উপন্যাস আৰু ইয়াৰ ক্ৰমবিকাশৰ
আধুনিক সাহিত্যৰ এটা উল্লেখযোগ্য বিভাগ হৈছে উপন্যাস। গদ্যত ৰচিত দৈনন্দিন জীৱনৰ বাস্তৱতা ফুটাই তোলা কাহিনীকে উপন্যাস বুলিব পাৰি।
মধ্যযুগীয় ইউৰোপৰ আৰ্থসামাজিক অৱস্থাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে সেই সময়ত তাত সামন্তবাদী প্ৰথাৰ প্ৰচলন আছিল। সামন্ত প্ৰভুসকল বিপুল ভূ-সম্পত্তিৰ অধিকাৰী আছিল। তেওঁলোকে কৃষকসকলক নিজৰ ভূমিত উৎপাদন কাৰ্য্যত প্ৰয়োগ কৰিছিল। বিনিময়ত কৃষক সকলে উৎপাদিত সামগ্ৰীৰ এটা সামান্য অংশহে লাভ কৰিছিল। এই ভূস্বামীসকলৰ হাতত প্ৰচুৰ পৰিমাণে অৱসৰৰ সময় পাইছিল। সেই সময়খিনিত তেওঁলোকে অধ্যয়ন আৰু আমোদ-প্ৰমোদৰ মাজেৰে অতিবাহিত কৰিছিল। তেওঁলোকৰ মন বীৰত্ব ব্যঞ্জক কাহিনী, আদৰ্শবান পুৰুষৰ কৃতিত্ব, মহানতা, প্ৰেৰণাদায়ক প্ৰসঙ্গলৈ ধাবিত হৈছিল।
নৱন্যাসৰ সময়ৰ পৰা অৰ্থাৎ পঞ্চদশ-ষোড়শ শতিকাৰ পৰা ইউৰোপত নতুন চিন্তাধাৰাৰ অভ্যুদয় ঘটিছিল। ইটালীত পোন প্ৰথমবাৰৰ বাবে এই মনোৰঞ্জক গাথা-কাহিনীসমূহে এক ভিন্ন নাম পালে। সেয়া হ'ল নভেলা (Novella) অৰ্থাৎ নতুন। ইটালীয় এই নভেলা শব্দৰ পৰাই ইংৰাজী নভেল শব্দটোৰ সৃষ্টি হয়। নভেলৰ অসমীয়া প্ৰতিশব্দ হ'ল উপন্যাস।
ইউৰোপ বা পাশ্চাত্য সাহিত্যৰ পৰিপ্ৰেক্ষিতত স্পেইনৰ মিণ্ডৱেল ডি চাৰ্ভেন্টিজ নামৰ ঔপন্যাসিকজনৰ কুইস্কোট (Don Quixote) ক প্ৰথম উপন্যাস বুলি কোৱা হয়। দুটা খণ্ডত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰথম খণ্ডটো ১৬০৫ চন প্ৰকাশ পাইছিল। দ্বিতীয় খণ্ডটো ১৬১৫ চনত প্ৰকাশ পায়।
ওৱাল্টাৰ স্কটক ইংৰাজী উপন্যাসৰ পিতৃ আখ্যা দিয়া হয়। অষ্টাদশ শতিকাৰ শেষৰভাগত ইংলেণ্ডত তেখেতৰ জন্ম হয়। জীৱনৰ অধিক কাল তেখেতে স্কটলেণ্ডৰ গ্ৰামীণ পৰিৱেশত অতিবাহিত কৰে বাবে তাৰ গ্ৰামাঞ্চলত প্ৰচলিত লোকগাথা, পৰম্পৰাগত বিশ্বাস, অন্ধবিশ্বাস, ৰীতি-নীতি আদিৰ বৰ্ণাঢ্য প্ৰসংগৰ দ্বাৰা প্ৰভাৱিত হৈ স্কটে উপন্যাস সৃষ্টিত মনোনিবেশ কৰে। তেওঁ মূলতঃ ঐতিহাসিক উপন্যাসৰ নিৰ্মাতা।
অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে ঊণবিংশ শতিকাৰ শেষৰ ভাগতহে অসমীয়া উপন্যাসৰ সৃষ্টি হয়। আধুনিক অসমীয়া সাহিত্যৰ নৱতম সৃষ্টি উপন্যাসৰ প্ৰথম বীজটো সংস্থাপিত হৈছিল মিছনেৰীসকলে প্ৰকাশ কৰা অৰুনোদই আলোচনীৰ পাতত। সেই সময়ছোৱাতে আমেৰিকান খ্ৰীষ্টান মিছনেৰী ডঃ নাথান ব্ৰাউনে বিখ্যাত ইংৰাজী সাহিত্যত জন বুনিয়ানৰ "দি পিলগ্ৰীম প্ৰগ্ৰেচ" নামৰ উপন্যাসখন "যাত্ৰিকৰ যাত্ৰা" নামেৰে ১৮৪৮ চনত অসমীয়ালৈ অনুবাদ কৰি অৰুনোদইৰ কাকতত প্ৰকাশ কৰে। ইয়াৰ পিছত ১৮৫৮ চনত "যাত্ৰিকৰ যাত্ৰা" পুথি হিচাপে প্ৰকাশ পায়। উপন্যাসখনত পাপেৰে জৰ্জৰিত লোকে ভাগৱত দৰ্শন লাভৰ জৰিয়তে কেনেকৈ মুক্তিৰ সন্ধান পাব পাৰে তাকেই বৰ্ণানা কৰিছে। এইখিনিতে, জনাই থোৱাটো ভাল যে সেই সময়ত অৰ্থাৎ আৰম্ভণিতে অৰুণোদয় কাকত খনৰ নাম অৰুনোদই আছিল।
"যাত্ৰিকৰ যাত্ৰা" উপন্যাস খনৰ কাহিনীভাগৰ লগত অসমীয়া সমাজ জীৱনৰ বিশেষ সম্পৰ্ক নাই, উপন্যাসৰ কাহিনী সুদৃঢ় নহয়, গদ্য ভঙ্গী অপৰিমাৰ্জিত, বাক্যৰীতি ইংৰাজী বাক্যৰ ওচৰ চপা, আংগিকৰ দিশটো বৰ দুৰ্বল। তথাপি এইখন উপন্যাসৰ জৰিয়তে অসমীয়া পাঠকৰ উপন্যাসৰ লগত পৰিচয় হয়। ক'বলৈ গ'লে এইখনেই প্ৰথম অসমীয়া উপন্যাস।
