শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম ঘোষা
ভজন
।। ছবি।।
মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।। ১
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।২
।। নমস্কাৰ ।।
মৎস্য কূৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোঁহো প্ৰণাম।।৩
।। উপদেশ।।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোঁহো প্ৰণাম।।৩
।। উপদেশ।।
একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত।। ৪
অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবো তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন।
এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।। ৫
যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে।
হৰিৰ প্ৰসাদে যিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি গুণ গায়া নাচে।। ৬
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি
অতিশয় দূৰ হোন্ত তাৰ
দূৰতো বিদূৰ হোন্ত তাৰ।
অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।। ৭
সকল নিগম লতা তাৰ অবিনাশী ফল
কৃষ্ণনাম চৈতন্য স্বৰূপ।
সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লৈয়া
নৰমাত্ৰে তৰে ভৱকুপ।। ৮
যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে
ধৈৰ্য ধৰি ক্ষণেক থাকয়।
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়।। ৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি গুণ গাৱে শুদ্ধভাৱে।
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে।। ১০
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সিসি
অনুষ্ঠান সমস্তে কৰিল।
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
আশাক যিজনে পিঠি দিল।। ১১
অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱেবা যদি
সমস্তে অৱস্থা আছা পায়া।
কমল লোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে ভিতৰে হোৱে কায়া।। ১২
সেহিসে চতুৰ যিটো পুণ্যৰ নিদান ভূত
নাৰায়ণ নামক উচ্চাৰে।
অচতুৰ সিসি আতি পাপৰ নিদান ভূত
নামে অৰ্থবাদ যিটো কৰে।। ১৩
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন।
শুনিয়ো পাৰ্ব্বতী মঞি মনত শঙ্কায়ো ৰংগে
ৰাম বুলিবেক ইটো জন।। ১৪
কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰে সমস্তয়।
জলৰ যতেক মল যেহেন শৰত কালে
স্বভাৱতে নিৰ্ম্মল কৰয়।। ১৫
হুয়া দেৱ দিগম্বৰ ভস্ম বিভূষিত অংগ
শিৰত ধৰিছা জটাভাৰ।
মহেশে সেৱন্ত যাক হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ।। ১৬
ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি।
লক্ষ্মীয়ো সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাঙ্ক সৰি।। ১৭
সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত ৰস পাই।
পৰম সন্তোষে পান কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই।। ১৮
মহাভাগৱত ৰস মাধৱৰ নাম যশ
আক পান কৰিল যিজনে।
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদি ৰসে
ৰতি আন নকৰয় মনে।। ১৯
কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয়।
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয়।। ২০
চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
নাহি নাম গুণে বিনে আন।
সেহিসে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ।। ২১
যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি।
তাতেসে ইন্দিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জড়ৰাশি।। ২২
ৰাম কৃষ্ণ হৰি নাম সৰ্ব্ব ধৰ্ম্ম অনুপাম
সকল নিগম তত্ত্ব সাৰ
যাত পৰে ধৰ্ম্ম নাহি আৰ।
হেন নাম নুসুমৰি কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ।। ২৩
বিষ্ণু পাদোদক গংগা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয়।
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শৱদৰ স্বৰূপ আছয়।। ২৪
পূণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ
প্ৰকাশ কৰয় আতি বড়ে।
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে।।২৫
আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু
আপুনি আপোন ৰাখে মাৰে।
হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপোনাক তৰে।। ২৬
দুৰ্ল্লভ মনুষ্য তনু লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা।
সন্তৰ সংগত বসি সুখে হৰি গুণ গায়া
সন্তোস অমৃত পান কৰা।। ২৭
হৰি নাম কীৰ্তনত নাহি দেশ কাল পাত্ৰ
নিয়ম সংযম একো বিধি।
হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি।। ২৮
বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়
হৰি সেৱা একো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য কেৱল মনুস্য তনু
জানি ফুৰা হৰি গুণ গাই।। ২৯
মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰি গুণ কীৰ্তন নকৰে।
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি নাম কীৰ্ত্তনত পৰে।। ৩০
মৃত্যু তৰিবাৰ যত আছয় উপায় আন
বিঘিনি দূষিত নিৰন্তৰে।
বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম্ম
কীৰ্ত্তন কৰন্তে সুখে তৰে।। ৩১
লুব্ধমতি মনুষ্যৰ হৰি কীৰ্ত্তনত পৰে
নাহিকে ৰহস্য বিত্ত আৰ।
আন আশা পৰিহৰি মাধৱক মনে ধৰি
হৰিৰ কীৰ্ত্তন কৰা সাৰ।। ৩২
শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শঙ্কৰ মত
ধৰিয়োক সজ্জনসকল।
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰত তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল।। ৩৩
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰি গুণ ভাগৱত সাৰ।
সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্ত্তন কৰা
পৰিহৰা পাষণ্ড আচাৰ।। ৩৪
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ।
হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ।। ৩৫
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা
তাহাৰ দুৰ্ল্লভ কিছু নাই।
নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিতো আন
নবাঞ্ছয় সেৱা সুখ পাই।। ৩৬
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস স্থান
