দুলড়ি ছন্দ কাক বোলে?
চাৰিটা চৰণ বা শাৰী লগ হৈ একো একোটা দুলড়ি ছন্দ গঠন হয়। অৰ্থাৎ সহজ ভাষাত ক'বলৈ হ'লে দুলড়ি ছন্দত চাৰিটা শাৰী থাকে। সাধাৰণতে, দুলড়ি ছন্দত প্ৰথম আৰু তৃতীয় শাৰী বা চৰণত বাৰটাকৈ আখৰ থাকে। ঠিক তেনেদৰে, দ্বিতীয় আৰু চতুৰ্থ শাৰীত আঠোটাকৈ অক্ষৰ বা আখৰ থাকে। দ্বিতীয় শাৰীৰ শেষত এডাল দণ্ড আৰু চতুৰ্থ শাৰীৰ শেষত দুডাল দণ্ড থাকে। দ্বিতীয় শাৰীৰ শেষৰ আখৰ আৰু চতুৰ্থ শাৰীৰ শেষৰ বৰ্ণ বা আখৰৰ মিল থাকে। ইয়াৰ উপৰিও, দুলড়ি ছন্দত প্ৰথম আৰু তৃতীয় শাৰী বা চৰণত দুটাকৈ ভাগ থাকে আৰু প্ৰতিটো ভাগতে ছয়টাকৈ আখৰ বা বৰ্ণ থাকে। দুলড়ি ছন্দৰ গঠন প্ৰণালী সংখ্যাৰে এনেদৰে বৰ্ণনা কৰিব পাৰি-
৬ ৬
৮।
৬ ৬
৮।।
উদাহৰণ স্বৰূপে মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ এটি দুলড়ি ছন্দ তলত উল্লেখ কৰা হ'ল-
স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত।।
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত।।
ইয়াত লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ প্ৰথম আৰু তৃতীয় শাৰীত ছয় + ছয় মুঠ বাৰটাকৈ আখৰ আছে, ঠিক তেনেদৰে, দ্বিতীয় আৰু চতুৰ্থ শাৰীত আঠটাকৈ আখৰ আছে। দ্বিতীয় শাৰীৰ শেষত এডাল দণ্ড আৰু চতুৰ্থ শাৰীৰ শেষৰ দুডাল দুডাল দণ্ড থকাৰ উপৰিও চৰণৰ শেষৰ হৰন্ত আৰু মহন্ত শব্দৰ ত বৰ্ণটোৰ মিল আছে।
এনেদৰে, লক্ষ্য কৰিলে দেখা যায় যে দুলড়ি ছন্দ উপৰোক্ত বৈশিষ্ট্যসমূহৰে গঠিত হয়।
শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম ঘোষা
।। দুলড়ি ।।
স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত।। ১৫৫
আত্মাৰূপে জানা ইটো জগতত
আছন্ত হুয়া প্ৰৱেশ।
এহি হেতুতেসে ঈশ্বৰক বিষ্ণু
বুলিয়া নাম বিশেষ।। ১৫৬
ইন্দ্ৰিয় বৰ্গত যিহেতু ঈশ্বৰ
আছন্ত হুয়া প্ৰৱেশ।
এতেকে মহন্ত সকলে বোলয়
ঈশ্বৰক হৃষীকেশ।। ১৫৭
অন্তৰ্য্যামী ৰূপে যিহেতু জীৱক
সুখ দুখ ভুঞ্জাৱন্ত।
এতেকেসে পৰ মাত্মা নাম ধৰি
আছা প্ৰভু ভগৱন্ত।। ১৫৮
পৰম ঈশ্বৰ স্বৰূপে জীৱৰ
আছন্ত হুয়া আশ্ৰয়।
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিবা অন্বয়।।১৫৯
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নপাৰে ছন্ন।
এহিসে কাৰণে মহন্ত সকলে
বোলে তাঙ্ক নিৰঞ্জন।। ১৬০
সত্ত্ব ৰজ তম বেদ গুণ বৃত্তি
লুপ্ত তাঙ্ক নকৰয়।
সেহিসে কাৰণে বেদ শাস্ত্ৰগণে
বোলে তাঙ্ক নিৰাময়।। ১৬১
যতেক প্ৰাকৃত আকাৰ বৰ্জ্জিত
ভৈলন্ত যিহেতু হৰি।
সেহি হেতুতেসে নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি।। ১৬২
মা পদে লক্ষ্মী দেৱীক বোলয়
তাহান স্বামী ঈশ্বৰ।
এতেকেসে তাঙ্ক বোলয় মাধৱ
মহাজন নিৰন্তৰ।। ১৬৩
জনা পদে মায়া দেৱীক বুলিয়া
ভক্তৰ মায়া মৰ্দ্দন্ত।
এহি হেতুতেসে জনাৰ্দ্দন নাম
ধৰি আছা ভগৱন্ত।। ১৬৪
মধুমতী মায়া উন্মত্ত কৰায়া
আছা যত জীৱগণ।
ভক্তৰ মায়াক পীড়ন্ত নিমিত্তে
বোলয় মধুসূদন।। ১৬৫
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত।। ১৫৫
আত্মাৰূপে জানা ইটো জগতত
আছন্ত হুয়া প্ৰৱেশ।
এহি হেতুতেসে ঈশ্বৰক বিষ্ণু
বুলিয়া নাম বিশেষ।। ১৫৬
ইন্দ্ৰিয় বৰ্গত যিহেতু ঈশ্বৰ
আছন্ত হুয়া প্ৰৱেশ।
এতেকে মহন্ত সকলে বোলয়
ঈশ্বৰক হৃষীকেশ।। ১৫৭
অন্তৰ্য্যামী ৰূপে যিহেতু জীৱক
সুখ দুখ ভুঞ্জাৱন্ত।
এতেকেসে পৰ মাত্মা নাম ধৰি
আছা প্ৰভু ভগৱন্ত।। ১৫৮
পৰম ঈশ্বৰ স্বৰূপে জীৱৰ
আছন্ত হুয়া আশ্ৰয়।
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিবা অন্বয়।।১৫৯
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নপাৰে ছন্ন।
এহিসে কাৰণে মহন্ত সকলে
বোলে তাঙ্ক নিৰঞ্জন।। ১৬০
সত্ত্ব ৰজ তম বেদ গুণ বৃত্তি
লুপ্ত তাঙ্ক নকৰয়।
সেহিসে কাৰণে বেদ শাস্ত্ৰগণে
বোলে তাঙ্ক নিৰাময়।। ১৬১
যতেক প্ৰাকৃত আকাৰ বৰ্জ্জিত
ভৈলন্ত যিহেতু হৰি।
সেহি হেতুতেসে নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি।। ১৬২
মা পদে লক্ষ্মী দেৱীক বোলয়
তাহান স্বামী ঈশ্বৰ।
এতেকেসে তাঙ্ক বোলয় মাধৱ
মহাজন নিৰন্তৰ।। ১৬৩
জনা পদে মায়া দেৱীক বুলিয়া
ভক্তৰ মায়া মৰ্দ্দন্ত।
এহি হেতুতেসে জনাৰ্দ্দন নাম
ধৰি আছা ভগৱন্ত।। ১৬৪
মধুমতী মায়া উন্মত্ত কৰায়া
আছা যত জীৱগণ।
ভক্তৰ মায়াক পীড়ন্ত নিমিত্তে
বোলয় মধুসূদন।। ১৬৫
গো পদে বেদ ইন্দ্ৰিয়ক বুলি
কৰন্ত তাক পালন।
এতেকেসে তাঙ্ক বোলয় গোপাল
জানিবাহা মহাজন।। ১৬৬
ইন্দ্ৰ আদি দেৱে গোৰ ইন্দ্ৰ পাতি
কৰিলন্ত অভিষেক।
পৰম প্ৰসিদ্ধ গোৱিন্দ নামক
ধৰিলা হৰি প্ৰত্যেক।। ১৬৭
দেশে কালে তাঙ্ক একোৱে প্ৰকাৰে
কৰিতে নপাৰে অন্ত।
এহি হেতুতেসে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল অনন্ত।। ১৬৮
যত বেদবাদী বেদক বিচাৰি
কৰিতে নপাৰে অন্ত।
এতেকেসে তান পৰম প্ৰখ্যাত
হুইয়াছে নাম অনাদি।। ১৬৯
অধম পুৰুষো হোৱয় উত্তম
ভজিয়া যাৰ চৰণে।
পুৰুষোত্তম নামক ধৰিয়া
আছন্ত এহি কাৰণে।। ১৭০
ক্ষৰ পদে ইটো দেহক বুলিয়
অক্ষৰ শৱদে ব্ৰহ্ম।
দুইটো কৰি ইটো উত্তম নিমিত্তে
প্ৰখ্যাত পুৰুষোত্তম।। ১৭১
প্ৰকৃতি পুৰুষ দুইতো কৰি পৰ
দুইহানো নিজ কাৰণ।
পৰম ঈশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ।। ১৭২
কৰ্ম্ম অনুসাৰে ইটো জগতক
পালন্ত হৰি সাক্ষাত।
এহি হেতুতেসে জগন্নাথ নাম
আছন্ত হুয়া প্ৰখ্যাত।। ১৭৩
ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ
গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়
ঈশ্বৰ পৰমব্ৰহ্ম।। ১৭৪
অন্তৰ্য্যামী ৰূপে জীৱ আদি কৰি
নিয়মন্ত সমস্তক।
এহি হেতুতেসে পৰমাত্মা পদে
বুলি জানা ঈশ্বৰক।। ১৭৫
ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু
ঐশ্বৰ্য্যৰ নাহি অন্ত।
এহি হেতু মহা মহন্ত সকলে
বোলে তাঙ্ক ভগৱন্ত।। ১৭৬
নিজ ভক্ত পদে গৰুড়ক ধ্বজ
কৰিলা হৰি যিহেতু।
সেহিসে কাৰণে মহন্ত সকলে
বোলয় গৰুড়কেতু।। ১৭৭
কাল মায়া আদি যাহাৰ মনক
কৰিতে নপাৰে কুন্ঠ।
এহিসে কাৰণে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ।। ১৭৮
সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময়।
এতেকেসে ৰাম পদে পৰমব্ৰহ্ম
ৰূপক বুলি নিশ্চয়।। ১৭৯
চৈতন্য স্বৰূপে যিহেতু সদায়ে
ৰমাৱন্ত জগতক।
এতেকেসে ৰাম সুমধুৰ পদে
বুলি জনা ঈশ্বৰক।। ১৮০
জগততে কৰি আছন্তে নিৱাস
জগত তান্তে বসয়।
এতেকেসে তাঙ্ক বুলি বাসুদেৱ
নামৰ দিব্য অন্বয়।। ১৮১
হৰি পদ সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে।
তাৱত মায়াক নকৰে ৰহিত
শৰণ নলৱে যাৱে।। ১৮২
কৰন্ত তাক পালন।
এতেকেসে তাঙ্ক বোলয় গোপাল
জানিবাহা মহাজন।। ১৬৬
ইন্দ্ৰ আদি দেৱে গোৰ ইন্দ্ৰ পাতি
কৰিলন্ত অভিষেক।
পৰম প্ৰসিদ্ধ গোৱিন্দ নামক
ধৰিলা হৰি প্ৰত্যেক।। ১৬৭
দেশে কালে তাঙ্ক একোৱে প্ৰকাৰে
কৰিতে নপাৰে অন্ত।
এহি হেতুতেসে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল অনন্ত।। ১৬৮
যত বেদবাদী বেদক বিচাৰি
কৰিতে নপাৰে অন্ত।
এতেকেসে তান পৰম প্ৰখ্যাত
হুইয়াছে নাম অনাদি।। ১৬৯
অধম পুৰুষো হোৱয় উত্তম
ভজিয়া যাৰ চৰণে।
পুৰুষোত্তম নামক ধৰিয়া
আছন্ত এহি কাৰণে।। ১৭০
ক্ষৰ পদে ইটো দেহক বুলিয়
অক্ষৰ শৱদে ব্ৰহ্ম।
দুইটো কৰি ইটো উত্তম নিমিত্তে
প্ৰখ্যাত পুৰুষোত্তম।। ১৭১
প্ৰকৃতি পুৰুষ দুইতো কৰি পৰ
দুইহানো নিজ কাৰণ।
পৰম ঈশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ।। ১৭২
কৰ্ম্ম অনুসাৰে ইটো জগতক
পালন্ত হৰি সাক্ষাত।
এহি হেতুতেসে জগন্নাথ নাম
আছন্ত হুয়া প্ৰখ্যাত।। ১৭৩
ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ
গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়
ঈশ্বৰ পৰমব্ৰহ্ম।। ১৭৪
অন্তৰ্য্যামী ৰূপে জীৱ আদি কৰি
নিয়মন্ত সমস্তক।
এহি হেতুতেসে পৰমাত্মা পদে
বুলি জানা ঈশ্বৰক।। ১৭৫
ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু
ঐশ্বৰ্য্যৰ নাহি অন্ত।
এহি হেতু মহা মহন্ত সকলে
বোলে তাঙ্ক ভগৱন্ত।। ১৭৬
নিজ ভক্ত পদে গৰুড়ক ধ্বজ
কৰিলা হৰি যিহেতু।
সেহিসে কাৰণে মহন্ত সকলে
বোলয় গৰুড়কেতু।। ১৭৭
কাল মায়া আদি যাহাৰ মনক
কৰিতে নপাৰে কুন্ঠ।
এহিসে কাৰণে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ।। ১৭৮
সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময়।
এতেকেসে ৰাম পদে পৰমব্ৰহ্ম
ৰূপক বুলি নিশ্চয়।। ১৭৯
চৈতন্য স্বৰূপে যিহেতু সদায়ে
ৰমাৱন্ত জগতক।
এতেকেসে ৰাম সুমধুৰ পদে
বুলি জনা ঈশ্বৰক।। ১৮০
জগততে কৰি আছন্তে নিৱাস
জগত তান্তে বসয়।
এতেকেসে তাঙ্ক বুলি বাসুদেৱ
নামৰ দিব্য অন্বয়।। ১৮১
হৰি পদ সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে।
তাৱত মায়াক নকৰে ৰহিত
শৰণ নলৱে যাৱে।। ১৮২
।। শৰণ ।।
মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ।। ১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এড়াঞো।। ১৮৪
হে যদুপতি মঞি মূঢ়মতি
নাজানো সেৱা তোমাৰ।