ইয়াৰ পিছতে এই কে গাৰ্ণিয়ে এলোকেশী বেশ্যাৰ বিষয়, কানি বেহেৰুৱাৰ বিষয় আৰু ৰুথৰ কাহিনী অসমীয়ালৈ অনুবাদ কৰে। শ্ৰীমতী গাৰ্ণিয়ে "কামিনীকান্ত" নামেৰে এখনি উপন্যাস ৰচনা কৰে। ফুলমণি আৰু কৰুণা উপন্যাস খন মুল বাংলাৰ পৰা অনুবাদ কৰে।
১৮৭৭ চনত প্ৰকাশ পোৱা এলোকেশী বেশ্যাৰ বিষয় উপন্যাসত এলোকেশী নামৰ বালবিধবা এগৰাকী কেনেদৰে জীৱনৰ পাকচক্ৰত পৰি অনৈতিক কামত লিপ্ত হৈছিল আৰু শেষত খ্ৰীষ্টান ধৰ্মত আশ্ৰয় লৈ কেনেদৰে পবিত্ৰ জীৱনৰ পথলৈ ঘূৰি আহিল তাৰ বৰ্ণনা কৰা হৈছে। ঠিক তেনেদৰে ১৮৭৭ চনতে প্ৰকাশ পোৱা কামিনীকান্ত উপন্যাসত কামিনীকান্ত নামৰ নৈষ্ঠিক হিন্দু এগৰাকী খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি কেনেদৰে পৰিয়াল আৰু সমাজৰ পৰা বাধাৰ সন্মুখীন হৈছিল আৰু শেষত পৰিয়ালৰ সকলো সদস্যকে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল তাৰ বৰ্ণনা কৰা হৈছে। উপন্যাস খনৰ পটভূমি আৰু চৰিত্ৰসমূহ বঙালী সমাজৰ ওচৰ চপা। তথাপি ভাষাৰ ফালৰপৰা ই এখনি মৌলিক অসমীয়া উপন্যাস। মূল শ্ৰীমতী হানা কেথাৰিণ মুলেঞ্চৰ "ফুলমণি ও কৰুণাৰ বিবৰণ" উপন্যাসখন এ কে গাৰ্ণীৰ পত্নী মেৰী এফ লৰেঞ্চে ১৮৭৭ চনত "ফুলমণি আৰু কৰুণা" নামেৰে অনুবাদ কৰি ছপা কৰি উলিয়ায়। উল্লেখযোগ্য যে ১৮৫৪ চনতে এই "ফুলমণি আৰু কৰুণা" পুথিখন শ্ৰীৰামপুৰৰ কোনো খ্ৰীষ্টান পাদুৰীৱে অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কথা আনন্দৰাম ঢেকিয়াল ফুকনে তেখেতৰ "A Few Remarks on the Assamese Language and on Vermicular Education in Assam" নামৰ গ্ৰন্থত উল্লেখ কৰিছে।
উপন্যাসখনত খ্ৰীষ্টান ধৰ্মৰ মহত্ব আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ, স্বামীৰ প্ৰতি স্ত্ৰীৰ কৰ্তব্য, শিশুৰ নৈতিক শিক্ষা, নাৰী সবলীকৰণ, স্ত্ৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া আদি কথাবোৰৰ ওচৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ১৮৭৮ চনত এ কে গাৰ্ণীয়ে অনুবাদ কৰি "কানি বেহেৰুৱাৰ বিষয়" নামৰ উপন্যাসখন প্ৰকাশ কৰে। মূলতঃ এই পুথিখনো খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা হৈছিল।
১৮৭৬ চনত হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা "বহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী" এখনি ব্যঙ্গাত্মক উপন্যাস। উপন্যাসৰ পটভূমি, সংলাপ, চৰিত্ৰ আদি অসমীয়া সমাজৰ পৰা আহৰণ কৰা হৈছে। উপন্যাসখনত প্ৰাচ্য আৰু পাশ্চাত্যৰ দোমোজাত অসমীয়া সত্ৰীয়া সংস্কৃতিৰ অৱক্ষয় আৰু অসমীয়া মানুহৰ বৈচিত্ৰ্যপূৰ্ণ মানসিকতা কিছু পৰিমাণে ফুটি উঠিছে। ১৮৮৪ চনত পদ্মাৱতী দেৱী ফুকননীৰ হাতত "সুধৰ্মাৰ উপাখ্যান" প্ৰকাশ পায়। তিনিগৰাকী বিবাহিত মহিলাই বিভিন্ন পৰিস্থিতিত নিজ নিজ স্বামীৰ পৰা পৃথক হ'বলগীয়া হয়। ইয়াৰে দুগৰাকী মহিলাৰ স্বামী সৎ চৰিত্ৰৰ এগৰাকীৰ অসৎ প্ৰকৃতিৰ। কাহিনীৰ শেষৰফালে নৈতিকতা আৰু স্ত্ৰী-ধৰ্মৰ দোহাই দি সন্যাসী ৰূপা তিনিগৰাকী