকিবাহা ইন্দ্রিয়ক দমি।
হৈবা শান্ত মনক নিয়মি।। ৫৪
আমাক স্মৰিবা বাক্য মনে।
মােৰ ধৰ্ম্ম কৰিবা যতনে।।
সংসাৰৰ দোষে হৈবা হীন।
তেৱে চিত্ত মােতে যাইব লীন।। ৫৫
যিটো জ্ঞান শিখাইলাে তােমাক।
বিচাৰিয়া অভ্যাসিবা তাক।।
পাইবা তাৰ অল্পতে প্রমাণ।
এতিক্ষণে এড়া ইটো স্থান।। ৫৬
তৰিবা সংসাৰ ঘােৰ ক্লেশ।
দিবাহা আনকো উপদেশ।।
ভণিলা শঙ্কৰে কৃষ্ণপদে।
হৰি হৰি বােলা সভাসদে।। ৫৭
।। ষষ্ঠ কীৰ্ত্তন ।।
ঘােষাঃ এ ত্রাহি হৰি জগন্নাথ।। ৬
পদঃ হেন যেৱে বুলিলা মাধৱে।
কৰযােৰে উঠিলা উদ্ধৱে।।
বান্ধৱৰ স্নেহে ভৈলা হীন।
কৰিলা কৃষ্ণক প্রদক্ষিণ।। ৫৮
পড়ি প্রণামিল মহাবীৰ।
কৃষ্ণৰ চৰণে থৈয়া শিৰ।।
স্নেহে ভৈল আকুল স্বভাৱ।
লােতকে তিয়াইলা দুয়াে পাৱ।। ৫৯
আজি এড়াে প্রভুৰ চৰণ।
এহি বুলি জুড়িলা ক্রন্দন।।
যদ্যপি জানিলা মহাজ্ঞান।
তথাপিতাে ছাড়ে যেন প্রাণ ।। ৬০
ভৈলন্ত বিহ্বল আতি স্নেহে।
যাইবাক খােজন্তে হৃদি দহে।।
কৃষক এড়িবে নপান্ত।
চৰণত পড়িয়া কান্দন্ত।। ৬১
হৃদি তাপ কৰন্ত উদ্ধৱে।
চলা চলা বােলন্ত মাধৱে।।
কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি।
উঠি আখি মুচি মহামানী।। ৬২
প্রভুৰ পাদুকা শিৰে বান্ধি।
প্রণামি লড়িলা কান্দি কান্দি।।
আগক নবাঢ়ে তান ভৰি।
কৰন্ত প্রণাম দুনাই পড়ি।। ৬৩
উঠি যান্ত ভৰি পাঞ্চ ছয়।
আৰকা পুৰন্ত মহাশয়।।
কৃষ্ণৰ চৰণ এড়ি যান্ত।
নযায় ভৰি উলটি চাহন্ত। ৬৪
ধৰিবাক নৱাৰন্ত চিত্ত।
দণ্ডৱতে পড়ন্ত ভূমিত।।
দুনাই উঠি কৰন্ত গমন।
কৃষ্ণৰ বিয়ােগে দহে মন।। ৬৫
কৃষ্ণে যিটো শিখাইলন্ত জ্ঞান।
কৰিলা হৃদয়ে তাক ধ্যান।।
কৃষ্ণৰ খৰম মাথে লৈয়া।
দ্বাৰকাৰ বাজ ভৈলা গৈয়া।। ৬৬
যাদৱ বংশক কৃষ্ণে আনি।
বুলিলা মাধৱে হেন বাণী।।
দেখা কেন ঘােৰ উতপাত।
দ্বাৰকাত মিলিবে বিঘাত।। ৬৭
স্ত্রী বাল বৃদ্ধ আছে যত।
থাকোক ৰহিয়া দ্বাৰকাত।।
প্রভাসক চলি যাও আমি।
স্নান দান কৰাে জলে নামি।। ৬৮
দানেসে দুর্গতি সৱে হবে।
আশা ঐৰ অন্তৰাে সত্বৰে।।
শুনি বাল বৃদ্ধ স্ত্রী যত।
সৱে আসি ৰৈলা দ্বাৰকাত।। ৬৯,
যতেক পুৰুষ বলিয়াৰ।
নাৱে ভৈলা সাগৰৰ পাৰ।।
ৰথে চড়ি গৈলা প্রভাসক।
অচ্চিলন্ত দেৱ ব্রাহ্মণক।। ৭০
কৃষ্ণকথা শুনা সৰ্ব্বজনে।
উদ্ধাৰিৱে কৃষ্ণৰ কীৰ্ত্তনে।।
মােক্ষ পাইবা গৃহবাসে থাকি।
জানি হৰি হৰি বােলা ডাকি।। ৭১
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ মন শ্ৰীৰাম কৃষ্ণ হৰি বুলিয়াে যতনে।
ধৰিয়াে একান্ত চিত্তে কৃষ্ণৰ চৰণে ৷ ৷ ৭
পদঃ ভৈল কাল গ্রস্ত সৱে যত যদুজাক।
গণ্ডগােল কৰি পিলে বাৰুণী সুৰাক।।
মাধৱৰ মায়ায়ে কৰিলা বুদ্ধিহত।
মদ্য লাগি ভৈল সৱে পৰম উন্মত্ত।। ৭২
উঠিল পৰম ক্রোধ হৰিল চেতন।
অন্যো অন্যে কৰে সৱে অনেক তর্জন।।
অস্ত্র শস্ত্র ধৰি লড়ে ৰণত প্রবুদ্ধ।
আপােনাৰ মাজত লগাইলে ঘােৰ যুদ্ধ ৷ ৷ ৭৩
টঙ্কাৰিয়া ধনুক বৰিষে শৰ ধাৰে।
গদা মুদগৰ অসি পৰশু প্রহাৰে।।
সাম্ব কামদেৱৰ লাগিল ঘােৰ যুদ্ধ।
কৰে ঘােৰ সমৰ সাত্যকি অনিৰুদ্ধ।। ৭৪
সুভদ্র সংগ্রামজিতে কৰে হুলস্থূল।
সুমিত্র সুৰথে দুয়াে কৰন্ত তুমুল।।
উল্মুকে নিশঠে ভৈল দুৰ্ঘোৰ কন্দল।
শতজিত সমে যুঁজে ভানু মহাবল।। ৭৫
অৰে সহিত কৃতবর্মা মহাবীৰ।
কৰন্ত সমৰ সৱে কম্পিত শৰীৰ।।
ভৈলা সৱে উন্মত্ত চেতন নাহি গাত।
বৰিষন্ত নিশিত শায়ক অসংখ্যাত।। ৭৬
পৰিঘ পট্টিশ অসি কৰন্ত প্রহাৰ।
অন্যো অন্যে শত্ৰু বুদ্ধি চিন্তে মহামাৰ।।
তর্জয় গৰ্জয় কতাে কৰে হাতা হাতি।
মাধৱৰ মায়ায়ে মােহিত ভৈলা আতি।। ৭৭
ভােজ বৃষ্ণি অন্ধক সাত্বত যদুবংশ।
বিষ্ণুৰ মায়ায়ে সৱে ভৈল বুদ্ধিভ্রংশ।।
হুয়া আতি বিস্মৃতি পিতৃক পুত্রে মাৰে।
শশুৰে জমাইক ভাই ভ্রাতৃক প্রহাৰে।। ৭৮
শ্যালক ভিনিসি মাৰে আজোকক নাতি।
