কীৰ্ত্তন ঘােষা
গজেন্দ্ৰ উপাখ্যান
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ৰাম ৰাম ৰাম।
হৰি ৰাম ৰাম।। ১
পদঃ ৰাজাক সাদৰি মুনি বুলিলা বচন।
শুনা পৰীক্ষিত পাণ্ডু কুলৰ নন্দন।।
পৰম মধুৰ মাধৱৰ গুণচয়।
শুনা সাৱধানে হৌক পাপৰ প্রলয়।। ১
ক্ষীৰ সাগৰৰ মাজে ত্রিকূট পৰ্ব্বত।
প্রকাশন্তে আছে তিনি লােকত বেকত।।
সুৱৰ্ণ ৰজত লােহা জ্বলে তিনি শৃঙ্গ।
চক্ষুত ঝমক লাগে দেখিতে বিৰিঙ্গ।। ২
আনাে সৱ শৃঙ্গ ৰত্নে কৰি তিৰিমিৰি।
দশােদিশ প্রকাশিয়া শােভে শুক্ল গিৰি।।
অযুত যােজন জুৰি আছে গিৰিবৰ।
উচ্ছ্ৰিত দেখিয় দশ হাজাৰ প্ৰহৰ।। ৩
ক্ষীৰ সাগৰৰ ঢউ চৌভিতি উথলে।
পখালে পৰ্বত সুশীতল গন্ধ জলে।।
থানে থানে আছে ভূমি অনেক উদ্যান।
ফুলে জকমক গন্ধে নাহিকে সমান।। ৪
নদী নদ অশেষ বিশেষ সৰােবৰ।
স্ফটিক নিৰ্ম্মল জল দেখি মনােহৰ।।
বিদ্যাধৰী সৱে তাতে নামি কৰে স্নান।
পখালে শৰীৰ বহে সুগন্ধিত ঘ্রাণ।। ৫
পৰম আমােদ গন্ধ উথলে সদায়।
দশােদিশ জুৰি তাৰ বায়ু বহি যায়।।
দেখি সুশােভন তৰু যত উপবনে।
যাত নিতে ক্ৰীড়ে দেৱ দিব্য নাৰীগণে।। ৬
শাল তাল তমাল মন্দাৰ পাৰিজাত।
চম্পক অশােক আনাে পুষ্প অসংখ্যাত।।
আম জাম লেবু জৰা জামীৰ খাজুৰি।
বেল নাৰিকল তাল তাম্বুল পাকৰী।। ৭
আগৰ চন্দন পদ্ম সৰল সােণাৰু।
আনাে যত তৰু তৃণ সৱে কল্পতৰু।।
ছয় ঋতু এককালে বসন্ত উদয়।
ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চমে পূৰয়।। ৮
বহয় মলয়া বায়ু আমােদিত মন।
নৃত্য গীত কৰে তৈতে অপেশ্বৰাগণ।।
হৰি গুণ গীত গাৱে গন্ধৰ্ব্ব কিন্নৰে।
পাপ দূৰ হােক হৰি বােলা নিৰন্তৰে।। ৯
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম দামােদৰ হৰে।
সেৱকে কাতৰ কৰে।। ২
পদঃ বনৰ সিটো বিতােপন নাম।
কহিলাে যাহাৰ নাহি উপাম।।
তাহাৰ মাজে সৰােবৰ এক।
সাগৰ সঙ্কাশ দেখি প্রত্যেক।। ১০
সুৱৰ্ণময় পদ্ম আছে জুৰি।
ভ্ৰমৰে মধু পিয়ে তাতে পৰি।।
ৰাজহংস আদি যতেক পক্ষী।
পড়ি পড়ি থাকে নয় উপেক্ষি।। ১১
কুমুদ সিন্ধু উতপল ফুল।
ফুলি আছে গন্ধে নাহিকে তুল।।
চৌভিতি বেঢ়ি আছে উপবনে।
কহিবে নাম তাৰ কোনজনে।। ১২
কদম্ব ৰঘু নাগেশ্বৰ গাছে।
ফুলে জকমক বেঢ়িয়া আছে।।
মালতী মধাই জাই যুতি যত।
