Subscribe Us

শিক্ষক দিৱস

শিক্ষক দিৱস


            বিশ্বৰ প্ৰায় সকলো দেশতে শিক্ষকসকলৰ সন্মানাৰ্থে শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক দিৱসৰ ইংৰাজী প্ৰতিশব্দ হ'ল- Teachers' Days। এই দিনটোত শিক্ষকসকলৰ ত্যাগক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে তেওঁলোকক পুৰস্কৃত কৰা হয়।


            দেশ ভেদে শিক্ষক দিৱসৰ দিনটো ভিন ভিন হোৱা দেখা যায়। ভাৰতত পাঁচ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।


            প্ৰখ্যাত শিক্ষাবিদ তথা দেশৰ ভূতপূর্ব ৰাষ্ট্ৰপতি ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত তেখেতৰ জন্ম তিথি পাঁচ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।"শিক্ষক দিৱস" আৰু 'বিশ্ব শিক্ষক দিৱস' একে নহয়। UNESCO-ই আৰম্ভ কৰা "বিশ্ব শিক্ষক দিৱস" সমগ্র বিশ্বতে পাঁচ অক্টোবৰৰ দিনা পালন কৰা হয়।


            দেশ ভেদে শিক্ষক দিৱসৰ দিনটো বেলেগ বেলেগ হোৱা দেখা যায়। ভাৰতবৰ্ষত পাঁচ ছেপ্তেম্বৰত শিক্ষক দিৱস পালন কৰাৰ বিপৰীতে, চুবুৰীয়া দেশ বাংলাদেশত ৪ অক্টোবৰত, ভূটানত ২ মে'ত, চীনত ১০ ছেপ্টেম্বৰত, পাকিস্তানত ৫ অক্টোবৰত, শ্ৰীলংকাত ৬ অক্টোবৰত আৰু আফগানিস্তানত ৫ অক্টোবৰত শিক্ষক দিৱস পালন কৰা হয়।
--------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments