হৃদয়ৰ চিঠি
হৃদয়ৰ চিঠি-1
তাং ০৬/১২/২০ ইং। মৰমৰ চন্দ্ৰমা,
মৰমবোৰ যাচিলোঁ, ল'বা চাগে। যোৱা ত্ৰিশটা বছৰে এৰি যোৱা তোমাৰ দেহা আৰু মনক মই অতি কষ্টেৰে ডাঙৰ-দীঘল কৰিলোঁ। সিহঁত এতিয়া ডেকাতু হ'ল। অৱশ্যে তৰাই সিহঁতৰ সকলো দায়িত্ব বৰ সুচাৰুৰূপে পালন কৰিছে। ইমান দিনে সিহঁতে তৰাকে নিজৰ মাক বুলি ভাবি আছিল। বৰ সৰুতেই এৰি গ'লা যে, সিহঁতে তোমাক পাহৰিয়েই পেলাইছিল! সিদিনা, তুমি আহি দুয়োৰো আগত দেখা দিয়াৰ পাছৰে পৰা দেহা আৰু মনৰ মাজত ভীষণ বিবাদ। দেহাক কোনোমতে বুজাই বঢ়াই ৰাখিছোঁ, মনে কিন্তু নামানে! সি তোমাৰ লগতে থাকিব বিচাৰে। বহুত বুজনি দিয়ো তাক মনাব পৰা নাই। মই বৰ বিপদত পৰিছো, চন্দ্ৰমা। তুমি ইমানদিন নাছিলা, সব ঠিকেই আছিল, হঠাৎ আহি দেখা দিহে সব পয়মাল লগাই দিলা! আৰু জানা, সিহঁত দুয়োৰো মই এজনকো এৰি থাকিব নোৱাৰো। তুমি যদি মনক লৈ যোৱা, অকল দেহাক লৈ মই জীয়াই থাকিব নোৱাৰিম।
মৰমবোৰ যাচিলোঁ, ল'বা চাগে। যোৱা ত্ৰিশটা বছৰে এৰি যোৱা তোমাৰ দেহা আৰু মনক মই অতি কষ্টেৰে ডাঙৰ-দীঘল কৰিলোঁ। সিহঁত এতিয়া ডেকাতু হ'ল। অৱশ্যে তৰাই সিহঁতৰ সকলো দায়িত্ব বৰ সুচাৰুৰূপে পালন কৰিছে। ইমান দিনে সিহঁতে তৰাকে নিজৰ মাক বুলি ভাবি আছিল। বৰ সৰুতেই এৰি গ'লা যে, সিহঁতে তোমাক পাহৰিয়েই পেলাইছিল! সিদিনা, তুমি আহি দুয়োৰো আগত দেখা দিয়াৰ পাছৰে পৰা দেহা আৰু মনৰ মাজত ভীষণ বিবাদ। দেহাক কোনোমতে বুজাই বঢ়াই ৰাখিছোঁ, মনে কিন্তু নামানে! সি তোমাৰ লগতে থাকিব বিচাৰে। বহুত বুজনি দিয়ো তাক মনাব পৰা নাই। মই বৰ বিপদত পৰিছো, চন্দ্ৰমা। তুমি ইমানদিন নাছিলা, সব ঠিকেই আছিল, হঠাৎ আহি দেখা দিহে সব পয়মাল লগাই দিলা! আৰু জানা, সিহঁত দুয়োৰো মই এজনকো এৰি থাকিব নোৱাৰো। তুমি যদি মনক লৈ যোৱা, অকল দেহাক লৈ মই জীয়াই থাকিব নোৱাৰিম।
নিশাও বহুত হ'ল, আৰুনো কি লিখিম? নিজৰ যতন ল'বা, আজিলৈ এৰিছো।
ইতি-
তোমাৰ হৃদয়!
XXXXXX
মৰমৰ চন্দ্ৰমা,
হৃদয়ৰ চিঠি-২
তাং- ১৬/০৫/২১ ইং।মৰমৰ চন্দ্ৰমা,
মৰম ল'বা। তোমাৰ চিঠিখন পোৱা বহুদিনেই হ'ল! উত্তৰহে লিখিব পৰা নাছিলো। গাটো বৰ দুৰ্বল! বুকুখনো আজিকালি সঘনাই বিষাই থাকিবলৈ লৈছে, বয়সো হ'ল নহয়! সেইবাবেই চাগে!