পাৰিজাত মুখ্য বৃক্ষ সমস্ত।। ১৩
বহয় বসন্ত মলয়া বাৱ।
কোকিলে তেজে সুললিত ৰাৱ।।
সেহি বন মাজে গজেন্দ্র আছে।
অনেক হস্তী ফুৰে আগে পাছে।। ১৪
যতেক বৃক্ষ বেত বাংশ খৰি।
ফুৰন্তে ভাঙ্গি নেয় মড়মড়ি।।
যাৰ গন্ধ পাইলে সিংহাে পলায়।
যতেক পশু ডৰে জীৱ যায়।। ১৫
মদ জলধাৰা বহিয়া যায়।
ভ্ৰমৰে তাক সেৱে সৰ্ব্বদায়।।
চৰন্তে ফুৰন্তে ক্রীড়ন্তে যাই।
ৰহিলা গজেন্দ্ৰ ভাগৰ পাই।। ১৬
দুগুণে পীড়িল ৰবি কিৰণে।
লড়িল দুনাই জল পান মনে।।
পৰ্ব্বত কাম্পে গজেন্দ্ৰৰ ভিৰে।
পদ্ম গন্ধ পাইল জলৰ তীৰে।। ১৭
নামিল গৈয়া সৰােবৰ মাজে।
চৌভিতি হস্তী সমে গজৰাজে।।
পদ্মৰ ধূলায়ে সুগন্ধিত জল।
পিলেক তৃষ্ণায়ে হুয়া বিকল।। ১৮
অগাধ জল আতিশয় জুৰ।
গজেন্দ্রে ঘনে ঘনে পাৰে বুৰ।।
হস্তিনী সমে কৰে জলক্রীড়া।
খণ্ডিল সমস্তে ৰৌদ্ৰৰ পীড়া।। ১৯
হস্তী হস্তিনীক কৰাৱে স্নান।
পিয়াৱে জল গৃহস্থৰ ঠান।।
দায়ায়ে পুত্ৰ ভাৰ্য্যা সঙ্গে ৰঙ্গে।
গৰ্ব্বে জলক্রীড়া কৰে মাতঙ্গে।। ২০
বিষয় সুখত ভৈলেক ভােল।
নেদেখে মৃত্যু আসি পাইলে কোল।।
জলত গজেন্দ্রে ক্রীড়ে উল্লাসে।
দেখিল তাক পাছে মহাগ্ৰাহে।। ২১
ক্রোধে ধায়া পাছে দিলে কামােৰ।
সিবেলা দুইৰাে ভৈল যুদ্ধ ঘােৰ।।
গজেন্দ্রক গ্রাহে আজুৰি টানে।
হস্তীও গ্রাহক টানিয়া আনে।। ২২
যতেক বল আছে মানে দিল।
গ্রাহ গজেন্দ্ৰৰ যুদ্ধ মিলিল।।
দুইৰাে অদভুত যুদ্ধ দেখিত।
ত্রিদশ দেৱ ভৈলা ভয়ে ভীত।। ২৩
দেখন্ত আতিশয় অসদৃশ।
যুজন্তে সহস্র গৈল বৰিষ।।
জগতে আছে এক দৃষ্টি কৰি।
শুনা সভাসদ ঘুষিয়ো হৰি।। ২৪
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ।
কৃষ্ণৰ চৰণে বন্দি ৰৌক মােৰ মাথ।। ৩
পদঃ শুক নিগদতি ৰাজা শুনা নৃপবৰ।
মিলিল অদ্ভুত যুদ্ধ গ্রাহ গজেন্দ্ৰৰ।।
আকাশত দেৱগণে দেখন্তে বিস্ময়।
গ্রাহ গজেন্দ্ৰৰ কাৰাে নাহি ভঙ্গ জয়।। ২৫
কতাে কালে গজেন্দ্ৰৰ বল ভৈল হানি।
গ্রাহৰ বাঢ়িল বল পিয়া স্বাদ পানী।।
শ্ৰান্ত ভৈল গজৰাজ যুঁজিতে নপাৰে।
চিঞৰে হস্তিনীসৱে বেঢ়ি চাৰি পাৰে।। ২৬
আনােসৱ দন্তাল স্বামীৰ ঘােৰ দুখে।
ৰাখিতে নপাৰি কাৰাে বাক্য নাসে মুখে।।
দেখিল গজেন্দ্রে আপােনাৰ মৃত্যু ভয়।
ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্য্যাচয়।। ২৭