মহিলাক নিজ নিজ স্বামীক দেৱতা জ্ঞান কৰি সাংসাৰিক ধৰ্ম পালন কৰিবলৈ শিকনি দিয়ে। উপন্যাস খনৰ কাহিনীভাগ আৰম্ভণিতে সংঘাত আছে যদিও পৰৱৰ্তী সময়ত চৰিত্ৰৰ বিকাশ হোৱা নাই। লগতে বাস্তৱ জীৱনৰ কোনো বিশ্বাসযোগ্য চিত্ৰণ হোৱা নাই। তথাপি বহুতো সাহিত্য সমালোচকৰ মতে কম পৰিমাণে হ'লেও সুধৰ্মাৰ উপাখ্যানৰ মাজেদি আধুনিক অসমীয়া উপন্যাসৰ উকমুকনি ঘটিছে। তথাপি "সুধৰ্মাৰ উপাখ্যান" উপন্যাস খনো এখন সাৰ্থক উপন্যাস হিচাপে পৰিগণিত নহ'ল। অৱশ্য সেই সময়ৰ মহিলা এগৰাকীয়ে এনে ধৰণৰ উপন্যাস লিখি উলিওৱাটো এটি আদৰণীয় বিষয়।
১৮৮৫ চনত প্ৰকাশ হৈ থকা আসাম বন্ধু কাকতৰ সপ্তম আৰু অষ্টম সংখ্যাত কৰুণাভিৰাম বৰুৱাই লিখা "প্ৰমীলা" নামৰ উপন্যাসৰ দুটা খণ্ড প্ৰকাশ পাইছিল। উল্লেখযোগ্য যে অসমীয়া সাহিত্যত "উপন্যাস" শব্দটো পোন প্ৰথমবাৰৰ বাবে আসাম বন্ধু কাকতত এই উপন্যাসখনৰ প্ৰসংগতে প্ৰয়োগ কৰা হৈছিল।
ইয়াৰ পিছতে পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস ভানুমতীৰ নাম ল'ব লাগিব। ১৮৯১ চনত বিজুলীৰ পাতত প্ৰকাশিত উপন্যাসখন ১৯০৮ চনত পুথি হিচাপে প্ৰকাশ পায়। উপন্যাসৰ পৃষ্ঠভূমি ঐতিহাসিক যদিও ইয়াৰ কাহিনীভাগ কাল্পনিক। আহোম ৰাজত্বৰ কোনো এক বিশেষ সময়ৰ পটভূমিত উপন্যাস খনৰ কাহিনীভাগ আগবাঢ়িছে। প্ৰকৃতাৰ্থত উপন্যাসৰ সকলো মৌলিক বৈশিষ্ট্যৰে সম্বৃদ্ধ ভানুমতী অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস।
উপন্যাসখনৰ কাহিনীভাগ এনেকুৱা- আহোম ৰাজত্বকালত মৰাণ বৰুৱাৰ কন্যা ভানুমতী মন্ত্ৰী পুত্ৰ চাৰু গোহাঞিৰ প্ৰতি আকৰ্ষিত হয়। ইফালে, মৰাণ বৰুৱাই জীয়েকৰ বিয়া স্বৰ্গদেউৰ পুত্ৰ শিৱসিংহৰ লগত আয়োজন কৰিছে। তাতেই ভানুমতীয়ে আপত্তি কৰি ঘৰৰপৰা ওলাই গৈছে। ঘটনা-পৰিঘটনাৰ অন্তত চাৰু গোহাঞিৰ লগত দেখাদেখি হয় যদিও মিলন সম্ভৱ হৈ নুঠিল। পোন প্ৰথমবাৰৰ বাবে গোহাঞিবৰুৱাৰ এই ভানুমতী নামৰ উপন্যাসখনৰ কাহিনীতে নতুন অৰ্থৰ বাস্তৱতা আৰু ব্যক্তিবাদ প্ৰস্ফুটিত হৈছে। স্বাধীন চেতিয়া নাৰী ভানুমতী ব্যক্তিগত আশা-আকাংক্ষা পূৰণৰ অৰ্থে সামাজিক বাধা নেওচি নিজৰ মাত মাতিবলৈ সক্ষম হৈছে। ইয়াতেই ঔপন্যাসিকৰ সৃষ্টিৰ সাৰ্থকতা। অসমীয়া সমাজত প্ৰচলিত পুৰণি ৰীতি-নীতি পৰম্পৰা ধাৰণাৰ বিপৰীতে ভানুমতীৰ ৰূপত পাৰ্থিৱ ৰূপ প্ৰকাশ পাইছে।
লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী উপন্যাস খন পদ্মকুমাৰী নামেৰে ১৮৯১ চনৰ জোনাকী কাকতত ছোৱা-ছোৱাকৈ প্ৰকাশ পায়। এই উপন্যাসখন ১৯০৫ চনত পদুমকুঁৱৰী নামেৰে প্ৰকাশ কৰে উপন্যাসখনত ৰাজনৈতিক দুৰ্যোগৰ মাজত সূৰ্য আৰু পদুমৰ প্ৰণয়ৰ শোকাৱহ পৰিণতিত সমাপ্ত হৈছে।
১৮৯২ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ লাহৰী নামৰ উপন্যাসখন গ্ৰন্থ হিচাপে প্ৰকাশ পায় উল্লেখযোগ্য যে লাহৰী অসমীয়া সাহিত্যৰ প্ৰথম ছপা উপন্যাস। লাহৰী উপন্যাসৰ পটভূমি হ'ল মানৰ অসম আক্ৰমণ।
ইয়াৰ পিছত বিজুলীৰ পাততে ছোৱা-ছোৱাকৈ প্ৰকাশ পায় নীলকান্ত বৰুৱাৰ ব্যঙ্গাত্মক উপন্যাস "মেম"। উপন্যাস হিচাপে মেম বৰ সাৰ্থক নাছিল।
