প্লাজমা
"এই ৰাতিপুৱাই ক'লৈ যাব ওলাইছে ?"
"প্লাজমা দিবলৈ যাও, ফাতেমা।"
প্লাজমা ! হে আল্লাহ! কাৰ কি হ'লনো ?
"মহাজনৰ একমাত্ৰ দহবছৰীয়া ল'ৰা ঋষভৰ কৰ'ণা হৈ ভেন্টিলেচনত জীৱন-মৰণৰ সৈতে যুঁজ দি আছে। ইফালে মহাজনে প্লাজমা বিচাৰি দুৱাৰে দুৱাৰে ঘূৰি হাহাকাৰ কৰি ফুৰিছে! মই অতি সোনকালে গৈ পাব লাগিব ফাতেমা! নহ'লে তাক বচাব পৰা নাযাব ফাতেমা!"
"আপোনাৰ লাজ লগা নাইনে? যিজন মহাজনে এদিন আপোনাক কৰ'ণা হোৱা বুলি চাকৰিৰ পৰা উলিয়াই দিছিল, সেই অনিল মহাজনৰ পুত্ৰক প্লাজমা দিবলৈ ওলাইছে ?"
"হওঁক দিয়া ফাতেমা, মোক কৰিলে বুলি ময়ো যদি তাকেই কৰো ? তেখেতৰ আৰু মোৰ মাজত পাৰ্থক্য ক'ত থাকিব, ফাতেমা ?"
সময় বৰ কম, মোক আজি আৰু বাধা নিদিবা, ফাতেমা ! মই যাও।
0 Comments
Please do not enter any spam link in the comment box.