পদ ছন্দ

 পদ বা পয়াৰ ছন্দ কাক বোলে?


    পদ ছন্দক পয়াৰ ছন্দ বুলিও কোৱা হয়। দুটা চৰণ বা শাৰী লগ হৈ একো একোটা পদ ছন্দ গঠন হয়। অৰ্থাৎ সহজ ভাষাত ক'বলৈ হ'লে পদ ছন্দত দুটা শাৰী থাকে। সাধাৰণতে, পদ ছন্দত প্ৰতিটো শাৰী বা চৰণত চৈধ্যটাকৈ আখৰ থাকে। প্ৰথম শাৰীৰ শেষত এডাল দণ্ড আৰু দ্বিতীয় শাৰীৰ শেষত দুডাল দণ্ড থাকে। ইয়াৰ উপৰিও প্ৰথম শাৰীৰ শেষৰ আখৰ আৰু দ্বিতীয় শাৰীৰ শেষৰ আখৰৰ মিল থাকে। উদাহৰণ স্বৰূপে মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ এটি পদ তলত উল্লেখ কৰা হ'ল-

নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম।
সৰ্ব্ব ধৰ্ম্ম শিৰোমণি তুৱা গুণ নাম।।

    ইয়াত লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ প্ৰথম শাৰীত মুঠ চৈধ্য টা আখৰ, ঠিক তেনেদৰে, দ্বিতীয় শাৰীত চৈধ্য টা আখৰ আছে। প্ৰথম শাৰীৰ শেষত এডাল দণ্ড আৰু দ্বিতীয় শাৰীৰ শেষৰ দুডাল দুডাল দণ্ড থকাৰ উপৰিও চৰণৰ শেষৰ ৰাম আৰু নাম শব্দৰ ম বৰ্ণটোৰ মিল আছে। 

    এনেদৰে, লক্ষ্য কৰিলে দেখা যায় যে পদ ছন্দ উপৰোক্ত বৈশিষ্ট্যসমূহৰে গঠিত হয়।

     
!! শ্ৰীকৃষ্ণায় নমঃ !!

শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত

         নাম ঘোষা

          । পদ ঘোষা ।।

           ।। ঈশ্বৰ নিৰ্ণয়।।

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।। ৪০৫

        ।। শৰণ ।।

হে কৃষ্ণ তযু পাৱে পশিলো শৰণ।
মই অনাথৰ নাথ তুমি নাৰায়ণ।। ৪০৬

        ।। ভজন ।।

নাৰায়ণ হৰি ৰাম গোপাল গোৱিন্দ।
ভজহো তোমাৰ দুই পদ অৰবিন্দ।। ৪০৭

        ।। নমস্কাৰ ।।

নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম।
সৰ্ব্ব ধৰ্ম্ম শিৰোমণি তুৱা গুণ নাম।। ৪০৮
বন্দোহো গোৱিন্দ ৰাম মুকুন্দ মাধৱ।
যাক সুমৰণে তৰি পাপ পৰাভৱ।। ৪০৯
নমো কি নমো ৰাম নমো নাৰায়ণ।
অনাদি অনন্ত সন্ত শিৱ সনাতন।। ৪১০
জয় নমো নাৰায়ণ দৈৱকী নন্দন।
পৰমপুৰুষ সদাশিৱ সনাতন।। ৪১১

