জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক ৰূপকোঁৱৰ নামেৰে খ্যাত। কুৰি শতিকাৰ অসমৰ সমাজ তথা সংস্কৃতিৰ এজন অন্যতম সফল ব্যক্তি তথা সাহিত্যক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। ১৯০৩ চনৰ ১৭ জুনত বিখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ (বৰদেউতাক) পৰিয়ালত জ্যোতিপ্ৰসাদৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদৰ জন্ম স্থান সম্পৰ্কে দ্বিমত থকা পৰিলক্ষিত হয়। কোনো কোনোৱে তেখেতৰ জন্ম তেজপুৰত বুলি ক'ব খোজে আৰু কোনো কোনোৰ মতে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত বুলি উল্লেখ কৰিছে। সি যি কি নহওঁক অসমীয়া কীৰ্তন পুথিখন পোনপ্ৰথমে ছপা ৰূপত প্ৰকাশ কৰি জাতীয় ঐতিহ্যক নতুন মাত্ৰা দিওঁতা হৰবিলাস আগৰৱালা আৰু জোনাকী কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে সংস্কৃতিৱান পৰিয়াল এটাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। জানিব পৰা মতে, তেখেতৰ পূৰ্বপুৰুষ নৱৰঙ্গৰাম আগৰৱালা সুদূৰ ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা ১৮১১ চনতে অসমলৈ আহি অসমীয়া সাংস্কৃতিক আকোঁৱালি লৈ হাড়ে-হিমজুৱে অসমীয়া ৰূপে পৰিচয় দিছিল।
জ্যোতিপ্ৰসাদে মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ নেশ্যনেল কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ১৯২৬ উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যাত্ৰা কৰে। বিলাতৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত তেখেতে এম এ পঢ়াৰ সুবিধা পাই প্ৰথমে অৰ্থনীতি, সংস্কৃত, পাব্লিক ল আৰু পিছত দৰ্শন অৰ্থনৈতিক ইতিহাস অধ্যয়ন কৰে। উচ্চ শিক্ষাৰ যাত্ৰা অসমাপ্ত হয়। কিন্তু এই যাত্ৰাত জ্যোতিপ্ৰসাদৰ শৈক্ষিক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ল যদিও এই পৰিক্ৰমাই জ্যোতিপ্ৰসাদ আগৰৱালাক পাশ্চাত্য আধুনিক সংস্কৃতিৰ লগত পৰিচয় কৰাই দিছিল, যিয়ে তেখেতৰ মানসিক জগতত নতুন ধাৰণাৰ জন্ম দিয়ে। তেখেতে জাৰ্মানীত সাত মাহ চিনেমা শিল্ম সম্বন্ধীয় শিক্ষা গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বিদেশ যাত্ৰাৰ পূৰ্বেই ১৯২১ চনৰ অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। বিলাতৰ পৰা স্বদেশলৈ উভতি আহি ১৯৩০ চনৰ গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰে। ফলস্বৰূপে ১৯৩২ চনত গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হয় আৰু পোন্ধৰ মাহৰ সশ্ৰম কাৰাবাস খাটিবলগীয়া হয়। ১৯৩৬ চনত দেৱযানী ভূঞাৰ পাণি গ্ৰহণ কৰে।