কেৱল তোহ্মাৰ চৰণ পঙ্কজে
শৰণ কৰিলো সাৰ।। ১৮৫
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি।। ১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ।। ১৮৭
ভজিলো তোমাৰ পাৱে।
তোহ্মাৰ চৰণ পঙ্কজত মন
মজোক মোৰ স্বভাৱে।। ১৮৮
জয় জয় ৰাম জগত কাৰণ
জগত জীৱন স্বামী।
পৰম দেৱতা জানিয়া তোমাৰ
চৰণে ভজিলো আমি।। ১৮৯
অনাদি অনন্ত প্ৰভু ভগৱন্ত
ভজো কৰি প্ৰণিপাত।
মুকুতি ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত।। ১৯০
মোক মোৰ নোবোলয়।
পতিত পাৱন জানিয়া তোমাত
আপুনি গৈলো বিক্ৰয়।। ১৯১
নমো হৰি পদ পঙ্কজ যুগল
বিমল সুখ সাগৰ।
অনাদি অনন্ত সন্ত সদাশিৱ
ভাগৱত ভয় হৰ।। ১৯২
মোহ মায়া ৰাগ মদ মল কাম
দম্ভ দ্বেষ-আদি ভাৱ।
যি গুৰুজনাত ইসৱ নাথাকে
প্ৰণামো তাহান পাৱ।। ১৯৩
জয় যদুপতি গোপাল গোবিন্দ
যাদৱ মাধৱ ৰাম।
ভকতৰ ধন জীৱৰ জীৱন
কৰোহো পাৱে প্ৰণাম।। ১৯৪
নমো নিত্যানন্দ জগত কাৰণ
বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
পুৰুষ প্ৰভু অনন্ত।। ১৯৫
ৰাম নিৰঞ্জন দানৱ গঞ্জন
ভকত ৰঞ্জন দেৱ।
তুমিসে পৰম গুৰু নাৰায়ণ
তুৱা পাৱে কৰো সেৱ।। ১৯৬
অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ।। ১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এড়াঞো।। ১৮৪
হে যদুপতি মঞি মূঢ়মতি
নাজানো সেৱা তোমাৰ।
কেৱল তোহ্মাৰ চৰণ পঙ্কজে
শৰণ কৰিলো সাৰ।। ১৮৫
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি।। ১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ।। ১৮৭
।। ভজন ।।
জয় জয় জয় কৃষ্ণ কৃপাময়ভজিলো তোমাৰ পাৱে।
তোহ্মাৰ চৰণ পঙ্কজত মন
মজোক মোৰ স্বভাৱে।। ১৮৮
জয় জয় ৰাম জগত কাৰণ
জগত জীৱন স্বামী।
পৰম দেৱতা জানিয়া তোমাৰ
চৰণে ভজিলো আমি।। ১৮৯
অনাদি অনন্ত প্ৰভু ভগৱন্ত
ভজো কৰি প্ৰণিপাত।
মুকুতি ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত।। ১৯০
।। নমস্কাৰ ।।
নমো কৃষ্ণদেৱ পাপী বুলি কেৱমোক মোৰ নোবোলয়।
পতিত পাৱন জানিয়া তোমাত
আপুনি গৈলো বিক্ৰয়।। ১৯১
নমো হৰি পদ পঙ্কজ যুগল
বিমল সুখ সাগৰ।
অনাদি অনন্ত সন্ত সদাশিৱ
ভাগৱত ভয় হৰ।। ১৯২
মোহ মায়া ৰাগ মদ মল কাম
দম্ভ দ্বেষ-আদি ভাৱ।
যি গুৰুজনাত ইসৱ নাথাকে
প্ৰণামো তাহান পাৱ।। ১৯৩
জয় যদুপতি গোপাল গোবিন্দ
যাদৱ মাধৱ ৰাম।
ভকতৰ ধন জীৱৰ জীৱন
কৰোহো পাৱে প্ৰণাম।। ১৯৪
নমো নিত্যানন্দ জগত কাৰণ
বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
পুৰুষ প্ৰভু অনন্ত।। ১৯৫
ৰাম নিৰঞ্জন দানৱ গঞ্জন
ভকত ৰঞ্জন দেৱ।
তুমিসে পৰম গুৰু নাৰায়ণ
তুৱা পাৱে কৰো সেৱ।। ১৯৬
।। উপদেশ ।।
ৰাম কৃষ্ণ নাম ধৰ্ম্ম আনুপামসদায় যিটো সুমৰে।
যত মহাপাপ নাম অপৰাধ
সৱে মষিমূৰ কৰে।। ১৯৭
ঘোৰ সংসাৰৰ ঔষধ হৰিৰ
তেজিয়া নাম সম্প্ৰতি।
আৱৰ কমন উপায়ে পণ্ডিতে
লভিবে আপোন গতি।। ১৯৮
মোৰ ভক্তি যুক্ত যোগীৰো জানিবা
মোতেসে চিত্ত যাহাৰ।
জ্ঞান কৰ্ম্ম বিনে কেৱল ভক্তিত
পাৱয় সংসাৰ পাৰ।। ১৯৯
কেৱল ভকতি পুৰুষক তাৰে
সহায় কাকো নচাৱে।
জ্ঞান কৰ্ম্মে তাৱে তাৰিতে নপাৰে
ভকতি নপাৱে যাৱে।। ২০০
দুষ্ট কলি সৰ্পে সৱাকো দংশিলে
হৰাইল চেতন জ্ঞান।
ইহাৰ ঔষধ সুধা ৰাম নাম
বিনে নাহি নাহি আন।। ২০১
সকল পূণ্যৰ অবিনাশী ফল
হৰি গুণ নাম সাৰ।
হৰিক সন্তোষ কৰাইবাৰ হেতু
নাম বিনে নাহি আৰ।। ২০২
বেদে নাৰায়ণে পুৰাণে ভাৰতে
আদি মধ্য অৱসানে।
হৰিকেসে মাত্ৰ কহয় নিশ্চয়
জানা তত্ত্ব এহিমানে।। ২০৩
সত্য অসত্যৰ জড় চৈতন্যৰ
মাজত যিটো প্ৰকাশে।
তাকে বুলি মন সেহি সিটো পাৱে
যিজনে তাক উপাসে।। ২০৪
মায়া আদি কৰি সমস্তে অসন্ত
জানিবা জড় নিশ্চয়।
হৰি মাত্ৰ সন্ত চৈতন্য ঈশ্বৰ
পৰম তত্ত্ব নিৰ্ণয়।। ২০৫
বাসুদেৱ বাসু দেৱ বাসুদেৱ
বুলিয়া যিটো সুমৰে।
সিটো পুৰুষৰ জানা যম ৰাজা
লিখন মাৰ্জন কৰে।। ২০৬
দিব্য সহস্ৰেক নাম তিনিবাৰ
পঢ়ি পাৱে যত ফল।
একবাৰ কৃষ্ণ নাম উচ্চাৰিলে
পাৱয় তাক সকল।। ২০৭
যতেক অনৰ্থ আছে সংসাৰত
তাতে তিনিবিধ সাৰ।
কাম ক্ৰোধ লোভ আপোন নাশন
জানি কৰা পৰিহাৰ।। ২০৮
আত্ম নাশ হেতু কাম ক্ৰোধ লোভ
নৰকৰ তিনি দ্বাৰ।
জানি তাক তেজি কেৱল কৃষ্ণৰ
ভকতিক কৰা সাৰ।। ২০৯
কাম ক্ৰোধ লোভ তেজি যিটো জনে
ভজয় কৃষ্ণৰ পাৱে।
কৃষ্ণৰ কৃপাত হোৱায় কৃতাৰ্থ
সুখে মুকুতিক পাৱে।। ২১০
কৃষ্ণকেসে মাত্ৰ ভজে যিটোজনে
অব্যভিচাৰী ভকতি।
তিনি গুণ অতি ক্ৰমি ব্ৰহ্মৰূপ
পাৱে সিটো মহামতি।। ২১১
তিনি গুণময় যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ কাৰণ।