ৰজনীকান্ত বৰদলৈৰ হাতত অসমীয়া উপন্যাসে প্ৰাণ পাই উঠে। তেখেতৰ প্ৰথম তথা একমাত্ৰ সামাজিক উপন্যাস মিৰি-জীয়ৰী ১৮৯৪ চনত প্ৰকাশ পায়। পাছলৈ ভালেকেইখন অসমীয়া ঐতিহাসিক উপন্যাস ৰচনা কৰি অসমৰ স্কট, উপন্যাস সম্ৰাট আদি বিভূষণেৰে বিভূষিত হ'বলৈ সক্ষম হয়।
ইয়াৰ পিছত এই শতিকাতে আৰু দুখন অসমীয়া উপন্যাস প্ৰকাশ পায়- হৰেশ্বৰ শৰ্মা বৰুৱাৰ কুসুম-কুমাৰী (১৮৯৮) আৰু মহীৰাম দাসৰ হৰিদেও কানীয়াৰ কথা (১৮৯৮)।
এনেদৰে প্ৰস্তুতি কালত অনুবাদ উপন্যাসেৰে আৰম্ভ হোৱা অসমীয়া সাহিত্যৰ উপন্যাসৰ ধাৰাটি ১৮৯১ চনত নিভাঁজ অসমীয়া উপন্যাস সৃষ্টিৰ পৰিক্ৰমাৰে উপন্যাসৰ এই ঠালটি ১৮৯৪ চনত ৰজনীকান্ত বৰদলৈৰ হাতত পল্লৱিত হৈ উঠে।
১৯৪৪ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা ছদ্মনামেৰে ৰচনা কৰা জীৱনৰ বাটত উপন্যাসখনে অসমীয়া উপন্যাসৰ ধাৰালৈ অভিনৱ জোৱাৰ তোলে। পৰৱৰ্তীকালত চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামীৰ হাতত অকল সমাজ জীৱনৰ কথাৰ লগতে ব্যক্তি জীৱনৰ সংঘাত, ব্যক্তি মনৰ সুপ্ত আশা-আকাংক্ষাৰ বিশ্লেষণাত্মক দৃষ্টিৰে অসমীয়া উপন্যাসৰ ধাৰাটো বহুদূৰ আগবঢ়ায় নিয়ে। এইসকল ঔপন্যাসিকৰ পদাংক অনুসৰণ কৰি পৰৱৰ্তী সময়ৰ ঔপন্যাসিক সকলে অসমীয়া উপন্যাসৰ ধাৰাটো আগবঢ়ায় নিয়ে।
উপন্যাসৰ সংজ্ঞা
উপন্যাসৰ সংজ্ঞা দিবলৈ গৈ ইণ্ডোনেছিয়াৰ সাহিত্য সমালোচক সুমাৰ্ডজোৱে কৈছে- "Novel is a story with the prose form in long shape, this long shape means the story including the complex plot, many characters and various settings."
অৰ্থাৎ, উপন্যাস হৈছে গদ্যৰ আকাৰত লিখা এটা দীঘলীয়া কাহিনী। ইয়াত দীঘলীয়া কাহিনী বুলিলে কাহিনীৰ লগতে জটিল প্লটৰ লগতে বিভিন্ন চৰিত্ৰ আৰু পৰিৱেশ-পৰিস্থিতিৰ কথা সূচায়। উপন্যাস সম্পৰ্কে এই সংজ্ঞাটোৱে উপন্যাসৰ সকলো মৌলিক উপাদানসমূহ যেনে কাহিনী, প্লট, চৰিত্ৰ, পৰিৱেশ-পৰিস্থিতিৰ লগতে আনুষংগিক দিশবোৰ সাঙুৰি লৈছে।
উপন্যাসৰ উপাদান
কাহিনী, প্লট, চৰিত্ৰ, বিষয়বস্তু, কথকতা আদি হ'ল উপন্যাসৰ উপাদান। তলত এই উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল-
উপন্যাসৰ কাহিনী
একো একোটা বাহিনীয়ে একো একোখন উপন্যাসৰ শাৰিৰীক অবয়ব প্ৰদান কৰে। উপন্যাসৰ কাহিনীৰ বিষয়ে বিখ্যাত সমালোচক ই এম ফ্ৰষ্টাৰে কৈছে- "A story is a narrative of events arranged by time sequence." অৰ্থাৎ কাহিনী হৈছে সময়ৰ অনুক্ৰম অনুসাৰে সজোৱা ঘটনা বা ঘটনাৰ সমষ্টি। এই কাহিনীতে একো একোখন উপন্যাসৰ প্ৰাণ নিহত হৈ থাকে। উপন্যাসৰ কাহিনী দুটা ভাগত ভাগ কৰি আলোচনা কৰা হয়। সেই ভাগ দুটা হ'ল- শিথিল কাহিনী আৰু দৃঢ় সংবদ্ধ কাহিনী।
শিথিল কাহিনী
উপন্যাসৰ যিবোৰ কাহিনীত এটা কেন্দ্ৰীয় ভাব নাইবা বিষয়বস্তুক আধাৰ হিচাপে লৈ বিভিন্ন ঘটনাৰ সংযোগ ঘটোৱা হয়, তেনে কাহিনীক শিথিল কাহিনী বোলা হয়।
দৃঢ় সংবদ্ধ কাহিনী
দৃঢ় সংবদ্ধ কাহিনীৰ বিষয়ে উল্লেখ কৰি সমালোচক শৈলেন ভৰালীয়ে তেখেতৰ আলোচনা মূলক গন্থ উপন্যাসঃ বিচাৰ আৰু বিশ্লেষণত কৈছে, "দৃঢ় সংবদ্ধ কাহিনীত আটাইবোৰ ঘটনা কেন্দ্ৰীয় ভাবটোত লিপিত খাই থাকে। এই শ্ৰেণীৰ উপন্যাসৰ কাহিনীত মূল কাহিনী বা কেন্দ্ৰীয় ভাৱনাৰ লগত অপ্ৰাসংগিক বিষয়বস্তু সংলগ্ন হৈ নাথাকে।