জ্যোতিপ্ৰসাদৰ ব্যক্তিত্বৰ লক্ষ্যনীয় দিশটো হৈছে তেখেতৰ আদৰ্শ আৰু কৰ্মৰ ঐক্য। এই ঐক্য তেখেতৰ প্ৰতিটো কথাৰ মাজত প্ৰকাশ পায়। এফালে দেশ স্বাধীন হোৱাৰ উৎসাহ আনফালে দেশ বিভাজনৰ নৰসংহাৰ দেখি বৰ হতাশ হোৱা পৰিলক্ষিত হয়।
জ্যোতিপ্ৰসাদৰ সৃষ্টি ৰাজি চমুকৈ এনেদৰে বাখ্যা কৰিব পাৰি-
গীত- ৩৭৭ টি। যিবোৰ নাটক, চিত্ৰনাট্য, কথাছবি আৰু অন্যান্য ৰচনাৰ মাজত প্ৰকাশিত।
কবিতা- ৪৬ টা।
নাটক- ৯ খন। শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ।
বোলছবি- জয়মতী আৰু ইন্দ্ৰমালতী।
শিশু সাহিত্য- জ্যোতি ৰামায়ণ আৰু ঘোঁৰা ডাঙৰীয়া।
গল্প- ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, সতীৰ সোঁৱৰণী, সন্ধা, কালঘুমটি, নীলা চৰাই আদি।
উপন্যাস- আমাৰ গাঁও।
অসমীয়া আধুনিক সংগীত ক্ষেত্ৰলৈ জ্যোতিপ্ৰসাদ অৱদান অনন্য। ১৯৫১ চনৰ ১৭ জানুৱাৰীত এই মহান শিল্পীৰ পৰলোক প্ৰাপ্তি ঘটে।
জ্যোতিপ্ৰসাদৰ নাটক
জ্যোতিপ্ৰসাদৰ নাটক ৯ খন। সেইবোৰ হ'ল- শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। ইয়াৰে পাঁচখন সম্পূৰ্ণ, বাকী কেইখন অসম্পূৰ্ণ অৱস্থাতেই ৰৈ গ'ল।
তলত এই নাট কেইখনৰ বিষয়ে অতি চমুকৈ আলোচনা কৰা হ'ল-
শোণিত কুঁৱৰী
ৰচনা কালৰ ফালৰপৰা শোণিত কুঁৱৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম ৰচনা। ১৯১৭ চনতে নাটকখনৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল যদিও পুনঃ পুনঃ সংশোধন কৰি ১৯২০ চনতহে চূড়ান্ত ৰূপত প্ৰকাশ কৰে।
বিষয়বস্তুৰ ফালৰপৰা পৌৰাণিক আখ্যান এটিৰ আধাৰত নিৰ্মিত শোণিত কুঁৱৰী এখনি পৌৰাণিক নাটক। শোণিতপুৰৰ ৰজা বাণৰ প্ৰতিযোদ্ধাৰ অন্মেষণ আৰু ৰাজকুমাৰী ঊষাৰ পাত্ৰত সন্ধানত উপস্থাপন কৰি হৰি-হৰৰ যুদ্ধত নাটকৰ কাহিনীভাগৰ সমাপ্তি ঘটিছে। পৌৰাণিক আখ্যানৰ আধাৰত ৰচিত হ'লেও নাট্য কৌশলৰ দিশৰ পৰা এই নাটকখন আধুনিক অসমীয়া নাটকৰ বাটকটীয়া হিচাপে বিবেচিত হৈছে।
নাটকখনৰ কাহিনীভাগ এনে ধৰণৰ- শোণিতপুৰৰ ৰজা বাণ শিৱ বা হৰৰ কৃপাত অতি পৰাক্ৰমী হৈ উঠিল। তেনে সময়তে বাণ ৰজাৰ জীয়ৰী উষা সুন্দৰী যৌৱনত ভৰি দিয়ে। যৌৱনত ভৰি দিয়া ঊষাৰ উপযুক্ত পাত্ৰ বিচাৰি নোপোৱালৈকে তেওঁক সুৰক্ষিত কৰি ৰাখিবলৈ অগ্নিগড় সাজে। তাতেই অৰ্থাৎ অগ্নিগড়ত চিত্ৰলেখা আৰু আন আন সংগীসকলৰ লগত আনন্দমনে জীৱন অতিবাহিত কৰে। এনেতে এদিন সপোনতে এগৰাকী সুন্দৰ কোঁৱৰক লগ পায় আৰু সপোনতে সেই বীৰ পুৰুষক বৰমাল্য অৰ্পণ কৰে। সপোন আঁতৰি গলত দিঠকত সেই সুন্দৰ কোঁৱৰক পাবলৈ ঊষা বলিয়াৰ দৰে হৈ গ'ল। চিত্ৰলেখা চিত্ৰ আৰু যাদুকৰী বিদ্যাত পাকৈত আছিল। ঊষাৰ বৰ্ণনা মতে সেই কোঁৱৰৰ চিত্ৰ অঙ্কন কৰে আৰু তেওঁক দ্বাৰকাৰ অধিপতি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি চিহ্নিত কৰে আৰু যাদুকৰী বিদ্যাৰ বলেৰে অগ্নিগড়লৈ লৈ আহে। তাতেই দুয়োৰো গন্ধৰ্ব বিবাহ সম্পন্ন হয়। কন্যাৰ এনে কাৰ্যত বাণ ৰজা খঙত অগ্নিশৰ্মা হৈ পৰে আৰু নাগপাশেৰে অনিৰুদ্ধক বন্দী কৰে। ইয়াৰ পিছত অনিৰুদ্ধক বিচাৰি সৈন্য-সামন্ত লৈ অগ্নিগড়ত প্ৰৱেশ কৰে। দুয়োৰো মাজত ভীষণ যুদ্ধ লাগে। যুদ্ধত নিজ শিষ্যৰ পৰিণাম শোচনীয় দেখি হৰ লৱৰি আহিল। হৰি আৰু হৰৰ মাজত প্ৰৱল যুদ্ধ লাগে। পৰিমাণ বিষম দেখি ব্ৰহ্মাৰ আবিৰ্ভাৱ হয় আৰু ব্ৰহ্মাৰ হস্তক্ষেপত হৰি-হৰৰ যুদ্ধৰ সমাপ্তি ঘটে। দুয়োপক্ষৰ সৰ্বসন্মতিক্ৰমে ঊষা অনিৰুদ্ধৰ বিবাহ সম্পন্ন হয়।
কাৰেঙৰ লিগিৰী
ৰচনাকালৰ ফালৰপৰা কাৰেঙৰ লিগিৰী জ্যোতিপ্ৰসাদৰ দ্বিতীয় নাটক। ইয়াৰ ৰচনাকাল ১৯২৬-৩০ চন অৰ্থাৎ তেখেতে বিলাতত থকা সময়ছোৱাত ইয়াক ৰচনা কৰা হৈছিল। মধ্যযুগীয়া সামন্ত তান্ত্ৰিক সমাজ ব্যৱস্থাৰ পটভূমিত ৰচনা কৰা এটি ৰোমান্তিক তথা কাল্পনিক নাটক।
নাটকখনৰ কাহিনীভাগ এনে ধৰণৰ-
নাটকৰ নায়ক সুন্দৰ কোঁৱৰ এজন অধ্যয়নশীল প্ৰগতিশীল যুৱক। সাতামপুৰুষীয়া ৰীতি নীতিৰ প্ৰতি তেখেতৰ বিক্ষোভ। অভিজাত্যৰ অহংকাৰী ৰাজমাও পুত্ৰৰ এনে মানসিকতা বুজিবলৈ অপাৰগ বা বুজিবলৈ চেষ্টাও নকৰে। তেওঁ নিজৰ অভিজাত্য বজাই ৰাখি নিজ পুত্ৰ তথা ৰাজকুমাৰৰ বাবে কইনা পছন্দ কৰে। প্ৰথম অৱস্থাত সুন্দৰ কোঁৱৰে এই বিবাহৰ প্ৰস্তাৱ বিৰোধিতা কৰিছিল যদিও সকলোৰে বুজনি, মাতৃৰ আকাংক্ষা, পৰিয়াল আৰু সামাজিক ৰীতি-নীতি, পৰম্পৰাক সন্মান জনাই এই বিবাহত সন্মতি প্ৰদান কৰে। অন্তৰ্দ্বন্দ্ধত ভোগা কোঁৱৰে পত্নী কাঞ্চনমতীৰ নিজ মুখে পূৰ্বৰ প্ৰেমিকৰ কথা গম পাই খঙত জ্বলি-পকি উঠিল। তেওঁ আৰু খং উঠিল যেতিয়া গম পালে যে কাঞ্চনমতীৰ প্ৰেমিক আন কোনো নহয় বৰং তেওঁৰেই সখা অনঙ্গৰাম। কথা শুনি কোঁৱৰে দুয়োকো নিৰ্বাসন দিয়ে। আনহাতে, নিজৰেই অজ্ঞাতে লিগিৰী শেৱালিৰ প্ৰেমত পৰে।
আনফালে পূৰ্ণ যৌৱনা শেৱালিৰো কোঁৱৰৰ প্ৰতি অন্তৰত ভালপোৱা নথকা নহয়। কিন্তু তাই নিজৰ অস্তিত্ত্বৰ কথা পাহৰি যোৱা নাই। তাইৰ ভালপোৱাক স্বামীৰূপে বিচৰা নাই। তাইৰ বাবে কোঁৱৰ "নীলা আকাশৰ পূৰ্ণিমাৰ জোন!"
সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ প্ৰেমৰ উমান পাই ৰাজমাৱে শেৱালিক গোপনে মৰাৰ আদেশ দিয়ে। কিন্তু নিষ্পাপ শেৱালিক চাওদাঙে প্ৰাণে নামাৰি হাবিত এৰি থৈ আহিল। ভৈয়ামৰ শেৱালি গৈ নগা পৰ্বত পালে আৰু তাতেই নাগা ছোৱালী ৰুণুক-ঝুনুক-ঠুনুকৰ সৈতে থাকিবলৈ লয়। ইফালে ৰাজ-কাৰেঙত শেৱালিক নেদেখি সুন্দৰ কোঁৱৰ উত্ৰাৱল হৈ পৰে আৰু শেৱালিক বিচাৰি গৈ গৈ নগা পৰ্বত পায়গৈ। তাতেই তেওঁ সখা অনঙ্গৰামক লগ পায় আৰু দুয়োৰো কথোপকথনত কোঁৱৰে যে শেৱালিক সমাজৰ বান্ধোন চিঙি কুঁৱৰী পাতিব বিচাৰে এইটো প্ৰকাশ পায়। কোঁৱৰৰ এনে সিদ্ধান্তৰ কথা গম পাই শেৱালিৰ মন প্ৰাণ ভৰি গৈছিল কিন্তু সাধাৰণ লিগিৰী এজনীক কুঁৱৰী পাতিলে সুন্দৰৰ জীৱনলৈ নামি অহাৰ আশংকাত তাই নিজৰাৰ বুকুত চিৰদিনৰ বাবে বিলীন হৈ গ'ল। শেৱালিৰ প্ৰেমৰ এনে নিদৰ্শন পৃথিৱী বিৰল।
ৰূপালীম
জ্যোতিপ্ৰসাদে ৰচনা কৰা নাটসমূহৰ ভিতৰত অন্যতম। এইখন তেখেতৰ তৃতীয় নাটক। ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত ৰূক্মী জনজাতিৰ কাল্পনিক সমাজ এখনৰ পটভূমিত মায়াব আৰু ৰূপালীম নামৰ জনজাতীয় ডেকা-গাভৰুৰ প্ৰেমৰ কৰুণ কাহিনী আৰু শেষত ভয়াবহ মৃত্যুৰ পৰিণতিত নাটকৰ কাহিনীভাগ গঢ় লৈ উঠিছে। মায়াব আৰু ৰূপালীমৰ বিয়াৰ বাবে ৰূপালীমৰ আপু জুনাফাই এটা চৰ্ত ৰাখিলে- যদিহে মায়াবই চিকাৰ কৰি বাঘৰ মূৰ এটা আনি তেওঁৰ চোতালত পেলাই দিব পাৰে তেতিয়াহে ৰূপালীমক মায়াবৰ সৈতে বিয়া দিব। ৰূপালীমৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবে মায়াবই এই প্ৰস্তাৱ মানি ল'লে। সময়ত বাঘৰ মূৰ এটা লৈ জুনাফাৰ চোতালত পেলাই দিয়াৰ লগে লগেই প্ৰান্ত দেশৰ ৰজা মণিমুগ্ধৰ সেনাপতি ৰেণথিয়াং তাত উপস্থিত হৈ কটা বাঘৰ মূৰটোক লৈ সংঘৰ্ষ লাগে। ৰেণথিয়াঙৰ সৈন্যই মায়াব আৰু আপু জুনাফাক আহত কৰি বন্দী কৰে। সেই সময়তে মণিমুগ্ধ কোঁৱৰ তাত উপস্থিত হয় আৰু ৰূপালীমক দেখি মোহিত হয় আৰু বলপূৰ্বক কাৰেঙলৈ লৈ যায়। উপায়ন্তৰ হৈ জুনাফা আৰু মায়াবই ৰূকমী ৰজাৰ ওচৰত গোচৰ দিয়ে। কিন্তু দূৰ্বল ৰূকমী ৰজাই সুৰাৰ ৰাগীত মতলীয়া হৈ তথা প্ৰতাপী প্ৰান্তৰ ৰজা মণিমুগ্ধক জোকাই লোৱাৰ সাহস নহ'ল। কিন্তু ৰূকমী ৰজাৰ ভগ্নী ইতিভেনে স্বদেশ আৰু স্বজাতিৰ ৰক্ষণাৱেক্ষণৰ বাবে সৈন্য সামন্ত লৈ মণিমুদ্ধৰ ৰাজ কাৰেং আক্ৰমণ কৰে। সেই সময়তে মায়াব আৰু ৰূপালীম পলাই যায়। কিন্তু পৰাক্ৰমী মণিমুগ্ধৰ হাতত ইতিভেন, তেওঁৰ সৈন্যবাহিনী পৰাস্ত হৈ বন্দী হয়। ইয়াৰ পিছত ৰেণথিয়াঙে পলাতক মায়াব আৰু ৰূপালীমক ধৰি আনি মণিমুগ্ধৰ হাতত অৰ্পণ কৰি ৰূপালীমক মণিমুগ্ধৰ শয়নকক্ষত সুমুৱাই থৈ যায়। তাতেই মণিমুগ্ধই দেহ আৰু মন উপভোগ কৰিবলৈ বিচাৰিলে আৰু জনালে যে যদিহে ৰূপালীমে স্বেচ্ছাই তাইৰ দেহ মন দান কৰে তেন্তে মায়াব জুনাফাৰ লগতে সকলোকে এৰি দিব। চৰ্তমতে মণিমুগ্ধই সকলোকে এৰি দিলে। কিন্তু ৰূপালীমৰ প্ৰেমৰ ওপৰত মণিমুগ্ধৰ মোহভঙ্গ হৈ ৰূপালীমৰ শৰীৰ উপভোগ নকৰাকৈ মুক্ত কৰি দিলে। সতীত্ব ৰক্ষা কৰি ৰূপালীম নিজ গাঁৱলৈ উভতি আহিল।
কিন্তু ইতিভেনে এইবোৰ মুঠেই সহ্য কৰিব পৰা নাছিল। কাৰণ ইতিভেন মণিমুগ্ধৰ বাকদত্তা আছিল। নিজৰ প্ৰিয় মানুহজনক এগৰাকী সামান্য নাৰীৰ ওচৰত মুগ্ধ হোৱা কথাটো কেতিয়াও সহজভাৱে ল'ব পৰা নাছিল। ঈৰ্ষান্বিত ইতিভেনে জীয়াই জীয়াই চিতাত তুলি দি চৰম প্ৰতিশোধ লয়।
ৰূপালীম চৰিত্ৰৰ কাৰুণ্য প্ৰকাশ পায় এইখিনিতে প্ৰকাশ পায় যে যিখিনি মানুহৰ কাৰণে নিজৰ সৰ্বোচ্চ ত্যাগ কৰে সেই মানুহখিনিয়ে তাইৰ স্বীকাৰ কৰিবলৈ অমান্তি হয়।
কাব্যধৰ্মিতা, গীতিধৰ্মিতা আৰু কৰুণ ৰসেৰে সমৃদ্ধ ৰূপালীম জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি সাৰ্থক নাটক।
লভিতা
লভিতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ চতুৰ্থ নাটক। নাটকৰ পটভূমি ১৯৪২ চনৰ গণ আন্দোলন তথা সমগ্ৰ বিশ্বতে চলা দ্বিতীয় মহাসমৰৰ সময়ত ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ এক সামগ্ৰীক বিৱৰণ নাটখনিৰ মাজত প্ৰতিভাত হৈছে। লভিতা নাটকৰ লভিতা এগৰাকী সাহসী, সহজ-সৰল তথা বুদ্ধিমতী ছোৱালী। দেশপ্ৰেম, জাতীয়তাবোধ, লভিতা চৰিত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য। বৃটিছ চৰকাৰৰ অধীনস্থ অসমীয়া দাৰোগা-চিপাহী-চন্তৰীয়ে কৰা অত্যাচাৰ অনিয়মৰ বিৰুদ্ধে তাই প্ৰতিবাদ কৰে।
এটা বোমাবৰ্ষণৰ ফলত পিতৃৰ হেৰুৱাই নিঠৰুৱা হোৱা লভিতাই আশ্ৰয় বিচাৰি অৱশেষত প্ৰেমিক গোলাপৰ ওচৰলৈ আহে। কিন্তু তাতো তাই বিমুখ হ'বলগীয়া হয়। জীৱনৰ প্ৰতিটো সংঘাত নেওচি বিচলিত নহৈ দেশসেৱাৰ উদ্দেশ্য আগত ৰাখি নাৰ্ছ হিচাপে নিজকে নিয়োজিত কৰে। তাতেই লেফটেনেন্ট বৰুৱাৰ সৈতে তাইৰ পৰিচয় ঘটে। সংগ্ৰামী সত্তা এটা বুকুত বান্ধি সেনা বাহিনীত সেৱা আগবঢ়ায় গ'ল। লেফটেনেন্ট বৰুৱাৰ গাত গুলি লগাত আজাদ-হিন্দ-ফৌজৰ হৈ হাতত বন্দুক তুলি লৈ ৰণাঙ্গিনী বেশেৰ সৈন্যসকলক সাহস দি অৱশেষত শত্ৰু পক্ষৰ গুলিত প্ৰাণ ত্যাগ কৰে।