জানি তাক তেজি একান্ত ভকতি
ভজিয়ো কৃষ্ণ চৰণ।। ২১২
ৰজোগুণ তম গুণ যত বৃত্তি
কেৱল আসুৰী ভাৱ।
শুদ্ধ সত্ত বৃত্তি দেৱৰ সম্পত্তি
লৈয়া ভজা কৃষ্ণ পাৱ।। ২১৩
মহন্তৰ সঙ্গে হৰি কথা ৰসে
মনক জিনিয়ো ভাই।
মায়াক তৰিয়া হৰিক পাইবাৰ
উপায় আৱৰ নাই।। ২১৪
হৰি গুণ গান শ্ৰৱণ কীৰ্ত্তনে
ভজিয়ো হৰি চৰণ।
মনুষ্য হুইবাৰ মাত্ৰ এহিমানে
জানা নিজ প্ৰয়োজন।। ২১৫
যাহাৰ জিহ্বাত থাকয় সততে
হৰিৰ নাম মঙ্গল।
সেহিসে মহন্ত তাহাৰসে মাত্ৰ
সিজয় ধৰ্ম্ম সকল।। ২১৬
সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিয়া
নেৰয় নাম মুখত।
সিটো মহাজনে অপ্ৰয়াসে তৰে
সংসাৰ ঘোৰ দুখত।। ২১৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই
তেজিয়া লাজ আলাস।
শাস্ত্ৰ আচাৰ্যক উপাসা কৰিয়া
বাসনা কৰা বিনাশ।। ২১৮
হৰিৰ কীৰ্ত্তন যিজনে নকৰে
তাত পৰ নাহি দুখী।
হৰি নাম গুণ সন্তোষ অমৃত
পিয়ে যিটো মহা সুখী।। ২১৯
হৰিসে চৈতন্য আত্মা জ্ঞানময়
আৱৰ সমস্তে জড়।
বেদ বেদান্তৰ সমস্ত শাস্ত্ৰৰ
এহিসে বিচাৰ বৰ।। ২২০
দেৱৰ দুৰ্ল্লভ ঈশ্বৰ কৃষ্ণক
ভকতিসে কৰে বশ্য।
আগম নিগম গীতা ভাগৱত
শাস্ত্ৰৰ এহি ৰহস্য।। ২২১
যম কাল মায়া মৃত্যুৱে বেঢ়িয়া
আছে বাঘজালি কৰি।
হেনয় জীৱক কোনে তাৰিৱেক
বিনে কৃপাময় হৰি।। ২২২
পাপ সাগৰত তল নিয়াইলেক
বলে কৰি দুৰাচাৰ।
ৰাম নাম বিনে পাপ এৰাইবাৰ
উপায় নাহিকে আৰ।। ২২৩
হৰিণ শৰণ লৈয়া যিটোজনে
সদা ৰাম নাম গাৱে।
হোক বা সকাম নিষ্কাম তথাপি
কলিৰ দোষে নপাৱে।। ২২৪
হৰি গুণ নাম আনন্দ সাগৰে
মজায়ো মন নিপুণ।
সুখে সংসাৰৰ পাপ এৰাইবাহা
নাছাৰিবা হৰি গুণ।। ২২৫
সদায়ে ভাবিয়ো ৰাম নাৰায়ণ
আলাস কেনে কৰস।
মুখ মাজে হৰি নামৰ নিৱাস
ভুলিয়া কেনে মৰস।। ২২৬
গোপাল গোপাল গোপাল গোপাল
গোপাল গোৱিন্দ হৰি।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
বুলিয়ো আনন্দ কৰি।। ২২৭
শীঘিৰ কৰিয়া বোলা ৰাম হৰি
বিলম্ব নকৰা ভাই।
কোননো নায়ক যমৰ দায়ক
হৰিক সুহৃদ পাই।। ২২৮
নমো নিৰঞ্জন দানৱ গঞ্জন
ভকত ৰঞ্জন ৰাম।
গোপাল গোৱিন্দ মুকুন্দ মুৰাৰি
বোলা ভাই অবিশ্ৰাম।। ২২৯
হৰি পদে ধৰ অন্যায় নকৰ
দুৰ্জ্জয় মন পামৰ।
সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে
আছে দেৱ দণ্ডধৰ।। ২৩০
সদা ৰাম কৃষ্ণ হৰি বোলা ভাই
তেজিয়া মনে কপট।
হৰিৰ তলপ লৈয়া যমদূতে
চাপিয়া আছে নিকট।। ২৩২
ৰাম কৃষ্ণ ৰাম হৰি বোলা ভাই
নামে নকৰিয়ো হেলা।
হৰিৰ নামৰ মাজত সমস্তে
ভকতি সুখৰ মেলা।। ২৩২
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ভাবিয়ো ভাৱক ভাই।
ৰাম কৃষ্ণ হৰি গোপাল বুলিয়া
বঞ্চিয়ো যমৰ দায়।। ২৩৩
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম।
ৰাম কৃষ্ণ হৰি বুলিয়া তেজিয়ো
ধৰ্ম্ম অৰ্থ মোক্ষ কাম।। ২৩৪
অজ্ঞান আন্ধাৰে পৰিয়া জীৱৰ
জ্ঞান পথ ভৈল নাশ।
নাম অঞ্জনীয়া বিনে আনমতে
নপাৱে হৰিৰ পাশ।। ২৩৫
ৰাম কৃষ্ণ নাম অমৃত সাগৰে
যিটোজনে কৰে কেলি।
তৃণ সম কৰি সিটো মহাজনে
মুকুতিকো থৱে ঠেলি।। ২৩৬
হৰি পদ মহা থালী ৰাম নাম
অমৃতে আছে ভৰিয়া।
কপট ঢাকন ভাঙ্গি আৱে ভাই
সন্তোষ হুয়োক পিয়া।। ২৩৭
মহন্ত সৱৰ সঙ্গে ৰাম নাম
লৈয়ো অঞ্জনীয়া কৰি।
কপট দুৱাৰ চূৰিয়া হৃদয়
ভাণ্ডাৰে দেখিয়ো হৰি।। ২৩৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ ৰাম হৰি।
আলাস তেজিয়া ভজিয়ো হৰিক
জানি এক মন কৰি।। ২৩৯
মহন্তৰ সঙ্গে সদায় মুখত
নছাৰিবা ৰাম বাণী।
তেৱেসে চঞ্চল দুৰাচাৰ মন
হৈবে আসি একজানি।। ২৪০
বোলা ৰাম হৰি গোপাল গোৱিন্দ
মুকুন্দ যদু মুৰাৰি।
নিত্য নিৰঞ্জন যাৰ এক নামে
ভৱ তৰিবাক পাৰি।। ২৪১
ৰাম কৃষ্ণ হৰি বোল শুন ভাই
অন্যায় নকৰ মনে।
চৈধ্য সাক্ষী সমে যমৰ দেৱান
দেখিয়োক সৰ্ব্বক্ষণে।। ২৪২
ভজিয়ো হৰিৰ চৰণ পঙ্কজে
তেজিয়ো অন্যত্ৰ কাম।
সমস্ত ধৰ্ম্মৰ ফল ৰূপ জানি
নেৰিবা হৰিৰ নাম।। ২৪৩
পিয়ু পিয়ু ভাই ভাৱক সকল
হৰি নাম ৰস সাৰ।
যাক পায়া মহা মহন্তে কৰয়
মুকুতিকো পৰিহাৰ।। ২৪৪
শুনিয়ো সজ্জন ভজা নাৰায়ণ
এৰিয়া বিষয় ৰাগ।
হৰি নুসুমৰে আনসে আচৰে
সেহিসে যমৰ ভাগ।। ২৪৫
গোপাল গোবিন্দ মুকুন্দ শ্ৰীৰাম
জয় সনাতন হৰি।
নিগম নিগূঢ় হৰিৰ নামক
লৈয়োকো যতন কৰি।। ২৪৬
কৰ কোন কাম বোলা ৰাম ৰাম
তেজিয়া মুখে আলাস।
ভকতৰ সঙ্গে হৰি গুণ গাই
বৈকুণ্ঠে কৰিয়ো বাস।। ২৪৭
আন যত ধৰ্ম্ম হৰিৰ নামৰ
ৰেণুকো নোহে সমান।
হেন হৰি নাম অমৃত সাগৰে
সন্তোষে কৰিয়ো পান।। ২৪৮
হৰিৰ আশ্ৰয় জানিবা নিশ্চয়
