সংগ্ৰাম
কিয় আহিব লাগে! এই বুঢ়াটো ? একপ্ৰকাৰ ধমকিৰ সুৰতে বেংক নিৰাপত্তাৰক্ষীজনে সত্তৰৰ উৰ্ধৰ বৃদ্ধ এজনক ক'লে- ইয়ালৈ কিয় আহিছে আপুনি ? চৰকাৰে বয়সস্থ মানুহখিনি বাহিৰলৈ ওলাবলৈ মানা কৰা কথা আপুনি গম পায় নে নাপায় ?
গম পাও বোপাই !
তেনেহলে কিয় আহিছে ? বেলেগ মানুহ পঠিয়াই দিব নোৱাৰে ?
ঘৰত আৰু আন মানুহ নাই অ' বোপাই। বুঢ়ী ককালৰ বিষত উঠিবই নোৱাৰে। ল'ৰা দুজন চাকৰি কৰি বাহিৰতে থাকে। ছোৱালীজনীয়ো বিয়া দিলো। দুবাৰমান পেঞ্চনৰ টকা কেইটা তাইয়ে উলিয়াই দিছিল। তাইকনো বাৰে বাৰে কিমান দিগদাৰ দি থাকিম ? তাইৰো ঘৰ সংসাৰ আছে নহয় !
বজাৰ-সমাৰ কৰা কামত সদায় আৰু লোকৰ মানুহক কিমাননো দিগদাৰ দিম ? সেইবাবে আজি নিজেই আহিলো। ইয়াৰ বাহিৰে মোৰ আৰু একো উপায় নাই বোপাই, একো উপায় নাই !
বুঢ়াৰ কথাত নিৰাপত্তাৰক্ষীজনৰ চকুহাল চলবলীয়া হৈ গ'ল।
নিৰাপত্তাৰক্ষীজনে "আপুনি ইয়াতে বহক" বুলি কাগজ পত্ৰখিনি লৈ পেঞ্চনৰ টকাকেইটা উলিয়াই দি বৃদ্ধগৰাকীক বিদায় দিলে।

---------------------------------------------------------------------------------------------------------------------------
প্ৰশান্ত
0 Comments
Please do not enter any spam link in the comment box.