মুখ নয়নৰ পান পাত্ৰ।
দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ পদ্ম মাত্ৰ।। ৩৭
পৰম ঈশ্বৰ দেৱ কৃষ্ণক নাপাৱে লাগ
তপ জপ যাগ যোগ দানে।
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধচিত্তে মাথে
অভিষেক নকৰয় মানে।। ৩৮
যিকালত স্থিতিক লভয়।
তোমাৰ কৃপাত তেৱে সমস্ত সাধন শ্ৰম
এৰাই সুখী হুইবোহো নিশ্চয়।। ৬০
হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই
প্ৰেমভাৱে স্মৰণ দুৰ্ল্লভ।
যথা কথঞ্চিত ৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হুয়োক সুলভ।। ৬১
হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপা দৃষ্টি চাহিয়োক মোক।
সহজ বাসনা ৰূপে শৰণ দিয়োক নাথ
মোৰ অহংকাৰ দূৰ হোক।। ৬২
নামো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন
নমো দেৱ দৈৱকী দায়াদ।
পৰম অনাথ আমি তোহ্মাৰ চৰণে নমি
মাগো প্ৰভু ভকতি প্ৰসাদ।। ৬৩
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যাত সদা পশয় শৰণে।
আৰ আন নাহি ত্ৰিভুৱনে।
ভকতজনৰ বন্ধু তুমিসে কৰুণা সিন্ধু
মোৰ গতি তোমাৰ চৰণে।। ৬৪
মায়াৰ নিগ্ৰহে মঞি পৰম আতুৰ ভৈলো
প্ৰাণ যদুপতি জীৱন যদুপতি।
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি।। ৬৫
হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
আছে পাপী তাৰ মই সীমা।
চৰণে থাপিয়া মোক পতিত পাৱন নিজ
দেখায়োক নামৰ মহিমা।। ৬৬
তোমাত বিমুখ হৰি হৈবাক দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত।
এৱে হৰি তযু পদে সেৱাত যিমতে ৰহো
হেন কৃপা কৰিতে উচিত।। ৬৭
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ।
আপোনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ।। ৬৮
তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহি আছে আহ্মাক সমূলি।
গুচায়োক মায়া স্বামী তোমাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি।। ৬৯
মঞি অনাথক দয়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিণ্ডি দেঞো চৰণত।। ৭০
অপৰাধ বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণ
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণে।। ৭১
নাজানোহো তোহ্মাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি চৰণ পশিয়া সাৰ
কৰিলোহো তোমাৰ নামক।। ৭২
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত।। ৭৩
তযু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
আৱৰ সমস্তে গুণময়।
এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ
কৰিলোহো সাৰ কৃপাময়।। ৭৪
শুনি বড় আনন্দ মিলয়।
যাৰ ভকতৰ সঙ্গে পূৰ্বপুৰুষাৰ্থ শিৰে
চড়ি আতি কৌতুক কৰয়।। ৭৫
যদি ভৱ ভয় ভঙ্গ মনে ইচ্ছা কৰা ভাই
সদা সাধু সঙ্গ কৰা সাৰ।
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৱ তৰিবাৰ।। ৭৬
হৰি কীৰ্ত্তনৰ মহা আনন্দ সুখক আশে
কতো কতো সৱ মহাজনে।
মুকুতি সুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে।। ৭৭
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম কৰ্ম্ম
বেদে যাৰ নজানে মহিমা।
হৰি নাম কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তন সুখৰ নাহি সীমা।। ৭৮
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন ৰস
মঙ্গলৰো পৰম মঙ্গল।
এতেকেসে মুকুতিকো তেজি হৰি গুণ গায়া
ফুৰে মহা মহন্তসকল।। ৭৯
পৰম নিপুণসৱে বুজিয়া শাস্ত্ৰৰ তত্ত্ব
হৰি পদ পঙ্কজে ভজিয়া।
হৰি কীৰ্ত্তনৰ মহা নিৰ্ভৰ আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া।। ৮০
গোৱিন্দৰ নাম গুণ কীৰ্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্ৰয়াস।
নিজ গুণ লুব্ধ হৰি কীৰ্তন কৰন্তে আসি
হৃদয়তে হোৱন্ত প্ৰকাশ।। ৮১
যিসৱ চতুৰ নৰে মানৱৰ নাম গুণ
কীৰ্ত্তন কৰন্ত সাৱধানে।
দেৱৰো দেৱতা হৰি তাহাৰ হৃদয় এৰি
যাইবাক নপাৰে আন থানে।। ৮২
যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত
তেন্তে নিজ কীৰ্ত্তনত বশ্য।
জানি মাধৱৰ নাম কীৰ্ত্তন কৰিয়ো সদা
ইটো সৱে শাস্ত্ৰৰ ৰহস্য।। ৮৩
হৰি ভক্তি সৰোবৰে সন্তোষ অমৃত জলে
কৃষ্ণ পাদ পদ্ম প্ৰকাশয়।
ৰাম নাম ৰাজহংস ছানিয়া আৰাৱ কৰে
শুনি আতি কৌতুক মিলয়।। ৮৪
সমস্তে তীৰ্থত স্নান কৰিলেক সৰ্ব্ব যজ্ঞ
দীক্ষিত ভৈলেক সিটো জন।
সমস্তে দানৰ ফল সি সি জনে পাইলে আতি
যিটো কৰে হৰিৰ কীৰ্ত্তন।। ৮৫
মাধৱে বোলন্ত মোক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সদায় সুমৰে যিটোজনে।
জল হন্তে যেন পদ্ম নৰকৰপৰা তাঙ্ক
আপুনি উদ্ধাৰো ৰঙ্গ মনে।। ৮৬
যদ্যপি দুৰ্জ্জন কলি হৰিৰ ভকতি পথ
কৰিলেক বিৰল প্ৰচাৰ।
একান্ত শৰণে যিটো শ্ৰৱণ কীৰ্ত্তন কৰে
ওচৰো নাচাপে কলি তাৰ।। ৮৭
পৰম পুৰুষ দেৱ পৰম কাৰণ প্ৰভু
পৰম ঈশ্বৰ ভগৱন্ত।
সদানন্দ সদাশিৱ সত্য সনাতন হৰি
জয় জয় আচিন্ত্য অনন্ত।। ৮৮
জান তঞি ৰসৰ সাৰক।
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ নাম অমৃতক।। ৮৯
হে জিহ্বা তঞি সদা আমাত নিৰ্দ্দয়া ভৈলি
কেনে নোবোলস ৰাম বাণী।
সংসাৰ সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী।। ৯০
হে কৰ্ণ সদা তোৰ শৱদে মাত্ৰসে প্ৰিয়
তঞি শব্দ মধুৰ জানস।
কৌটি অমৃততোধিক পৰম মধুৰ শব্দ
শুন সদা কৃষ্ণ নাম যশ।। ৯১
হেন মন তোৰ কাম সঙ্কল্প বিকল্প ধৰ্ম্ম
তেজি মিছা ব্যাপাৰ সকল।
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন
কৃষ্ণ নাম পৰম মঙ্গল।। ৯২
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোড়য়।
তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয়।। ৯৩
শুনিয়োক বুদ্ধি তোৰ কেৱল নিশ্চয় ধৰ্ম্ম
তেজি সৱে বিনাশী বিষয়।
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাক মাত্ৰ কৰিয়ো নিশ্চয়।। ৯৪
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপোন মাৰ
মিছা অহম্মমক তেজিয়া।
পৰম ঈশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধু সঙ্গে কৃষ্ণক ভজিয়ো।। ৯৫
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নাছাড়িবা তাহান আশ্ৰয়।। ৯৬
কৃষ্ণ নিষ্ট ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন।
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি ৰতি