সুখৰ মূল কাৰণ।
হৰিত বিমুখ দুখৰ কাৰণ
জানিবা নিষ্ট বচন।। ২৪৯
বিধিৰ কিঙ্কৰ যতেক সাধন
তাক পাশ কৰি থৈয়ো।
বিধিৰ ঈশ্বৰ হৰি নাম গুণ
তাহাতে শৰণ লৈয়ো।। ২৫০
মুকুত সকলে গাৱে ৰাম নাম
ৰসত অধিক জানি।
মৃত্যুৰ মুখত পৰি ৰাম নাম
নলৈবেক কোনো প্ৰাণী।। ২৫১
ৰাম নাম বিনে মৃত্যু এৰাইবাৰ
আৱৰ উপায় নাই।
মৃত্যু তৰিবাৰ ইচ্ছা আছে যাৰ
ফুৰা ৰাম গুণ গাই।। ২৫২
শাস্ত্ৰ গুৰু উপ দেশে শিষ্যসৱে
ঈশ্বৰক নেদেখয়।
বুদ্ধিক সত্ত্বস্থ কৰিয়া আপোন
আত্মাক দেখে নিশ্চয়।। ২৫৩
শাস্ত্ৰ গুৰু উপ দেশ ক্ৰম ৰাম
ব্যৱস্থা মাত্ৰ পালন।
কেৱল শিষ্যৰ শুদ্ধ বুদ্ধি মাত্ৰ
জ্ঞানৰ হোৱে কাৰণ।। ২৫৪
গুৰু উপদেশ লব্ধ শিষ্যসৱে
উপদেশ সাৰ ধৰা।
যেৱে ঈশ্বৰক পাইবা যত্ন কৰি
বুদ্ধিক সত্ত্বস্থ কৰা।। ২৫৫
শাস্ত্ৰ গুৰু সৱে শিষ্যক কৃপায়ে
শুদ্ধ উপদেশ দিব।
শিষ্যসৱে শুদ্ধ ভাৱেই নাচৰিলে
তাৰাসৱে কি কৰিব।। ২৫৬
যেৱে শিষ্যসৱে মহা শুদ্ধভাৱে
উপদেশ আচৰয়।
শাস্ত্ৰ গুৰু আপোনাকো সিটো শিষ্যে
তিনিকো ৰক্ষা কৰয়।। ২৫৭
হৃদয় স্তম্ভত কৃষ্ণ চৰণক
প্ৰেম জৰী দিয়া ছান্দা।
পৰম সুদৃঢ় ৰাম কৃষ্ণ নাম
কৱচ গলত বান্ধা।।২৫৮
ৰাম কৃষ্ণ নাম অভেদ্য কৱচ
সদায়ে যিটো পিন্ধয়।
তিনি গুণ বৃত্তি অস্ত্ৰৰ প্ৰহাৰে
তাক আৰ নিবিন্ধয়।। ২৫৯
হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক
নানান দুৰ্গতি দিল।
হৰি নাম মহা কৱচ প্ৰভাৱে
তান লোম নলৰিল।। ২৬০
একান্ত শৰণে যিটো নাম লৱে
ফুৰে হৰি তাঙ্ক ৰাখি।
ইহাত যদ্যপি সঞ্জাত নযাবা
লৈয়ো প্ৰহ্লাদত সাক্ষী।। ২৬১
জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম
যিজনে ফুৰে সুমৰি।
তাক মোৰ বুলি হাতে অস্ত্ৰ তুলি
ৰাখিয়া ফুৰন্ত হৰি।। ২৬২
গ্ৰাহগ্ৰস্ত হুয়া গজেন্দ্ৰ শৰণ
লৈলা ত্ৰাহি হৰি বুলি।
তাহাঙ্ক তেখনে ৰাখিলন্ত আসি
হাতে ধৰি চক্ৰ তুলি।। ২৬৩
কাল গ্ৰাহে ধৰি সৱাকে গিলয়
চেতন নাহিকে মনে।
ত্ৰাহি হৰি বুলি পশিয়ো শৰণে
অভয় হৰি চৰণে।। ২৬৪
ভৃত্য ভয়হাৰী অপৰ দেৱতা
নাহি হৰি সমসৰ
প্ৰপন্ন জনৰ জানিবাহা হৰি
বজ্ৰৰ যেন পঞ্জৰ।। ২৬৫
হৰিৰ সেৱাত প্ৰয়াস নাহিকে
জানিবা নিশ্চয় কৰি।
নাম মাত্ৰ লৈলে হৈৱন্ত প্ৰসন্ন
কিনো কৃপাময় হৰি।। ২৬৬
শুনিও চতুৰ মহন্ত সকল
ফুৰা হৰি গুণ গাই।
দুৰ্ঘোৰ কলিত হৰি নাম বিনে
গতি আনমতে নাই।। ২৬৭
ঘোৰ কলি যুগে যত ধৰ্ম্ম কৰ্ম্ম
সৱে কৰিলেক দূৰ।
যিজনে কেৱলে হৰি নাম লৱে
পুৰুষ সিটো চতুৰ।। ২৬৮
বিষয় সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ
সমস্ত যোনিতে পাই।
পৰম দুৰ্ল্লভ হৰিৰ ভকতি
মনুষ্যতে পৰে নাই।। ২৬৯
মনুষ্য জনম লভিবাৰ ফল
হৰিৰ কীৰ্ত্তন মাত্ৰ।
হৰিৰ কীৰ্ত্তন কৰি মহাসুখে
হোৱে ভকতিৰ পাত্ৰ।। ২৭০
হৰি গুণ নাম শ্ৰৱণ কীৰ্ত্তনে
কৰয় চিত্ত নিৰ্ম্মল।
হৰিৰ চৰণে কেৱল ভকতি
লভিবাহা সুমঙ্গল।। ২৭১
।। খেদ ।।
কালগ্ৰস্ত হুয়া ভৈলো অচেতনবয়স গোৱাইলো হেলে।
বান্ধৱ কৃষ্ণৰ নামক নলৈলো
হৰি ভকতৰ মেলে।। ২৭২
তুমি নিত্য নিৰ- ঞ্জন নাৰায়ণ
আমিও অংশ তোমাৰ।
তযু সেৱা চোৰ পায়া মহামায়া
মুহিলে মন আমাৰ।। ২৭৩
কিনো অপৰাধ কৰি আছো আমি
মাধৱ বান্ধৱ প্ৰাণ।
নাম ধৰি ডাকো হিয়াত থাকিয়া
কেনে নেদা সমিধান।। ২৭৪
।। নিন্দা ।।
মহন্ত সৱৰ কেৱলে জীৱনহৰিৰ নাম মঙ্গল।
হেন হৰি নাম নলৈয়া কলিত
কৰিল জন্ম বিফল।। ২৭৫
হৰিৰ পৰম প্ৰিয়তম নাই
নিজ ভকতত পৰে।
হেন ভকতক যিজনে নিন্দয়
হৰিকেসে নিন্দা কৰে।। ২৭৬
হৰি ভকতৰ দোষ নধৰয়
যম কাল আৰু কলি।
ইসৱ কথাক যিটো নমানয়
তিনিকো কৰিয়া বলী।। ২৭৭
হৰি ভকতৰ ছিদ্ৰ নধৰয়
দুষ্ট শিৰোমণি কলি।
হেন ভকতৰ কিঞ্চিতো ছিদ্ৰক
সজ্জনে থাকে আকুলি।। ২৭৮
হৰিৰ চৰণ সদা আৰাধন্ত
ব্ৰহ্মা হৰ পুৰন্দৰ।
হেন হৰি পদে শৰণ নলৱে
কোন বুদ্ধিহীন নৰ।। ২৭৯
মৃত্যুৰ মুখত সদায়ে পৰিয়া
আছয় যিসৱ নৰে।
সিটো নিদাৰুণে হৰি গুণ নাম
কীৰ্ত্তন কেনে নকৰে।। ২৮০
ভাৰত ভূমিত জনম লভিয়া
নভজে হৰি চৰণে।
সিটো জ্ঞান শূন্য পশুতো অধম
জনম লভিল কেনে।। ২৮১
মুকুতি সুখকো তেজি মহাজনে
সদা ৰাম নাম ধৰে।
হেন হৰি নাম সুখক তেজিয়া
কুমতি মনুষ্য মৰে।। ২৮২
মুকুতি সুখকো তেজি মহাজনে
ৰাম নামে কৰে আশা।
হেন হৰি নাম নলৈয়া কেমনে
মৰে মলমতি নাশা।। ২৮৩
মুখ ভৰি ভৰি বোলা ৰাম হৰি
অক্ষয় পুণ্যক সাঞ্চা।
ৰাম নাভাবিয়া আন আচৰিয়া
কেনে আপোনাক বঞ্চা।। ২৮৪
হৰি কীৰ্ত্তনৰ সময়ে যিজনে
থাকে আন কথা পাতি।
অন্তকালে নিয়া যমদূতে ধৰি
কৰে তাক উগ্ৰ শাস্তি।। ২৮৫
বেদৰ ৰহস্য হৰিৰ কীৰ্ত্তন