খুড়াতে ভাতিজা কটাকটি কৰে আতি।।
মিত্রে মিত্রে কৰে যুদ্ধ ভাগিনে মাতুলে।
সুহৃদ সােদৰ যেন নচাৱে বাতুলে।। ৭৯
ঢুকুৱাইল অস্ত্র ধনু ভাঙ্গিল কোবত।
প্রহাৰে মাদুৰি ধৰি পৰম ক্রোধত।।
শৰীৰত পড়ে যেন বজ্ৰৰ সন্ধান।
বিমূর্হিত হয়া যদগণে ছাড়ে প্রাণ।। ৮০
পাছে ৰাম কৃষ্ণ উঠি হাতক উচাই।
মাজ পশি সৱাকো বাধন্ত দুয়াে ভাই।।
দেখি যদু বীৰগণাে ক্রোধে খেদি গৈল।
শত্ৰু বুদ্ধি তাসম্বাক মাৰিবাক লৈল।। ৮১
খঙ্গি ৰাম মাধৱে মাদুৰি লৈলা তুলি।
অনেক যাদৱী সেনা মাৰিলা সমূলি।।
বিপ্র শাপে অন্যো সৱ বংশ ভৈল ছন্ন।
বাংশৰ অগনি যেন পােড়ে বাংশ বন।। ৮২
সাগৰৰ তীৰক ঢাকিল মৰা শৱে।
আৱেসে গুচিল ভাৰ জানিলা মাধৱে।।
পাছে বলভদ্র গৈল সাগৰৰ তীৰ।
যােগ চিন্তি এড়িলন্ত মনুষ্য শৰীৰ।। ৮৩
কৃষ্ণৰ অদ্ভুত লীলা শুনা সৰ্ব্বজন।
প্রাণ থাকে মানে কেহাে নেড়িবা কীৰ্ত্তন।।
হেন জানা অন্তকে কেশত আছে ধৰি।
ছাড়ােক যমৰ দায় ডাকি বােলা হৰি।। ৮৪
।। অষ্টম কীৰ্ত্তন।।
ঘােষাঃ ৰাম হৰি বােলা মুখে।
সংসাৰ তৰিয়ে সুখে।। ৮
পদঃ দেখিলা কৃষ্ণে ৰাম মহাভাগ।
কৰিলা যােগ বলে তনু ত্যাগ।।
মাধৱাে পাছে প্রভাসৰ জলে।
স্নান কৰি গৈলা অশ্বথ তলে।। ৮৫
মাটিত বসিয়া ভৈলন্ত চুপ।
ধৰিলা দিব্য চতুর্ভুজ ৰূপ।।
দেহৰাে জ্যোতি জ্বলে দিশ পাশ।
বিধুম বহ্নিৰ যেন প্রকাশ।। ৮৬
নৱ মেঘ যেন শ্যাম আকৃতি।
তাতে পীত বস্ত্রে কৰে দীপিতি।।
বদন পঙ্কজ আছে প্রকাশি।
নুগুচে সদায় ঈষত হাসি।। ৮৭
প্রকাশে কপালে অলকা পান্তি।
পদ্মক নিন্দে নয়নৰ কান্তি।।
কিৰীটি শিৰে সম নাহি তুলে।
কর্ণত মকৰ কুণ্ডল দুলে।। ৮৮
আজানুলম্বী চাৰু চাৰি হাত।
কেয়ূৰ কঙ্কণে প্রকাশে তাত।।
অঙ্গুলিগণক দেখন্তে তুষ্টি।
ৰত্বময় পিন্ধি আছে আঙ্গুষ্ঠি।। ৮৯
কম্বু কণ্ঠে আতি কৌস্তুভ জ্বলে।
মুকুতাৰ হাৰ শােভে উৰঃস্থলে।।
গলত বনমালা কৰে কান্তি।
হিয়াত প্রকাশে শ্রীবৎস পান্তি।। ৯০
কান্ধে নৱগুণ উত্তৰী পীত।
ৰত্নৰ মেখলা জ্বলে কটিত।।
নূপুৰে ৰঞ্জে পাদ পদ্ম দুই।
ভকতে যাক দেখি সুখী হুই।। ৯১
যতেক অস্ত্র চক্র আদি কৰি।
চৌপাশে উপাসন্ত মূৰ্ত্তি ধৰি।।
দক্ষিণ ঊৰুত থৈয়া চৰণ।
বসি আছে হৰি ধৰি আসন।। ৯২
মৃগ মুখাকাৰ দেখিয়া ভৰি।
মাৰিল ব্যাধে শৰ লক্ষ্য কৰি।।
সন্ধানে কৃষ্ণৰ পাৱক ভেদি।
পড়িল বুলি ব্যাধ আইল খেদি।। ৯৩
দেখে বসি আছে জগনিৱাস।
পেলাইল ধনু হুয়া মহাত্রাস।।
ডৰিল জীব যেন ভৈল মৰা।
কৃষ্ণৰ আগত পড়িল জৰা।। ৯৪
শুনা সৰ্ব্বজনে হৰি চৰিত।
আত পৰে ধৰ্ম্ম নাহি কলিত।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বােল হৰি হৰি সমস্ত নৰে।। ৯৫
।। নৱম কীৰ্ত্তন।।
ঘােষাঃ প্রণামাে ৰাম প্রভু পদ্মপাণি।। ৯
পদঃ অনেক বিনয় কৰিল ব্যাধ।
ক্ষমিয়াে হৰি মােৰ অপৰাধ।।
অধম পাপী মঞি দামােদৰ।
নজানি তােমাক কৰিলাে শৰ।। ৯৬
মনুষ্য লােকত যত অজ্ঞান।
যাহাক স্মৰণ কৰে নিৰ্য্যাণ।।
হেন মাধৱৰ দ্রোহ আচৰি।
কেনে জীও এৱে নগৈলাে মৰি।। ৯৭
চাহিবে নলাগে কাটিয়াে মােক।
পাপীৰ মােৰ প্রায়শ্চিত্ত হােক।।
আউৰ যেন মই অধম পাপ।
নকৰাে মহন্তক উপতাপ।। ৯৮
শঙ্কৰ ব্ৰহ্মা আদি দেৱগণ।
যাহাৰ মায়ায়ে মােহিত মন।।
নজানন্ত যাৰ চৰিত্ৰ আতি।
জানিবাে কিবা আমি অন্ত্যজাতি।। ৯৯
মাধৱে বােলন্ত শুনিয়াে জৰা।
উঠিয়ে সত্বৰে ভয় নকৰা।।
কৰিলা আমাৰ বাঞ্ছা সফল।
মােৰ বৰে আৱে স্বৰ্গক চল।। ১০০
শুনিয়া মাধৱক ভয়ে হীন।
কৰিলা তিনিবাৰ প্রদক্ষিণ।।
প্রণামিয়া পাছে বিমানে চড়ি।
সশৰীৰে গৈল স্বৰ্গক লড়ি।। ১০১
কৃষ্ণৰ সাৰথি পাছে দাৰুকে।
ৰথে চৰি চাই ফুৰে নিচুকে।।
কৃষ্ণক বিচাৰ কৰি প্ৰৱন্ধে।
পাইলন্ত গৈয়া তুলসীৰ গন্ধে।। ১০২
সন্মুখ হুয়া দেখিলন্ত পাছে।
মূৰ্ত্তি ধৰি অস্ত্র চৌপাশে আছে।।
প্রকাশে দেহা যেন পূর্ণ শশী।
