চৰ্যাপদ
চৰ্যাপদ সমূহ অসমীয়া লিখিত সাহিত্য তথা কবিতাৰ প্ৰথম নিদৰ্শন। ই অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত। চৰ্যাপদ সমূহক অসমীয়া, বাংলা, হিন্দী, মৈথিলী, ওৰিয়া আদি বিভিন্ন ভাষাৰ পণ্ডিতসকলে প্ৰত্যেকেই নিজৰ নিজৰ ভাষাৰ প্ৰত্ন ৰূপ বুলি দাবী কৰি আহিছে। সেইবাবে ইয়াক মিশ্ৰ সাহিত্য বুলিও কোৱা হয়। সি যি কি নহওঁক চৰ্যাপদৰ ভাষা তথা সমাজতাত্বিক দিশৰ পৰা ফঁহিয়াই চালে দেখা যায় যে চৰ্যাপদ সমূহ আন আন ভাষাতকৈ অসমীয়া ভাষাৰ অধিক ওচৰ চপা। আমিও ইয়াক অসমীয়া ভাষাৰ সম্পদ বুলি দাবী কৰিব বিচাৰোঁ।
চৰ্যাপদ সমূহ উদ্ভদকালীন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন। চৰ্যাপদ বা গীতবোৰ হ'ল তান্ত্ৰিক সহজযানী বৌদ্ধ সকলৰ ধৰ্ম সাধনৰ গীত। চৰ্যাপদ শব্দটো বিশ্লেষণ কৰিলে দেখা যায় যে চৰ্যা শব্দটো এটা পৰিভাষিক শব্দ। তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ বহু শাস্ত্ৰত চৰ্যা শব্দটিৰ উল্লেখ আছে। তিব্বতী ভাষাৰ চৰ্যা শব্দটো সংস্কৃত ভাষাৰ আচাৰ শব্দটোৰ সমাৰ্থক। গতিকে চৰ্যাপদ মানে হ'ল সহজজান বৌদ্ধ ধৰ্মত পালন কৰিব লগীয়া আচাৰ বা নীতি কথা।
উল্লেখযোগ্য যে, হৰপ্ৰসাদ শাস্ত্ৰী নামৰ ব্যক্তি এজনে চৰ্যাচৰ্যবিনিশ্চয় গ্ৰন্থ খনি নেপালৰ ৰাজ-দৰবাৰৰ পৰা আৰু আন তিনিখন গ্ৰন্থ উদ্ধাৰ কৰি আনি "হাজাৱ বছৱেৱ পুৱাণ বাংলা ভাষায় বৌদ্ধগান ও দোহা" নাম দি "বংগীয় সাহিত্য পৰিষদ"ৰ দ্বাৰা ১৯১৬ চনত প্ৰকাশ কৰি উলিয়ায়। ইয়াত ২৩ জন সিদ্বাচাৰ্যৰ মুঠ পঞ্চাছ টা গান সন্নিৱিষ্ট হৈছে।
চৰ্যাপদ সমূহ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত। ইয়াৰে কেইবা গৰাকী চৰ্যাকাৰ পুৰণি কামৰূপৰ লোক। পাল শালস্তম্ভ ৰাজ বংশৰ ৰাজত্বকালত পুৰণি কামৰূপত শৈৱ ধৰ্মৰ সমান্তৰাল ভাৱে তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ প্ৰচলন আছিল। চৰ্যাপদৰ ভালে কেইজন চৰ্যাকাৰ পুৰণি কামৰূপৰ লোক আছিল বুলি অনুমান কৰা হয়। কনকলাল বৰুৱাই তেওঁৰ "Early History of Kamrupa" গ্ৰন্থত লুইপাদ, দীননাথ, ডোম্বীপাদ, সৰহপাদ, মৎস্যেন্দ্ৰেনাথ, ঢেন্ঢণপাদ, কাহ্নপাদ, নাগাৰ্জুন, গোৰক্ষপাদ, মহীপাদ, ভুসুকপাদ, দাড়িকপাদ, শান্তিপাল, শৱৰপাদ আদি ৮৪ (চৌৰাঁশী) সিদ্ধাচাৰ্যৰ ভিতৰৰ সিদ্ধাচাৰ্য সকল পুৰণি কামৰূপৰ লোক বুলি উল্লেখ কৰিছে। আনহাতে পৰীক্ষিত হাজৰিকাই তেখেতৰ চৰ্যাপদ গ্ৰন্থত লোক ব্যুৎপত্তি, বিভিন্ন গ্ৰন্থত পোৱা তথ্য, চৰ্যাপদৰ ভাষা, শব্দ প্ৰয়োগৰ ঠাঁচ, ৰূপক-উপমা আদিৰ সমাৱেশ, নীতি বচন, গীত পদৰ ৰাগ- ৰাগিণী আৰু বৈয়াকৰণিক দৃষ্টিভংগীৰ ফালৰ পৰা কাহ্নপাদ, লুইপাদ, শৱৰপাদ, শান্তিপাদ, ডোম্বীপাদ, মহীধৰপাদ, ঢেন্ঢণপাদ, দাড়িকপাদ আদি চৰ্যাকাৰক অসমীয়া বুলি প্ৰমাণ কৰিছে।
ভাষাগত দিশলৈ লক্ষ্য কৰিলেও দেখা যায় যে পুৰণি কামৰূপত প্ৰচলিত অসমীয়া ভাষাৰ লগত চৰ্যাপদ সমূহৰ ভাষাগত মিল থকা দেখা যায়। আধুনিক অন্যান্য ভাৰতীয় ভাষা সমুহে চৰ্যাপদ সমূহক নিজ নিজ ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰিলেও চৰ্যাপদ সমূহৰ ভাষা অসমীয়া ভাষাৰ লগতহে অধিক ওচৰ চপা। গতিকে চৰ্যাপদ সমূহকে অসমীয়া ভাষাৰ প্ৰাচীনতম লিখিত সাহিত্যৰ নিদৰ্শন বুলি মানি লোৱা হয়। তলত এনে চৰ্যাপদ এটি তুলি দিয়া হ'ল-
ৰচক- সিদ্ধাচাৰ্য কম্বলাম্বৰপাদ।
ৰাগ- দেৱক্ৰী।
সোনে ভৰিলী কৰুণা নাৱী।
ৰূপা থোই নাহিকে ঠাৱী।।
বাহ তু কামলি গঅণ উৱৈসেঁ।
গেলী জাম বহুড়ই কইসেঁ।।
খুন্টি উপাড়ী মেলি লি কাচ্ছী।
বাহতু কামলি সদ্-গুৰু পুচ্ছী।।
মাংগঁত চড়্-হিলে চউদিস চাহঅ।
কেডুআল নাহি কেঁ কি বাহবকে পাৰঅ।।
বাম দাহিন চাপী মিলি মিলি মাগা।
বাটত মিলিল মহাসুস সুংগাঁ।।
ভাবাৰ্থ- কবিতাটোত কবিয়ে শূন্যতাৰ লগত কৰুণাৰ মিলন দেখুৱাইছে। কৰুণা ৰূপী ৰূপৰ নাওখন শূন্যতা ৰূপী সোণেৰে ভৰাই লৈছে। ৰূপ ৰূপী বেদনা থ'বলৈ নাও খনিত ঠাই নাই। সোণ ৰূপী মহাসুখ স্বৰূপ লাভ কৰাৰ পিছত কোনে ৰূপ ৰূপী বেদনাক ল'ব ? এনেয়ো সোণ পালে কোনেনো ৰূপ ল'ব ? চৰ্যাকাৰে নিজকে কৈছে, "হে কামলি, তুমি তোমাৰ নাৱখন চিত্ৰৰূপী আকাশ অৰ্থাৎ নিৰ্বানৰ ফালে গতি কৰোৱা, যি পথেৰে তুমি কেতিয়াও ঘূৰি আহিব নালাগে। তুমি সৎ গুৰুৰ পৰা প্ৰকৃত পথৰ সন্ধান লোৱা। গুৰুহে ধৰ্ম নাৱৰ প্ৰকৃত কাণ্ডাৰী।"
0 Comments
Please do not enter any spam link in the comment box.