নুশুনিলে সাৱধানে।
যমৰ কিঙ্কৰে তপত শলাক
বাহাৱে তাহাৰ কাণে।। ২৮৬
আনন্দ সমুদ্ৰ হৰিৰ কীৰ্ত্তনে
যিটোজনে নেদে চিত্ত।
সিটো মূঢ়মতি হৰিৰ দুৰ্ল্লভ
প্ৰসাদে ভৈল বঞ্চিত।। ২৮৭
মুকুত সকলো হৰিৰ কীৰ্ত্তনে
কৰন্ত সদায়ে ৰতি।
হেন কীৰ্ত্তনত যিটো চিত্ত নেদে
যাৱে সিটো অধোগতি।। ২৮৮
কলিত জনম লভিয়া হৰিৰ
নামত নকৰে ৰাতি।
সিটো মূঢ়মতি আন কেনমতে
সাধিবে আপোন গতি।। ২৮৯
শৱদ ব্ৰহ্মৰ পাৰ ভৈল যিটো
কৃষ্ণত ভকতি নাই।
তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল
যেন ৰাখে বাজী গাই।। ২৯০
ৰাজা প্ৰজা জানি লেক ভক্তি পন্থ
শঙ্কৰৰ মত শুদ্ধ।
সিটো মত এৰি আন আচৰয়
পৰম সিটো মুগুধ।। ২৯১
আপুনি পণ্ডিত নুহি মহন্তক
নুপাসিলে কদাচিত।
তথাপিতো গুৰু বোলাৱে কৃষ্ণৰ
মায়ায়ে হুয়া মোহিত।। ২৯২
নজানে শাস্ত্ৰক শিষ্যৰ সংশয়
নপাৰে দূৰ কৰিত।
তাৰ উপদেশে আন নতৰয়
আপুনো ভৈল বঞ্চিত।। ২৯৩
শাস্ত্ৰ মত এৰি যি কথা কহয়
কেৱলে পাষণ্ড নয়।
আছোক কৃষ্ণক পাইবে কদাচিত
নুগুচে সংসাৰ ভয়।। ২৯৪
অন্ন যোনি কিছু নকৰে বিচাৰ
জাতি কুল ভৈল ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ পন্থ কৰি নষ্ট।। ২৯৫
হৰি হৰি হৰি কিনো ভৈলা আতি
কৃষ্ণৰ মায়াৰ বল।
হৰি ভকতিৰ পন্থত কপট
পাতিলেক অমঙ্গল।। ২৯৬
শাস্ত্ৰৰ বিচাৰ নজানে ভকতি
পৰমাৰ্থ মতি মূঢ়।
হৰি কথা ছলে কৰ্ণত কুমন্ত্ৰ
কহয়ে ক্ৰিয়া গূঢ়।। ২৯৭
চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ
জানিয়া যিটো নভজে।
এহি পাপ নিজ ধৰ্ম্ম ভ্ৰষ্ট হুয়া
ঘোৰ নৰকত মজে।। ২৯৮
হৰিৰ চৰণ নভজি নকৰে
আপোন দুখ খণ্ডিত।
পৰমাৰ্থ তত্ত্ব বিচাৰি কহিয়ো
কেমনে সিটো পণ্ডিত।। ২৯৯
আপোন জনম ভাৰত ভূমিত
লভিলেক যিটো নৰ।
হৰিক নভজি কৰিলে বিফল
সিটো শোচ্য সমস্তৰ।। ৩০০
হৰিৰ চৰণ নভজি কেৱলে
পোষে পুত্ৰ ভাৰ্য্যা মাত্ৰ।
যম ৰাজা বুলি লন্ত সেহিজন
যম যাতনাৰ পাত্ৰ।। ৩০১
হৰিৰ চৰণ নিচিন্তি চিন্তয়
বিষয়ক দিনে ৰাতি।
শাস্ত্ৰৰ সন্মতে জানা সেহিজন
ভৈল নিজ আত্মঘাতী।। ৩০২
।। প্ৰাৰ্থনা ।।
তুমি সৰ্ব্বসাক্ষী আত্মা হৃষীকেশজানাহা মোৰ চিত্তক।
শৰণাগতক মঞি আতুৰক
উপেক্ষা কৰা কিসক।। ৩০৩
হে কৃষ্ণদেৱ মঞি আতুৰক
চৰণে কৰা উদ্ধাৰ।
তিনি তাপময় সংসাৰ নিকাৰ
সহিতে নপাৰো আৰ।। ৩০৪
বাহিৰে ভিতৰে তুমি হৰি গুৰু
আছাহা চৈতন্য ৰূপে।
দিয়োক সুমতি তুমি বিনে গতি
নাহিকে কৈলো স্বৰূপে।। ৩০৫
হৰি ও হৰি কৰুণা সাগৰ
কৰিয়ো কৃপা আহ্মাক।
প্ৰিয়তম আত্মা সখা ইষ্ট দেৱ
মানিয়া আছো তোমাক।। ৩০৬
হে হৰি মোক দুৰাচাৰ বুলি
নকৰিবা পৰিহাৰ।
তুমি বিনে মহা পতিত পাৱন
কোন দেৱ আছে আৰ।। ৩০৭
নামো নামো ৰাম কৃষ্ণ প্ৰভু দেৱ
তুমি মোৰ নিজ গতি।
হুয়োক সদয় যিমতে ৰহয়
তোমাত নিৰ্ম্মল ৰতি।। ৩০৮
চৰণত ধৰো কাতৰ কৰোহো
ইবাৰ নেৰিয়ো হৰি।
পতিত পাৱন দেৱ নাৰায়ণ
নাহিকে তোমাৰ সৰি।। ৩০৯
নামো নমো কৃষ্ণ তোহ্মাৰ ভকতি
মুকুতিতো কৰি বলে।
মোৰ তাকে মন দিয়োক শৰণ
অৰুণ চৰণ তলে।। ৩১০
এ ভৱ সাগৰে মজি নাৰায়ণ
আতুৰ ভৈলো অপাৰ।
দীন অনাথক তুমি কৃপাময়
চৰণে কৰা উদ্ধাৰ।। ৩১১
হে হৰি তযু মায়ায়ে আমাক
ভাণ্ডিছে কৰি কপট।
দূৰ কৰা মায়া চাপোহো তোমাৰ
চৰণ ছত্ৰ নিকট।। ৩১২
পতিত পাৱন ৰাম নাৰায়ণ
চৰণে মোক উদ্ধাৰা।
আমি পতিতৰ পতিত পাৱন
নামৰ পৰীক্ষা কৰা।। ৩১৩
পতিত পাৱন নাম নাৰায়ণ
প্ৰসিদ্ধ সমস্ত জনে।
আমি মহাপাপী শৰণে পশিলো
ৰাখিয়ো নিজ চৰণে।। ৩১৪
হে হৰি মঞি অনাথক দয়া
কৰিয়োক একবাৰ।
কৃপা ৰসে তিন্তি অৰুণ বৰণ
চৰণ ভৈল তোমাৰ।। ৩১৫
কৃপাৰ সাগৰ দৈৱকী নন্দন
পূৰিয়ো মনৰ কাম।
ভকতৰ সঙ্গ সদা নুগুচোক
মুখে তুৱা গুণ নাম।। ৩১৬
কৌটি কৌটি ঘোৰ অপৰাধ নিতে
কৰো আমি দুৰাশয়।
হে হৰি মোক দাস হেন মানি
ক্ষমিয়োক কৃপাময়।। ৩১৭
অনাদি অনন্ত অচিন্ত্য ঈশ্বৰ
তুমিসে নিত্য নিৰ্ম্মল।
গুচায়ো কুমতি ভজোহো কেৱলে
তোমাৰ পদ কমল।। ৩১৮
হে ভগৱন্ত ভজয়ো তোহ্মাৰ
অভয় পদ কমলে।
মঞি অনাথক ৰাখিয়ো ঈশ্বৰ
অৰুণ চৰণ তলে।। ৩১৯
হে কৃষ্ণ কৃপা ময় প্ৰভু মোক
কৰা কৃপা এহিমান।
তোমাৰ চৰণে ৰহোক আহ্মাৰ
সদায় নিৰ্ম্মল জ্ঞান।। ৩২০
জয় জগবন্ধু জগত কাৰণ
নাৰায়ণ নিৰাকাৰ।
কেৱলে তোমাৰ চৰণ পঙ্কজে
ৰহোক ৰতি আমাৰ।। ৩২১
দীন দয়াশীল দেৱ দামোদৰ
দীনক নেৰিয়ো মোক।
হেন কৃপা কৰা তযু পাৱে মোৰ
সহজে ৰতি মিলোক।। ৩২২
তোমাৰ চৰণে সেৱাৰ গোবিন্দ
নজানো একো উপায়।
যিমতে সেৱাত ৰহিবো কৰুণা
কৰিতে হৰি যুৱায়।। ৩২৩
হে প্ৰাণহৰি দান্তে তৃণ ধৰি
মাগোহো তোমাৰ পাৱে।
মোৰ মন মজি তোহ্মাৰ পাৱত
