কথা কবিতা
বিশ্ব সাহিত্যত ৰুছ সাহিত্যক আইভান টুৰ্গেনিভৰ হাততেই কথা কবিতাই প্ৰাণ পাই উঠিছিল। আইভান টুৰ্গেনিভ ৰাজ হাড়ৰৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু স্বদেশৰ পৰা নিৰ্বাসিত হৈ প্ৰৱাসী জীৱন কটাই থকা যন্ত্ৰণাময় মুহুৰ্তত তেওঁৰ মনত দোলা দিয়া আচহুৱা ভাববোৰ এক বিশেষ ৰীতিৰে তেওঁৰ কথা কবিতা পুথি 'Sonilia' ত লিপিবদ্ধ কৰিছিল।
তেনেদৰে, যতীন্দ্ৰনাথ দুৱৰা অসমীয়া কথা কবিতাৰ জনক। তেখেতৰ একমাত্ৰ কথা কবিতা পুথি খনৰ নাম 'কথা কবিতা'। কথা কবিতা হ'ল কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, মূলতঃ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক 'কথা-কবিতা' বুলি কোৱা হয় ৷ এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন৷ ড০ বাণীকান্ত কাকতিৰ মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন৷ ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাটো৷ কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা ৷ কথা-কবিতাত এটি মাথো কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা ৷ কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়৷ কথা কবিতা এবিধ কবিতাই৷ কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন৷' (যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা'ৰ পাতনি)৷ বাণীকান্তই কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ'বুলি কোৱা কথা সমৰ্থন কৰিও, এই কথা উল্লেখ কৰিব লাগিব যে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ৷ বিশ্বৰ যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া৷ সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰে৷ অসমীয়া সাহিত্যত যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা' অসমীয়া ভাষাৰ এক অমৰ কীৰ্তি। 'কথা কবিতা'ৰ পাতনিত ড: বাণীকান্ত কাকতি দেৱে উল্লেখ কৰা কথা কবিতাৰ লক্ষণসমূহ পাঠক সকলৰ সুবিধাৰ্থে তুলি ধৰা হ'ল-
১/ কথা কবিতা এবিধ কবিতাই, কিন্তু ই কথাত ৰচিত, পদ্যত নহয়।
২/ ই চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। ছন্দোময়ী কবিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ আনুষংগিক হ'ব পাৰে।
৩/ ইয়াত এটা মাত্ৰ কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰৰে সজীৱ কৰি তোলা হয়।
৪/ কথা কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰব্য বিষয়ক মূৰ্ত কৰি তোলা।
৫/ কথা কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই, কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন।
৬/ কথা কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক । প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাব একোটা থাকে।
লেখাটোৰ পৰা কথা কবিতাৰ এটি আভাষ দিয়াৰ চেষ্টা কৰা হৈছে। পাঠক সকল সামান্যতম উপকৃত হ'লে ধন্য হ'ম।
কথা কবিতাৰ উদাহৰণস্বৰূপে যতীন্দ্ৰনাথ দুৱৰাৰ 'দেৱী' কবিতাটো তুলি দিয়া হ'ল
দেৱী
ৰাতি পুৱাওঁ পুৱাওঁ হৈছে, ভালকৈ পোহৰ হ’বলৈ এতিয়াও বাকী আছে, এতিয়াও পুৱাৰ সুৰুযৰ কণক কিৰণে ধৰণীৰ গছ-লতাৰ গাত সোণোৱালী ৰহণ সনা নাই, এই মাথোন পুৱাৰ শীতল সমীৰ ধীৰে ধীৰে ব’বলৈ ধৰিছে। মই মোৰ খোটালীৰ মেলি থোৱা খিৰিকিৰ ফালে মুখ কৰি বহি আছোঁ,- ফাগুন মাহ, বতৰ ফৰকাল, ক’তো অকণো ডাৱৰৰ ৰেখ নাই। ওচৰৰ ফুলনিখনিৰ পৰা পুৱাৰ বতাহে ফুলৰ গোন্ধ চুৰ কৰি মোৰ চাৰিওফালে বিলাই দিছে, গোন্ধতেই প্ৰাণ ভৰপূৰ- কি সুন্দৰ! মই যেন মৰতৰ পৰা বহুত দূৰৰ এখন বর্ণাব নোৱৰা সৌন্দৰ্য ৰাজ্যতহে আছোঁ, কি যেন এটি মধুৰ স্বৰ্গীয় ভাবে মোৰ মন-প্ৰাণ আবৰি থৈছে! হঠাৎ মোৰ খিৰিকিয়েদি এটি ধুনীয়া চৰাই উৰি আহি মোৰ খোটালীত সোমোৱাৰ শব্দ শুনিলো। মই চকু মেলি চালো। দেখিলো, চৰাই নহয়- এজনী পাখি থকা মাইকী মানুহ- দেৱী নে মানৱী ক’ব নোৱাৰোঁ। তেওঁৰ গাটো এটা বগা ঢপঢপীয়া সাজেৰে ঢকা আছে- মাথোন বুকুৰ ওচৰত অলপমান ৰঙা, যেন এপাহি পোলাপ ফুলহে ফুলিছে। এধাৰি পদুমৰ মালাই তেওঁৰ কেঁকোৰা কেঁকোৰা চুলিখিনিক সাৱটি ধৰিছে, আৰু তেওঁৰ মূৰত এটা ম’ৰা-পাখিৰ মুকুট। তেওঁ মোৰ খোটালীৰ চাৰিওফালে উৰিবলৈ ধৰিলে, তেওঁৰ মুখত মধুৰ মন-প্রাণ হৰা হাঁহি, তেওঁৰ চকুজুৰি হীৰাৰ দৰে উজ্জ্বল আৰু তাতো হাঁহিৰেখা জিলিকি পৰিছে। তেওঁৰ হাতত নানা তৰহৰ ধুনীয়া ধুনীয়া কিছুমান সুগন্ধি ফুল, তেওঁ উৰি উৰি তাৰে এবাৰ মোৰ কপালত ছুই গ’ল। মই উঠি তেওঁৰ ফালে আগবাঢ়ি গ’লো- কিন্তু তাৰ আগেয়ে তেওঁ খিৰিকিয়েদি বাহিৰলৈ উৰি গ’ল। ফুলনিত থকা এহালি কপৌৱে সিহঁতৰ পুৱাৰ প্ৰথম কুৰুলিৰে তেওঁক সম্ভাষণ কৰিলে, আৰু যিখিনিতে তেওঁ নাইকিয়া হ’ল, সেই খিনিতে আকাশে অলপ হেঙ্গুলী ৰহণ সানি ল’লে। হে দেৱী, কল্পনা সুন্দৰী! মই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে মোক এই দৰে দেখা দি যোৱাহি- মোৰ নিৰাশ দুর্বল হৃদয়ক আশাৰ কিৰণ ঢালি সবল কৰা। কবিৰ কোমল প্ৰাণে সদায় তোমালৈ বাট চাই থাকে। আহাঁ তেন্তে কবিতাৰ ৰাণী, হে যৌৱনৰ লাৱণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা, তোমাকে সাদৰেৰে অভ্যর্থনা কৰোঁ । এই মুকলি হৃদয়ে তোমালৈকে বাট চাই আছে -এই মুকলি পৰাণে মুক্তকণ্ঠে তোমাৰেই স্তৱগান কৰিছে।
-------------------------------------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.