অশ্বত্থ তলত আছন্ত বসি।। ১০৩
বজাইলা লােতক আকুলভাৱে।
পড়িলা দাৰুক কৃষ্ণৰ পাৰে।।
কান্দিলা হুমাহুমি অধােমুখে।
মাতিলা পাছে মহা মন দুখে।। ১০৪
তােমাৰ চৰণ নেদেখি স্বামী।
গুচিল চক্ষু অন্ধ ভৈলাে আমি।
নজানােহাে একো দিশ বিদিশ।।
নাহি সুখ শান্তি জগত ঈশ।। ১০৫
যেন চন্দ্র বিনে ৰাতি আন্ধাৰ।
তুমি মুখ্য প্রভু প্রাণ আমাৰ।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ১০৬
।। দশম কীৰ্ত্তন।।
ঘােষাঃ হৰি গােৱিন্দ জয় কৃষ্ণ গােপাল ৰাম।। ১০
পদঃ এহি মতে দাৰুকে বােলন্ত পাছে ৰথ।
আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ।।
পাছতে লড়িলা চক্ৰ আদি অস্ত্ৰচয়।
দেখিয়া দাৰুক ভৈল পৰম বিস্ময়।। ১০৭
তবধ নয়নে চাই আছে উপৰক।
মাধৱে বুলিলা পাছে বাক্য দাৰুকক।।
চলিয়ােক দাৰুক সত্বৰে দ্বাৰকাক।
বান্ধৱত কহ গৈয়া আমাৰ বাৰ্তাক।। ১০৮
অন্যো অন্যে জ্ঞাতিসৱ মৰিল সমস্ত।
প্রত্যেকে দেখিলা বলভদ্ৰো গৈলা অস্ত।।
শৰ ঘাৱে ভৈলাে ময়াে মৃতক সমান।
পিতৃত মাতৃত গৈয়া তুমি দিয়া জান।। ১০৯
দ্বাৰকাত আউৰ নথাকিবা একো নৰে।
মঞি এড়িলাত আসি বুৰাইব সাগৰে।।
সবন্ধু বান্ধৱে সাগৰৰ হৈবা পাৰ।
নেড়িবাহা বৃদ্ধ পিতৃ মাতৃক আমাৰ।। ১১০
আসিব অৰ্জ্জুন সখি দেখিবাক মােক।
তান লগে যাইবা দ্বাৰকাৰ যত লােক।।
ৰাখি নিবা পথে ধনঞ্জয় মহাপ্রথে।
বঞ্চিবাহা তুমি সৱে গৈয়া ইন্দ্রপ্রস্থে।। ১১১
তুমি আচৰিবা ভাগৱত ধৰ্ম্মচয়।
জ্ঞাননিষ্ঠ হুয়া সৱে এড়িয়া বিষয়।।
মায়াৰ ৰচনা ইটো জগতকে জানি।
পাছে তুমি পাইবা মােক কৈলাে সত্য বাণী।। ১১২
শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ।
কৰযােৰে উঠিলা মনত মহা ক্লেশ।।
প্রদক্ষিণ কৰিলা প্রভুক সাতবাৰ।
দুনাই দুনাই পড়িয়া কৰন্ত নমস্কাৰ।। ১১৩
শিৰত আছিলা ধৰি দুখানি চৰণ।
লােতক চল্লল আখি কৰন্ত ক্রন্দন।।
চলিলােহাে মঞি প্রাণ প্রভুক উপেক্ষি।
ইজন্মত ভৈলাে পৰিচ্ছেদা দেখা দেখি।। ১১৪
এহি বুলি লড়িলা কৃষ্ণৰ পাৱ এৰি ।
হা কৃষ্ণ বুলিয়া পাড়ন্তে যায় গেড়ি।।
অনন্তৰে যতেক আসিল দেৱজাক।
তহিতে মিলিল আসি আৱৰি ব্ৰহ্মক।। ১১৫
সিদ্ধ মুনি বিদ্যাধৰ কিন্নৰ চাৰণ।
পাৰ্ব্বতী সহিতে আসিলন্ত ত্রিনয়ন।।
কৃষ্ণৰ নিৰ্যাণ দেখিবাক অভিলাষে।
বিমানে বেঢ়িয়া আসি ৰহিলা আকাশে ৷ ৷ ১১৬
মাধৱৰ চৰিত্ৰ শুনিয়াে সৰ্ব্বজন।
নেড়িবা সদায় কেহাে কৃষ্ণৰ কীৰ্ত্তন।।
কলি যুগে আন ধৰ্ম্ম নাহি আত পৰে।
হেন জানি হৰি হৰি বােলা নিৰন্তৰে।। ১১৭
।। একাদশ কীৰ্ত্তন।।
ঘােষাঃ কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰিপু।। ১১
পদঃ মাধৱক চাই দেৱগণে।
কৰিলা প্রণাম ৰঙ্গমনে।।
ৰূপ দেখি চান্ত এক দৃষ্টি।
কৰন্ত আনন্দে পুষ্প বৃষ্টি।। ১১৮
কৰযােৰে আতি ভক্তিভাৱে।
জুমাজুমি কৃষ্ণ গুণ গাৱে।।
কতাে হৰি কীৰ্তন কৰন্ত।
তাৰ ছেৱে কতােহাে নাচ।। ১১৯
বাজে যন্ত্র আকাশক ছানি।
কৰে দেৱে দুন্দুভিৰ ধ্বনি।।
ঘনে ঘনে পুষ্প বৰিষন্ত।
জয় কৃষ্ণ বুলি জঙ্কাৰন্ত।। ১২০
শুনি হৰি উপৰক চাইল।
ব্রহ্মাক আগতে ভেট পাইল।।
আনাে সৱে দেৱতাক দেখি।
মুদিলন্ত কৃষ্ণে দুয়াে আখি।। ১২১
পাছে যােগ ধাৰণা ধৰিল।
আপুনাক আত্মাতে থাপিল ৷ ৷
নিমিষেকে নৰ চেষ্টা এৰি।
বৈকুণ্ঠত প্রৱেশিলা হৰি।। ১২২
যেন মেঘে বিজুলী ছটাক।
নৱাৰিল কেৱে লক্ষিবাক।।
কৃষ্ণৰ গতিক সৱে দেৱে।
সেহি মতে নলক্ষিল কেৱে।। ১২৩
যিটো দেহা ধ্যানৰ আলয়।
দেখি হােন্ত আপুনি বিস্ময়।।
হেন তনু ভৈল অন্তর্ধান।
বিজুলী ছটক যেন ঠান।। ১২৪
শ্ৰী ধৰ্ম্ম সত্য ধৃতি যত।
সৱে গৈল কৃষ্ণৰ পাছত।।
হেন দেখি যত দেৱগণ।
সবাৰাে বিস্ময় ভৈল মন।। ১২৫
কৃষ্ণৰ অদ্ভূত যােগ গতি।
দেখি সৱে প্রশংসিলা আতি।।
স্বকী স্বকী স্থানে চলি গৈলা।