পদ-ছন্দ


        ।। উপদেশ ।।

হৰি বোল হৰি বোল কৰি মন‌ স্থিৰ।
তেৱেসে সাফল হোৱে মনুষ্য শৰীৰ।। ৪১২
হৰি গুণ গাৱ ভাই কৰিয়া উৎসৱ।
গুণতেসে তুষ্ট গুণ লুবুধ মাধৱ।। ৪১৩
আনন্দ কৰিয়া হৰি গুণ গাৱা যেৱে।
ভৱ সিন্ধু তৰিয়া হৰিক পাইবা তেৱে।। ৪১৪
হৰি গুণ গাৱ আনন্দ কৰি মনে।
চিন্তামণি তনু ভাই বিফল কৰে কেন।। ৪১৫
আন পৰিহৰিয়া হৰিক মনে ধৰা।
হৰি গুণ গায়া ভাই জন্ম সফল কৰা।। ৪১৬
লৈয়ো হৰিৰ নাম সাতে পাঞ্চে হুয়া সাজু।
আপুন হুৰে পলাইবেক কাল মায়া বাঝু।। ৪১৭
চেতন লভিয়া ভাই ভজিয়ো হৰিক।
আন পৰিহৰি হুয়ো ভকতি ৰসিক।। ৪১৮
লৈয়ো হৰি নাম গুণ বিঘিনি বিহীন।
আনন্দে ডাকিয়ো ৰাম কিবা ৰাতি দিন।। ৪১৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই মুখে।
ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে।। ৪২০
ৰাম কৃষ্ণ হৰি বোল তেজি ভয় লাজ।
হৈবন্ত বেকত হৰি হৃদয়ৰ মাজ।। ৪২১
যিটো ৰাম কৃষ্ণ হৰি বোলয় সৰ্ব্বথা।
তাৰ সঙ্গ তেজি হৰি যাইব আৰ কোথা।। ৪২২
ৰাম কৃষ্ণ বোল ভাই ৰাম কৃষ্ণ বোল।
কোটি কোটি ব্ৰহ্মাণ্ড নামৰ নোহে মোল।। ৪২৩
ৰাম কৃষ্ণ ভাবিতে ছুটয় কাল পাশ।
সদা ৰাম কৃষ্ণ বোল তেজিয়া আলাস।। ৪২৪
হৰি গুৰু পদ সেৱা খাণ্ডা দাঠি ধৰা।
মন বৈৰী কাটি সুখে ভৱনদী তৰা।। ৪২৫
ৰাম কৃষ্ণ নিৰঞ্জন নিৰাময় হৰি।
সদা ৰাম কৃষ্ণ বুলি যায়ো ভৱ তৰি।। ৪২৬
ভজিয়ো হৰিক যেৱে চেতন আছয়।
তেৱেসে এৰাইবা সুখে সংসাৰৰ ভয়।। ৪২৭
ৰাম কৃষ্ণ ভাবিয়ো মিলোক মহাভাগ।
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লাগ।। ৪২৮
হৰিৰ নামত ভাই নেৰিবা ভাৰসা।
সকল ভকতি হৰি নাম মাজে বাসা।। ৪২৯
সন্ত উপদেশে হৰি চৰণে ভজিয়ো।
হৰি নাম নিৰমল আনন্দে মজিয়ো।। ৪৩০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
জনম সফল হৌক জপ অবিৰাম।। ৪৩১
মাধৱৰ ৰাঙ্গা দুই চৰণে ধৰিয়া।
ৰাম নাম ৰস পিয়ো অঞ্জলি ভৰিয়া।। ৪৩২
গুণময় সাধ্য সাধনক পৰিহৰি।
কৃষ্ণ কথা ৰস পিয়ো কৰ্ণাঞ্জলি ভৰি।। ৪৩৩
যত জীৱৰাশি ফুৰে কুশলক চাই।
হৰি নাম বিনে তাৰ মহালাভ নাই।। ৪৩৪
হৰি নাম গাৱন্তে কিঞ্চিতো নাহি দুখ।
গুচে ভয় মিলয় পৰমানন্দ সুখ।। ৪৩৫
হৰি কীৰ্ত্তনত যাৰ মিলিল সন্তোষ।
সৰ্ব্ব সুখ ভাগী হোৱে হৰে কলি দোষ।। ৪৩৬
লৈয়ো হৰি নাম ভাই তেজিয়া আলাস।
মিলিবে মঙ্গল গুচিবেক ভৱ পাশ।। ৪৩৭
যিটোজনে ফুৰে সদা হৰি গুণ গায়া।
