কীৰ্ত্তন ঘােষা
পাষণ্ড মর্দ্দন
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ কলিৰ ধৰ্ম্ম হৰি-নাম জান।
পাপীৰ নিন্দাত নেদিবা কাণ।। ১
পদঃ কহিলা শুকে বেদান্তৰ মৰ্ম্ম।
শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম।।
কলিসে শ্রেষ্ঠ চাৰি যুগ মাজে।
প্রশংসে কলিক জ্ঞানী সমাজে।। ১
অপ্রয়াসে সিজে কলিত পুণ্য।
কলিৰ শুনা কেন মহাগুণ।।
কৰিয়া কলিত কীৰ্ত্তন আতি।
পাৱে বৈকুণ্ঠক চৌত্রিশ জাতি।। ২
সত্য যুগে কৰি ধ্যান সমাধি।
ত্রেতাত সমস্তে যজ্ঞ আৰাধি।।
দ্বাপৰে পূজি নানা ভক্তিভাৱে।
কলিত কীৰ্ত্তনে সি গতি পাৱে।। ৩
সত্য যুগে যত আছিল প্রাণী।
কলিত জন্মিবাে বােলে কৈসানি।।
হৰি নাম ঘুষি কলি যুগত।
নিছয় হৈবেক লােক ভকত।। ৪
দোষৰ নিধি কলি যদি পাপী।
আছে মহাগুণ আত তথাপি।।
কেৱলে কীৰ্ত্তনে সংসাৰ তৰি।
বন্ধ চিণ্ডি হােৱে আপুনি হৰি।। ৫
কলিত কীৰ্ত্তনে হােৱে ভকত।
আত পৰে লাভ নাহি লােকত।।
আহ্মাৰ বােলে চিত্ত নেদা ঠাৰি।
একাদশ স্কন্ধে চাৱা বিচাৰি।। ৬
কলিৰ লােক আতি পাপমতি।
নসাধে আন ধৰ্ম্মে আৰাে গতি।।
ৰাম নাম যিটো সততে গাৱে।
সেহিসে হাততে মুকুতি পাৱে।। ৭
দুষ্ট চিত্তে যদি হৰি সুমৰে।
তথাপিতাে তাৰ পাতেক হৰে।।
অনিচ্ছাতাে যেন অগনি পােলে।
বিষ্ণুধৰ্ম্মোত্তৰ আগমে বােলে।। ৮
ঘােৰ সংসাৰৰ মুখ্য আষুধি।
হেন হৰি নাম এৰি বিবুধি।।
লভিবে মুকুতি কোন উপায়।
মিছাতে পণ্ডিত ফুৰে বােলায়।। ৯
নাৰদে কহন্ত মুনিক মাতি।
আশ্চৰ্য্য আশ্চর্য্য দেখিয়াে আতি।।
হৰি হেন নাম আছে বিয়াপি।
সংসাৰত পৰি মৰে তথাপি।। ১০
হৰি নামেসে নামে নিছয়।
মােহােৰ জীৱন নাৰদে কয়।।
কলিৰ কালে আউৰ আত পৰ।
নাই নাই নাই গতি লােকৰ।। ১১
নাৰদে দিলন্ত তিনি কতপা।
নমানিবে আক কোননাে লপা।।
নাৰদৰ বাণী শিলাৰ ৰেখা।
বৃহত নাৰদী বিচাৰি দেখা।। ১২
সমস্তে লােকৰ ধৰ্ম্মক এড়ি।
বিষ্ণুৰ নামক সততে স্মৰি।।
সিজনে যি গতি লভিল সুখে।
সমস্তে ধাৰ্ম্মিকো নপাৱে দুখে।। ১৩
জানিয়া হৰিক সততে স্মৰ।
ক্ষণেকো নপাসৰিবাহা নৰ।।
যত মহাপুণ্য মহাপাতেক।
ই দুয়াে কিঙ্কৰ জানা প্রত্যেক।। ১৪
তথাপি যদি চিত্ত নেদা ঠাৰি।
পদ্মাপুৰাণত চাৱা বিচাৰি।।
বৃহত সহস্র নামতাে আছে।
নপাইলে আহ্মাক নিন্দিবা পাছে।। ১৫
কহিলা শুকে পৰমার্থ বাণী।
মহাভাগৱত শাস্ত্র প্রমাণি।।
নেৰিবা কীৰ্ত্তন দুষ্টৰ বােলে।
পৱিত্ৰ কৰা হৰি হৰি বােলে।। ১৬
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ হৰি ও হৰি ৰাম মুৰাৰি।
কীৰ্ত্তনৰ নিন্দা সহিতে নপাৰি।।