শুকমুনি নৃপতিত কৈলা।। ১২৬
ৰাজা আতি বিস্ময় নকৰা।
মৰা পুত্র অন্তকৰাে পৰা।।
গুৰুক দক্ষিণা আনি দিলা।
স্বদেহে ব্যাধকো স্বর্গে নিলা।। ১২৭
ব্রহ্ম অস্ত্রে দহন্তে তােমাক।
ৰাখিলন্ত ধৰিয়া গদাক।।
হেন হৰি দেৱ আদি মূল।
নৰাখিলা ইটো যদুকুল ৷ ৷ ১২৮
মনুষ্যত নাই স্বতঃ গতি।
অন্ত কালে হােৱে বিসঙ্গতি।।
হেনসে দেখাই দেৱ হৰি।
গৈলা লড়ি কুলক সংহৰি।। ১২৯
ইটো লীলা চৰিত্র কৃষ্ণৰ।
কৰয় কীৰ্ত্তন যিটো নৰ।।
তাৰ হুইবে বৈকুণ্ঠত বাস।
হেন জানি তেজিয়াে আলাস।। ১৩০
হৰিৰ কীৰ্ত্তন সদা কৰা।
বৃথা কথা কহিয়া নমৰা।।
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰ।
হৰি হৰি বােলা নিৰন্তৰ।। ১৩১
।। দ্বাদশ কীৰ্ত্তন।।
ঘােষাঃ মন মাধৱ ৰাম।
ৰাম জপ অবিশ্রাম।। ১২
পদঃ শুক মুনি বদতি শুনিয়াে পৰীক্ষিত।
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত।।
এহিমতে মৰিল, যতেক যদুজাক।
অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক।। ১৩২
গােৱিন্দৰ বিয়ােগে বিহুল আতি দুখে।
চাহি আছে নৰ নাৰী ৰহি ঊদ্ধ মুখে।।
বসুদেৱ উগ্রসেনে আছে দুখভাৱে।
পৰিল দাৰুক গৈয়া দুহান্তৰ পাৱে।। ১৩৩
চক্ষুৰ লােতকে তিয়াইলন্ত দুইৰাে ভৰি।
কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি।।
দাৰুকক বেঢ়িয়া সােধন্ত নাৰী নৰে।
কি ভৈল সাৰথি কথা কহিয়াে সত্বৰে।। ১৩৪
মুচিলন্ত আখি আতি গদগদ মাত।।
কহিলা দাৰুকে পাছে সকল বৃত্তান্ত।।
কি কহিবাে কথা মােৰ দহরে হৃদয়।
অন্যো অন্যে যদুগণ গেলা যমালয় ।। ১৩৫
নলৈ জনেকো সমূলঞ্চে ভৈলা হত।
হেন শুনি অগ্নি যেন লাগিল গাৱত।।
ক্রন্দনৰ উৰ্ম্মি আতি উথলিল বৰ।
প্রভাসক লাগি সৱে দিলেক লৱৰ।। ১৩৬
গাৱত চাপড় মাৰে শােকে স্মৃতি নাই।
হা পতি পুত্র বুলি গেড়িয়ান্তে যাই।।
এহিমতে গৈয়া সৱে দেখিলন্ত পাছে।
প্রভাসৰ তীৰক মৃতকে বেঢ়ি আছে।। ১৩৭
মৰা পতি পুত্র সােদৰক গলে ধৰি ৷
কান্দে নাৰীগণে আতি আৰ্ত্তৰৱ কৰি ৷ ৷
মহাশােকে বসুদেৱ দৈৱকী ৰােহিণী।
বলভদ্র কৃষ্ণক চাহন্তে ফুৰে তিনি।। ১৩৮
নপাইলন্ত লাগ খুজি কৰিয়া বিচাৰ।
হৰাইল চেতন শােকে দেখে অন্ধকাৰ।।
তিনিও তেজিল প্রাণ ৰাম কৃষ্ণ বুলি।
মাটিত উফৰি পৰি মৰিল সমূলি।। ১৩৯
ক্রন্দন এৰিয়া নাৰীগণ অসংখ্যাত।
স্বামীক আলিঙ্গি আৰােহিলন্ত চিতাত।।
ৰেৱতী প্রমুখ্যে যত আছে নাৰীগণ।
ৰামক আলিঙ্গি প্রৱেশিলা হুতাশন।। ১৪০
কৃষ্ণ মাতৃগণে বসুদেৱক আৱৰি।
চিতাত উঠিয়া সৱে গৈলন্ত সৈতাৰি।।
ৰতি আদি মাধৱৰ পুত্রবধূ যত।
গৈল সবে স্বকী স্বকী স্বামীৰ লগত।। ১৪১
ৰুক্মিণী প্রমুখ্যে অষ্ট মহিষী কৃষ্ণৰ।
নপাইলা বিচাৰি মাধৱৰ কলেৱৰ।।
প্ৰৱেশিলা বহ্নিত স্বামীক কৰি ধ্যান।
কৃষ্ণক চিন্তিয়া সৱে এৰিলন্ত প্রাণ।। ১৪২
এহিমতে এৰি যেৱে গৈলা দামােদৰে।
ক্ষণেকতে দ্বাৰকাক বুৰাইলা সাগৰে।।
নৰহিল কিছু তল গৈল সামৰাজে।
ৰুক্মিণীদেৱীৰ মুখ্য মন্দিৰত বাজে।। ১৪৩
নেড়ন্ত যাহাক মধুসূদনে ক্ষণেক।
অদ্যাপিও সাগৰত দেখিয় প্রত্যেক।।
সূৰ্য্য সম জ্বলে সিটো কৃষ্ণৰ আলয়।
যাক দশনে হােৱে পাপৰ প্রলয়।। ১৪৪
কৃষ্ণৰ নিৰ্যাণ শুনিয়ােক সৰ্ব্বজনে।
তৰিবা সংসাৰ আৰ শ্ৰৱণ কীৰ্ত্তনে।।
গৃহতে থাকিয়া সুখে মহা পুণ্য সাঞ্চা।
বােলা হৰি হৰি যম যাতনাক বঞ্চা।। ১৪৫
।। ত্রয়ােদশ কীৰ্ত্তন।।
ঘােষাঃ ৰামে হােক মতি ৰাম চৰণে গতি।। ১৩
পদঃ অৰ্জ্জুনে শুনিলা হেন কৃষ্ণৰ প্ৰয়াণ।
ভৈলন্ত বিহ্বল শােকে নাহি স্মৃতি জ্ঞান।।
মহামৰ্ম্মে কৃষ্ণক সুমৰি কুন্তী সুত।
হা কৃষ্ণ প্রাণ বুলি কান্দিলা বহুত ৷ ৷ ১৪৬
কহি আছা মাধৱে গীতাত যিটো জ্ঞান।
প্রবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান।।
চিৰকালে চিত্তক কৰিয়া বীৰে স্বস্থ।
প্রেতকাৰ্য্য জ্ঞাতিৰ কৰাইলা মহাৰথ ৷ ৷ ১৪৭