সময়বোৰ কেনেকৈনো পাৰ হৈ গ'ল, গমেই নাপালো। অৱশ্যে মই জনা নাছিলো, মোৰ দৰে তোমাৰ বুকুতো স্মৃতিবোৰ এনেদৰে সাৰে থাকিব পাৰে বুলি! ভুল নুবুজিবা, চন্দ্ৰমা, মই তোমাক কেতিয়াও দোষ দিয়া নাই, নাইবা তোমাক দোষ দিব বিচৰা নাই। দোষ তোমাৰ নাছিল, দোষ মোৰো নাছিল। দোষ হয়তো মোৰ ভাগ্যৰেই আছিল।
নীল আকাশত উৰি ফুৰিবলৈ কাৰণো মন নাযায়? পাখি থকাহেঁতেন ময়ো উৰি ফুৰিলোহেঁতেন! সময়ে ৰং সলায়! সময়ৰ সোঁতত তুমিও হয়তো আজি চন্দ্ৰামাৰ পৰা কলিজা হ'লা।
কলিজা নামটো মোৰ ভাল নালাগে! নালাগে দিয়া, তুমি মোৰ কলিজা হ'বলৈ! তুমি মোৰ চন্দ্ৰমা; দূৰ আকাশৰ চন্দ্ৰমা!........ চন্দ্ৰামা হৈয়েই থাকা! অন্ততঃ নিলগৰ পৰাই মই তোমাক চাই থাকিব পাৰিম! মন যায়, কেতিয়াবা ডাৱৰ হ'বলৈ! ডাৱৰ হৈ তোমাক এবাৰ চুই চাবলৈ; বুকুৰ মাজত চিৰদিন সোমাই ৰাখিবলৈ। বাৰু থাকক দিয়া সেইবোৰ। সপোন জানো কেতিয়াবা দিঠক হয়?
বিশেষ নো আৰু কি লিখিম? হাত ভৰিবোৰো চোন থৰক-বৰক হ'ল। নাজানো আৰু কিমান দিন জীয়াই থাকিম। য'তেই থাকা তুমি মাথো সুখী হোৱা।
ইতি-
তোমাৰ হৃদয়!
XXXXXX
মৰমৰ চন্দ্ৰমা,
মৰম ল'বা। আশাকৰোঁ তুমি কুশলে আছা। তোমাৰ দেহা-মন ভগৱানৰ কৃপাত ভালে আছে।
কেতিয়াবা বৰ দুখ লাগে। কাৰণ মই তোমাৰ দৰে হ'ব নোৱাৰিলো চন্দ্ৰমা! তুমি ভবাৰ দৰে দুহাত মেলোতেই যদি আকাশখন হাউলি আহিলহেঁতেন! কিমানযে ভাল লাগিলহেঁতেন!
জীৱনৰ আঘাতবোৰ সহি সহি মই আজি নিজেই ভীষ্মৰ দৰে হ'লো! মৃত্যুকো আজি মই জয় কৰিব পাৰিছোঁ! জীৱনটো বৰ সুন্দৰ! আশাবোৰ জীয়াই থাকে বাবেই হয়তো জীৱনটো ইমান সুন্দৰ।
বিশেষ নো আৰু কি লিখিম? হাত ভৰিবোৰো চোন থৰক-বৰক হ'ল। নাজানো আৰু কিমান দিন জীয়াই থাকিম। য'তেই থাকা তুমি মাথো সুখী হোৱা।
ইতি-
তোমাৰ হৃদয়!
XXXXXX
হৃদয়ৰ চিঠি 3
তাং-১৭/৫/২০২১ ইং।মৰমৰ চন্দ্ৰমা,
মৰম ল'বা। আশাকৰোঁ তুমি কুশলে আছা। তোমাৰ দেহা-মন ভগৱানৰ কৃপাত ভালে আছে।
কেতিয়াবা বৰ দুখ লাগে। কাৰণ মই তোমাৰ দৰে হ'ব নোৱাৰিলো চন্দ্ৰমা! তুমি ভবাৰ দৰে দুহাত মেলোতেই যদি আকাশখন হাউলি আহিলহেঁতেন! কিমানযে ভাল লাগিলহেঁতেন!
জীৱনৰ আঘাতবোৰ সহি সহি মই আজি নিজেই ভীষ্মৰ দৰে হ'লো! মৃত্যুকো আজি মই জয় কৰিব পাৰিছোঁ! জীৱনটো বৰ সুন্দৰ! আশাবোৰ জীয়াই থাকে বাবেই হয়তো জীৱনটো ইমান সুন্দৰ।
অতীতৰ যিবোৰ কথাই মনক দুখ দিয়ে, তেনে অতীতত পাহৰি যোৱাই ভাল, চন্দ্ৰমা! জীৱনত বহু পালোঁ, হয়তো বহু হেৰুৱালোঁ। মোৰ জীৱনত আৰু হেৰুৱাবলৈ চোন একোৱেই নাই!
