ৰাম নাম কি মধুৰ প্ৰভু নাম কি মধুৰ।
মধুময় হৰি নাম মন প্ৰাণ কৰে জুৰ।।
কৃষ্ণৰ পৰম নিৰ্মল উদাৰ
কথাৰ সত্য প্ৰকাশ
গঙ্গা আদি কৰি যত তীৰ্থ আছে
তৈতেহে কৰে নিবাস।
চিৰিৰাম নাম ভকত জনৰ
মহাধাম সিৰাদিত্য
সংসাৰ সাগৰ তাৰ দূৰ্গ পাৰ
শ্ৰীৰাম নাম নিশ্চিত।
নাৰায়ণ নাম নৰ সমস্তৰ
প্ৰসিদ্ধ চিৰি বিশেষ
অনেক জন্মৰ সঞ্চিত পাতেক
স্মৰণে কৰে নিঃশেষ।
-----------------
0 Comments
Please do not enter any spam link in the comment box.