অনুক্রমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি।
কৃষ্ণৰ আদেশ পাছে শুনি মহাবলী।।
স্ত্রী বাল বৃদ্ধক কৰিয়া বীৰে স্বস্থ।
সৱাকো লগতে লৈয়া গৈলা ইন্দ্রপ্রস্থ ৷ ৷ ১৪৮
তহিতে থৈলন্ত নিয়া যত যদুচয়।
পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয়।।
চৰণত নিলে পড়িলা অধােমুখে।
সমিধান নেদন্ত মনত মহা দুখে।। ১৪৯
আকুল হৃদয় ভৈল দেখি যুধিষ্ঠিৰ।
ভ্রাতৃত পুছন্ত পাছে কৰি চিত্ত স্থিৰ।।
বান্ধৱৰ বাৰ্তাক অৰ্জ্জুন মােত কহ।
কুশলে কি আছে সিটো সুৰ মাতামহ।। ১৫০
মামা বসুদেৱ কিবা আছন্ত কল্যাণে।
ভালে কি আছয় তান পত্নীগণ মানে।।
সাম্ব কাম অনিৰুদ্ধ ভালে কি আছন্ত।
সময়ত তেসম্বে কি মােক সুমৰন্ত।। ১৫১
গােৱিন্দৰ বার্তা বাপ কহিয়াে আমাত।
সুখে কি আছয় কৃষ্ণদেৱ দ্বাৰকাত।।
যদু বীৰগণ যাৰ বাহুক আশ্রয়।
পৰম নির্ভয়ে ভ্রমে আনন্দে সদায়।। ১৫২
সত্যভামা সতী যাৰ চৰণ সেৱাত।
দ্বাৰতে ৰুৱাইলে শশীৰ পাৰিজাত।।
হেন প্রাণ কৃষ্ণৰ সত্বৰে কহ কথা।
কিয় হেন ভৈল বাপ তােমাৰ অৱস্থা।। ১৫৩
চিৰকাল প্রৱাসত কিবা পাইলি দুখ।
তনু তােৰ নিস্তেজ মলিন দেখাে মুখ।।
প্রার্থকক নেদিলাহা প্রতিশ্রুত দান।
নকৰিলা প্রাণীক ভয়ত পৰিত্ৰাণ।। ১৫৪
অতিথিক নেদি কিবা কৰিলা ভােজন।
সিজিল পাতেক কিবা অগম্য গমন।।
অধমে জিনিলে কিবা আসন্তে পথত।
কিসক মিলিল বাপ দুখ হেনমত।। ১৫৫
কহিয়েক বাপু এৱে দুখৰ কাৰণ।
বুলিবে খােজতে নােলায় মুখত বচন।।
চক্ষুক মলচি পাছে শােকত তম্ভাই।
কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই ।। ১৫৬
সৌহৃদ্য সখিত্ব সুমৰিয়া মাধৱৰ।
বােলন্ত অৰ্জ্জুনে ৰাজা শুনা অথাত্তৰ।।
ভণিল শঙ্কৰে কৃষ্ণ চৰণত পড়ি।
পাতেক ছাড়ােক ডাকি বােলা হৰি হৰি।। ১৫৭
।। চতুর্দশ কীৰ্ত্তন।।
ঘােষাঃ গােপাল হৰি কৰাে প্রণাম।
নেড়ােক মুখে ৰামকৃষ্ণ নাম।। ১৪
পদঃ কিবা সােধা ৰাজা মােৰ অৱস্থা।
সৰ্পনাশ ভৈল কি কৈবাে কথা।।
বন্ধুৰূপী কৃষ্ণে ভৈলাে বঞ্চিত।
কিমতে আৱে সম্বৰিবাে চিত্ত।। ১৫৮
যাহাক আশ্রয়ে দ্রুপদ ঘৰে।
জিনিলাে ৰাজাগণ একেশ্বৰে।।
মৎস্যক ভেদি পাইলাে দ্রৌপদীক।
হেন কৃষ্ণ বিনে জীৱন ধিক।। ১৫৯
দহিলাে খাণ্ডৱ যাৰ সহায়।
ভঙ্গাইলাে বাসৱক সমুদায়।।
অদ্ভুত সভা সাজি দিলে ময়।
কৰিলাে ৰাজসূয় যাত গয়।। ১৬০
এড়িয়া গৈলা হেন কৃষ্ণে মােক।
কিসক জীৱ নযায় যমলােক।।
হৰক যুঁজিলাে যাহাক গয়।
দিলা অস্ত্র হৰে হুয়া বিস্ময়।। ১৬১
যাৰ প্রসাদে ভৈলাে স্বর্গগামী।
ইন্দ্ৰৰাে অৰ্দ্ধাসন পাইলাে আমি।।
এড়িয়া গৈলা হেন যদুৰায়।
কেনে জীও এভু প্রাণ নযায়।। ১৬২
যাহাৰ তেজে বৃকোদৰ বীৰে।
দুঃশাসন হিয়া কুঠাৰে ছিৰে।।
প্রতিজ্ঞা সাম্ফলি পিলা ৰুধিৰ।
ভাঙ্গিলা উৰু কুৰু নৃপতিৰ।। ১৬৩
বান্ধৱ বুলি ত্রিজগত পতি।
কৰিলাে সাৰথি মঞি কুমতি।।
ব্রহ্মা আদি যত ত্রিদশগণে।
সদায়ে সেৱন্ত যাৰ চৰণে।। ১৬৪
দেৱৰাে দেৱ হেন প্রভু হৰি।
মাতন্ত মােক পৰিহাস কৰি।।
অবা পার্থ অবা সখি অৰ্জ্জুন।
কতেক কহিবাে কৃষ্ণৰ গুণ।। ১৬৫
ভুঞ্জন্তে ভ্রমন্তে কৃষ্ণৰ সঙ্গে।
নানা উপালম্ভ কৰিলাে ৰঙ্গে।।
সহিলন্ত তাক যেন বান্ধৱে।
বঞ্চিত ভৈলােহাে হেন মাধৱে।। ১৬৬
কিবা সােধা ৰাজা আমাৰ কথা।
কোননাে নভৈল মােৰ অৱস্থা।।
ৰাখিয়া আনাে কৃষ্ণ পত্নীজাক।
গােৱালে কাঢ়ি নিলে তাসম্বাক।। ১৬৭
স্ত্রীক যেন জিনিলেক মােক।
প্রাণ ফুটি যায় এহিসে শােকে।।
কৃষ্ণৰ বিয়ােগে দগধ মন।
মাতিবে নৱাৰি হৰায় চেতন।। ১৬৮
অৰ্জ্জুন এহি বুলি মৌন ভৈল।
কৃষ্ণৰ চৰণ চিন্তিবে লৈল।।
বিষয় বিষে ভৈল বিৰকতি।
কৃষ্ণ পাদপদ্মে নছাড়ে মতি।। ১৬৯
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ কথা শুনা সমস্ত জনে।।
যেৱে সুখে যাইবা সংসাৰ তৰি।