দোষ কাৰ আছিল? এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খোৱাৰ এতিয়া আৰু সময় নহয়! তোমাৰ সন্তান দুটিৰ মুখলৈ এবাৰ চোৱাচোন! সিহঁতৰ কি দোষ? এবাৰ সিহঁতৰ কথা চিন্তা কৰাচোন!
এনে আশীৰ্বাদৰেই বা অস্তিত্ব ক'ত, যি জীৱন ফুলনিত অভিশাপ হৈ ফুলে? এনে সপোন আমাক কিয় লাগে যি সপোন কাহানিও নফলিয়ায়? হয়তো তুমি আজি মোক ক'বা- "তুমি বৰ নিষ্ঠুৰ হ'লা। হাঁহি হাঁহি বৰ নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিব পাৰা।"
কি কৰিম কোৱা? পৰিস্থিতিয়ে মোক আজি নিষ্ঠুৰ হ'বলৈ শিকাইছে। সময় বৰ নিষ্ঠুৰ চন্দ্ৰমা! মন থাকিলেও সময়ে আমাক বহু কাম কৰিবলৈ মান্যতা নিদিয়ে।
বিশেষ লিখি তোমাক কষ্ট দিবলৈ মোৰ আৰু মন নাই। নিজৰ যতন ল'বা। ভগৱানে ওপৰত প্ৰাৰ্থনা কৰিম তুমি যেন সুখী হোৱা!
বিশেষ লিখি তোমাক কষ্ট দিবলৈ মোৰ আৰু মন নাই। নিজৰ যতন ল'বা। ভগৱানে ওপৰত প্ৰাৰ্থনা কৰিম তুমি যেন সুখী হোৱা!
ইতি-
তোমাৰ হৃদয়!
XXXXXX
তোমাৰ হৃদয়!
XXXXXX
হৃদয়ৰ চিঠি-4
তাং-৩১/০৫/২১ ইং।
মৰমৰ চন্দ্ৰমা,
মৰম ল'বা। আশাকৰোঁ তোমাৰ ভাল। নিলিখো বুলি ভাবিও কিয় জানো নিলিখাকৈ থাকিব নোৱাৰিলোঁ। ভাল পাওঁ যে তোমাক, সেইবাবেই চাগে?
আজি এটা বিশেষ কাৰণত তোমালৈ চিঠিখন লিখিলো। আমাৰ ইয়াত জানা ঘৰে ঘৰে কৰ'ণা বেমাৰে মহামাৰী ৰূপ ধাৰণ কৰিছে। সিদিনা একটা পৰিয়ালৰে দুজন ডেকা ল'ৰা ছোৱালীৰ মৃত্যু হ'ল। মাক দেউতাকো আই চি ইউত মৃত্যুৰ সৈতে যুজ দি আছে। বৰ দুখ লাগে জানা? সন্তানৰ মৃত্যুৰ খবৰ চাগে তেওঁলোকে এতিয়াও পোৱাই নাই! এনেকুৱা পৰিস্থিতি তোমালোকৰ ফালে যে নহ'ব তাৰ কোনো কাৰণ নাই! মোৰ বৰ ভয় লাগিছে! তুমি ও সাৱধানে থাকিব। বিনা কাৰণত ঘৰৰপৰা ওলাই নাহিবা। আৰু ওলাই আহিলেও মুখত মাক্স পিন্ধিহে ওলাই আহিবা। বাহিৰত একো বস্তু নাখাবা। কিবা খোৱাৰ আগতে হাত দুখন চাবোনেৰে খুব ভালকৈ ধুবা। পাৰিলে খোৱাৰ আগতে হাতত অলপ চেনিটাইজাৰ সানি ল'বা। চেনেটাইজাৰ সানি দিলে হাতত লাগি থকা ভাইৰাছবোৰ লগে লগে ধ্বংসপ্ৰাপ্ত হয়।
ইমানবোৰ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ পিছতো কেতিয়াবা কৰ'ণা বেমাৰৰ লক্ষণ যেনে চৰ্দি কাহ হ'ব পাৰে। তেনে হ'লে পলম নকৰি কৰ'ণাৰ পৰীক্ষা কৰাই ল'বা। বহুতেই কৰ'ণা পৰীক্ষা কৰিবলৈ নাযায়। কয়, "পজিটিভ" ওলালেও ডাক্তৰে একো ঔষধ নিদিয়ে। দুটামান জ্বৰৰ টেবলেট আৰু ভিটামিন টেবলেট দি ঘৰলৈ পঠিয়াই দিয়ে।"