কৃষ্ণ পাৱে নিমজোক মন।। ৯৭
নিৰ্ম্মল তৰঙ্গচয় হীন।
হেনয় পৰমানন্দ অমৃত সাগৰে মজি
আচান্ত নকৰি বুদ্ধি ক্ষীণ।। ৯৮
হে হৰি সাৰ শূন্য মৃগতৃষ্ণাৰ্ণৱ জলে
শ্ৰান্ত হুয়া মহামোহ পাঞো।
স্নান পান আচমন কৰহো ৰমণ তাতে
কতোহো ওপঙ্গো তল যাঞো।। ৯৯
সৱে হৰি নামৰ কিঙ্কৰ।
হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ।। ১০৩
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱৰাজ।
হেনয় দ্বাৰত বেত্ৰ প্ৰহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক।। ১০৪
হংস নাৰায়ণ অষ্ট নাম।
পৰম মঙ্গল ৰূপ যিটো আহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মন:কাম।। ১০৫
মাধৱ মাধৱ হৃদয়ত।
নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নাম
উচ্চাৰয় সমস্ত কাৰ্য্যত।। ১০৬
পৰম মঙ্গল ৰূপ মাধৱ মাধৱ নাম
যিটো মহাজনে উচ্চাৰয়।
তাৰ অমঙ্গল ৰূপ গুচয় সংসাৰ ভয়
মাধৱৰ নিকট পাৱয়।। ১০৭
দু:স্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট গ্ৰহ ভয় বিমোচন।
পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম
সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন।। ১০৮
মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু
মাধৱেসে দেৱতা পৰম।
পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা
মনুষ্যৰ ইসে নিজ ধৰ্ম্ম।। ১০৯
পৰম চতুৰ সি সি বুদ্ধিত কুশল আতি
যিটো মাধৱৰ গুণ গাৱে।
মিছা কলেৱৰ গোটে মাধৱক ভজি নিতে
ভৱ তৰি মাধৱক পাৱে।। ১১০
যিজনে একান্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই।
দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিৱাক আৰ নাই।। ১১১
ভজা ভাই মাধৱক স্মৰ ভাই মাধৱক
গাৱ ভাই মাধৱৰ গুণ।
নিচিন্তি আপোন মাৰ সুখে আপোনাক তাৰ
হুয়ো ভাই পৰম নিপুণ।। ১১২
শুনিতে উদ্যম কৰে নৰ।
তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মৎসৰ।। ১১৩
ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজগতি।
হেনয় নিশ্চয় যিটো পৰিলে কলিত আতি
সি সি জন পৰম সুকৃতি।। ১১৪
সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতে চাণ্ডালে লৱয়।
হেনয় পবিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয়।। ১১৫
ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল ৰূপ
যাৰ মুখে প্ৰকাশ কৰয়।
চিৰকালে মহাতীৰ্থ কৰিয়া পৱিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নয়।। ১১৬
জগত আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান
তাক প্ৰতি যেৱে আছে মন।
ভগৱন্ত ঈশ্বৰৰ চৰণ পঙ্কজে সদা
হুয়ো তেৱে একান্ত শৰণ।। ১১৭
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি নাম কীৰ্ত্তনত
সমস্ত প্ৰাণীৰ অধিকাৰ।
এতেকেসে হৰি নাম সমস্ত ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ।। ১১৮
তাৰেসে কেৱল অধিকাৰ।
হৰি নাম কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাজে সাৰ।। ১১৯
দোষ লৱে কৰিয়া বিচাৰ।
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ।। ১২০
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ।
মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন।। ১২১
অবিদ্যা জনিত সুখ সত্যলোক আদি কৰি
আত নিৰপেক্ষ নিৰন্তৰ।
কেৱল চিদাঙ্গ শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষুজনৰ।। ১২২
বিদ্যা অবিদ্যা জন্য সুখে নিৰপেক্ষ হুয়া
কৰিল আপুন মন স্থিৰ।
সকল জগত ইটো বাসুদেৱময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ।। ১২৩
সমস্ত সুখকে তেজি পুৰুষোত্তমৰ প্ৰেম
ভকতিক কৰিল আশ্ৰয়।
ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয়।। ১২৪
মুমুক্ষুজনৰ যেৱে অবিদ্যা জনিত সুখে
বিৰকতি ভৈল আতিশয়।
কেৱলে আত্মাত মাত্ৰ সদায়ে ৰমণ কৰে
তেৱে বিধি কিঙ্কৰ গুচয়।। ১২৫
জ্ঞান নিষ্ঠ জনে বিদ্যা অবিদ্যা জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে।
বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেৱে।। ১২৬
পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন।
শৰণ কালৰে পৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা শ্ৰৱণ কীৰ্ত্তন।। ১২৭
ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা
ৰাম নাম মহাৰত্ন সাৰ।
হেনয় বাণিজ্য পাই যিটো জীৱে নকৰয়
তাত পৰ দুখী নাহি আৰ।। ১২৮
তুমি নাথ মঞি নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত।। ১২৯
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লও যিমতে সেৱাত ৰও
দিয়া মোক সেহি উপদেশ।। ১৩০
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱাৰস সাৰ।। ১৩১
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোক
তযু নামে সদা ৰতি হোক।। ১৩২
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোৱিন্দ তযু পদ অৰবিন্দ
কৰো মঞি লক্ষ নমস্কাৰ।। ১৩৩
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম মালাধাৰী।
নমো পদ্ম সম নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়হাৰী।। ১৩৪
বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস চাণূৰাদি বিমৰ্দ্দন।
ণ আনন্দত প্ৰৱৰ্ত্তয়।
দুইৰো এক পদ ভৈল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়।। ১৪০
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ।
এহি হেতুতেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অন্বয় মনোহৰ।। ১৪১
নিৰন্তৰে নিজানন্দ সুখ পৰিপূৰ্ণ ৰূপ
অখণ্ড আনন্দ নুগুচয়।
এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ঈশ্বৰকে বুলিয় নিশ্চয়।। ১৪২
ক ঈশ পদ ভৈল বিষ্ণু মহেশ্বৰ হৰি
প্ৰতি প্ৰতি তিনিৰো অন্বয়।
ৱ পদে নাৰায়ণে তিনিকো আছয় চান্দি
এহি হেতু কেশৱ বোলয়।। ১৪৩
ঈশ্বৰ কৃষ্ণৰ পদে সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভুত।
এহি হেতুতেসে জানা যতেক মহন্তসৱে
ঈশ্বৰক বোলয় অচ্যুত।। ১৪৪
ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসৱো
আতিশয় হোৱয় উত্তম।
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ঈশ্বৰৰ নাম নৰোত্তম।। ১৪৫
ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰি
সিংহ যেন ভ্ৰমন্ত নিৰ্ভৰ।
এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল
মহাজন সকলে কহয়।। ১৪৬
ঈশ্বৰৰ পাদ পদ্ম ভজি শুদ্ধচিত্ত হুয়া
অধমো তেজয় বামানয়।
এহি হেতুতুসে থাকি নিৰন্তৰে মহাজনে
ঈশ্বৰক বামন বোলয়।। ১৪৭
মোক্ষ আদি কৰি সুখ ঈশ্বৰ সেৱাৰ জানা
অণু একো নুহি সমসৰ।
এহি হেতু মহাজনে জানিয়া পৰমানন্দ
নাম ধৰি আছন্ত ঈশ্বৰ।। ১৪৮
যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱৰাশি
নিৰন্তৰে আনন্দ লভয়।
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয়।। ১৪৯
কি কাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চবৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত।
এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত।। ১৫০
ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয় জন্য
সুখ জীৱে অধ:কৃত কৰে।
এই কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে।। ১৫১
চৈতন্যত কৰি পৰ মায়াত উপজি জড়
আছে তাক ৰমাৱন্ত হৰি।
এহিসে কাৰণে জানা পৰম ঈশ্বৰে প্ৰভু
পৰ্শুৰাম নাম আছা ধৰি।। ১৫২
চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে।। ১৫৩
অনন্ত চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময়।
এহি হেতু ৰাম পদে পৰমব্ৰহ্ম স্বৰূপক
কহে ৰাম নামৰ অন্বয়।। ১৫৪
গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত।। ৪
অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবো তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন।
এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।। ৫
যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে।
হৰিৰ প্ৰসাদে যিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি গুণ গায়া নাচে।। ৬
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি
অতিশয় দূৰ হোন্ত তাৰ
দূৰতো বিদূৰ হোন্ত তাৰ।
অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।। ৭
সকল নিগম লতা তাৰ অবিনাশী ফল
কৃষ্ণনাম চৈতন্য স্বৰূপ।
সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লৈয়া
নৰমাত্ৰে তৰে ভৱকুপ।। ৮
যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে
ধৈৰ্য ধৰি ক্ষণেক থাকয়।
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়।। ৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি গুণ গাৱে শুদ্ধভাৱে।
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে।। ১০
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সিসি
অনুষ্ঠান সমস্তে কৰিল।
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
আশাক যিজনে পিঠি দিল।। ১১
অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱেবা যদি
সমস্তে অৱস্থা আছা পায়া।
কমল লোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে ভিতৰে হোৱে কায়া।। ১২
সেহিসে চতুৰ যিটো পুণ্যৰ নিদান ভূত
নাৰায়ণ নামক উচ্চাৰে।
অচতুৰ সিসি আতি পাপৰ নিদান ভূত
নামে অৰ্থবাদ যিটো কৰে।। ১৩
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন।
শুনিয়ো পাৰ্ব্বতী মঞি মনত শঙ্কায়ো ৰংগে
ৰাম বুলিবেক ইটো জন।। ১৪
কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰে সমস্তয়।
জলৰ যতেক মল যেহেন শৰত কালে
স্বভাৱতে নিৰ্ম্মল কৰয়।। ১৫
হুয়া দেৱ দিগম্বৰ ভস্ম বিভূষিত অংগ
শিৰত ধৰিছা জটাভাৰ।
মহেশে সেৱন্ত যাক হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ।। ১৬
ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি।
লক্ষ্মীয়ো সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাঙ্ক সৰি।। ১৭
সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত ৰস পাই।
পৰম সন্তোষে পান কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই।। ১৮
মহাভাগৱত ৰস মাধৱৰ নাম যশ
আক পান কৰিল যিজনে।
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদি ৰসে
ৰতি আন নকৰয় মনে।। ১৯
কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয়।
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয়।। ২০
চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
নাহি নাম গুণে বিনে আন।
সেহিসে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ।। ২১
যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি।
তাতেসে ইন্দিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জড়ৰাশি।। ২২
ৰাম কৃষ্ণ হৰি নাম সৰ্ব্ব ধৰ্ম্ম অনুপাম
সকল নিগম তত্ত্ব সাৰ
যাত পৰে ধৰ্ম্ম নাহি আৰ।
হেন নাম নুসুমৰি কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ।। ২৩
বিষ্ণু পাদোদক গংগা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয়।
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শৱদৰ স্বৰূপ আছয়।। ২৪
পূণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ
প্ৰকাশ কৰয় আতি বড়ে।
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে।।২৫
আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু
আপুনি আপোন ৰাখে মাৰে।
হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপোনাক তৰে।। ২৬
দুৰ্ল্লভ মনুষ্য তনু লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা।
সন্তৰ সংগত বসি সুখে হৰি গুণ গায়া
সন্তোস অমৃত পান কৰা।। ২৭
হৰি নাম কীৰ্তনত নাহি দেশ কাল পাত্ৰ
নিয়ম সংযম একো বিধি।
হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি।। ২৮
বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়
হৰি সেৱা একো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য কেৱল মনুস্য তনু
জানি ফুৰা হৰি গুণ গাই।। ২৯
মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰি গুণ কীৰ্তন নকৰে।
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি নাম কীৰ্ত্তনত পৰে।। ৩০
মৃত্যু তৰিবাৰ যত আছয় উপায় আন
বিঘিনি দূষিত নিৰন্তৰে।
বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম্ম
কীৰ্ত্তন কৰন্তে সুখে তৰে।। ৩১
লুব্ধমতি মনুষ্যৰ হৰি কীৰ্ত্তনত পৰে
নাহিকে ৰহস্য বিত্ত আৰ।