সদায়ে ডাকি বােলা হৰি হৰি।। ১৭০
।। পঞ্চদশ কীৰ্ত্তন।।
ঘােষাঃ গােপাল গােৱিন্দ ৰামকৃষ্ণ হৰি গতি।।
কি ৰাম হৰি গতি কি ৰাম হৰি গতি।। ১৫
পদঃ এহিমতে কৃষক চিন্তন্তে মহাবীৰ।
বাঢ়িল ভকতি মল গুচিল বুদ্ধিৰ ৷।
পাসৰি আছিলা যিটো শিখিবাৰ তত্ত্ব।
দুনাই ভৈল অৰ্জ্জুনৰ মনত বেকত।। ১৭১
ভৈলা ব্ৰহ্ম সম্পতি এড়াইলা শােকচয়।
মনত আছিল মানে গুচিল সংশয়।।
মায়ায়ে এড়িল লিঙ্গ শৰীৰ ভাগিল।
আপুনাৰ আত্মা পৰমাত্মাতে লাগিল।। ১৭২
ভকতিৰ বলে জ্ঞান লভিলা নিগুণ।
জীৱন্তে মুকুত হুই ৰহিলা অৰ্জ্জুন।।
কুন্তী শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্য্যাণ।
কৃষ্ণৰ অর্পিলা চিত্ত ছাড়িলন্ত প্রাণ ৷ ৷ ১৭৩
কৃষ্ণৰ নিৰ্য্যাণ শুনি ৰাজা যুধিষ্ঠিৰ।
শােক মােহ এড়ি চিত্ত কৰিলন্ত স্থিৰ।।
হৰি এড়িলাত কলি প্ৰৱেশিল জানি।
পৰীক্ষিত তােমাক পাতিলা ৰাজা আনি।। ১৭৪
এড়িলা বিচিত্র বস্ত্র ৰত্ন অলঙ্কাৰ।
পিন্ধিলা বাকলি ৰাজা ভৈলা নিৰাহাৰ।।
মৌনব্রত ধৰিয়া মুকুত কৰি কেশ।
ভৈল যেন জড় আতি পিশাপৰ বেশ।। ১৭৫
কৃষ্ণ পদ পঙ্কজক ধৰি হৃদয়ত।
হৰিভক্তি দহিলে মনৰ মল যত।।
বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই।
পাইলন্ত পৰম গতি পাছে পাঞ্চো ভাই।। ১৭৬
কৃষ্ণ পদ পঙ্কজ হৃদয়ে কৰি স্থিৰ।
ধৰিলা উত্তৰ দিশ ৰাজা যুধিষ্ঠিৰ।।
দ্রৌপদী দেখন্ত এড়িলন্ত পঞ্চ পতি।
কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি।। ১৭৭
কৃষ্ণকেসে সুমৰি কৃষ্ণক কৰি ধ্যান।
হা প্রাণ বন্ধু বুলি ছাড়িলন্ত প্রাণ।।
পাছে পৰীক্ষিত তুমি পালিলাহা মহী।
ধৰ্ম্মক ৰাখিলা বলে কলিক নিগ্রহি।। ১৭৮
তােহ্মাৰ ৰাজ্যত ভৈল সত্যৰ ব্যৱস্থা।
দশােদিশে হয় তােমাৰ গুণ কথা।।
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়ােক সৰ্ব্বজনে।
তৰিবা সংসাৰ পােৰ শ্ৰৱণ কীৰ্ত্তনে।। ১৭৯
ইহ পৰলােকে হৰি চৰণেসে গতি।
হেন জানি কৰা সৱে হৰিক ভকতি।।
হেন জানা অন্তকে কেশত আছে ধৰি।
এড়ায়াে যমৰ দায় ডাকি বােলা হৰি।। ১৮০
।। ষােড়শ কীৰ্ত্তন।।
ঘােষাঃ ৰাম গােপাল কৃপাময় নিৰঞ্জন হৰি।।
ভকতৰ নিয়াে নাথ দুখক সংহৰি।। ১৬
পদঃ নৃপতিত শুকে পাছে কহন্ত কাহানী।
গৈলন্ত উদ্ধৱ পায়া কৃষ্ণত মেলানি।।
বিদূৰে সহিত যেন কৰিলা আলাপ।
শুনিয়াে নৃপতি দুনাই উদ্ধৱ বিলাপ।। ১৮১
তীর্থ কৰি ফুৰন্তে বিদূৰ মহাভাগ।
যমুনা তীৰত উদ্ধৱক পাইলা লাগ।।
পূৰ্ব্ব শিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ।
দেখি তাঙ্ক আতি প্রীতি ভৈলা বিদূৰৰ।। ১৮২
আলিঙ্গি ধৰিলা নয়নৰ বহে জল।
পুছিলন্ত যদু কুৰু কুলৰ কুশল।।
পুৰাণ পুৰুষ ৰাম কৃষ্ণ অৱতৰি।
সুখে কি আছন্ত পৃথিৱীৰ ভাৰ হৰি।। ১৮৩
বসুদেৱ ভিনিসিৰ কহিয়াে কল্যাণ।
আহ্মাৰ সুহৃদ নাহি তাহান সমান।।
প্রদ্যুম্নৰ বাৰ্তা বাপ কহিয়াে সম্প্রতি।
সুখে কি আছন্ত উগ্রসেন নৰপতি।। ১৮৪
সাম্ব কাম অনিৰুদ্ধ আছন্ত কুশলে।
বৈষ্ণৱ অক্ৰৰ কিবা আছে অবিকলে।।
আনন্দে কি আছন্ত সাত্যকি ধনুৰ্ধৰ।
দৈৱকীৰ বাৰ্তা আৱে কহিয়াে সত্বৰ।। ১৮৫।
চাৰুদেষ্ণ আদি কৰি কৃষ্ণৰ তনয়।
আছে যদুগণ কিবা পূৰ্ব্ব অভ্যুদয়।।
কৃষ্ণ ধনঞ্জয় দুইক কৰিয়া আশ্রয়।
সুখে কি আছন্ত যুধিষ্ঠিৰ মহাশয়।। ১৮৬
ভীম ধনঞ্জয় সহদেৱ নকুলৰ।
সৱাৰাে বাৰ্তাক বাপ কহিয়াে সত্বৰ।।
কৰাে অনুশােচ ধৃতৰাষ্ট্ৰক সম্প্রতি।
নিজ পাপে গৈল জীৱন্ততে অধােগতি।। ১৮৭
দেশৰ ডাকিলা মােক পুত্ৰৰ বিবাদে।
তীর্থ কৰি ফুৰাে মঞি কৃষ্ণৰ প্ৰসাদে।।
যাৰ যশ কীৰ্ত্তনে জগত আতি তৰে।
বাৰ্তা কহ সখি হেন কৃষ্ণৰ সত্বৰে।। ১৮৮
পুছিলা বিদুৰে যেৱে কৃষ্ণৰ কুশল।
মাধৱক স্মৰি ভৈলা উদ্ধৱ বিহ্বল।।
পাঞ্চ বৰিষতে যিটো ভােজনক এৰি।
শিশু লীলা কৰিয়া পূজন্ত মাত্র হৰি।। ১৮৯
