মহানিম গছ
মানুহৰ বাবে মহানিম এবিধ বৰ উপকাৰী গছ। ঘৰৰ চৌহদত মহানিমৰ গছ থাকিলে সেই অঞ্চলৰ বায়ু স্বাস্থ্যকৰ হৈ পৰে। পোক-পৰুৱাৰ উপদ্ৰৱ কমি থাকে। প্ৰতিঘৰ মানুহৰ স্বাস্থ্যৰ বাবে ঘৰৰ চৌহদত অতি কমেও এজোপা মহানিম গছ থকাটো অতি প্ৰয়োজনীয়।
বিভিন্ন ৰোগত মহানিমৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত চৰ্মৰোগ আৰু পেলুৰ নিৰাময়ৰ বাবে মহানিম এবিধ বৰ সুন্দৰ ঔষধ। চৰ্মৰোগৰ ভিতৰত খজুৱতি হ'লে মহানিমৰ পাত সিদ্ধ কৰি সেই পানীৰে গা ধুলে খজুৱতি নিৰ্মূল হয়। দৈনিক মহানিমৰ পাত বটি বা ভাজি খালে কৃমি নিৰাময় হয়।

0 Comments
Please do not enter any spam link in the comment box.