পদঃ চাণ্ডালে কৰিছে হৰি কীৰ্ত্তন।
বুলিয়া যিটো নিন্দে অজ্ঞজন।।
তাক সম্ভাষণ যিজনে কৰে।
আজন্মৰ পুণ্য তেখনে হৰে।। ১৭
বিষ্ণুৰ গুণ নামে অলঙ্কৃত।
চাণ্ডালাে যিবা কৰি আছে গীত।।
তাক নিন্দা কৰে যিটো কুমতি।
পুণ্যক নাশি যায় অধােগতি।। ১৮
আহ্মাত বােলে পতিয়ন নাই।
দেখিয়ে সুত সংহিতাক চাই।।
ৰজোগুণে কৰে কৰ্ম্মত প্রীতি।
কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ে আতি।। ১৯
কৰে হিংসা ধৰ্ম্ম নুপজে বােধ।
নুগুচয় যেন সৰ্পৰ ক্রোধ।।
হাসে বৈষ্ণৱক যিটো নিস্ফল।
পাপত সমূলঞ্চে যায় তল।। ২০
স্ত্রী ধন জন যৌৱন মদে।
অন্ধ হােৱে বিদ্যা গৰ্ব্বৰ পদে।।
বিষ্ণু বৈষ্ণৱক ঝপাই নিন্দে।
হৰি নামে তাৰ কাণত বিন্ধে।। ২১
হৰি ভকতক যিজনে হাসে।
নুবুজি বেদৰ অৰ্থ বিনাশে।।
জগততে বিষ্ণু আছন্ত ব্যাপি।
শুনিয়াে তাক নুবুজয় পাপী।। ২২
স্ত্রী মদ্য মাংস সেৱাৰ কথা।
কৈ মৰে কৈ মৰে জন্মক বৃথা।।
নুবুজে বেদ অভিপ্রায় গৃঢ়।
কৰ্ম্মকো কৰিবে নৱাৰে মূঢ়।। ২৩
মূৰ্খ হুয়া বােলে মঞি পণ্ডিত।
নষ্ট কৰি ফুৰে আনৰাে চিত।।
নিষ্কামে কৰিয়া সকলে কৰ্ম্ম।
বিষ্ণুত অর্পিব সিসৱ ধৰ্ম্ম।। ২৪
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল।
মিছাতে নজানি নিন্দে নিস্ফল।।
আহ্মাৰ বােলে অপ্রত্যয় যাহা।
একাদশ স্কন্ধে বিচাৰি চাহা।। ২৫
বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া।
গুচিবে কর্ণত আঙ্গুলি দিয়া।।
সমস্তে পুণ্য নষ্ট হােৱে তাৰ।
নৰকত পড়ে নাহি নিস্তাৰ।। ২৬
বিষ্ণু বৈষ্ণৱক কৰে ধিক্কাৰ।
কাটিবাক লাগে জিহ্বাক তাৰ।।
শাস্তি কৰিবাক যেৱে নপাৰি।
গুচিবে কাণত আঙ্গুলি গাৰি।। ২৭
নিন্দা শুনি যদি তৈৰ নুগুচে।
কল্পেক মানে নৰকত পচে।।
যাইবাকো যদি নাহি আন থান।
তথাতে এড়িবে আপুন প্রাণ।। ২৮
তেৱেসে হােৱে প্রায়শ্চিত্ত আতি।
দক্ষৰ যজ্ঞত কহিলা সতী।।
আহ্মাৰ বােলে অপ্রত্যয় যাইবা।
চতুর্থ স্কন্ধত বিচাৰি পাইবা।। ২৯
যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ।
হৰি নাম বিনা নাহি সসাঙ্গ।।
হেন হৰি নামে নাহি বিশ্বাস।
কিমতে এড়াইব মৃত্যুৰ ত্রাস।। ৩০
দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰি।
কহিলন্ত শুকে উপসংহাৰি।।
জ্ঞানতাে কৰ্ম্মতো কৰি সম্প্রতি।
হৰি কীৰ্ত্তনেসে পৰম গতি।। ৩১
উৰেষা বাৰাণসী ঠাৱে ঠাৱে।
কবিৰ গীত শিষ্টসৱে গাৱে।।
তথাপিতাে আখি ফুটিল তাৰ।
হৰি কীৰ্ত্তনক কৰে ধিক্কাৰ।। ৩২
শুনা সৰ্ব্বজন কহাে সাক্ষাত।
মূঢ়ৰ বােলত নাহি, সঞ্জাত।।
বােলােক আসি ভাগৱত চাই।