হয় চন্দ্ৰমা। কৰ'ণাৰ চিকিৎসাৰ বাবে এতিয়ালৈকে কোনো নিৰ্দিষ্ট ঔষধ ওলোৱা নাই। সেই বাবেই ৰোগীজনে যিবোৰ সমস্যাৰ সন্মুখীন হয় তাৰেই ঔষধ দিবলগীয়া হয়। তুমিতো জানাই ই এবিধ ভাইৰাছৰ পৰা হয়। এই ভাইৰাছে মূলতঃ হাওঁফাওঁত আক্ৰান্ত কৰে। কেতিয়াবা হাওঁফাওঁত পানী জমা হোৱাও দেখা যায়। তেনেস্থলত আক্ৰান্ত লোকজনৰ উশাহ-নিশাহত বৰ কষ্ট হয়। তেনে ৰোগীক সময়মতে অক্সিজেন যোগান ধৰিব নোৱাৰিলে ৰোগীজন মৃত্যুমুখতো পৰে।
কৰ'ণা ৰোগীসকলক ঘৰতে থাকি চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও চৰকাৰে সেই পজিটিভ ব্যক্তিগৰাকীৰ প্ৰতিটো মূহুৰ্ততে ফোনযোগে স্বাস্থ্যৰ বুজ লৈ থাকে। উশাহ-নিশাহত কষ্ট পালে লগে লগে তেওঁলোকৰ নম্বৰত ফোন কৰি জনাবলৈ নাপাহৰিবা। তেওঁলোকে সকলো ব্যৱস্থা কৰি দিব। আমি সাধাৰণ মানুহে সদায় অন্তিম সময়লৈকে ৰখি থাকো।
অ' আৰু এটা কথা, কৰ'ণাৰ ভেকচিন কিন্তু নোলোৱাকৈ নাথাকিবা। এটা দুষ্ট চক্ৰই উলিয়াইছে যে- "দুবছৰ পিছত হেনো কৰ'ণা ভেকচিন লোৱা মানুহখিনি মৰি থাকিব।" এইটো এটা সম্পূৰ্ণ ভিত্তিহীন কথা। আজিলৈকে কৰ'ণা ভেকচিন লোৱা মানুহৰ দুই এজনৰ অৱশ্যে কৰ'ণা হৈছে। কিন্তু সৌভাগ্যৰ কথা এই যে কৰ'ণা ভেকচিন লোৱা এজন ব্যক্তিও এতিয়ালৈকে কৰ'ণাত মৰা শুনা নাই।
আৰুনো কি লিখিম? নিজৰ স্বাস্থ্যৰ যতন ল'বা। বিশেষ নাই। শেষত আকৌ এবাৰ কৈছোঁ কৰ'ণাৰ ভেকচিন নোলোৱাকৈ নাথাকিবা কিন্তু।
ইতি-
তোমাৰ হৃদয়!
XXXXXX
খনা মাহীৰ স্মৃতিত-
ওম্
তাং- ১২/৭/২২ ইং।
মৰমৰ মাহী,
মৰম ল'বা! আশাকৰোঁ তোমাৰ ভাল। বহু কথাই তোমাক ক'ম ক'ম বুলি ভাবি থাকোঁতে কোৱাই নহ'ল! তোমাক মই খুউব ভাল পাইছিলোঁ! সেয়ে হয়তো তোমাৰ ওচৰত মোৰ অভিমানৰ পৰিধি নাই!
ৰাণাৰ মুখত তোমাৰ অসুখ বুলি শুনিছিলোঁ! কিন্তু ভবাই নাছিলোঁ, তুমি সেই অসুখটোতেই আমাৰ মাজৰপৰা আঁতৰি যাবা বুলি! তেনেকুৱা অসুখ হোৱাৰ পিছতো দেখোন বহু মানুহ বহু দিন, বহু বছৰ জীয়াই থাকে! সেয়ে হয়তো ভবাই নাছিলোঁ, তুমি এনেদৰে অকালতে হঠাতে আমাক এৰি যাবা বুলি! সেয়ে তোমাক আৰু মোৰ লগ পোৱাৰ সৌভাগ্য নহ'ল।
তুমি নোহোৱা খবৰটো পাই সিদিনা তোমালোকৰ ঘৰলৈ আহিছিলোঁ। তুমি বিহীন ঘৰখন সিদিনা বৰ উকা উকা লাগিছিল! বগা ৰঙৰ উকা সাজযোৰেৰে সৈতে জীৱনত প্ৰথমবাৰৰ বাবে মহাক বৰ উদাস উদাস যেন লাগিছিল! বাৰে বাৰে মোৰ মনলৈ আহিছিল- তুমি যেন হাঁহি হাঁহি ভিতৰৰ এই ওলাই আহিবা, মহাই ক'ব "ইয়াক চিনি পাইছানা? প্ৰশান্ত?"
