হৰ হৰ নন্দী ভৃঙ্গী

হৰ হৰ নন্দী ভৃঙ্গী

হৰ হৰ নন্দী ভৃঙ্গী স্তুতি কৰে গন্ধৰ্ব কিন্নৰে
আ-হেতু সদা শিৱ দেৱ দিগাম্বৰ।


ত্ৰিলোকৰ নাথ হৰ শিৰে জটাধাৰী
গালে শোভা কৰে প্ৰভুৰ অহি লম্বা দাৰি।
আ-হেতু সদা শিৱ দেৱ দিগাম্বৰ।


কপালতে শোভা কৰে অৰ্দ্ধ চন্দ্ৰকলা
গলে শোভা কৰে প্ৰভুৰ নৰ মুণ্ড মালা।
আ-হেতু সদা শিৱ দেৱ দিগাম্বৰ।


কণ্ঠে শোভা কৰে প্ৰভুৰ গৰলৰ জ্বাল
কঙ্কালতে শোভা কৰে অ'হি বাঘৰ ছাল।
আ-হেতু সদা শিৱ দেৱ দিগাম্বৰ।


কক্ষে পৰি শোভা কৰে অহি ভাঙৰ জুলি
সৰ্ব গাৱে শোভা কৰে অহি ভষ্ম ধূলি।
আ-হেতু সদা শিৱ দেৱ দিগাম্বৰ।


কৰে শোভা কৰে প্ৰভুৰ ত্ৰিশূল ডম্বৰু
বৃষভে চৰিয়া ফুৰে জগতৰে গুৰু।
আ-হেতু সদা শিৱ দেৱ দিগাম্বৰ।
--------------------------------------

Post a Comment

0 Comments