তেৱেসে জানাে তাৰ মুনিষাই।। ৩৩
পুৰাণ সূৰ্য্য মহাভাগৱত।
বেদান্তৰাে ইটো পৰম তত্ত্ব।।
আক নুবুজি ফুৰে নিন্দা কৰি।
তাৰ মুখ দেখি বুলিবা হৰি।। ৩৪
কীৰ্ত্তনৰ নিন্দা সহিতে নপাৰি।।
পদঃ চাণ্ডালে কৰিছে হৰি কীৰ্ত্তন।
বুলিয়া যিটো নিন্দে অজ্ঞজন।।
তাক সম্ভাষণ যিজনে কৰে।
আজন্মৰ পুণ্য তেখনে হৰে।। ১৭
বিষ্ণুৰ গুণ নামে অলঙ্কৃত।
চাণ্ডালাে যিবা কৰি আছে গীত।।
তাক নিন্দা কৰে যিটো কুমতি।
পুণ্যক নাশি যায় অধােগতি।। ১৮
আহ্মাত বােলে পতিয়ন নাই।
দেখিয়ে সুত সংহিতাক চাই।।
ৰজোগুণে কৰে কৰ্ম্মত প্রীতি।
কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ে আতি।। ১৯
কৰে হিংসা ধৰ্ম্ম নুপজে বােধ।
নুগুচয় যেন সৰ্পৰ ক্রোধ।।
হাসে বৈষ্ণৱক যিটো নিস্ফল।
পাপত সমূলঞ্চে যায় তল।। ২০
স্ত্রী ধন জন যৌৱন মদে।
অন্ধ হােৱে বিদ্যা গৰ্ব্বৰ পদে।।
বিষ্ণু বৈষ্ণৱক ঝপাই নিন্দে।
হৰি নামে তাৰ কাণত বিন্ধে।। ২১
হৰি ভকতক যিজনে হাসে।
নুবুজি বেদৰ অৰ্থ বিনাশে।।
জগততে বিষ্ণু আছন্ত ব্যাপি।
শুনিয়াে তাক নুবুজয় পাপী।। ২২
স্ত্রী মদ্য মাংস সেৱাৰ কথা।
কৈ মৰে কৈ মৰে জন্মক বৃথা।।
নুবুজে বেদ অভিপ্রায় গৃঢ়।
কৰ্ম্মকো কৰিবে নৱাৰে মূঢ়।। ২৩
মূৰ্খ হুয়া বােলে মঞি পণ্ডিত।
নষ্ট কৰি ফুৰে আনৰাে চিত।।
নিষ্কামে কৰিয়া সকলে কৰ্ম্ম।
বিষ্ণুত অর্পিব সিসৱ ধৰ্ম্ম।। ২৪
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল।
মিছাতে নজানি নিন্দে নিস্ফল।।
আহ্মাৰ বােলে অপ্রত্যয় যাহা।
একাদশ স্কন্ধে বিচাৰি চাহা।। ২৫
বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া।
গুচিবে কর্ণত আঙ্গুলি দিয়া।।
সমস্তে পুণ্য নষ্ট হােৱে তাৰ।
নৰকত পড়ে নাহি নিস্তাৰ।। ২৬
বিষ্ণু বৈষ্ণৱক কৰে ধিক্কাৰ।
কাটিবাক লাগে জিহ্বাক তাৰ।।
শাস্তি কৰিবাক যেৱে নপাৰি।
গুচিবে কাণত আঙ্গুলি গাৰি।। ২৭
নিন্দা শুনি যদি তৈৰ নুগুচে।
কল্পেক মানে নৰকত পচে।।
যাইবাকো যদি নাহি আন থান।
তথাতে এড়িবে আপুন প্রাণ।। ২৮
তেৱেসে হােৱে প্রায়শ্চিত্ত আতি।
দক্ষৰ যজ্ঞত কহিলা সতী।।
আহ্মাৰ বােলে অপ্রত্যয় যাইবা।
চতুর্থ স্কন্ধত বিচাৰি পাইবা।। ২৯
যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ।
হৰি নাম বিনা নাহি সসাঙ্গ।।
হেন হৰি নামে নাহি বিশ্বাস।
কিমতে এড়াইব মৃত্যুৰ ত্রাস।। ৩০
দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰি।
কহিলন্ত শুকে উপসংহাৰি।।
জ্ঞানতাে কৰ্ম্মতো কৰি সম্প্রতি।
হৰি কীৰ্ত্তনেসে পৰম গতি।। ৩১
উৰেষা বাৰাণসী ঠাৱে ঠাৱে।