হৃদয়ৰ চিঠি 5
ওম্
তাং- ১২/৭/২২ ইং।
মৰমৰ মাহী,
মৰম ল'বা! আশাকৰোঁ তোমাৰ ভাল। বহু কথাই তোমাক ক'ম ক'ম বুলি ভাবি থাকোঁতে কোৱাই নহ'ল! তোমাক মই খুউব ভাল পাইছিলোঁ! সেয়ে হয়তো তোমাৰ ওচৰত মোৰ অভিমানৰ পৰিধি নাই!
ৰাণাৰ মুখত তোমাৰ অসুখ বুলি শুনিছিলোঁ! কিন্তু ভবাই নাছিলোঁ, তুমি সেই অসুখটোতেই আমাৰ মাজৰপৰা আঁতৰি যাবা বুলি! তেনেকুৱা অসুখ হোৱাৰ পিছতো দেখোন বহু মানুহ বহু দিন, বহু বছৰ জীয়াই থাকে! সেয়ে হয়তো ভবাই নাছিলোঁ, তুমি এনেদৰে অকালতে হঠাতে আমাক এৰি যাবা বুলি! সেয়ে তোমাক আৰু মোৰ লগ পোৱাৰ সৌভাগ্য নহ'ল।
তুমি নোহোৱা খবৰটো পাই সিদিনা তোমালোকৰ ঘৰলৈ আহিছিলোঁ। তুমি বিহীন ঘৰখন সিদিনা বৰ উকা উকা লাগিছিল! বগা ৰঙৰ উকা সাজযোৰেৰে সৈতে জীৱনত প্ৰথমবাৰৰ বাবে মহাক বৰ উদাস উদাস যেন লাগিছিল! বাৰে বাৰে মোৰ মনলৈ আহিছিল- তুমি যেন হাঁহি হাঁহি ভিতৰৰ এই ওলাই আহিবা, মহাই ক'ব "ইয়াক চিনি পাইছানা? প্ৰশান্ত?"
তুমি যেন এই আহি ক'বাহি- "বাঃ! ই বহুত ডাঙাৰ হ'ল! সেই সৰুতে দেখা যে! ৰাস্তাত দেখা পালি চিনিয়ে নাপলু হৈ!"
সিদিনা তোমালৈ মোৰ বৰকৈ মনত পৰিছিল! মনত পৰিছিল বৰপেটাৰ মাজৰ হাটীৰ তুমি থকা সেই ঘৰটোলৈ- শৈশৱৰ কোনো এটা পুৱা! মাৰ লগত মই মাজৰ হাটীৰ সেই মামাৰ ঘৰলৈ আহিছিলোঁ। মোৰ মনত পৰে- আমি উঠি অহা ৰিক্সাখন তোমালোকৰ পদূলিত ৰখি পেঁপা বজাই দিছিল- পে-পু-পে-পু.......
তীব্ৰ বেগেৰে দৌৰি আহি তুমি চিলনীয়ে থপিয়াই নিয়াৰ দৰে মোক মাৰ কোঁচৰপৰা লৈ ভিতৰলৈ লৰ মাৰিছিলা! পিছে পিছে হৰিমতী মাহী। তোমাক নো কোনোবাই ঢুকি পাব পাৰেনে? সিদিনা দিনৰ দিনটো তুমি মোক দাঙি লৈ ফুৰিলা। সিদিনা তোমাৰ বাৰু অকণো ভাগৰ লগা নাছিলনে?
তাৰ কিছুবছৰ পিছত মই মাৰ লগত আকৌ এবাৰ মামাৰ ঘৰলৈ আহিছিলোঁ। তোমালোক দুয়োগৰাকী (হৰিমতী মাহী আৰু তুমি) সিদিনা ঘৰত নাছিলা। মায়ে কৈছিল- তোমালোকৰ হেনো বিয়া হৈ গ'ল। সিদিনা তোমাৰ অভাৱ মই বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ। মোৰ বৰ খং উঠিছিল, মনতে ভাবিছিলোঁ, "মাহীবোৰ কিয় বিয়া হ'ব লাগে? মাহীবোৰ সদায় মাহী হৈয়েই থাকিব নোৱাৰেনে?"
তুমিতো বিয়া হৈ গ'লায়েই, তাতে আকৌ আইতাকো লগত লৈ গ'লা? তুমি বিহীন সেই দিনটো কিমান যে বিৰক্তিকৰ আছিল তাক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ!