লভিতা অসমীয়া নাৰী সমাজৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ এক জ্বলন্ত নিদৰ্শন।
খনিকৰ
পাৰিবাৰিক সংঘাতৰ পটভূমিত খনিকৰ সৃষ্টি কৰা এখনি নাটক। নাটকৰ নায়ক নবীনে ভাষ্কৰ্য্যবিদ্যা শিকিবলৈ বীদেশলৈ যাব বিচাৰিছে। কিন্তু নবীনৰ পিতৃ-মাতৃয়ে তেওঁৰ কোনোপধ্যেই বিদেশলৈ পঠিয়াব বিচৰা নাই। কিন্তু পিতৃ -মাতৃ তথা আত্মীয় স্বজনৰ বাধা নেওচি পেৰিছলৈ গৈ ভাস্কৰ্যবিদ্যা শিকি নিজকে ভাৰতৰ এগৰাকী প্ৰতিষ্ঠিত ভাস্কৰ্যৰ্বিদ হিচাপে সম্বোধিত হয়।
নিমাতী কইনা
নিমাতী কইনা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি উল্লেখযোগ্য নাটক। সবিতাপ্ৰিয় ৰতনপুৰৰ ৰজা। তেওঁৰ জীৱনৰ এটাই মাথো দুখ- কন্যা নিমাতী কইনাই কথা নকয়।সখীয়েকসকলে বহু চেষ্টা কৰিও নিমাতীৰ মুখৰ মাত উলিয়াবলৈ সক্ষম নহ'ল। নিমাতীৰ মাত উলিয়াবলৈ নানা ঠাইৰ পৰা বহুতো মানুহ আহি চেষ্টা কৰিও বিফল হয়। শেষত বীণ-ব'ৰাগীয়ে নিমাতী কইনাৰ মুখৰ মাত উলিয়াবলৈ সক্ষম হয়।
জ্যোতিপ্ৰসাদৰ নাটকৰ বৈশিষ্ট্য
পৌৰাণিক আখ্যানৰ আধাৰত নিৰ্মিত
বিষয়বস্তুৰ ফালৰপৰা লক্ষ্য কৰিলে অনুমান কৰা যায় যে একমাত্ৰ লভিতা নাটক খনৰ বাহিৰে আন সকলো নাটকৰ বিষয়বস্তু পৌৰাণিক অথবা কাল্পনিক। পৌৰাণিক অথবা কাল্পনিক যদিও সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত জড়িত। উদাহৰণস্বৰূপে শোণিত কুঁৱৰী নাটক খনিত হৰি-হৰৰ যুদ্ধৰ কথা আছে যদিও যুদ্ধখনক ইয়াত বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ঊষা-অনিৰূদ্ধৰ প্ৰেম কাহিনীক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। শোণিত কুঁৱৰী নাটকত পৌৰাণিক আখ্যানৰ আধাৰিত কাহিনী এটাক জ্যোতিপ্ৰসাদে সমকালীন সমাজ ব্যৱস্থাৰ আধাৰত নিজস্ব চিন্তাধাৰাৰে প্ৰকাশ কৰিছে।
চৰিত্ৰৰ আদৰ্শগত দ্বন্দ্ব আৰু বৈপৰীত্য