হৰিৰ কৃপাত সিটো সুখে তৰে মায়া।। ৪৩৮
ৰাম নাম লৈয়ো ভাই আলাহ নকৰ।
নিকট চাপিয়া আছে যমৰ কিঙ্কৰ।।৪৩৯
কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি।
অল্পকালে হিয়াত প্ৰৱেশ হোন্ত হৰি।। ৪৪০
অপাৰ আনন্দৰস ৰামকৃষ্ণ বাণী।
ৰাম কৃষ্ণ নাম মুখে নছাড়িবা জানি।। ৪৪১
জপ ৰাম নাম ভাই ভাৱকসকল।
ৰাম নাম বিনে নাই পৰম মঙ্গল।। ৪৪২
ভাবিয়ো ভাৱক ভাই ৰাম নাম সাৰ।
নিগমে নকহে ৰাম নাম বিনে আৰ।।৪৪৩
কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্ল্লভ।
হৰি সেৱা ভৈলে আন সকলে সুলভ।। ৪৪৪
কৃষ্ণ পাদ পদ্ম ভৈল যাহাৰ আশ্ৰয়।
তাহাৰেসে গুচয় নি:শেষ দুখ ভয়।।৪৪৫
হৰি কীৰ্ত্তনক ভাই নকৰিয়ো হেলা।
এহিসে ৰাখিবে ঘোৰ সঙ্কটৰ বেলা।। ৪৪৬
হৰি পদ পঙ্কজত পশিয়ো শৰণে।
দিয়োক একান্ত চিত্ত হৰিৰ চৰণে।। ৪৪৭
দুৰ্ল্লভতো দুৰ্ল্লভ হৰিৰ গুণ নাম।
জানিয়া কীৰ্ত্তন কৰা তেজি আন কাম।। ৪৪৮
হৰি গুণ কীৰ্ত্তন কলিৰ নিজ ধৰ্ম্ম।
জানিবাহা সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম।। ৪৪৯
ৰাম নাম লৈয়া পাপীজন তৰে সুখ।
হেন ৰাম নামৰ ভাণ্ডাৰ ভৈল মুখে।। ৪৫০
যি মুখে বুলিবে ৰাম সি মুখে ভাণ্ডাৰ।
সদায়ে ভাবিয়ো ৰাম ক্ষয় নাহি আৰ।। ৪৫১
ভাবিতে ভাবিতে ৰাম ৰস চড়ে আতি।
আনন্দে ভাবিয়ো ৰাম কিবা দিনে ৰাতি।। ৪৫২
অনন্ত ৰসেৰ নিধি ৰাম কৃষ্ণ নাম।
মুখ ভৰি ভৰিয়া সদায়ে বোলা ৰাম।। ৪৫৩
সদায়ে ভাবিতে ৰাম যাৰ ৰস বাঢ়ে।
ৰামকৃষ্ণ নামে তাৰ কাহাকো নছাড়ে।। ৪৫৪
হৰি সেৱা বিনে আৰ সকলে অসাৰ।
এহিমানে মাত্ৰ সৰ্ব্ব শাস্ত্ৰৰ বিচাৰ।। ৪৫৫
নামৰ ভাণ্ডাৰ মুখে ভৈল কত ভাগে।
আনন্দে ভাবিয়ো ৰাম যাক যত লাগে।। ৪৫৬
মনে মুখে এক কৰি সদা বোলা ৰাম।
লভিবা পৰমানন্দ দূৰ হৈবে কাম।। ৪৫৭
ৰাম কৃষ্ণ নাম যাৰ মুখে ভৈল গীত।
নামৰ প্ৰসাদে সিটো ভৈল কৃতকৃত্য।। ৪৫৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই ঝান্টে।
নচলিবা তেৱেসে দুৰ্ঘোৰ যম বাটে।। ৪৫৯
ৰাম কৃষ্ণ নাম ৰসে চিত্তক ভিজাৱ।
বোলা ৰাম কৃষ্ণ হৰি তেজি আন ভাৱ।। ৪৬০
ৰাম কৃষ্ণ নামেসে স্বধৰ্ম্ম ভৈল যাৰ।
যম কাল মায়াৰ গুচিল অধিকাৰ।। ৪৬১
ৰাম কৃষ্ণ নাম যাৰ থাকয় মুখত।
যম যমদূতক নেদেখে সপোনত।। ৪৬২
ৰাম কৃষ্ণ নাম সদা লৱে যিটো নৰে।
যম ৰাজা তাহাৰ লিখন দূৰ কৰে।। ৪৬৩
ৰাম কৃষ্ণ নাম সদা ফুৰে যিটো গাই।
তাহাৰেসে সমস্তে বিঘিনি ভৈল ছাই।। ৪৬৪