সম্ভৱতঃ তেতিয়া ১৯৮০-৮২ চন মান হ'ব। চৌদিশে অসম আন্দোলনৰ জুই! প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসমৰ বিভিন্ন স্তৰত লোকে এই আন্দোলনত ভাগ লৈছিল। দেশত হিংসাত্মক কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাবলৈ লৈছিল। ডেকাচামৰ মাজত আমাৰ শান্তনু দাদা ও অসম আন্দোলনত জপিয়াই পৰিছিল। নিশাৰ ভাগত দুস্কৃতিকাৰীয়ে ইখনৰ পিছত সিখনকৈ ৰাস্তাৰ সংযোগী কাঠৰ দলং বোৰ জ্বলাই গৈছিল। সমান্তৰালভাৱে চি আৰ পি- মিলিটাৰীৰ অপাৰেশ্যনৰ নামত গঞাৰ ওপৰত নিৰ্মম অত্যাচাৰ! ডেকা-গাভৰু, আৱাল-বৃদ্ধ-বনিতা কোনোয়েই সেই অত্যাচাৰৰ পৰা হাত সাৰি যাব পৰা নাছিল। মতা মানুহ তথা ডেকা ল'ৰাসকল নিজ নিজ ঘৰ-দুৱাৰ এৰি হাবি-বননীয়ে পলাই ফুৰিবলগীয়া হৈছিল। আমাৰ শান্তনু দাদাক বিচাৰি দিনে-ৰাতি পুলিচ-মিলিটাৰী আহিছিল। এটা সময়ত শান্তনুদা ঘৰত থাকিব পৰা অৱস্থা নোহোৱা হৈছিল। ঠিক তেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিত মায়ে দাদাক এদিন তোমাৰ ওচৰলৈ পলুৱাই পঠিয়াইছিল। তাৰ পাছত দাদাক তুমি প্ৰায় পাঁচ-ছয় বছৰমান কাল তোমাৰ লগতে ৰখাইছিলা।
ভাবিলে আচৰিত লাগে! গুৱাহাটী হেন মহানগৰীৰ ভাড়া ঘৰত থাকি, আইতাৰ লগতে এক জটিল পৰিস্থিতিত এজন ডেকা ল'ৰা ঘৰত ৰখাটো সেই সময়ত কিমান বিপদজনক হ'ব পাৰে? তুমি কিন্তু দাদাক লগত ৰাখি কম সাহসীকতাৰ পৰিচয় দিয়া নাই!
গ্ৰীষ্মকালীন বন্ধত এবাৰ মাৰ লগত তোমাৰ নামবাৰীৰ পাহাৰীয়া ঠাইত অৱস্থিত ভাড়াঘৰলৈ ফুৰিবলৈ অহাৰ কথা মোৰ মনত পৰে! এইবাৰ আহোঁতে কিন্তু মই অ'টোৰিক্সাত উঠি আহিছিলোঁ! তাতেই অৰ্থাৎ সেই ঘৰটোতে বৰ ধুনীয়াকৈ ৰঙা-বগা সুন্দৰ চেহেৰাৰ মানুহ এজন মোৰ চকুত পৰিছিল! মায়ে "এখেত খনা মাহীৰ মহা" বুলি মোক চিনাকি কৰাই দিছিল। তাৰ পিছৰেপৰা মহাৰ লগত যি এক নীবিড় সম্পৰ্ক গঢ়ি উঠিছিল তাক ভাষাৰে প্ৰকাশ কৰা বৰ টান। মই মাত্ৰ দুদিনমানৰ কাৰণেহে তোমাৰ তালৈ ফুৰিবলৈ গৈছিলোঁ! কিন্তু প্ৰতিদিনাই ঘৰলৈ উভতি আহিবলৈ ধৰাৰ সময়তে মহাই কৈছিল- "বাবা, আজি থাক! আজি নাল্গেদে যাবা! গোধলা আমি বশিষ্ঠাশ্ৰম চাবা যাম দে!"
পিছদিনা আহিবলৈ ধৰাৰ সময়ত মহাই কৈছিল- "আজি আমি গটেকেইটাই চিৰিয়াখানা চাবা যাম দে!"
তাৰপিছত আকৌ- "আজি আমি কামাখ্যা মন্দিৰত যাম দে!
এনেকৈয়ে এদিন দুদিনকৈ পূৰা পোন্ধৰটা দিন মোক ৰখাই মহাই মোক গোটেই গুৱাহাটীখন দেখুৱালে। সেই দিনবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো, মাহী! নিশা আইতাই কাকলি (মাহীৰ ছোৱালী) আৰু মোক বিছনাত শুৱাই লৈ সাধুকথাৰ দৰে ইয়াৰ আগতে তোমালোকে থাকি অহা জোঙাখুলী নামৰ ঠাইখনৰ কথা কৈছিল-
সৰু টিলা এটাৰ ওপৰত অৱস্থিত সেই চাঙঘৰটো! তাৰ তলতে থকা সেই নিজৰাৰ কুলুকুল ধ্বনি! নিৰ্মল আকাশ, নিৰ্মল বতাহ, নিৰ্মল নিজৰাৰ পানী! বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতি, কমলাৰ বাগান! বড়ো, ৰাভা, কছাৰী, গাৰো আদি জনজাতীয় লোকসকলৰ সহজ-সৰল জীৱন, সৰল মন আদি কথাবোৰ! আইতাৰ মুখত শুনা "জোঙাখুলী" শব্দটো!