ৰহোক হৰি স্বভাৱে।। ৩২৪
জ্বৰ তাপ পীড়া মৰণ সময়ে
কৰা হৰি কৃপা মোক।
তযু গুণ নাম শ্ৰৱণ স্মৰণ
বচন গোচৰ হোক।। ৩২৫
গোপিনীৰ ধন ব্ৰজল জীৱন
মোহন ৰাম গোৱিন্দ।
পৰম সাদৰে শিৰে তুলি ধৰো
তযু পদ অৰবিন্দ।। ৩২৬
।। নাম মহিমা ।।
কৃষ্ণৰ পৰম নিৰ্ম্মল চৰিত্ৰকথাৰ যৈত প্ৰকাশ।
গঙ্গা আদি কৰি যত তীৰ্থ আছে
তৈতেসে কৰে নিৱাস।। ৩২৭
শ্ৰীৰাম নাম ভকতজনৰ
মহাধন হীৰা বিত্ত।
সংসাৰ সাগৰে তাৰ দুৰ্গ পাৰ
শ্ৰীৰাম নামে নিশ্চিত।। ৩২৮
শ্ৰীৰাম নাম মল অৰণ্যৰ
বাঢ়ৱ অগনি সম।
শ্ৰীৰাম নাম মনৰ উৎসৱ
ভদ্ৰতো ভদ্ৰ উত্তম।। ৩২৯
নাৰায়ণ নাম নৰ সমস্তৰ
প্ৰসিদ্ধ চৌৰ বিশেষ।
অনেক জন্মৰ সঞ্চিত পাতেক
শ্ৰৱণে হৰে নিঃশেষ।। ৩৩০
ৰাম শৱদৰ ৰা পদ ভৈল
প্ৰচণ্ড বহ্নি নিশ্চয়।
ম বায়ু সমে অধৰ্ম্ম অৰণ্য
দহিয়া ভস্ম কৰয়।। ৩৩১
কুকথা পাষণ্ড সংবাদ বিবাদ
পৰ্ব্বত আতি নিঠুৰ।
ৰাম কৃষ্ণ নাম বজ্ৰক প্ৰহাৰি
কৰা তাক মষিমূৰ।। ৩৩২
অপাৰ আনন্দ ৰস ৰাম নাম
মুখত থাকয় যাৰ।
মুকুতি সুখকো থৱে পাশ কৰি
আন সুখ কোন ছাৰ।। ৩৩৩
যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ
ভজয় পদ কমল।
কুল উদ্ধাৰিল আপুন তৰিল
তাৰাসে জন্ম সাম্ফল।। ৩৩৪
সুদৃঢ় বিশ্বাস কৰি যিটোজনে
সদা ৰাম নাম গাৱে।
তাক বাপ দায় দিয়া দুষ্ট কলি
দূৰতো দূৰ পলাৱে।। ৩৩৫
অলপ অক্ষৰ ৰাম কৃষ্ণ নাম
কোমলৰো সুকোমল।
ৰাম কৃষ্ণ নাম সৱাৰো সুহৃদ
মঙ্গলৰো সুমঙ্গল।। ৩৩৬
মুকুত সৱৰো মনক টানিয়া
আনয় হৰিৰ গুণে।
এক প্ৰাণ হুয়া মহন্ত সকলে
গাৱয় কহয় শুনে।। ৩৩৭
হৰিৰ নামৰ অনন্ত প্ৰভাৱ
কোনে কহি পাৱে সীমা।
সংসাৰ বিনাশে হৰিকো প্ৰকাশে
নামৰ মহা মহিমা।।৩৩৮
হৰিৰ নামৰ অনন্ত মহিমা
জানি মহাজনে গান্ত।
আপোন নামৰ মহিমাক হৰি
আপুনি অন্ত নপান্ত।। ৩৩৯
হৰিৰ নামত একোৱে বিঘিনি
নাহিকে জানা নিশ্চয়।
আন যত ধৰ্ম্ম তাহাৰো বিঘিনি
নামেসে দূৰ কৰয়।। ৩৪০
ৰাম নাম মহা প্ৰমত্ব সিংহৰ
ধ্বনি শুনি ৰিণি ৰিণি।
পাপময় যত মাতঙ্গ পলায়
মিলিল হেৰা বিঘিনি।। ৩৪১
ৰাম কৃষ্ণ নাম কীৰ্ত্তন বাড়ৱ
অগনিৰ শিখা লাগি।
অসুৰ ৰাক্ষস পাষণ্ড পিশাচ
পলায় দশো দিশে ভাগি।। ৩৪২
জয় জগজীৱ জগত কাৰণ
জয়তি জগনিৱাস।
তোমাৰ ভকতি ৰসে মুকুতিকো
কৰে আতি পৰিহাস।। ৩৪৩
কৃষ্ণ নাম ইটো পৰম মঙ্গল
যাহাৰ থাকে বাক্যত।
সিটো পুৰুষৰ ভস্ম হুয়া যায়
মহাপাপ কৌটি শত।। ৩৪৪
পৰম উজ্বল হৰি নাম ৰত্ন
কন্ঠত যিটো পিন্ধয়।
তাহাৰ পুৰুষ যতেক আছয়
সৱাকো শোভা কৰয়।। ৩৪৫
পৰম প্ৰশান্ত নাৰায়ণ পৰ
মুক্তৰো মাজে বিৰল।
এহিমানে মাত্ৰ পুৰুষাৰ্থ সাৰ
হৰিৰ সেৱাৰ বল।। ৩৪৬
ধৰ্ম্মো পৃথিৱীৰ আগত কহিল
মহাভাগৱত ধৰ্ম্ম।
মুকুতি সুখৰ কেৱল আশ্ৰয়
জানা মাধৱৰ কৰ্ম্ম।। ৩৪৭
কৃষ্ণ গুণ নাম ধৰ্ম্মেসে পৰম
মঙ্গলৰো সুমঙ্গল।
কৃষ্ণৰ কীৰ্ত্তন ৰসেসে কেৱলে
মুকুতি সুখৰ ফল।। ৩৪৮
যিহেতু কৃষ্ণৰ কীৰ্ত্তন ধৰ্ম্মত
নাহিকে পাত্ৰ নিয়ম।
কেৱল কৃষ্ণৰ কীৰ্ত্তনে কৰয়
সমস্তকে নৰোত্তম।। ৩৪৯
অন্যত্ৰ সাধনে কোন বিচক্ষণ
জনক মোক্ষ দিৱয়।
কৃষ্ণৰ জন্মৰ কৰ্ম্মৰ কীৰ্ত্তনে
মুকুতিকো বিড়ম্বয়।। ৩৫০
ৰাম হেনো ইটো দুগুটি অক্ষৰ
বলৰ নাহিকে সীমা।
মুকুতি সুখকো কৰিলে অধীন
আছোক আন মহিমা।। ৩৫১
যিটো ৰুদ্ৰদেৱে পৰম লীলায়ে
জগতকে সংহৰন্ত।
ৰামৰ নামৰ তেহো হুয়া বশ্য
দিনে ৰাত্ৰি সুমৰন্ত।। ৩৫২
নাৰদ সনত কুমাৰ অনন্ত
শুক মুনি আদি কৰি।
মুকুতি সুখক ঠেলি ৰাম নাম
সদায় ফুৰে সুমৰি।।
ইটো ৰাম নামে আপোনাৰ গুণে
ঈশ্বৰক কৰে বশ্য।
এতেকে জানিবা ৰাম নাম বিনে
শাস্ত্ৰৰ নাহি ৰহস্য।। ৩৫৪
চৈতন্য ঈশ্বৰ আদিত্য যাহাৰ
হিয়াত ভৈলা প্ৰকাশ।
কাল মেঘ প্ৰায় অবিদ্যা আন্ধাৰ
তাহাৰো হোৱে বিনাশ।। ৩৫৫
ভালুক বানৰ ৰাক্ষস তৰিল
ৰামক কৰিয়া সেৱ।
হেনয় পৰম কৃপালু দেৱতা
ৰাম বিনে নাহি কেৱ।। ৩৫৬
নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ
কৰিলা শ্ৰীশঙ্কৰে।
শ্ৰৱণ কীৰ্তন কৰি মহাসুখে
পাপীও সংসাৰ তৰে।। ৩৫৭
পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ
গুণৰ নাহিকে অন্ত।
ইহাৰ তত্বক জানিবা কেৱলে
শঙ্কৰে মাত্ৰ জানন্ত।। ৩৫৮
।। নাম ।।
ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দমুকুন্দ মধু মুৰাৰি।
ভকতৰ ধন হৃদয় ৰঞ্জন
ব্ৰজ জন অধিকাৰী।। ৩৫৯
ৰাম অনন্ত প্ৰভু ভগৱন্ত
ভকত ভয় ভঞ্জন।
নিত্য নিৰঞ্জন দানৱ গঞ্জন
সজ্জন জন ৰঞ্জন।। ৩৬০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰঘুপতি
ৰাঘৱ ৰঘু নন্দন।
অনাদি অনন্ত শিৱ সনাতন
অচ্যুত জগ বন্দন।। ৩৬১
দৈৱকী নন্দন ৰাম নাৰায়ণ