        ।। মহিমাযুক্ত উপদেশ ।।

ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয়।
তাহাৰেসে জানিবা মিলিল মহোদয়।। ৪৬৫
ৰাম কৃষ্ণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ।
সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ।। ৪৬৬
ৰাম কৃষ্ণ নামক সততে যিটো গাৱে।
তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্ব্বভাৱে।। ৪৬৭
ৰাম কৃষ্ণ নাম যিটো সততে সুমৰে।
হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে।। ৪৬৮

        ।। নিন্দা ।।

ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি।
যিটো নাম নলৱে হীনতো হীন আতি।। ৪৬৯
ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে।
ৰাম কৃষ্ণ নুবুলি জনম ঝুটা কৰে।। ৪৭০
ৰাম কৃষ্ণ নুবুলি তৰিবা কিসে সমে।
ৰাম নাম নলৈলে ধৰিয়া নিবে যমে।। ৪৭১
গাৰো ভোট যৱনে হৰিৰ নাম লয়।
হেনয় নামক কেনে সজ্জনে নিন্দয়।। ৪৭২
হৰি নাম কৰে অন্ত্য জাতিকো মুকুত।
সজ্জনে নামক নিন্দে কিনো অদভুত।। ৪৭৩
মহাপাপী তৰে হৰি নামৰ কীৰ্ত্তনে।
হেন নাম নলৈয়া সজ্জন ভৈল কেনে।। ৪৭৪
দুখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি।
একান্তে নভজে পূৰ্ণানন্দ হৰি।। ৪৭৫
আপুনি নলৱে নাম আনকো নিন্দয়।
কৌটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয়।। ৪৭৬
হৰি নামে কৰে সংসাৰৰ বন্ধ ছেদ।
হেন নামে নাহি ইচ্ছা কিনো ভৈল খেদ।। ৪৭৭
ৰাম কৃষ্ণ হৰি নাম নিগম নিগূঢ়।
সদা নুসুমৰে কেনে পাপমতি মূঢ়।। ৪৭৮
হৰি পদ সেৱা সুখ ভকতে জানয়।
আনজনে আৰ গন্ধমাত্ৰো নাপাৱয়।। ৪৭৯
হৰি পাৱে শুদ্ধভাৱে যিজনে ভজয়।
হৰি নাম লৈয়া সুখে দুৰ্গতি তৰয়।। ৪৮০
মানৱী জনম পাই হৰি নভজিলা।
অৱশ্যে হৈবাহা ভাই তৃণ তৰু শিলা।। ৪৮১
হৰি কীৰ্ত্তনক যিটোজনে হেলা কৰে।
আপোনাকে আপুনি বঞ্চিলে সিটো নৰে।। ৪৮২
মনুষ্য শৰীৰ পাই কৃষ্ণক নভজে।
এহিমানে দোষে ঘোৰ সংসাৰত মজে।। ৪৮৩
মৃত্যুৰ মুখত পৰি নভজে হৰিক।
সিটো অধমৰ জীৱনত ধিক ধিক।। ৪৮৪
হৰি পদে নভজে শাস্ত্ৰৰ সাৰ বুজি।
বেঙ্কামুৱা যমদূতে তাক ফুৰে খুজি।। ৪৮৫
নৰতনু পায়া হৰি নভজে যি নৰে।
সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে।। ৪৮৬
মনুষ্য শৰীৰ পাই হৰি নভজিল।
দুৰ্ঘোৰ সংসাৰে সিটো চিত্ত নিমজিল।। ৪৮৭
কলি যুগে হৰি নাম নকৰে কীৰ্ত্তন।
আপোনাক আপুনি বঞ্চিলে সিটোজন।। ৪৮৮
হৰি ভজি হৰি নাম নলৱে সাক্ষাত।
আপোনাক আপুনি কৰিল আত্মঘাত।। ৪৮৯
ব্ৰহ্মাৰ প্ৰাৰ্থনী ইটো নৰতনু পায়া।
নভজিলে হৰিক বঞ্চিলে বিষ্ণুমায়া।। ৪৯০
একান্ত শৰণে যিটো নভজিলে হৰি।
দুৰ্ঘোৰ যাতনা ভুঞ্জিবেক মৰি মৰি।। ৪৯১
হৰি পদ সেৱা সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয়।
মূঢ়মতি মনুষ্যে ইহাক নজানয়।। ৪৯২
হৰিকো প্ৰকাশ কৰে ৰাম কৃষ্ণ নামে।
তেন নাম নলৈয়া মৰস কোন কামে।। ৪৯৩