জোঙাখুলীৰ প্ৰাকৃতিক পৰিৱেশে আজিও মোক জোঙাখুলীৰ প্ৰতি আকৃষ্ট কৰে।
প্ৰকৃততে, তুমি আমাৰ কাৰণে এজোপা বটবৃক্ষ স্বৰূপ আছিলা। মোৰ মনত পৰে- চম্পা বাইদেউৰ এবাৰ ডাঙৰ বেমাৰ হৈছিল। চম্পা বাইদেউৰ বসন্ত হোৱা বুলি সৰভোগ বজাৰৰ হোমিওপেথিক চিকিৎসক এজনে বসন্ত ৰোগৰ চিকিৎসা আৰম্ভ কৰিছিল। কিন্তু, ক্ৰমান্বয়ে বাইদেউৰ স্বাস্থ্যৰ অৱনতি ঘটাত সৰভোগ ৰাজ্যিক চিকিৎসালয় চিকিৎসক এগৰাকী ঘৰলৈ মতাই আনি দেখুওৱা হৈছিল। তেখেতে বাইদেউৰ স্বাস্থ্য পৰীক্ষা কৰি আগতে কিবা ঔষধ-পাতি খাইছিল নেকি সুধিলে। মায়ে হোমিওপেথিক চিকিৎসক এজনে বসন্ত ৰোগৰ চিকিৎসা প্ৰদান কৰা বুলি কৈছিল। চিকিৎসকজনে তাৰ আগতে কিবা বেমাৰৰ ঔষধ খাইছিল নেকি সুধিলে। মায়ে আগৰ চিকিৎসা পৰামৰ্শৰ কাগজবোৰ চিকিৎসক গৰাকীক দেখুৱালে। কাগজ পত্ৰ খিনি পঢ়ি চিকিৎসকজনে ক'লে- "ছোৱালী জনীৰ বসন্ত হোৱা নাই! ঔষধৰ ৰিয়েকচনহে হৈছে। আপোনালোকৰ হাতত টকা পইছা আছেনে? (পকেটৰপৰা দুহাজাৰ টকা উলিয়ায় দি) নাই যদি এইকেইটা লওঁক! এইক ইমিডিয়েট গুৱাহাটীলৈ লৈ যাব লাগিব! নহ'লে পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা আছে!"
চিকিৎসক গৰাকীৰ কথা শুনি আমাৰ মুখৰ মাত-বোল বন্ধ হৈ গৈছিল। হাতত পৰ্য্যাপ্ত পৰিমাণৰ টকা পইছা নাই! কি কৰা যায়? তথাপি মৰ সাহ কৰি মায়ে এম্বেচাদৰ এখন ভাড়া কৰি বাইদেউক গুৱাহাটীলৈ লৈ আহিছিল। লগত ময়ো আহিছিলো! মায়ে নানে, মই নামানো! কান্দি-কাটি ময়ো বাইদেউৰ লগত ওলাইছিলোঁ!
তেতিয়ালৈকে মই একো জনা নাছিলো- আচলতে, আমি ক'লৈ গৈ আছো? ক'ত থাকিম? কি কৰিম? ইত্যাদি ইত্যাদি কথাবোৰ। মাত্ৰ ইজনে সিজনৰ মুখলৈ অসহায়ভাৱে চাই গৈ আছিলো। মাজতে মায়ে কৈছিল- "একো হানি-বিঘিনী নোহোৱাকৈ মাধণৰ ওচৰ পালেই হ'ল, প্ৰভু!"
অৱশেষত খনা মাহীৰ ঘৰৰ সন্মুখত আমি যোৱা গাড়ীখন ৰাখিছিল। মায়ে আমাক গাড়ীৰ ভিতৰতে বহি থাকিবলৈ কৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল! অলপ সময় পাছতেই তুমি ও আহি আমাৰ লগতে সেই একেখন গাড়ীৰে পানবজাৰত অৱস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহিছিলা।
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসা মহাবিদ্যালয়ত চম্পা বাইদেউৰ এক দীঘলীয়া চিকিৎসা আৰম্ভ হৈছিল। প্ৰায় দুমহীয়া চিকিৎসাৰ অন্তত চম্পা বাইদেৱে একপ্ৰকাৰ পুনৰ-জীৱন লাভ কৰা দি আৰোজ্ঞ লাভ কৰিছিল। সেই সময়ছোৱাত মামা, বাইদেউ আৰু অন্যান্য আত্মীয় কুটুমে আমাক বিভিন্ন ধৰণে সহায়-সহযোগীতা আগবঢ়াইছিল যদিও তেওঁলোকৰ লগত তোমাৰ ত্যাগৰ তুলনাই নহয়। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বেমাৰীৰ লগতে তিনি-চাৰিজন মানুহক খুৱাই-বুৱাই ৰাখি যি মহানুভৱৰ পৰিচয় দিলা তাৰ বাবে আমি তোমাৰ ওচৰত চিৰঋণী হৈ ৰ'ম!
এবাৰ মোৰ বিয়াৰ নিমন্ত্ৰণ জনাবলৈ তোমালোকৰ ভৱানীপুৰ ফুলৰ তল অঞ্চলত থকা তোমাৰ নিজা বাসভৱনলৈ যোৱাৰ কথা মোৰ মনত আছে। সিদিনাও সেই একেই মৰম, একেই আদৰ! তাতেই তুমি মোক বাপী আৰু ৰূপাৰ (মাহীৰ ল'ৰা ছোৱালী) লগত পৰিচয় কৰি দিছিলা।
সকলোবোৰ ঠিকেই আছিল! মোৰ বিয়াৰদিনা আশীৰ্বাদ দিবলৈ তুমি আহিবা আহিবা বুলি মই আশাৰে বাট চাই আছিলো! কিন্তু তুমি নাহিলা! সিদিনা মই তোমাক বৰ বেয়া পাইছো! তুমি নাহিলা নাই বাৰু, আহিব নোৱাৰো বুলি খবৰ এটাকেটো পঠিয়াব পাৰিলাহেঁতেন? সেয়ে অভিমান কৰি মই বহুদিন তোমাৰ ওচৰলৈ অহা নাছিলো! বৰ ভাল পাইছিলো যে তোমাক! সেয়ে কিছুমান কথা সহ্য কৰিব নোৱাৰো! সেইকাৰণেই হয়তো তোমাৰ ওচৰত মোৰ অভিমানৰ পৰিধি নাই! ভুল নুবুজিবা, মাহী! হয়তো মোৰেই ভুল আছিল! পাৰিলে মোক ক্ষমা কৰি দিবা!
তোমাৰ পৰা মই বহু কথাই শিকিছিলোঁ, তাৰ ভিতৰত তুমি কোৱা এষাৰ কথাই মোৰ হৃদয়ত সাঁচ বহুৱাই থৈ গৈছে! তুমি প্ৰায়েই কৈছিলা- "মানুহক খুৱলি কেথেনো শেষ হৈ নাযোই! তই মানুহক যিমান খুৱবি ভগৱান তোক তাতকৈ বহুত বেচি দিবো! সত্যত থাকবি! জয় অনিবাৰ্য! আজি তোক যিয়ে বয়া পাইছে বা বয়া বোলি কৈছে দেখবি তেৱেঁই একদিন তোৰ গুণ গাব!" সঁচা মাহী বৰ সুন্দৰ তোমাৰ আদৰ্শ!
বহুত লিখিলোঁ, তুমি চাগে পঢ়ি পঢ়ি আমনিয়েই পাবা! তথাপিও লিখিলো- কাৰণ বহুতো কথাই তোমাক ক'বলৈ আছিল যে!
বাৰু মাহী? নতুন ঠাই টুকুৰাত থাকি তোমাৰ কেনেকুৱা লাগিছে? মা, ককা, আইতা, দাদাহতক লগ পাইছানে? এইকেইদিন আমাৰ ইয়াত অসহ্য গৰম! তোমালোকৰ তাতো এনেকুৱাই গৰম নে? শুনিছোঁ তাত হেনো একো বস্তুৰে অভাৱ নাই? তোমাৰ বাৰু কেতিয়াবা আমালৈ মনত পৰেনে?
আৰুনো কি লিখিম? চিঠি পালে উত্তৰ দিবা! শেষত অযুত মৰমেৰে আজিলৈ এৰিছোঁ!
ইতি-
তোমাৰ ভাগিন
প্ৰশান্ত
বি.দ্ৰ. মনত পৰে- প্ৰথমবাৰ তোমাৰ ওচৰলৈ যাওতে মই ৰিক্সাত উঠি গৈছিলোঁ, তাৰ পিছৰবাৰ অ'টোৰিক্সাত, আৰু তাৰপিছত টেক্সীত উঠি গৈছিলোঁ! এইবাৰ পিছে তোমাৰ ওচৰলৈ গ'লে ৰথত নাইবা নাওত উঠি যাম! তুমি কিন্তু মোক আগবঢ়াই নিবলৈ নাপাহৰিবা!
XXXXXX
0 Comments
Please do not enter any spam link in the comment box.