উপন্যাসৰ প্লট
উপন্যাসৰ কাহিনী আৰু প্লটৰ মজত থকা সূক্ষ্ম পাৰ্থক্যটো বিচাৰি উলিয়াবলৈ টান। সাহিত্য সমালোচক গোবিন্দ প্ৰসাদ শৰ্মাই প্লট আৰু কাহিনীৰ পাৰ্থক্যটো সৰলভাৱে বুজাবলৈ গৈ বিখ্যাত সাহিত্য সমালোচক ই এম ফ্ৰষ্টাৰৰ কথাকে উদ্ধৃতি দি এনেদৰে লিখিছে, "ৰজাৰ মৃত্যু হ'ল আৰু তাৰ পিছত ৰাণীৰো মৃত্যু হ'ল- ই এটা কাহিনী। কিন্তু ৰজাৰ মৃত্যু হ'ল আৰু তাৰ পিছত সেই শোকতে ৰাণীৰো মৃত্যু হ'ল - ই এটা প্লট। আগৰ বৃত্তান্তটো এটা কাহিনী। কাৰণ ইয়াত মৃত্যুৰ ঘটনা ঘটিছে সময়ৰ অনুক্ৰমত। কিন্তু পিছৰ বৃত্তান্তটি হ'ল আগৰ কাহিনীৰ প্লট। কাৰণ ইয়াত বিচাৰ্য বিষয় হ'ল, কাৰ মৃত্যু কাৰ পিছত হৈছে সেয়া নহয়। ইয়াত বিচাৰ্য হ'ল, ৰাণীৰ মৃত্যু কিয় হ'ল- সেইটোহে (সেই শোকতে)।"
উল্লেখযোগ্য যে প্লটৰ শ্ৰেণীবিভাজন কৰিব পাৰি। বিখ্যাত সমালোচক জেৰেমি হথৰ্ণে তেখেতৰ Studying the Novel নামৰ গ্ৰন্থত মানুহৰ প্ৰধান কাৰ্যকলাপৰ প্ৰকাৰ অনুসৰি প্লটক তলত দিয়া ধৰণে ভাগ কৰি দেখুৱাইছে- সংঘাতমূলক প্লট, ৰহস্যকেন্দ্ৰিক প্লট, অনুসন্ধান বা অনুধাৱনমূলক প্লট, ভ্ৰমণভিত্তিক প্লট ইত্যাদি। সংঘাতমূলক প্লটে চৰিত্ৰক অধিক বিকাশশীল আৰু গতিশীল ৰূপ প্ৰদান কৰে। ঠিক সেইদৰে ৰহস্যকেন্দ্ৰিক প্লটে পাঠক-শ্ৰোতাৰ মনত জিজ্ঞাসা সৃষ্টি কৰাৰ লগতে প্লটত দেখিবলৈ পোৱা ৰহস্যময় দিশটোত দৃষ্টি নিৱদ্ধ কৰে। চৰিত্ৰ সমূহৰ কাৰ্যকলাপৰ আগবাঢ়ি যোৱাৰ লগে লগে সেই ৰহস্যৰ চামনিও ক্ৰমশঃ ডাঠ হৈ গৈ থাকে। সেই চামনি ভেদ কৰি ৰহস্যৰ উদ্ঘাটনে একো একোখন সাৰ্থক ৰহস্যকেন্দ্ৰিক প্লটৰ সাৰ্থকতা নিৰ্ণয় কৰে। অনুসন্ধান বা অনুধাৱনমূলক প্লটৰ ক্ষেত্ৰতো এই একে কথাই প্ৰযোজ্য হয়। চৰিত্ৰৰ চকুৰ মাধ্যমেৰে বা চৰিত্ৰৰ কাৰ্যকলাপৰ মাজেদি পাঠকে ভ্ৰমণভিত্তিক প্লটৰ মনোহাৰিত্ব উপভোগ কৰিব পাৰি। কাহিনীৰ দৰে উপন্যাসৰ প্লটকো শিথিল আৰু সুগঠিত- এই দুই ভাগত ভাগ কৰা হয়।
শিথিল প্লট
সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱা মতে শিথিল প্লট সেইবিধ য'ত এলানি ঘটনাপুঞ্জক উপন্যাসত ধাৰাবাহিকভাৱে গাঁথি থোৱা হয়। সেই সকলোবোৰ ঘটনা উপন্যাসৰ মূল কাহিনীৰ প্ৰস্ফুৰণত সহায়ক নহ'বও পাৰে। ফলত কাহিনীভাগ আটিল নহৈ মেদযুক্ত হৈ পৰে। কাহিনীৰ নায়ক বা নায়িকাগৰাকী বিভিন্ন পাত্ৰ-পাত্ৰী আৰু পৰিস্থিতিৰ লগত সাঙোৰ খাই পৰি কাহিনীভাগ আগবঢ়ায় নিয়ে যদিও পাঠকৰ মনত ঔৎসুক্যবোধ সৃষ্টি কৰিব নোৱাৰে। এনে পৰিস্থিতিত উপন্যাসৰ চৰিত্ৰ জটিল মানসিক বা কোনো প্ৰকাৰৰ বাহ্যিক সংঘাতৰ মূখামুখি হোৱাৰ অৱকাশ নাথাকে। ফলত শিথিল প্লটৰ উপন্যাসৰ চৰিত্ৰৰ কেৱল প্ৰকাশহে ঘটে, চৰিত্ৰ বিকাশ নঘটে।
সুগঠিত প্লট
সুগঠিত প্লট সেইবিধ য'ত ঔপন্যাসিক গৰাকীয়ে তেওঁ নিৰ্মাণ কৰিবলগীয়া সৃষ্টিৰ এটি প্ৰতিৰূপ বা জুমুধি তৈয়াৰ কৰি লয়। এনে উপন্যাসৰ কাহিনী সাধাৰণতে বলিষ্ঠ প্ৰকৃতিৰ হয় আৰু প্লটো শক্তিশালী হয়।
উপন্যাসৰ চৰিত্ৰ
চৰিত্ৰ উপন্যাসৰ এটা মুখ্য তথা অপৰিহাৰ্য উপাদান। কাহিনী ভেদে চৰিত্ৰৰ প্ৰকৃতিও ভিন্ন হয়। চৰিত্ৰ চিত্ৰণৰ ফালৰপৰা চৰিত্ৰসমূহক আমি দুই ধৰণে ভাগ কৰিব পাৰি- শিথিল চৰিত্ৰ বা টাইপ চৰিত্ৰ আৰু মুক্ত চৰিত্ৰ বা গতিশীল চৰিত্ৰ।