        ।। মহিমা ।।

ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ।
সেহিসে হৰিৰ প্ৰিয় হৰি ভৈলা তাৰ।। ৪৯৪
ৰাম কৃষ্ণ হৰি যিটো সততে বোলয়।
সিটো মহাজনে মুকুতিকো নগণয়।। ৪৯৫
ৰাম কৃষ্ণ নাম ভকতৰ মহাধন।
সদা নাম লৱয় আনন্দ কৰি মন।। ৪৯৬
অনন্ত নাৰদ শুক সনতকুমাৰ।
তাৰা পাৱে হৰি যশ জানি যোগ সাৰ। ৪৯৭
হৰি নাম কীৰ্ত্তনৰ শৱদ তুমুল।
আনন্দৰ ভৰে হোৱে ভকত আকুল।। ৪৯৮
ৰাম কৃষ্ণ নামৰ দেখিয়ো কেন বল।
অধমকো কৰে নামে পৰম নিৰ্ম্মল।। ৪৯৯
হৰি নামে নাহিকে নিয়ম অধিকাৰী।
ৰাম বুলি তৰে মিৰি আসম কছাৰী।। ৫০০
ৰাম কৃষ্ণ নাম সম নাহিকে বান্ধৱ।
ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ।। ৫০১
ভকতজনৰ হৰি নামেসে সৰ্ব্বস্ব।
মুকুতিকো ঠেলি আগ হোৱে হৰি যশ।। ৫০২
ৰাম কৃষ্ণ নামেসে ছিণ্ডয় ভৱ বন্ধ।
মিলয় মনত সুখ পৰম আনন্দ।। ৫০৩
ৰাম কৃষ্ণ ভাবিতে তেজয় কাল সাপে।
হৰি ভকতৰ দুখ দিবে কাৰ বাপে।। ৫০৪
হৰিৰ কীৰ্ত্তন শুনি হুয়া মহাভয়।
কাল মৃত্যু দুয়ো তৰতৰিয়া কাম্পয়।। ৫০৫
কমনে জানিবা হৰি নামৰ মহিমা।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ সীমা।। ৫০৬
হৰি গুণ নাম যশ ভকতি উত্তম।
যাৰ ধ্বনি শুনি কাম্পে কলি কাল যম।। ৫০৭
হৰি নামে যত পাপ সংহৰিতে পাৰে।
ততেক পাতেকী পাপ কৰিতে নপাৰে।। ৫০৮
ৰাম কৃষ্ণ গোপাল গোৱিন্দ যদুমণি।
ৰাম কৃষ্ণ নাম মহা পাপৰ অগনি।। ৫০৯
ৰাম কৃষ্ণ নামৰ মহিমা অদভুত।
নিকট চাপিয়া কি কৰিবে যমদূত।। ৫১০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ৰাম কৃষ্ণ বিনে ঝুটা আৱৰ বিচাৰ।। ৫১১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ভাবিতে পৰম সুখ ভয় নাহি আৰ।। ৫১২
ৰাম কৃষ্ণ নাম সৰ্ব্ব ৰসেৰ নিৱাস।
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পাৱে পাশ।। ৫১৩
আপোন নামৰ সঙ্গ নছাড়ন্ত হৰি।
যেই নাম সেই হৰি জানা নিষ্ট কৰি।। ৫১৪
ৰাম নাম সম ধৰ্ম্ম নাহিকে নিগমে।
যিটো সদা বোলে ৰাম কি কৰিবে যমে।। ৫১৫
হৰি চৰণত প্ৰেম মিলিল যাহাৰ।
আন কোনো সম্পত্তি হৰিও ভৈল তাৰ।। ৫১৬
কৰ্ণ ভৰি পিয়া হৰি চৰিত্ৰ অমৃত।
হৰিক নিকট পাৱে হোৱে কৃতকৃত্য।। ৫১৭
মাধৱৰ নাম গুণ কীৰ্ত্তন কৰিয়া।
হৰিক পাৱয় সুখে মায়াক তৰিয়া।। ৫১৮
হৰি গুণ কীৰ্ত্তনত নাহি একো হানি।
শুনন্তে অমৃত স্ৰৱে ৰাম কৃষ্ণ বাণী।। ৫১৯
যাৰ মুখে ৰাম বাণী আসে সৰসৰি।
জানিবা নিশ্চয় তাত বশ্য ভৈল হৰি।। ৫২০
হৰি যাৰ বশ্য ভৈল তাৰ কিবা ৰৈল।
হৰিৰ কৃপাৰ পাত্ৰ সিসিজন ভৈল।। ৫২১
ৰাম কৃষ্ণ নামৰ কল্লোল ৰোল শুনি।
বেঙ্কামুৱা যমদূত পলাৱে আপুনি।। ৫২২