কবিৰ গীত শিষ্টসৱে গাৱে।।
তথাপিতাে আখি ফুটিল তাৰ।
হৰি কীৰ্ত্তনক কৰে ধিক্কাৰ।। ৩২
শুনা সৰ্ব্বজন কহাে সাক্ষাত।
মূঢ়ৰ বােলত নাহি, সঞ্জাত।।
বােলােক আসি ভাগৱত চাই।
তেৱেসে জানাে তাৰ মুনিষাই।। ৩৩
পুৰাণ সূৰ্য্য মহাভাগৱত।
বেদান্তৰাে ইটো পৰম তত্ত্ব।।
আক নুবুজি ফুৰে নিন্দা কৰি।
তাৰ মুখ দেখি বুলিবা হৰি।। ৩৪
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি হৰি ৰাম মােৰে।
মঞি মজিলাে সংসাৰ ঘােৰে।। ৩
পদঃ কীৰ্ত্তন মহিমা শুনা উৎসুকে।
বাহ্ৰয় স্কন্ধত যি কৈলা শুকে।।
সমস্তে ধৰ্ম্মতে কৰি বিশিষ্ট।
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ।। ৩৫
অনাদৰি আন ধৰ্ম্ম সম্প্রতি।
দিয়ে উপদেশ হৰি ভকতি।।
ব্যাসৰ শুনি চিত্ত শান্ত ভৈল।
প্রথম স্কন্ধত নাৰদে কৈল।। ৩৬
চাৰিও বেদক ব্রহ্মায়ে আনি।
বিচাৰিলা তিনিবাৰ প্ৰমাণি।।
এহিমানে মাত্র কৰিলা সাৰ।
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ।। ৩৭
হেন জানি ৰাজা একান্ত মনে।
কৰিয়াে যতন হৰি কীৰ্ত্তনে।।
ৰাজাত কহন্ত শুকে প্রবন্ধে।
বিচাৰি দেখিয়াে দ্বিতীয় স্কন্ধে।। ৩৮
আতি লৱলেশ বিষয় সুখ।
আকে লাগি ভৈলা হৰি বিমুখ।।
নকৰে ৰতি হৰি কীৰ্ত্তনত।
আপুন কৰ্ম্মে সিটো ভৈল হত।। ৩৯
সিটো চাণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্রে থাকে হৰি বাণী।।
সমস্তে তীর্থতে কৰিলে স্নান।
কৰিলে সিসি তপ হােম দান।। ৪০
সেহিসে কুলীন বেদক বুজে।
যাহাৰ মুখে হৰি নাম বীজে।।
পৰম তত্ত্ব জানি দেৱহূতি।
তৃতীয় স্কন্ধত কৰিলা স্তুতি।। ৪১
নলাগে লীন মুকুতিক তথা।
নাহি হৰি পদ পঙ্কজ যথা।।
কৰ্ণৰ অমৃত হৰি চৰিত।
ভকতৰ মুখে শুনিবাে নিত।। ৪২
হৰি কথামৃত কণাৰ বাৱে।
দুনাই আত্মজ্ঞান সুমৰাৱে।।
নলাগে বৰ নমাগােহাে তাক।
চতুর্থ স্কন্ধত পৃথুৰ বাক।। ৪৩
জৰা মৰণৰ সময়ে দুখে।
তযু গুণ নাম নেৰােক মুখে।।
মাগন্ত ঋত্বিজে বৰ প্রবন্ধে।
নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে।। ৪৪
পঞ্চম মহাপাপী যিটোজন।
তাৰাে প্রায়শ্চিত্ত হৰি কীৰ্ত্তন।।
তাক লাগি ভৈল হৰিৰ মতি।
ইটো মােৰ ভৈল ৰাখাে সম্প্রতি।। ৪৫
ব্রহ্মবধী গুৰুবধী যতেক।
পিতৃ মাতৃ বধী পাপী অনেক।।
কুকুৰ খায় হেন ম্লেছগণে।
সিও শুদ্ধ হােৱে হৰি কীৰ্ত্তনে।। ৪৬
চাণ্ডালো হৰি নাম লৱে মাত্র।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ।।
পাপাৰ আলু উভয় নামে।
আক হেলা কৰি মৰে কি কামে।। ৪৭
নামৰ মহিমা জানি সমূলি।
জগতৰে মােক্ষ হৈবেক বুলি।।
