গোৱালপৰীয়া লোকগীত
লোকসাহিত্যৰ ইতিহাসত গোৱালপৰীয়া লোকগীতৰ এক বিশেষ স্থান আছে। ইয়াক লোককবিতা বুলিও ক'ব পাৰি। সাধাৰণতে, লোকগীতৰ কবি পৰিচয় পোৱা নাযায়। ই চহা প্ৰাণৰ মুক্ত পৰিস্ফুৰণ আৰু চহা অন্তৰৰ ভাৱ-আৱেগৰ মুক্ত প্ৰকাশ।
নিৰ্দিষ্ট একো একোটা অঞ্চলৰ ভাষিক ৰূপৰ ওপৰত ভিত্তি কৰি অসমীয়া লোকগীত সমূহক কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত- এই দুই ভাগত বিভক্ত কৰা হৈছে। ইয়াত অকল গোৱালপৰীয়া লোকগীতৰ বিষয়েহে আলোচনা কৰা হ'ব।
গোৱালপৰীয়া লোকগীত
গোৱালপৰীয়া লোকগীত সমূহ অসমীয়া লোক-সাহিত্যৰ এক প্ৰধান অংগ। গোৱালপাৰা অঞ্চলৰ লোক-চেতন, সৌন্দৰ্য, সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা, আনন্দ অভিলাসৰ ধাৰক আৰু বাহক স্বৰূপ এই গীতসমূহৰ ভূমিকা অপৰিসীম।
গোৱালপৰীয়া লোকগীতৰ ভিতৰত পূজা-পাৰ্বণৰ গীত, যেনে মদন-কামৰ গীত, কাতি পূজাৰ গীত, যকা গীত, প্ৰেমমূলক গীত, যেনে মাহুত বন্ধুৰ গীত, মুইছালৰ (মুইষাল) গীত, বাইছাল গীত আদিৰ উপৰিও ভাৱাইয়া গীত, কুশান গান, কালাৰ গান আদিয়ে অসমীয়া লোকগীতৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিছে।
মুইছাল বা মুইষাল গীত
মুইষাল গীতৰ ভাৱবস্তু ম'হ গোৱাল বা ম'হ চৰোৱা ব্যক্তি আৰু প্ৰেমিকা বা পত্নীৰ লগত জড়িত। প্ৰাচীন কালত ম’হ চৰাবলৈ এক শ্ৰেণীৰ দুখীয়া লোকক নিয়োগ কৰা হৈছিল। তেওঁলোকে আতি দুখ-কষ্টকো নেওচি পথাৰত ম'হ চৰায়। তেওঁলোকৰ এৰি থৈ অহা পত্নী বা প্ৰেয়সীৰ হিয়াৰ বিৰহ-বেদনা, আশা-আকাংক্ষা আদি ভাৱবোৰ কিছুমান গীতৰ মাধ্যমেৰে প্ৰকাশ পায়। সাধাৰণতে, এনে ধৰণৰ ভাৱ প্ৰকাশক গীতবোৰকে লোক সমাজত মৈছালৰ গীত বুলি কোৱা হয়।
গোৱালপৰীয়া লোকগীতৰ লগত পৰিৱেশনৰ কথা জড়িত হৈ থাকে। তদুপৰি এই গীতৰ পৰিৱেশনত এক নিজস্ব গায়ন পদ্ধতি আছে। লোকগীতৰ সমালোচকসকলে গোৱালপৰীয়া লোকগীতৰ গায়ন পদ্ধতিক বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰিছে। লোকগীতৰ সমালোচক ধীৰেন দাসে গোৱালপৰীয়া লোকগীতৰ সুৰক চাৰিটা শ্ৰেণীত ভাগ কৰি দেখুৱাইছে-
ভাওৱাইয়া, ভাসান বা চিতান
চট্কা
মইষালী আৰু
চৰুৱা
মৌখিক সাহিত্যত গোৱালপৰীয়া লোকগীতৰ এক বিশেষ স্থান আছে।
0 Comments
Please do not enter any spam link in the comment box.