শিথিল চৰিত্ৰ বা টাইপ চৰিত্ৰ
এখন উপন্যাসত কিছুমান ভাল আৰু কিছুমান বেয়া চৰিত্ৰ দেখিবলৈ পোৱা যায়। ঔপন্যাসিকে নিজৰ কল্পনা আৰু চিন্তাধাৰাৰে চৰিত্ৰসমূহক জীৱন্ত ৰূপত দাঙি ধৰে। কাহিনীৰ গতিৰ লগত ছন্দ মিলাবলৈ চৰিত্ৰসমূহত এনে কিছুমান দোষ বা গুণ আৰোপ কৰা হয় যাতে কাহিনীভাগ আগবাঢ়ি যোৱাত সেই চৰিত্ৰসমূহে নিৰ্ধাৰিত কৰি থোৱা কাৰ্যবোৰ কৰি যায়। এনে প্ৰসংগতে ভাল আৰু বেয়া চৰিত্ৰৰ বিষয়তো আহি পৰে। ঔপন্যাসিকে সূত্ৰধাৰৰ দৰে চৰিত্ৰসমূহ নিয়ন্ত্ৰণ কৰে আৰু কাহিনীত সিবিলাকৰ স্থান নিৰ্দিষ্ট কৰে। তেনে চৰিত্ৰই কাহিনীৰ দিশ সলনি কৰাত সহায় নকৰে আৰু কৰিবও নোৱাৰে। চৰিত্ৰ আৰু কাৰ্যাৱলীৰ মাজেদি ভাল আৰু বেয়া টাইপ চৰিত্ৰৰ অনুধাৱন কৰিব পাৰি।
মুক্ত চৰিত্ৰ বা গতিশীল চৰিত্ৰ
মুক্ত চৰিত্ৰ বা গতিশীল চৰিত্ৰ টাইপ চৰিত্ৰৰ পৰা কিছু পৃথক। এনে চৰিত্ৰক ঔপন্যাসিকে নিয়ন্ত্ৰণ নকৰি মুক্তভাৱে গতি কৰিবলৈ বা প্ৰতিভাৰে বিকশিত হ'বলৈ এৰি দিয়া হয়।
ইয়াৰ উপৰিও সাহিত্য সমালোচক গোবিন্দ প্ৰসাদ শৰ্মাই উপন্যাসত আন্য এবিধ চৰিত্ৰৰ বিষয়ে তেখেতৰ উপন্যাস আৰু অসমীয়া উপন্যাস নামৰ গ্ৰন্থত Stock Character ৰ বিষয়ে উল্লেখ কৰিছে। Stock Character চৰিত্ৰবোৰ উপন্যাসৰ গৌণ চৰিত্ৰ। উপন্যাসৰ দাস, দাসী, লিগিৰা, লিগিৰী, সহায় কৰা, পৰিচাৰিকা আদি গৌণ চৰিত্ৰসমূহক ষ্টক চৰিত্ৰ বোলা হয়।
উপন্যাসৰ বিষয়বস্তু
উপন্যাসৰ বিষয়বস্তুৱে উপন্যাস এখনৰ অৰ্থ প্ৰকাশ কৰে। বেছিভাগ ঔপন্যাসিকে একো একোটা বিশেষ উদ্দেশ্য আগত ৰাখি উপন্যাসসমূহ ৰচনা কৰে। কিছুমান উপন্যাসত এই উদ্দেশ্য স্পষ্ট আৰু কিছুমানত সেই উদ্দেশ্যে অস্পষ্ট হৈ থাকে। ফলত পাঠকে নিজেই ধাৰণা কৰি ল'বলগীয়া হয়। উদাহৰণস্বৰূপে জীৱনৰ বাটত উপন্যাসখনৰ দুটি প্ৰধান চৰিত্ৰ তগৰ আৰু কমলাকান্তই জীৱনৰ দুই বিপৰীত মেৰুত অৱস্থান কৰিছে। সৰলমনা তগৰ গ্ৰাম্য জীৱনৰ সৰলতা আৰু সততাক প্ৰতিনিধিত্ব কৰিছে। আনটো মেৰুত উচ্চ শিক্ষাৰে শিক্ষিত কমলাকান্তই অভিজাত সাজ-পোছাক পিন্ধাৰ আপাহত সৰলতাৰ প্ৰতীক বাগদত্তা তগৰৰ জীৱনলৈ হতাশা আৰু অপমানৰ কলীয়া ডাৱৰ চপাই অনাত কুন্ঠাবোধ কৰা নাই। এইদৰে জীৱনৰ বাটত নামৰ সামাজিক উপন্যাসখনত গ্ৰাম্য আৰু নগৰমুখী ছিন্নমূল মানসিকতাই ব্যক্তিৰ মনত সৃষ্টি হোৱা সংঘাতজৰ্ৰৰ মনোজ্ঞ চিত্ৰ অংকন কৰিছে। অসমীয়া সমাজৰ পটভূমিত ৰচিত উপন্যাসখনত সেই সময়ৰ সমকালীন সমাজ ব্যৱস্থাৰ চিত্ৰ ফুটাই তুলিছে।
উপন্যাসৰ কথকতা
উপন্যাসৰ কথকতাক ইংৰাজীত narrative বুলি কোৱা হয়। প্ৰখ্যাত মাৰ্কিন চলচ্চিত্ৰ আৰু সাহিত্য সমালোচক Seymour Chatman ৰ মতে narrative বা কথকতা হৈছে- One of the most important observations to come out of narratology is that narrative itself is a deep structure quite independent of its medium. In other words, narrative is basically a kind of text organisation, and that organisation, that schema,needs to be actualized; in written words, as in stories and novels; in spoken words