কৃষ্ণৰ সেৱাতে আৱে আসি বৃদ্ধ ভৈলা।
কহিবে নপাৰি কথা মৌন হুয়া ৰৈলা।।
দুই দণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ।
হৰি ভক্তি অমৃতত মগ্ন ভৈল মন।। ১৯০
শিহৰি শৰীৰ ভৈল সর্বাঙ্গে পুলক।
চক্ষু মুদি আছে অৱে ধাৰায়ে লােতক।।
মাধৱৰ স্নেহ ৰসে মগ্ন ভৈলা মন।।
বােলা হৰি হৰি সমজ্যাৰ যত জন।। ১৯১
।। সপ্তদশ কীৰ্ত্তন।।
ঘােষাঃ বনমালী ৰাম মােৰ প্ৰাণ গৈল কোন স্থান।
জীৱেৰ জীৱন কৃষ্ণ বিনে নাহি আন।। ১৭
পদঃ কথমপি কৃষৰ চৰণ এড়ি মন।
বজাইলা উদ্ধৱে পাইলা গাৱত চেতন।।
হাতে মলচিয়া চক্ষু চান্ত থিৰ কৰি।
তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি।। ১৯২
কৃষ্ণৰ বিৰহে অগ্নি দগ্ধ কৰে মন।
কান্দন্তে দিলন্ত বিদুৰক সমিধান।।
কিবা কথা সােধা সখি দেখাে অন্ধকাৰ।
কৃষ্ণ সূর্য অস্ত গৈল প্রাণ যে আহ্মাৰ।। ১৯৩
কাল সর্পে গ্রাসিলেক সুহৃদ সকল।
কি কহিবাে সখি আউৰ আহ্মাৰ কুশল।।
যাদৱ বংশৰ কিনাে মিলিল অভাগ।
নজানিলাে কৃষ্ণক হাততে পায়া লাগ।। ১৯৪
ক্ষীৰ সাগৰত আছিলন্ত শশধৰ।
মৎস্যে যেন বােলে ইও এক জলচৰ।।
সেহিমতে ঈশ্বৰক পায়া যদুগণ।
মনে মানিলন্ত এতে ওস্তাতি একজন।। ১৯৫
ভূষণৰ ভূষণ পৰম অঙ্গচয়।
যাক দেখি হৰি হােন্ত আপুনি বিস্ময়।।
অপূর্ণ প্রাণীক অল্প দিয়া দর্শন।
লগতে নিলন্ত যেন লােকৰ লােচন।। ১৯৩
দেখিয়া কৃষ্ণৰ কেন কৰ্ম্ম বিড়ম্বন।
বসুদেৱ গৃহত অজৰ উপজন।।
যাৰ কটাক্ষতে হােৱে জগত বিনাশ।
কংস ভয়ে লৈলা তেহাে গােকুলত বাস।। ১৯৭
বসুদেৱ দৈৱকীক বুলিলা প্রণামি।
কংস ভয়ে ব্রজত বঞ্চিলাে গৈয়া আমি।।
হে পিতৃ মাতৃ মােৰ মৰষিয়াে দোষ।
ইহাক সুমৰি মনে মিলে অসন্তোষ।। ১৯৮
হেনয় কৃষ্ণৰ যিটো গাইলে নাম গুণ।
দুনাই পাসৰিবে আৰ কোন নিদাৰুণ।।
ৰাজসূয় যজ্ঞত দেখিলাে নেত্র ভৰি।
যেন গতি পালে শিশুপালে দ্বেষ কৰি।। ১৯৯
কৃষ্ণ মুখ পদ্মক কৰন্তে নেত্রে পান।
অৰ্জ্জুনৰ শৰে কাটে ছাড়ে সুখে প্রাণ।।
পাৱে পৰম পদ ব্রহ্মাদিও যাত গই।
হেনয় কৃষ্ণৰ কোনে সহিবে বিৰহ।। ২০০
উগ্রসেন ৰাজাক বৈসায়া সিংহাসনে।
কৰযােড়ে আপুনি বােলন্ত নাৰায়ণে।।
আদেশিয়াে মহাৰাজ কোন কৰ্ম্ম কৰাে।
ইহাক সুমৰি সখি আতিশয় মৰাে।। ২০১
কৃষ্ণ গুণ সুমৰন্তে হইলা চেতনা।
মৰিবাক লাগি স্তন দিলেক পূতনা।।
তথাপি পাইলেক তাই জননীৰ গতি।
কিনাে কৃপাময় নাৰায়ণ প্রাণপতি।। ২০২
হেনয় স্বামীক এড়ি কোন মহা অন্ধ।
আনক ভজিবে লাগি কৰিবে প্রবন্ধ।।
যত দৈত্য আসে মাধৱক ক্ৰোধ কৰি।
তাহাকো উত্তম গতি দেন্ত ছিৰীহৰি।। ২০৩
যিটো প্রেম ভাৱে ভজে হেন ভগৱন্ত।
তাহাৰ মহিমা কহি কোনে পাৱে অন্ত।।
হেন পূর্ণব্রহ্মক হাতত পায়া লাগ।
হৰুৱাইলাে সখি দেখা মােহােৰ অভাগ।। ২০৪
সুমৰি সুমৰি সিটো স্বামীৰ চৰণ।
কহিবে নৱাৰাে কথা দগ্ধ কৰে মন।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলােক।
হৰি হৰি বােলা সদা পাতেক ছাড়ােক।। ২০৫
।। অষ্টাদশ কীৰ্ত্তন।।
ঘােষাঃ গােপাল প্রাণ গৈলা কোন থান।
গােপাল প্রাণ।। ১৮
পদঃ শুনা-সখি যেন ভৈলা অৱস্থা।
পূৰ্ব্বাপৰ কহাে কৃষ্ণৰ কথা।।
খণ্ডিবাক লাগি ভূমিৰ ভাৰ।
দৈৱকী গর্ভে ভৈলা অৱতাৰ।। ২০৬
বসুদেৱে ভয়ে গােকুলে থৈলা।
কৰিলা কৃষ্ণে তৈতে শিশু লীলা।।
গােপ শিশু সমে বাচৰু চাৰি।
ভ্রমন্ত যমুনা তীৰে মুৰাৰি।। ২০৭
কংসে পাঞ্চে যত আসে দানৱ।
লীলায়ে মাৰন্ত সৱে মাধৱ।।
ইন্দ্ৰৰ মখকো কৰিলে ভঙ্গ।
বৰষিলা ইন্দ্ৰে কৰিয়া খঙ্গ ৷। ২০৮
মন্দৰ তুলি পাছে ভগৱন্তে।
ৰাখিলা ব্রজক বৃষ্টি হন্তে।।
শৰত কালে চন্দ্ৰাৱলী পাই।
কৰিলা ৰাসক্রীড়া যদুৰায়।। ২০৯
বলাে সমে আসি মথুৰাপুৰ।
মাৰিলা তৈতে দুষ্ট কংসাসুৰ।।
পঢ়িবে লাগি হুয়া গৈল ছাত্র।
সান্দীপনি গুৰু পঢ়াইলা শাস্ত্র।। ২১০
মৃতক পুত্ৰক দক্ষিণা দিলা।
অষ্ট মহিষীক বিহা কৰিলা।।
নৰকক মাৰি ৰূপে গুণে ধন্যা।
পাইলা আৰাে ষােল হাজাৰ কন্যা। ২১১
সৱাতাে দশ দশ পুত্র জাত।
ভৈলা বল বীর্যে জগতে খ্যাত।।
দ্বিৱিধ মাগধ সম্বৰ বাণ।
শাল্ব পৌণ্ড্ৰকৰ লৈলন্ত প্রাণ।। ২১২
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী।।
উত্তৰা গর্ভে ভৈলা উতপতি।
পৰীক্ষিত পাণ্ডু বংশ সন্ততি।। ২১৩
দ্রৌণিৰ অস্ত্রে দহিলেক গাক।
ৰাখিলন্ত কৃষ্ণে ধৰি গদাক।।
কৃষ্ণৰ মহা অনুগ্রহ পাই।
ভুঞ্জিল ৰাজ্য যুধিষ্ঠিৰ ৰায়।। ২১৪
অনেক বৎসৰ আছা মাধৱ।
যাদৱগণৰ বঢ়াই উৎসৱ।।
গৃহত পাছে ভৈলা বিৰকতি।
গুণন্ত মনত জগত পতি।। ২১৫
আছে যদুগণ দুঃসহ বীৰ।
নুগুচিলা কিছু ভাৰ ভূমিৰ।।
দিয়াইলা বিপ্র শাপ প্রভু হলে।
সৱাকো নিলা প্রভাসৰ জলে।। ১১৬
স্নান কৰি সৱে দিলেক দান।
কৰিলে বাৰুণী সুৰাক পান।।
কৃষ্ণৰ মায়াত চেতন হৰিল।
অন্যো অন্যে যুজি সৱে মৰিল।। ২১৭
মাধৱে পাছে স্নান কৰি জলে।
বসিল আসনে অশ্বথ তলে।।
মােক আদেশিল জগত নাহা।
তুমি বদৰিকাশ্ৰমক যাহা।। ২১৮
তথাপি এড়িবে নৱাৰাে স্বামী।
আৰ হুয়া ৰৈলাে পাছত আমি।।
কৃষ্ণৰ বিৰহ সহিবে কোনে।
বােলা হৰি হৰি সমস্ত জনে।। ২১৯
।। ঊনৱিংশ কীৰ্ত্তন।।
ঘােষাঃ কাহা গৈলা হৰি মােৰ গােপাল স্বামী।
কৃষ্ণ বিনে জীৱো কিমতে আমি।। ১৯
পদঃ কৃষক নেদেখি আকুল মতি।
বিচাৰি পাছে পাইলাে প্রাণপতি।।
নিৰ্ম্মল শ্যাম তনু সুকুমাৰ।
কণ্ঠত কৌস্তুভ মুকুতাৰ হাৰ।। ২২০
চাৰিখন ভূজ ভূষণে জ্বলে।
আপাদলম্বী বনমালা গলে।।
অৰুণ লােচন মুখ প্রসন্ন।
প্রকাশন্তে আছে পীত বসন।। ২২১
কুণ্ডল কর্ণে কৰে জলমল।
কিৰীটি ৰত্নৰ শিৰে উজ্জ্বল।।
নূপুৰে ৰঞ্জে পাদ পদ্ম কোষ।
যাক দেখি মিলে মনে সন্তোষ।। ২২২
দাহিন পদে বাম ঊৰু থাপি।
আসনে বসিছা জগত ব্যাপি।।
শিশু অশ্বত্থাত আউজি গাৱ।
দেখিলােপ্রভু পূৰ্ণানন্দ ভাৱ।। ২২৩
তাহাতে মৈত্রেয় মিলিলা আসি।
মােক দেখি কৃষ্ণে তুলিলা হাসি।।
কান্দিবে লাগিলাে প্রভুক চাই।
প্রবােধিলা মােক যাদৱৰায়।। ২২৪
জানিবাে উদ্ধৱ তােমাৰ চিত্ত।
পূৰিবাে তােমাৰ মন বাঞ্ছিত।।
আছিলা বসু পূৰ্ব্ব জনমতে।
পূজিলা তুমি মােক ভালমতে।। ২২৫
মােহােৰ কৃপায়ে লভিলা পাৰ।
আউৰ জন্ম দুনাই নাহি তােহ্মাৰ।।
সুদৃঢ় ভকতি জ্ঞান বৈৰাগ।
ইজন্মত আসি লৈলেক লাগ।। ২২৬
হেন কৃপা বাক্য শুনি স্বামী।
স্নেহে শিহৰিল সৱে শৰীৰ।।
বহয় লােতক নেত্ৰৰ ঝৰি।
বুলিলাে পাছে কৃতাঞ্জলি কৰি।। ২২৭
চিন্তে যিটো জনে তযু চৰণ।
নিসিজে তাৰ কোন প্রয়ােজন।।
তথাপি একো বাঞ্ছা নাহি মােৰ।
তােমাৰ চৰণ সেৱাত পৰ।। ২২৮
তুমি পূর্ণজ্ঞান জগতে খ্যাত।
তথাপি মােক মাতা মন্ত্রণাত।।
সােধা কথা যেন সামান্য জন।
ইহাক স্মৰি মােহ হােৱে মন।। ২২৯
ব্রহ্মাক দিলা যিটো জ্ঞান স্বামী।
জানিবে যেৱে যােগ্য হও আমি।।
কহিয়াে তেৱে তাক ভগৱন্ত।
সংসাৰ দুখে যেন পাও অন্ত।। ২৩০
হেন শুনি হৰি কৃপায়ে হাসি।
কহিলা ৰহস্য জ্ঞান প্রকাশি।।
পৰম প্রসাদ দিলন্ত স্বামী।
নমিলাে পাছে প্রদক্ষিণে আমি।। ২৩১
আসিলাে ঐক হুয়া কৃতকৃত্য।
কৃষ্ণৰ বিৰহে আতুৰ চিত্ত।।
তােহ্মাক এড়িয়া মঞি অভাগী।
যাইবাে বদৰিকাশ্ৰমক লাগি।। ২৩২
তােমাত জ্ঞান কহিবাক প্রতি।
বুলিলা মৈত্রেয়ক যদুপতি।।
বিদুৰে সমে হেন কথা কই।
আনন্দে তীৰত আছিলা বই।। ২৩৩
কথাতে পুহাইল সমস্তে ৰাতি।
বিদুৰে ভৈলা আনন্দিত আতি।।
কৃষ্ণৰ কীৰ্ত্তি শুনা সৰ্ব্বলােক।
তৰিবা যেৱে ইটো দুখ শােক।। ২৩৪
অন্তকে আসি ধৰিলেক পৰা।
জানিয়া আন আল জাল এৰা।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বােলা সমস্ত নৰে।। ২৩৫
।। শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ সমাপ্ত ।।
------------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.