পূৰ্ব্বত আক গুপ্ত কৰি থৈলা।
দেখিয়াে ষষ্ঠ স্কন্ধে শুকে কৈলা।। ৪৮
নলাগে দেৱ দ্বিজ ঋষি হৈবে।
নলাগে সমস্ত শাস্ত্র জানিবে।।
মিছাতে মৰে আন কৰ্ম্ম কৰি।
হােৱন্ত ভকতিতে তুষ্ট হৰি।। ৪৯
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী।
পক্ষী মৃগগণ চাণ্ডালাে আসি।।
একান্তে কৰিয়া হৰি ভকতি।
মহাসুখে পাৱে পৰম গতি।। ৫০
সপ্তম স্কন্ধত প্রহ্লাদ বাণী।
দেখিয়াে বিচাৰ কৰি প্ৰমাণি।।
মূৰ্খৰ কথা সৱে পৰিহৰি।
সদায়ে ডাকিয়া ঘূষিয়াে হৰি।। ৫১
।। চতুর্থ কীৰ্ত্তন।।
মঞি মজিলাে সংসাৰ ঘােৰে।। ৩
পদঃ কীৰ্ত্তন মহিমা শুনা উৎসুকে।
বাহ্ৰয় স্কন্ধত যি কৈলা শুকে।।
সমস্তে ধৰ্ম্মতে কৰি বিশিষ্ট।
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ।। ৩৫
অনাদৰি আন ধৰ্ম্ম সম্প্রতি।
দিয়ে উপদেশ হৰি ভকতি।।
ব্যাসৰ শুনি চিত্ত শান্ত ভৈল।
প্রথম স্কন্ধত নাৰদে কৈল।। ৩৬
চাৰিও বেদক ব্রহ্মায়ে আনি।
বিচাৰিলা তিনিবাৰ প্ৰমাণি।।
এহিমানে মাত্র কৰিলা সাৰ।
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ।। ৩৭
হেন জানি ৰাজা একান্ত মনে।
কৰিয়াে যতন হৰি কীৰ্ত্তনে।।
ৰাজাত কহন্ত শুকে প্রবন্ধে।
বিচাৰি দেখিয়াে দ্বিতীয় স্কন্ধে।। ৩৮
আতি লৱলেশ বিষয় সুখ।
আকে লাগি ভৈলা হৰি বিমুখ।।
নকৰে ৰতি হৰি কীৰ্ত্তনত।
আপুন কৰ্ম্মে সিটো ভৈল হত।। ৩৯
সিটো চাণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্রে থাকে হৰি বাণী।।
সমস্তে তীর্থতে কৰিলে স্নান।
কৰিলে সিসি তপ হােম দান।। ৪০
সেহিসে কুলীন বেদক বুজে।
যাহাৰ মুখে হৰি নাম বীজে।।
পৰম তত্ত্ব জানি দেৱহূতি।
তৃতীয় স্কন্ধত কৰিলা স্তুতি।। ৪১
নলাগে লীন মুকুতিক তথা।
নাহি হৰি পদ পঙ্কজ যথা।।
কৰ্ণৰ অমৃত হৰি চৰিত।
ভকতৰ মুখে শুনিবাে নিত।। ৪২
হৰি কথামৃত কণাৰ বাৱে।
দুনাই আত্মজ্ঞান সুমৰাৱে।।
নলাগে বৰ নমাগােহাে তাক।
চতুর্থ স্কন্ধত পৃথুৰ বাক।। ৪৩
জৰা মৰণৰ সময়ে দুখে।
তযু গুণ নাম নেৰােক মুখে।।
মাগন্ত ঋত্বিজে বৰ প্রবন্ধে।
নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে।। ৪৪
পঞ্চম মহাপাপী যিটোজন।
তাৰাে প্রায়শ্চিত্ত হৰি কীৰ্ত্তন।।
তাক লাগি ভৈল হৰিৰ মতি।
ইটো মােৰ ভৈল ৰাখাে সম্প্রতি।। ৪৫
ব্রহ্মবধী গুৰুবধী যতেক।
পিতৃ মাতৃ বধী পাপী অনেক।।
কুকুৰ খায় হেন ম্লেছগণে।
সিও শুদ্ধ হােৱে হৰি কীৰ্ত্তনে।। ৪৬
চাণ্ডালো হৰি নাম লৱে মাত্র।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ।।
পাপাৰ আলু উভয় নামে।
আক হেলা কৰি মৰে কি কামে।। ৪৭