জগত কাৰণ ৰাম।
সৰ্ব্ব দেৱ শিৰো মণি নাৰায়ণ
সমস্ত সুখৰে ধাম।। ৩৬২
নিৰাকাৰ নিৰা ময় নৰোত্তম
নাৰায়ণ নিৰঞ্জন।
মুকুন্দ মুৰাৰি ভৱ ভয়হাৰী
ভকত জন ৰঞ্জন।। ৩৬৩
মাধৱৰ নাম বৎস প্ৰায় ভৈল
ভক্তে তাঙ্ক লৈয়া যান্ত।
বেদৰ ঈশ্বৰ হৰি ধেনু যেন
তাৰ পাছে পাছে ধান্ত।। ৩৬৪
।। প্ৰসংসা ।।
তাৰাসৱে পূজ্য তাৰাসৱে ধন্যতাৰাসে সুহৃদ জন।
কলি যুগে হৰি আনকো বোলাৱে
আপুনো কৰে কীৰ্ত্তন।। ৩৬৫
হৰিক বান্ধৱ বুলিয়া যিজনে
কৰয় হৰি কীৰ্ত্তন।
সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিলে
জানা সেহি মহাজন।। ৩৬৬
যেৱে হৰি পদে শৰণ পশিয়া
হৰি নাম লৱে মুখে।
হৰিৰ প্ৰসাদ পাৱয় সিজনে
মায়াকো তৰয় সুখে।। ৩৬৭
ধন্য কলি যুগ ধন্য ৰাম নাম
ধন্য ধন্য নৰ কায়া।
ভাগ্যহীন জনো জপি ৰাম নাম
তৰয় দুস্তৰ মায়া।। ৩৬৮
কলিৰ লোকৰ ভাগ্যৰ মহিমা
কোনে কহি পাৱে পাৰ।
হৰি গুণ নাম কলিৰ স্বধৰ্ম্ম
সমস্ত শাস্ত্ৰৰে সাৰ।। ৩৬৯
হৰি কথা ৰস নিৰ্ম্মল অমৃত
যিটোজনে পান কৰে।
সংসাৰ মধ্যত সিসিজনে মাত্ৰ
সফল জীৱন ধৰে।। ৩৭০
।। বস্তু প্ৰকাশ ।।
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশেপ্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।। ৩৭১
গোৱিন্দৰ প্ৰেম অমৃতৰ নদী
বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
হৰি নামে মূল ধাৰা।। ৩৭২
হৰি ভক্তি দান দিয়া জগতকে
তাৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আন বন্ধু।। ৩৭৩
হৰি ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী।। ৩৭৪
শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহাঙ্ক বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু।। ৩৭৫
।। নিৱেদন ।।
কতনো অমোঘ অপৰাধ হৰিকৰিয়া আছো প্ৰচুৰ।
বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি
কৃপাৰ হুয়া ঠাকুৰ।। ৩৭৬
যিহেতু তোমাৰ চৰণ পঙ্কজে
নভজিলো নাৰায়ণ।
সিহেতু অনাদি অবিদ্যা আমাৰ
কৰিল জ্ঞান উছন।। ৩৭৭
তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ
নভজো তোমাৰ পাৱে।
এহি দোষে মোক যমদূতে ধৰি
যাতনা দুখ ভুঞ্জাৱে।। ৩৭৮
তুমি প্ৰিয় আত্মা পৰম দেৱতা
তোমাত ভৈলো বিমুখ।
এতেকে তোমাৰ মায়ায়ে আমাক
দিলেক সংসাৰ দুখ।। ৩৭৯
।। হৰবাৰ ।।
চৈতন্য আদিত্য হৃদয় আকাশেসৰ্ব্বদায় প্ৰকাশয়।
উদয়াস্ত নাহি সন্ধা উপাসনা
কৰিবো কোন সময়।। ৩৯০
যিহেতু গোৱিন্দ নিজ যশ প্ৰিয়
ভকত বৎসল হৰি।
সিহেতু সদায় নাম গুণ শুনি
থাকন্ত আনন্দ কৰি।। ৩৯১
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি যশ
জগত পাৱন কাৰী।
তাতেসে আপোন যশত সন্তোষ
ঈশ্বৰ প্ৰভু মুৰাৰি।। ৩৯২
।। কৃষ্ণৰ পুৰুষ লক্ষণ ।।
ঈশ্বৰ কৃষ্ণৰ শুনিয়োক মহাপুৰুষ লক্ষণ সাৰ।
ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ
উন্নত ছয় প্ৰকাৰ।। ৩৯৩
গমন গম্ভীৰ বচন গম্ভীৰ
গম্ভীৰ নাভি কমল।
এহি ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ
মিলয় মহা মঙ্গল।। ৩৯৪
আৰুণ নয়ন আধৰ দশন
অৰুণ কৰ চৰণ।
নখ ৰেখাচয় অৰুণ কৃষ্ণৰ
স্মৰণে দুখ তৰণ।। ৩৯৫
সুদীৰ্ঘ নয়ন গ্ৰীৱা বাহু পদ
আৱৰ আঙ্গুলিচয়।
এহি পঞ্চ দীৰ্ঘ স্মৰণে কৃষ্ণৰ
মিলে মহা মহোদয়।। ৩৯৬
কন্ধ উন্নত ভ্ৰূৱ নাসা পদ
উন্নত নখ হৃদয়।
এহি ছয় থান উন্নত কৃষ্ণৰ
স্মৰণে মোক্ষ মিলয়।। ৩৯৭
।। যুগধৰ্ম্ম নিৰ্ণয়।।
মিনতি বচন বোলো সৰ্ব্বজনেশুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম।
আপোন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগধৰ্ম্ম।।
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে দুজা।। ৩৯৯
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
অন্যত্ৰ ধৰ্ম্ম আচৰে।
মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে
একোৱে ফল নধৰে।। ৪০০
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
আনমতে চাহে গতি।
যেন কুলবধূ নিজে স্বামী তেজি
ভজে গৈয়া উপপতি।। ৪০১
সংসাৰ তৰিতে ইচ্ছা আছে যাৰ
কৰিয়ো হৰি কীৰ্ত্তন।
পৰম নিৰ্ম্মল গতি পায়া সুখে
ছিণ্ডিয়া কৰ্ম্ম বন্ধন।। ৪০২
সকল নিগম কল্পতৰু তাৰ
ফল মহাভাগৱত।
সেহি ফলৰস হৰি গুণ যশ
পিয়োক সাধু সঙ্গত।। ৪০৩
পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া।
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে
কৰিলা শাস্ত্ৰক চায়া।। ৪০৪
------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.