        ।। আত্ম উপদেশ ।।

হৰি নাম এৰি মন কি কাম কৰস।
মায়া মোহ জালে পৰি মিছাতে মৰস।। ৫২৩
হৰি নাম ধৰ মন হৰি নাম ধৰ।
আশা নামে নদী মাজে মিছাতে নমৰ।। ৫২৪
ৰাম নাম লৈয়ো মন ৰাম নাম লৈয়ো।
মিছা আশা লাজ কাজ পাশ কৰি থৈয়ো।। ৫২৫
ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল।
অসাৰ সংসাৰ সুখে তাৰ আশা ভোল।। ৫২৬
হৰি পদে ভজ মন হৰি পদে ভজ।
ঘোৰ আশা নদী মাজে মিছাতে নমজ।। ৫২৭
ৰাম নাম লৈয়ো মন তেজা আশা আন।
ভকতৰ সঙ্গে পাতা নামৰ দেৱান।। ৫২৮
ভজ মন কপট তেজিয়া হৰি পাৱে।
সৰ্ব্বসাক্ষী হৰিত কপট নুযুৱাৱে।। ৫২৯
গোপাল গোৱিন্দ ৰাম বোল পাপী মন।
অন্যায় নকৰ লাগে সাক্ষী চৈধ্য জন।। ৫৩০
ৰাম কৃষ্ণ হৰি ৰাম বুলিয়ো যতনে।
ব্ৰহ্মাৰো দুৰ্ল্পভ নাম তাৰে হেলা কেনে।। ৫৩১
বোল ৰাম কৃষ্ণ হৰি পৰম আনন্দে।
মুকুতি তেজিয়া জপে সনক সনন্দে।। ৫৩২