নামৰ মহিমা জানি সমূলি।
জগতৰে মােক্ষ হৈবেক বুলি।।
পূৰ্ব্বত আক গুপ্ত কৰি থৈলা।
দেখিয়াে ষষ্ঠ স্কন্ধে শুকে কৈলা।। ৪৮
নলাগে দেৱ দ্বিজ ঋষি হৈবে।
নলাগে সমস্ত শাস্ত্র জানিবে।।
মিছাতে মৰে আন কৰ্ম্ম কৰি।
হােৱন্ত ভকতিতে তুষ্ট হৰি।। ৪৯
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী।
পক্ষী মৃগগণ চাণ্ডালাে আসি।।
একান্তে কৰিয়া হৰি ভকতি।
মহাসুখে পাৱে পৰম গতি।। ৫০
সপ্তম স্কন্ধত প্রহ্লাদ বাণী।
দেখিয়াে বিচাৰ কৰি প্ৰমাণি।।
মূৰ্খৰ কথা সৱে পৰিহৰি।
সদায়ে ডাকিয়া ঘূষিয়াে হৰি।। ৫১
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ ৰামেসে জীৱন ৰামেসে প্রাণ।
ৰাম বিনে নাহি বান্ধৱ আন।। ৪
পদঃ মন্ত্র তন্ত্র আনাে দ্রব্য অনেক।
কাল দেশ পাত্র ছিদ্র যতেক।।
পূর্ণ নুহি যত যজ্ঞৰ অঙ্গ।
হৰি নামে কৰে সৱে সসাঙ্গ।। ৫২
বামনৰ আগে শুক্রৰ বাক।
অষ্টম স্কন্ধত দেখিয়ো তাক।।
ভকত জনেসে মােৰ হৃদয়।
মঞো ভকতৰ হিয়া নিশ্চয়।। ৫৩
মঞি বিনে ভকতে নেদেখে আন।
ভকত বিনে মােৰা নাহি ধ্যান।।
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি।
নৱম স্কন্ধত দেখা বিচাৰি।। ৫৪
মুকুতি ৰসকো স্ৰৱে ভকতি।
তাক এড়ি কৰে জ্ঞানত ৰতি।।
দুখ মাত্র পাৱে পাছেসে জানে।
কাষ্ঠ পতানক যেহেন বানে।। ৫৫
ব্ৰজৰ তৃণ হৈয়াে মহাভাগ।
পাইবাে গােপিকাৰ ৰেণুক লাগ।।
যাৰ মিত্ৰ ভৈলা জগতপতি।
ব্রহ্মায়ে কৰিলা কৃষ্ণক স্তুতি।। ৫৬
ব্যভিচাৰী দুষ্টা ব্রজ যুৱতী।
তথাপি কৃষ্ণত ভৈল ভকতি।।
জানিলাে পাপীয়াে ভজোক মাত্র।
এতেকে ভৈল মুকুতিৰ পাত্ৰ।। ৫৭
কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্রাহ্মণ জন্ম তাৰ লাগে কিক।।
স্মৰােক মাত্ৰ হৰি দিনে ৰাতি।
নবাছে ভকতি জাতি অজাতি।। ৫৮
নন্দৰ ব্ৰজে যত গােপীজাক।
সদা বন্দো তান পদ ধূলাক।।
নুগুচে হৰি গীত দিনে ৰাতি।
জগতকে কৰে পৱিত্র আতি।। ৫৯
উদ্ধৱে বন্দিলা গােপীৰ ধূলি।
আবে মূঢ়জনে নিন্দে কি বুলি।।
শৰীৰ শৱক মঞি বােলে চিত্তে।
মমত কৰে ভাৰ্য্যা পুত্র বিত্তে।। ৬০
তীর্থ বুলি কৰে জলত শুদ্ধি।
প্রতিমাত কৰে দেৱতা বুদ্ধি।।
বৈষ্ণৱত নাই ইসৱ মতি।
গৰুতাে অধম কৃষ্ণ বদতি।। ৬১
একান্তে মৰে কৰ্ম্ম মাত্র কৰি।
হৃদয়ে থাকিয়া বিদূৰ হৰি।।
শ্ৰৱণ কীৰ্ত্তনে যাৰ অভ্যাস।
নছাড়ন্ত হৰি তাহাৰ পাশ।। ৬২
মিছা তর্ক বাদে ভৈলাে আন্ধাৰ।
নপাও জ্ঞান পন্থ কৰি বিচাৰ।।
মাধৱ বামন গােৱিন্দ বুলি।
কৈসানি মুকুত হৈবাে সমূলি।। ৬৩
দশম স্কন্ধত বেদৰ স্তুতি।
আক নমানিবে কোন যুগুতি।।