সঙ্কট বেলাত তান সদবুদ্ধি ভৈল।
কি ভৈল কি ভৈল বুলি গুণিবাক লৈল।।
আমি হেন গজেন্দ্র জগতে যাক কহে।
মহাগৰ্ব্বে ভ্রমন্তে ধৰিল জলগ্রাহে।। ২৮
সহস্র বৎসৰ সিটো যুঁজো অপ্রয়াসে।
জানিলােহাে বন্দী ভৈলাে বিধাতাৰ পাশে।।
আমাক ৰাখিবে আৱে কমন বান্ধৱ।
অন্তকালে গতি মােৰ কেৱল মাধৱ।। ২৯
মহাবলৱন্ত কাল ভুজঙ্গৰ ভয়ে।
যাক সেৱা কৰন্ত সদায় যােগীচয়ে।।
পলায় জগতৰে মৃত্যু যি প্রভুক ডৰে।
যাক ভয়ে চন্দ্র সূৰ্য্য পৱনাে সঞ্চৰে।। ৩০
হেন জগন্নাথ অনাথৰ ইষ্ট দেৱ।
হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ।।
এহি বুলি মৰণতে নভৈল বিকল।
শুণ্ডে মেৰাই ধৰিলন্ত সুৱৰ্ণ কমল।। ৩১
পৰম আনন্দে মাধৱত দিয়া চিত্ত।
গজেন্দ্ৰে কৰিল স্তুতি অতি বিপৰীত।।
যাক স্মৰি তৰি সুখে ঘােৰ নৰকক।
অন্তকালে পাই হেন মাধৱ বন্ধুক।। ৩২
শুণ্ডে মেৰাই পদ্মগােট উপৰক তুলি।
গজেন্দ্ৰে শৰণ লৈলা ত্রাহি হৰি বুলি।।
আথেবেথে শীঘ্ৰে হৰি গৰুড়ৰ স্কন্ধে।
ভকতক ৰাখিবাক আসিলা প্রবন্ধে।। ৩৩
গৰুড়ৰ নামি হৰি পৰম বিক্রমে।
শুণ্ডে ধৰি তৰক তুলিলা গ্রাহে সমে।।
চক্র ধৰি তেখনে ছিৰিলা গ্রাহ মুখ।
হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈলা দুখ।। ৩৪
হস্তী গুচি তৈতে চতুর্ভুজ ৰূপ ভৈলা।
গলে বনমালা হাতে চাৰি অস্ত্র লৈলা।।
কৰিলা প্রণাম পাছে দণ্ডৱতে পৰি।
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি।। ৩৫
কৃষ্ণ পৰশনে গ্রাহাে শাপক নিস্তৰি।
দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লৰি।।
শুনা কৃষ্ণকথা জন্ম নকৰিয়াে বৃথা।
হৰিৰ চৰিত্ৰ আৰ নাহিকে অন্যথা।। ৩৬
দুল্লভ মনুষ্য জন্ম পাইলা কত ভাগে।
সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে।।
যত সুত ধন জন সৱে বিষ্ণুমায়া।
আকাশত প্রকাশে মেঘৰ যেন ছায়া।। ৩৭
কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তনে ভৱ তৰি।
হেন জানি সদায় ঘুষিয়ো হৰি হৰি।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলােক।
বােলা হৰি হৰি সবে পাতেক ছাড়ােক।। ৩৮
।। গজেন্দ্র উপাখ্যান সমাপ্ত ।।
-------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.