কাঁচ, কাচ্, কাছ,
কাঁচ- এবিধ চক্ চকীয়া বস্তু, চীন দেশৰ পাত্ৰ সজা এবিধ উত্তম বগা মাটি।
কাঁচ- মাছ বা মঙহ নিছিঙাকৈ ঘনাই আঁক দি কাট।
কাচ্- বালি আৰু খালোনৰ যোগত হোৱা এবিধ ফটফটীয়া আৰু ঠুনুকা বস্তু, গ্লাচ।
কাচ্- টানি বন্ধা।
কাচ্- মলিয়ন কাপোৰ ধুই নিকা কৰি।
কাচ্- নিচিগাকৈ ৰেপি কাট।
কাচ্- কাপোৰ পিন্ধা।
কাছ- কচ্ছপ, এবিধ দ্বিচৰ প্ৰাণী। যেনে- দুৰা কাছ আদি।
কাছ- ছালত হোৱা এবিধ ৰোগ।
--------------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.