combined with the movements of actors imitating characters against sets which imitate places, as in plays and films; in drawings; in comic strips; in dance movement, as in narrative ballet and in mime; and even in music, at least in program music of the order of Till Eulenspiegel and Peter and the Wolf. অৰ্থাৎ narrative বা কথকতাৰ এটা বিশেষ দিশ হৈছে দ্বৈত সময় গাঁথনি। ইয়াৰ অৰ্থ হৈছে সকলো প্ৰকাৰৰ কথকতাই দুটা সংলগ্ন কৰে প্লটৰ ঘটনাৰাজিৰ সময়ক্ৰম আৰু কাহিনী কোৱা সময়ৰ লগত পাঠ্যত এই দুয়োটা দিশ পৰিৱেশৰ কৰা সময়। ইয়কে আলোচনা-সময় বোলা হয়। উপন্যাসত সাধাৰণতে দুই প্ৰকাৰে কথকতা আগবাঢ়ে। উপন্যাসৰ কাহিনীত নায়ক বা নায়িকাৰ জন্মৰপৰা তেওঁৰ মৃত্যুলৈ নাইবা জীৱনৰ এটা নিৰ্দিষ্ট সময়লৈ কাহিনীভাগ বৰ্ণিত হৈ গৈ থাকে। ইয়াত সৰলৰৈখিক গতিৰে কথকতা আগবাঢ়ে। ইয়াক কাহিনী কোৱা সময় বুলি কোৱা হয়। কেতিয়াবা আলোচনা-সময় ভিন্ন প্ৰকৃতিৰো হ'ব পাৰে। এনে পৰিস্থিতিত উপন্যাসৰ কথকতা বৰ্তমানৰ এক বিশেষ বিন্দুত আৰম্ভ হৈ ফ্লেচ বেকত অতীতলৈ উভতি গৈ আকৌ বৰ্তমানলৈ ঘুৰি আহে।
এনেদৰে প্ৰত্যেকগৰাকী সফল ঔপন্যাসিকে যথাসম্ভৱ দ্বৈত সময় গাঁথনিটো পালন কৰিবলৈ চেষ্টা কৰে।
উপন্যাসৰ প্ৰতীক আৰু চিত্ৰকল্প
উপন্যাসত প্ৰতীক আৰু চিত্ৰকল্প বা কল্পচিত্ৰৰ প্ৰয়োগ এটা আকৰ্ষণীয় দিশ। এটা শব্দই যেতিয়া তাৰ আক্ষৰিক বা আভিধানিক অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰিবলৈ সক্ষম হয়, তেতিয়া তাক প্ৰতীক বুলি কোৱা হয়।
চিত্ৰকল্পৰ বিষয়ে ক'বলৈ গৈ সাহিত্য সমালোচক মহেন্দ্ৰ বৰাই এনেদৰে উল্লেখ কৰিছে- ইয়াৰ অৰ্থাৎ চিত্ৰকল্পৰ অভিধানিক বা আক্ষৰিক অৰ্থ হ'ল ছবিৰ নিচিনা। ছবিৰ নিচিনাহে, কিন্তু ছবি নহয়। গতিকে বাস্তৱৰ ৰং আৰু ৰেখা নোহোৱা এখন ছবিয়েই হ'ল কল্পচিত্ৰ। ই মনৰ চকুৰে অনুভৱ কৰা এখন ছবি।
উপন্যাসৰ আংগিক
সাহিত্য সমালোচক মাৰ্ক স্কোৰাৰে আৰু উপন্যাসৰ আংগিকৰ বিষয়ে এনেদৰে কৈছে- "আমি আংগিকৰ কথা ক'লেই সকলোখিনি কোৱা হৈ যায়। কাৰণ আংগিক হ'ল লিখকৰ বাবে এটা উপায়, যি উপায়েৰে তেওঁ তেওঁৰ বিষয়বস্তুৰ ওপৰত দৃষ্টিপাত কৰে, আংগিকেই হ'ল তেওঁৰ একমাত্ৰ উপায়, যিহেৰে তেওঁ আবিষ্কাৰ কৰে, তেওঁৰ বিষয়বস্তুৰ বিকাশ ঘটায়, অৰ্থ বাখ্যা কৰে আৰু অৱশেষত মূল্যায়ন কৰে।"
উপন্যাসৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দেখা যায় যে পৰম্পৰাবাদী উপন্যাসত থকা কাহিনীৰ দৰে আধূনিকতাবাদী আৰু উত্তৰ আধুনিকতাবাদী উপন্যাসত কাহিনীৰ অৱস্থিতি দেখা নাযায়। ইয়াৰ সলনি আধূনিকতাবাদী আৰু উত্তৰ আধুনিকতাবাদী উপন্যাসত কিছুমান বৃত্তান্ত থকা দেখা যায়। কৌশলপূৰ্ণভাৱে আৰু যুক্তি ভিত্তিক গঢ় লোৱা সেই বৃত্তান্তৰ আধাৰতে আধূনিকতাবাদী আৰু উত্তৰ আধুনিকতাবাদী উপন্যাসৰ বৃত্তান্তৰ লগত চিনাকি হ'ব পাৰো। পৰম্পৰাবাদী উপন্যাসত থকা কাহিনীটোৱেই এটা বৃত্তান্ত। উপন্যাসৰ কাহিনী বা বৃত্তান্ত দাঙি ধৰা ব্যক্তিগৰাকীয়ে লিখিত শব্দৰ সহায় লয়। কিন্তু এই লিখিত শব্দ আৰু ভাষাৰ পোনপটীয়া প্ৰয়োগতে উপন্যাসৰ কাহিনী বা বৃত্তান্ত বৰ্ণোৱা