আন আশা পৰিহৰি মাধৱক মনে ধৰি
হৰিৰ কীৰ্ত্তন কৰা সাৰ।। ৩২
শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শঙ্কৰ মত
ধৰিয়োক সজ্জনসকল।
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰত তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল।। ৩৩
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰি গুণ ভাগৱত সাৰ।
সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্ত্তন কৰা
পৰিহৰা পাষণ্ড আচাৰ।। ৩৪
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ।
হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ।। ৩৫
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা
তাহাৰ দুৰ্ল্লভ কিছু নাই।
নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিতো আন
নবাঞ্ছয় সেৱা সুখ পাই।। ৩৬
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস স্থান
মুখ নয়নৰ পান পাত্ৰ।
দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ পদ্ম মাত্ৰ।। ৩৭
পৰম ঈশ্বৰ দেৱ কৃষ্ণক নাপাৱে লাগ
তপ জপ যাগ যোগ দানে।
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধচিত্তে মাথে
অভিষেক নকৰয় মানে।। ৩৮
গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ
প্ৰসৱয় সাধুৰ সংগত।
তাক অনুদিন যিটো সেৱে তাৰ সতী মতি
হোৱে বাসুদেৱ চৰণত।। ৩৯
সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।
হৰি কথা অমৃতৰ সাম্যক আলাপ ৰস
যিটো দিন হোৱয় বিহীন।। ৪০
আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সততে পাই
নপাই জানা তাঙ্ক অবিদ্যাত।
অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন
কন্ঠ লগ্ন বস্তুক সাক্ষাত।। ৪১
তাক অনুদিন যিটো সেৱে তাৰ সতী মতি
হোৱে বাসুদেৱ চৰণত।। ৩৯
সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।
হৰি কথা অমৃতৰ সাম্যক আলাপ ৰস
যিটো দিন হোৱয় বিহীন।। ৪০
আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সততে পাই
নপাই জানা তাঙ্ক অবিদ্যাত।
অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন
কন্ঠ লগ্ন বস্তুক সাক্ষাত।। ৪১
।। নিন্দা।।
নাৰায়ণ হেন ইটো শৱদ আছয়ে মুখে
বশৱৰ্ত্তী বচন আছয়।
তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি
মলমতি মনুষ্য মৰয়।। ৪২
তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী তাহাত নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়।
সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
উপনিষৎ ধেনু ধৰি খায়।। ৪৩
সৰ্ব্ব শ্ৰুতি শিৰোৰত্ন ভাগৱত বন মাজে
হৰি নাম সিংহ প্ৰকাশয়।
তাৰ মহাধ্বনি শুনি নিজ পৰিবাৰ সমে
তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয়।। ৪৪
স্মৰহু গোৱিন্দ মূঢ় বোলহু গোৱিন্দ মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে।
মৰণ সন্নিতে পাইলে গোৱিন্দেসে ৰাখিবন্ত
নাৰাখিবে 'ডুকৃঞ কৰণে'।। ৪৫
ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়মতি।
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিতে সিটো
অৱশ্যে হুইবেক উতপতি।। ৪৬
মায়া আদি কৰি যত সমস্তে জগতে জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ।
চৈতন্য কৃষ্ণক এড়ি জড়ক ভজিয়া মৰে
কিনো লোক অধম মুগুধ।। ৪৭
তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যু বেলা।
মাৰন্তাজনক বেঢ়ি বোলে সৱে ৰাম বোল
হেন নামে এতিক্ষণে হেলা।। ৪৮
পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম
সৱ এড়ি যিহেতু সুমৰে।
এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
মলমতি নৰে নুসুমৰে।। ৪৯
দুৰ্ঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা
তেজি হৰি নামক সম্প্ৰতি।
কমন উপায়ে আন পণ্ডিত সকলে আৱে
লভিবেক আপোন মুকুতি।। ৫০
লভিয়া মনুষ্য তনু যিসৱ পণ্ডিত নৰে
নাসাধিলে গতি আপোনাৰ।
কৌটি জনমক লাগি সংসাৰ সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ।। ৫১
গোৱিন্দক নৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোনজন।
হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
কোৱা কোৱা' কোবাক্য বচন।। ৫২
শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব
প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি।
তাহাঙ্ক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ত্ব বখানি।।৫৩
শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি।
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহা মূঢ়মতি।। ৫৪
নজানে শাস্ত্ৰৰ নয় যেহি আসে তাকে কয়
ছেদিবাক নপাৰে সংশয়।
গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে
মান্য সতকাৰ খুজি লয়।। ৫৫
বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয়।
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয়।। ৫৬
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ মন্ত্ৰচয়।
হে হৰি তোমাতেসে খেলাৱে কেৱল বাদ
তোমাৰ তত্ত্বক নজানয়।। ৫৭
ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰক
পৰাঙ্মুখ ভৈলা যিটোজন।
যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰে মহা
পঙ্কে পৰি হোৱয় গমন।। ৫৮
হৰি নাম ধ্বজ কৰি বেদ পথ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল।
ইহ পৰলোকে ভ্ৰষ্ট হুয়া পেটে পুষি মাত্ৰ
ফুৰিবেক পৰম নিষ্কল।। ৫৯
বশৱৰ্ত্তী বচন আছয়।
তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি
মলমতি মনুষ্য মৰয়।। ৪২
তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী তাহাত নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়।
সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
উপনিষৎ ধেনু ধৰি খায়।। ৪৩
সৰ্ব্ব শ্ৰুতি শিৰোৰত্ন ভাগৱত বন মাজে
হৰি নাম সিংহ প্ৰকাশয়।
তাৰ মহাধ্বনি শুনি নিজ পৰিবাৰ সমে
তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয়।। ৪৪
স্মৰহু গোৱিন্দ মূঢ় বোলহু গোৱিন্দ মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে।
মৰণ সন্নিতে পাইলে গোৱিন্দেসে ৰাখিবন্ত
নাৰাখিবে 'ডুকৃঞ কৰণে'।। ৪৫
ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়মতি।
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিতে সিটো
অৱশ্যে হুইবেক উতপতি।। ৪৬
মায়া আদি কৰি যত সমস্তে জগতে জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ।
চৈতন্য কৃষ্ণক এড়ি জড়ক ভজিয়া মৰে
কিনো লোক অধম মুগুধ।। ৪৭
তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যু বেলা।
মাৰন্তাজনক বেঢ়ি বোলে সৱে ৰাম বোল
হেন নামে এতিক্ষণে হেলা।। ৪৮
পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম
সৱ এড়ি যিহেতু সুমৰে।
এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
মলমতি নৰে নুসুমৰে।। ৪৯
দুৰ্ঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা
তেজি হৰি নামক সম্প্ৰতি।
কমন উপায়ে আন পণ্ডিত সকলে আৱে
লভিবেক আপোন মুকুতি।। ৫০
লভিয়া মনুষ্য তনু যিসৱ পণ্ডিত নৰে
নাসাধিলে গতি আপোনাৰ।
কৌটি জনমক লাগি সংসাৰ সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ।। ৫১
গোৱিন্দক নৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোনজন।
হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
কোৱা কোৱা' কোবাক্য বচন।। ৫২
শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব
প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি।
তাহাঙ্ক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ত্ব বখানি।।৫৩
শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি।
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহা মূঢ়মতি।। ৫৪
নজানে শাস্ত্ৰৰ নয় যেহি আসে তাকে কয়
ছেদিবাক নপাৰে সংশয়।
গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে
মান্য সতকাৰ খুজি লয়।। ৫৫
বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয়।
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয়।। ৫৬
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ মন্ত্ৰচয়।
হে হৰি তোমাতেসে খেলাৱে কেৱল বাদ
তোমাৰ তত্ত্বক নজানয়।। ৫৭
ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰক
পৰাঙ্মুখ ভৈলা যিটোজন।
যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰে মহা
পঙ্কে পৰি হোৱয় গমন।। ৫৮
হৰি নাম ধ্বজ কৰি বেদ পথ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল।
ইহ পৰলোকে ভ্ৰষ্ট হুয়া পেটে পুষি মাত্ৰ
ফুৰিবেক পৰম নিষ্কল।। ৫৯
।। প্ৰাৰ্থনা।।
হে ভগৱন্ত গুৰু তযু পদে মন মোৰযিকালত স্থিতিক লভয়।
তোমাৰ কৃপাত তেৱে সমস্ত সাধন শ্ৰম
এৰাই সুখী হুইবোহো নিশ্চয়।। ৬০
হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই
প্ৰেমভাৱে স্মৰণ দুৰ্ল্লভ।
যথা কথঞ্চিত ৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হুয়োক সুলভ।। ৬১
হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপা দৃষ্টি চাহিয়োক মোক।
সহজ বাসনা ৰূপে শৰণ দিয়োক নাথ
মোৰ অহংকাৰ দূৰ হোক।। ৬২
নামো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন
নমো দেৱ দৈৱকী দায়াদ।
পৰম অনাথ আমি তোহ্মাৰ চৰণে নমি
মাগো প্ৰভু ভকতি প্ৰসাদ।। ৬৩
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যাত সদা পশয় শৰণে।
আৰ আন নাহি ত্ৰিভুৱনে।
ভকতজনৰ বন্ধু তুমিসে কৰুণা সিন্ধু
মোৰ গতি তোমাৰ চৰণে।। ৬৪
মায়াৰ নিগ্ৰহে মঞি পৰম আতুৰ ভৈলো
প্ৰাণ যদুপতি জীৱন যদুপতি।
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি।। ৬৫
হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
আছে পাপী তাৰ মই সীমা।
চৰণে থাপিয়া মোক পতিত পাৱন নিজ
দেখায়োক নামৰ মহিমা।। ৬৬
তোমাত বিমুখ হৰি হৈবাক দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত।
এৱে হৰি তযু পদে সেৱাত যিমতে ৰহো
হেন কৃপা কৰিতে উচিত।। ৬৭
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ।
আপোনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ।। ৬৮
তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহি আছে আহ্মাক সমূলি।
গুচায়োক মায়া স্বামী তোমাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি।। ৬৯
মঞি অনাথক দয়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিণ্ডি দেঞো চৰণত।। ৭০
অপৰাধ বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণ
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণে।। ৭১
।। আনুনাথানা ।।
তোমাৰেসে অবিদ্যায় আমাক মুহিলে হৰিনাজানোহো তোহ্মাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি চৰণ পশিয়া সাৰ
কৰিলোহো তোমাৰ নামক।। ৭২
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত।। ৭৩
তযু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
আৱৰ সমস্তে গুণময়।
এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ
কৰিলোহো সাৰ কৃপাময়।। ৭৪
।। মহিমা ।।
কৃষ্ণ পদ পঙ্কজৰ সেৱাৰ মহিমা কথাশুনি বড় আনন্দ মিলয়।
যাৰ ভকতৰ সঙ্গে পূৰ্বপুৰুষাৰ্থ শিৰে
চড়ি আতি কৌতুক কৰয়।। ৭৫
যদি ভৱ ভয় ভঙ্গ মনে ইচ্ছা কৰা ভাই
সদা সাধু সঙ্গ কৰা সাৰ।
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৱ তৰিবাৰ।। ৭৬
হৰি কীৰ্ত্তনৰ মহা আনন্দ সুখক আশে
কতো কতো সৱ মহাজনে।
মুকুতি সুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে।। ৭৭
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম কৰ্ম্ম
বেদে যাৰ নজানে মহিমা।
হৰি নাম কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তন সুখৰ নাহি সীমা।। ৭৮
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন ৰস
মঙ্গলৰো পৰম মঙ্গল।
এতেকেসে মুকুতিকো তেজি হৰি গুণ গায়া
ফুৰে মহা মহন্তসকল।। ৭৯
পৰম নিপুণসৱে বুজিয়া শাস্ত্ৰৰ তত্ত্ব
হৰি পদ পঙ্কজে ভজিয়া।
হৰি কীৰ্ত্তনৰ মহা নিৰ্ভৰ আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া।। ৮০
গোৱিন্দৰ নাম গুণ কীৰ্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্ৰয়াস।
নিজ গুণ লুব্ধ হৰি কীৰ্তন কৰন্তে আসি
হৃদয়তে হোৱন্ত প্ৰকাশ।। ৮১
যিসৱ চতুৰ নৰে মানৱৰ নাম গুণ
কীৰ্ত্তন কৰন্ত সাৱধানে।
দেৱৰো দেৱতা হৰি তাহাৰ হৃদয় এৰি
যাইবাক নপাৰে আন থানে।। ৮২
যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত
তেন্তে নিজ কীৰ্ত্তনত বশ্য।
জানি মাধৱৰ নাম কীৰ্ত্তন কৰিয়ো সদা
ইটো সৱে শাস্ত্ৰৰ ৰহস্য।। ৮৩
হৰি ভক্তি সৰোবৰে সন্তোষ অমৃত জলে
কৃষ্ণ পাদ পদ্ম প্ৰকাশয়।
ৰাম নাম ৰাজহংস ছানিয়া আৰাৱ কৰে
শুনি আতি কৌতুক মিলয়।। ৮৪
সমস্তে তীৰ্থত স্নান কৰিলেক সৰ্ব্ব যজ্ঞ
দীক্ষিত ভৈলেক সিটো জন।
সমস্তে দানৰ ফল সি সি জনে পাইলে আতি
যিটো কৰে হৰিৰ কীৰ্ত্তন।। ৮৫
মাধৱে বোলন্ত মোক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সদায় সুমৰে যিটোজনে।
জল হন্তে যেন পদ্ম নৰকৰপৰা তাঙ্ক
আপুনি উদ্ধাৰো ৰঙ্গ মনে।। ৮৬
যদ্যপি দুৰ্জ্জন কলি হৰিৰ ভকতি পথ
কৰিলেক বিৰল প্ৰচাৰ।
একান্ত শৰণে যিটো শ্ৰৱণ কীৰ্ত্তন কৰে
ওচৰো নাচাপে কলি তাৰ।। ৮৭
পৰম পুৰুষ দেৱ পৰম কাৰণ প্ৰভু
পৰম ঈশ্বৰ ভগৱন্ত।
সদানন্দ সদাশিৱ সত্য সনাতন হৰি
জয় জয় আচিন্ত্য অনন্ত।। ৮৮
।।আত্ম উপদেশ।।
হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়জান তঞি ৰসৰ সাৰক।
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ নাম অমৃতক।। ৮৯
হে জিহ্বা তঞি সদা আমাত নিৰ্দ্দয়া ভৈলি
কেনে নোবোলস ৰাম বাণী।
সংসাৰ সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী।। ৯০
হে কৰ্ণ সদা তোৰ শৱদে মাত্ৰসে প্ৰিয়
তঞি শব্দ মধুৰ জানস।
কৌটি অমৃততোধিক পৰম মধুৰ শব্দ
শুন সদা কৃষ্ণ নাম যশ।। ৯১
হেন মন তোৰ কাম সঙ্কল্প বিকল্প ধৰ্ম্ম
তেজি মিছা ব্যাপাৰ সকল।
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন
কৃষ্ণ নাম পৰম মঙ্গল।। ৯২
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোড়য়।
তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয়।। ৯৩
শুনিয়োক বুদ্ধি তোৰ কেৱল নিশ্চয় ধৰ্ম্ম
তেজি সৱে বিনাশী বিষয়।
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাক মাত্ৰ কৰিয়ো নিশ্চয়।। ৯৪
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপোন মাৰ
মিছা অহম্মমক তেজিয়া।
পৰম ঈশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধু সঙ্গে কৃষ্ণক ভজিয়ো।। ৯৫
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নাছাড়িবা তাহান আশ্ৰয়।। ৯৬
কৃষ্ণ নিষ্ট ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন।
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি ৰতি
কৃষ্ণ পাৱে নিমজোক মন।। ৯৭
।। আত্মনিন্দা।।
শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিতনিৰ্ম্মল তৰঙ্গচয় হীন।
হেনয় পৰমানন্দ অমৃত সাগৰে মজি
আচান্ত নকৰি বুদ্ধি ক্ষীণ।। ৯৮
হে হৰি সাৰ শূন্য মৃগতৃষ্ণাৰ্ণৱ জলে
শ্ৰান্ত হুয়া মহামোহ পাঞো।
স্নান পান আচমন কৰহো ৰমণ তাতে
কতোহো ওপঙ্গো তল যাঞো।। ৯৯
।। বস্তু প্ৰকাশ ।।
পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া
আতি গুপ্ত স্বৰূপে আছিলা।
লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিলা।। ১০০
হৰি নাম প্ৰেমৰস অমৃত নিধিক বান্ধি
গুপ্ত কৰি থৈল দেৱগণে।
দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা
সুখে পান কৰা সৰ্ব্বজনে।। ১০১
হৰি নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব।
হেন হৰি নাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰি
চূৰ কৈলা দেৱতাৰ গৰ্ব্ব।। ১০২
।। প্ৰসংসা ।।
বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰতসৱে হৰি নামৰ কিঙ্কৰ।
হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ।। ১০৩
।। অনুধিতা।।
হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ যোগ্যব্ৰহ্মা ইন্দ্ৰ আদি দেৱৰাজ।
হেনয় দ্বাৰত বেত্ৰ প্ৰহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক।। ১০৪
।। নাম ।।
অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দনহংস নাৰায়ণ অষ্ট নাম।
পৰম মঙ্গল ৰূপ যিটো আহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মন:কাম।। ১০৫
।।পৰমাৰ্থ সাৰ।।
মাধৱ মাধৱ নাম বচনত উচ্চাৰয়মাধৱ মাধৱ হৃদয়ত।
নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নাম
উচ্চাৰয় সমস্ত কাৰ্য্যত।। ১০৬
পৰম মঙ্গল ৰূপ মাধৱ মাধৱ নাম
যিটো মহাজনে উচ্চাৰয়।
তাৰ অমঙ্গল ৰূপ গুচয় সংসাৰ ভয়
মাধৱৰ নিকট পাৱয়।। ১০৭
দু:স্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট গ্ৰহ ভয় বিমোচন।
পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম
সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন।। ১০৮
মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু
মাধৱেসে দেৱতা পৰম।
পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা
মনুষ্যৰ ইসে নিজ ধৰ্ম্ম।। ১০৯
পৰম চতুৰ সি সি বুদ্ধিত কুশল আতি
যিটো মাধৱৰ গুণ গাৱে।
মিছা কলেৱৰ গোটে মাধৱক ভজি নিতে
ভৱ তৰি মাধৱক পাৱে।। ১১০
যিজনে একান্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই।
দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিৱাক আৰ নাই।। ১১১
ভজা ভাই মাধৱক স্মৰ ভাই মাধৱক
গাৱ ভাই মাধৱৰ গুণ।
নিচিন্তি আপোন মাৰ সুখে আপোনাক তাৰ
হুয়ো ভাই পৰম নিপুণ।। ১১২
।। সাৰ নিৰ্ণয় ।।
ভগৱন্ত ঈশ্বৰৰ গুণ সমূহক যিটোশুনিতে উদ্যম কৰে নৰ।
তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মৎসৰ।। ১১৩
ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজগতি।
হেনয় নিশ্চয় যিটো পৰিলে কলিত আতি
সি সি জন পৰম সুকৃতি।। ১১৪
সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতে চাণ্ডালে লৱয়।
হেনয় পবিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয়।। ১১৫
ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল ৰূপ
যাৰ মুখে প্ৰকাশ কৰয়।
চিৰকালে মহাতীৰ্থ কৰিয়া পৱিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নয়।। ১১৬
জগত আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান
তাক প্ৰতি যেৱে আছে মন।
ভগৱন্ত ঈশ্বৰৰ চৰণ পঙ্কজে সদা
হুয়ো তেৱে একান্ত শৰণ।। ১১৭
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি নাম কীৰ্ত্তনত
সমস্ত প্ৰাণীৰ অধিকাৰ।
এতেকেসে হৰি নাম সমস্ত ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ।। ১১৮