জ্যোতিপ্ৰসাদৰ নাটক আন এটা বৈশিষ্ট হ'ল চৰিত্ৰ সমূহৰ আদৰ্শগত দ্বন্দ্ব আৰু বৈপৰীত্য। এই দ্বন্দ্ব তেখেতৰ কাৰেঙৰ লিগিৰী নামৰ নাটকখনিৰ মাজেৰে বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। ৰক্ষণশীল সমাজৰ গোড়ামীৰ বিৰুদ্ধে থিয় দি কোঁৱৰে সামান্য লিগিৰী শেৱালিক আপোন কৰি ল'ব বিচাৰিছে। আনফালে ৰাজমাওৱে নিজৰ পছন্দৰ অভিজাত কন্যাৰ লগতহে কোঁৱৰৰ বিয়া পাতিব বিচাৰিছে। ৰাজমাওৰ জেদ আৰু কোঁৱৰৰ লিগিৰী শেৱালিৰ প্ৰতি থকা গভীৰ প্ৰেমৰ মাজত ভীষণ দ্বন্দ্বৰ সৃষ্টি হৈছে। ঠিক তেনেদৰে, ৰূপালীম নাটকৰ কাহিনীভাগো প্ৰেম আৰু ক্ষমতাৰ দম্ভৰ দ্বন্দ্বৰ আধাৰত নিৰ্মিত। নাট্যকাৰে নাটকৰ পাটনিত উল্লেখ কৰিছে যে নাটকখনৰ উদ্দেশ্য আদৰ্শ চৰিত্ৰ সৃষ্টি নহয়, চৰিত্ৰ সমূহৰ বৈশিষ্ট্য দেখুওৱাহে ইয়াৰ উদ্দেশ্য। ৰূপালীম আৰু মায়াবৰ নিঃস্বাৰ্থ প্ৰেমক প্ৰান্ত দেশৰ অধিপতি মণিমুগ্ধৰ ৰাজকীয় ক্ষমতা আৰু পাৰ্থিৱ শক্তিৰে নিচিহ্ন কৰিব পৰা নাই। ৰূপালীমৰ সতীত্ব ৰক্ষাৰ কৰুণ অথচ সৰল প্ৰকাশৰ আগত পাশৱিক মণিমুগ্ধক নিৰস্ত্ৰ কৰি পৰিছে। তেখেতৰ আন আন নাটকৰ মাজতো এই দ্বন্দ্ব প্ৰকাশ পাইছে। গতিকে, পাৰস্পৰিক দ্বন্দ্ব জ্যোতিপ্ৰসাদৰ নাটকৰ এটা প্ৰধান বৈশিষ্ট্য বুলি বিবেচিত হৈছে।
নাৰী চৰিত্ৰৰ প্ৰাধান্য
নাৰী চৰিত্ৰৰ প্ৰাধান্য জ্যোতিপ্ৰসাদৰ নাটকৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। তেখেতে প্ৰতিখন নাটক নাৰী চৰিত্ৰৰ নামেৰে নামাকৰণ কৰিছে। শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা ইয়াৰ জ্বলন্ত নিদৰ্শন। প্ৰতিজন নাটকত নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু লক্ষণীয়।
সুদীৰ্ঘ আৰু অনুপুঙ্খিক মঞ্চ নিৰ্দেশনা
জ্যোতিপ্ৰসাদৰ নাটকৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল- প্ৰতিখন নাটকৰ প্ৰতিটো দৃশ্যৰ বাবে বাবে মঞ্চৰ ক'ত কি থাকিব লাগিব সকলো বিৱৰণী উল্লেখ থাকে।
সংগীতময়তা
জ্যোতিপ্ৰসাদৰ নাটকৰ আন এটা বৈশিষ্ট হ'ল- সংগীতময়তা। ৰূপালীম আদি বিভিন্ন নাটকৰ মাজত সংগীতৰ প্ৰয়োগেৰে নাটক সমূহৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে নাটকৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও বিভিন্ন উপাদানেৰে পুষ্ট।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ লগতে নাটক সমূহ অসমীয়া সাহিত্যত এক আপুৰুগীয়া সম্পদ। ইয়াক সংৰক্ষণ তথা ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ সকলোৰে কৰ্তব্য।
0 মন্তব্যসমূহ