আলো মঞি কি কবহো দুখ
ধ্ৰুং।। আলো মঞি কি কবহো দুখ।
পৰাণ নিগৰে নাদেখিয়া চান্দ-মুখ।।
পদ।। কত পূণ্যে লভিলো গুণেৰ নিধি শ্যাম।
বাঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।
শ্যামকানু বিনে মোৰ নৰহে জীৱন।
হা শ্যাম বুলিতে আকুল কৰে মন।।
দিবস নযাই সুখে নযাই ৰজনী।
চান্দ চন্দন মন্দ-পবন বৈৰিণী।।
কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন।
কানাইৰ নেওছনি দেও সব বন্ধুজন।।
শ্যাম কানু বিনে জীৱনৰ কিবা কাজ।
বিৰহ অনলে জ্বলে হৃদয়ৰ মাজ।।
নাজানো দাৰুণ বিধি কি কৰে বিপত্তি।
কহয় মাধৱ ৰঙ্গা পদে মোৰ গতি।।
"আলো মঞি কি কবহো দুখ" শীৰ্ষক বৰগীতটি গোপী বিৰহ বিষয়ক গীত। গীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অনুপস্থিতিত গকুলৰ গোপ-গোপীসকলৰ কি পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰ এক নিখুঁত বৰ্ণনা আগবঢ়াইছে। কত পূণ্যৰ ফলত তেওঁলোকে গুণৰ নিধি শ্যামকানুক লাভ কৰিছিল, কিন্তু নিষ্ঠুৰ নিয়তিয়ে প্ৰৱঞ্চনা কৰি আজি তাকো কাঢ়ি লৈ গ'ল। কৃষ্ণ অবিহনে তেওঁলোকৰ জীৱনৰ যেন কোনো অৰ্থ নাই। এনে পৰিস্থিতিত কোনো বস্তুতেই তেওঁলোকে সুখ অনুভৱ কৰিব পৰা নাই। ক'লৈ যাব কি কৰিব এনেকুৱা দিন নোযোৱা ৰাতি নুপুৱা অৱস্থাৰ সৃষ্টি হৈছে। কৃষ্ণ বিৰহত গছ-লতা, পশু-পক্ষী, গোপ-গোপী আদি সকলোৱে যেন স্তব্ধ হৈ পৰিছে।
প্ৰবাদ আছে যে- এই বৰগীতটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ সময়ত ৰচনা কৰিছিল। কৃষ্ণ অবিহনে গকুলবাসীৰ যি অৱস্থাৰ সৃষ্টি হৈছিল ঠিক তেনেদৰে শংকৰদেৱ অবিহনে মহাপুৰুষ মাধৱদেৱৰ জীৱনো বৃথা যেন অনুভৱ হৈছিল।
এনে পৰিস্থিতিত কৃষ্ণৰ চৰণ বিনে আন একো গতি নাই বুলি উল্লেখ কৰি গীতটি সামৰণি মাৰিছে।
বৰগীতটি এইকাৰণেই উল্লেখ কৰিছোঁ যে উক্ত অলৌকিক ঘটনাসমূহৰ লগত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ যঠেষ্ট পৰিমাণে মিল আছে। শোকত গছ-লতা, পশু-পক্ষী, গোপ-গোপী তথা সমগ্ৰ গকুলবাসী মৃয়মাণ হোৱাৰ দৰে সমগ্ৰ অসমতে গছ-লতা, পশু-পক্ষীৰ লগতে সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে। বিভিন্ন অলৌকিক ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে। এনে সংকটময় পৰিস্থিতিত জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে সকলোৰে যাতে মঙ্গল হয় তাৰবাবে পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। উল্লেখযোগ্য যে ২০২৫ চনৰ ছেপ্তেম্বৰ মাহৰ ১৯ তাৰিখে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ঘটে।
শেষত, জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকক! তাৰেই কামনা কৰিলোঁ।
এইখিনিতে' উল্লেখযোগ্য যে ১৯৭২ চনৰ নৱেম্বৰ মাহত জুবিন গাৰ্গৰ জন্ম হয়। আৰু ২০২৫ চনত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত এক অস্বাভাৱিক পৰিস্থিতিত পানীত ডুবি মৃত্যু হয় বুলি ছিংগাপুৰ চৰকাৰ তথা অসম চৰকাৰৰ মৰণোত্তৰ পৰীক্ষাত উল্লেখ আছে।

0 Comments
Please do not enter any spam link in the comment box.