।। বৰ্ণাশ্ৰম ।।
বৰ্ণাশ্ৰম ধৰ্ম্ম যত তাৰ যেন বিধি আছেতাৰেসে কেৱল অধিকাৰ।
হৰি নাম কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাজে সাৰ।। ১১৯
।। হৰবাৰ ।।
অধমে কেৱল দোষ লৱয় মধ্যমে গুণদোষ লৱে কৰিয়া বিচাৰ।
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ।। ১২০
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ।
মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন।। ১২১
অবিদ্যা জনিত সুখ সত্যলোক আদি কৰি
আত নিৰপেক্ষ নিৰন্তৰ।
কেৱল চিদাঙ্গ শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষুজনৰ।। ১২২
বিদ্যা অবিদ্যা জন্য সুখে নিৰপেক্ষ হুয়া
কৰিল আপুন মন স্থিৰ।
সকল জগত ইটো বাসুদেৱময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ।। ১২৩
সমস্ত সুখকে তেজি পুৰুষোত্তমৰ প্ৰেম
ভকতিক কৰিল আশ্ৰয়।
ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয়।। ১২৪
মুমুক্ষুজনৰ যেৱে অবিদ্যা জনিত সুখে
বিৰকতি ভৈল আতিশয়।
কেৱলে আত্মাত মাত্ৰ সদায়ে ৰমণ কৰে
তেৱে বিধি কিঙ্কৰ গুচয়।। ১২৫
জ্ঞান নিষ্ঠ জনে বিদ্যা অবিদ্যা জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে।
বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেৱে।। ১২৬
পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন।
শৰণ কালৰে পৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা শ্ৰৱণ কীৰ্ত্তন।। ১২৭
ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা
ৰাম নাম মহাৰত্ন সাৰ।
হেনয় বাণিজ্য পাই যিটো জীৱে নকৰয়
তাত পৰ দুখী নাহি আৰ।। ১২৮
।। প্ৰাৰ্থনা ।।
তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণতুমি নাথ মঞি নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত।। ১২৯
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লও যিমতে সেৱাত ৰও
দিয়া মোক সেহি উপদেশ।। ১৩০
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱাৰস সাৰ।। ১৩১
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোক
তযু নামে সদা ৰতি হোক।। ১৩২
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোৱিন্দ তযু পদ অৰবিন্দ
কৰো মঞি লক্ষ নমস্কাৰ।। ১৩৩
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম মালাধাৰী।
নমো পদ্ম সম নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়হাৰী।। ১৩৪
বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস চাণূৰাদি বিমৰ্দ্দন।
দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন।। ১৩৫
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি।।১৩৬
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মঞি মহামূঢ় জন।
আমি প্ৰভু তযু দাস আক মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন।। ১৩৭
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয়।
হৃদিস্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেনয়।। ১৩৮
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিৱে উচিত।। ১৩৯
তযু পাৱে কৰোহো বন্দন।। ১৩৫
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি।।১৩৬
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মঞি মহামূঢ় জন।
আমি প্ৰভু তযু দাস আক মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন।। ১৩৭
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয়।
হৃদিস্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেনয়।। ১৩৮
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিৱে উচিত।। ১৩৯
।। নামৰ অন্বয় ।।
কৃষ্ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলণ আনন্দত প্ৰৱৰ্ত্তয়।
দুইৰো এক পদ ভৈল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়।। ১৪০
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ।
এহি হেতুতেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অন্বয় মনোহৰ।। ১৪১
নিৰন্তৰে নিজানন্দ সুখ পৰিপূৰ্ণ ৰূপ
অখণ্ড আনন্দ নুগুচয়।
এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ঈশ্বৰকে বুলিয় নিশ্চয়।। ১৪২
ক ঈশ পদ ভৈল বিষ্ণু মহেশ্বৰ হৰি
প্ৰতি প্ৰতি তিনিৰো অন্বয়।
ৱ পদে নাৰায়ণে তিনিকো আছয় চান্দি
এহি হেতু কেশৱ বোলয়।। ১৪৩
ঈশ্বৰ কৃষ্ণৰ পদে সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভুত।
এহি হেতুতেসে জানা যতেক মহন্তসৱে
ঈশ্বৰক বোলয় অচ্যুত।। ১৪৪
ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসৱো
আতিশয় হোৱয় উত্তম।
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ঈশ্বৰৰ নাম নৰোত্তম।। ১৪৫
ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰি
সিংহ যেন ভ্ৰমন্ত নিৰ্ভৰ।
এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল
মহাজন সকলে কহয়।। ১৪৬
ঈশ্বৰৰ পাদ পদ্ম ভজি শুদ্ধচিত্ত হুয়া
অধমো তেজয় বামানয়।
এহি হেতুতুসে থাকি নিৰন্তৰে মহাজনে
ঈশ্বৰক বামন বোলয়।। ১৪৭
মোক্ষ আদি কৰি সুখ ঈশ্বৰ সেৱাৰ জানা
অণু একো নুহি সমসৰ।
এহি হেতু মহাজনে জানিয়া পৰমানন্দ
নাম ধৰি আছন্ত ঈশ্বৰ।। ১৪৮
যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱৰাশি
নিৰন্তৰে আনন্দ লভয়।
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয়।। ১৪৯
কি কাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চবৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত।
এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত।। ১৫০
ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয় জন্য
সুখ জীৱে অধ:কৃত কৰে।
এই কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে।। ১৫১
চৈতন্যত কৰি পৰ মায়াত উপজি জড়
আছে তাক ৰমাৱন্ত হৰি।
এহিসে কাৰণে জানা পৰম ঈশ্বৰে প্ৰভু
পৰ্শুৰাম নাম আছা ধৰি।। ১৫২
চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে।। ১৫৩
অনন্ত চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময়।
এহি হেতু ৰাম পদে পৰমব্ৰহ্ম স্বৰূপক
কহে ৰাম নামৰ অন্বয়।। ১৫৪
------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.