        ।। প্ৰাৰ্থনা ।।

হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ।
অণু এক কৰা দায়া মায়া হৌক দূৰ।। ৫৩৩
জয় জয় কৃপাময় দেৱ যদুপতি।
তোহ্মাৰ চৰণে মাগো অমূল্য ভকতি।। ৫৩৪
হে হে পৰমানন্দ প্ৰভু কৃপাসিন্ধু।
ভকতি আনন্দ ৰস মাগো এক বিন্দু।। ৫৩৪
পতিত পড়িয়া ৰৈলো এ ভৱ সাগৰে।
পতিত পাৱন নাম ভৈল কিবা তৰে।। ৫৩৬
অৰুণ চৰণে মই পাপীক তাৰিয়ো।
পতিত পাৱন নাম সাফল কৰিয়ো।। ৫৩৭
আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।। ৫৩৮
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ।
তনু নাৱ বুৰি আসে নাহিকে গিয়ান।। ৫৩৯
নাম ধন দিয়া মোকে কিনা বনমালী।
দাস পায়া নলৱা কমন ঠাকুৰালি।।
নিজ দাস কৰি হৰি মোকে কিনা কিনা।
আন ধন নলাগয় নাম ধন বিনা।। ৫৪১
জয় জয় ৰাম কৃষ্ণ শৰণ তোহ্মাৰ।
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।। ৫৪২
দিয়ো দৰিশন পাৱে পশিলো শৰণ।
ভকতজনৰ ধন তুমি নাৰায়ণ।। ৫৪৩

        ।। নিৱেদন ।।

যাদৱ যাদৱ যাদৱ যাদৱ দেৱ।
তুমি বিনে সুহৃদ বান্ধৱ নাহি কেৱ।। ৫৪৪
কেমনে ভজিবো হৰি চৰণ তোহ্মাৰ।
দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আহ্মাৰ।। ৫৪৫
ৰাম বুলি তৰিবো দঢ়াই আছো মন।
তুমি হৰি দীনবন্ধু পতিতপাৱন।। ৫৪৬
পতিতপাৱন ৰাম কৃষ্ণ কৃপাসিন্ধু।
আমি পতিতক নছাড়িবা দীনবন্ধু।। ৫৪৭
হে হৰি মোৰে প্ৰাণ জীৱন মুৰাৰি।
অনাথৰ নাথ ভকতৰ ভয়হাৰী।। ৫৪৮

        ।। প্ৰসংসা ।।

শ্ৰীৰাম নামত ৰতি মিলিল যাহাৰ।
সিসি ভাগ্যৱন্তে পাৱে সংসাৰৰ পাৰ।। ৫৪৯
হৰি গুণ ভকতৰ কৰ্ণৰ ভূষণ।
যিটো সদা বোলে ৰাম সিসি মহাজন।। ৫৫০
নিত্যানন্দময় ৰাম ভকতৰ ধন।
হৰি বিনে আন ধন সৱে অকাৰণ।। ৫৫২
আন ধৰ্ম্ম নাহি হৰি নামক উপাম।
হৰিৰ বল্লভ যিটো পৰা বোলে ৰাম।। ৫৫২
ৰাম কৃষ্ণ নামক আনন্দে যিটো ধৰে।
বংশে সমে তৰয় হৰিকো বশ্য কৰে।। ৫৫৩
হৰি গুণ গাৱে যিটো কৰিয়া নিশ্চয়।
হৰিক সুহৃদ পাৱে মৃত্যু কোন ভয়।। ৫৫৪
যাৰা সৱে ৰাম নাম গাৱয় হৰিষে।
তাপ দূৰ হোৱে মনে অমৃত বৰিষে।। ৫৫৫
ৰাম কৃষ্ণ হৰি নাম পৰম অমৃত।
যিটো মহাজনে লৱে হোৱে কৃতকৃত্য।। ৫৫৬
হৰি গুণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ।
সংসাৰত দুৰ্ল্লভ থাকিল কিবা তাৰ।। ৫৫৭
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ।
হৰি গুণ কীৰ্ত্তনে স্বধৰ্ম্ম ভৈল যাৰ।। ৫৫৮
হৰি গুণ নামক কীৰ্ত্তন যিটো কৰে।
কলিৰ দোষক বঞ্চিলেক সিটো নৰে।। ৫৫৯
ৰাম নাম লৈয়া পাপীজনো তৰে সুখে।
হেন ৰাম নামৰ ভাণ্ডাৰ ভৈলা মুখে।। ৫৬০
যিসৱ চতুৰ নৰে বিষ্ণুক ভজয়।
পৰম কৃতাৰ্থ ভৈলা সিটো মহাশয়।। ৫৬১

        ।। কলি ধৰ্ম্ম ।।

ৰাম কৃষ্ণ নাম ভকতৰ নৱ নিধি।
কলি যুগে বেকত কৰিলে কোন বিধি।। ৫৬২
ধন্য ধন্য কলিৰ লোকৰ মহাভাগ।
সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম নাম ভৈলা আগ।। ৫৬৩
কলিত কীৰ্ত্তন যিটো কৰে হৰি নাম।
তাৰ আৰ আচৰিবে নাথাকিল কাম।। ৫৬৪
নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনৰ সম।
যিটো গাৱে হৰি গুণ সিসি নৰোত্তম।। ৫৬৫
কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ।
সংসাৰক তৰি মাধৱক পাইবে লাগ।। ৫৬৬

        ।। নাম ।।

কেশৱ কমলাকান্ত অনন্ত অনাদি।
নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদবাদী।। ৫৬৭
জয় জয় জগত জনক জগজীৱ।
অনন্ত অচ্যুত সনাতন সদাশিৱ।। ৫৬৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।। ৫৬৯
গোপাল গোৱিন্দ ৰাম কৃষ্ণ নাৰায়ণ।
কমল লোচন হৰি পতিত পাৱন।। ৫৭০
ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ।
ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন।। ৫৭১
গোপাল গোপীনাথ গোৱিন্দ মাধৱ।
জীৱৰ জীৱন যদু নন্দন যাদৱ।। ৫৭২

        ।। তাৎপৰ্য ।।

বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ।
ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ।। ৫৭৩
হৰি নামে হৰি নামে হৰি নামে গতি।
হৰি নামে ভকতৰ কেৱলে ভকতি।। ৫৭৪
কৃষ্ণ পাদ পদ্ম দুই মোৰ নিজ গতি।
হৰি নাম বিনে আন নজানো ভকতি।। ৫৭৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ৰাম কৃষ্ণ বিনে ঝুন্টা আৱৰ বিচাৰ।। ৫৭৬
শ্ৰীৰাম নাম ভকতৰ বিত্ত সাৰ।
সংসাৰ সাগৰে ৰাম নামে দূৰ্গ পাৰ।। ৫৭৭
হৰি নাম কীৰ্ত্তনেসে পৰম মঙ্গল।
পাৱয় পৰমানন্দ গুচে কৰ্ম্ম মল।। ৫৭৮
ব্ৰহ্মা হৰো ভজন্ত হৰিৰ দুই পাৱে।
মুকুত সকলো সদা হৰি গুণ গাৱে।। ৫৭৯

        ।। বিৰকতি ।।

বিষয়ৰ আশা ভঙ্গে হৰিৰ হৰিষ।
দেখয় বিষয় সুখ বিষ্ঠাৰ সদৃশ।। ৫৮০
বিষয়ৰ সুখ যত সকলো অসাৰ।
জানিয়া ভকতে তাক কৰে পৰিহাৰ।। ৫৮১

        ।। স্তুতি ।।

মুৰাৰি মাধৱ মধু ৰিপু ৰাম।
তুমি ভকতৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম।। ৫৮২
কৃপাৰ সাগৰ কৃপাময় কৃপা নিধি।
তুৱা গুণ নাম ভকতৰ সৰ্ব্বসিদ্ধি।। ৫৮৩
মুৰাৰি মনোহৰ ভগৱন্ত দেৱ।
তুমি বিনে পতিতৰ গতি নাহি কেৱ।। ৫৮৪
কিনো কৃপাময় দেৱ প্ৰভু যদুৰায়।
মুখ মাজে থৈলা নাম সৰ্ব্বক্ষণে পায়।। ৫৮৫
--------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।



Post a Comment

0 Comments