প্ৰসংগটোৰ অন্ত নপৰে। ঔপন্যাসিক ভেদে বৃত্তান্ত কাহিনী অনুসৰি সাধু কোৱা ভংগী, নাটকীয় ভংগী, চিঠি বা ডায়েৰী লিখা ভংগী, চিনেমাৰ কৌশল আদি নানা ধৰণেৰে উপন্যাসৰ কাহিনী বা বৃত্তান্ত বৰ্ণনা কৰিব পাৰি। কাহিনী বৃত্তান্তকাৰীক আমি সৰ্বজ্ঞ বৰ্ণনাকাৰী বুলিব পাৰো। ৰচকে কাহিনীটোৰ বাহিৰত থাকি কাহিনীভাগ বৰ্ণনা কৰে, তেতিয়া তেওঁক তৃতীয় পুৰুষ বৰ্ণনাকাৰী বোলা হয়। আনহাতে, যদি বৰ্ণনাকাৰীৰ উপন্যাসত কোনো ভূমিকা নাই আৰু তেওঁৰ বিষয়ে জনাৰ একো উপায় নাই, তেতিয়া তেওঁক অনামী বৰ্ণনাকাৰী বোলা হয়। কেতিয়াবা অনামী বৰ্ণনাকাৰীগৰাকী ঔপন্যাসিক নিজেই বুলি স্পষ্টকৈ ধৰিব পাৰি। তেওঁ গ্ৰন্থকাৰ হিচাপে পাঠকক সম্বোধন কৰে আৰু ঘটনাবোৰৰ লেখ দি থাকে। কেতিয়াবা তৃতীয় পুৰুষ বৰ্ণনাকাৰীয়ে সম্পূৰ্ণ বৃত্তান্ত আগবঢ়াব নোৱাৰে। তেতিয়া সেই বৃত্তান্ত অন্য এগৰাকী তৃতীয় ব্যক্তিলৈ হস্তান্তৰিত হয়। পৰৱৰ্তী সময়ত বৃত্তান্ত সূতাডাল প্ৰথম গৰাকীৰ (তৃতীয় পুৰুষ) হাতত ন্যস্ত হয়।
কেতিয়াবা উপন্যাসৰ ভিতৰুৱা চৰিত্ৰ এটাও কাহিনীৰ বৃত্তান্তকাৰী হ'ব পাৰে। তেনে বৃত্তান্তকাৰীক অন্তৰ্গত বৃত্তান্তকাৰী বোলা হয়। আকৌ কোনো কোনো ক্ষেত্ৰত বৃত্তান্তকাৰীজন উপন্যাসৰ এটা চৰিত্ৰই নহয়, তেওঁ প্ৰথম পুৰুষতে নিজৰ জীৱনৰ কথা বৰ্ণনা কৰি যায়। তেওঁক প্ৰথম পুৰুষ বৰ্ণনাকাৰী বোলা হয়।
উপন্যাসৰ আংগিকৰ লগত জড়িত আন কেইটামান দীশ হ'ল উপন্যাসৰ কাল, উপন্যাসৰ বচনভংগী আৰু উপন্যাসৰ মনোভংগী। উপন্যাসৰ কালৰ বিষয়ে আলোচনা কৰিলে দেখা যায় যে উপন্যাসৰ কাহিনী পৃষ্ঠভূমিয়ে আগুৰা কালৰ বাহিৰেও সেই কালতকৈ অতীত কাললৈ বৃত্তান্ত পিছুৱাই যাব পাৰে আৰু আকৌ বৰ্তমানলৈ ঘূৰি অহা লক্ষণ পৰিলক্ষিত হয়। ঔপন্যাসিকৰ স্পষ্টবাদী চিন্তাধাৰা তেওঁলোকৰ উপন্যাসৰ চৰিত্ৰৰ মাজেদি প্ৰকাশ পায় আৰু এনে শক্তিশালী চৰিত্ৰসমূহৰ মাজেৰে ঔপন্যাসিকৰ জীৱন দৰ্শন তথা মনোভংগী প্ৰকাশ পায়।
উপন্যাসৰ বচনভংগীৰ কথালৈ লক্ষ্য কৰিলে দেখা যায় যে কাহিনীত চিত্ৰিত হোৱা কোনো এটা চৰিত্ৰৰ বচনভংগীত লেখক বা ঔপন্যাসিকৰ নিজস্ব ভাৱ অনুভূতি লুকাই থাকে। ওপৰে ওপৰে চালে ঔপন্যাসিকৰ সেই নিয়ন্ত্ৰণ চকূত নপৰে।
উপন্যাসৰ মনোভংগী
গ্ৰন্থকাৰৰ বৃত্তান্ত বা কাহিনীটোৰ প্ৰতি যি মনোভংগী তাৰ পৰা উপন্যাসখনৰো মনোভংগী প্ৰকাশ পায়। প্ৰতিজন ঔপন্যাসিক একো একোজন দায়িত্বশীল লেখক। তেওঁলোকে সমাজ জীৱন, ব্যক্তি জীৱনৰ সমস্যা, জটিল পৰিস্থিতিৰপৰা সমাজ আৰু ব্যক্তিক মুক্ত কৰিবলৈ চেষ্টা কৰে। তাৰবাবে তেওঁলোকে কলমৰ আশ্ৰয় লয়।
কাহিনী আৰু বিষয়বস্তুগত শ্ৰেণীবিভাজন
উপন্যাস সমালোচকসকলে কাহিনী আৰু বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহক ভালেকেইটা ভাগত ভাগ কৰিছে। সেইবোৰ হ'ল-
সামাজিক উপন্যাস
ৰাজনৈতিক উপন্যাস
ঐতিহাসিক উপন্যাস
জীৱনীমূলক উপন্যাস
পৌৰাণিক উপন্যাস
আত্মজীৱনীমূলক উপন্যাস
থীচিচ ন'বেল
আঞ্চলিক উপন্যাস
দলিলধৰ্মী উপন্যাস
গথিক উপন্যাস
বিজ্ঞান ভিত্তিক উপন্যাস
মনস্তাত্বিক উপন্যাস
দাৰ্শনিক উপন্যাস
লিৰিকেল উপন্যাস আদি।

0 Comments
Please do not enter any spam link in the comment box.