পাষণ্ডেসে নিন্দে বেদৰ বাণী।
তাৰ সম্ভাষণ এড়িয়া জানি।। ৬৪
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি।
দানে সন্ন্যাসেও পাৱে সম্প্রতি।।
ভকতে সুখে বসি পাৱে তাক।
উদ্ধৱৰ আগে কৃষ্ণৰ বাক।। ৬৫
পৰম অহিংসা ধৰ্ম্ম সন্ন্যাসে।
নপাৱে যি মােক জ্ঞান অভ্যাসে।।
ভকতেসে কৰে আহ্মাক বশ্য।
কহিলাে উদ্ধৱ ইটো ৰহস্য।। ৬৬
গৰু গােপিকা পশু বৃক্ষ বন।
নাহি জন্মান্তৰে কিছাে সাধন।।
এহি জন্মে মাত্র কৰি ভকতি।
পাইলেক সকলে মােহােৰ গতি।। ৬৭
অশুদ্ধ মনৰ কৰ্ম্ম বিফল।
স্ৰৱে যেন আৱা ঘটৰ জল।।
কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা।
একাদশ স্কন্ধ বিচাৰি দেখা।। ৬৮
বােলন্ত শুকে কিনাে ভৈল খেদ।
পাষণ্ডে কৰিল বুদ্ধিক ভেদ।।
কলিত হৰিৰ কীৰ্ত্তন এড়ি।
ফুৰিবে লােকে আন কৰ্ম্ম কৰি।। ৬৯
পাইবেক শ্রম তপ ব্ৰত কৰি।
একান্তে যিটো নুসুমৰে হৰি।।
জ্ঞানতাে কৰ্ম্মতাে কৰিয়া নৰ।
হৰি কীৰ্ত্তনত কৰা আদৰ।। ৭০
দ্বাদশ স্কন্ধত এহিসে কৈল।
তথাপি মূঢ়ৰ বােধ নভৈল।।
কৰে উপালম্ভ হৰি কীৰ্ত্তনে।
আত্মঘাত কৰি মৰে আপুনে।। ৭১
বিষ্ণু ভকতক দেখিয়া হাসে।
আপুনিও নষ্ট আনকো নাশে।।
কীৰ্ত্তন শুনিয়া সম্যকে মৰে।
জানিবা নিতে মহাপাপ কৰে।। ৭২
হৰি ধ্বনি শুনি বিহ্বল হুই।
হিয়াত তাৰ লাগে যেন জুই।।
সমস্তে শাস্ত্ৰতে কৰিয়া সাৰ।
পাষণ্ড মর্দ্দন নাম ইহাৰ।। ৭৩
এহিসে মৰ্দ্দিবে পাষণ্ড মতি।
জানিবা কলিত নামসে গতি।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ৭৪
।। পাষণ্ড মর্দ্দন সমাপ্ত।।
-------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
ৰাম বিনে নাহি বান্ধৱ আন।। ৪
পদঃ মন্ত্র তন্ত্র আনাে দ্রব্য অনেক।
কাল দেশ পাত্র ছিদ্র যতেক।।
পূর্ণ নুহি যত যজ্ঞৰ অঙ্গ।
হৰি নামে কৰে সৱে সসাঙ্গ।। ৫২
বামনৰ আগে শুক্রৰ বাক।
অষ্টম স্কন্ধত দেখিয়ো তাক।।
ভকত জনেসে মােৰ হৃদয়।
মঞো ভকতৰ হিয়া নিশ্চয়।। ৫৩
মঞি বিনে ভকতে নেদেখে আন।
ভকত বিনে মােৰা নাহি ধ্যান।।
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি।
নৱম স্কন্ধত দেখা বিচাৰি।। ৫৪
মুকুতি ৰসকো স্ৰৱে ভকতি।
তাক এড়ি কৰে জ্ঞানত ৰতি।।
দুখ মাত্র পাৱে পাছেসে জানে।
কাষ্ঠ পতানক যেহেন বানে।। ৫৫
ব্ৰজৰ তৃণ হৈয়াে মহাভাগ।
পাইবাে গােপিকাৰ ৰেণুক লাগ।।
যাৰ মিত্ৰ ভৈলা জগতপতি।
ব্রহ্মায়ে কৰিলা কৃষ্ণক স্তুতি।। ৫৬
ব্যভিচাৰী দুষ্টা ব্রজ যুৱতী।
তথাপি কৃষ্ণত ভৈল ভকতি।।
জানিলাে পাপীয়াে ভজোক মাত্র।
এতেকে ভৈল মুকুতিৰ পাত্ৰ।। ৫৭
কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্রাহ্মণ জন্ম তাৰ লাগে কিক।।
স্মৰােক মাত্ৰ হৰি দিনে ৰাতি।
নবাছে ভকতি জাতি অজাতি।। ৫৮
নন্দৰ ব্ৰজে যত গােপীজাক।
সদা বন্দো তান পদ ধূলাক।।
নুগুচে হৰি গীত দিনে ৰাতি।
জগতকে কৰে পৱিত্র আতি।। ৫৯
উদ্ধৱে বন্দিলা গােপীৰ ধূলি।
আবে মূঢ়জনে নিন্দে কি বুলি।।
শৰীৰ শৱক মঞি বােলে চিত্তে।
মমত কৰে ভাৰ্য্যা পুত্র বিত্তে।। ৬০
তীর্থ বুলি কৰে জলত শুদ্ধি।
প্রতিমাত কৰে দেৱতা বুদ্ধি।।
বৈষ্ণৱত নাই ইসৱ মতি।
গৰুতাে অধম কৃষ্ণ বদতি।। ৬১
একান্তে মৰে কৰ্ম্ম মাত্র কৰি।
হৃদয়ে থাকিয়া বিদূৰ হৰি।।
শ্ৰৱণ কীৰ্ত্তনে যাৰ অভ্যাস।
নছাড়ন্ত হৰি তাহাৰ পাশ।। ৬২
মিছা তর্ক বাদে ভৈলাে আন্ধাৰ।
নপাও জ্ঞান পন্থ কৰি বিচাৰ।।
মাধৱ বামন গােৱিন্দ বুলি।
কৈসানি মুকুত হৈবাে সমূলি।। ৬৩
দশম স্কন্ধত বেদৰ স্তুতি।
আক নমানিবে কোন যুগুতি।।
পাষণ্ডেসে নিন্দে বেদৰ বাণী।
তাৰ সম্ভাষণ এড়িয়া জানি।। ৬৪
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি।
দানে সন্ন্যাসেও পাৱে সম্প্রতি।।
ভকতে সুখে বসি পাৱে তাক।
উদ্ধৱৰ আগে কৃষ্ণৰ বাক।। ৬৫
পৰম অহিংসা ধৰ্ম্ম সন্ন্যাসে।
নপাৱে যি মােক জ্ঞান অভ্যাসে।।
ভকতেসে কৰে আহ্মাক বশ্য।
কহিলাে উদ্ধৱ ইটো ৰহস্য।। ৬৬
গৰু গােপিকা পশু বৃক্ষ বন।
নাহি জন্মান্তৰে কিছাে সাধন।।
এহি জন্মে মাত্র কৰি ভকতি।
পাইলেক সকলে মােহােৰ গতি।। ৬৭
অশুদ্ধ মনৰ কৰ্ম্ম বিফল।
স্ৰৱে যেন আৱা ঘটৰ জল।।
কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা।
একাদশ স্কন্ধ বিচাৰি দেখা।। ৬৮
বােলন্ত শুকে কিনাে ভৈল খেদ।
পাষণ্ডে কৰিল বুদ্ধিক ভেদ।।
কলিত হৰিৰ কীৰ্ত্তন এড়ি।
ফুৰিবে লােকে আন কৰ্ম্ম কৰি।। ৬৯
পাইবেক শ্রম তপ ব্ৰত কৰি।
একান্তে যিটো নুসুমৰে হৰি।।
জ্ঞানতাে কৰ্ম্মতাে কৰিয়া নৰ।
হৰি কীৰ্ত্তনত কৰা আদৰ।। ৭০
দ্বাদশ স্কন্ধত এহিসে কৈল।
তথাপি মূঢ়ৰ বােধ নভৈল।।
কৰে উপালম্ভ হৰি কীৰ্ত্তনে।
আত্মঘাত কৰি মৰে আপুনে।। ৭১
বিষ্ণু ভকতক দেখিয়া হাসে।
আপুনিও নষ্ট আনকো নাশে।।
কীৰ্ত্তন শুনিয়া সম্যকে মৰে।
জানিবা নিতে মহাপাপ কৰে।। ৭২
হৰি ধ্বনি শুনি বিহ্বল হুই।
হিয়াত তাৰ লাগে যেন জুই।।
সমস্তে শাস্ত্ৰতে কৰিয়া সাৰ।
পাষণ্ড মর্দ্দন নাম ইহাৰ।। ৭৩
এহিসে মৰ্দ্দিবে পাষণ্ড মতি।
জানিবা কলিত নামসে গতি।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ৭৪
।। পাষণ্ড মর্দ্দন সমাপ্ত।।
-------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.